হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবি  আৰু কবিতা প্ৰসঙ্গ

হীৰেন  ভট্টাচাৰ্যৰ  কবিতাত  কবি  আৰু কবিতা প্ৰসঙ্গ

— ৰাব্বি মছৰুৰ

মানৱ মন, মানৱ আচৰণ আৰু মানৱ সমাজৰ লগত সম্পৰ্ক থকা যিকোনো অৰ্থপূৰ্ণ ভাষিক অভিব্যক্তিয়েই সাহিত্য। সাহিত্যৰ বিভিন্ন বিভাগ বা শাখা আছে যেনে – কবিতা, গল্প, প্ৰৱন্ধ, উপন্যাস, সমালোচনা ইত্যাদি। এইবোৰৰ ভিতৰত আটাইতকৈ প্ৰাচীন, সাৰ্বজনীন আৰু বেছি বিতৰ্কিত শাখাটোৱেই হৈছে কবিতা। কিন্তু কবিতা কি? ইয়াৰ এক সাৰ্বজনীন সংজ্ঞা দিবলৈ বিভিন্ন যুগত বিভিন্ন কবি তথা পণ্ডিতে চেষ্টা কৰিছে যদিও সকলো যুগৰ সকলো কবিতাৰ লগত খাপ খাব পৰাকৈ আজিলৈকে কোনেও এটি বিতৰ্কহীন সাৰ্বজনীন সংজ্ঞা আগবঢ়াবলৈ সক্ষম হোৱা নাই। অৱশ্যে আজিলৈকে এই প্ৰচেষ্টাৰ অন্তও পৰা নাই। বহু কবিয়ে সিহঁতৰ কবিতাৰ মাজেৰে কবি বা কবিতাৰ সংজ্ঞা বা ধাৰণা আগবঢ়াইছে । অসমীয়া ভাষাত সূৰ্যকুমাৰ ভূঞা আৰু ৰত্নকান্ত বৰকাকতীয়ে যথাক্ৰমে ‘কবিপ্ৰাণ’ আৰু ‘কবিৰস্থান’  নামৰ কবিতাৰ মাজেৰে কবি বা কবিতাৰ সাধাৰণ বৈশিষ্ট্য দাঙি ধৰিবলৈ চেষ্টা কৰিছে। কবি সূৰ্য কুমাৰ ভূঞাৰ মতে কবিসকল সমাজৰে প্ৰাণী যদিও সিহঁতৰ অন্তৰ আৰু অনুভূতি সৰ্বসাধাৰণ মানুহৰ পৰা কিছু পৃথক। কবিৰ অন্তৰখন অতি আলসুৱা, সিহঁতৰ অন্তৰ ৰহস্যঘন  সৌন্দৰ্যৰ প্ৰতি যুক্তিহীন ভক্তিৰে পৰিপূৰ্ণ। সিহঁতৰ অন্তৰখন সকলো ধৰণৰ যুক্তি-তৰ্ক আৰু জ্ঞান-গৰ্বৰ পৰা মুক্ত। তেওঁৰ মতে সাধাৰণ মানুহে ঢুকি নোপোৱা ৰহস্যৰ সম্ভেদ কবিসকলে পায়। সিহঁতৰ অন্তৰ সকলো ধৰণৰ পঙ্কিলতাৰ পৰা আঁতৰত। কবি সূৰ্যকুমাৰ ভূঞাই কৈছে:

“কবিৰ অন্তৰখনি আলসুৱা অতি

তুমি তাত নিদিবা যাতন

কবিৰ প্ৰাণৰ কথা বুজিবা কি তুমি

তোমাৰ যে উপৰুৱা মন।” (‘কবিপ্ৰাণ’)

কবিয়ে কবিৰ অন্তৰখনৰ বিষয়ে আকৌ একে কবিতাটোতে কৈছে:

“হে তাৰ্কিক, জ্ঞানগবৰ্বী নেচাপিবা কাষ

তোমাৰ সি তৰ্কজাল লৈ

কবিৰ অন্তৰখনি পুণ্য তপোবন 

যুক্তিহীন ভকতি আলয়।” (‘কবিপ্ৰাণ’)

কবি ৰত্নকান্ত বৰকাকতিৰ ‘কবিৰ স্থান’ কবিতাটিও কবিৰ সংজ্ঞা জ্ঞাপক কবিতা। কবি ৰত্নকান্ত বৰকাকতিয়ে স্বীকাৰ কৰিছে যে কবিসকল সৰ্বসাধাৰণ মানুহৰ পৰা স্বতন্ত্ৰ। সিহঁত বস্তু জগততকৈ বস্তু জগতৰ আৰঁত থকা  ৰহস্যঘন জগতখনৰ প্ৰতিহে বেছি আকৰ্ষিত। সিহঁতে ধন-সম্পদ নাইবা বিষয়-বৈভৱৰ প্ৰতি উদাসীন। সিহঁত মুকলি আকাশৰ তলত বহি নাইবা কুল কুল সুৰেৰে বৈ যোৱা তটিনীৰ পাৰত বহি সৃষ্টিৰ অসীম ৰহস্য অনুভূতিশীল হৃদয়েৰে হৃদয়ঙ্গম কৰিবলৈ ব্যকুল। ৰাজদৰবাৰ, কোমল শৰ্য্যা বা বিলাসী জীৱন-যাপনৰ প্ৰতি সিহঁতৰ কোনো মোহ নাই। কবি ৰত্নকান্ত বৰকাকতিয়ে কৈছে:

“সি অসীম তত্ত্ব অনাদি কালৰ

অভেদ  মধুৰ ৰহস্য দ্বাৰ

মোকলাই ধৰে মুকলি কবিয়ে

মুকলি হিয়াৰ বজাই তাঁৰ।” (‘কবিৰস্থান’)

বিংশ শতাব্দীৰ কাব্যমোদী পাঠক সমাজৰ প্ৰিয় কবি হীৰেন ভট্টাচাৰ্যয়ো কবি আৰু কবিতা প্ৰসঙ্গক লৈ কেইবাটাও কবিতা ৰচনা কৰিছে- যাৰ মাজেদি কবিগৰাকীয়ে কবিৰ স্বৰূপ অৰ্থাৎ কবিৰ বৈশিষ্ট্য আৰু কবিতাত শব্দ বিন্যাসৰ গুৰুত্ব সম্পৰ্কে কবিৰ নিজা বক্তব্য দাঙি  ধৰিছে। অন্যান্য কবিৰ দৰে কবি হীৰেন ভট্টাচাৰ্যয়ো স্বীকাৰ কৰিছে যে কবিসকল সৰ্বসাধাৰণ মানুহতকৈ প্ৰকৃতি বা স্বভাৱত পৃথক। কবি আৰু কবিতাক মূল বিষয় হিচাপে লৈ তেওঁ যিকেইটা কবিতা ৰচনা কৰিছে সেয়া বিচাৰ কৰিলে কবি এজনৰ, থাকিবলগা (তলত আলোচনা কৰা) বৈশিষ্ট্যসমূহ ওলাই পৰে: 

প্ৰথমতে কবি ভট্টাচাৰ্যই অনুধাৱন কৰিছে যে কবিৰ অন্তৰ অতি অনুভূতিশীল আৰু স্পৰ্শকাতৰ। সেয়ে সমাজত ঘটা প্ৰতিটো শোকাত্মক  ঘটনাৰ  প্ৰতিফলন কবিসকলৰ অন্তৰত দ্ৰুতগতিত হয়।  কবিয়ে কৈছে:

“মই কবি 

বহি আছিলো

বা তিৰবিৰ ৰ’দৰ ছাঁত

নেজানো কেনেকৈ 

মোৰ কলিজাত 

লাগিল তেজৰ দাগ।” (চিকাৰী)

কবিসকল সত্য প্ৰয়াসী। এই সত্য জীৱনৰ সত্য, সৌন্দৰ্যৰ সত্য বা ৰহস্যৰ সত্য। কিন্তু এই সত্য পোনাপুনি ধ’ৰা নিদিয়ে; ই ব্যৰ্থতাৰ মাজেদিহে ধ’ৰা দিয়ে। অৰ্থাৎ ব্যৰ্থতাক গ্ৰহণ কৰিব পৰা জনেহে  কবি হ’ব পাৰে। তেওঁ স্বীকাৰ কৰিছে:

“কবি মই নাছিলো কোনো কালে

ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো 

সত্যক সহজে ল’বলৈ শিকালে।”  (তেজৰ আখৰেৰে)

কবি ভট্টাচাৰ্যৰ মতে কবি এজনৰ তৃতীয় স্বৰূপটো হ’ল তেওঁৰ সামৰ্থ্য সীমিত। কবি এজনে সমাজৰ পৰা বুটলা অভিজ্ঞতাসমূহ কবিতাৰ মাজেৰে ব্যক্ত কৰে। কবিয়ে কৈছে:

“মই কবি সীমিত মোৰ সামৰ্থ্য

আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ

কৃতঘ্ন পিতলৰ সুহুৰিয়ে 

বিপৰ্যপ্ত কৰে মোৰ কাব্যৰ অৰ্থ।” (লাঞ্ছিত সূৰ্য)

কবিসকল সমাজৰ অতন্দ্ৰ প্ৰহৰী। সিহঁতে সমাজৰ নানান কেৰোণ লগা দিশবোৰৰ বিৰুদ্ধে বিক্ষোভৰ গৰ্জন তোলে। অৰ্থাৎ কবিসকলৰ কবিতা অসামাজিক শক্তিবোৰৰ বিৰুদ্ধে চোকা তৰোৱাল। কবিৰ ভাষাত:

“মোৰ শব্দৰ শোভাযাত্ৰা হওঁক

ক্ৰুৰ কুটিল ৰাতিৰ প্ৰহৰী হওঁক

তিৰবিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল

টলমল শব্দৰ উচ্ছসিত  তেজৰ প্ৰবাহে প্ৰবাহে।”

(দেশ আৰু অন্যান্য বিষয়ক)

কবিসকলৰ হৃদয় প্ৰেমৰ মহা সিন্ধু যদিও আৰ্থিক দৈন্যতা সিহঁতৰ চিৰ লগৰীয়া। সিহঁতে দৈন্যতাৰ মাজেদিয়ে প্ৰেমৰ উপলব্ধি কৰে। কবিয়ে সেয়ে নিজৰ অৱস্থালৈ আঙুলিয়াই কৈছে:

“তুমিতো জানাই

এই কবিৰ আৰু একো নাই

এটাই মাথো কামিজ

তাৰো ছিগো ছিগো চিলাই

প্ৰেম নিশ্চয় এনেকুৱাই

আবৰণ খুলি হৃদয় জুৰায়।”(ভোগালি)

কবিসকল আনন্দ প্ৰয়াসী।  দুখ আৰু কাৰুণ্যৰ মাজেদি  আনন্দ উপলব্ধি কৰাৰ সামৰ্থ কবিসকলৰ আছে। কবিয়ে কৈছে:

“তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ  নিঃসঙ্গতা

লগৰীয়াৰ চকুত ধূলি দি বালিঘৰ সাজি একান্তমনে

উমলি থকা ল’ৰাটোৰ দৰে

এক অদ্ভুত আনন্দবোধত মুগ্ধ।” (মোৰ আৰু পৃথিৱীৰ)

কবিসকল আশাবাদী। কবিসকলে বুকুত ব্যৰ্থতাৰ বোজা সাৱটি ভৱিষ্যতৰ ৰঙীন সপোন  ৰচাত পাকৈত। অৰ্থাৎ কবি ভট্টাচাৰ্যৰ  মতে কবিৰ বুকুত হাহাকাৰ কৰি থকা শূণ্যতা থাকিলেও কবিসকল ভৱিষ্যতৰ প্ৰতি আশাবাদী। কবিয়ে সেয়ে ভৱিষ্যতত আশাৰ সোণালী কাৰেং কল্পনা কৰি চিঞৰি উঠিছে:

“আমি অদূৰত বহি খেলি আছো, সাঁথৰ ভঙাৰ  খেল,

দৈৱবিপাক বুকুৰ শেল টানি আনি

লিখিছো কবিতা: বালি হাঁহজাক উৰি যাব, 

উৰি যাব পলসুৱা মাটিত এৰি থৈ কোমল ছাঁ।

কবিৰ সমৰ্পিত জীৱন হাহাকাৰ কৰি তোলা শূন্যতা।”

(কবিৰ সভাত)

এনেদৰে কবি হীৰেন ভট্টাচাৰ্যই কবিতাৰ মাজেদি কবিৰ স্বৰূপ প্ৰকাশ কৰিছে। অৰ্থাৎ কবি কোন, কবিৰ স্বভাৱ কি – তাৰ এক সংজ্ঞাত উপনীত হোৱাৰ চেষ্টা কৰিছে যদিও কবিয়ে সম্পূৰ্ণ স্পষ্টভাবে কতো কবিৰ সংজ্ঞা দিয়া নাই। তেওঁৰ বিভিন্ন কবিতাত প্ৰকাশ পোৱা কবি সম্পৰ্কে তেওঁৰ দৃষ্টিভঙ্গীক একত্ৰিত কৰি আমি এক সংজ্ঞাত উপনীত হ’ব পাৰি যে যিজনৰ অন্তৰ স্পৰ্শকাতৰ, অতি অনুভূতিশীল, সত্য প্ৰয়াসী, সমাজ সচেতন, হৃদয় কোমল আৰু প্ৰেমেৰে পৰিপূৰ্ণ, দুখ আৰু কাৰুণ্যৰ মাজতো যিজন আনন্দপ্ৰয়াসী, ভৱিষ্যতৰ প্ৰতি আশাবাদী, বিলাসীতাৰ প্ৰতি ভীতশ্ৰদ্ধ আৰু আৰ্থিক অৱস্থা সীমিত সেইজনেই কবি।

কবি হীৰেন ভট্টাচাৰ্য অকল কবি সম্পৰ্কে তেওঁৰ ধাৰণা অৰ্থাৎ দৰ্শন প্ৰকাশ কৰিয়েই ক্ষান্ত থকা নাই; কবিতা সম্পৰ্কেও তেওঁৰ দৰ্শন   বিভিন্ন কবিতাত সিঁচৰতি কৰি দিছে। 

কবি ভট্টাচাৰ্যৰ মতে কবিতা অভিজ্ঞতাৰ দলিল।  এই অভিজ্ঞতা দুখ, শোক, কষ্ট, লাঞ্ছনা ভোগাৰ মাজেদি উপলব্ধ হয়। কবিয়ে কৈছে:

“মই সাধাৰণ কবি

কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত

মানুহৰ নিদাৰুণ অভিজ্ঞতা বুৰঞ্জীৰ নিষ্ঠুৰ  আঁচোৰ।”

(মোৰ এই শব্দবোৰত )

কবিতা যৌৱনৰ দূত। যৌৱনৰ কোনোবা এটি সময়ত মানৱ মনত সুপ্ত হৈ থকা কবিত্ব ভাৱ প্রস্ফুটিত  হয়। কবিয়ে কৈছে:

“কবিতা যৌৱনৰ দূত,

নীলিমাৰ অমল দৰ্পণ আকুল

মোৰ স্মিত উদ্যানত

তুমি প্ৰতিদিনেই একো একোটা ফুল।”  (জোনাকী মন)

কবিতা দুখৰ ঋতুত  আনন্দ আৰু সৌন্দৰ্যৰ প্ৰতীক। কবিয়ে কৈছে:

“ভঙা  কলিজাত কোনে বিনায়:

কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকাজাই।”  (জোনাকী মন)

কবিয়ে কেৱল কবিতাৰ বিষয়-বস্তুৰ বিষয়ে ব্যক্ত কৰিয়েই ক্ষান্ত থকা নাই কবিতাৰ আঙ্গিক অৰ্থাৎ কবিতাৰ ভাষা আৰু শব্দ প্ৰয়োগৰ বিষয়েও কৈছে যে কবিতাত শব্দই আচল বস্তু। অৰ্থাৎ উপযুক্ত শব্দ নিৰ্বাচনেহে  কবিৰ ভাবক অৰ্থপূৰ্ণ কৰি তোলে।। কবিয়ে কৈছে:

“স্বপ্নৰ উদ্যান চুই অহা মোৰ এই 

শব্দবোৰত জীৱন ধাৰাৰ সুষমা,

সময়ৰ ঘনিষ্ট উত্তাপ,

মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই,

মোৰ ভিতৰত এটা যেন খেতিয়ক, 

মই শব্দবোৰ  জিভাত দি চাওঁ

কিমান তপত

মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ 

তেজঃদীপ্ত সন্তান।”  (মোৰ এই শব্দবোৰত )

কবিতাত শব্দৰ গুৰুত্বৰ ওপৰত জোৰ দি কবিয়ে আকৌ কৈছে:

“মই কবি, কৃতিত্বৰে পাৰ হৈ আহিছো

বুৰঞ্জীৰ বহু ভয়ঙ্কৰ দিন। 

শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃঙ্খলা,

নিৰ্ভুল হোৱাৰ ইচ্ছা, সেয়ে প্ৰয়োজনত পুনৰ প্রতিষ্ঠা  কৰিছো

বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ।

শব্দ মোৰ শুভঙ্কৰ সঙ্গীত

কিম্বা উচ্চতৰ গণিত।”   (স্বদেশ স্বকাল)

সামৰণিত ক’ব পাৰি যে কবি হীৰেন ভট্টাচাৰ্যই কবি সম্পৰ্কে তেওঁৰ যি দৰ্শন  কবিতাৰ মাজেদি দাঙি ধৰিছে সেয়া অন্যান্য কবি বা পণ্ডিতে দাঙি ধৰা দৰ্শনৰ লগত মিল আছে। অৰ্থাৎ কবি সম্পৰ্কে  বিভিন্ন কবিতাত ব্যক্ত হোৱা কবি ভট্টাচাৰ্যৰ দৰ্শনৰ সাৰ্বজনীনতা আছে। কবিয়ে কবিতাত শব্দ নিৰ্বাচন সম্পৰ্কে যি বক্তব্য দাঙি ধৰিছে সেয়া নিশ্চয় যুগুত যদিও শব্দই কবিতা নহয়। তেওঁৰ বহুত কবিতাত জটিল শব্দৰ কুজ-কাৱাচ আছে যিবোৰৰ প্ৰয়োগে কবিৰ ভাৱৰাশিক অধিক জটিল আৰু অবোধগম্য কৰি তুলিছে। উদাহৰণ স্বৰূপে তলত দিয়া উদ্ধৃতি কেইটাই যথেষ্ট। যেনে:

“মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্ৰুম, উদগ্ৰ জীৱন

শক্তিত স্ফীত শাখা-প্ৰশাখাত উৎসাৱন্ত ধুমুহাৰ কোলাহল,

মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী  বজ্ৰৰ নিৰ্ঘোষ।”

(মোৰ আৰু পৃথিৱীৰ)

কবি ভট্টাচাৰ্যৰ কবিতাৰ দুর্বোধ্যতাৰ  আৰু অধিক উদাহৰণ দিব পাৰি। যেনে:

”মোক অভয় দিয়া পৰিচিত শব্দবোৰৰ  নিৰ্লিপ্ততা ভাঙি-ছিঙি 

হাতুৰীৰে চুৰমাৰ কৰাৰ, অথবা ৰক্তস্বল্পতাত মুমূৰ্ষু নিষ্ফল বাস্তৱ

টুকুৰা-টুকুৰ কৰা দুৰ্দ্ধৰ্ষ তৰোৱালৰ বিচক্ষণ তেজস্বিতা।”

( কবিতাৰ কাৰণে:একক প্ৰাৰ্থনা) ০ ০ ০

(ৰচনাটি লেখকৰ ‘হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন ‘ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ   ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

 

Leave a Reply

Your email address will not be published. Required fields are marked *