ইছমাইল হোছেইনৰ কবিতা ‘আত্মপাঠ’: এক  বিশ্লেষণ

—ৰাব্বি মছৰুৰ

পৃথিৱীত যিমানে সমাজবাদৰ ঢৌ উঠিছে মানুহ সিমানে ব্যক্তিকেন্দ্ৰিক হৈ আছে। আগৰ কালৰ কবি-সাহিত্যিকসকলে নিজকে লুকাই ৰাখি ৰজা মহাৰজাসকলৰ গুণ-গান কৰিছিল আৰু মানৱ সমাজত আধ্যাত্মিক চিন্তাৰ খোৰাক যোগাইছিল। কিন্তু ক্ৰমে ক্ৰমে মানুহসকল ইমানেই ব্যক্তিকেন্দ্ৰিক আৰু আত্মমুখী হৈ পৰিল যে এতিয়া কবি, সাহিত্যিক আৰু শিল্পীসকলে আত্ম অনুভূতি, আত্ম চিন্তা-চর্চা লৈয়ে ব্যস্ত। সেয়ে ভূপেন হাজৰিকাই এটি গীতত কৈছে:

“আগৰ কবিসকলে ৰচিছিল 

ৰজা মহাৰজাৰ কথা

আজিৰ কবিসকলে কয়

নিজৰ নিজৰ কথা।”

কবি ইছমাইল হোছেইনো ব্যক্তিসত্বাক অগ্ৰস্থান দিয়া কবি। তেঁৱো আন আন কবি সাহিত্যিকসকলৰ দৰে মাজে মাজে একান্তই নিজৰ কথা কৈছে।  ‘আত্মপাঠ’ নামৰ কবিতাটি তেনেকুৱা মায়াবাদী (egoism) কবিতা। কবিতাটিত কবিয়ে আত্ম অভিজ্ঞতাৰ ক্ৰম বিকাশ ফুটাই তুলিছে। অৱশ্যে ইয়াৰ মাজেৰে তেওঁৰ দৰিদ্ৰ অৱস্থা আৰু সমাজৰ পৰা পোৱা নিৰ্যাতনৰ দলিলো অংকন কৰিছে।

প্ৰথমে কবিয়ে বাল্যকালত ভোগা বা সন্মুখীন হোৱা দুখ-দৰিদ্ৰতাৰ ছবি আঁকিছে। সাধাৰণ কৃষক বা শ্ৰমিক শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে ভোগ কৰা সকলো প্ৰকাৰৰ দৰিদ্ৰতাৰ কৰ্ষণ কবি ইছমাইল হোছেইনৰ জীৱনতো ঘটিছে। সেয়ে তেওঁ কৈছে যে যিদিনা তেওঁ আইৰ জৰায়ু ফালি ভূমিষ্ঠ হৈছিল সিদিনা তেওঁৰ আশ্ৰয়ৰ বাবে নাছিল কোনো নিগাজী ঘৰ, পাচঁ বছৰ বয়সতেই শ্ৰমিকৰ পোছাক পৰিধান কৰিব লগা হৈছিল, জমিদাৰৰ খেতিত কাম কৰিব লগা হৈছিল, দৰ্জীৰ দোকানত কাম কৰি পঢ়াশালিৰ খৰচো উলিয়াইছিল। কবিৰ ভাষাত:

“কিদৰে পাহৰো মই যে আছিলো এদিন অবোধ শিশুঃ

আইৰ জৰায়ু ফালি ভূমিষ্ঠ হোৱা দিনটোত আশ্ৰয়ৰ 

বাবে নাছিল নিগাজী ঘৰ

মূৰৰ ওপৰত আছিল শুভ্ৰ জোনাক

ভৰিৰ তলেদি বৈ  গৈছিল দুখৰ কোৱাল নদী

মই পাহৰা নাই পাঁচ বছৰ বয়সতেই যে 

শিশু শ্ৰমিকৰ পোছাক পিন্ধিছিলো 

মই পাহৰা নাই পাঁচ বছৰ বয়সতেই 

দেউতাৰ স’তে জমিদাৰৰ খেতিত কাম কৰিছিলো

পাহৰা নাই যে দৰ্জীৰ  দোকানত কাম কৰি 

পঢ়াশালিৰ খৰচ উলিয়াইছিলো।”

কবিয়ে ভোগা দৰিদ্ৰতাৰ যন্ত্ৰণা তাতেই ক্ষান্ত হোৱা নাছিল, ই চলি আছিল স্ৰোতস্বিনীৰ অবাৰিত স্ৰোতৰ দৰে। সেয়ে তেওঁ দৰ্জ্জীৰ দোকানত কাম কৰাৰ উপৰিও দেওবৰীয়া বজাৰৰ দোকানে দোকানে মমবাতি বিক্ৰি কৰিছিল। কিন্তু তেওঁৰ দুখ যে তেওঁ মমবাতিৰ পোহৰত নিজৰ জন্ম দিনৰ উৎসৱ কোনো দিনে পাতিব পৰা নাছিল। কোনো দিনে নতুন কাগজত জন্ম দিনৰ তাৰিখটোও লিখিব পৰা নাছিল। আনকি নতুন পোছাক পিন্ধি কোনো পুৱাক আদৰিব পৰা নাছিল। শ্ৰমিকৰ সংজ্ঞা কি তাক তেওঁ পাঁচ বছৰ বয়সতেই বুজিছিল যদিও শিশু শ্ৰমিকৰ প্ৰাপ্য মজুৰি আন আন শিশুৰ দৰে তেৱোঁ কোনো দিন হাতত লৈ পোৱা নাছিল। কবিৰ  আত্ম ভাষাত:

“পাহৰা নাই  মই যে বহু দিন দেওবৰীয়া 

বজাৰৰ দোকানে দোকানে মমবাতি বেচিছিলো

অথচ মমবাতিৰ পোহৰত কোনো দিনে 

মোৰ জন্মোৎসৱ পতা নাই

নতুন কাগজত লিখি পোৱা নাই মোৰ 

জন্ম দিনৰ সঠিক ঠিকনা

নতুন পোছাক পিন্ধি এটি নতুন ৰাতিপুৱাক

আদৰিব পৰা নাই

শিশু শ্ৰমিকৰ প্ৰাপ্য মজুৰি কোনো দিনে  

হাতত লৈ পোৱা নাই।

অথচ শ্ৰমিকৰ সংজ্ঞা কি বুজিছিলো

যেতিয়া মোৰ বয়স পাঁচ।”

কিন্তু পাঁচ বছৰ বয়সতে যদিও শ্ৰমিকৰ  সংজ্ঞা কি তাক বুজি পাইছিল, তথাপি তেওঁৰ বহুত কিবা কিবি বুজিবলৈ বাকী আছিল। সেয়ে তেওঁ কৈছে:

“যেতিয়া মোৰ বয়স ছয় শ্ৰেণী-বন্ধু, শ্ৰেণী-শত্ৰু কি জনা নাছিলো

যেতিয়া মোৰ বয়স সাত শ্ৰেণী-দ্বন্দ্ব, 

শ্ৰেণী-সংগ্ৰাম কি জনা নাছিলো

যেতিয়া মোৰ বয়স ন ন্যায়, অন্যায় কি জনা নাছিলো।”

কিন্তু বয়স হৈ অহাৰ লগে লগে তেওঁ সকলো বুজি উঠিল। বুজি উঠিল শোষণ মানে কি, ন্যায় মানে কি, শ্ৰেণী-দ্বন্দ্ব মানে কি আৰু বুজি উঠিল স্বাধীনতা মানে কি।

“এতিয়া মই সকলো বুজো:

যেতিয়া খাদ্যহীন হৈ শিশুৰ মৃত্যু হয়

তেতিয়া বুজো শোষণ মানে কি

যেতিয়া হত্যাকাৰীয়ে আদালতত মুক্তি পায়

তেতিয়া বুজো ন্যায় মানে কি

যেতিয়া শ্ৰমিকৰ শোভাযাত্ৰাত গুলিবৰ্ষণ হয়

তেতিয়া বুজো শ্ৰেণী-দ্বন্দ্ব মানে কি

যেতিয়া নাৰী মুক্তিৰ যুগতো নাৰী ধৰ্ষণ হয়

তেতিয়া বুজো স্বাধীনতা মানে কি।”

কেৱল যে কবি নিজেই কথাবোৰ বুজে বা উপলব্ধি কৰে সেয়া নহয়, কবিৰ লগতে কৌটি কৌটি নাগৰিকেও এই  একেধৰণৰ প্রশ্নবোৰ নিজৰ ভিতৰতে সদৰি কৰে। অৱশেষত কবিয়ে ভাৰতবৰ্ষৰ পিনে চকু দি দুৰ্নীতিৰ বিষয়ে কৈছে:

“মোৰ দৰে কৌটি কৌটি নাগৰিকেই আত্ম পাঠত 

নিজৰ কথাবোৰ সদৰি কৰে

আৰু কৌটি কৌটি জনতাই জীয়াই ৰাখিছে

লাঞ্ছিতা ভাৰতবৰ্ষ

ইয়াক জাতি, ধৰ্ম, ভাষাৰ নামত বহুবাৰ ধৰ্ষণ কৰা হৈছে

আৰু বহুবাৰ সমাধিস্থ কৰা হৈছে 

ইয়াৰ ইতিহাস আৰু ঐশ্বৰ্য।”

কবিয়ে এতিয়া সকলো বুজি পাইছে। সম্ভৱতঃ আৰ্থিক ভাৱেও কিছু পৰিমাণে স্বচ্ছল হৈছে; কিন্তু বাল্যকালত বা যৌৱন কালত ভোগা লাঞ্ছনা কেতিয়াও পাহৰা নাই। কবিয়ে আনকি আই মাতৃক ধৰ্ষণ কৰা বহুমুখী মুখবোৰো  চিনি পাইছে। 

“মূলতঃ মই পাহৰা নাই মই যে আছিলো 

এদিন আইৰ অবোধ শিশু

আৰু এতিয়া চিনি পাইছো আইক ধৰ্ষণ কৰা 

বহুৰূপী মুখ।”

কবি ইছমাইল হোছেইন সমাজৰ কবি, দেশৰ কবি, নীপিড়িত, নিৰ্যাতিতৰ কবি। তেওঁৰ প্ৰতিটো কবিতাই অৱক্ষয়ী সমাজৰ দলিল স্বৰূপ, কিন্তু এই কবিতাটিত তেওঁৰ নিজৰ অৱস্থাৰ লগতে সমাজক উদংকৈ দেখুৱাবলৈ সম্পূৰ্ণৰূপে সক্ষম হৈছে। সেয়ে এই কবিতাটি তেওঁৰ ‘জীৱন আৰু মানুহ বিষয়ক‘ কবিতা সংকলনৰ কবিতা সমূহৰ মূলমন্ত্ৰ বুলি ক’ব পাৰি। কবিতাটিৰ ভাষা সম্পূৰ্ণ ৰূপেই গদ্যধৰ্মী আৰু গদ্যৰে যে সম্পূৰ্ণ নিভাঁজ আৰু উৎকৃষ্ট কবিতা ৰচিব পাৰি ‘আত্মপাঠ’ তাৰেই উদাহৰণ।০ ০ ০

(ৰচনাটি লিখকৰ  ‘ইছমাইল হোছেইনৰ কবিতাঃ এক বিশ্লেষণাত্মক অধ্যায়ন’ গ্রন্থৰ পৰা তুলি দিয়া  হৈছে।)

ৰাব্বি মছৰুৰ   ৰচিত  কেইখনমান  গ্রন্থ:

Related Search:

 

Leave a Reply

Your email address will not be published.