ইছমাইল হোছেইনৰ কবিতা:

এক বিশ্লেষণাত্মক অধ্যয়ন

 

ৰাবিব মছৰুৰ

 

প্রকাশক

গ্ৰুহিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

 

 

ISMAIL HUSSAINAR KABITA: Ek Bishlekhanatmak Adhyayana:A collection of critical essays on the poetry of Ismail Hussain by Rabbi Masrur.

 

All rights reserved. No part of this publication may be reproduced, stored in a retrieval system, or transmitted, in any form or by any means: electronic, mechanical, photocopying, recording or otherwise without prior written permission in accordance with the provisions of the Copyright Act. 

 

Price: Rs.

 

D. T. P. By 

Rabbi Masrur

 

আৰম্ভণি

সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত সম্ভৱতঃ কবিতাই আটাইতকৈ জটিল আৰু বিচিত্ৰ। আধুনিক কবিতা হৈছে এই জটিলতা আৰু বিচিত্ৰতাৰ শীৰ্ষ বিন্দু। সাহিত্যৰ এনে এক জটিল শাখাৰ ওপৰত সমালোচনা আগবাঢ়োৱা তাতোকৈয়ো জটিল আৰু এই জটিলতাৰ বাবেই আধুনিক কবিতাৰ ওপৰত খুব কম সংখ্যকহে সমালোচনা ওলাইছে। সমালোচনাৰ অভাৱৰ বাবেই বহু পাঠকে আধুনিক কবিতা বুজি নাপাই ‘পাগলৰ প্ৰলাপ’ বুলি  গালি পাৰে। আধুনিক যুগৰ আগৰ অৰ্থাৎ বিংশ শতাব্দীৰ আগৰ কবিতা  প্ৰধানকৈ ছন্দত লিখা হৈছিল আৰু সিবোৰৰ  আবেদন হৃদয়ৰ ভিতৰতে সীমাবদ্ধ আছিল। আন কথাত আধুনিক যুগৰ আগৰ কবিতা আছিল হৃদয়ৰ বস্তু। কিন্তু বৰ্তমান যুগৰ কবিতাসমূহত হৃদয়ৰ ওপৰিও মস্তিষ্ক যোগ হৈছে।  অৰ্থাৎ আধুনিক কবিতা বুজিবলৈ হ’লে হৃদয়ৰ ওপৰিও  মস্তিষ্ক খটুৱাব লাগে।  আজিৰ কবিতাৰ পাঠকসকলে কবিতাক যদি হৃদয়ৰ বস্তু বুলি ভাৱে তেন্তে আধুনিক কবিতা বুজাত নিশ্চয় জটিল যেন অনুভৱ হ’ব। কবি ইছমাইল হোছেইন  বিংশ শতাব্দীৰ শেষ লগ্নৰ কবি। এইজন কবিয়ে কবিতাৰ বিষয়-বস্তু আৰু প্ৰকাশভঙ্গী – দুয়োটা দিশতে মৌলিকতাৰ স্বাক্ষৰ বহন কৰি কবিতাৰ সাম্ৰাজ্যত আবিৰ্ভাৱ হৈছে  আৰু সেই বাবেই তেওঁৰ কবিতা কিবা নতুন নতুন বা আচহুৱা যেন ভাৱ হ’ব পাৰে। তেওঁৰ কবিতাৰ এই আচহুৱা ভাৱ দূৰ কৰিবলৈ আৰু পাঠক সমাজৰ আগত তেওঁৰ কবিতা সহজে বোধগম্য আৰু উপভোগ্য কৰি তোলাৰ উদ্দেশ্যই মোৰ এই দুৰুহ প্ৰচেষ্টা।

মই জনা মতে কবি ইছমাইল হোছেইনে আজিলৈকে তিনিখন কবিতা পুথি অসমীয়া কাব্যপ্ৰেমী পাঠকসমাজলৈ আগবঢ়াইছে। সেয়া হ’ল – “জীৱন আৰু মানুহ বিষয়ক” (১৯৯৬), বিজ্ঞাপন (২০০০) আৰু নৈপৰীয়া (২০০৩)। এই সমালোচনাত্মক গ্ৰন্থখনত মই তেওঁৰ প্ৰথম কাব্য পুথি “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনৰ কবিতাসমূহ আলোচনা কৰিছো। কবিতা সমূহৰ সমালোচনা কৰিবলৈ যাওঁতে মই ইংৰাজ সমালোচক টি. এচ. ইলিয়ট, মেথিউ আৰ্ণল্ড বা আধুনিক আমেৰিকান সমালোচক আই. এ. ৰিচাৰ্ড,  এডমাণ্ড উইলচন,  কেনেথ বাৰ্ক আদি সমালোচকসকলৰ দৰে কোনো এক সূত্ৰৰ মাজত আবদ্ধ থাকি কোনো এক নিৰ্দ্দিষ্ট দিশ সমালোচনা কৰিবলৈ যোৱা নাই। কবিয়ে কবিতা এটিত কি কৈছে তাকে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছো- যাতে পাঠক সমাজৰ বাবে কবিতাটি সহজে বোধগম্য হয়। বিশেষকৈ আধুনিক কবিতাত কবিযে ক’ব বিচৰা সকলো কথাই ক’ব নোৱাৰে। অৰ্থাৎ কবিতাৰ অন্তৰালতো কিবা ৰহস্য লুকাই থাকে । তাৰোপৰি আধুনিক কবিতাৰ এক সামাজিক পটভূমিও থাকে। আৰু এইবোৰৰ বাবেই আধুনিক কবিতা পাঠকৰ আগত দুর্বোধ্য যেন লাগে।  মোৰ এই সমালোচনাত  কবিতাৰ অন্তৰালত থকা পটভূমি ফুটাই তোলাৰ চেষ্টা কৰা হৈছে। এই সমালোচনাক মই ‘সমালোচনা’ বুলি কোৱাতকৈ ‘বিশ্লেষণ’ বুলি ক’বলৈহে ভাল পাম- কিয়নো মই কবিতা এটাৰ কোনো এটা দিশ সমালোচনা কৰাতকৈ কবিতা এটি বিশ্লেষণ কৰাতহে জোৰ দিছো। এই বিশ্লেষণ দুটা দিশত কৰা হৈছে – প্ৰথমতে বিষয়-বস্তুৰ ওপৰত আৰু দ্বিতীয়তে ভাষা শৈলীৰ ওপৰত। কাৰণ বিষয়-বস্তু আৰু ভাষা শৈলীৰ  বিশ্লেষণ নকৰাকৈ কোনো সাহিত্যিক কৰ্মৰ ওপৰত  মন্তব্য কৰাটো কেতিয়াও নিৰ্ভুল হ’ব নোৱাৰে। আৰু তেনে সমালোচনাৰ দ্বাৰা পাঠকসমাজ উপকৃত হোৱা বুলিও মই নাভােবা। তাৰোপৰি কবিতাবোৰ বিশ্লেষণ কৰোতে মই যিমান পাৰো সিমান সহজ, সৰল আৰু কম ভাষা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছো। ইতি

ৰাবিব মছৰুৰ

শান্তি কানন

কমলপুৰ, বৰেপটা

১৯৯৭ ইং চন

 

সূচীপত্ৰ

গাঁৱৰ কথা

কৃষক বন্ধুলৈ 

বিদ্ৰোহ

জীৱন আৰু মানুহ বিষয়ক

দুঃসময় 

গাঁৱৰ চিঠি

ৰোৱনীজনী: তোৰ বিজন অৰণ্যত

সমসাময়িক কেইটিমান কবিতা

কবিৰ চোতাল

বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ

কবিৰ শৰীৰ

যুদ্ধৰ বিৰুদ্ধে

মা 

দেশ

নাগৰিকৰ প্ৰতি

প্ৰিয়তমা

দুঃস্বপ্নৰ এবেলা

৬ ডিচেম্বৰ

সাম্প্ৰদায়িকতা

মণিকুন্তলা

বন্ধুবোৰ  

আনৱিক

আত্মপাঠ

মোক আঁকোৱালি লোৱা

মই এখন দেশ বিচাৰিছো আৰু এখনি নদী

সংগোপনে

চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি 

সখী 

দৰিদ্ৰতা

আস্থানিক

বহুৰঙী 

মহানগৰ

নিজৰ স’তে দ্বন্দ্ব

অৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু 

কবিৰ মৃত্যুত শোক সভা বহিছে

গাঁৱৰ বাট 

 

ইছমাইল হোছেইনৰ কবিতা:

এক বিশ্লেষণাত্মক অধ্যয়ন (মূল পাঠ )

গাঁৱৰ কথা: এক  বিশ্লেষণ

গাঁৱৰ অকৃত্ৰিম প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি আত্মিক আকৰ্ষণ, জন্মস্থানৰ প্ৰতি অনাবিল ভালপোৱা, সৌন্দৰ্য সুষমাৰ প্ৰতি অমল আশাবাদ কবিসকলৰ সহজাত ধৰ্ম। কবি ইছমাইল হোছেইনৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনখনৰ  “গাঁৱৰ কথা” শিৰোনামৰ কবিতাটি তেনে বৈশিষ্ট্যৰে ভ’ৰপুৰ এটি সুন্দৰ কবিতা- যাৰ মাজেদি  কবিৰ প্ৰিয় ঠাই গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যৰ গুণ-গান, গাঁৱত কটোৱা কবিৰ ল’ৰালি জীৱনৰ ৰোমন্থন, দৰিদ্ৰতাই কৰ্ষণ কৰা গাঁৱৰ কাৰুণ্যময় ছবি আৰু ভৱিষ্যতৰ প্ৰতি কবিৰ উজ্জ্বল আশাবাদী প্ৰাৰ্থনা কাব্যিক ৰূপত প্ৰকাশ পাইছে।

কবিৰ বাবে  গাঁওখনেই হৈছে আশাৰ থলি। গাঁৱৰ বোকাময় শৰীৰত আশাৰ পদুমে হাঁহে, শস্যময় পথাৰৰ ওঁঠত পখিলাই চুমা খায় অৰ্থাৎ কবিৰ বাবে গাঁওখনেই অতিকৈ প্ৰিয়- য’ত কবিয়ে কাঙ্খিত সৌন্দৰ্য বিচাৰি পায়।  কবিৰ ভাষাত,

“গাঁৱৰ বুকুত প্ৰাণৰ কি যে মধুময় বিলাপ-

বোকাময় শৰীৰত আশাৰ পদুমে পাহি মেলি হাঁহে।

কিন্তু কবিয়ে সেই সৌন্দৰ্য বেছি দিন উপেভাগ কৰিব নোৱাৰিলে; সকলো যেন ক’ৰবাত হেৰাই গ’ল। অৱশিষ্ট থাকিল মাথোন স্মৃতি – শৈশৱৰ স্মৃতি, যৌৱনৰ প্ৰাৰম্ভিক কালৰ স্মৃতি। কবিৰ ভাষাত:

“গাঁৱৰ ধূলিয়ৰি কোলাত উচুপি উঠে শৈশৱৰ স্মৃতি

পখিলা বিচাৰি দৌৰি ফুৰা ফৰকাল দিন

নক্ষত্ৰৰ দৰে জ্বলি উঠে যৌৱনৰ প্ৰাৰম্ভিক কাল।”

অনন্ত আকাশত উৰি ফুৰা মুক্ত পখিলাৰ দৰে কবিৰ ল’ৰালি কাল আছিল আপোন মনেৰে প্ৰকৃতিৰ স’তে মুক্তভাৱে খেলি থকাৰ দিন। সেয়ে তেওঁৰ মনত পৰিছে ‘শামুকৰ খোলাত চাউল সিজোৱা শুকুলা দিনৰ স্মৃতি‘, ‘পথাৰে পথাৰে খেদি ফুৰা জোনাকী পৰুৱাৰ ৰাতিবোৰৰ স্মৃতি’। কবিয়ে কৈছে:

“মোৰ স’তে খেলা কৰে গাঁৱৰ ল’ৰালি পুৱা

শামুকৰ খোলাত চাউল সিজোৱা শুকুলা দিন

পথাৰে পথাৰে খেদি ফুৰা জোনাকী পৰুৱাৰ ৰাতি।”

কিন্তু সময়ৰ কৰাল গতিৰ লগে লগে কবিৰ মনৰ পৰা যেন সকলো সুখ, আশা, সোণালী স্বপ্ন- সকলো মাৰ গ’ল। গাঁৱৰ পৰা আঁতৰি গ’ল সুখ, শান্তিৰ প্ৰাচুৰ্যতা। ইয়াৰ সলনি দেখা দিলে আকাল, দুৰি্ভক্ষই। সেয়ে কবিয়ে চিত্ৰিত কৰিছে:

“আজি উদং হৈ পৰি আছে গাঁওঁ, স্বপ্নৰ সাঁচতীয়া ভঁৰাল

ঘৰে ঘৰে এতিয়া দুখ, খাদ্যহীন শিশুৰ চিঞৰ

বানৰ তাণ্ডৱ নৃত্য, ৰ’দে পোৰা পথাৰ

কৃষকৰ বুকুত ওলমি আছে যুগ যুগ আকাল।”

কিন্তু কবি ইছমাইল নিৰাশবাদী কবি নহয়। তেওঁৰ অন্তৰখন আশাবাদৰ সোণালী কিৰণেৰে ভ’ৰপুৰ। সেয়ে তেওঁ সময়ক প্ৰাৰ্থনা জনাইছে:

“মোক ওভতাই দিয়া গাঁৱৰ নিবিড় সান্নিধ্য

খেৰ আৰু নৰাৰ উমত গা জোৰোৱা শীতৰ উমাল ৰাতি

মোক ওভতাই দিয়া নাঙলৰ সীৰলুত লখিমী বিচৰা দিন

কৃষকৰ স’তে গোৱা ফাগুনৰ গান, বাঁহীৰ ভাটিয়ালি সুৰ

নদীৰ নিৰ্মল পানী, সাধু কথাৰ মুকলি আকাশ।”

কবি ইছমাইল ইমানেই আশাবাদী যে সপোনতো দেখে যে গাঁৱৰ মাটিবোৰ সোণ হ’ব, যেতিয়া পৃথিৱীত শেষ হ’ব সমস্ত গান আৰু সুৰৰ কৰণি। কবিৰ ভাষাত:

“মই মাজে মাজে সপোন দেখো, গাঁৱৰ মাটিবোৰ সোণ হ’ব

মই সপোন  দেখো, মানুহবোৰে মুখ মেলি কথা ক’ব, গান গাব

যেতিয়া পৃথিৱীৰ পৰা শেষ হ’ব সমস্ত গান আৰু সুৰৰ কৰণি।”

কবিয়ে বিশ্বাস কৰে যে এদিন নহয় এদিন অতীতৰ সুখ- শান্তি ঘূৰি আহিব। সেয়ে সময়ক কাকুতি কৰি কৈছে:

‘হে তৃষ্ণাতুৰ সময় ……………

ওভতাই দিয়া মোক মুকলি আকাশ

সাধু কথাৰ জোনাকী ৰাতি, ফৰকাল লখিমী দিন

শস্যৰ সেউজ, জীৱনৰ মধুময় বিলাপ।”

‘গাঁৱৰ কথা’ কবিতাটি ভাৱাদৰ্শত যিমান স্পষ্ট, বাস্তৱধৰ্মী আৰু মুকলি-মূৰীয়া তেনেকৈ ভাষা আৰু শৈলীৰ পিনৰ পৰাও কবিতাটি অতি স্পষ্ট আৰু সাৱলীল। বহুত আধুনিক কবিতাৰ দৰে  কবিতাটিত অযথা শব্দৰ পয়োভৰ নাই। প্ৰতিটি শব্দ কবিতাটিৰ বিষয়বস্তুৰ লগত খাপ-খুৱাই নিকপকপীয়াকৈ যথাস্থানতেই বহুওৱা হৈছে। কবিতাটিৰ সামগ্ৰিক চিত্ৰকল্প (imagery)  ৰোমান্টিক কবিসকলৰ দৰে সীমা চেৰাই গৈ কোনোৱা সপোনপুৰীলৈ উৰা মৰা নাই। তেওঁৰ কল্পচিত্ৰ বাস্তৱধৰ্মী আৰু হাতেৰে ঢুকি পোৱাৰ দৰেই সম্ভৱপৰ। কবিতাটিত বিশেষ কোনো অৰ্থালংকাৰ নাই যদিও ‘স্বপ্নৰ সাঁচতীয়া ভঁৰাল’, ‘শীতৰ উমাল ৰাতি’,  ‘উজাগৰী ৰাতি’ আদি অনাষক্ত বিশেষণে  কবিতাটিৰ কাব্যিক সৌন্দৰ্য বৃদ্ধি কৰিছে। কবিয়ে কবিতাটিত উপমা অলংকাৰৰো ব্যৱহাৰ কৰিছে। কবিয়ে যৌৱন কালৰ জল-জল স্মৃতি নক্ষত্ৰৰ উজ্জ্বলতাৰ সৈতে তুলনা কৰি উপমাটিৰ সৃষ্টি কৰিছে। বিষয়-বস্তু, ভাৱ, ভাষা আৰু আদৰ্শৰ পিনৰ পৰা কবিতাটি এটি পাঠোপযোগ্য ভাল  আধুনিক কবিতা। ০ ০ ০ 

 কৃষক বন্ধুলৈ: এক বিশ্লেষণ

কবি ইছমাইল হোছেইন হৈছে জন দৰদী কবি।  তেওঁ অন্যান্য আধুনিক কবিসকলৰ দৰে  মায়াবাদত ডুব গৈ কেৱল নিজৰ অন্তৰৰ অনন্ত অনুভূতি, আকুল উচ্ছাস আৰু হৃদয়াবেগৰ ৰাজ্যত সীমাবদ্ধ নাথাকি  তেওঁৰ জন দৰদী চকু সৰ্বহাৰা সাধাৰণ জনগণলৈ নিক্ষেপ কৰিছে আৰু তাৰ পৰাই সংগ্ৰহ কৰিছে তেওঁৰ কবিতাৰ কেঁচা সমল।  ‘কৃষক বন্ধুলৈ’ তেওঁৰ তেনে এক জন দৰদী কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে সমাজৰ  নিপীড়িত, দৰিদ্ৰতাৰ কৱলত পৰি  মৰো-মৰোেকৈ জীয়াই থকা কৃষক সম্প্ৰদায়ৰ প্ৰতি অকপট কৃতজ্ঞতা জ্ঞাপন কৰিছে।

কবি কেতিয়াও অকৃতজ্ঞ নহয়।  কবিয়ে জানে যে ৰাষ্ট্ৰৰ বুনিয়াদ হৈছে উৎপাদক শ্ৰেণী। উৎপাদক শ্ৰেণীয়ে কপালৰ ঘাম মাটিত পেলাই দেশৰ ছন পৰা মাটিত কোৰেৰে চহ কৰি  সোণ ফলায়।  ৰ’দ, বতাহ  সিহঁতৰ মূৰৰ ওপৰেদি বাগৰি যায় অথচ তালৈ কোনো ভ্ৰুক্ষেপ নাই।  কিন্তু এই কৃষক শ্ৰেণীয়েই সমাজত হেয় প্ৰতিপন্ন হয়।  জন দৰদী কবি ইছমাইল হোছেইনৰ চকুত কৃষকসকলৰ এই শ্বাশত অৱদান ধ’ৰা পৰিছে আৰু সেয়ে কৃতজ্ঞতােবাধত স্বীকাৰ কৰিছে যে কৃষকসকল সমাজত থাকিলে অমানিশাতো গাওঁবোৰে পোহৰ বিলায়, ঘৰে ঘৰে জীৱনৰ অমিয়া গানৰ সুৰ উঠে, ঋতুৱেও পুৰণি জৰাজীৰ্ৰ্ণতাক সলনি কৰি নতুনত্ব কঢ়িয়াই  আনে। কবিৰ ভাষাত:

“তুমি থাকিলে অমানিশাতো গাওঁবোৰে  বিলায় পোহৰ

মানুহবোৰে ঘৰে ঘৰে গায় জীৱনৰ অমিয়া গান

ঋতুৱে সলায় পুৰণি জৰাজীৰ্ণ  দিন।”

কবিয়ে অকল কৃষকসকলৰ কৰ্মশক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিয়েই ক্ষান্ত থকা নাই, সিহঁতক ‘সৃষ্টিৰ আদিমতম ভাস্কৰ’ বুলিও স্বীকাৰ কৰিছে। কবিয়ে এলানি সুন্দৰ চিত্ৰকল্পৰ মাজেদি কৃষকসকলৰ অফুৰন্ত শক্তিৰ চিত্ৰ অংকন কৰিছে।

“তুমি অনন্য শিল্পী, সৃষ্টিৰ আদিমতম ভাস্কৰ

তুমিয়েইতো মাটিৰ পৰা কাঢ়ি আনিছা শস্যৰ বীজ

আকাশৰ পৰা আনিছা অমল সৌন্দৰ্য

সূৰ্যৰ পৰা শক্তিৰ অক্ষয় ভাণ্ডাৰ

সাগৰৰ গভীৰ বুকুৰ পৰা প্ৰশান্তিৰ কোমল ৰ’দ।”

কবিয়ে জানে কৃষকসকল সমাজৰ ধৰণী স্বৰূপ।  কৃষক নেথাকিলে  দেশৰ শস্য উৎপাদনত কেনা লাগিব। পৰিণাম স্বৰুপে ওলট-পালট হৈ যাব সমাজ ব্যৱস্থাৰ সকলো কাৰ্যক্ৰমণিকা; কিয়নো ‘আগতে চাউল কঠা, পিছতহে হৰি কথা।’ সেয়ে কবিয়ে অতিশয়োক্তিৰ সহায়ত স্বীকাৰ কৰিছে:

”তুমি নেথাকিলে পানী হয় পাথৰ

থমকি ৰয় নদী

প্ৰৱল উত্তাপত বাঢ়ি আহে পৃথিৱীৰ জ্বৰ।”

কৃষকে অফুৰন্ত কৰ্ম শক্তি দান কৰিও সমাজত সদায় তল শ্ৰেণীৰ নাগৰিক হিচাপে অৱহেলিত, নিপীড়িত, অত্যাচাৰিত হৈ আহিছে। সিহঁতে কেতিয়াও সিহঁতৰ কৰ্ম শক্তিৰ সঠিক মূল্যায়ন নাপায়। সেয়ে কবিয়ে কৈছে:

“তোমাৰ লুণীয়া দেহাত শ্ৰমৰ অফুৰন্ত স্বাক্ষৰ

অথচ তুমি কেতিয়াও বাতৰিৰ শিৰোণামা নোহোৱা

দূৰদৰ্শনৰ পৰ্দাতো ভূমুকি নেমাৰে তোমাৰ বিশ্বস্ত মুখ

ৰাজসদনৰ অধ্যক্ষও নহয় তুমি।”

কবিয়ে জানে যে কৃষকসকলেই সমাজ পৰিবৰ্তনৰ প্ৰধান অস্ত্ৰ হ’ব পাৰে। কবি আশাবাদী যে কোনোবা দিন কৃষকসকল সিহঁতৰ অৱস্থাৰ প্ৰতি সচেতন হ’ব  আৰু সিহঁতৰ প্ৰতি কৰা মুষ্টিমেয়ৰ অন্যায়ৰ প্ৰতি জাগ্ৰত হৈ সিহঁতৰ প্ৰাপ্য মূল্যায়ন আদায় কৰিব। 

“তুমি মানুহৰ চেতনাৰ বটবৃক্ষ

এটা জাগ্ৰত প্ৰতিবাদ।”

কবিতাটি বিষয়-বস্তুৰ দিশৰ পৰা বৰ্জোৱা (proletariate) শ্ৰেণীৰ কবিতা বুলি ক’ব পাৰি। কবিতাটিৰ ভাষা সহজ আৰু সৰল যদিও কল্পচিত্ৰ আৰু এলানি অতিশয়োক্তিয়ে কবিতাটিৰ সৌন্দৰ্য বৃদ্ধি কৰিছে।০ ০ ০

 

বিদ্ৰোহ: এক বিশ্লেষণ

কবি ইছমাইল হোছেইনৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনৰ তৃতীয় কবিতাটি হৈছে ‘বিদ্ৰোহ’ শিৰোনামৰ কবিতাটি। এই কবিতাটিত কবিয়ে বৰ্তমান সামাজিক পটভূমিত মানৱ প্ৰমূল্য কেনেদৰে অৱনমিত হৈছে তাৰে এটি আভাষ দিবলৈ চেষ্টা কৰিছে। 

কবিয়ে জানে যে শান্তি ৰক্ষাৰ নামত বহুতো নিৰপৰাধী জনতাই সন্ত্ৰাসবাদৰ কবলত পৰি অকাল মৃত্যুক সাৱটি লৈছে। চৰকাৰে সেইবোৰ হত্যালীলাৰ কোনা আইন সন্মত তদন্ত নকৰি ত’ল পেলাই থৈ দিয়ে। সেয়ে কবিয়ে সন্দেহ কৰিছে যে হয়তো কোনোবা বন্ধুহেন সন্ত্ৰাসবাদীয়ে কৰমৰ্দনৰ ছলেৰে বোমা ফুটাই কবিকো হত্যা কৰিব পাৰে আৰু তেওঁৰ মৃত্যু ৰহস্যটো চৰকাৰী বিবৃতিত এজন সন্ত্ৰাসবাদী নিহত হ’ল বুলি ঘোষণা কৰা হ’ব পাৰে। সেয়ে কবিয়ে নিজেই তেনে সন্ত্ৰাসবাদীক উদ্দ্যেশি কৈছে:

“মোৰ বুকুৰ মাজত তোমাৰ হাত দুখন ৰাখা

আৰু আকস্মাত বিষ্ফুৰিত হওঁক এটা বোমা

শান্তি ৰক্ষাৰ নামত মোৰ সমস্ত দেহা টুকুৰা-টুকুৰ হওঁক

চৰকাৰী বিবৃতিত লিখা হওঁক ‘আৰু এজন সন্ত্ৰাসবাদীক হত্যা’।”

আজিকালি বিশ্বাসঘাতকৰ সংখ্যা ইমানেই বাঢ়িছে যে আলিঙ্গনৰ ছলেৰে এজনে আন এজনক  আঘাত কৰিব পাৰে। কবিৰ ভাষাত:

“সম্প্ৰতি ইয়াতকৈ কি আছে সত্যৰ অপলাপ

এহাতেৰে কৰমৰ্দন আন হাতেৰে বাঘনখ

এহাতেৰে আলিঙ্গন আন হাতেৰে চুৰিকাঘাত।”

ইয়াৰ পিছত কবিয়ে কবিতাটোত কিছুমান প্ৰতীকৰ সহায়ত সমাজৰ চিত্ৰ দাঙি ধৰি লিখিছে:

”আকাশত ক’লা দিনৰ ক’লা মেঘ উৰে

কলা মেকুৰীত উঠি আহে দেউলীয়া ৰজা।”

ইয়াত ‘ক’লা মেঘ’ প্ৰতীকৰ দ্বাৰা বৰ্তমান দুৰ্নীতি, অন্যায়, অবিচাৰত পোত গৈ থকা সমাজ ব্যৱস্থাক  বুজাইছে। ‘কলা মেকুৰী’ প্ৰতীকৰ দ্বাৰা দুৰ্নীতি পৰায়ণ শাসক গোষ্ঠী ক্ষমতাতঅধিষ্ঠিত  হোৱাৰ  ভেকোভাওনাক বুজাইছে। ‘দেউলীয়া ৰজা’ই মানৱতাৰ আদৰ্শ হেৰুৱাই পেলোৱা  নেতাসকলৰ প্ৰতীক হিচাপে ব্যৱহাৰ হৈছে।  মানৱতাবাদৰ আদৰ্শ হেৰুৱা ‘দেউলীয়া ৰজাই  বিশ্বাস কৰে যে দুৰ্নীতিৰ  গৰাহতহে পোহৰৰ উৎস অথবা সুস্থিৰ জীৱনাদৰ্শ লুকাই আছে। কবিয়ে কৈছে:

“ৰজাৰ বিশ্বাস: অন্ধকাৰত থাকে পোহৰ

আমি কওঁ: সূৰ্য পোহৰৰ আধাৰ

অপৰাধ, ভীষণ অপৰাধ: ৰাজদ্ৰোহ।”

কিন্তু কবিয়ে যেতিয়াই পোহৰৰ উৎস অন্ধকূপৰ সলনি ‘সূৰ্য’ বুলি ক’বলৈ যায় তেতিয়াই  তেওঁক ‘ৰাজদ্ৰোহী’ বুলি অপৰাধী সজোৱা হয়। সেয়ে কবিয়ে আক্ষেপ কৰি কৈছে যে  যদি পোহৰৰ উৎসৰ বিষয়ে ক’লেই ৰাজদ্ৰোহ কৰা হয় তেনেহ’লে এতিয়াই বিস্ফুৰণ  হওঁক আৰু তেজেৰে ৰাঙলী হৈ যাওঁক  দেউলীয়া ৰজাৰ দৰবাৰ। কবিৰ ভাষাত:

“আৰু এটা বিস্ফুৰণ  হওঁক তোমাৰ অথবা মোৰ মগজুত

বিষ আৰু তেজেৰে বিয়পি পৰক ৰজাৰ দৰবাৰ।”

কবিতাটি সৰু যদিও ইয়াৰ ভাৱ আৰু অন্তৰ্নিহিত অৰ্থই কবিতাটিক বিশেষভাৱে তাৎপৰ্যশীল কৰি তুলিছে। কবিতাটিৰ ভাষা সহজ সৰল যদিও প্ৰতীকৰ ব্যৱহাৰে সাধাৰণ পাঠকৰ বোধগম্যতাত অলপ জটিলতাৰ মুখামুখিও কৰে। ০ ০ ০ 

 

জীৱন আৰু মানুহ বিষয়ক: এক বিশ্লেষণ

জীৱন আৰু মানুহেই হৈছে যিকোনো শিল্প সাহিত্যৰ প্ৰধান বিষয়-বস্তু।  য’ত জীৱন নাই তাত কোনো কলা (arts) ও নাই আৰু যি কলা মানুহ বিষয়ক নহয় সি কেতিয়াও কলা হ’ব নোৱাৰে। সেয়ে কবি-সাহিত্যিকসকলে  জীৱন আৰু মানুহক লৈয়ে ব্যস্ত। কবিয়ে কবিতা ৰচে, সাহিত্যিকে সাহিত্য ৰচনা কৰে, চিত্ৰকৰে চিত্ৰ আঁকে, গায়কে গান গায় মানুহক লৈয়ে। কবি ইছমাইলো ‘জীৱন’ আৰু ‘মানুহ’ – এই শ্বাশত বিষয় লৈয়ে ব্যস্ত। তেওঁৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতাটি (যিখন কবিতাৰ শিৰোনামাৰে তেওঁৰ  কবিতা পুথিখন নামাকৰণ কৰিছে) ও মানুহ আৰু জীৱনক লৈয়ে ৰচিত। কবিতাটিৰ জৰিয়তে কবিয়ে মানুহ আৰু জীৱনৰ মাজত সম্পৰ্ক দেখুৱাবলৈ চেষ্টা কৰিছে।

কবি ইছমাইলৰ জীৱন আৰু মানুহৰ সম্বন্ধটো  তত্ত্বগত (theoretical) হে। কিন্তু এই তত্ত্ব বৈ জ্ঞানিক তত্ত্ব নহয়, ই কাব্যিক (poetic) হে। কবিয়ে ভাবে মানুহৰ প্ৰধান আকৰ্ষণ হৈছে জীৱনৰ প্ৰতি। কিন্তু কবিৰ মতে জীৱন শ্বাশত অৰ্থাৎ চিৰন্তন। এই চিৰন্তন সত্যই মানুহৰ অস্তিত্ব।  মানুহ হৈছে জীৱনৰ এক অৱয়ব অৰ্থাৎ পোছাকহে। কবিৰ ভাষাত:

“মানুহৰ প্ৰিয়তম শব্দ ‘জীৱন’

শ্বাশত কালৰ ই এক স্ৰোতস্বিনী নদী

যাৰ পাৰে পাৰে চেতনাৰ বিদীৰ্ণ ইতিহাস

মানুহ তাৰ সমতলত নাচি থকা গছ।

মানুহ মানে জীৱনৰ অনিবাৰ্য অৱয়ব

আমি তাৰ পৰিপূৰক পলস।”

ইয়াত কবিয়ে মানুহৰ আটাইতকৈ প্ৰিয়তম বিষয় ‘জীৱন’ক প্ৰৱাহমান স্ৰোতস্বিনীৰ লগত তুলনা কৰি ইয়াকে বুজাব বিচাৰিছে যে মানুহৰ জীৱনটো গতিশীল। এই গতিশীলতাৰ ওচৰত মানুহ এটা গছৰ দৰে। অৰ্থাৎ ইয়াৰ দ্বাৰা কবিয়ে ইয়াকে বুজাব খুজিছে যে জীৱন কেতিয়াও মানুহৰ দাস নহয়, মানুহহে জীৱনৰ দাস। 

জীৱন যদিও শ্বাশত  আৰু ই মানুহৰ প্ৰধান পৰিচালক (অৱশ্যে এই ধাৰণা কাব্যিকহে) তথাপি মানুহৰ থকাৰ দৰে জীৱনৰ কোনো স্বকীয় অৰ্থ বা তাৎপৰ্য নাই। কবিয়ে ভাবে যে শ্বাশত জীৱনৰ মানুহেই হ’ব লাগিব সুনিপুণ খনিকৰ অৰ্থাৎ মানুহেই জীৱনৰ গঢ় দিব লাগিব।  মানুহৰ স’তে জীৱনৰ আজন্ম প্ৰেম। সেয়ে কবিয়ে কৈছে:

”জীৱনৰ স্বকীয় অৰ্থ নাই যি দৰে মানুহৰ আছে।

মানুহ অনন্ত জীৱনৰ সুনিপুণ  খনিকৰ

মানুহ মাটিৰ আদিম বণিক

দুহাতত যাৰ যুগল প্ৰেমৰ ঘৰ।”

দ্বিতীয়তে, কবিয়ে নিজৰ জীৱনৰ সাধনাৰ কথা ব্যক্ত কৰিছে। কবিৰ জীৱনৰ প্ৰধান সাধনা হৈছে সৃষ্টিৰ সর্বশ্রেষ্ঠ সৃষ্টি মানুহ। কবিৰ মতে মানুহৰ সান্নিধ্যই কবিৰ জীৱনলৈ আচল অৰ্থ কঢ়িয়াই  আনে। কবিৰ ভাষাত:

“মই মানুহৰেই সাধনাত ব্রতী এজন মানুহ

মানুহৰ সান্নিধ্যই মোলৈ আনে জীৱনৰ অৰ্থ

যাদুকৰী অন্বেষণ আৰু মধুকৰী স্পৰ্শ।”

তৃতীয়তে ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতাটিত কবিয়ে জীৱনক কিদৰে অৰ্থবহ কৰি তুলিব পাৰি তাৰ মানৱীয় দআগবঢ়াইছে। কবিয়ে ভাবে যে মানুহে যদি নিৰৰ্থক বিলাস বাসনা এৰি মানুহৰ সৈতে অন্তৰঙ্গতা গঢ়ি তুলিব পাৰে তেতিয়াই জীৱন অৰ্থবহ হৈ উঠিব। কবিৰ ভাষাত:

“ইচ্ছা থাকিলেই জীৱনক অৰ্থবহ কৰিব পাৰি

নিৰৰ্থক বিলাসৰ বিপৰীতে যদিহে অনুভৱ কৰিব পাৰি

মানুহৰ অন্তৰঙ্গ সঙ্গৰ কল্যাণময় মাদকতা।”

কবিয়ে জীৱনক অৰ্থবহ কৰি তুলিব পৰা মানৱীয় দৰ্শন আগবঢ়োৱাৰ পিছত আকৌ জীৱন আৰু মানুহৰ কাব্যিক সংজ্ঞা লৈ ওভতিছে। কবিৰ মতে:

“জীৱন মানুহৰ সৰ্বভাষাৰ শ্রেষ্ঠতম  অভিধান

যাৰ পাত মেলিলেই ওলাই আহে শব্দৰ মুক্তি সমদল

মানুহ শব্দৰ অবিনশ্বৰ শৰীৰ

জীৱন তাৰ নিৰ্মোহ অলংকাৰ

দেশৰ হকে শ্বহীদে দিয়া মহত্বম উপহাৰ।”

ইয়াত ‘জীৱন মানুহৰ সৰ্বভাষাৰ অভিধান’ বাক্যাংশৰ দ্বাৰা কবিয়ে বুজাবলৈ চেষ্টা কৰিছে যে জীৱন সকলো মানুহৰেই প্ৰধান বিষয় অৰ্থাৎ জীৱন অনুভূতিটো সাৰ্বজনীন। ‘জীৱন’ সকলো ঠাইতে সকলো কালতে মুক্তি প্ৰয়াসী। আকৌ ‘শব্দ’ নামৰ বিশেষণৰ দ্বাৰা মানুহৰ জীৱনৰ কাৰ্যক্ৰমণিকা বা কাৰ্য পদ্ধতি (ইয়াত মানৱীয় কাৰ্য পদ্ধতি) ক সূচাইছে। ‘মানুহ শব্দৰ অবিনশ্বৰ শৰীৰ’ – এই ৰূপকৰ দ্বাৰা কবিয়ে অৰ্থবহ জীৱন যে মানুহৰ মানৱীয় কৰ্ম পদ্ধতিৰ সমষ্টি তাকে বুজাইছে।

ভাষা আৰু ৰচনা শৈলীৰ পিনৰ পৰা কবিতাটি এটি জটিল কবিতা।  কবিতাটিত থকা অভিনৱ কল্পচিত্ৰই জটিলতাৰ ঘাই কাৰণ। সৰহভাগ কল্পচিত্ৰই ৰূপকৰ দ্বাৰা  গঠিত।  কবি হোছেইন ভাৱ আৰু আবেগৰ কবি হোৱাৰ উপৰিও কাব্যিক অলংকাৰৰ প্ৰতি যে সচেতন এই কবিতাটি তাৰেই এক দৃষ্টান্ত।

তাৰোপৰি কবিৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনটিত কবিতাটোৰ এক বিশেষ স্থান আৰু এক বিশেষ তাৎপৰ্য আছে – কিয়নো কবিয়ে তেওঁৰ জীৱন তথা সাহিত্য সাধনাৰ প্ৰধান বিষয়-বস্তু  যে জীৱন আৰু মানুহ সেয়া কবিতাটিৰ জৰিয়তে পাঠক সমাজক অৱগত কৰিছে। কবিতাটিৰ শিৰোনামাৰে কাব্য গ্ৰন্থখনৰ নামকৰণ কৰা যথাৰ্থ হৈছে।০ ০ ০

 

দুঃসময়: এক  বিশ্লেষণ

কবিসকল সমাজ সচেতন। সমাজত চলি থকা অন্যায়, দুৰ্নীতি, অবিচাৰ, অপৰাধ, আন্দোলন, বিদ্ৰোহ ইত্যাদি সামাজিক চিত্ৰ সাহিত্যত প্ৰতিফলিত কৰাই আধুনিক কবি সাহিত্যিকসকলৰ প্ৰধান লক্ষ্য।  আজিৰ কবিতা নিকুঞ্জবনৰ ফুলৰ সুঘ্ৰাণ আৰু চৰাইৰ কলকলনিৰ মাজত আপোন পাহৰা হৈ আনন্দ উপভোগ কৰাৰ বিলাসী সামগ্ৰী নহয়।  আজিৰ কবিতা সমাজ সচেতন। ভাষা আৰু শব্দৰ সহায়ত সমাজৰ চিত্ৰ কবিসকলে  কবিতাত তুলি ধৰে। ইছমাইল হাড়ে-হিমজুৱে সমাজৰ প্ৰতিনিধিত্বশীল কবি। সমাজৰ চিত্ৰ কবিতাৰ মাজেৰে জনগণৰ মানস আৰু চৰ্ম চক্ষুত তুলি ধ’ৰাই তেওঁৰ লক্ষ্য। ‘দুঃসময়’ নামৰ কবিতাটি কবি হোছেইনৰ তেনে এক সামাজিক কবিতা – যাৰ মাজেদি কবিয়ে আধুনিক সমাজ ব্যৱস্থাত মানৱতাবাদৰ অৱক্ষয়ৰ চিত্ৰ কিছুমান স্পষ্ট প্ৰতীকৰ সহায়ত পাঠক সমাজৰ  আগত দাঙি ধৰিছে। কবিসকল সদায় মানৱ প্ৰেমত মত্ত । সেইদৰে শান্তি প্ৰয়াসীও। সিহঁতে জানে হত্যা আৰু  বিদ্ৰোহৰ দ্বাৰাই কেতিয়াও সমাজ বা দেশত শান্তি আনয়ন হ’ব নোৱাৰে।  কবিয়ে কৈছে:

“প্ৰাতঃ মানুহৰ প্ৰাণ কাঢ়ি ল’লেই যদি ৰক্ষা হয় স্বাধীনতা

প্ৰাতঃ জাতিদ্ৰোহৰ জালিয়াতি কৰিলেই যদি ৰক্ষা হয় জাতীয়তা

তেনেহ’লে বিবস্ত্ৰা হৈ দাপোণত এবাৰ নিজকে চাই লোৱা

দেখা পাবা, একেই তোমাৰ দেহাৰ আৱৰণ, একেই স্নায়ুৰেখা।”

দেশ বা জাতীয়তাই এক সম্প্ৰদায়ে আন এক সম্প্ৰদায়ক হত্যা কৰা নুবুজায়। দেশৰ এটি সত্ত্বা আছে, অস্তিত্ব আছে, ই বিবস্ত্ৰা প্ৰাণহীনা শিলাৰ দৰে জঠৰ বা মৃত নহয়। কবিৰ ভাষাত:

“দেশৰ আন এটা নামতো নহয় তেজে ধোৱা চোলা

অথবা বিবস্ত্ৰা এটি প্ৰাণহীনা শিলা।”

কবিয়ে লক্ষ্য কৰিছে যে আজিকালি এইখন দেশত কোনেও কাৰো ওপৰত বিশ্বাস কৰিব নোৱাৰা হৈছে। প্ৰতিজন নাগৰিকৰ মনত বিশ্বাস ভঙ্গৰ ভয় আৰু প্ৰতিজন নাগৰিকেই প্ৰত্যক্ষ বা পৰোক্ষভােব অন্যায়, অবিচাৰৰ বলি হ’ব লগা হৈছে। কবিয়ে সেয়েহে কৈছে:

“দেশৰ মাটিত এতিয়া একোটা নিঃসঙ্গ ৰাতিত সৰি পৰে

আস্থাৰ অনেক গোলাপ

প্ৰতিজোপা ফুল ফুলা গছতেই এতিয়া কুঠাৰে কোবোৱা দাগ।”

ইয়াত ‘নিঃসঙ্গ ৰাতি’য়ে পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি যোৱা বৰ্তমান সময়ক বুজাইছে। ‘আস্থাৰ অনেক গোলাপ’ বাক্যাংশই মানৱ মনৰ ভিতৰত সংজ্ঞাভাৱে থকা বিশ্বাসক বুজাইছে। ‘প্ৰতিজোপা ফুল ফুলা গছ’ প্ৰতীকে সম্ভাৱনাপূৰ্ণ কবি সাহিত্যিক নাইবা মানৱাদৰ্শত বিশ্বাসী নাগৰিকক বুজাইছে।

মানৱ আদৰ্শৰ অৱক্ষয়মান সমাজত যে কেৱল মানুহক ভয় আৰু শংকাৰ দৈত্যই ভয়াতুৰ কৰি ৰাখে এনে নহয়, ইয়াত ভয় আৰু আতংকত পুৱতিৰ চৰাই, আনকি আকাশো নিজকে ডাৱৰৰ আগত ঢাকি ৰাখে। সেয়েহে কবিয়ে সকৰুণভােব চিত্ৰিত কৰিছে:

“আজিকালি 

পুৱতিৰ চৰাইজাকে ইয়াত মিতালি পাতিবলৈ নাহে

জালিকটা ৰ’দতো গা নোধোৱে শালিকীজাক

সদায় গোমা হৈ থাকে বৃদ্ধ আকাশ।”

দেশৰ চাৰিওফালে হত্যা, ভাবুকি, লুণ্ঠণ ইমানেই বাঢ়ি গৈছে যে কোনো নাগৰিকৰে সুস্থিৰতা নাই। অকাল মৃত্যু শংকাৰ পৰা হাত সাৰিবলৈ নাগৰিকসকলে ইফালে-সিফালে অস্থিৰভাৱে ঘূৰি ফুৰিব লগা হৈছে। কবিৰ জীৱনতো এয়া ঘটিছে। সেয়ে কবিয়ে বিষাদেৰে কৈছে:

”এতিয়া মোৰ বন্ধুবোৰেও মোৰ ঠিকনা পাহৰি গ’ল

ডাকঘৰে সঘনাই সলায় ঠিকনা

আধা বাটতেই ৰৈ যায় মোৰ চিঠিৰ টোপোলা ।”

সমাজৰ এনে আতংকজনক পৰিস্থিতি প্ৰত্যক্ষ কৰি কবি ইছমাইল দুখ, শোকত মৰ্মাহত হৈছে, বুকুত বিষ অনুভৱ কৰিছে। সেয়ে কৈছে:

“দুখৰ গহীন ৰাতি সদায় সাৰ পাওঁ বুকুৰ বিষত

পূৰ্ণ নিদ্ৰাত কোনো দিনেই পাৰ নহ’ল মোৰ আন্দোলিত নিশা

………………

হৃদয়ৰ মাজেৰে পাৰ হৈ যায় খৰস্ৰোতা এখনি নদী।”

কবিতাটি সমাজক প্ৰতিনিধিত্ব কৰা এটি আধুনিক কবিতাৰ সফল নিদৰ্শন। আধুনিক কবিতাৰ প্ৰধান শৈলী প্ৰতীকেৰে ঠাহ খাই আছে কবিতাটি। প্ৰতীকৰ সহায়ত অংকন কৰা প্ৰতিটি কল্পচিত্ৰই অবিনৱত্ব গুণেৰে সমৃদ্ধ। তাৰোপৰি কবিতাটি অনাসক্ত বিশেষণ (transferred epithet) অলংকাৰেৰে অলংকৃত। ‘নিঃসঙ্গ ৰাতি’, বৃদ্ধ আকাশ‘’, ‘আন্দোলিত নিশা’ আদি কবিতাটিত ব্যৱহাৰ হোৱা অনাসক্ত বিশেষণ।০ ০ ০

 

গাঁৱৰ চিঠি: এক বিশ্লেষণ

‘গাঁৱৰ চিঠি’ শিৰোনামৰ কবিতাটিত কবিয়ে প্ৰাকৃতিক দুৰ্যোগত জীয়াতু ভোগা সহজ-সৰল গাঁৱলীয়া মানুহৰ জীৱন্ত চিত্ৰ অংকন কৰিছে।  গাঁৱৰ মুক্ত আবহাৱাত জন্ম গ্ৰহণ কৰি গাঁৱলীয়া পৰিৱেশত  ডাঙৰ-দীঘল হোৱা  কবি ইছমাইলৰ গাঁৱৰ প্ৰতি অনাবিল মৰম আৰু আন্তৰিক টান থকা কবি। কিন্তু শিক্ষা নাইবা চাকৰিৰ তাগিদাত চহৰলৈ যায় আৰু  হয়তো অনিচ্ছা থকা সত্বেও গাঁৱৰ পৰিৱেশৰ পৰা বিচ্ছিন্ন হ’ব লগা হয়। কিন্তু চহৰত থাকিলেও  গাঁৱৰ প্ৰতি তেওঁৰ গভীৰ আকৰ্ষণ আছে। সেয়ে চিঠিৰ জৰিয়তে হ’লেও তেওঁ গাঁৱৰ লগত যোগাযোগ ৰাখে। কিন্তু তেওঁ আশা কৰা মতে শান্তি আৰু সুস্থিৰতাৰ কথা গাঁৱৰ পৰা পঠোৱা চিঠিত নাপায়। ‘গাঁৱৰ চিঠি’ত তেওঁ গাঁৱৰ স্বাভাৱিক সুখ-শান্তিৰ অধোগামীৰ খবৰহে পায়। কবিয়ে কৈছে:

ইয়াত কেতিয়াবাই গধূলি হ’ল

হিম শীতল বুকুতো ইয়াত অনুভৱ হয় উত্তাপ 

দিনে ৰাতি

শৃঙ্খলিত বন্ধীৰ দৰে আবদ্ধ থাকে ইয়াৰ পৃথিৱী,

উন্মাদ জন্মভূমিত কবৰ দিয়া হয় গাঁৱৰ চিঠি।”

বিংশ শতাব্দী বিজ্ঞানৰ বিজয় ডংকাৰ যুগ। কিন্তু বিজ্ঞানৰ এনে চৰম উন্নতিৰ দিনতো গাঁও অঞ্চল বিজ্ঞানৰ পোহৰৰ পৰা বঞ্চিত। সেয়ে গাঁৱত দিনৰ ভাগতো ৰাতিৰ গভীৰ অন্ধকাৰ প্ৰতিভাত হয়। গাঁও অঞ্চলৰ শস্যৰ পথাৰ পানীৰ অভাৱত শুকান হৈ পৰে। কৃষকসকল বৰষুণৰ বাবে হাহাকাৰ কৰি ফুৰিব লগা হয়। আশাবাদী কৃষকসকল তথাপি নিৰাশ নহৈ কৰ্ষণ কৰে মাটি। চৰকাৰ নামৰ যন্ত্ৰই গাঁৱৰ এনে নিঃকিন পৰিস্থিতি ঈগলৰ দৃষ্টিৰে চোৱাৰ বাহিৰে আন কোনো গঠণমূলক কাৰ্যপন্থা হাতত নলয়। এই পৰিস্থিতিকেই কবিয়ে কল্পচিত্ৰৰ মাজেদি চিত্ৰিত কৰিছে এনেদৰে:

“ইয়াত এতিয়া গভীৰ ৰাতি

শস্যৰ সেউজ পথাৰত বৰষুণ নাই বহু দিন

তথাপিও বলাৎকাৰ হয় প্ৰেয়সী মাটি।”

বানপানী অসমীয়া গাঁৱলীয়া জীৱনৰ বাপতি সাহোন। প্ৰতি বছৰ সাগৰৰ ঢৌৰ দৰে উন্মাদ, উগ্ৰমূৰ্তি  ধৰি আহে আৰু অসহায় গাঁওবাসীৰ জীৱনৰ সঁতে পাশা খেল খেলি বহুতো ধন-জন  কৰাল গ্ৰাসত পেলাই উধাও হয়। তাৰ পিছে পিছে আহে মহামাৰী। তাতো প্ৰাণ দিয়ে বহুতে। কিন্তু চৰকাৰে ইয়াৰ প্ৰতিকাৰৰ অৰ্থে কোনো গঠনমূলক কাম হাতত নলৈ  গাঁওবাসী ৰাইজক “সাঁতুৰিব নেজানে” বাবে বানপানীত উঠি গ’ল বুলি প্ৰচাৰ কৰে। কবি হোছেইনে গাঁৱৰ চিঠিত এনে শোক লগা খবৰকে পঢ়িবলৈ পায়। সেয়ে শোকত ম্ৰিয়মান কবিয়ে কৈছে:

গাঁৱৰ চিঠিত খবৰ আহে

‘বানপানীত উটি গ’ল তিনিজন শিশু

অনাহাৰত মৰিল অনেক জীৱন’

চৰকাৰী বাতৰিত পঢ়িলো 

‘শিশুবোৰে  সাঁতুৰিব নেজানে

মানুহবোৰ  গ্ৰহণীত মৰিল।”

গাঁৱৰ চিঠি পঢ়ি স্তব্ধ হৈ যায় কবিসত্বা। চহৰত দিন কটাই থকা কবি প্ৰাণে চহৰতো গাঁৱৰ অন্ধকাৰ নামি অহা অনুভৱ কৰে।  কবিয়ে কৈছে:

“অনুভৱত মোৰ সমগ্ৰ সত্বাই চিঞৰি উঠে

ইয়াত কেতিয়াবাই গধূলি হ’ল

ইয়াত এতিয়া জয়াল ৰাতি,

বসন্ততো নুফুলে য’ত এপাহি ফুল,

……….তাতনো কেনেকৈ পঢ়িবা  গাঁৱৰ চঠি!”

সহজ-সৰল গাঁৱলীয়া জীৱনৰ অন্তৰালত নিৰ্মম পৰিহাস আৰু জটিল সংগ্ৰাম লুকাই থকাৰ দৰে কবিৰ এই কবিতাটোও ওপৰুৱা দৃষ্টিত সহজ সৰল যেন লাগিলেও আঙ্গিকৰ দিশত কবিতাটি সহজ নহয়। কবিতাটিত গাঁৱলীয়া জীৱনৰ চিত্ৰ ফুটাই তুলিবলৈ যাওঁতে কবিয়ে নানান চিত্ৰকল্প আহ্বান কৰিব লগা হৈছে। অৱশ্যে চিত্ৰকল্পবোৰে সফলভাৱে গাঁৱলীয়া জীৱনৰ চিত্ৰ ফুটাই তোলাত সফল হৈছে। অনাষক্ত বিশেষণৰ প্ৰতি কবিৰ দুবৰ্বলতা এই কবিতাতো ফুটি উঠিছে, যেনে – ‘প্ৰেয়সী মাটি’, ‘উজাগৰী নিশা’, ‘উন্মাদ জন্মভূমি’ ইত্যাদি। কবিতাটিত থকা আন এটি আলংকাৰিক সৌন্দৰ্য হৈছে ‘পৃথিৱীক ‘শৃঙ্খলিত বন্ধী’ৰ লগত তুলনা কৰা উপমাটো।০ ০ ০

 

ৰোৱনীজনী: তোৰ বিজন অৰণ্যত-এক  বিশ্লেষণ

‘ৰোৱনীজনী: তোৰ বিজন অৰণ্যত’ নামৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ সপ্তম কবিতা।  কবিতাটিত সহজ সৰল গাঁৱলীয়া  কোনো এক গাভৰু ৰোৱনীৰ শাৰীৰিক সৌন্দৰ্য, সাম্প্ৰতিক সময়ৰ অধোঃগামী অৱস্থা আৰু কবিৰ আশাবাদী মনৰ প্ৰতিবিম্ব ফুটি উঠিছে।  অৱশ্যে ইয়াত ‘ৰোৱনীজনী’  সমাজৰ ৰোৱনী তিৰোতা শ্ৰেণীৰ প্ৰতিনিধি স্বৰূপ (type) হিচাপেহে অংকিত হৈছে।

বৰ্তমান যুগ বাস্তৱবাদী যুগ। এই যুগত কবি-সাহিত্যিকসকল ৰমন্যাসবাদী কবি সাহিত্যিকসকলৰ দৰে কল্পনা বিলাসী নহয় আৰু শাৰীৰিক সৌন্দৰ্যৰ প্ৰতিও কীটচ, শ্বেলী আৰু ওৱৰ্ডচওৱৰ্থৰ দৰে বিলাসী ভক্ত নহয় যদিও কোনো কবিয়েই ৰমন্যাসবাদৰ বিলাসী বুকুৰ আলফুল সৌন্দৰ্য উপেভাগ কৰাৰ প্ৰৱণতাৰ পৰা সম্পূৰ্ণ বিমূখো নহয়। আমাৰ কবি ইছমাইল হোছেইনেও শাৰীৰিক সৌন্দৰ্যৰ পৰা নিজকে সম্পূৰ্ণ মুক্ত ৰাখিব পৰা নাই। এই কবিতাৰ প্ৰথম অনুেচ্ছদত কবিয়ে ৰোৱনীজনীৰ শাৰীৰিক সৌন্দৰ্যৰ গুণ-গান কৰিছে এনেদৰে:

“লহিয়া বেলিটোৱে তোৰ কজলা চুলিত

হেঙুল বুলিয়া ৰঙৰ ফাকু ছটিয়াইছে,

পাট গাভৰু দেহাত তোৰ অপৰূপ লয়লাস

পদুম ফুলিছে বোকাময় বুকুৰ ছাঁত,

বেলিটোৰ দৰেই তোৰ মুখখনি ৰাঙলী হৈ ফুলিছে।”

ইয়াৰ পিছত কবিয়ে ‘নদী‘ আৰু ‘অৰণ্য’ৰ প্ৰতীক আহ্বান কৰি বৰ্তমান সমাজৰ অৱক্ষয়ী দিশৰ চিত্ৰ আঁকিছে। কবিয়ে কৈছে যে যেতিয়া সমাজৰ কলুষ-কালিমা বা অৰ্থনৈতিক কাঠিণ্যৰ হেঁচাত পৰি জীয়াই থকাৰ শেষ আশাকনো নাইকীয়া হয় অৰ্থাৎ ‘নদী’ (সুখ-শান্তিৰ প্ৰতীক) আৰু ‘অৰণ্য’ (প্ৰাকৃতিক সুখ শান্তিৰ ভাৰসাম্যতাৰ প্ৰতীক) নাশ হৈ যায় তেতিয়া মানুহে ‘গছৰ কোমল ছাঁ’ (অৰ্থাৎ শান্তিৰ আশ্ৰয়) বিচাৰে। কবিৰ ভাষাত:

যেতিয়া সমস্ত নদীয়ে শুকাই যায় তাৰ উৎসৰ পৰা

মানুহবোৰে আকণ্ঠ পান কৰে তৃষ্ণাৰ ত্ৰাস 

যেতিয়া সমগ্ৰ অৰণ্যই পুৰি যায় তাৰ উপত্যকাত

মানুহবোৰে বিচাৰে গছৰ কোমল ছাঁ।”

প্ৰকৃতিৰ ৰাজ্যত যেতিয়া শান্তিৰ হাহাকাৰ হয় আৰু মানুহবোৰে শান্তিৰ আশ্ৰয়ৰ বাবে দিশ-বিদিশ চলাথ কৰে তেতিয়া ৰোৱনীজনীৰ বুকুত ‘প্ৰেমৰ ৰাগিনী নদী’ বয় অৰ্থাৎ সমগ্ৰ জগত ম্লান পৰিলেও প্ৰেমৰ জগতত প্ৰতিক্ৰিয়া নহয়। সেইবাবেই মানুহে আশ্ৰয় বিচাৰি নাৰীৰ শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ  সকলো দুখ-শোক পাহৰি থাকিব বিচাৰে। কবিৰ ভাষাত:

তেতিয়া তোৰেই বুকুৰ সমতলত নিৰিবিলি বয় ৰাগিনী নদী

তাত সুৰৰ ৰাগ টানি তৃষ্ণাৰ্ত মানুহবোৰে মুখত তোলে পানী

তোৰেই বুকুত লহপহকৈ  জীপ দিয়ে এখনি বিজন অৰণ্য

যাৰ সুষমা পথাৰত শইচে খেলা কৰে।”

কবিও আশাবাদী। তেঁৱো প্ৰেমৰ নদীৰ দুয়োপাৰে কাঙ্খিত শান্তিৰ প্ৰতীক দেখা পাইছে:

“তোৰ নদীৰ ইপাৰত মোৰ শইচৰ নিলাম বজাৰ

সিপাৰত আটোম-টোকাৰি ঘৰ, সুদূৰত গাওঁবোৰ।”

কিন্তু মানুহবোৰৰ লগতে কবিয়েও যেতিয়া প্ৰেমৰ নদন-বদন পৃথিৱীৰ সপোন দেখে তেতিয়া আকৌ গাওঁবোৰত দুৰ্দ্দিন আহে, সাম্প্ৰদায়িক সংঘৰ্ষত ঘৰে ঘৰে জুই জ্বলে, মানুহে মানুহক হত্যা কৰি তেজেৰে গা ধোৱে, নদীত বান আহে আৰু কুমাৰী মাটি ধৰ্ষিতা হয় অৰ্থাৎ চাৰিওপিনৰ পৰা অশান্তিৰ লেলিহান অগ্নি শিখা প্ৰজ্জ্বলিত হয়। কবিৰ ভাষাত:

“গাওঁবোৰত দুৰ্দ্দিন আহে, ঘৰে ঘৰে জুই জ্বলে

তেজেৰে মানুহবোৰে গা ধোৱে, নদীত নামে বান

বানে ধৰ্ষণ কৰে শইচৰ কুমাৰী পথাৰ।”

কবি বৰ আশাবাদী লগতে সহানুভূতিশীলো। সেয়ে কবিয়ে নিজৰ শ্ৰমৰ হাত দুখনি ৰোৱনীজনীক দিব বিচাৰে আৰু আশা কৰিছে যে ৰোৱনীজনীৰ হাত আৰু কবিৰ হাত দুয়োটাই মিলি প্ৰাকৃতিক বিপৰ্যয়ক বাধা দিব পাৰিব ফলত সমাজত আনয়ন হ’ব সুখ, সমৃদ্ধি আৰু শান্তি। কবিৰ ভাষাত:

ৰোৱনীজনী মোৰ শ্ৰমৰ হাত দুখনি তোক দিলোঁ

তোৰ দহো আঙুলি, মোৰ দহো আঙুলি- একুৰি আঙুলি

তাৰেই ভেটা দে বলিয়া বান। তোৰ নদীৰ পানী আনি 

নুমাই দে জুই: তোৰ বিজন বনত পখীয়ে গাওঁক গান।”

কবিতাটিৰ ভাষা আৰু শৈলী আন কবিতাৰ দৰেই সৰল। ইয়াত শব্দৰ অভিনৱ প্ৰয়োগ নাই যদিও কবিতাটিৰ আকৰ্ষনীয় দিশটো হৈছে ইয়াত প্ৰয়োগ কৰা কল্পচিত্ৰ। এই কবিতাৰ প্ৰতিটি স্তৱকেই কল্পচিত্ৰৰ দ্বাৰা সমৃদ্ধ আৰু প্ৰতিটো কল্পচিত্ৰই কাব্যিক সৌন্দৰ্যৰে ভ’ৰপুৰ। তাৰোপৰি ‘নদী’, ‘অৰণ্য’ আদি প্ৰতীকৰ ব্যৱহাৰে কবিতাটিৰ সামগ্ৰীক মানদণ্ড উন্নত কৰিছে।০ ০ ০

 

সমসাময়িক কেইটিমান কবিতা: এক  বিশ্লেষণ

‘সমসাময়িক কেইটিমান কবিতা’ শিৰোনামাৰে লিখা কবিতা কেইটি চাৰিটা সৰু সৰু কবিতাৰ সমষ্টি। এই কবিতা কেইটিত কবিয়ে সমসাময়িক সমাজৰ অৰ্থনৈতিক দুৰ্যোগ  আৰু তাৰ ফলত জনতাৰ বুকুত জ্বলা ক্ষোভৰ জুই আৰু কবিৰ মনত তাৰ সহজাত প্ৰতিফলনৰ ছবি অংকিত হৈছে।

যেতিয়া জনগণৰ শান্তি বিনষ্ট হয় তেতিয়াই ক্ষোভৰ জুই জ্বলি উঠে। ক্ষোভৰ জুই জ্বলি উঠাৰ কোনো নিৰ্দিষ্ট সময় নাই। ই দিন বা ৰাতি যিকোনো সময়তে জ্বলি উঠিব পাৰে।  কিন্তু মানুহৰ ক্ষুধা সদায় গতিশীল। ক্ষুধাত মানুহৰ চকু, মুখ, বুকু, পেট আদি সকলো জঁই পৰি যায়। ফলত ভোক্তভূগীয়ে স্বাভাৱিক তেজস্বিতা হেৰুৱাই পেলায়। সেয়ে কবিয়ে ব্যক্ত কৰিছে:

“দুখৰ ৰাতিতো দপদপকৈ জ্বলে

দুঃসহ ক্ষোভৰ জুই

চকু, মুখ, বুকু, পেট সকলোতে,

ক্ষুধাৰ দৈত্যটো তেতিয়াও বৰফৰ দৰে শীতল।”

ক্ষোভৰ জুই কবিৰ প্ৰাণতো জ্বলিছে আৰু প্ৰতিক্ৰিয়া হিচাপে কবিৰ উশাহ-নিশাহ প্ৰায় বন্ধ হৈছে; কিন্তু বুকুত জ্বলা জুইৰ শাম কটা নাই। কবিয়ে কৈছে:

“বহু কষ্টেৰে উশাহ লৈছোঁ

বুকুৰ তীব্র উত্তাপত  গলি যায় চোলাৰ বুতাম।”

কবি কিন্তু স্থিতপ্ৰজ্ঞ। শোক-দুখত ভাগি পৰাটো কবিৰ ধৰ্ম নহয়। সেয়ে তেওঁ ক্ষোভৰ জুইত ইন্ধন যোগাবলৈ এবেলি অন্তঃত অনাহাৰেই কটাবলৈ দৃঢ় সংকল্প লৈছে। কবিতাটিৰ দ্বিতীয়াংশৰ শেষৰ শাৰী দুটাৰ মাজেৰে কবিয়ে ব্যক্ত কৰিছে:

”পেটৰ গাঁঠিটোও টানকৈ বান্ধি লৈছো

এবেলি  অন্ততঃ অনাহাৰেই কটাম।”

অনাহাৰ, অনিদ্ৰা আজিকালি প্ৰায় সকলোৱে উপলব্ধি কৰা সাধাৰণ সমস্যা। কবিৰ বাবেও ই সাধাৰণ, কিন্তু কবিয়ে আইৰ মৰমী সঙ্গ লাভ কৰি সকলো সমস্যা, ভাগৰ ক্লান্তি দূৰ কৰিব পাৰে। অৱশ্যে ইয়াত কবিৰ মাতৃ প্ৰেমো প্ৰকাশ পাইছে। কবিৰ ভাষাত:

“আজিকালি অনাহাৰ – অনিদ্ৰা মোৰ বাবে সহজ সাঁথৰ

আইৰ স’তে জুহালত হাত দুখন সেকিলেই 

ক্ষন্তেকতে দূৰ হয়

সমস্ত ভাগৰ।”

কৃষকৰ হাত সকলো কামতে নিপুণ। আনকি সিহঁতৰ সতি-সন্ততিৰো। সেইদৰে কৃষকসকল দৰিদ্ৰতাৰ মাজত উপায়ান্তৰ হৈ জীয়াই থাকিবলৈ অভ্যস্ত। কবি সচেতন যে শ্ৰমিক শ্ৰেণীয়ে এবাৰ দৰিদ্ৰতাৰ সন্মুখীন হ’লে দৰিদ্ৰতাৰ বিষভাষ্প বহু দিন থাকে অৰ্থাৎ দৰিদ্ৰতাৰ গৰাহৰ পৰা ওলাই অহা কষ্টসাধ্য। কবিৰ ভাষাত:

“বহু শ্ৰমৰ এই দুখন হাত

দৰিদ্ৰতাৰ কমাৰ শালত

এবাৰ মাথো শান দিলেই

বহু দিনলৈ থাকে ধাৰ।”

কবিতাটিৰ ভাষা শৈলী অতিকৈ সাধাৰণ। বাক্য বিন্যাস প্ৰায় গদ্যময়। কিন্তু ইয়াৰ বিষয়-বস্তুৰ জ্বলন্ত বাস্তৱতা আৰু শব্দৰ সাৱলীল প্ৰয়োগত কবিতাটিয়ে  স্বতঃস্ফূর্ত সুৰ পাইছে – যাৰ বাবে কবিতাটি পঢ়িলে মনোৰাজ্যত ইয়াৰ অনুৰণন বহু সময় বাজি থাকে। অলংকাৰৰ দিশৰ পৰা কবিতাটি দুখীয়া নহয়। ইয়াত ‘ক্ষুধাৰ দৈত্য’ – এই গুণবাচক ধাৰণাটো  সমাসোক্তি (personification) কৰা হৈছে। তাৰোপৰি ‘বুকুৰ উত্তাপত  চোলাৰ বুতাম গলি’ যোৱা অত্যুক্তি (hyperbole) য়ে কবিতাটিৰ পঠন সোৱাদ বাৰুকৈয়ে বৃদ্ধি কৰিছে। মুঠতে কবিতাটো বিষয়-বস্তু আৰু ভাষাশৈলীৰ দিশৰ পৰা ভাল আধুনিক কবিতা।  ০ ০ ০

 

কবিৰ চোতাল: এক বিশ্লেষণ

‘কবিৰ চোতাল’ শিৰোনামাৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ ভিতৰত আটাইতকৈ সৰু প্ৰতীকধৰ্মী কবিতা। কবিতাটি কবি হীৰেন ভট্টাচাৰ্য সমীেপষুলৈ লিখা। সম্ভৱতঃ কবি ইছমাইলে কবি হীৰেনদাৰ কোনো এক কবিতাৰ অনুপ্ৰেৰণাতে কবিতাটি লিখিছে।  কবিতাটিৰ মাজেৰে কবিয়ে শিল্প হিচাপে কবিতাৰ প্ৰতি কবিৰ স্বভাৱিক দুবৰ্বলতা আৰু কবিয়ে কবিতাৰ প্ৰসঙ্গগত (thematic) আৰু ভাষাগত (linguistic) বৈশিষ্ট্যৰ কাব্যিক ধাৰণা আগবঢ়াইছে।

কবিতাটি দুটা সৰু সৰু স্তৱকৰ সমষ্টি। প্ৰথম স্তৱকত কবিয়ে কবিৰ মানসিক নাইবা পৰিবেশিক  বিপৰ্যয়ৰ বিষয়ে কৈছে যে তেওঁৰ কাব্য মানসত কাব্যস্পৃহা  অস্তমিত হওঁ হওঁ। নিশ্চয় সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক নাইবা নৈতিক স্খলনেই ইয়াৰ কাৰণ। কিন্তু কবিয়ে কাৰণ উহ্য ৰাখিছে। বৰ্তমান সমাজৰ অৱক্ষয়ৰ প্ৰতি চকু দি কবিয়ে কাব্য প্ৰেৰণা হেৰুৱাই পেলাইছে সেয়ে তেওঁ কলম কামুৰি বহি থাকে  কবিতা এটিকে লিখিব বুলি; কিয়নো আদিম মানৱৰ যিদৰে প্ৰধান বাসনা আছিল সুস্থিৰ আৰু শান্তিৰে ভ’ৰা এটি আশ্ৰয়স্থল,সেইদৰে কবিৰো প্ৰধান বাসনা কবিতা ৰাজ্যত আসন প্রতিষ্ঠা কৰা  নাইবা সফল কবিতা লিখাটো। কবিৰ ভাষাত:

“কবিৰ চোতালত

অস্ত যাওঁ যাওঁ সোণোৱালী ৰ’দ;

কলম কামুৰি বহি থাকে কবি

যিদৰে মানুহৰ আদিম বাসনা ঘৰ।”

এই কল্পচিত্ৰটো সম্পূৰ্ণভাৱেই প্ৰতীকধৰ্মী। ‘কবিৰ চোতাল’ প্ৰতীকে কবিৰ কবিতা ৰাজ্যৰ পটভূমি অৰ্থাৎ সমাজক ইঙ্গিত কৰিছে। ‘সোণোৱালী ৰ’দ’ প্ৰতীকে  সমাজৰ ওপৰত কবি বা কবিতাৰ প্ৰভাৱ আদৰ্শগত দিশৰ পৰা ক্ৰমে অধোঃগামী  অৱস্থাৰ কথাকে সূচাইছে।

দ্বিতীয় স্তৱকত কবিয়ে কবিতাৰ সাধাৰণ বৈশিষ্ট্যৰ আভাষ দিছে। কবিয়ে শব্দৰ কাৰুকাৰ্য খটুৱাই কবিতা ৰচনা কৰে;  কিন্তু কবি শব্দ নিৰ্বাচনত অতি সতৰ্কশীল আৰু বিবেচকী।কবিয়ে প্ৰতিটি শব্দ মানস মনত যাতে সোৱাদ যোগাব পাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি দি নিৰ্বাচন কৰে। কবিয়ে কল্পনা ৰাজ্যৰ পৰা আঁতৰত থাকি  নিজৰ জন্মভূমিৰ পটভূমিতে তেওঁৰ কবিতাৰ বিষয়-বস্তু নিৰ্বাচন কৰে।

আপাত দৃষ্টিত কবিতাটি সৰু আৰু সহজ যেন লাগিলেও আচলতে কবিতাটি অতি তাৎপৰ্যশীল- কিয়নো কবিতাটিত কবিয়ে প্ৰতীকৰ সহায়ত নিজৰ কাব্য কাননৰ আভাস¸ দিবলৈ চেষ্টা কৰিছে।০ ০ ০ 

 

বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ: এক বিশ্লেষণ

 ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’ শিৰোনামাৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ কবিতাবোৰৰ ভিতৰত এটি উল্লেখযোগ্য সামাজিক কবিতা। ইয়াৰ মাজেৰে কবিয়ে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশত চলি থকা ভণ্ডামীবোৰ  সহজ সৰল ভাষাত মূৰ্ত কৰি তুলিছে। ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’ – এই শিৰোনামাটোৱেই  ৰূপকাত্মকভাবে কবিতাটিৰ বিষয়-বস্তুৰ আভাষ দিয়ে। ইয়াত ‘বেশ্যা’ শব্দই সমাজক নিৰ্দেশ কৰিছে আৰু ‘সতীত্বৰ সাজ’   প্ৰতীকে ভদ্ৰলোকৰ মুখা পিন্ধা অভদ্ৰতালিক ঢাকিবলৈ বৃথাই কৰা  চেষ্টাক বুজাইছে।

সমাজত মানৱ প্ৰমূল্য ক্ৰমান্বয়ে কমি আহি আছে। মানুহবোৰ মৃত্যুমুখী পথৰ পথিক। সিহঁতে সকলো ধৰণৰ নৈতিক চাল-চলনৰ প্ৰকৃত পথৰ পৰা স্খলিত হৈছে ফলত মানৱ সমাজৰ নৈতিক মৃত্যু অৱধাৰিত হৈছে।  কবিৰ ভাষাত:

“মৃত্যুৰ ওচৰা-ওচৰিকৈ জীৱনৰ আহ-যাহ চলিছে

নিলামতে চলিছে মানুহৰ দৰ-দাম

কচাইখানাৰ বিয়াগোম বজাৰ।”

কবিয়ে ‘শান্তি সখী’ৰ সপোন দেখিছে। কিন্তু কবিৰ সমাজ  ভদ্ৰলোকৰ মুখা পিন্ধা সকলে কবিৰ বুকু বিদাৰিত কৰিছে। কবিয়ে আশা কৰে যদিও কবিৰ সপোন সখী (শান্তি) য়ে এন্ধাৰ নিশা (সামাজিক কলুষ-কালিমা) বোৰৰ খবৰ ল’বলৈ নাহে।

বুকুবোৰ গছকি মাতাল ৰাতিৰ ছয়া-ময়া গতি

এন্ধাৰৰ খবৰ ল’বলৈ এবাৰো নাহে সপোন  সখি।”

কবি নিৰাশ হৈ পৰিছে। কবিয়ে ক’ব খোজে সমাজৰ ভণ্ডামীৰ কথা; কিন্তু কবিয়ে তেওঁৰ কথা শুনাবলৈ কোনো শ্ৰোতা পোৱা নাই – কিয়নো য’ত সকলোৱেই যেতিয়া কৃত্ৰিম জীৱন-যাপন কৰিব লাগিছে তাত কোনেনো অকৃত্ৰিমতাৰ গুৰুত্ব বুজে। কবিৰ কণ্ঠত জুই জ্বলিছে। সন্ত্ৰাসীয়ে বিনাদ্বিধাই মানুহ মাৰিছে ফলত মানুহবোৰ নিজৰ চেতনা হেৰুৱাই জঠৰ হৈ পৰিছে। কবিৰ ভাষাত:

“কাক ক’ম কথাবোৰ, ক’ত সাঁচিম আশাবোৰ 

জিভাত জ্বলিছে জুই, বুকুত তেজৰ নদী;

চাবও নোৱাৰি একো, শুনিবও নোৱাৰি কথা

খুজিবও নোৱাৰি হৃদয়

বিষাদ বেদনাত মানুহবোৰ একো-একোটা শিল।”

কবিয়ে শান্তিৰ কথা কাকো সুধিব নোৱাৰে, নদীয়েও স্ৰোঁতৰ কথা পাহৰি গৈছে, ‘অৰণ্য’ (পৰিবেশিক শান্তিৰ প্ৰতীক) ই সেউজ নিঁসিচে আনকি কবিয়ে তেওঁৰ সখীৰ স’তেও প্ৰাণ খুলি আনন্দৰ গান গাব নোৱাৰে।  কবিয়ে কৈছে:

“নদীক সুধিব নোৱাৰি সোঁতৰ কথা

অৰণ্যৰো ভীষণ লাজ, নিঁসিচে সেউজ

সখীৰ স’তে গাব নোৱাৰি গান।”

কবিয়ে মানুহবোৰক এই অৱস্থাৰ প্ৰতি সচেতন কৰিব বিচাৰিছে; কিন্তু মানুহবোৰৰ ওচৰলৈ গ’লেই সিহঁত আঁতৰি যায়। সাম্প্ৰদায়িক সংঘৰ্ষত গাঁৱৰ ঘৰবোৰত জুই লাগিছে। কবিয়ে উপলব্ধি কৰিছে যে সময়বোৰ  মাংসভোজী  হায়েনাহে। কবিৰ ভাষাত:

“কাষ চাপি অহাৰ আগেয়ে গুচি যায় মানুহবোৰ 

বহু কথাই পৰস্পৰে ক’বলৈ ৰয় বাকী;

ঘৰে ঘৰে জ্বলি যায় মিলনৰ সাতাম পুৰুষীয়া ঘৰ

সমসময়বোৰ যেন হায়েনাৰ ৰাতি।”

চাৰিওফালে হত্যা-লীলাৰ তাণ্ডৱ নৃত্য চলিনদীবোৰৰ পানী তেজেৰে ৰাঙলী হৈছে। সাম্প্ৰদায়িক সংঘৰ্ষত জ্বলা জুইত হাত সেকিয়েই চেনায়ে প্ৰিয়াক উদ্দেশ্যি বাঁহী বজাইছে। কিন্তু শান্তি সখীয়ে এবাৰো ভূমুকি নামাৰে। সেয়ে কবিয়ে কৈছে:

“তেজৰ নদীত গা ধুই, ঘৰমুৱা হয় গৰখীয়া,

খবৰ ল’বলৈ এবাৰো নাহেচোন সপোন সখি

অৰণ্যৰ জুইতেই হাত সেকি চেনাই এ বজায় বাঁহী।”

আজিকালি শ্মশানেই মানুহৰ ঘৰ – কিয়নো ইয়াত অকাল মৃত্যুৰ কোনো হিচাপ নাই, জীৱন থাকোতেই মানুহ শ্মশানলৈ যাব লগা হয়। সকলোৱেই এই অনাচাৰ, দুর্বিচাৰবোৰ প্ৰত্যক্ষ কৰে যদিও কোনেও ইয়াৰ বিৰুদ্ধে কিবা ক’বলৈ আগবাঢ়ি নাহে। যেন কাৰো ভাষা কোনোৱে নুবুজে, যেন কাৰো কথা কোনোৱে নুশুনে, যেন দেখিও একো নেদেখে। এনেকুৱা অৱস্থাত কবিৰ সপোন সখি (কাঙ্খিত শান্তিৰ প্ৰতীক)  লাজতে দেখা নিদিয়ে বুলি কবিয়ে ভাবিছে। কবিৰ ভাষাত:

শ্মশানত মানুহবোৰে বাহৰ পাতিছে, আদিম যুগৰ ঘৰ

ভাষাবোৰ নুবুজে, কথাবোৰ নুশুনে

………………….

সপোন সখিয়েও কাষ চাপিবলৈ কৰিছে লাজ

বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ।”

কবিতাটি বিষয়-বস্তু, ভাষা আৰু কাব্যিক সৌন্দৰ্যত এটি অতুলনীয় কবিতা। ই ৰূপক, ঊৎপ্ৰেক্ষা,  উপমা আৰু প্ৰতীক অলংকাৰেৰে ভ’ৰপুৰ।০ ০ ০

কবিতাৰ শৰীৰ: এক বিশ্লেষণ

‘কবিতাৰ শৰীৰ’ নামৰ কবিতাটি কবিতাৰ অবয়ৱ সম্পৰ্কীয় কবিতা। কবিতাটিত কবিয়ে কবিতা এটিৰ কাব্যিক  বৈশিষ্ট্য, কবিতাৰ স’তে কবিৰ আন্তৰিক সম্পৰ্ক আৰু কবিতাই কবিক দিয়া কাব্যিক ভালেপাৱা  প্ৰকাশ কৰিছে।

প্ৰথমে কবিয়ে কবিতাটিত কবিতা এটিৰ শাৰীৰিক বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। কিন্তু এই বৈশিষ্ট্য গোটা (concrete) নহয়; ই গুণবাচক ধাৰণাহে (abstract idea) । কবিয়ে কবিতাৰ শৰীৰ নিমজ, নিটোল, ছন্দোবদ্ধ আৰু বৰ্ণময় বুলি কৈছে। ইয়াত কবিয়ে ‘কবিতা’ এই ধাৰণাটোত সমাসোক্তি অলংকাৰ আৰোপ কৰি কবিতাক মানৱীয় গুণ সম্পন্ন কৰিছে। কবিৰ ভাষাত:

“কবিতাৰ কি যে নিমজ, নিটোল, ছন্দোবদ্ধ বৰ্ণময় শৰীৰ

যেন বসন্তৰ পথাৰত জীপ দিয়া কেঁচা কোমল ঘাঁহ

জ্যোৎস্না ৰাতিৰ নীলিমা ভ’ৰা কবিতাৰ আবৰণ।

ইচ্ছা থাকিলেও স্পৰ্শ কৰিব নোৱাৰি তাৰ নির্ভেজাল  দেহ।”

দ্বিতীয়তে কবিয়ে কবিতাৰ স’তে কবিৰ আন্তৰিক সম্পৰ্কৰ বিষয়ে কৈছে। কিন্তু এই সম্পৰ্কও কাব্যিক – যি সম্পৰ্ক কেৱল অন্তৰেৰেহে অনুভৱ কৰিব পাৰি। কবিয়ে কৈছে যে তেওঁ কবিতাৰ পথাৰত অবাধে বিচৰণ কৰে, তাৰ শৰীৰৰ পৰা আহৰণ কৰে কোমল সঞ্জীৱনী ৰ’দ। কেতিয়াবা কবিয়ে কবিতাৰ ৰাজ্যত নিজকে হেৰুৱাই পেলায়, কবিতাৰ স’তে সহবাস কৰে,  আকৌ কেতিয়াবা হাত ধৰি দেশ-দেশান্তৰ ভ্ৰমি ফুৰে। কবিৰ ভাষাত:

“কবিতাৰ পাৰপত্ৰহীন  সীমনাত বিচৰণ কৰি মই নিজকে হেৰুৱাও

কবিতাই  মোক বিচাৰি আনি সযতনেৰে স্থাপন কৰে 

তাৰ মাধুৰী কোলাত

অন্তৰঙ্গভাৱে কবিতাৰ স’তে সহবাস কৰো, 

ক্ষণিক বিচ্ছেদ ঘটাওঁ

আকৌ কবিতাৰ স’তে হাতে হাত ধৰি পাৰ হওঁ দেশ-দেশান্তৰ।”

কেৱল কবিয়েই যে কবিতাক প্ৰেম কৰে এনে নহয়; কবিতায়ো কবিক প্ৰেম কৰে। সেয়ে বিচ্ছেদৰ পিছত কবিতাই কবিক সম্ভাষণ যাচে, আলফুলে চুমা খায়, কেতিয়াবা কবিক ৰুকি ৰুকি কাটে, আকৌ শৰীৰত সঘনাই আঘাতো হানে।  অৰ্থাৎ কবিতাই কবিক সুখ আৰু দুখ- দুয়োটাই দিয়ে। কবিৰ ভাষাত:

“বিচ্ছেদৰ বিৰতিৰ পিছত লগ পালেই কবিতাই

মোক সম্ভাষণ যাচে

আলফুলে সাৱটি চুমা খায়

হৃদয়ৰ বতৰা দিয়ে সংগোপনে।

ইমান কোমল কবিতাৰ নিৰ্মোহ মুখাৱয়ব

অথচ তীক্ষ্ণ তাৰ দাঁত

কবিতাই মোক ৰুকি ৰুকি কাটে

ৰৈ ৰৈ প্ৰতিদিন চোবায়

স্পৰ্শকাতৰ শৰীৰত সঘনাই হানে দুৰ্বাৰ আঘাত।”

ইয়াৰ পিছত কবিয়ে আকৌ কবিতাৰ সাধাৰণ বৈশিষ্ট্যলৈ ওভতিছে।কবিৰ মতে কবিতা আন্তৰ্জাতিক, কবিতা সৰ্বত্ৰ বাসোপযোগী, কবিতা জীৱনৰ অমিয়া সুৰ, সৰ্বকালৰ আৱহ সঙ্গীত। কবিৰ ভাষাত:

“কবিতা মূলতঃ নির্বোধ  ব্যাকৰণ

যাৰ নাই বিশেষ বিশেষণ

কবিতা সৰ্বত্ৰ বাসোপযোগী, জীৱনৰ অবিচল যাত্ৰা

অবিচলিত পথিক

কবিতা মূলতঃ জীৱনৰ অমিয়া সুৰ

ৰূপান্তৰিত কালৰ আৱহ সঙ্গীত।”

কবিতাটিৰ ভাষা গদ্যময় যদিও ইয়াত কাব্যিক স্পন্দন আছে। ইয়াৰ আটাইতকৈ আকৰ্ষনীয় দিশটো হৈছে ইয়াৰ অভিনৱ আৰু মন মোহনীয় চিত্তাকৰ্ষক কল্পচিত্ৰ। কবিতাটিৰ প্ৰতিটি স্তৱকেই কল্পচিত্ৰৰ একোজোপা ফুটন্ত ফুল- যিয়ে মন-প্ৰাণ আকৰ্ষণ কৰাৰ ওপৰিও হৃদয়ত এক কাব্যিক আনন্দৰ অনুৰণন তোলে। কবিতাটিৰ ‘মাধুৰী কোলা’, ‘নির্বোধ ব্যাকৰণ’, ‘নিৰ্মোহ মুখাৱয়ব’ আদি অনাষক্ত বিশেষণৰ দ্বাৰা অলংকৃত। তাৰোপৰি কবিতাটিত ব্যৱহাৰ কৰা উৎপ্ৰেক্ষা অলংকাৰো বিদ্যমান। কবিয়ে কবিতাৰ শৰীৰক ‘বসন্তৰ পথাৰত জীপ দিয়া কেঁচা ঘাঁহ’ ৰ লগত তুলনা কৰি এই উৎপ্ৰেক্ষা অলংকাৰৰ সৃষ্টি কৰিছে।০ ০ ০

 

যুদ্ধৰ বিৰুদ্ধে: এক বিশ্লেষণ

কবিসকল শান্তি প্ৰিয়। শান্তিৰ প্ৰতি কবিসকলৰ আজন্ম শ্ৰদ্ধা। কবি ইছমাইল হোছেইনো শান্তিপ্ৰিয়। তেওঁ যুদ্ধ নিবিচাৰে। ‘যুদ্ধৰ বিৰুদ্ধে’ কবিতাটি কবিৰ শান্তিৰ প্ৰতি অগাধ বিশ্বাস আৰু যুদ্ধৰ প্ৰতি ঘৃণা ভাৱ প্ৰকাশ পোৱা কবিতা।  কবিতাটিত দুটা পৰস্পৰ বিৰোধী ভাৱ প্ৰকাশ পাইছে – এটা যুদ্ধত উন্মত্ত পৃথিৱী আৰু  আনটো কবিৰ শান্তিৰ প্ৰতি বিশ্বাস। কবিতাটি সম্পূৰ্ণভাবেই আশাবাদী কবিতা- কিয়নো কবিয়ে যুদ্ধৰ মাজতো নিৰাশ নহৈ আশাৰে শান্তিৰ প্ৰতীক ‘পাৰ চৰাই’ক নিজান পুৱা বাঁহীত ফু দি মাতিছে। সম্ভৱতঃ কবিতাটি ইৰাক আৰু আমেৰিকাৰ মাজত ১৯৯১ চনত হোৱা যুদ্ধৰ পটভূমিতেই ৰচিত।

কবি ইমানেই আশাবাদী যে যুদ্ধ যিমানেই হওঁক এবাৰ নহয় এবাৰ শান্তি আহিবই অৰ্থাৎ শান্তি অৱশ্যম্ভাৱী। সেয়ে বাৰুদৰ ধোঁৱাত আকাশ যেতিয়া অন্ধকাৰ হয, তেতিয়াও কবিয়ে নিৰাশ নহৈ আশাবাদী মনলৈ পাৰ চৰাই (শান্তিৰ প্ৰতীক) ক আহ্বান কৰে।  শান্তিৰ প্ৰতীক পাৰ চৰাইয়ো শান্তি বিলাবলৈ ইচ্ছুক। সেয়ে কবিয়ে ‘শুকুলা পাৰ চৰাই’ক মাত দিয়াৰ লগে লগে পাৰ চৰাইটি ৰুণ দি দি আনন্দত নাচি থাকে। কবিৰ ভাষাত:

“বাৰুদৰ ধোঁৱাত যেতিয়া আকাশ অন্ধকাৰ

নিজান পুৱাত বাঁহীত ফু দি মাতো

এজনী শুকুলা পাৰ চৰাই।

ৰুণ দি দি ৰংঢালী সাজেৰে

নাচি থাকে তাই।”

দ্বিতীয় স্তৱকটিত যুদ্ধত উন্মত্ত মাৰ্কিন বাহিনীৰ মূৰ্খামিৰ কথা উনুকিয়াইছে। যেতিয়া গুলি বাৰুদৰ ধোঁৱাই আকাশ ধোঁৱা-কুৱা হৈ যায় তেতিয়াও মাৰ্কিন বাহিণীয়ে সেই ধবংস যজ্ঞৰ মাজতেই যুদ্ধৰ সংলাপ বকে। কবিয়ে কৈছে:

“যুদ্ধত আহত যেতিয়া সোণালী আকাশ

ধবংশ যজ্ঞত গুমৰি বাজে মাৰ্কিনী সংলাপ।”

যুদ্ধত আহত বা নিহতসকলৰ তেজৰ নৈত ‘শ্বাসৰুদ্ধ সাপ’ (যুদ্ধত আতংকিত মানুহৰ প্ৰতীক)  ভটিয়াই যায়। তাকে লক্ষ্য কৰি কবিয়ে কৈছে ঃ

“তেজৰ নদীৰে ভটিয়াই যায় 

এটি শ্বাসৰুদ্ধ সাপ।”

কবিতাটিৰ কাব্যিক সৌন্দৰ্যৰ বিশেষ দিশটি হ’ল ইয়াত প্ৰয়োগ কৰা তিনিটা আটক ধুনীয়া কল্পচিত্ৰ আৰু ‘শুকুলা পাৰ চৰাই’ আৰু ‘এটি শ্বাসৰুদ্ধ সাপ’ নামৰ  প্ৰতীক দুটি। বিষয়-বস্তুৰ বাস্তৱতা, ৰচনা শৈলীৰ যুক্তিযুক্ততা, ভাষাৰ সাৱলীলতা, স্পন্দিত ছন্দৰ স্বতস্ফূর্ততা, কল্পচিত্ৰৰ আকৰ্ষণীয়তা আৰু প্ৰতীকৰ যথাযথ অৰ্থ প্ৰকাশৰ দিশৰ পৰা ‘যুদ্ধৰ বিৰুদ্ধে’ নামৰ এই কবিতাটি কবি ইছমাইল হোছেইনৰ এটি অন্যতম শ্রেষ্ঠ আধুনিক কবিতা।০ ০ ০

 

 মা: এক বিশ্লেষণ

‘মা’ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনটিৰ ত্ৰয়োদশ কবিতা। কবিতাটিৰ শিৰোনামাৰ পৰাই বুজিব পৰা যায় যে কবিতাটি আইক উদ্দেশ্যি লিখা।  কিন্তু কবিৰ ‘মা’ শিৰোনামটি দ্ব্যৰ্থক (ambiguous) হৈছে। ইয়াত ‘মা’ শব্দটোৱে প্ৰথমতে কবিৰ ‘মা’ (আই) ক বুজাইছে। দ্বিতীয়তে কবিৰ স্বদেশ (motherland) ক বুজাইছে। কবিতাটিৰ জৰিয়তে কবিয়ে তেওঁৰ আইৰ প্ৰতি অকপট কৃতজ্ঞতা প্ৰকাশ কৰিছে।

প্ৰথমে কবিয়ে তেওঁৰ আইয়ে তেওঁক দিয়া  মৰম আৰু প্ৰেম স্বীকাৰ কৰি তাইক অবৰ্ণনীয় ক্ষমতাৰ অধিকাৰী হিচাপে গণ্য কৰি ‘কোন কাননৰ ‘সূৰ্যসম পুষ্পধাৰ’ বুলি প্ৰশ্ন কৰিছে। কবিয়ে কৈছে:

তুমি মোক জীৱনৰ কি যে নিবিড় আলিঙ্গন দিলা

তুমিনো কোন কাননৰ সূৰ্যসম পুষ্পধাৰ

তোমাৰ উমাল আৱেশত জোনাকে সলায়নে ছাঁ

তোমাৰ কুঁৱলী আৱৰা মেল খোৱা পাহিত

সদায় লিখিবলৈ মন যায় মোৰ পঢ়াশালিৰ ইতিহাস।”

দ্বিতীয়তে কবিয়ে তেওঁৰ দৃষ্টিত তেওঁৰ আই পালতৰা নাও আৰু শৈশৱৰ সোণালী স্মৃতি হিচাপে ধ’ৰা দিছে- যি নাওৰ কবিও এজন নাৱৰীয়া। কবিয়ে ব্যক্ত কৰিছে:

“তুমি মোৰ দৃষ্টিত পাল তৰা নাও

শৈশৱৰ সোণালী স্মৃতি

তুমিতো মোক নেজানা মই যে এই পাৰঘাটৰেই নাৱৰীয়া

তোমাৰেই উপত্যকাৰ আদিম অধিবাসী।”

কবিৰ আই কবিৰ বাবে অতিকৈ পূজনীয়া। সম্ভৱতঃ ঈশ্বৰৰ পিছতেই আইৰ নাম জপিয়েই কবিয়ে আৰম্ভ কৰে সুবিমল যাত্ৰা, দিনটোৰ প্ৰাৰ্থনা। অৱশ্যে ইয়াত ইছলামীয় দৰ্শনৰ প্ৰভাৱ পৰা যেন লাগে। ইছলামীয় দৰ্শন মতে ঈশ্বৰৰ পিছতেই এজন মানুহৰ বাবে ‘মা-বাবা’ৰ স্থান। কবিৰ ভাষাত:

“মই তোমাৰ নামেৰেই আৰম্ভ কৰো

মোৰ সুবিমল যাত্ৰা, দিনটোৰ প্ৰাৰ্থনা

নদীৰ ধাৰাল সোঁতৰ বিপৰীতে বঠাৰ পৌৰুষ খোজ।”

কবিৰ হৃদয়ত কবিৰ ‘মা’ বহুৰূপী আৰু বহু গুণী। কবিয়ে মাকক প্ৰেমৰ নক্ষত্ৰ, শান্তিৰ গভীৰ জলাধাৰ, সৌৰজগতৰ সুৰভি আকাশ আৰু চৰণীয়া গৰখীয়াৰ মাত ইত্যাদি বিভিন্ন ৰূপত কল্পনা কৰিছে। নাইবা ইয়াৰ অন্য অৰ্থও কৰিব পাৰি যে কবিৰ ‘মা’ প্ৰকৃততে কি তাক কবিয়ে ধৰিব পৰা নাই। অৱশ্যে কবিৰ কল্পচিত্ৰটো সন্দেহ অলংকাৰৰ সৃষ্টিৰ প্ৰৱণতায়ো আইক বিভিন্ন ৰূপত কল্পনা কৰাৰ থ’ল আছে। কবিয়ে কৈছে:

তুমি প্ৰেমৰ নক্ষত্ৰ নে শান্তিৰ গভীৰ জলাধাৰ

তুমি কোন সৌৰজগতৰ সুৰভি আকাশ

নে মোৰ চৰণীয়া পথাৰৰ গৰখীয়াৰ  মাত।”

কবিয়ে ‘মা’ক প্ৰাৰ্থনা জনাইছে তেওঁৰ বুকুত আইৰ ‘স্পৰ্শত গজা বসন্তৰ ঘাঁহ’ (ডেকা যৌৱনৰ আনন্দময় পৰিৱেশৰ প্ৰতীক) ৰুই দিবলৈ আৰু তাইৰ ‘দেহৰ শুভ্ৰ জোনাক’ (শান্তিৰ প্ৰতীক) ঢালি দিবলৈ। কবিৰ ভাষাত:

“এবাৰ মাথোন এবাৰ মোৰ বুকুত ৰুই দিয়া

তোমাৰ স্পৰ্শত গজা বসন্তৰ ঘাঁহ

এবাৰ মাথোন মোৰ বুকুত চটিয়াই দিয়া

তোমাৰ দেহৰ শুভ্ৰ জোনাক।”

শেষত কবিয়ে মাকক শিশুৰ থুনুক-থানাক মাতৰ দৰেই  প্ৰেমময় আৰু শুৱলা বুলি স্বীকাৰ কৰি কৈছে:

“তুমি মোৰ চেতনাত

শিশুৰ মুখৰ প্ৰথম মাত।”

মাকৰ প্ৰতি এজন সন্তানৰ থাকিবলগীয়া সকলোখিনি কৃতজ্ঞতাই আলফুল কল্পচিত্ৰৰ সহায়েৰে কবিতাটিত অংকিত হৈছে। ভাষা আৰু ৰচনা শৈলীৰ পিনৰ পৰা কবিতাটি উৎকৃষ্ট। ইয়াৰ শব্দ নিৰ্বাচন ভাৱৰ সৈতে মিলি যোৱাকৈ অতি  সুনিপুণ কাৰু-কাৰ্য খটুৱাই কবিয়ে কবিতাটিৰ সার্বিক ৰূপ দিছে। ইয়াৰ ছন্দ সম্পূৰ্ণৰূপে স্পন্দিত নহয় যদিও মুক্তক ছন্দ হিচাপে গদ্যৰ ওচৰা-ওচৰি।০ ০ ০

দেশ: এক বিশ্লেষণ

বিশ্ব সাহিত্যৰ ইতিহাসত স্বদেশক ভাল নোপোৱা কোনো কবিৰ নাম পোৱা নাযায়। কবি ইছমাইল হোছেইনৰো স্বদেশৰ প্ৰতি আছে অগাধ প্ৰেম। তেওঁ কেইবাটিও স্বদেশপ্ৰেমমূলক কবিতা ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত ‘দেশ’ নামৰ কবিতাটি অন্যতম।  কবিতাটিৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি প্ৰেম ভাৱ প্ৰকাশ পাইছে। কবিতাটিত ‘দেশ’ নামটি সমাসোক্তি হৈছে।

দেশৰ অশান্ত বা অস্থিৰ অৱস্থাৰ প্ৰতি দৃষ্টি দি কবি ভাঙি পৰিছে যদিও কবিয়ে ‘সূৰ্যস্নাতা পুৱা’ক  (সুস্থিৰ শান্তিময় সময়ৰ প্ৰতীক) আহ্বান কৰিছে। কবিৰ ভাষাত:

“তোমাৰ ছন পৰা বুকুত মূৰ গুজি 

প্ৰত্যহ মই আহ্বান কৰো এটি সূৰ্যস্নাতা পুৱা

মোৰ বুকুৰ কামিহাড় গছকি পাৰ হৈ যায় 

এদল উদভ্ৰান্ত ঘোঁৰা।”

ইয়াত এদল ‘উদভ্ৰান্ত ঘোঁৰা’ ই অধোঃগামী সমাজৰ  অৱস্থাই কবিৰ মনত প্ৰতিক্ৰিয়াৰ প্ৰতীকক বুজাইছে। 

দ্বিতীয়তে, কবিয়ে দেশৰ আৰু কবিৰ শাৰীৰিক অৱস্থাৰ বৰ্ণনা দিছে। কবিৰ মতে দেশৰ শৰীৰ নাৰী দেহৰ দৰে উজু (কোমল আৰু সৰল); কিন্তু তাৰ বিপৰীতে কবিৰ শৰীৰ কঠিন যন্ত্ৰবৎ আৰু তাৰ কাৰণ হিচাপে দৰিদ্ৰতাকেই  সূচাইছে। কবিৰ ভাষাত:

“নাৰী দেহৰ দৰে তোমাৰ এই উজু শৰীৰ

আৰু দৰিদ্ৰতাই কৰ্ষণ কৰা মোৰ

যন্ত্ৰবৎ দেহা।”

যদিও কবিয়ে কবিৰ দেহা আৰু কবিৰ দেশৰ শৰীৰৰ মাজত পাৰ্থক্য দেখা পাইছে তথাপি কবিয়ে দেশক ভাল পায়। সেয়ে কবিয়ে দেশৰ উজু শৰীৰৰ সৈতে নিজৰ যন্ত্ৰবৎ কঠিন দেহৰ আলিংগন কামনা কৰি দুয়োজনৰ দেহৰ সমিলমিল কামনা কৰিছে। কবিৰ ভাষাত:

“আহা ক্ষন্তেক আলিংগন কৰোঁ

ক্ৰান্তিকালৰ বাবে বিনিময় হওঁক কিছু কথা।”

কবিতাটিৰ ভাষা শৈলী কবিতাটিৰ বিষয়-বস্তুৰ দৰেই সাধাৰণ আৰু পঠনীয় উজু গুণেৰে সমৃদ্ধ। কবিতাটিত প্ৰয়োগ কৰা সমাসোক্তি, প্ৰতীক আৰু অসাধাৰণ কল্পচিত্ৰই  কবিতাটিৰ আকৰ্ষণ বৃদ্ধি কৰিছে।০ ০ ০

 

নাগৰিকৰ প্ৰতি: এক বিশ্লেষণ

‘নাগৰিকৰ প্ৰতি’ কবিতাটি কবি ইছমাইল হোছেইনৰ শ্লোগানধৰ্মী কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে নাগৰিকৰ সৈতে হাত মিলাই  একতাৰে দেশৰ অন্যায়, অবিচাৰ, দুৰ্নীতি আৰু সামাজিক অৱক্ষয়ৰ প্ৰতি কবিৰ আহ্বান  আকুণ্ঠ কণ্ঠে প্ৰকাশ কৰিছে।

প্ৰথমতে, কবিয়ে নাগৰিকসকলৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্ক স্থাপন কৰাৰ কথা ব্যক্ত কৰিছে। কবিৰ মতে কবিৰ ‘প্ৰিয়তম বন্ধু’ হৈছে নাগৰিক। কবিয়ে নাগৰিকৰ সৈতে অহা দিনবোৰৰ প্ৰত্যুষত সংহতিৰ পথাৰত মিলিত হ’ব খোজে- কিয়নো সিহঁতে শিশুৰ মুখত দিব বিচাৰে এটুকুৰা ৰুটি আৰু মৰমৰ চুম্বন। কবিৰ ভাষাত:

“মাটিৰ মৰমত নিমজ্জিত

মোৰ প্ৰিয়তম নাগৰিক

অহা দিনবোৰৰ প্ৰতিটো প্ৰত্যুষত 

আমি যেন মিলিত হ’ব পাৰো

সংহতিৰ বিশাল পথাৰত

আমি যেন কৰিব পাৰো আলিংগন

প্ৰতিজন শিশুৰ মুখত

গুজি দিব পাৰো যেন এটুকুৰা ৰুটি

অথবা এটি চুম্বন।”

দ্বিতীয় স্তৱকত কবিয়ে আকৌ ইচ্ছা আৰু দৃঢ়তা প্ৰকাশ কৰি কৈছে যে  নাগৰিকসকলৰ সৈতে লগলাগি সিহঁতে যেন দেশৰ স্বাধীনতা ৰক্ষা কৰিব পাৰে আৰু যেন স্থায়ী কৰিব পাৰে সিহঁতৰ মিলন আৰু আত্মীয়তা। কবিৰ ভাষাত:

”অহা দিনবোৰৰ প্ৰতিটো পলকত

আমি যেন ৰক্ষা কৰিব পাৰো

আমাৰ স্বাধীনতা

আমি যেন স্থায়ী কৰিব পাৰোঁ

আমাৰ মিলন আৰু আত্মীয়তা।”

তৃতীয় স্তৱকত কবিয়ে দেশত চলি থকা সাম্প্ৰদায়িকতা, বিচ্ছিন্নতাবাদ, হত্যা আদি নিষিদ্ধ হোৱাটো বিচাৰিছে। কবিয়ে আশা কৰে যে শান্তি প্রতিষ্ঠাৰ  বাবে আটাইবোৰ জাতি শোভাযাত্ৰাত মিলিত হওঁক। কবিৰ ভাষাত:

“বিভেদৰ প্ৰতিটি ক্ষণ

আৰু প্ৰতিটি দৃশ্যৰ পৰিসমাপ্তি ঘটক;

সাম্প্ৰদায়িকতাবাদ, বিচ্ছিন্নতাবাদৰ  প্ৰতিটো

ভণ্ড কৰ্মশালাক নিষিদ্ধ কৰি দিয়া হওঁক;

একেটা শোভাযাত্ৰাত মিলিত হওঁক

আটাইবোৰ  জাতি।”

শেষত, চতুৰ্থ স্তৱকত, কবিয়ে নাগৰিকসকলক এনেকুৱা মূহুৰ্তৰ বাবে আহ্বান কৰি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিয়ে প্ৰাৰ্থনা কৰিব খোজে এনে এক জাতিৰ বাবে যি জাতিৰ মাজত মন্দিৰ-মছজিদৰ দ্বন্দ্ব নেথাকে। সিহঁতে সংগ্ৰাম কৰিব খোজে প্ৰতিজন মানুহক একো একোজন স্বাধীন প্ৰজাতি কৰিবলৈ। কবিৰ ভাষাত:

”আহা, এনে এটি মূহুৰ্তৰ বাবে আমি প্ৰাৰ্থনা কৰো

য’ত মন্দিৰ, মছজিদৰ দ্বন্দ্বই নেভাগে

এটা বৃহৎ জাতি;

আহা, এনে এটা অৱস্থাৰ বাবে আমি 

সংগ্ৰাম কৰো

য’ত প্ৰতিজন মানুহেই একো-একোটা স্বাধীন প্ৰজাতি।”

কবিতাটি কবিৰ সমাজ এখনৰ দলিল বুলি ক’ব পাৰি; কিয়নো কবি সমাজ সচেতন বাবেই তেওঁ সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰামী শ্লোগান ৰচিব পাৰিছে। কবিতাটিত কোনো কাব্যিক কল্পচিত্ৰ নাই। ই আধুনিক কবিতাৰ আউলীয়া অলংকাৰৰ পৰাও মুক্ত। ভাষাও শ্লোগানৰ দৰেই সহজ আৰু সৰল।০ ০ ০

 

প্ৰিয়তমা: এক বিশ্লেষণ

‘প্ৰিয়তমা’ কবিতাটি কবিতা সম্পৰ্কীয় কবিতা। কবিতাটিত কবিয়ে কবিতাক সমাসোক্তি দান কৰি নিজৰ প্ৰিয়তমা বুলি কল্পনা কৰিছে। কবিতাটিত কবিয়ে কবিৰ কবিতাৰ উৎস, সুখ-দুখত কবিতাৰ সতে কবিৰ সম্পৰ্ক আৰু কবিতাৰ জৰিয়তে কবিৰ সমাজ সংস্কাৰৰ দৃঢ় মনোভাবৰ কথা প্ৰকাশ কৰিছে। কবিতা কবিৰ মানৱী প্ৰেম আৰু প্ৰেয়সীৰ দৰে। প্ৰেমিক-প্ৰেমিকাৰ মাজত যিদৰে মিলন আৰু বিচ্ছেদ হয়, কবিৰো কবিতাৰ স’তে বহুবাৰ মিলন আৰু বিচ্ছেদ হৈছে।  কবিৰ ভাষাত:

“বহুবাৰ তোমাৰ স’তে মোৰ বিচ্ছেদ 

বহুবাৰ মিলন।”

দ্বিতীয়তে, কবিয়ে বুটলা কবিতাৰ সমল বা উৎসৰ কথা কৈছে। কবিয়ে সকলোতে কবিতাৰ উৎস পায়; কিয়নো কবিসকলৰ দষ্টি সাধাৰণ জন দৃষ্টিৰ উৰ্দ্ধত। সাধাৰণ মানুহৰ চকুত যি আঁৰ হৈ থাকে কবিসকলৰ দৃষ্টিত সেয়া জলজল পটপটকৈ ধ’ৰা দিয়ে। সেয়ে কবিয়ে যুদ্ধ ভূমিৰ পৰা, শান্তি যাত্ৰাৰ পৰা, শ্ৰমিকৰ ঘামৰ পৰা নাইবা কৃষকৰ অশ্ৰুপাতৰ পৰা কবিতাৰ সমল বুটলে। কবিয়ে কৈছে:

“যুদ্ধ ভূমিৰ পৰা কিম্বা শান্তি যাত্ৰাৰ পৰা 

শ্ৰমিকৰ ঘামৰ পৰা কিম্বা

কৃষকৰ অশ্ৰুপাতৰ পৰা 

সকলোতে মই তোমাক বুটলো।”

কবিয়ে সুখে-দুখে সকলো অৱস্থাতে কবিতাৰ স’তে আলিংগন কৰে- কাৰণ কবিয়ে তাতেই প্ৰেমৰ নদী বিচাৰি পায় য’ত শব্দৰ সমাহাৰ হয়।  আকৌ শব্দৰ সমাহাৰতহে কবিতাৰ সৃষ্টি হয়। কবিৰ ভাষাত:

“সুখে-দুখে তোমাৰ স’তে আলিংগন কৰো

শব্দৰ সমাহাৰত বিচাৰো প্ৰেমৰ নদী।”

কবিৰ অন্তৰৰ সকলোতে কবিতাৰ অস্তিত্ব। তেওঁৰ মানসিক অন্তঃদ্বন্দ্বৰ বাহিৰে-ভিতৰে কবিতা; অস্তিত্বৰ অভ্যন্তৰতো এজনী দুৰ্জেয়া ৰমনীৰ দৰে। কবিৰ ভাষাত:

“মোৰ দ্বন্দ্বৰ ভিতৰে বাহিৰেও তুমি,

অস্তিত্বৰ অভ্যন্তৰত এজনী দুৰ্জেয়া ৰমনী।”

শেষত কবিতাৰ উদ্দেশ্যৰ বিষয়ে কবিয়ে কৈছে যে কবিতা দেশৰ বাবে, নিৰন্নজনৰ বাবে অথবা বিপন্ন  স্বাধীনতা ঘূৰাই পোৱাৰ বাবেও কবিতা। আৰু সেইবাবেই কবিতাৰ স’তে কবিৰ ক্ৰান্তিকাৰী সংলাপ। কবিৰ ভাষাত:

“মোৰ বাবে কিম্বা দেশৰ বাবে

তোমাৰ বাবে কিম্বা নিৰন্নজনৰ বাবে

অৱশেষত ঘূৰাই ল’ম বিপন্ন স্বাধীনতা;

সেইবাবেই তোমাৰ স’তে মোৰ ক্ৰান্তিকাৰী সংলাপ।”

কবিতাটিৰ জৰিয়তে কবিতা যে সৰ্বকালীন আৰু কবিতাৰ সমল যে আমাৰ চকুৰ আগত দেখি থকা সমাজখনেই তাৰ স্পষ্ট আভাষ কবিয়ে দাঙি ধ’ৰাত সফল হৈছে। কবিতাটিৰ ভাষা সহজ সৰল আৰু সাধাৰণ পাঠকে বুজিব পৰাকৈ নমনীয়।০ ০ ০

 

দুঃস্বপ্নৰ এবেলা : এক বিশ্লেষণ

‘দুঃস্বপ্নৰ এবেলা’ কবিতাটি কবি ইছমাইল হোছেইনৰ এটি নিৰাশবাদী কবিতা। কবিৰ প্ৰিয় আকাঙ্খা হৈছে শান্তি। কিন্তু আজিকালি শান্তি পোৱাৰ হাবিয়াস কৰাটো পর্বত শৃঙ্গত কাছ কণী বিচৰাৰ দৰেই দুৰ্লভ। কবিতাটিত কবিয়ে শান্তি বিচাৰি হাবাথুৰি খাই অৱশেষতনিৰাশ হৈছে আৰু কবিৰ আশাবাদী মন নিৰাশাৰ কলা ডাৱৰে ছানি ধৰি কবিক শান্তিৰ উৎসবোৰৰ বিষয়ে কাব্যিক কৰুণ কণ্ঠত প্ৰশ্ন  কৰাইছে যে মানুহে মানুহক হত্যা কৰিলে কি হয়। এই প্ৰশ্নৰ উত্তৰ  বিচাৰি কবিয়ে হিটলাৰৰ ‘মেইনে কেম্ফ’, টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’, গান্ধীজীৰ ‘মোৰ সত্য অন্বেষণৰ কাহিনী’  কাৰ্লমাক্সচৰ ‘ডাচ কেপিটেল’ৰ পাত লুটিয়াইয়ো  নাপালে আৰু পালেও সেই উত্তৰত  কবি সন্তুষ্ট হ’ব নোৱাৰি চিঞৰি  উঠিছে:

“মানুহে মানুহক হত্যা কৰিলে কি হয়-

এই সংজ্ঞা বিচাৰি চলাথ কৰিলো

হিটলাৰৰ ‘মেইনে কেম্ফ’

টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’

গন্ধীজীৰ ‘সত্য অন্বেষণৰ কাহিনী’

আৰু মাৰ্ক্সৰ ‘দাচ্ কেপিটেল’ৰ পাত।”

দ্বিতীয়তে, কবিয়ে  অনাহাৰত থকা মনুহক হত্যা কৰিলে কি হয়- এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে। কবিয়ে আৰু জানিব বিচাৰিছে যে মন্দিৰ-মছজিদত জুই জ্বলালে কি হয়। এই প্ৰশ্নৰ উত্তৰ বিচাৰি কবিয়ে  ৰাজভৱনৰ কোষাগাৰ, আম্বেদকাৰৰ ঘৰ চলাথ কৰিছে আৰু ইয়াৰ কোনো মীমাংসা নাপাই নিৰাশ হৈ চিঞৰি উঠিছে:

“অনাহাৰত মানুহৰ মৃত্যু ঘটালে কি হয়-

মন্দিৰ মছজিদত জুই জ্বলালে কি হয় –

এই সকলোবোৰৰ সংজ্ঞা বিচাৰি চলাথ কৰিছো 

ৰাজভৱনৰ কোষাগাৰ,

সংবিধানৰ পৃষ্ঠা 

আৰু আম্বেদকাৰৰ ঘৰ।”

কবিয়ে অৱশ্যে জানে যে ঘাতকৰ আদালতত হত্যাৰ বিচাৰ কি হ’ব পাৰে, আৰু  জানে হত্যাৰ বা মৃত্যুৰ অধিকাৰ সংবিধানৰ কোন ধাৰাত আছে। কিন্তু কবিয়ে ক’বলৈ সাহস পোৱা নাই, কিয়নো:

“মুখ খুলি কথা ক’লেই উৰি যাব পাৰে মূৰ

একৈশ শতিকালৈ আছে মাথো আঠোটা বছৰ।”

কবিৰ জীৱনৰ প্ৰতি দুৰ্বাৰ মমতা। তেওঁ জীয়াই থাকিব বিচাৰে। সেয়ে তেওঁ সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিও মুখ খুলি কোৱা নাই।  অৱশ্যে ইয়াত কবিৰ ভীৰুতা প্ৰকাশ পাইছে যদিও এই ভীৰুতা অযুক্তিকৰ নহয়; কিয়নো কবিয়ে সম্ভৱতঃ জীয়াই থাকিব বিচাৰিছে এই কাৰণেই যে প্ৰশ্নেবাৰৰ সঠিক উত্তৰ  যাতে কবিৰ দৰে সকলোৱে হৃদয়ঙ্গম কৰিব পাৰে তাৰ চেষ্টা তেওঁ কৰিব। “একৈশ শতিকালৈ আছে মাথোন আঠোটা বছৰ’- বাক্যাংশৰ দ্বাৰা  জীৱনৰ প্ৰতি যে কবিৰ মোহ আছে সেয়াই প্ৰকাশ পাইছে।

কবিতাটিৰ ভাষা আৰু ৰচনা শৈলী কবিৰ আন আন কবিতাৰ দৰেই সাধাৰণ। কবিতাটিত বিশেষ কোনো কাব্যিক অলংকাৰ নাই। কবিয়ে কেৱল কবিৰ প্ৰতিক্ৰিয়াহে সৰলভাবে প্ৰকাশ কৰিছে।০ ০ ০

 

৬ ডিচেম্বৰ: এক বিশ্লেষণ

১৯৯২ চনৰ ৬ ডিচেম্বৰত মৌলবাদী হিন্দু পৰিষদৰ উচটনিত ভাৰতৰ ঐতিহাসিক বাবৰি মছজিদ ধবংশ কৰা হয় আৰু সেই পটভূমিতেই কবিয়ে শোক কৰি কবিতাটি ৰচনা কৰিছে। 

কবিতাটিত কবিয়ে ৬ ডিচেম্বৰত ভাৰতবাসীৰ মৃত্যু ঘোষণাৰ দিন বুলি শোক কৰিছে। কিয়নো বাবৰি মছজিদ ধবংশৰ ঘটনাই  ভাৰতৰ সাম্প্ৰদায়িকতাৰ জুইত ঘিউ ঢালিলে।আনকি সমগ্ৰ ইছলাম জগতক হিন্দু সকলৰ দ্বাৰা উপহাস কৰা যেন হ’ল। সেয়ে কবিয়ে শোক কৰি কৈছে যে  কবিৰ মূৰৰ ওপৰৰ আকাশটো অন্ধকাৰ হৈ আহিছে, কবিৰ ভৰিৰ তলৰ পৰা মাটি গুচি পানী বাঢ়ি আহিছে। কবিৰ ভাষাত:

“আজি আমাৰ মৃত্যু ঘোষণাৰ দিন

আহা আমি দিনটোৰ বাবে ক’লা পোছাক পৰিধান কৰো

আমাৰ মূৰৰ ওপৰত এ আকাশ অন্ধকাৰ

ভৰিৰ তলত এসাগৰ পানী।”

কবিয়ে আঞ্চলিকতাবাদী, সন্ত্ৰাসবাদী আৰু সকলো ধৰণৰ সমাজ বিৰোধীসকলৰ মৃত্যু কামনা কৰিছে আৰু  সিহঁতৰ বিৰুদ্ধে উঠি-পৰি লাগিবলৈয়ো কবি বদ্ধপৰিকৰ। কিন্তু আজি সেই বিৰোধী শক্তিসমূহ ইমানেই শক্তিশালী যে সিহঁতে শান্তিপ্ৰিয় জনসাধাৰণৰ মৃত্যুৰ শঙ্খধবনি বজাইছে। কবিৰ ভাষাত:

“যুগে যুগে আমি যাৰ মৃত্যু ঘোষণা কৰি আহিছো 

সেয়েই আমাৰ কাণত বজায় মৃত্যুৰ শঙ্খধবনি।”

কবিয়ে ক্ষোভ কৰি কৈছে যে শান্তিপ্ৰিয় জনসাধাৰণে আৰু কবিয়ে যিকোনো উপায়ে শান্তি -বিৰুদ্ধ শক্তিবোৰৰ বিৰুদ্ধে উঠি-পৰি লাগিব। সেইবাবে  জনগণক উদ্দেশ্যি কবিয়ে  ছালৰ আবৰণ খুলি জুইৰ পোছাক পিন্ধিবলৈ  আহ্বান  কৰিছে। কবিৰ ভাষাত:

”আহা, আমি জুইৰ পোছাক পিন্ধো

খুলি থওঁ ছালৰ আৱৰণ।”

উদ্ধৃত কথাফাকি অসম্ভৱ যেন লাগিলেও ইয়াৰ এক প্ৰতীকি অৰ্থ আছে। কবিয়ে ‘জুইৰ পো ছাক’ এইবাবেই পৰিধান কৰিব বিচাৰে যে কবিয়ে জুইৰ দৰে অজেয় হৈ সকলো বিৰুদ্ধ শক্তিক চিৰদিনৰ বাবে নাশ কৰিব। 

শেষত কবিয়ে ৬ ডিচেম্বৰক উদ্দেশ্যি কৈছে যে এই দিনটোত বাবৰি মছজিদ ধবংশ কৰা হ’ল মানে  ধৰ্মৰ নামত কলংকহে হ’ল আৰু সেইবাবে কৈছে:

“আজি ঈশ্বৰ আল্লাৰ আত্মহত্যাৰ দিন

আহা, তেওঁলোকৰ শৱদেহত আমি ফুল ছটিয়াই দিওঁ

গেৰুৱা, শুকুলা আৰু শ্যামল ৰঙৰ ফুল।”

কবিতাটি যদিও শোক কবিতা- ই পৰম্পৰাগত শোক কবিতাৰ কটকটীয়া নিয়মৰ অধীনত ৰচিত নহয়;  ই আধুনিক আউলীয়া গদ্যময় জীৱনৰ দৰে মুক্ত ছন্দত ৰচিত। কবিতাটিৰ ছন্দ আৰু বিষয়-বস্তু স্পষ্ট নহ’লেও কবি ইছমাইলে লিখা এইখন সম্ভৱতঃ  ভাল আধুনিক শোক কবিতা -যি কবিতাটিৰ জৰিয়তে বিশাল মানৱ জাতিৰ বিশ্বাসৰ অপমৃত্যুক অংকিত কৰিছে।০ ০ ০ 

 

সাম্প্ৰদায়িকতাঃ এক বিশ্লেষণ

কবি ইছমাইল হোছেইন এজন বহল দৃষ্টি সম্পন্ন কবি।  তেওঁৰ কবিতাত অসমীয়া সমাজৰ প্ৰায় সকলোবোৰ অৱক্ষয়ী দিশ পৰিস্ফূট হৈ ধ’ৰা দিছে।  তেওঁৰ কবিতাত যিদৰে পোহৰৰ জয়গান আছে সেইদৰে আছে এন্ধাৰৰ কৰ্ফাল কোলাহল। কবিতাটিত ‘সাম্প্ৰদায়িকতা’ নামৰ গুণবাচক abstract idea) ধাৰণাক সমাসোক্তি (personification) অলংকাৰৰ দ্বাৰা ব্যক্তিত্ব গুণ আৰোপ কৰি সাম্প্ৰদায়িকতাৰ কাৰ্যক্ৰমণিকা পূৱাৰ সূৰুযটিৰ দৰেই স্পষ্ট আৰু সজীৱকৈ বৰ্ণনা কৰিছে।

কবিয়ে প্ৰথমতে সাম্প্ৰদায়িকতাক পদাঘাত কৰিবলৈ কৈছে –  কিয়নো সাম্প্ৰদায়িকতা নামৰ বিষবৃক্ষই যুগে যুগে মানৱ জাতিৰ দেহত মৃত্যু বিহ ঢালি দিছে, মগজুত বিভেদৰ বীজ ৰোপন কৰিছে। কিন্তু কবিয়ে জানে যে  এই সাম্প্ৰদায়িকতা মানৱতাবাদেৰেহে ধবংশ কৰিব পাৰি।  সেয়ে মানৱতাবাদক উদ্দেশ্যি কৈছে:

“মোক পদাঘাত কৰা 

যুগে যুগে তোমাৰ প্ৰজন্মৰ তেজত ঢালিছো বিষ

মগজুত ৰোপন কৰিছো বিভেদৰ বীজ

হে, মানৱতা মোক পদাঘাত কৰা।”

বৰ্তমান সমাজত প্ৰজ্জ্বলিত অগ্নিকাণ্ড হৈ দেখা দিয়া সাম্প্ৰদায়িকতা প্ৰত্যক্ষ কৰি কবি হৃদয় বিয়াকুল হৈ উঠিছে। কিয়নো সাম্প্ৰদায়িকতাৰ বাবেই হিন্দুৱে মুছলমানৰ মছজিদ আৰু মুছলমানে হিন্দুৰ মন্দিৰ জ্বলাইছে।¸ সাম্প্ৰদায়িকতাৰ বাবেই মছজিদৰ পৰা ‘আজান’ আৰু মন্দিৰৰ পৰা ‘হৰে কৃষ্ণ হৰে ৰাম’ বিতাৰিত হৈছে। সেয়ে কবিয়ে দ্বিতীয় স্তৱকত সাম্প্ৰদায়িকতাক দাহ কৰিবলৈ যুক্তি আগবঢ়াই কৈছে:

“মোক দাহ কৰা

মই তোমাৰ ঘৰ আৰু বসতি জ্বলাইছো

মন্দিৰ জ্বলাইছো, মছজিদ জ্বলাইছো

মন্দিৰৰ পৰা বিতাৰণ কৰিছো ‘হৰে কৃষ্ণ হৰে ৰাম’ নাম

মছজিদৰ পৰা ‘আজান’।”

সাম্প্ৰদায়িকতা কোনো এক নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত আবদ্ধ নহয়; ই মুক্ত আৰু সকলো দেশতে নিজৰ অস্তিত্ব বজাই ৰাখি ইয়াৰ কাৰ্যক্ৰমণিকা হেলাৰঙে বাস্তৱায়িত কৰি আছে। ই মুছলমানৰ ‘জামাত’ আৰু হিন্দুৰ ‘সংঘ পৰিয়াল’ৰ মাজতো আছে। সাম্প্ৰদায়িকতা মুছলমানৰ ভিতৰত সোমাই গাজীপুৰৰ পৰা ঢাকা নাইবা পাকিস্থান পৰিভ্ৰমণ কৰি  সাম্প্ৰদায়িকতাৰ বীজ সিঁচি মানৱ জাতিৰ মাজত বিভেদৰ সৃষ্টি কৰিছে। আকৌ কেতিয়াবা ই অমুছলিম অৰ্থাৎ হিন্দু হৈ অযোধ্যা, মীৰাট, মোৰাদাবাদ আৰু বোম্বাইতো ধৰ্মৰ নামত ৰণশিঙা  বজাইছে। কেতিয়াৱা ৰামৰ কথা কৈ মহম্মদৰ বুকুত ছুৰি মাৰিছে, অৰ্থাৎ সাম্প্ৰদায়িকতাই সকলো হত্যা  মৰামৰি সৃষ্টি কৰি মানৱ জাতিৰ একতাৰ এনাজৰী ছিঙি পেলাইছে। সেয়ে কবিয়ে তৃতীয় স্তৱকত কৈছে:

“মোক বেত্ৰাঘাত কৰা

মই ‘জামাত’ আৰু ‘সংঘ পৰিয়াল’ৰ প্ৰতিনিধি

মই মুছলিম হৈ পৰিভ্ৰমণ কৰিছো গাজীপুৰৰ পৰা পাকিস্থান,

পাকিস্থানৰ পৰা থিতাপি লৈছোঁ ঢাকাত

আকৌ হিন্দু হৈ ‘হিন্দু পৰিয়াল’ৰ পৰা আহিছো অযোধ্যাত

মই মীৰাটত আছিলো, মোৰাদাবাদত আছিলো

বোম্বাইতো খেলিছো ধৰ্মৰ ৰণচালি

ৰামৰ কথা কৈ মহম্মদৰ বুকুত মাৰিছো ছুৰি।”

সাম্প্ৰদায়িকতা অন্ধ আৰু কলা। ই একো নেদেখে বা একোৱেই নুশুনে। ইয়াৰ ওচৰত কোনো  নৈতিকতা নাইবা কোনো মানৱতা নাই। সেয়ে ই শ্ৰীচৈতন্য, কবীৰ, শংকৰদেৱ বা আজান ফকীৰ কোন তাক নাজানে। সেয়ে কবিয়ে কৈছে:

“বঙ্গ হৈ পৰিভ্ৰমণ কৰোতে মোক সোধা হৈছিল:

শ্ৰীচৈতন্য আৰু কবীৰ কোন

অসমলৈ আহিব খোজোতে মোক সোধা হৈছিল: 

শ্ৰী শংকৰদেৱ আৰু আজন ফকীৰ কোন?

মইতো এনে কোনো মহাপুৰুষৰ নাম নেজানো

যাৰ স্মৰণে কঢ়িয়াই  সম্প্ৰীতিৰ বতৰা

মইতো এনে কোনো কথাই নেজানো

যাৰ বাবে অক্ষত থাকে মন্দিৰ অথবা মছজিদৰ চূড়া।”

সাম্প্ৰদায়িকতাৰ মাথোন এটাই কাম, এটাই উদ্দেশ্য- সৃষ্টিৰ আদৰ্শক বিনাশ কৰা। ই হত্যা কৰে মাকৰ বুকুৰ শিশুৰ কথা, সেউজ সপোন স্বাধীনতা। সেয়ে কবিয়ে সাম্প্ৰদায়িকতাক মানৱতাৰে হত্যা কৰিবলৈ আহ্বান কৰিছে:

“মোৰ এটাই মাথোন কাম

সৃষ্টিৰ সৌধবোৰ  ধবংস কৰা

মই হত্যা কৰো মাকৰ বুকুৰ শিশুৰ কথা

মই হত্যা কৰো সেউজ সপোন  স্বাধীনতা।

তুমি মোক হত্যা কৰা, হে মানৱতা

মোৰ নাম সাম্প্ৰদায়িকতা।”

কবিতাটি সাম্প্ৰদায়িকতাক লৈ ৰচিত যদিও ই কবিৰ কল্পনাতে আৱদ্ধ নাথাকি বাস্তৱমূখী হৈ পৰিছে। আন কথাত কবিতাটিত কোনো আকাশলংঘী কল্পনা নাই। কবিয়ে বৰ্তমান পৃথিৱীত  সাম্প্ৰদায়িকতাৰ যি তাণ্ডৱ-নৃত্য দেখিছে ঠিক তাকেই ভাষাৰ সাজপাৰ পিন্ধাই পাঠকৰ সন্মুখত দাপোনৰ দৰে মেলি ধৰিছে।  কবিতাটি সেয়ে সমাজ সচেতনতাৰ এক প্ৰাগলভ দলিল বুলি ক’ব পাৰি। কবিতাটিৰ ভাষা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অনুশীলন বহীত লিখা  সাধাৰণ গদ্য যেনেই লাগে। ইয়াত কোনো কাব্যিক অলংকাৰো নাই। কিন্তু কবিতাটিৰ বাস্তৱতা আৰু কল্পনাহীনতাই বাস্তৱ কবিতা হিচাপে ইয়াৰ মূল্য বাৰুকৈয়ে বৃদ্ধি কৰিছে। কবিতাটিত কোনো বিশেষ অলংকাৰ নাই যদিও কবিতাটি ৰাম, কৃষ্ণ, কবীৰ, শ্ৰীচৈতন্য, মহম্মদ, আজান, শংকৰদেৱ আদি মহাপুৰুষৰ নামেৰে পৰিপূৰ্ণ। কবিতাটিত বহুতো স্থানৰ নামো আছে যেনে – গাজীপুৰ, অযোধ্যা, মীৰাট, ঢাকা, পাকিস্থান, বোম্বে, আদি। অসমীয়া ভাষাত সাম্প্ৰদায়িতকতাবাদক লৈ বহুতো কবিতা বিভিন্ন কবিয়ে ৰচনা কৰিছে যদিও তাৰে ভিতৰত এই কবিতাটি সাম্প্ৰদায়িকতাবাদৰ ওপৰত লিখা এটি উল্লেখযোগ্য কবিতা।০ ০ ০ 

 

মণিকুন্তলা: এক বিশ্লেষণ

‘মণিকুন্তলা’ কবিতাটি এটি শোকাত্মক কবিতা। কবিয়ে কৈছে, ই ‘বিয়াৰ  প্ৰথম নিশাতেই স্বামীৰ দ্বাৰা নিগৃহীতা এগৰাকী ৰমণীৰ আত্ম পাঠ।’ অৰ্থাৎ নিগৃহীতা ৰমণীজনীয়ে স্বামীৰ দ্বাৰা নিগৃহীতা হৈ যি ভাবিছে তাকেই কবিয়ে মণিকুন্তলাৰ ভাষাত, প্ৰথম পুৰুষত, ব্যক্ত কৰিছে।

স্বামীৰ দ্বাৰা লাঞ্ছিতা হৈ মণিকুন্তলাৰ এক বিশেষ অভিজ্ঞতা হ’ল- জীৱন সম্পৰ্কে, প্ৰেম সম্পৰ্কে আৰু পুৰুষ জাতিৰ প্ৰকৃতি সম্পৰ্কে। অৱশ্যে এই অভিজ্ঞতা মিঠা নহয়, তিতাহে। সেয়ে মণিকুন্তলাই হাচনাহানা ৰাতিৰ কথা শুনিবলৈ বিচৰা নাই। তাই জানে হাচনাহানা ফুলৰ আঁৰত সাপহে  শুই থাকে যি সুযোগ পালেই খুটিব। আনকি তাই সুমধুৰ গান নাইবা কোনেও নুশুঙা ফুলো ছিঙিব বিচৰা নাই।  কিয়নো বাহ্যিক দৃষ্টিত ভাল লগা  সকলো বস্তুৰ আঁৰতে কুৰূপ লুকাই আছে। কবিয়ে কৈছে:

“ভোমোৰাই জানো জানে জোনাক ৰাতি 

হাচনাহানা ফুল ফুলেনে নুফুলে 

তুমি মোক নক’বা হাচনাহানা ৰাতিৰ কথা: 

সুঘ্ৰাণ লই শুই থকা সাপবোৰে ফণা তুলিব

তুমি মোক নুশুনাবা কোনেও নুশুনা গান:

সুৰবোৰৰ তালে তালেমানুহবোৰ  বেসুৰা হ’ব

তুমি মোক নেদেখুৱাবা কোনেও নুশুঙা ফুল:

সৌগন্ধবোৰ  সৰি সৰি দূৰ্গন্ধ ওলাব।”

মণিকুন্তলাই বিয়াৰ আগতে হয়তো ভাবিছিল স্বামীৰ ঘৰলৈ গৈ সুখে-সন্তোষে থাকিব। কিন্তু তাই বাস্তৱ জীৱনত তাৰ ওলোটা ফলহে দেখিবলৈ পালে। তাই স্বামীৰ দ্বাৰা ইমানেই  নিগৃহীতা হৈছে যে আন কাকো ইয়াৰ খবৰ ল’বলৈ বাধা দিছে। সেয়ে কবিয়ে কৈছে:

“তুমি মোক লৈ নাযাবা ৰূপকোঁৱৰৰ দেশলৈ 

:তালৈ গ’লেমানুহবোৰ কুৎসিত হয়,

তুমি মোৰ কাষলৈ নাহিবা বতৰা ল’বলৈ

: মোৰ সমস্ত শৰীৰ জুৰি কোষ্ঠ ৰোগীৰ ভয়।”

মনিকুন্তলাই পূৰ্বৰ সকলো বিশ্বাস হেৰুৱাই পেলাইছে।  সেইবাবেই তাই সতীৰ কাহিনী শুনিবলৈ বিচৰা নাই। তাই ভাৱে স্বামীৰ সন্মুখতেই নাৰী ধৰ্ষিতা হ’ব আৰু কুমাৰী দেহবোৰ পুৰি ছাই হ’ব। কবিৰ ভাষাত:

“তুমি মোক নক’বা সতীৰ কাহিনী

:স্বামীৰ সন্মুখতেই নাৰীবোৰ ধৰ্ষিতা হ’ব

তুমি মোক নুশুনাবা অধিকাৰৰ বাণী

: গৰ্ভৱতী মাতৃৰ অকস্মাতে গৰ্ভপাত হ’ব

তুমি মোৰ বাবে নজ্বলাবা হোমৰ অগনি

:কুমাৰী দেহবোৰ  পুৰি ছাঁই হ’ব।”

ওপৰোদ্ধৃত কবিতাফাকিৰ সাম্প্ৰতিক সমাজত প্ৰাসঙ্গিকতা আছে। আজিকালি ধৰ্ষণৰ সংখ্যা বঢ়িছে, আনকি পৃথিৱীৰ পৰিৱেশো বেয়া হৈ আহি আছে যাৰ বাবে অকস্মাৎ গৰ্ভপাত হোৱাটোও সাধাৰণ কথাত পৰিণত হৈছে। আজিকালি যৌন সংক্ৰান্ত অপৰাধো তুলনামূলকভাবে আগতকৈ বৃদ্ধি পাইছে। নাৰী জাতিৰ আত্ম হননৰ প্ৰৱণতাও বাঢ়িছে। মণিকুন্তলাই এই বাস্তৱ সত্য উপলব্ধি কৰিছে।

মণিকুন্তলাই এনে এখন দেশলৈ যাব বিচাৰে যিখন দেশত আজিলৈ কোনো নাৰী ধৰ্ষিতা হোৱা নাই, যি দেশৰ শিশুৰ অকাল মৃত্যু হোৱা নাই নাইবা বেয়োনেটৰ আঘাতত কোনো মাতৃৰ গৰ্ভপাত হোৱা নাই।  কবিয়ে ইয়াত ‘মণিকুন্তলা’ ৰূপকৰ মাজেৰে এখন আদৰ্শ দেশৰ কথা কল্পনা কৰিছে। কিন্তু এই আদৰ্শ দেশ যে কবিৰ কল্পনা প্ৰসূত নাইবা ইয়াৰ যে কোনো বাস্তৱ ভিত্তি নাই তেনে নহয়। মানৱতাবাদৰ ভিত্তিতে আমি তেনে এখন দেশ পাব পাৰো। কবিয়ে অৱশ্যে ইয়াত মানৱতাবাদ প্রতিষ্ঠাৰ জৰিয়তে এনে এখন দেশ পাব পাৰি তাৰ কোনো ইংগিত কবিতাটোত  দিয়া নাই। কবিয়ে কৈছে:

“তুমি  মোক লৈ ব’লা সেই দেশলৈ:

য’ত কোনো নাৰী আজিলৈ ধৰ্ষিতা হোৱা নাই

তুমি মোক লৈ যোৱা সেই সন্তানৰ কাষলৈ:

মাতৃ স্তন মুখত লৈ যাৰ মৃত্যু হোৱা নাই

তুমি মোক লৈ যোৱা সেই মাতৃৰ বুকুলৈ:

বেয়োনেটৰ আঘাতত যাৰ গৰ্ভপাত হোৱা নাই।”

মণিকুন্তলাৰ দাম্পত্য জীৱনৰ অভিজ্ঞতা ইমানেই তিক্ত যে তাই তথা কথিত মানৱ সমাজৰ পৰা প্ৰকৃতিৰ ৰাজ্যলৈ যাবলৈ বাঞ্ছা কৰিছে। কবিয়ে কৈছে:

“তুমি মোক দাম্পত্য ক্ষুধাৰ বিড়ম্বনা হ’বলৈ নিদিবা সবেৰা:

মোক লৈ ব’লা নদীৰ কাষলৈ- তাৰ সমতলত মোৰ ঘৰ সজাম

মোক লৈ ব’লা আকাশৰ বুকুলৈ – তাত

– তাৰ দিগবলয়ত মানুহবোৰ চাম

য’ত আছে নক্ষত্ৰ পুৰুষ, সূৰ্য সন্তান, প্ৰেমৰ গান, জীৱনৰ গান।”

কবিতাটিৰ ভাষা গদ্যধৰ্মী। ইয়াত কল্পচিত্ৰ আছে; কিন্তু ৰোমান্টিক কবিসকলৰ কবিতাত থকাৰ দৰে কল্পচিত্ৰবোৰ সুদূৰ প্ৰসাৰী নহয়। কবিতাটি ভাষা শৈলীৰ পিনৰ পৰা নহয়, বিষয়-বস্তুৰ দিশৰ পৰাহে এটি আটক ধুনীয়া কবিতা। কবিতাটিৰ আন এটি আকৰ্ষণীয় দিশ হৈছে ইয়াত প্ৰকাশ পোৱা কৰুণ ৰস। কবিতাটি কৰুণ ৰসতে আৰম্ভ হৈছে আৰু কৰুণ ৰসতেই শেষ হৈছে।০ ০ ০

 

বন্ধুবোৰ: এক  বিশ্লেষণ

‘বন্ধুবোৰ’ কবিতাটি দুটা পৰস্পৰ বিপৰীত আদৰ্শবাদৰ কবিতা। কবিতাটি ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত চলা সাম্প্ৰদায়িক আন্দোলনক লৈ লিখা।  সেই আন্দোলনত সাম্প্ৰদায়িকতাবাদৰ বশৱৰ্তী হৈ কিছুমান আন্দোলনকাৰীয়ে নিৰীহ জনগণক হত্যা কৰিছিল; কিন্তু সময় যোৱাৰ লগে লগে সিহঁতবোৰ কেনেকৈ আত্মজাহ গ’ল বা মৃত্যু মূখত পৰিল তাকেই কবিয়ে  কবিতাটিত স্পষ্টভাৱে প্ৰকাশ কৰিছে।

কবিৰ বাবে সকলোৱেই কবিৰ বন্ধু। সকলোৱেই তেওঁৰ আপোন। সেয়ে কবিক হত্যা কৰিব বিচৰা সকলকো কবিয়ে বন্ধু বুলি ভাবিছে। অসম আন্দোলনৰ সময়ত কবিক হত্যা কৰিবলৈ কবিৰ বন্ধুসকলে হত্যাৰ আঁচনিত স্বাক্ষৰ কৰিছিল। কিন্তু পিছত কবিয়ে দেখা পালে যে সিহঁত নিজেই আত্ম হত্যা কৰিছে। কবিৰ ভাষাত:

“মোক হত্যা কৰাৰ আঁচনিত বন্ধুবোৰেই স্বাক্ষৰ কৰিছিল এদিন

সম্প্ৰতি মোৰ সন্মুখতেই নিবিৰ্ববাদে আত্মহত্যা কৰিছে 

কাপুৰুষ বন্ধুবোৰ ।”

কবিৰ বুকু সিহঁতৰ দুৰ্দ্দান্ত দুহাতেৰে চিৰাচিৰ কৰাৰ কথা আছিল। কিন্তু এতিয়া  সিহঁতেই সিহঁতৰ স্বনাভিমূল কাটিছে। কবিৰ তেজেৰে সিহঁতৰ হাত ৰাঙলী কৰাৰ কথা আছিল; কিন্তু বৰ্তমান সিহঁতৰ নিজৰেই হৃদপিণ্ড হত্যাৰ অভিযোগত ধৰ্মঘট কৰিছে। কবিৰ ভাষাত:

“যি দুৰ্দ্দান্ত দুহাতেৰে চিৰাচিৰ কৰাৰ কথা আছিল মোৰ বুকু

সেই দুহাতেৰে বন্ধুবোৰে স্বনাভিমূল কাটিছে, 

উভালিছে নিজৰেই চকু

মোৰ ধমনীৰ তেজেৰে ৰাঙলী কৰাৰ কথা আছিল

বন্ধুবোৰৰ  হাত

এতিয়া নিজৰেই হৃদপিণ্ড হত্যাৰ অভিযোগত 

নিজৰ মাজতেই ধৰ্মঘট।”

বন্ধুবোৰ এতিয়া নিজেই ধবংশৰ পিনে আগবাঢ়িছে। সিহঁতে নিজৰ বুকু ফালি তেজবোৰ কবিৰ গালৈ ছটিয়াইছে। আনকি ইজনে-সিজনৰ পোছাক খুলি ইজ্জত বিক্ৰিৰ পাইকাৰী সমাৰোহ চলাইছে। কবিৰ ভাষাত:

“মই নিষ্পলক দৃষ্টিৰে চাই আছো বন্ধুবোৰৰ চকুলে’

মোৰ চকু মেলি

ক’ব নোৱাৰাকৈ মোৰ চকুলৈ ছটিয়াইছে তেজ, 

সিহঁতৰেই বুকু ফালি।

এতিয়া অন্ধ হৈ বন্ধুবোৰ ইজনে-সিজনৰ 

পোছাক খুলিছে অহৰহ

এন্ধাৰত মুখ ঢাকি আয়োজন কৰিছে

ইজ্জত বিক্ৰিৰ পাইকাৰী সমাৰোহ।”

কবিতাটি ভাষাশৈলী নাইবা কাব্যিক অলংকাৰৰ দিশৰ পৰা চহকী নহয়,  যদিও কবিতাটিয়ে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসম আন্দোলনৰ চিত্ৰ আনকি বৰ্তমান সময়লৈকে হৈ থকা তাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ  স্বাক্ষৰ বহন কৰিছে। কবিতাটি নৈতিক বুলিও ক’ব পাৰি। কিয়নো ইয়াৰ দ্বাৰা কবিয়ে “লোকলৈ বুলি হুল পুতি নিজে মৰিল ফুটি”-  এই নৈতিক যোজনাটোৰ গূঢ়ার্থ  প্ৰকাশ কৰিছে।০ ০ ০

 

আনৱিক:এক বিশ্লেষণ

মানুহৰ হৃদয় আশাৰে ভৰপুৰ। এই আশা জীয়াই থকাৰ আশা, সুখ আৰু শান্তিৰে জীয়াই থকাৰ আশা। কিন্তু আশাৰ লগতে নিৰাশাও আছে। ‘আনৱিক’ শিৰোনামাৰে লিখা কবিতাটি এনেকুৱা আশা আৰু নিৰাশা, পোহৰ আৰু এন্ধাৰ, সুখৰ সপোন আৰু দুখৰ দাউ দাউ চিতা – আদি  পৰস্পৰ বিৰোধী ভাৱধাৰাৰ কবিতা। কবিতাটিত কবিয়ে এফালে আগত দিনৰ ৰঙীন  সুখৰ   সপোন  দেখিছে; আনফালে সেই সপোনবোৰ বাস্তৱৰ কঠিন শিলাত থেকেচা খাই উফৰি পৰিছে। কবিতাটি বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতিত লিখা হৈছে।

ভাৰতেই  নহয় অকল, সমগ্ৰ বিশ্ব জুৰি আনৱিক ধবংস লীলাৰ আখৰা চলে ঘাটে-পথে। আমি সকলোৱেই অসমীয়া, সকলোৱেই ভাৰতীয় । অথচ আমিয়েই আমাক হত্যা কৰি আছো ক্ষুদ্ৰ স্বাৰ্থৰ বশৱৰ্তী হৈ।  মানৱতাৰে ভৰা কবিৰ হৃদয়ে ইয়াক কোনোপধ্যেই গ্ৰহণ কৰিব পৰা নাই। সেয়ে শোক কৰি কবিয়ে কৈছে:

“কুটুমৰ তেজৰ শলিতাৰে বন্তি জ্বলাই 

কোনে বাৰু পোহৰায় আপোন  ঘৰ;

ই যে কি নিৰ্মম সংবাদ!

মৃত্যুৰ মাতাল স্পৰ্শই ছিঙি  নিয়ে হৃদয়ৰ এফাল।”

কবিয়ে দেখা পাইছিল আনন্দ আৰু সৌন্দৰ্যৰ সুভাষেৰে মুখৰিত সেউজ উপত্যকা, আবাদী ফচল আৰু অবিৰতভাৱে বৈ যোৱা আশাৰ নদী। আনকি প্ৰিয়াৰ ওঁঠত এৰি আহিছিল ‘সপোন সাঁচতীয়া চুমা।” অৰ্থাৎ ভৱিষ্যতৰ  ৰঙীন  সপোন, বিচিত্ৰ সুখ-স্বাচ্ছন্দ কবিয়ে সকলোতে আশা কৰিছিল। সেয়ে কবিয়ে গাইছে:

“ইয়াত ক্ষন্তেক আগতে আছিল সেউজ উপত্যকা;

প্ৰাণৰ নন্দন বনত ফুলি আছিল আবাদী ফচল,

আশাৰ অবাৰিত সীমনালৈ’ বৈ  যোৱা এখনি নদী।”

…………………

দোকমোকালিতে মানুহবোৰে প্ৰিয়াৰ ওঁঠত এৰি আহিছিল

সুবৰ্ণ ভৱিষ্যতৰ একাজলি সপোন-সাঁচতীয়া চুমা;

পাট গাভৰুৱে গ্ৰীষ্মৰ পুৱাটি প্ৰেমিকলৈ উৎসৰ্গ কৰি!

ৰিহাৰ আঁচলত সযতনে সাঁচিছিল প্ৰিয়জনৰ ঠিকনা !”

কিন্তু কবি ইছমাইল হোছেইনে  অলপ পিছতে সেইখিনি দেখিবলৈ নাপালে। নদীৰ পৰিৱৰ্তে দেখিবলৈ পালে তেজৰ হেঙুলসনা আকাশ, আবাদী ফচলত পালে বিষ্ফোৰিত  দেহৰ টুকুৰা। সেয়ে কবিয়ে বিষাদত চিত্ৰিত কৰিছে:

“ইয়াত এতিয়া নদী নাই, আছে তেজৰ হেঙুল সনা আকাশ,

ফচলৰ থোকত নাচি আছে বিস্ফোৰিত দেহৰ টুকুৰা;

তেজে তুমৰলি বন্য মাদকতাৰ নঙঠা পথাৰ।”

ইয়াত হয় অপ্ৰত্যাশিত হত্যা। কোন কেতিয়া অকাল মৃত্যুত শৰণ লয় সম্ভৱতঃ যম দেৱতায়ো নাজানে! দৰিদ্ৰতাই কৰ্ষণ কৰা  দেউতাকে সন্ধিয়া ৰুটি লৈ আহিব বুলি বাট চাই থকা বুভুক্ষ শিশুটি সন্ধিয়া পোৱাৰ আগতেই খবৰ পায় দেউতা বোমা বিষ্ফোৰণত প্ৰাণ হেৰুৱা বুলি। কবিয়ে তাকে কৈছে:

”আবেলি পৰত দেউতাকে আহিব বুলি

ৰুটিৰ বাবে ৰৈ আছে বুভুক্ষ শিশুটি

তাৰ ভৰিৰ তলত এতিয়া বিষ্ফোৰিত মাটি।”

কবিতাটি কবি ইছমাইল হোছেইনৰ গতানুগতিক গদ্যত ৰচিত। ইয়াত কল্পচিত্ৰ আছে কিন্তু কল্পচিত্রবোৰ কাব্যধৰ্মী হোৱাতকৈ বাস্তৱধৰ্মীহে হৈছে। কল্পচিত্ৰৰ প্ৰয়োগে প্ৰমাণ কৰে কবি ইছমাইল সমাজ সচেতন আৰু বাস্তৱমুখী ৰমন্যাস বিমুখ কবি যদিও কেতিয়াবা তেওঁৰ কল্পচিত্ৰই ৰোমান্টিক পৃথিৱীৰ পৰিসীমা চুইছে।০ ০ ০

 

আত্মপাঠ: এক  বিশ্লেষণ

পৃথিৱীত যিমানে সমাজবাদৰ ঢৌ উঠিছে মানুহ সিমানে ব্যক্তিকেন্দ্ৰিক হৈ আছে। আগৰ কালৰ কবি-সাহিত্যিকসকলে নিজকে লুকাই ৰাখি ৰজা মহাৰজাসকলৰ গুণ-গান কৰিছিল আৰু মানৱ সমাজত আধ্যাত্মিক চিন্তাৰ খোৰাক যোগাইছিল। কিন্তু ক্ৰমে ক্ৰমে মানুহসকল ইমানেই ব্যক্তিকেন্দ্ৰিক আৰু আত্মমুখী হৈ পৰিল যে এতিয়া কবি, সাহিত্যিক আৰু শিল্পীসকলে আত্ম অনুভূতি, আত্ম চিন্তা-চর্চা লৈয়ে ব্যস্ত। সেয়ে ভূপেন হাজৰিকাই এটি গীতত কৈছে:

“আগৰ কবিসকলে ৰচিছিল 

ৰজা মহাৰজাৰ কথা

আজিৰ কবিসকলে কয়

নিজৰ নিজৰ কথা।”

কবি ইছমাইল হোছেইনো ব্যক্তিসত্বাক অগ্ৰস্থান দিয়া কবি। তেঁৱো আন আন কবি সাহিত্যিকসকলৰ দৰে মাজে মাজে একান্তই নিজৰ কথা কৈছে।  ‘আত্মপাঠ’ নামৰ কবিতাটি তেনেকুৱা মায়াবাদী (egoism) কবিতা। কবিতাটিত কবিয়ে আত্ম অভিজ্ঞতাৰ ক্ৰম বিকাশ ফুটাই তুলিছে। অৱশ্যে ইয়াৰ মাজেৰে তেওঁৰ দৰিদ্ৰ অৱস্থা আৰু সমাজৰ পৰা পোৱা নিৰ্যাতনৰ দলিলো অংকন কৰিছে।

প্ৰথমে কবিয়ে বাল্যকালত ভোগা বা সন্মুখীন হোৱা দুখ-দৰিদ্ৰতাৰ ছবি আঁকিছে। সাধাৰণ কৃষক বা শ্ৰমিক শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে ভোগ কৰা সকলো প্ৰকাৰৰ দৰিদ্ৰতাৰ কৰ্ষণ কবি ইছমাইল হোছেইনৰ জীৱনতো ঘটিছে। সেয়ে তেওঁ কৈছে যে যিদিনা তেওঁ আইৰ জৰায়ু ফালি ভূমিষ্ঠ হৈছিল সিদিনা তেওঁৰ আশ্ৰয়ৰ বাবে নাছিল কোনো নিগাজী ঘৰ, পাচঁ বছৰ বয়সতেই শ্ৰমিকৰ পোছাক পৰিধান কৰিব লগা হৈছিল, জমিদাৰৰ খেতিত কাম কৰিব লগা হৈছিল, দৰ্জীৰ দোকানত কাম কৰি পঢ়াশালিৰ খৰচো উলিয়াইছিল। কবিৰ ভাষাত:

“কিদৰে পাহৰো মই যে আছিলো এদিন অবোধ শিশুঃ

আইৰ জৰায়ু ফালি ভূমিষ্ঠ হোৱা দিনটোত আশ্ৰয়ৰ 

বাবে নাছিল নিগাজী ঘৰ

মূৰৰ ওপৰত আছিল শুভ্ৰ জোনাক

ভৰিৰ তলেদি বৈ  গৈছিল দুখৰ কোৱাল নদী

মই পাহৰা নাই পাঁচ বছৰ বয়সতেই যে 

শিশু শ্ৰমিকৰ পোছাক পিন্ধিছিলো 

মই পাহৰা নাই পাঁচ বছৰ বয়সতেই 

দেউতাৰ স’তে জমিদাৰৰ খেতিত কাম কৰিছিলো

পাহৰা নাই যে দৰ্জীৰ  দোকানত কাম কৰি 

পঢ়াশালিৰ খৰচ উলিয়াইছিলো।”

কবিয়ে ভোগা দৰিদ্ৰতাৰ যন্ত্ৰণা তাতেই ক্ষান্ত হোৱা নাছিল, ই চলি আছিল স্ৰোতস্বিনীৰ অবাৰিত স্ৰোতৰ দৰে। সেয়ে তেওঁ দৰ্জ্জীৰ দোকানত কাম কৰাৰ উপৰিও দেওবৰীয়া বজাৰৰ দোকানে দোকানে মমবাতি বিক্ৰি কৰিছিল। কিন্তু তেওঁৰ দুখ যে তেওঁ মমবাতিৰ পোহৰত নিজৰ জন্ম দিনৰ উৎসৱ কোনো দিনে পাতিব পৰা নাছিল। কোনো দিনে নতুন কাগজত জন্ম দিনৰ তাৰিখটোও লিখিব পৰা নাছিল। আনকি নতুন পোছাক পিন্ধি কোনো পুৱাক আদৰিব পৰা নাছিল। শ্ৰমিকৰ সংজ্ঞা কি তাক তেওঁ পাঁচ বছৰ বয়সতেই বুজিছিল যদিও শিশু শ্ৰমিকৰ প্ৰাপ্য মজুৰি আন আন শিশুৰ দৰে তেৱোঁ কোনো দিন হাতত লৈ পোৱা নাছিল। কবিৰ  আত্ম ভাষাত:

“পাহৰা নাই  মই যে বহু দিন দেওবৰীয়া 

বজাৰৰ দোকানে দোকানে মমবাতি বেচিছিলো

অথচ মমবাতিৰ পোহৰত কোনো দিনে 

মোৰ জন্মোৎসৱ পতা নাই

নতুন কাগজত লিখি পোৱা নাই মোৰ 

জন্ম দিনৰ সঠিক ঠিকনা

নতুন পোছাক পিন্ধি এটি নতুন ৰাতিপুৱাক

আদৰিব পৰা নাই

শিশু শ্ৰমিকৰ প্ৰাপ্য মজুৰি কোনো দিনে  

হাতত লৈ পোৱা নাই।

অথচ শ্ৰমিকৰ সংজ্ঞা কি বুজিছিলো

যেতিয়া মোৰ বয়স পাঁচ।”

কিন্তু পাঁচ বছৰ বয়সতে যদিও শ্ৰমিকৰ  সংজ্ঞা কি তাক বুজি পাইছিল, তথাপি তেওঁৰ বহুত কিবা কিবি বুজিবলৈ বাকী আছিল। সেয়ে তেওঁ কৈছে:

“যেতিয়া মোৰ বয়স ছয় শ্ৰেণী-বন্ধু, শ্ৰেণী-শত্ৰু কি জনা নাছিলো

যেতিয়া মোৰ বয়স সাত শ্ৰেণী-দ্বন্দ্ব, 

শ্ৰেণী-সংগ্ৰাম কি জনা নাছিলো

যেতিয়া মোৰ বয়স ন ন্যায়, অন্যায় কি জনা নাছিলো।”

কিন্তু বয়স হৈ অহাৰ লগে লগে তেওঁ সকলো বুজি উঠিল। বুজি উঠিল শোষণ মানে কি, ন্যায় মানে কি, শ্ৰেণী-দ্বন্দ্ব মানে কি আৰু বুজি উঠিল স্বাধীনতা মানে কি।

“এতিয়া মই সকলো বুজো:

যেতিয়া খাদ্যহীন হৈ শিশুৰ মৃত্যু হয়

তেতিয়া বুজো শোষণ মানে কি

যেতিয়া হত্যাকাৰীয়ে আদালতত মুক্তি পায়

তেতিয়া বুজো ন্যায় মানে কি

যেতিয়া শ্ৰমিকৰ শোভাযাত্ৰাত গুলিবৰ্ষণ হয়

তেতিয়া বুজো শ্ৰেণী-দ্বন্দ্ব মানে কি

যেতিয়া নাৰী মুক্তিৰ যুগতো নাৰী ধৰ্ষণ হয়

তেতিয়া বুজো স্বাধীনতা মানে কি।”

কেৱল যে কবি নিজেই কথাবোৰ বুজে বা উপলব্ধি কৰে সেয়া নহয়, কবিৰ লগতে কৌটি কৌটি নাগৰিকেও এই  একেধৰণৰ প্রশ্নবোৰ নিজৰ ভিতৰতে সদৰি কৰে। অৱশেষত কবিয়ে ভাৰতবৰ্ষৰ পিনে চকু দি দুৰ্নীতিৰ বিষয়ে কৈছে:

“মোৰ দৰে কৌটি কৌটি নাগৰিকেই আত্ম পাঠত 

নিজৰ কথাবোৰ সদৰি কৰে

আৰু কৌটি কৌটি জনতাই জীয়াই ৰাখিছে

লাঞ্ছিতা ভাৰতবৰ্ষ

ইয়াক জাতি, ধৰ্ম, ভাষাৰ নামত বহুবাৰ ধৰ্ষণ কৰা হৈছে

আৰু বহুবাৰ সমাধিস্থ কৰা হৈছে 

ইয়াৰ ইতিহাস আৰু ঐশ্বৰ্য।”

কবিয়ে এতিয়া সকলো বুজি পাইছে। সম্ভৱতঃ আৰ্থিক ভাৱেও কিছু পৰিমাণে স্বচ্ছল হৈছে; কিন্তু বাল্যকালত বা যৌৱন কালত ভোগা লাঞ্ছনা কেতিয়াও পাহৰা নাই। কবিয়ে আনকি আই মাতৃক ধৰ্ষণ কৰা বহুমুখী মুখবোৰো  চিনি পাইছে। 

“মূলতঃ মই পাহৰা নাই মই যে আছিলো 

এদিন আইৰ অবোধ শিশু

আৰু এতিয়া চিনি পাইছো আইক ধৰ্ষণ কৰা 

বহুৰূপী মুখ।”

কবি ইছমাইল হোছেইন সমাজৰ কবি, দেশৰ কবি, নীপিড়িত, নিৰ্যাতিতৰ কবি। তেওঁৰ প্ৰতিটো কবিতাই অৱক্ষয়ী সমাজৰ দলিল স্বৰূপ, কিন্তু এই কবিতাটিত তেওঁৰ নিজৰ অৱস্থাৰ লগতে সমাজক উদংকৈ দেখুৱাবলৈ সম্পূৰ্ণৰূপে সক্ষম হৈছে। সেয়ে এই কবিতাটি তেওঁৰ ‘জীৱন আৰু মানুহ বিষয়ক‘ কবিতা সংকলনৰ কবিতা সমূহৰ মূলমন্ত্ৰ বুলি ক’ব পাৰি। কবিতাটিৰ ভাষা সম্পূৰ্ণ ৰূপেই গদ্যধৰ্মী আৰু গদ্যৰে যে সম্পূৰ্ণ নিভাঁজ আৰু উৎকৃষ্ট কবিতা ৰচিব পাৰি ‘আত্মপাঠ’ তাৰেই উদাহৰণ।০ ০ ০

 

মোক আকোৱালি লোৱা: এক বিশ্লেষণ

মানৱ জাতিয়ে বিংশ শতাব্দীত বিজ্ঞানৰ চৰম সীমাত উপনীত হৈয়ো বৰ্বৰতা বা আদিম যু্দ্ধ প্রবৃত্তি  এৰিব পৰা নাই। সেয়ে বিংশ শতাব্দীৰ প্ৰথম পাঁচোটা দহকতে দুটা বিধবংশী বিশ্বযুদ্ধ সংগঠিত হৈ গ’ল। মৰিল লক্ষ লক্ষ মানুহ। এই দুখন বিশ্ব যুদ্ধৰ ধোৱা ছাঁই মাৰ নেযাওঁতেই আকৌ আৰম্ভ হ’ল ইৰাক-আমেৰিকাৰ যুদ্ধ। অকালতে প্ৰাণ দিলে বহুতে। সম্পদ নষ্ট হ’ল অনেক। “মোক আকোৱালি লোৱা” শিৰোনামাৰ কবিতাটি এই ইৰাক-আমেৰিকাৰ যুদ্ধৰ পটভূমিতেই লিখা। ইয়াত  কবিয়ে এজন যুদ্ধৰ প্ৰতি বীতশ্ৰদ্ধ আমেৰিকীয় সৈনিকৰ বিলাপ  বৰ্ণনা কৰিছে।

সেই অনামী আমেৰিকীয় সৈনিকজন স্বভাৱতে আছিল শান্তিপ্ৰিয়। সেয়ে তেওঁ অনিচ্ছা সত্বেও যুদ্ধত মানুহ হত্যা কৰি বহুত দুখ পালে। কিন্তু তেওঁৰ কোনো উপায় নাছিল। চৰকাৰৰ হাতত তেওঁ এটা যন্ত্ৰহে। বিষাদত তেওঁ সময় আৰু শিলক সম্বোধি তেওঁক আকোৱালি ল’বলৈ কৈছে। কিয়নো যুদ্ধৰ বিভীষিকা দেখি সৈনিকজন জড় হৈ পৰিছে। কবিয়ে সৈনিকজনৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ গৈ লিখিছে:

“তোমাৰ নিমজ বুকুত মোক আকোৱালি লোৱা হে সময়

তোমাৰ কঠিন হৃদয়েৰে মোক আকোৱালি লোৱা হে শিল

তাহানি জাৰ্মানীৰ পৰা নাগাচাকি, হিৰোচিমা হৈ আহোতে

যুদ্ধৰ বিভীষিকা দেখি মই জড় হৈ পৰিছো।”

দ্বিতীয়তে, কবিয়ে গছ আৰু মাটিক সম্বোধি নিজকে অংকুৰিত হ’বলৈ আৰু ফল হৈ পকিবলৈ প্ৰাৰ্থনা কৰিছে:

“ফুল হৈ ফুলাৰ আগতেই সৰি পৰিছো ডালৰ পৰা

সম্প্ৰতি মোৰ পৰা ক্ৰমে আঁতৰি আহিছো মই

তুমি মোক ফল হৈ পকিবলৈ দিয়া হে সেউজ গছ

তুমি মোক অংকুৰিত হৈ গজিবলৈ দিয়া হে শীতল মাটি।”

পাৰস্য উপসাগৰৰ যুদ্ধত সৈনিকজনৰ নতুনকৈ আৰু বেছি অভিজ্ঞতা হ’ল। তেওঁ সেই যুদ্ধত মৃত সৈনিকৰ শৰীৰ চুই আহিছে। তেজেৰে হাত, ভৰি, মুখ ধুই আহিছে। তাত কবৰ দি আহিল বহুতো অচিন বন্ধুক । কবিৰ ভাষাত:

“পাৰস্য উপসাগৰত মৃত সৈনিকৰ বুকু চুই এইমাত্ৰ আহিছো মই

তেজেৰে ধুই আহিছো হাত, ভৰি, চকু, মুখ

ৰণ থলিৰ পৰা বুটলি আনিছো অচিন বন্ধুৰ  স্মৃতি ফলক।”

ইয়াৰ পিছত সৈনিকজনে যুদ্ধত তেওঁৰ ভূমিকাৰ বিষয়ে কৈছে।  সৈনিকজনে যুদ্ধৰ ৰাগীত উলংগ হৈ পৰিছে, যুদ্ধ-উন্মত্ত  হৈ দৌৰি ফুৰিছে দেশৰ পৰা দেশ। নদ, সাগৰ, পুখুৰীত ঢালিছে বিহ। বৰ্বৰ চিকাৰীৰ দৰে ৰুণ দিয়া কপৌ (শান্তিৰ প্ৰতীক) ক হত্যা কৰিছে আৰু বাৰুদেৰে বিষাক্ত কৰিছে চৌদিশৰ বতাহ। অৰ্থাৎ চাৰিওফালে যুদ্ধৰ বিভীষিকাৰ সৃষ্টি কৰিছে। কবিৰ ভাষাত:

“যুদ্ধৰ ৰাগীত হিৰোচিমাতেই খুলি থৈ আহিছো পোছাক

দেশে দেশে যুদ্ধোন্মত্ত হৈ দৌৰি ফুৰিছো

নদী, সাগৰ, পুখুৰী, সকলোতে বিষ ঢালিছো

বৰ্বৰ চিকাৰীৰ দৰে ৰুণ দিয়া কপৌবোৰক হত্যা কৰিছো

বাৰুদেৰে বিষাক্ত কৰিছো চৌপাশৰ বতাহ।”

সৈনিকজনে উক্ত ভুমিকাবোৰ স্ব ইচ্ছাই গ্ৰহণ কৰা নাই। তেওঁ আমেৰিকীয় চৰকাৰৰ কিনা গোলামহে। তেওঁক আজীৱন ধবংশ লীলাৰ আখৰা দিয়া হৈছে।

“যুদ্ধবাজ আমেৰিকাৰ মই কিনা গোলাম

মোক আজীৱন শিকোৱা হৈছে যুদ্ধৰ বৰ্বৰ কৌশল

শিশুবধৰ আখৰা আৰু সভ্যতা ধবংশৰ ভাওনা।”

জীৱন সম্পৰ্কে সৈনিকজনৰ কোনো বিশেষ অনুভূতি নাই; কিয়নো তেওঁৰ পৰা সকলো অনুভূতি কাঢ়ি নিয়া হৈছে। সেয়ে এতিয়া তেওঁ কাতৰ কণ্ঠে শিল, মাটি, গছ আদিক প্ৰাৰ্থনা জনাইছে:

“তুমি মোক আকোৱালি লোৱা হে শিল-

মই শস্য হ’ম

তুমি মোক আকোৱালি লোৱা হে গছ-

মই ফুল হ’ম

তুমি মোক আকোৱালি লোৱা হে মাটি-

মই ফল হ’ম

আৰু নিহত সৈনিকৰ মুখত তুলি দিম

এমুঠি আহাৰ।”

কবিতাটি শোকাত্মক আৰু কৰুণ ৰসেৰে সিক্ত। কবিতাটিত যুদ্ধৰ উন্মাদ বিভীষিকা আৰু ইয়াৰ ফলত সৃষ্টি হোৱা ধবংশ যজ্ঞ আৰু তাৰ প্ৰতিক্ৰিয়াৰ প্ৰতিটি দিশ অংকিত হৈছে। কবিতাটি সৰল, গদ্যধৰ্মী আৰু মানস চিত্রবোৰ  উপেভাগ্য।০ ০ ০

 

মই এখন দেশ বিচাৰিছো আৰু এখনি নদী: এক  বিশ্লেষণ

মানুহ আশা লৈ জীয়াই থাকে – এই আশা শান্তি-সমৃদ্ধিৰে জীয়াই থকাৰ আশা। কিন্তু অপ্ৰত্যাশিতভাৱেই নিশাৰ ঘোৰ অন্ধকাৰে আশাৰ বাৰেবৰণীয়া ৰামধেনুক ঘেৰি ধৰে। ফলত মানৱ জীৱন হৈ পৰে আশা-নিৰাশাৰ প্ৰৱল ঢৌ। কবি ইছমাইলৰ ‘মই এখন দেশ বিচাৰিছো আৰু এখনি নদী’ তেনে আশা-নিৰাশাৰ দোমোজাৰ কবিতা। কবিয়ে ইয়াত সুখ-স্বাচ্ছন্দেৰে ভ’ৰপুৰ এখন আদৰ্শ সমাজৰ সপোন  দেখিছে আৰু সেই দেশখন বিচাৰি বাস্তৱত নাপাই নিৰাশাত ভাগি পৰিছে।

কবিয়ে চাতক পখীৰ দৰে তৃষ্ণাৰ্ত হৈ এখন আদৰ্শ  দেশ বিচাৰিছে। বহুতক প্ৰশ্ন কৰিছে  সেই দেশখনৰ স্থিতিৰ বিষয়ে। তেওঁ আনকি নাজানে তেওঁ বিচৰা আশাৰ নদীটো এটা সমন্বয়ৰ প্ৰতীক নে এক বিধবংশী গতি নাইবা তেওঁ বিচৰা দেশখন এটা সম্প্ৰদায়ৰ নাম নে এটা কঙাল জাতি। সেয়ে দ্যোদুল্যমান অৱস্থাত পৰি কবিয়ে চিঞৰি উঠিছে:

“চাতক পখীৰ দৰে অহৰহ বিচাৰিছো

সীমাহীন এখন দেশ, এখনি বহল নদী

বহুবাৰ তোমাক সুধিলো- কিমান বাৰু গভীৰ

নদীৰ বুকু ,ক’তেইবা সেই দেশ

তুমিতো নক’লা নদী এটা সমন্বয়ৰ প্ৰতীক

নে এক বিধবংশী গতি

তুমিতো নক’লা দেশ এটা সম্প্ৰদায়ৰ নাম নে 

দেশ এটা কঙাল জাতি।”

নদীক সাধাৰণতে দুখ-বেদনাৰ লগতে ভালেপাৱাৰ প্ৰতীক বুলি ধ’ৰা হয়। দেশ এখনক শিশুৰ মুখৰ দৰে কোমল আৰু মাকৰ বুকুৰ দৰে মৰমীয়াল বুলি কোৱা হয়। কিন্তু কবিয়ে বাস্তৱত সেয়া পোৱা নাই। কবিৰ বাবে দেশখন হৈ পৰিছে ‘শুকান ৰুটিৰ দৰে নিৰস’, ‘নিচলা শিশুৰ দৰে অনুজ্জ্বল’ আৰু ‘অনুবৰ্বৰ পথাৰৰ দৰে’ । অৰ্থাৎ কবিয়ে ভৱা আৰু পোৱাৰ মাজত বিশাল পাৰ্থক্য দেখা পাইছে। কবিয়ে কৈছে:

“মই ভাৱিছিলো: শুকান ৰুটিৰ দৰে নিৰস

নিচলা শিশুৰ দৰে অনুজ্জ্বল

অনুবৰ্বৰ পথাৰৰ দৰে নদী।

অথচ নদীক কোৱা হয় প্ৰেমৰ বণিক

নিতে কঢ়িয়াই ভালেপাৱা, চেনেহ, বেদনা

মই ভাৱিছিলো: দেশ এটা ক্লীৱ পদাৰ্থ, 

উচ্ছন্ন বিৰিখৰ দৰে মৃত এটি পিণ্ড

নৱজাত শিশুৰ দৰে কোমল,

মাকৰ বুকুৰ দৰে মৰমীয়াল বুলি কোৱা হয় দেশ

য’ত বিৰাজ কৰে এহেজাৰ এটা আকাল

উদং থাকে চিৰকাল শইচৰ পথাৰ।”

কবিয়ে জানে নদী, দেশ, সভ্যতাৰ ইতিহাস। কিন্তু কবিয়ে সাধাৰণতে জনাৰ দৰে বাস্তৱত সেইখিনি পোৱা নাই। কবিয়ে দেখা নদীয়ে অবাঞ্চিত ঢল বোৱাই নষ্ট কৰে খেতি-পথাৰ। অৰ্থাৎ  আজি দেশ আৰু নদী এটা অৰ্থহীন কবিতা আৰু এজন চণ্ডাল কবিৰ দৰে অহংকাৰী। কবিয়ে সেয়ে কৈছে:

“নদী: এটা জাতি, এখন দেশৰ সভ্যতাৰ ইতিহাস

অথচ উত্তাল সময়ৰ দৰে আমাৰ দেশত

নদীয়ে ধোৱায় শইচৰ পথাৰ

নদীত অবাঞ্চিত ঢল নামে, অস্থিৰ তৰঙ্গই

পাৰ ভাঙি নাচে নদীৰ বুকুত

আজিৰ দেশ আৰু নদী: যেন এটি অৰ্থহীন কবিতা 

আৰু এজন চণ্ডাল কবি।”

কবিয়ে সেই শান্তিৰে ভ’ৰা দেশখন বিচাৰি গৈ গৈ ভিয়েটনামী গাভৰুক সুধিছে, সুধিছে নিগ্ৰো বন্ধুক  আৰু সুধিছে এজন স্বদেশী বন্ধুক । সকলোৱেই কিবা নহয় কিবা উত্তৰ দিছে, কিন্তু কোনো উত্তৰে  কবিক সন্তুষ্টি দিব পৰা নাই।  কবিৰ ভাষাত:

“নিজৰ উদং বুকুত হাত থৈ সেইখন দেশ বিচাৰিছিলো

তোমাৰ উষ্ণ বুকুৰ উমান লৈ সেইখনি নদী বিচাৰিছিলো, মাথো বিচাৰিছিলো

এজনী ভিয়েটনামী গাভৰুক সুধিলো:

সেইখনি ৰূপহী নদী ক’ত?

এজন আত্বীয়ৰ দৰেই উত্তৰ  দিলে: 

সেইখনি নদী তোমাৰ তেজৰ প্ৰবাহত

এজন নিগ্ৰো বন্ধুক  সুধিলো-

সেইখন বিশ্বাসৰ দেশ ক’ত ? কি তাৰ নাম?

এজন সহোদৰৰ দৰেই উত্তৰ  দিলে –

সেইখন দেশ তোমাৰ শস্যৰ পথাৰত

এজন স্বদেশীক সুধিলোঁ – ক’তনো 

সেই প্ৰেম, ভালেপাৱাৰ দেশ আৰু নদী?

তেওঁ বিমূঢ়  হৈ নত শিৰে গুচি গ’ল এজন বোবাৰ দৰে।”

কবিয়ে যি উত্তৰ  পাইছে হয়তো তাতেই তেওঁৰ কাঙ্খিত দেশ আৰু নদী। কিন্তু বাস্তৱত বিচাৰি নাপাই হাবাথুৰি খাইছে। সিহঁতে দেখুৱাই দিয়া দেশবোৰত মীৰাট, মুৰদাবাদ, নেলী অথবা ভিবান্দি আছে- য’ত হাজাৰ হাজাৰ মানুহৰ অকাল মৃত্যুয়ে দিন দুপুৰতে কিৰীলি পাৰে। সেয়ে কবিয়ে বিচাৰি গৈছে:

“মই এখন দেশ বিচাৰিছো আৰু এখনি নদী

বিশ্বাসৰ বহল নদী

য’ত তুমি বিচাৰি নোপোৱা মীৰাট, মুৰদাবাদ

নেলী অথবা ভিবান্দি

এইখন পৃথিৱীতে এখন নতুন পৃথিৱী

বিচাৰি চলাথ কৰিছোঁ

য’ত স্বাধীনতা, মানৱতা, আৰু শান্তি নহয়

চিৰকাল বন্ধী।”

বিষয়-বস্তুৰ দিশৰ পৰা কবিতাটি আলোক-সন্ধানী কবিতা। নিৰাশাৰ মাজতেও কবিয়ে আশাৰ  আলো বিচাৰিছে। সেই দিশৰ পৰা কবিতাটি আধুনিক কবিতাৰ ইতিহাসত এক বিশেষ প্ৰভাৱশালী কবিতা কাৰণ কবি ইছমাইল হোছেইনৰ দৰে প্ৰতিজন কবি-সাহিত্যিকেই যদি এনে এখন দেশৰ সন্ধান কৰে তেন্তে নিশ্চয় তেনে দেশ এখন  আমি পাব পাৰো বুলি আমি আশা কৰিব পাৰি।  ভাষা আৰু কাব্যিক আঙ্গিকৰ দিশৰ পৰা কবিতাটি আটকধুনীয়া। ইয়াৰ বিশেষ আকৰ্ষণীয় দিশটো হ’ল ইয়াত ব্যৱহাৰ কৰা সৰল কল্পচিত্রবোৰ।০ ০ ০

 

 সংগোপনে: এক বিশ্লেষণ

আধুনিক যুগ হৈছে বিজ্ঞানৰ যুগ, সভ্যতাৰ চৰম উন্নতিৰ যুগ, লগতে এই যুগক মানৱতাবাদৰ যুগ বুলিও কোৱা হয়। কিন্তু এই যুগ ইমানবোৰ আলংকাৰিক বিশেষণ থকা সত্বেও অন্যায়, অবিচাৰ, অনীতি, অধৰ্ম চলি আছে এক গতানুগতিক ছন্দত। আন কথাত বৰ্তমান যুগ হৈছে, “বাহিৰে ৰং চং ভিতৰে কুৱাভাতুৰী”- ৰ যুগ। কবি ইছমাইল অন্তৰ্দৃষ্টি সম্পন্ন কবি। সমাজৰ  সাধাৰণ লোকচক্ষুৰ অন্তৰালত কি ঘটি আছে তাৰো ছবি তেওঁৰ দৃষ্টিপটত ধ’ৰা নপৰাকৈ নাথাকে। ‘সংগোপনে’ শিৰোনামাৰে লিখা কবিতাটি কবি হোছেইনৰ অন্তঃচক্ষুত ধ’ৰা দিয়া সমাজৰ ভেকোভাওনা  উদংকৈ দেখুওৱা যুগোপযোগী বাস্তৱ কবিতা। ‘সংগোপন’ শব্দটি ইয়াত কবিয়ে অভিধানিক সাধাৰণ অৰ্থৰ পৰা চেৰাই গৈ ব্যঙ্গ ridicule) অৰ্থত ব্যৱহাৰ কৰিছে। কিয়নো সমাজত যিবোৰ অনীতি চলি আছে সেইবোৰ সকলোৱে প্ৰত্যক্ষ কৰে, সকলোৱে জানে অথচ ওপৰুৱা দৃষ্টিত গোপনে কৰা হয়।

কবিয়ে দেখা পাইছে যে যদিও ভাৰতবৰ্ষ এখন ধৰ্মনিৰেপক্ষ দেশ তথাপি ধৰ্মৰ পক্ষপাতিত্বই  সাম্প্ৰদায়িকতাবাদৰ জন্ম দিছে। তাৰ ফলত সমাজত অৰাজকতা, অশান্তি বাৰুকৈয়ে বৃদ্ধি পাইছে। ধৰ্ম নিৰেপক্ষতাবাদ কিতাপৰ পৃষ্ঠাতে লিপিবদ্ধ হৈ আছে; বাস্তৱ ক্ষেত্ৰত ধৰ্মৰ নামত চলি আছে বেশ্যাৰ জাত কাৰখানা, ঠগ প্ৰৱঞ্চনা,  শোষণ , অৰাজকতা ইত্যাদি। যদিও ইয়াত দেখদেখকৈ  আইন আছে, প্ৰতিৰক্ষাৰ বিভাগীয় কৰ্মচাৰীসকল আছে  কিন্তু সকলো জঠৰ। সেয়ে কবিয়ে কৈছে:

“কিনো ঘটা নাই ইয়াত

হত্যা, ধৰ্ষণ, শিশুবধ, আত্মহত্যা, ভাওনা·

সংগোপনে চলিছে সকলো ব্যৱস্থা-

ধৰ্মৰ গোপন বজাৰ

সম্প্ৰদায়ৰ ভণ্ড কৰ্মশালা

বেশ্যাৰ জাত কাৰখানা

সংগোপনে চলা নাই কি-

ঠগ, প্ৰৱঞ্চনা, শোষণ, অৰাজকতা।”

সমাজত ভণ্ডামী আৰু অৰ্থনৈতিক দিশত পুঁজিবাদী আৰু কলা বজাৰৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে ইয়াত শিক্ষিত নিবনুৱাৰ সৃষ্টি হৈছে। উচ্চ শিক্ষিত সকল চাকৰিৰ বাবে উৎকোচ দিব পৰা নাই। ফলত সিহঁত সমাজৰ চকুত হৈ পৰিছে অকাল-কুষ্মাণ্ড। বুদ্ধিজীৱিয়ে কৰ্মসংস্থাপন নাপাই মজুৰি কৰিব লগা হৈছে। ফলত সিহঁতৰ প্ৰতিভাত ঘূণে ধৰিছে। অভাৱৰ তাড়ণাত মাতৃয়ে শিশুক ত্যাগ কৰিছে। এইবোৰৰ অন্তৰালত যি ছল-চাতুৰী লুকাই আছে সেইবোৰ কবিৰ চকুত ধ’ৰা পৰিছে। সেয়ে কবিয়ে ক’বলৈ সাহস কৰিছে:

“দিন হাজিৰাত বিক্ৰি হৈছে বুদ্ধিজীৱিৰ মগজু

অভাৱৰ তাড়নাত মাতৃয়ে বেচিছে শিশু।

কিনো ঘটা নাই ইয়াত

সংগোপনে চলিছে সকলো ব্যৱস্থা

কোনেও কাকো জানিবলৈ দিয়া নাই ভিতৰুৱা কথা।”

আজিৰ যুগক যদিও মানৱতাবাদৰ যুগ বুলি কোৱা হয়, কিন্তু এই যুগত সুবিধাবাদীৰ অবাধ বিচৰণ। কাকত-আলোচনীয়ে চৰকাৰৰ পৰা অলপ সুবিধা আদায় কৰাৰ মানসেৰে চৰকাৰৰ দুর্নীতিবোৰ লুকাই ৰাখিছে। নাইবা কোনোৱে আচল সত্য উদ্ঘাটন কৰিলে বা প্ৰকাশ কৰিলে নিজৰ ‘মূৰ উৰি  যাব পাৰে’- এনেকুৱা ভয়ত সত্য লুকাই ৰাখি অসত্যকে ৰহণ লগাই জন সাধাৰণক ভালৰি বুলাইছে। সেইদৰে ৰাজনীতিতো আদৰ্শৰ চৰম অধঃপতন নামি আহিছে। নেতাবোৰে মুখেৰে এটা কয় কামেৰে আন এটা দেখুৱায়। কবি প্ৰাণ এনেবোৰ  ভণ্ডামী নিৰীক্ষণ কৰি থিৰেৰে থাকিব নোৱাৰি ক’বলৈ বাধ্য হৈছে:

“সংগোপনে কাকতে সলাইছে খবৰ

ৰাজনীতিয়ে সলাইছে পোছাক

মানুহবোৰে সলাইছে মুখ।”

ইয়াত যিবোৰ অনীতি, অবিচাৰ চলি আছে সেইবোৰ সকলোৱে জানে কিন্তু কোনেও ইয়াৰ বিৰুদ্ধে সংগঠিত হৈ থিয় দিয়াৰ কোনো পদক্ষেপ  গ্ৰহণ  কৰা দেখা নাযায়। ফলত ইয়াৰ ক্ৰিয়া  প্রতিক্রিয়াবোৰ সকলোৱে ভোগ কৰি আছে। অৰ্থাৎ আমাৰ ভুলৰ বাবে আমি নিজে নিজেই নিহত হৈ আছো। সেয়া  কবিয়ে প্ৰকাশ কৰিছে:

“সংগোপনে মই মোক হত্যা কৰিছোঁ

আপুনি আপোনাক ;

নিজৰ বিৰুদ্ধেই নিক্ষেপ কৰিছোঁ ক্ৰোধ।”

কবিতাটি বিষয়-বস্তুৰ দিশৰ পৰাও অতি গুৰুত্বপূর্ণ,  কিন্তু  কাব্যিক দিশৰ পৰা দুখীয়া; কিয়নো ইয়াত গদ্য ছন্দৰ স্পন্দন নাই, শব্দ প্ৰয়োগত লালিত্য নাই, আলংকাৰিক দিশৰ পৰাও ই সম্পূৰ্ণ মুক্ত। তাৰোপৰি আধুনিক কাব্যিক শৈলীৰ প্ৰধান উপাদান প্ৰতীকৰ লেশমানো নাই। কাব্যিক শৈলীৰ পৰা কবিতাটি দুবৰ্বল হ’লেও বিষয়-বস্তুৰ পিনৰ পৰা কবিতাটিৰ সাৰ্বজনীনতা আছে।০ ০ ০

 

 চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি: এক বিশ্লেষণ

কবি ইছমাইল হোছেইন সমাজবাদী কবি। সমাজৰ উচ্চ-নীচ ভেদ-ভাৱ আঁতৰাই অৰ্থনৈতিক সমতা স্থাপন কৰাই সমাজবাদৰ শ্লোগান। সেয়ে সমাজৰ অত্যাচাৰিত, নিপীড়িতসকলৰ প্ৰতি কবিৰ আন্তৰিক দৰদ। য’তেই শ্ৰমিক-বনুৱাৰ বিপ্লৱ আছে তাতেই কবিসকলৰ সমৰ্থন আছে। সেয়েহে সুদূৰ চিকাগো চহৰত শ্ৰমিক শ্ৰেণীৰ ন্যাৰ্য্য অধিকাৰ প্রতিষ্ঠাৰ আন্দোলনত নিহত শ্ৰমিকসকলৰ প্ৰতি কবিৰ প্ৰাণ অশ্ৰুসিক্ত হৈছে। আৰু তাৰ প্ৰতিফলন হিচাপে ‘চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি’ কবিতাটিৰ জন্ম দিছে। কবিতাটিত নিহত শ্ৰমিকৰ প্ৰতি কবিৰ আশাদীপ্ত কৃতজ্ঞতা জ্ঞাপন কৰিছে।

নাৰ্য্য অধিকাৰ প্রতিষ্ঠাৰ সংগ্ৰামত যিসকল নিহত হয় সিহঁত কবিসকলৰ আপোন; কিয়নো কবিসকলৰ চিন্তা আৰু কাব্যিক আদৰ্শক বাস্তৱত ৰূপ দিয়ে বিপ্লৱীসকলেহে; কবিসকলে নহয়; কবিসকলে কেৱল সচেতনতাহে সিঁচৰতি কৰে। সেইবাবে চিকাগোত নিহত শ্ৰমিকসকল কবিৰ আপোন আৰু সিহঁতৰ স্মৃতি কবিয়ে বুকুৰ গভীৰত জীয়াই ৰাখিছে। কবিৰ ভাষাত:

“তোমালোকক আমি জীয়াই ৰাখিছোঁ

জীয়াই ৰাখিছোঁ আমাৰ বুকুৰ গভীৰত।”

সমাজত সকলো শ্ৰেণীৰ ভিতৰত শোষিত আৰু অত্যাচাৰিত হয় কৃষক বা শ্ৰমিক শ্ৰেণী আৰু তাৰ বাবে কৃষক বা শ্ৰমিক শ্ৰেণীয়ে বেছি জীয়াতু ভূগিব লগা হয়। কবিয়ে সিহঁতৰ উচুপনি মাটিৰ বুকুত শুনিবলৈ পাইছে। কিন্তু কবি আশাবাদী যে শ্ৰমিক শ্ৰেণীয়ে সেইদৰে যদি বিপ্লৱ কৰি যায় তেন্তে এদিন নহয় এদিন সমাজত ন্যায় প্ৰতিষ্ঠা হ’ব আৰু অৰ্থনৈতিক সমতাও প্রতিষ্ঠা  হ’ব। কবিৰ ভাষাত:

“মাটিৰ বুকুত এতিয়াও শুনো কৃষকৰ উচুপনি

এন্ধাৰ আকাশৰ তলত বহি গণিছোঁ আমি সূৰ্যোদয়ৰ ক্ষণ।”

শ্ৰমিক শ্ৰেণীয়েই দেশৰ অৰ্থনৈতিক মেৰুদণ্ড। সিহঁতৰ হাতৰ স্পৰ্শতেই সেউজীয়া হয় শস্য ভূমি। সিহঁতৰ হাতৰ হাতুৰীয়ে কৰ্ষণ কৰে শিল, বালি আৰু মাটি। ফলত মুকলি হয় জীয়াই থকাৰ পথ আৰু সিহঁতেই যেতিয়া সমাজ পৰিবৰ্তনৰ উদাত্ত কণ্ঠ বাহিৰ কৰে তেতিয়া সমাজৰ শিল্পী শ্ৰেণী সজাগ হয় সিহঁতৰ অধিকাৰৰ প্ৰতি। সেয়ে কবিয়ে ঘোষণা কৰিছে:

“হেজাৰ শ্ৰমিকৰ হাতুৰীৰ শব্দত শুনিছোঁ আমি 

জীয়াই থকাৰ গান

তোমালোকৰ কণ্ঠস্বৰে আজিও সোঁৱৰাই দিয়ে 

আমাক আমাৰ অধিকাৰ।”

কবিয়ে চিকাগোৰ শ্ৰমিকসকলক নিজৰ বন্ধু  অৰ্থাৎ ‘কমৰেড’ বুলি সম্বোধন কৰি কৈছে যে সিহঁতৰ বিপ্লৱে নিশ্চয় সফলতা লাভ কৰিব আৰু কবি ইমানেই আশাবাদী যে ‘পোতাশ্রয়’ (অৰ্থনৈতিক বন্ধীত্বৰ প্ৰতীক) ৰ দিনবোৰ শেষ হ’বলৈ আৰু বেছিপৰ নাই। সেই আশা লৈয়ে কবিয়ে সিহঁতৰ গুণ-গান কৰে। কবিৰ ভাষাত:

“হে কমৰেড,

পোতাশ্রয়ৰ দিনবোৰ শেষ হ’বলৈ 

বেছি পৰ নাই

সেয়েহে চেতনাদীপ্ত আমাৰ জীৱনত

এতিয়া তোমালোকৰেই জয় গান।”

বিষয়-বস্তুৰ পিনৰ পৰা কবিতাটি নিঃসন্দেহ এটি বৰ্জোৱা (proletariate) শ্ৰেণীৰ কবিতা। ইয়াৰ ভাষা আৰু কাব্যিক শৈলী কবিৰ অন্যান্য কবিতাৰ দৰেই সৰল।০ ০ ০

 

সখী: এক বিশ্লেষণ

সখী’ কবিতাটি এটি শোকাত্মক কবিতা।  এই কবিতাটি ‘অনুসূয়া’ নামৰ এজনী বিবাহিতা স্ত্ৰীৰ স্মৃতিত লিখা হৈছে যিজনীয়ে বিয়াৰ ছয় বছৰ পিছত গাত জুই লগাই ৰহস্যজনক ভাৱে মৃত্যু মুখত পৰে।

কবি আশাবাদী যে তেওঁ অনুসূয়াৰ লগত একেটা পিৰালিত বহি ওঁঠত জালিকটা হাঁহি লৈ ‘মিছিল নগৰী’ৰ গান গাব  আৰু আশা কৰিছিল যে তাই কবিৰ কাণে কাণে ‘নৈ’ (জীৱনৰ প্ৰতীক)ৰ গান গাই গাই কবিক আনন্দ দিব। কবিৰ ভাষাত:

“ওঁঠত  কঢ়িয়াই জালিকটা হাঁহি

কথা আছিল তোমাৰ স’তে গাম

‘মিছিল নগৰী’ৰ গান

একেটা পিৰালিত বহি তুমি মোৰ কাণে কাণে আহি

ছলাহী কথা কৈ নৈৰ গান শুনাবা বুলি।”

কিন্তু কবিৰ আশাৰ মূৰত চেঁচা পানী পৰিল। নিমিষতে সকলো আশা জঁই পৰি গ’ল। কিবা এক ৰহস্যময় কাৰণত কবিৰ অনুসূয়া মৰি থাকিল। সেয়ে কবিয়ে অতিশয়োক্তি (hyperbole) অলংকাৰ প্ৰয়োগ কৰি কৈছে:

“বিশ্বাস ভঙ্গৰ নিষ্ঠুৰ সন্ধিক্ষণত 

আকাশে হত্যা কৰে বতাহ

সাগৰে হত্যা কৰে পানী

পিয়াহত কণ্ঠ শুকায়

উশাহত হাওঁফাওঁ পুৰে।”

কবিৰ শোক ইমানতে শেষ হোৱাগৈ নাই। কবিয়ে কৈছে যে তাই যিহেতু ইহজগতত নাই, গতিকে কবিৰো গান গোৱাৰ নাইবা গান শুনাৰ কোনো সাৰ্থকতা নাই। অনুসূয়াৰ শৰীৰ এতিয়া পুৰোহিতৰ মন্ত্ৰৰে চিতাৰ জুইৰ মাজত চিৰ নিদ্ৰাত পেলাই থোৱা হৈছে। কবিৰ ভাষাত:

“কিদৰে গাওঁ নদীৰ বাবে গান

কিদৰে শুনো জীৱনৰ হকে গান

তোমাৰ মন্ত্ৰপুত তনুৰ কাষত বহি।”

কবিৰ ভাষা গতানুগতিক গদ্যময়। ইয়াত ব্যৱহাৰ হোৱা কল্পচিত্ৰ আৰু অতিশয়োক্তিয়ে কবিতাটিৰ কাব্যিক  সৌন্দৰ্য বৃদ্ধি কৰিছে।০ ০ ০

দৰিদ্ৰতা: এক বিশ্লেষণ

কবিসকল সমাজৰ প্ৰতিনিধি; সমাজক প্ৰতিনিধিত্ব কৰাই সিহঁতৰ  ধৰ্ম আৰু আদৰ্শ। দেশৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি দিশবোৰ উদংকৈ দেখুৱাই জনসাধাৰণৰ মাজত সচেতনতা সিঁচৰতি কৰাই কবিসকলৰ বৈশিষ্ট্য। কবি ইছমাইল সেইদৰে এজন সমাজ সচেতন কবি। ‘দৰিদ্ৰতা‘ কবিতাটি কবি ইছমাইলৰ তেনে এক সামাজিক কবিতা – যাৰ মাজেৰে কবিয়ে সমাজৰ অৰ্থনৈতিক কাৰুণ্যময় দিশটি জলজল-পটপটকৈ দাঙি ধৰিছে। 

কবি হৃদয় অনুভূতিপ্ৰৱণ। যেতিয়া সমগ্ৰ পৃথিৱীখন গভীৰ ৰাতি লালকাল দি পৰি থাকে তেতিয়াও কবিৰ অনুভূতিশীল মন সচেতন থাকে। সেয়ে ৰাতিৰ বিমূৰ্ত মূহুৰ্তত কবিয়ে কাণ  পাতি ভূমিষ্ঠ শিশুৰ চিঞৰ শুনিবলৈ পাইছে। কবিৰ ভাষাত:

“ৰাতিটোৰ বিমূৰ্ত মূহুৰ্তত

কাণ পাতি শুনিছো ভূমিষ্ঠ শিশুৰ চিঞৰ

মগৰিবৰ আজানে যেতিয়া কঢ়িয়াই আনিছিল

গধূলিৰ এন্ধাৰ।”

দৰিদ্ৰতাৰ কৱলত পৰি উৱাদিহ হেৰুৱালেও কবিৰ মাতৃয়ে কাৰুণ্যত ভাগি পৰা নাই।  তাৰ বিপৰীতে তাই হাঁহিছে যদিও বেদানসিক্ত সেই হাঁহি।  তাৰ মাজতে কিবা যেন অজান পুলুকিত গৌৰৱত ওফন্দি উঠিছে তাইৰ বুকু। সেয়ে কবিয়ে কৈছে:

“মাকজনীৰ মুখত বেদনাৰ হাঁহি,

কি যে এক গৌৰৱত ওফন্দি গ’ল তাইৰ বুকু

চাৰিওপিনে যেন এখন

বিস্তীৰ্ণ নঙঠা পথাৰ।”

তৃতীয় স্তৱকত কবিয়ে পৰিয়ালৰ কাৰুণ্যৰ দিশটি উদংকৈ দেখুৱাইছে।  ঈদৰ দিনত মুছলমানসকলে নতুন চোলা লোৱাটো ধৰ্মীয় পৰম্পৰা। যেতিয়া পাঁচ বছৰীয়া ছোৱালীজনীয়ে (যিজনীৰ দৰিদ্ৰতাৰ কোনো অভিজ্ঞতা হোৱা নাই) মাকৰ পৰা নতুন চোলা দাবী কৰিলে তেতিয়া মাকজনীৰ সকৰুণ উক্তি কবিয়ে ব্যক্ত কৰি কৈছে:

“পাঁচ বছৰীয়া ছোৱালীজনীয়ে কান্দিছে

তাইক নতুন চোলা লাগে;

ৰাতিটো পুৱালেই তাই ঈদগাহলৈ যাব

(ঈদত নতুন সাজ পিন্ধে!)

মাকজনীয়ে শান্তনা দিলে-

‘আইজনী 

এইবেলি  ঈদ আমাৰ নহয়।”

কেঁচা ঘাত নিমখ ছটিওৱাৰ দৰে দৰিদ্ৰতাই গছকি যোৱা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী গিৰীয়েকজনো ঢুকাল। ফলত পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হ’ল। তাৰোপৰি আহিল জেঠৰ বৰষুণীয়া বতৰ। জুপুৰীৰ চালত খেৰ নাই। চাৰিওপিনৰ পৰা দৰিদ্ৰতা নামৰ দৈত্যই যেন সকলো গিলি পেলাইছে। সেয়ে কবিয়ে চিত্ৰিত কৰিছে:

“যোৱাবেলি  আঘোণত গিৰীয়েক ঢুকাল

এইবেলি জেঠৰ বতৰ,

জুপুৰীৰ চালিতো খেৰ নাই,

আকাশে বতৰা দিয়ে বৰষুণ আহিব বুলি।”

মাকজনীয়ে ইমানেই কাতৰ হৈ পৰিল যে তাই দৰিদ্ৰতাক শিকলিৰে বান্ধিব বুলি অসম্ভৱকো সম্ভৱ কৰাৰ চিন্তা কৰিলে। কিন্তু তাইৰ চিন্তাটো সাধাৰণ কবি সকলে বৰ্ণনাৰ লালিত্য দেখুৱাবলৈ আহ্বান কৰা অত্যুক্তিৰ দৰেই কেৱল কল্পনা হৈ থাকিল। সেয়ে কবিয়ে কৈছে:

“মাকজনীয়ে ভাবিলে,

দৰিদ্ৰতাক শিকলিৰে বান্ধিব পৰা হ’লে!”

সাধাৰণতে আধুনিক কবিতাত পোৱা শব্দ আৰু শব্দ বিন্যাসৰ জটিলতা এই কবিতাত নাই। কবিতাটিৰ কল্পচিত্রবোৰ অতিকৈ বাস্তৱধৰ্মী। ইয়াত কল্পনা নাই, আছে বাস্তৱৰ অবিকল ফটো। তাৰোপৰি কবিতাটি কৰুণ ৰসৰে পুষ্ঠ। ০ ০ ০ 

 

 আস্থানিক:  এক  বিশ্লেষণ

‘আস্থানিক’ কবিতাটি প্ৰেমৰ কৰুণ কবিতা। কবিয়ে প্ৰেম কৰিব বিচাৰিছে কিন্তু প্ৰেম কৰিবলৈ প্ৰেমৰ পৰিৱেশ আৰু সময় পোৱা নাই। অৰ্থাৎ কবিৰ পৃথিৱী ইমানেই অপৰিৱেশিক যে তাত প্ৰেমৰ কথা ভাবিবই পৰা নাই। এই কবিতাটি পঢ়াৰ সময়ত এনড্ৰিও মার্ভেল  নামৰ এজন ইংৰাজ কবিৰ এষাৰ উক্তি মনলৈ আহে। কবি মােৰ্ভলে প্ৰেম কৰিব বিচাৰিছে, কিন্তু প্ৰেম কৰিবলৈ কোনো নিৰ্জন ঠাই পোৱা নাই য’ত কবিয়ে প্ৰেয়সীক বুকুৰ মাজত আকোৱালি ল’ব পাৰে। কবি  মার্ভেলে   কৈছে:

“ The grave is a secret place
But none, I think do there embrace.’’

কবিয়ে বাল্যকাল,  কিশোৰ কাল পাৰ হৈ পূৰ্ণ যৌৱন পাইছে। একুৰি পাঁচোটা বসন্ত গচকিছে। তথাপি কবি আৰু কবিৰ প্ৰেয়সীৰ প্ৰাণত উষ্ণ কিম্বা শীতল স্পৰ্শ নাহিল। আচলতে প্ৰেমৰ শিহৰণ আহিছিল, কিন্তু সময়কণহে নাপালে। কবিয়ে কৈছে:

“একুৰি পাঁচটা বসন্তৰ অন্তত অনুভৱ নহ’ল

তোমাৰ- মোৰ প্ৰেমৰ উষ্ণ কিম্বা শীতল স্পৰ্শ;

আচলতে অনুভৱৰ যথোচিত সময়কণেই নোলাল।

:এতিয়াতো প্ৰেমৰ শীৰ্ণ দুৱাৰত নিষিদ্ধ হাত।”

কবিৰ জীৱনটো প্ৰেৰণাৰে ভ’ৰপুৰ; কৰ্ম ব্যস্ত তেওঁৰ জীৱন। তাৰোপৰি কবিয়ে প্ৰেম কৰিবলৈ উপযুক্ত পৰিৱেশ ক’তো নাপালে।  সেয়ে বসন্তৰ  ফুলৰ সুভাস¸ কবিৰ লোৱা নহ’ল। কবিয়ে কৈছে:

“ঋতুৰ ফুলৰ আকলুৱা সুবাসকণো নল’লো

সুবাস ল’বলৈ নিৰ্মল পৰিৱেশেই বা ক’ত?

:কেঁচা ঘামৰ গোন্ধত আজিও আমোলমোলায় শৰীৰ।”

সাধাৰণ প্ৰেমিক-প্ৰেমিকাৰ দৰে কবিয়ে যৌৱনত আকাশলৈ চাই প্ৰেমৰ বিলাসী কবিতা লিখাৰো সময় নাপালে, এতিয়া লিখাৰ প্ৰয়োজন অনুভৱ কৰা নাই – কিয়নো গীতৰ আকাশত এতিয়া অবৈধ সুৰৰ সংগম। কবিৰ ভাষাত:

“নীলাভ আকাশত তৰাৰ লুকা-ভাকু চাই

তোমালৈ বুলি নীড়মুখী চৰাইৰ এটি গীতো নিলিখিলো

গভীৰ আকাশত এতিয়া অবৈধ সুৰৰ গৰ্ভপাত।”

কবিৰ চাৰিও দিশ মৰিশালীময়। আনকি সেউজ পথাৰত শস্যৰ সুভাসকণো নাই। তেনে অৱস্থাত কবিৰ প্ৰেমিকাৰ স’তে প্ৰেমৰ আমোদী তৰ্ক-বিতৰ্কত আন্দোলিত হ’বলৈ কোনো সময়ো নাপালে। সেয়ে কবিয়ে কৈছে:

“সেউজী বননিত, পাহাৰৰ ঢালত কিম্বা মেঘৰ ছাঁয়াত

তোমাৰ স’তে আন্দোলিত নহ’ল এটি বিতৰ্কিত মূহুৰ্ত

:বননিত এতিয়াও আছে জানো শইচৰ সুভাস

চৌদিশে মৰাশৰ বিদ্ৰোহী কুটিল নাচ।”

কবিয়ে প্ৰেমৰ যথোপযুক্ত সময়ৰ অভাৱ দেখুৱাই সমাজৰ অশান্তিময় পৰিবেশকেই চিত্ৰিত কৰিছে কবিতাটিৰ মাজেৰে। ইয়াত ব্যৱহাৰ হোৱা কল্পচিত্ৰত কোনো অভিনৱত্ব নাই।  এজন সাধাৰণ প্ৰেমিকে বিনা দ্বিধাই আহ্বান কৰা সাধাৰণ কল্পচিত্ৰৰ দৰেই কবিতাটিৰ কল্পচিত্ৰবোৰ  সাধাৰণ আৰু গতানুগতিক।০ ০ ০

 

বহুৰঙী ঃ এক বিশ্লেষণ

‘বহুৰঙী’ কবিতাটি ব্যঙ্গাত্মক কবিতা। ইয়াত দেশৰ বুদ্ধিজীবিসকলৰ কাৰ্যকলাপক ব্যঙ্গ কৰি সমাজ-সভ্যতাৰ অৱক্ষয়ী ৰূপ নগ্ন কৰি দেখুৱাইছে।

কবিয়ে দেখা পাইছে সভ্যতাৰ মূল আদৰ্শ সঠিক পথৰ পৰা খহি পৰিছে, তাৰ লগে লগে বুদ্ধিজীৱি সকলৰো মানসিক পৰিবৰ্তন আহিছে নাইবা বুদ্ধিজীৱি সকলে ভাঙোনমুখী সভ্যতাৰ পিনে চাই মানসিক আঘাত পাইছে আৰু মানসিক বিকাৰগ্ৰস্ত হৈ অসামাজিক কামত লিপ্ত হৈছে। কবিৰ ভাষাত:

“মেৰুদণ্ডহীন সভ্যতাৰ ছিন্নমূল অৱয়বত

মূৰ দোঁৱাই পৰি আছে বুদ্ধিজীৱি

হাতত মদৰ বটল, কাষত বিবৰ্ণ দেহৰ নাৰী।’

বুদ্ধিজীৱিসকলৰ কিছুমানে ভাৰসাম্য হেৰুৱাই অসামাজিক কাৰ্য-কলাপত লিপ্ত হোৱাৰ উপৰিও কিছুমানে ভণ্ড বুদ্ধিজীৱিৰ ভাওঁ লৈছে।  সেয়ে পঢ়া কোঠালিৰ মেজত নৃতাত্বিক পুথি পৰি আছে যদিও তালৈ বুদ্ধিজীৱিৰ কোনো মন-কাণ নাই; আছে যৌন কামনা চৰিতাৰ্থ কৰাৰ অন্ধ বাসনা অৰ্থাৎ ‘নীলা পোহৰৰ চাকি’। কবিয়ে কৈছে:

”অধ্যয়নৰ কোঠাত নীলা পোহৰৰ চাকি

পঢ়াৰ  মেজত গৱেষণাগাৰৰ নৃতাত্বিক পুথি।”

বুদ্ধিজীৱিসকল মূহুৰ্তে মূহুৰ্তে ৰং সলাই থকা ডাৱৰীয়া আকাশৰ সূৰ্যটোৰ দৰে। ৰাতি হ’লেই সিহঁতৰ পশু বাসনা আৰম্ভ হয় আৰু সূৰুয উদয় হ’লেই বুদ্ধিজীৱিৰ ভাও জোৰে, বাতৰি কাকতত প্ৰকাশ কৰে নাৰী বিষয়ক বিশ্লেষণাত্মক অধ্যয়ন। কবিৰ ভাষাত:

“ৰাতি পুৱালেই সলোৱা হ’ব সাজ

দেশৰ  নামী কাকতত প্ৰকাশ পাব

বুদ্ধিজীৱিৰ নাৰী বিষয়ক বিশ্লেষণাত্মক পাঠ।”

বৰ্তমান সমাজত নিজকে বুদ্ধিজীৱি বুলি দাবী কৰা মানুহৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে।কিন্তু সিহঁতৰ সকলোৰে গাত থাকিবলগীয়া সুগুণবোৰ নাই। কবি ইছমাইলে  বুদ্ধিজীৱিৰ ভাও লোৱা ভণ্ড বুদ্ধিজীৱিৰ প্ৰকৃতি ব্যঙ্গাত্মকভাৱে কবিতাটিৰ জৰিয়তে প্ৰকাশ কৰি কবি হিচাপে নিজৰ দায়িত্ব পালন কৰিছে আৰু ইয়াতেই কবিৰ প্ৰাগলভতা প্ৰকাশ পাইছে। কবিতাটি বিষয়-বস্তুৰ দিশৰ পৰা সময়োপযোগী হৈছে । ইয়াৰ ভাষা শৈলী সাধাৰণ গদ্যময়।০ ০ ০

 

মহানগৰ: এক  বিশ্লেষণ

‘মহানগৰ’ কবিতাটি কবি ইছমাইলৰ এটি বিশেষ তাৎপৰ্যপূৰ্ণ কবিতা। ইয়াৰ মাজেৰে কবিয়ে বৰ্তমান সময়ৰ অৱস্থা বিশেষকৈ ৰাজনৈতিক অৱস্থাৰ প্ৰতিটি দিশ স্পষ্টকৈ প্ৰকাশ কৰিছে।

কবিৰ মহানগৰত কেতিয়াবাই ভাঙোন ধৰিছে। তাত বিশুদ্ধ পানী, বায়ু, খাদ্য আৰু সুপৰিৱেশৰ অভাৱ। তাৰোপৰি মহানগৰখনত কোনো বিশুদ্ধ প্ৰশাসন, নিৰাপত্তা, শান্তি, বিশ্বাস, আন্তৰিকতা আদি একোৱেই নাই। ইয়াত কোন মূহুৰ্তত কোনে নিজৰ প্ৰাণটো অকালতে হেৰুৱায় তাৰ কোনো সঠিক ঠিকনা নাই। সেয়ে কবিয়ে বৰ্তমানৰ মহানগৰৰ (সম্ভৱত কবিৰ পৰিচিত গুৱাহাটী মহানগৰখনেই, যদিও ‘মহানগৰ’ শব্দটি বহল অৰ্থত পৃথিৱীৰ সকলোবোৰ মহানগৰকে বুজাইছে) পিনে দৃষ্টি দি লিখিছে:

“দীৰ্ঘদিন ধৰি মহানগৰীৰ অসুখ। 

সংক্ৰামক ৰোগৰ ভয়ত মানুহবোৰে হৃদপিণ্ডটো হাতত

ৰাখিছে। কোনেও ক’ব নোৱাৰে কেতিয়া ক’ত

এৰি যায় কাৰ বৰ্তমান পৰিচয় আৰু ঠিকনা।

ভীষণ অভাৱত মানুহবোৰে দিন নিয়াইছে।

বিশুদ্ধ বায়ু, পানী, খাদ্য আৰু পৰিৱেশৰ অভাৱ।

বিশুদ্ধ প্ৰশাসন, নিৰাপত্তা, শান্তি

বিশ্বাস, সমন্বয়, আন্তৰিকতা আৰু হৃদয়ৰ অভাৱ।”

মহানগৰত চলি থকা সমস্যাবোৰৰ প্ৰতি বছৰেই চৰকাৰৰ দৃষ্টি গোচৰ কৰা হয়; প্ৰতি বছৰেই তাত অন্তঃত এবাৰ প্ৰধান মন্ত্ৰী নাইবা ৰাষ্ট্ৰপতি আহে, নিৰাপত্তা বাহিনীৰ লোকেৰে ভৰি পৰে গোটেই মহানগৰী। মহানগৰীৰ অভাৱ অভিযোগসমূহ দূৰ কৰাৰ নামত স্থানান্তৰিত হয় গৃহহীন মানুহ, পদপথৰ পৰা কুষ্ঠ ৰোগী ইত্যাদি। কিন্তু সমস্যাবোৰ সমস্যা হৈয়ে থাকে। মন্ত্ৰী, আমোলাসকলে শেন চকুৰ ওপৰুৱা দৃষ্টি দি গুচি যায়গৈ। কবিয়ে শাসন বিভাগৰ এনে ভেকো-ভাওনা প্ৰকাশ কৰিবলৈ গৈ কৈছে:

“প্ৰতিবছৰেই ইয়াত প্ৰধান মন্ত্ৰী কিম্বা

ৰাষ্ট্ৰপতি আহে অন্তঃত এবাৰ চাইৰেণ

বজাই আৰম্ভ কৰে ৰঙৰ মেলা।

আমোলাই সলায় পোছাক, নিৰাপত্তা 

বাহিনীয়ে পিন্ধে নতুন ফলক। 

পথবোৰত যান-বাহনৰ ব্যস্ত নিয়ন্ত্ৰণ,

দেৱালয়বোৰত  চৰকাৰৰ সুলভ শ্লোগান।”

মহানগৰখনত প্ৰতিদিনেই হয় হত্যা, অপহৰণ, বোমা বিষ্ফোৰণ  ইত্যাদি। বাতৰি কাকত মেলিলেই ৰোমাঞ্চকৰ ঘটনাবোৰ চকুৰ আগত উপস্থিত হয়। কবিয়ে এইবোৰ লোমহৰ্ষক অৱস্থাৰ হুবহু বৰ্ণনা দি  লিখিছে:

“ইয়াতকৈ অধিক কৃতিত্বৰ সমল এই মহানগৰীৰ নাই 

ৰাতি পুৱাতেই হ’কাৰে দি যোৱা খবৰৰ কাকতত

অপহৰণ, নিৰুদ্দেশ আৰু হত্যাৰ খবৰ: 

বোমা বিষ্ফোৰণ ত পঁচিশজন মানুহৰ মৃত্যু, 

শতাধিক আহত, ত্ৰিশজন চিকিৎসাধীন। 

মৃত্যু হোৱা লোকৰ পাঁচ গৰাকী মহিলা, 

চাৰিজন শিশু, ছজন ছাত্ৰ, দুজন শান্তিৰক্ষী সমিতিৰ

কৰ্মকৰ্তা আৰু বাকীবোৰ সাধাৰণ মানুহ।”

এনে পৰিস্থিতিৰ খবৰ পোৱা মাত্ৰেই অকস্মাতে মহানগৰীৰ নিৰাপত্তা  সষ্টম হয়। অপৰাধী সকলক ধৰিব নোৱাৰি শান্তি প্ৰিয় সাধাৰণ মানুহৰ ওপৰত চলোৱা হয় গুলি, লাঠি চালনা, ফলত দোষীসকলৰ ঠাইত নিৰপৰাধী লোক আহত হয়, কিছুমান নিহত হয় আৰু শ্ৰমিক বেকাৰবোৰ হয় আটকাধীন। কবিয়ে এই পৰিস্থিতিসমূহ নিখুঁত চিত্ৰকৰৰ দৰেই অলেপা কেনা নলগাকৈ চিত্রিত  কৰিছে:

“অকস্মাতে সষ্টম হয় মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা।

উগ্ৰপন্থী বিচাৰি স্কুটাৰ, মটৰ চাইকেল আৰু টেক্সিত খানা তালাচ।

শান্তি ৰক্ষাৰ নামত এশ চৌৱাল্লিশ ধাৰা অথবা সান্ধ্য আইন। 

কৃষক-শ্ৰমিক বেকাৰৰ সমদলত নিষেধাজ্ঞা, 

লাঠি চালনা, গুলিবৰ্ষণ:

দুজন শ্ৰমিক নিহত, এজন পুলিচ আহত,

শ শ শ্ৰমিক বেকাৰ আটকাধীন; 

তিনিজনৰ চিকিৎসালয়ৰ পথত মৃত্যু! 

আহা! কি তাজা খবৰ।”

এনেকুৱা সংকটাপন্ন অৱস্থাত আত্মাক হাতত লৈ লাখ লাখ শান্তিপ্ৰিয় জনতাই দুঃসহ জীৱন অতিবাহিত কৰিছে। যদিও নতুন নতুন আদৰ্শ আৰু আঁচনিৰ কথা চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হয়, কিন্তু বাস্তৱত  তাৰ  কোনো প্রতিফলন  দেখিবলৈ পোৱা নাযায়। কবিয়ে কৈছে:

“সম্প্ৰতি আমি সংক্ৰামক ৰোগত ভূগিছোঁ;

বিকাৰগ্ৰস্ত হৈ নিজকে নিজে অত্যাচাৰ কৰিছোঁ

চকুৰ আগৰ পৰা আঁতৰলৈ গৈছে পোহৰ;

মুখৰ পৰা নোহোৱা হৈছে মাত, মস্তিষ্কৰ পৰা

খহি পৰিছে বিবেক আৰু গাৰ পৰা পোছাক।”

অৰ্থাৎ চাৰিওফালৰ পৰা আকাল আৰু অন্ধকাৰে ছানি ধৰিছে সভ্যতাৰ আকাশখন। সেইবাবেই নাশ হৈ আছে সমাজ আৰু সভ্যতাৰ শান্তি আৰু অশান্তি বাঢ়ি গৈ আছে দিনে দিনে।

কবি ইছমাইল সমাজ সচেতন কবি। সমাজৰ বিভিন্ন দিশ পাঠকৰ আগত দাঙি ধ’ৰাই তেওঁৰ উদ্দেশ্য। তেওঁৰ সকলোবোৰ কবিতাত সমাজৰ অৱস্থা চিত্রিত কৰিছে যদিও এই কবিতাটি সকলোবোৰ কবিতাৰ ভিতৰত বেছি নিখুঁত আৰু পূৰ্ণাঙ্গ।

ভাষা আৰু কাব্যিক সৌন্দৰ্যৰ দিশৰ পৰা কবিতাটি চহকী নহয়, তথাপি কবিতাটি উৎকৃষ্ট কবিতা-বিষয়-বস্তুৰ নিখুঁত  উপস্থাপনেই তাৰ ঘাই কাৰণ।০ ০ ০

 

নিজৰ স’তে দ্বন্দ্বঃ এক বিশ্লেষণ

‘নিজৰ স’তে দ্বন্দ্ব’ কবিতাটি নাটকীয় স্বগতোক্তি (dramatic monologue) মূলক কবিতা। ইয়াত কবি ইছমাইলে নিজৰ আত্মা আৰু শাৰীৰিক অস্তিত্বৰ মাজত চলা মানসিক দ্বন্দ্ব প্ৰকাশ কৰিছে। কবিতাটিত কবিৰ শাৰীৰিক অস্তিত্বই ‘আত্মা’ নামৰ গুণবাচক ধাৰণাটিক সম্বোধি পৰস্পৰৰ দ্বন্দ্বক কাব্যিক ৰূপ দিছে।

কবিৰ আত্মাই শৰীৰক উদ্দেশ্যি কৈছে যে তেওঁ অস্তিত্বপূৰ্ণ শাৰীৰিক ইছমাইলক বহুত বছৰ ধৰি আলিঙ্গনত ৰাখিছে আৰু হয়তো আৰু কিছুকাল এইদৰে থাকিব। কিয়নো কবিৰ আত্মাৰ লগত শৰীৰৰ আজন্ম সহবাস। কেৱল সুখৰ দিনতেই নহয় দুখৰ অৰ্থাৎ উপবাসৰ দিনতো কবিৰ আত্মা আৰু শৰীৰে একেলগে পাৰ হৈ আহিছে ভৈয়াম, সাগৰ, নদী আৰু শিলাময় পাহাৰ। কবিৰ ভাষাত:

“ইছমাইল 

বহু বছৰ ধৰি তোক মোৰ আলিঙ্গনত ৰাখিছোঁ

আৰু কিছুকাল আমি এনেদৰেই থাকিম

তোৰ স’তে মোৰ আজন্ম সহবাস

উপবাসৰ দিনবোৰতো একেলগে পাৰ হৈ আহিছো

ভৈয়াম, সাগৰ, নদী, আৰু শিলাময় পাহাৰ।”

কবিয়ে আত্মাৰ অনুগত হৈ বিভিন্ন ভাও দিছে। কেতিয়াবা সৈনিকৰ পোছাক পিন্ধি বন্দুক টোৱাই হেৰুৱা বন্দৰ দখল কৰিছে অৰ্থাৎ অহৰহ সংগ্ৰাম কৰিছে পাৰ্থিৱ বিষয়লৈ। কবিৰ আত্মাটি কবিৰ কাৰণে বৰ অদ্ভূত যেন লাগিছে আৰু সেইবাবেই কবিৰ আত্মা আৰু শৰীৰৰ মাজত অহৰহ দ্বন্দ্ব। কবিৰ ভাষাত:

“তোৰ অনুগত হৈ সৈনিকৰ পোছাক পিন্ধিছোঁ

আৰু তোৰেই নিৰ্দ্দেশত বন্দুক টোৱাই দখল কৰিছোঁ

হেৰুৱা বন্দৰ।

তোৰ ভিতৰৰ মানুহজন বৰ অদ্ভূদ 

তাৰ স’তে মোৰ অহৰহ দ্বন্দ্ব অহৰহ যুঁজ।”

কবিৰ ভিতৰৰ মানুহজন অৰ্থাৎ আত্মাটি অমানৱীয় আৰু অমানৱীয় বাবেই কবিক শিকাইছে যুদ্ধৰ কৌশল আৰু শিকাইছে মানুহৰ বুকুত আঘাত হানিবলৈ। কবিয়ে স্বীকাৰ কৰিছে:

“তয়েইতো মোক শিকাইছিলি মানুহৰ বুকু ফালি 

সোমাই যোৱাৰ যাদুকৰী কৌশল

আৰু যুদ্ধাৰম্ভৰ আঁচনি

তয়েইতো মোক দিছিলি স্বত্বাধিকাৰৰ অনুজ্ঞাপত্ৰ

যাৰ বলত চহাইছোঁ মানুহৰ বুকুৰ উবৰ্বৰ মাটি।”

কবিৰ মতে কবিৰ আত্মাটি পাশৱিক। কিন্তু কবিয়ে ভাবিছে কোনো এদিন  কবিৰ আত্মাই কবিক এৰা দি গুচি যাব আৰু তেতিয়া কবিৰ অমানৱীয়  গুণ বসবাস কৰা শৰীৰ আনকি তাৰ কাম-কাজবোৰৰ লেশমানো নাথাকে। কবিৰ ভাষাত:

“যুদ্ধৰ সকলো আঁচনি এৰি এদিন তই গুচি

যাবি মোৰ পৰা

মইয়ো তোৰ অবিহনে স্ব ইচ্ছাই জ্বলাই দিম

মোৰ ঘৰ, যুদ্ধৰ কবচ, মোৰ প্ৰিয় কবিতা,

তোৰ প্ৰিয় গান, স্মৃতি স্বাক্ষৰ;

তই তাৰে জুহালত অকলশৰে সেকিবি

শীতৰ ঠেৰেঙা হাত।”

ইয়াৰ পিছত কবিয়ে আত্মাৰ বিষয়ে কৈছে যে কবিৰ শৰীৰৰ পতন হৈ গ’লে তেওঁৰ শৰীৰে নাইবা মানৱীয় গুণসম্পন্ন আত্মাই  আত্মাৰ অমানৱীয় অংশটি এৰি গুচি যাব।নাইবা  নিজানত বহি যেতিয়া কবিৰ আত্মাই সোঁৱৰণ কৰিব বা লিখিব পাহৰণি গীত বা সোঁৱৰণী কবিতা। কবিৰ ভাষাত:

মূহুৰ্তৰ বাবে তোলৈ এৰি যাম মোৰ

প্ৰাৰ্থনাৰ ৰাতি

নিজানত বহি লিখিবি সোঁৱৰণী কবিতা, 

পাহৰণি গীত।”

কবিয়ে ওপৰত উদ্ধৃত কৰা কবিতা কেইশাৰীত বিষয়-বস্তু উপস্থাপনৰ যুক্তিযুক্ততা (logic) হেৰুৱাইছে আৰু ইয়াতেই  কবিতাটি ক্ৰটিযুক্ত হৈছে। কিয়নো কবিতাটিত কবিৰ শাৰীৰিক সত্বাই বা মানৱীয় সত্বাইহে আত্মাক  বা অমানৱীয় সত্বাক উদ্দেশ্যি বক্তব্যবোৰ পেশ কৰিছে। কিন্তু ওপৰত দিয়া উদ্ধৃত কবিতা দুশাৰীত তাৰ ওলোটাহে ঘটিছে। ইয়াত যেন কবিৰ গুচি যাব লগা আত্মাই কবিৰ শৰীৰক কৈছে। কবিয়ে যদি উদ্দেশ্যপ্ৰণোদিতভাৱেই গুচি যাব লগা শৰীৰক উদ্দেশ্যি কথাবোৰ ব্যক্ত কৰাৰ স্বাধীনতা দিছে তেন্তে উক্ত উক্তিটো কবিৰ মানৱীয় সত্ত্বাৰ প্ৰতি ব্যঙ্গাত্মক হৈছে- যিটো কবিয়ে আশা কৰা নাই কিজানি! কবিতাটিত কবিয়ে মানৱীয় সত্বাক  অমানৱীয় আত্মাংশৰ ওপৰত ৰাখিবলৈযো কবিতাটিৰ আৰম্ভণিৰ পৰা প্ৰচেষ্টা চলাইছে আৰু এই আদৰ্শ অটুট ৰখাটোৱেই কবিৰ উচিত আছিল।

শেষত কবিয়ে কৈছে যে কবিৰ আশা এই পৃথিৱীত থকা লৈকে এনেদৰে স্ববিৰোধত পাৰ্থিৱ সময়বোৰ কটাই যাব। কিন্তু কবি আশাবাদী যে কবিৰ পৰৱৰ্তী প্ৰজন্মৰ প্ৰতি দ্বন্দ্বহীন পৰিৱেশ  স্থাপন কৰি যাব। কবিৰ ভাষাত:

“মূলতঃ স্ববিৰোধিতাত পৰস্পৰে কিছুকাল

কটাম আৰু আগন্তুক শিশুটিৰ বাবে  

এৰি যাম কিছু ৰসাল মাটি, বিশুদ্ধ বতাহ,

তেজহীন নদী আৰু কিছু ৰসাল কথা।”

কবিতাটি দাৰ্শনিক আৰু মনস্তাত্বিক কবিতা। ইয়াত কবিয়ে মানুহৰ আত্মা নাইবা প্ৰতীতি যে ভাল বেয়াৰ সমষ্টি তাক বুজাবলৈ চেষ্টা কৰিছে।

কবিতাটিৰ ভাষা সম্বন্ধে ক’বলৈ গ’লে ক’ব লাগিব যে কবিতাটি তেওঁৰ আন আন কবিতাৰ দৰেই গদ্যময়। ইয়াত কল্পচিত্ৰ আছে কিন্তু আটকধুনীয়া নহয়।০ ০ ০

 

অৰাজনৈতিক বুদ্ধিজীৱি সমীেপষু: এক সমালোচনাত্মক বিশ্লেষণ

কবিসকল সমাজৰ নিৰেপক্ষ ব্যক্তি। সিহঁতৰ পৰিচয় আন্তৰ্জাতিক।  সত্য, সুন্দৰ আৰু ন্যায়েই সিহঁতৰ আদৰ্শ আৰু সকলো অন্যায়, অবিচাৰ, সিহঁতৰ চকুত ঘৃণাৰ বস্তু।  কিন্তু কেতিয়াবা কোনো কোনো কবিয়ে সিহঁতৰ আদৰ্শ পাহৰি গৈ পক্ষপাতিত্বৰ সংকীৰ্ণ গণ্ডিৰ মাজত সোমাই পৰে। ‘অৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু’ শিৰোনামেৰে লিখা কবিতাটি সংকীৰ্ণ মানসিকতাৰে উদ্বুদ্ধ হোৱা এজন কবিৰ প্ৰতি কবি ইছমাইলৰ সবল কণ্ঠস্বৰ। কবিতাটি ‘ছফদৰ হাছমী’ নামৰ এজন নাট্যকাৰ  হত্যাৰ পটভূমিত ৰচিত। ছফদৰ হাছমী আছিল সমাজৰ নিপীড়িত, দলিত শ্ৰেণীৰ কবি আৰু নাট্যকাৰ। তেওঁ উদাত্ত কণ্ঠে সামাজিক তথা ৰাজনৈতিক ভেকোভাওনা তথা অন্যায়ৰ বিৰুদ্ধে কবিতা আৰু নাটকেৰে সমগ্ৰ ভাৰতবৰ্ষতে জেহাদৰ সূচনা কৰিছিল। তাৰ ফলত চৰকাৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ভণ্ডামিবোৰৰ বিৰুদ্ধে জনসাধাৰণ সচেতন হোৱা আৰম্ভ কৰিছিল। ই চৰকাৰৰ কিছুমান বিষয়াৰ ব্যক্তিগত স্বাৰ্থত আঘাত হানিছিল। সেয়ে কিছুমান ৰাজনৈতিক নেতাৰ নিৰ্দ্দেশত সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ গুণ্ডা বাহিনীয়ে ছফদৰ হাছমীক হত্যা কৰে। লগে লগে সৰ্বভাৰততে ছফদৰৰ হত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ উঠে। এই প্ৰতিবাদত ‘ভাৰতীয় গণনাট্য সংঘ আৰু গণ সংস্কৃতি বিকাশ সমিতি’য়ে উলিওৱা এটা গোঁহাৰিত এজন অগ্ৰজ কবিয়ে চহী কৰিবলৈ অস্বীকাৰ কৰে আৰু সেই পটভূমিতেই কবিতাটি ৰচিত।

কবি ইছমাইলে চহী দিবলৈ অস্বীকাৰ কৰা অৰাজনৈতিক কবিৰ স’তে হোৱা কবি ইছমাইলৰ পৰিচয় কেতিয়া ক’ত, কেনেকৈ হৈছিল তাৰ আভাস দিছে কবিতাটিৰ প্ৰথম অনুচ্ছেদত । কবিয়ে কৈছে যে সেই অৰাজনৈতিক কবিজনৰ স’তে কবিৰ দেখা হয় কটন কলেজত। তাৰ পাছত কোনো অতিথিশালাৰ একুৰিয়ামত বিভিন্ন ৰঙৰ মাছ চাই থাকোতে। কবিয়ে কৈছে:

“শ্ৰদ্ধেয় অৰাজনৈতিক অগ্ৰজ কবি- শুনক 

বিতৰ্ক নহয় আপোনাৰ  স’তে কবিতাৰে কিছু সদালাপঃ

হয়, বুদ্ধিজীৱিৰ পাঠশালা কটন কলেজতেই

তাহানি প্ৰথমবাৰ ল’গ পাইছিলো আপোনাক ।

সম্ভৱতঃ চিনাকী মাথোন সিমানেই মহাশয়,

তাৰ পিছত আপোনাৰ  অতিথিশালাৰ 

একুৰিয়ামত নীলা, বগা, কলা, ৰঙা মাছবোৰ  চাই থকা সময়ত

আপোনাৰ মুখতেই শুনিছিলোঁ ৰাজনীতিৰ আলাপ

ঠিক মনত নপৰে তাৰ পিছত ক’ত

কবিতাৰ মাজেৰেই হয়তো হ’ব পাৰে চিনাকীৰ কচৰৎ।”

স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰা সেই কবিজন নিজকে অৰাজনৈতিক বুলি পৰিচয় দিছিল। কিন্তু কবি ইছমাইলে কাহানিবা সেইজন কবিৰ কণ্ঠতেই ৰাজনীতি তথা লেনিনৰ সমাজবাদৰ তত্ব  শুনিছিল। যিজনেই ৰাজনীতিৰ কথা শুনাইছিল তেৱেঁই পিছত নিজকে ‘অৰাজনৈতিক’ বুলি পৰিচয় দিয়াত কবি ইছমাইলে আচৰিত মানিছে। সেয়ে ব্যঙ্গাত্মকভাৱে কবিয়ে কৈছে:

“মনত পৰিছে – আপুনিয়েই, হয় আপুনিয়েই

এদিন শুনাইছিল

লেনিনৰ শস্যৰ সেউজ পথাৰত

ক’লা ৰুটিয়ে দিয়া উজ্জ্বল বগা মনৰ বতৰা,

প্ৰসাৰিত সমতলত আপুনিয়েই বিচাৰিছিল এদিন

লেনিনৰ দেশত ‘শস্যৰ সোণালী খোজ’।”

‘অৰাজনৈতিক’ বুলি পৰিচয় দিয়া সেই বুদ্ধিজীৱিজন কবিতাৰ স’তেই ব্যস্ত অথচ কবিৰ স’তে কবিসকলৰ যে একাত্মকতা থকাৰ প্ৰয়োজন তাক পাহৰি গৈছে। কবি ইছমাইলো আওপকীয়াকৈ তাকেই প্ৰকাশ কৰিছে।

“এতিয়াতো ফুলনিত, চিৰিয়াখানাত, উদ্যানত

কবিতাৰ ‘বুটা’ বাছোতেই পলায় আপোনাৰ  ‘ভোক’ –

নিৰাশ আকাশত তৰাৰ ফৰ্মুটিলৈ চাই,

নিঃসঙ্গ বননিত কবিতাৰ ‘অৰাজনৈতিক’ গান গাই

দিনে দিনে উগাৰিছে কাব্যিক  ভোগ।”

ইয়াৰ পিছৰ অনুচ্ছেদত কবিয়ে কৈছে যে যি দেশত শিল্পী প্ৰাণক হত্যা কৰা হয়, যি দেশত ‘মাতৃৰো  মাতৃ প্ৰাণ’ নাৰীক  ধৰ্ষণ কৰা হয় আৰু যি দেশত ৰাজনীতিয়ে কবিৰ কলম কাঢ়ি নিয়ে সেই দেশত কোনো কবিয়েই নিজকে ‘নিৰেপক্ষ’ বা ‘অৰাজনৈতিক’ বুলি কোৱাটো শোভা নাপায়। সেয়ে কবি ইছমাইলে ‘নিৰেপক্ষ’ বুলি পৰিচয় দিয়া কবিক উদ্দেশ্যি কৈছে:

“শ্ৰদ্ধেয় ‘নিৰেপক্ষ’ অগ্ৰজ কবি – শুনক

আপোনাৰ দেশতেই যদি ৰাজনীতিয়ে হত্যা কৰে 

শিল্পীৰো শিল্পী প্ৰাণ ছফদৰ হাছমীক

আপোনাৰ চোতালতেই যদি ৰাজনীতিয়ে ‘ধৰ্ষণ’ কৰে

মাতৃৰো মাতৃপ্ৰাণ স্নেহময়ী নাৰীক

আপোনাৰ  সন্মুখতেই যদি ৰাজনীতিয়ে কাঢ়ি  নিয়ে কলম

আপোনাৰ  দৰেই নিৰেপক্ষ অবোধ কবিৰ

তেতিয়া কি সূত্ৰতনো নিজকে কয়:

নিৰেপক্ষ বা অৰাজনৈতিক?”

কবিয়ে ‘নিৰেপক্ষ’ কবিজনক উদ্দেশ্যি কৈছে অৰ্থাৎ কবিজনক বুজাব খুজিছে কবিতা আৰু কবি মানে কি। ইয়াত কবি ইছমাইলৰ কবি আৰু কবিতা সম্পৰ্কে ধাৰণা বা দৰ্শন প্ৰকাশ পাইছে। কবিয়ে কৈছে:

“শ্ৰদ্ৰেয় অগ্ৰজ কবি – শুনক

কবিতা বাক্যবাণ নহয়, কিম্বা আখেজৰ প্ৰলাপ

কবিতা নহয় কাহানিও শাসক কিম্বা

শোষকৰ ক্ৰীতদাস।

কবিতা মানেইতো একাত্মকতা – 

কবি মানে সবল প্ৰতিবাদ।”

ইয়াৰ পিছৰ অনুচ্ছেদত কবিয়ে সেই নিদ্দিষ্ট কবিজনক উদ্দেশ্যি তেওঁৰ লগত একাত্মকতা স্থাপন কৰাৰ বাবে  আহ্বান কৰি কৈছে:

“আহক, আমি  সলাই থওঁ পক্ষপাতিত্বৰ ৰাজকীয় পোছাক

খেদি পঠাওঁ মগজু আৱৰি থকা মধ্যবিত্ত 

চেতনাৰ গুবৰুৱা পোক।

সমূহৰ ঘৰে দুৱাৰে কবিতা গাওঁ-

জীৱনৰ নান্দনিক গান,

সমূহৰ বাবে  কলম ধৰো- কলম হওঁক শোষিতৰ আগ্নেয় বাণ!”

দ্বিতীয় আৰু তৃতীয় স্তৱকতো কবিয়ে নিৰ্দ্দিষ্ট কবিজনক উদ্দেশ্যি ব্যজস্তুতি (irony)  প্ৰয়োগ কৰি কৈছে:

”শ্ৰদ্ধেয় অৰাজনৈতিক কবি- বিনম্ৰ অনুৰোধ

বন্ধ চকু দুটি মোকলাই দিয়ক,

কাণ দুখন খুলি দিয়ক,

দেখিব- কিদৰে চৰম উত্তাপতো মানুহৰ

তেজত নামে তুষাৰ পাত

শুনিব- কিদৰে বন্ধ কৰে চেনাইৰ মাত,

বিপন্ন হয় ৰাঙলী ব’হাগ

বন্ধু, খিৰীকিবোৰ  খুলি দি চাওঁক-

চৌদিশে ক্ষুধাৰ জেহাদ।

মুক্ত বায়ুত উশাহ লওঁক-

বায়ুত দুর্ভিক্ষ  দুৰ্দ্দিনৰ স্বাদ।

হে অগ্ৰজ কবি- য’ত কলমত ঢালি দিয়ে বিষ

কবিতাতো নিগৰে তেজ

তাত কবি কিদৰে নিৰেপক্ষ

কবিতা কিদৰে অৰাজনৈতিক?

মহাশয়, কবিতো হ’ব নোৱাৰে পোহনীয়া জীৱ

কিম্বা আৰণ্যক প্ৰাণী

কবি মানেইতো সচেতন প্ৰজাতি–

কবি মানে প্ৰতিবাদৰ সহস্ৰ সেনানী।”

কবি-সাহিত্যিকসকল সমাজৰ চাবিকাঠি। সিহঁতেই সমাজ বা দেশ এখন সবৰ্বাত্মক দিশত উন্নয়নৰ পিনে আগবঢ়াই লৈ যোৱাত জনসাধাৰণক সচেতন কৰি তোলে। সেয়ে কবি সকল কোনো নিৰ্দ্দিষ্ট গণ্ডীৰ মাজত আবদ্ধ নহয়। কিন্তু কোনো কোনো কবিৰ এই জ্ঞানটো বহুত পলমকৈ আহে। কবি ইছমাইলৰ বিবেচনাত সেই অৰাজনৈতিক কবিজনৰ ভুল ধাৰণাটো ধ’ৰা পৰিছে। আৰু কবি ইছমাইলে এই কবিতাটোৰ দ্বাৰা তেওঁৰ সবল দায়িত্ব পালন কৰিছে। কবিতাটিত ব্যঙ্গ অলংকাৰ আছে কিন্তু কবিয়ে কোৱা ধৰণে কবিৰ ব্যঙ্গ বাণৰ কোনো দুৰভিসন্ধি নাই।শৈলীৰ দিশৰ পৰা কবিতাটি নাটকীয় স্বগোক্তি (dramatic monologue) ৰ  উদাহৰণ।০ ০ ০

 

কবিৰ মৃত্যুত শোকসভা বহিছে: এক  বিশ্লেষণ

‘কবিৰ মৃত্যুত শোকসভা বহিছে’ কবিতাটি ঘাতকৰ হাতত মৃত্যু হোৱা মোহন কৃষ্ণ  মিশ্ৰ নামৰ কবি এজনৰ মৃত্যুত সহ-কবিসকলে যি মনোবৈজ্ঞানিক মতামত আগবঢ়াইছিলসেয়া কবি ইছমাইলে অংকন কৰিছে।

কবি মোহন কৃষ্ণ মিশ্ৰৰ মৃত্যুত তেওঁৰ প্ৰিয় সতীৰ্থসকলে শোকসভা আহ্বান কৰিছে আৰু বিভিন্ন জনে বিভিন্ন মতামতেৰে কবিজনৰ প্ৰতি কৃতজ্ঞতা জনাই কৈছে যে মানুহজন ‘সাহসী’ আছিল, কিছুমানৰ মতে কবিজন ‘বিপ্লৱী’ আছিল, কিছুমানৰ মতে ‘দৰদী’ কবি আছিল ইত্যাদি। কবি ইছমাইল হোছেইনে বিভিন্ন জনৰ মতামতবোৰ চিত্ৰিত কৰি লিখিছে:

“কবিৰ মৃত্যুত শোকসভা বহিছে

ইজনৰ ওঁঠৰ সৈতে সিজনৰ ওঁঠ মিলাই

পৰস্পৰে কোৱাকুই কৰিছে:

‘মানুহজন সাহসী আছিল

মানুহজন জন বিপ্লৱী আছিল

নদীৰ বাবে গান গাই

শইচৰ বাবে গান গাই

গুচি যোৱা মানুহজন

এজন দৰদী কবি আছিল’।”

ওপৰত উদ্ধৃত কথাফাকি কবিৰ সহকৰ্মীসকলে প্ৰকাশ কৰা সিহঁতৰ কৃতজ্ঞতা যদিও কৃতজ্ঞতাখিনি সাহিত্যিক ভাষাত ব্যঙ্গ (satirical) হৈছে। কিয়নো সাহিত্যৰ ভাষাত কোনো যুক্তি নথকা মতামতত প্ৰশংসা কৰাটো ব্যঙ্গাত্মক অলংকাৰৰ ভিতৰত পৰে। কবি ইছমাইল হোছেইনে কিজানি সাহিত্যৰ প্ৰকাশ শৈলীৰ এই দিশটোৰ প্ৰতি দৃষ্টি দিয়া নাই নাইবা যদিও দিছে তেওঁৰ উদ্দেশ্য আছিল কবি মোহন কৃষ্ণ মিশ্ৰৰ মৃত্যুত শোক কৰি মতামত প্ৰকাশ কৰা  শোকাকুল কবিসকলৰ মন্তব্যক ব্যঙ্গ কৰাটোহে! আৰু যদি কবিৰ উদ্দেশ্য ইয়াৰ কোনোটোৱে নহয় বা কেৱল কবি মোহন কৃষ্ণৰ প্ৰতি প্ৰশংসাসূচক মন্তব্য প্ৰকাশ কৰাটোহে  উদ্দেশ্য  আছিল, তেন্তে উদ্ধৃত কথাফাকিৰ শেষৰ শাৰীত দাৰিৰ সলনি ভাববোধক চিন (!)  ব্যৱহাৰ কৰা উচিত আছিল।

কবি মোহন কৃষ্ণ মিশ্ৰৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল; মৃত্যু হৈছিল ঘাতকৰ হাততহে। কবিয়ে অনুমান কৰিছে যে কবি মোহন কৃষ্ণক হত্যা কৰিবলৈ ঘাতকৰ গোপন সভা বহিছিল আৰু তাতে কবিক হত্যা কৰা আঁচনিৰ লগতে কবিৰ সমস্ত কবিতা জ্বলাই দিয়াৰো পৰিকল্পনা কৰিছিল। সেয়ে কবিয়ে লিখিছে:

“কবিৰ মৃত্যুদণ্ডৰ কামনাত এদিন 

ঘাতকৰ গোপন সভা বহিছিল

কবিৰ সমস্ত কবিতা জ্বলাই দি

জুইৰ উত্তাপত ঘাতকে সেকিছিল হাত।”

কবি ইছমাইলে আৰু অনুমান কৰিছে যে  ঘাতকৰ নিৰ্দ্দেশত পিচাশবোৰে হাঁহিছিল, নাচিছিল আৰু কবিতাৰ স্তৱকেৰে মালা সাজিছিল। কবিৰ ভাষাত (ইয়াত কবিৰ নিজৰ মতামত):

“হাতবোৰৰ  নিৰ্দ্দেশত পিশাচবোৰে  হাঁহিছিল

কবিতাৰ জুই ঘেৰি ঘাতকবোৰে  নাচিছিল

কবিতাৰ স্তৱকেৰে সাজিছিল ৰাৱণৰ মালা।”

কবিৰ মৃত্যুত শোক সভা বহিছে আৰু এই সভাত কিছুমান কবিয়ে কবি মোহন কৃষ্ণৰ প্ৰতি প্ৰশংসাসূচক উক্তি প্ৰকাশ কৰিছে আৰু বহুতেই ঘাতকৰ প্ৰতি প্ৰকাশ কৰিছে অতিশয় ঘৃণা। কবিয়ে কৈছে:

“কবিৰ মৃত্যুত শোক সভা বহিছে

মুখে মুখে মুখ থৈ উগাৰিছে ঘৃণা।”

কবিতাটি নামাকৰণত এটি শোক কবিতা যেন লাগিলেও কবিতাটিৰ বিষয়-বস্তু শোকাত্মক নহয়। কিয়নো ইয়াত শোকৰ আঁচোৰ আছে সঁচা কিন্তু শোক প্ৰকাশ পোৱা কোনো শোকাত্মক কল্পচিত্ৰ নাই। কবিৰ ‘দৰিদ্ৰতা’ শিৰোনামাৰে লিখা কবিতাটিত শোকৰস আৰু শোকাকুল পৰিৱেশৰ চিত্ৰ থকাৰ দৰে  এই কবিতাটিত কিন্তু তেনে চিত্ৰ নাই।  কবিতাটি স্বয়ং সম্পূৰ্ণ শোক কবিতা নহয় যদিও মনোবৈজ্ঞানিক দিশৰ পৰা কবিতাটিৰ তাৎপৰ্য আছে। এই কবিতাটিত কবিয়ে যিমান স্পষ্টকৈ  বিভিন্ন জনৰ মনৰ ধাৰণা বা মতামত প্ৰকাশ কৰিছে আন কোনো কবিতাত তেনে দেখা নাযায়। 

কবিতাটি ভাষাশৈলীৰ দিশৰ পৰা সহজ আৰু সৰল। ইয়াত কোনো কাব্যিক অলংকাৰৰো সমাৱেশ  ঘটা নাই মাথো এথোপা কল্পচিত্ৰৰ বাহিৰে।০ ০ ০ 

 

গাঁৱৰ বাট: এক বিশ্লেষণ

‘গাঁৱৰ বাট’ শিৰোনামৰ কবিতাটিত কবি ইছমাইল হোছেইনে  গাঁৱৰ ছবি অকৃত্ৰিমভাৱে দাঙি ধৰিছে। কবি ইছমাইল গাঁৱৰ মানুহ। কিন্তু বৰ্তমান তেওঁৰ ঠিকনা হৈছে চহৰ। হয়তো চাকৰি আৰু শিক্ষা-সংক্ৰান্ত কাৰণতে চহৰলৈ যাব লগা হৈছে। কিন্তু সেইবুলি গাঁৱৰ প্ৰতি তেওঁৰ দৰদ নথকা নহয়।  মাজে মাজে গাঁৱলৈ আহি থাকিব লগা হয়। কবিৰ গাঁৱৰ অৱস্থা খুব দুখ লগা। তাৰ যোগাযোগ ব্যৱস্থা বৰ অনুন্নত। বাৰিষা কালত পানী গচকি গাঁৱলৈ বাট বুলিব লগা হয়। তেওঁৰ গাঁৱৰ অৱস্থা উন্নয়ন হোৱাৰ পৰিবৰ্তে অৱনতিৰ ফালেহে ঢাল খাইছে। সেয়ে তেওঁৰ অন্তৰত গাঁৱৰ যি স্মৃতি আছিল সেই স্মৃতিৰো অৱনতি ঘটিছে। পানী গচকি গাঁৱলৈ আগবাঢ়োতে খলিহনা মাছলৈ তেওঁৰ চকু পৰিছে আৰু তাতেই থমকি ৰৈ পাৰ ঘাট কিমান দূৰতে আছে সেয়া অনুমান কৰিব লগা হৈছে। কবিৰ ভাষাত:

“আহিনৰ দুপৰীয়া ইথাৰ কঁপোৱা ৰ’দ

গাঁৱলৈ বুলিছিলো বাট।

গাঁৱৰ স্মৃতি বুলিবলৈ এতিয়া একোৱেই নাই

শাৰী পিন্ধা খলিহনালৈ চাই

থমকি ৰৈ ভাবিছিলো

কিমান দূৰত আছে পাৰ ঘাট!”

কবিয়ে গাঁওলৈ দৃষ্টি দিয়াৰ লগে লগেই গাঁৱলীয়া সংস্কৃতিৰ স্মৃতি তেওঁৰ মনত জাগি উঠিছে। সেয়ে কবিয়ে কৈছে:

“নাৱৰীয়া ৰৈ যা

মোৰ বুকুৰ নদীত তোৰ বঠাৰ কোব মাৰি যা

সুহুৰি বজাই গৰখীয়া তই 

ভাঙি দে মোৰ যুগাতীত ধ্যান।”

কবিৰ গাঁওখনো অসমৰ আন আন গাঁৱৰ দৰেই দুখীয়া গাঁও। সেয়ে তেওঁৰ মনত সেই দুখলগা অৱস্থাৰ প্ৰতিফলন ঘটিছে আৰু কৈছে:

“গাঁৱৰ অতীত:

কৃষকৰ বুকু ভ’ৰা দুখৰ কথা বিনাই

পাৰ ভাঙি  তই নাহিবি দুনাই।

চা চোন চা,

উজীৰাৰ বালিচৰত আজিও কলিজা পোৰা দেহা।

ৰংমনকাইৰ পিঠিত যুগে যুগে মহাজনী শোষণৰ বোজা

মিয়াচান চাচাই দেৱানীৰ ভঁৰাল সাজে:

আলাসৰ বেহা।”

দৰিদ্ৰতাই গাঁৱক ছানি ধ’ৰা সত্বেও কবিয়ে গাঁৱৰ কৃষকৰ হাততেই যে দেশৰ অৰ্থনৈতিক সোপানৰ সূৰ্যটো লুকাই আছে তাকেই দেখিবলৈ পাইছে ।

“তথাপিও চোন

শালি ধানৰ পথাৰৰ জিলমিল ৰ’দত

সূৰ্যটো লুকাই আছে কৃষকৰ হাতত।

আহিনৰ দুপৰীয়া ইথাৰ কঁপোৱা ৰ’দ

গাঁৱলৈ আৰুনো আছে কিমান দূৰ বাট।”

কবিতাটি গাঁৱলীয়া চিত্ৰৰ বিচিত্ৰ ৰেঙেৰে ৰঙীন। কবিতাটিৰ ভাষা সাধাৰণ গদ্যময়। এই গদ্যত কোনো স্পন্দন নাই যদিও বাক্য বিন্যাসত কিবা যেন নতুনত্ব আছে। ইয়াত প্ৰয়োগ কৰা কল্পচিত্রবোৰ  অসমীয়া গোন্ধৰে আমোলমোলাই আছে। ০ ০ ০

অন্ত

ৰাব্বি মছৰুৰ   ৰচিত  কেইখনমান  গ্রন্থ:

Related Search:

48 Comments

  1. Pingback: - Growhills Publishing

  2. Pingback: ইছমাইল হোছেইনৰ কবিতা 'কৃষক বন্ধুলৈ': এক বিশ্লেষণ - Growhills Publishing

  3. Pingback: ইছমাইল হোছেইনৰ কবিতা 'কৃষক বন্ধুলৈ': এক বিশ্লেষণ - Growhills Publishing

  4. Pingback: ইছমাইল হোছেইনৰ কবিতা 'বিদ্ৰোহ': এক বিশ্লেষণ - Growhills Publishing

  5. Pingback: ইছমাইল হোছেইনৰ কবিতা 'বিদ্ৰোহ': এক বিশ্লেষণ - Growhills Publishing

  6. Pingback: ইছমাইল হোছেইনৰ কবিতা 'জীৱন আৰু মানুহ বিষয়ক': এক বিশ্লেষণ - Growhills Publishing

  7. Pingback: ইছমাইল হোছেইনৰ কবিতা 'জীৱন আৰু মানুহ বিষয়ক': এক বিশ্লেষণ - Growhills Publishing

  8. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দুঃসময়': এক  বিশ্লেষণ - Growhills Publishing

  9. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দুঃসময়': এক  বিশ্লেষণ - Growhills Publishing

  10. Pingback: ইছমাইল হোছেইনৰ কবিতা 'গাঁৱৰ চিঠি': এক বিশ্লেষণ - Growhills Publishing

  11. Pingback: ইছমাইল হোছেইনৰ কবিতা 'ৰোৱনীজনী: তোৰ বিজন অৰণ্যত'-এক  বিশ্লেষণ - Growhills Publishing

  12. Pingback: ইছমাইল হোছেইনৰ কবিতা 'ৰোৱনীজনী: তোৰ বিজন অৰণ্যত'-এক  বিশ্লেষণ - Growhills Publishing

  13. Pingback: ইছমাইল হোছেইনৰ কবিতা 'সমসাময়িক কেইটিমান কবিতা': এক  বিশ্লেষণ - Growhills Publishing

  14. Pingback: ইছমাইল হোছেইনৰ কবিতা 'কবিৰ চোতাল': এক বিশ্লেষণ - Growhills Publishing

  15. Pingback: ইছমাইল হোছেইনৰ কবিতা 'বন্ধুবোৰ': এক  বিশ্লেষণ - Growhills Publishing

  16. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আনৱিক':এক বিশ্লেষণ - Growhills Publishing

  17. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আনৱিক':এক বিশ্লেষণ - Growhills Publishing

  18. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আত্মপাঠ': এক  বিশ্লেষণ - Growhills Publishing

  19. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আত্মপাঠ': এক  বিশ্লেষণ - Growhills Publishing

  20. Pingback: ইছমাইল হোছেইনৰ কবিতা 'মোক আকোৱালি লোৱা': এক বিশ্লেষণ - Growhills Publishing

  21. Pingback: ইছমাইল হোছেইনৰ কবিতা 'চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি': এক বিশ্লেষণ - Growhills Publishing

  22. Pingback: ইছমাইল হোছেইনৰ কবিতা 'চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি': এক বিশ্লেষণ - Growhills Publishing

  23. Pingback: ইছমাইল হোছেইনৰ কবিতা 'সখী': এক বিশ্লেষণ - Growhills Publishing

  24. Pingback: ইছমাইল হোছেইনৰ কবিতা 'দৰিদ্ৰতা': এক বিশ্লেষণ - Growhills Publishing

  25. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আস্থানিক':  এক  বিশ্লেষণ - Growhills Publishing

  26. Pingback: ইছমাইল হোছেইনৰ কবিতা 'আস্থানিক':  এক  বিশ্লেষণ - Growhills Publishing

  27. Pingback:  ইছমাইল হোছেইনৰ কবিতা 'বহুৰঙী': এক বিশ্লেষণ - Growhills Publishing

  28. Pingback:  ইছমাইল হোছেইনৰ কবিতা 'বহুৰঙী': এক বিশ্লেষণ - Growhills Publishing

  29. Pingback: ইছমাইল হোছেইনৰ কবিতা 'মহানগৰ': এক  বিশ্লেষণ - Growhills Publishing

  30. Pingback: ইছমাইল হোছেইনৰ কবিতা 'নিজৰ স’তে দ্বন্দ্বঃ এক বিশ্লেষণ - Growhills Publishing

  31. Pingback: ইছমাইল হোছেইনৰ কবিতা 'অৰাজনৈতিক বুদ্ধিজীৱি সমীেপষু': এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  32. Pingback: তালেবৰ ৰহমান-চমু পৰিচয় - Growhills Publishing

  33. Pingback: অতুল চন্দ্ৰ বৰুৱা-চমু পৰিচয় - Growhills Publishing

  34. Pingback: অমৃতভূষণ দেৱ অধিকাৰী-চমু পৰিচয় - Growhills Publishing

  35. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় - Growhills Publishing

  36. Pingback: ইছমাইল হোছেইন-চমু পৰিচয় । Ismail Hossain - Growhills Publishing

  37. Pingback: ইছমাইল হোছেইনৰ কবিতাত মনস্তত্ত্ব - Growhills Publishing

  38. Pingback: ইছমাইল হোছেইনৰ কবিতাত কবিজনৰ আত্ম-কথা - Growhills Publishing

  39. Pingback: ইছমাইল হোছেইনৰ কবিতাত দৰ্শন - Growhills Publishing

  40. Pingback: ইছমাইল হোছেইনৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ - Growhills Publishing

  41. Pingback: Ismail Hossain Photos - ইছমাইল হোছেইন - Growhills Publishing

  42. Pingback: হাবিল উদ্দিন - Growhills Publishing

  43. Pingback: মানিক লাল ভৌমিক - Growhills Publishing

  44. Pingback: মানিকা  ভৌমিক - Growhills Publishing

  45. Pingback: ইছমাইল হোছেইনৰ কবিতাত কৰুণ ৰস - Growhills Publishing

  46. Pingback: ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা - Growhills Publishing

  47. Pingback: HSLC Exam Que Paper English 2016 - Growhills Publishing

  48. Pingback: HSLC Exam Que Paper English 2017 - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *