ইছমাইল হোছেইনৰ কবিতাত অসমীয়া সমাজ চিত্ৰ

কবি ইছমাইল হোছেইনৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনখনক অসমীয়া সমাজৰ খণ্ড খণ্ড দলিল বুলি ক’ব পাৰি। ইয়াত অসমীয়া সমাজৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধৰ্মীয় অৱস্থা প্ৰতিফলিত হৈছে।

অসমীয়া সমাজৰ অৰ্থনৈতিক অৱস্থা অতিকৈ দুখ লগা আৰু ক্ৰমান্বয়ে উন্নয়নৰ পৰিবৰ্তে অধোঃগামী হৈ থকা পৰিলক্ষিত হয়। আজিৰ অসমীয়া গাঁও উদং। এইখন অসমীয়া সমাজত খাদ্য সংকটত পৰি শিশুসকলে কৰাল কান্দোন কান্দে। তাৰোপৰি অসমৰ অৰ্থনীতি প্ৰকৃতিৰ দয়াৰ ওপৰত নিৰ্ভৰশীল। শস্যময় পথাৰত বাৰিষাকালত বানৰ তাণ্ডৱ নৃত্য চলে। খৰালি কালত ৰবি শস্যবোৰ  ৰ’দে পুৰি কৃষকৰ মূৰত আকালৰ বোজা জাপি দিয়ে। “গাঁৱৰ কথা” নামৰ কবিতাত কবিয়ে এইবোৰ  চিত্ৰ ফুটাই তুলিছে এনেদৰে:

“আজি উদং হৈ পৰি আছে গাঁও

স্বপ্নৰ সাঁচতীয়া ভঁৰাল

ঘৰে ঘৰে এতিয়া দুখ, খাদ্যহীন শিশুৰ চিঞৰ

বানৰ তাণ্ডৱ নৃত্য, ৰ’দে পোৰা পথাৰ

কৃষকৰ বুকুত ওলমি আছে যুগ যুগ আকাল।”

অসমীয়া সমাজ কৃষি প্ৰধান। ইয়াৰ অৰ্থনীতিৰ মূল শিপা কৃষি। কিন্তু অসমীয়া সমাজত কৃষকৰ কোনো স্বীকৃতি নাই। সিহঁতে সিহঁতৰ ন্যায্য মূল্যায়ন পোৱাৰ পৰাও বঞ্চিত হয়।  এনেবোৰ দুখ লগা পৰিস্থিতি কবি ইছমাইলে “কৃষক ববন্ধুলৈ” লিখা কবিতাটিত ফুটাই তুলিছে এনেদৰে:

“তোমাৰ লুণীয়া দেহাত শ্ৰমৰ দুৰন্ত স্বাক্ষৰ

অথচ তুমি কেতিয়াও বাতৰিৰ শিৰোনামা নোহোৱা

দূৰদৰ্শনৰ পৰ্দাতো ভূমুকি নেমাৰে তোমাৰ বিশ্বস্ত মুখ

ৰাজপ্ৰসাদৰ অধ্যক্ষও নহয় তুমি।”

অসমীয়া সমাজত বিশ্বাসঘাতকতাৰো অন্ত নাই। এই সমাজত এহাতেৰে কৰমৰ্দন বা আলিঙ্গন আৰু আন হাতেৰে বাঘনখৰ আঘাত। কবিয়ে এই চিত্ৰ ‘বিদ্ৰোহ’ শিৰোনামেৰে লিখা কবিতাটিত অংকন কৰিছে এনেদৰে:

“সম্প্ৰতি ইয়াতকৈ কি আছে সত্যৰ অপলাপ

এহাতেৰে কৰমৰ্দন আন হাতেৰে বাঘনখ

এহাতেৰে আলিঙ্গন আন হাতেৰে চুৰিকাঘাত।”

“গাঁৱৰ চিঠি” নামৰ কবিতাটিত কবিয়ে  অসমীয়া সমাজ যে প্ৰকৃতিৰ হাতৰ এক প্ৰসহন তাক ফুটাই তুলিছে এনেদৰে:

“গাঁৱৰ চিঠিত খবৰ আহে, 

বানপানীত উঠি গ’ল তিনিজন শিশু

অনাহাৰত মৰিল অনেক জীৱন

চৰকাৰী বাতৰিত পঢ়িলোঁ:

শিশুবোৰে সাঁতুৰিব নেজানে

মানুহবোৰ গ্ৰহণীত মৰিল।”

অসমীয়া সমাজত মুখা পিন্ধা ভদ্ৰলোকৰো অভাৱ নাই। দেখাত সাধু যেন লাগিলেও সিহঁতৰ অন্তৰ কপটতাৰে ভ’ৰপুৰ। এই চিত্ৰটো ”বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ” কবিতাটিত স্পষ্ট হৈ ধ’ৰা দিছে।

“মৃত্যুৰ ওচৰা-ওচৰিকৈ জীৱনৰ আহ-যাহ চলিছে

নিলামত চলিছে মানুহৰ দৰ দাম

কচাইখানাৰ বিয়াগোম বজাৰ।”

ভাৰতৰ আন আন প্ৰদেশত চলা সাম্প্ৰদায়িক সংঘৰ্ষৰ দাউ দাউ জুই অসমতো জ্বলি আছে। সেয়ে কবিয়ে সাম্প্ৰদায়িকতাৰ কাৰ্য-প্ৰণালী “সাম্প্ৰদায়িকতা” শিৰোনামাৰে লিখা কবিতাত এনেদৰে ফুটাই তুলিছে ঃ

“মই ‘জামাত’ আৰু ‘সংঘ পৰিয়াল’ৰ প্ৰতিনিধি

মই মুছলমান হৈ পৰিভ্ৰমণ কৰিছোঁ গাজীপুৰৰ পৰা পাকিস্থান

পাকিস্থানৰ পৰা থিতাপি লৈছো ঢাকাত

আকৌ হিন্দু হৈ সিন্ধু প্ৰদেশৰ পৰা আহিছো অযোধ্যাত।

মই মীৰাটত আছিলো

বোম্বাইতো খেলিছো ধৰ্মৰ ৰণচালি

ৰামৰ কথা কৈ মহম্মদৰ বুকুত মাৰিছো ছুৰি।”

অসমীয়া সমাজত পাৰিবাৰিক জীৱনো বহু সময়ত সুখৰ নহয়। ইয়াত স্ত্ৰী নিজৰ স্বামীৰ দ্বাৰা নিগ্ৰহৃতা হয়। ‘মণিকুন্তলা’ নামৰ কবিতাটিত কবিয়ে  পাৰিবাৰিক অশান্তি ফুটাই তুলিছে এনেদৰে:

“তুমি মোক নক’বা সতীৰ কাহিনী 

:স্বামীৰ সন্মুখতেই নাৰীবোৰ ধৰ্ষিতা হ’ব

তুমি মোক নুশুনাবা অধিকাৰৰ বাণী

:গৰ্ভৱতী মাতৃৰ আকস্মাতে গৰ্ভপাত হ’ব

তুমি মোৰ বাবে নজ্বলাবা হোমৰ অগনি

:কুমাৰী দেহাবোৰ  পুৰি ছাৰখাৰ হ’ব।”

অসমীয়া সমাজত হত্যা, ধৰ্ষণ, শিশু বধ, আত্ম-হত্যা, ঠগ-প্ৰৱঞ্চনা, শোষণ, অৰাজকতা আদি এক নিত্য-নৈমিত্তিক ঘটনা। কবিয়ে সেয়ে ‘সংগোপনে’ শিৰোনামাৰে লিখা কবিতাটিত কৈছে:

“কিনো ঘটা নাই ইয়াত

হত্যা, ধৰ্ষণ, শিশু বধ, আত্ম- হত্যা, ভাওনা

সংগোপনে চলিছে সকলো ব্যৱস্থা-

ধৰ্মৰ গোপন বজাৰ

সম্প্ৰদায়ৰ ভণ্ড কৰ্মশালা

বেশ্যাৰ জাত কাৰখানা

সংগোপনে চলা নাই কি-

ঠগ, প্ৰৱঞ্চনা, শোষণ, অৰাজকতা।”

অসমীয়া সমাজত বহু মানুহৰে আৰ্থিক অৱস্থা ইমানেই জৰাজীৰ্ণ যে জেঠৰ বৰষুণীয়া বতৰত জুপুৰীৰ চালত খেৰ দিবলৈকো সামর্থ নাই। কবিয়ে ‘দৰিদ্ৰতা’ নামৰ কবিতাটিত এনেকুৱা অৱস্থাৰ কৰুণ চিত্ৰ দাঙি ধৰিছে এনেদৰে:

“যোৱা বেলি আঘোণত গিৰীয়েক ঢুকাল

এই বেলি জেঠৰ বতৰ

জুপুৰীৰ চালতো খেৰ নাই

আকাশে বতৰা দিয়ে বৰষুণ আহিব বুলি

মাকজনীয়ে ভাবিলে-

দৰিদ্ৰতাক শিকলিৰে বান্ধিব পৰা হ’লে।”

অসমীয়া বুদ্ধিজীৱিসকলৰ মগজুতো ঘূণে ধৰিছে। সেয়ে সিহঁতৰ হাতত মদৰ বটল, কাষত বিবৰ্ণ দেহাৰ নাৰী। অৱশ্যে এনে অৱস্থাৰ বাবে কবিয়ে সমাজ ব্যৱস্থাকেই  দোষাৰোপ কৰিছে। ‘বহুৰঙী’ কবিতাটিত কবিয়ে কৈছে:

“মেৰুদণ্ডহীন সভ্যতাৰ ছিন্নমূল অৱয়বত

মূৰ দোঁৱাই পৰি আছে বুদ্ধিজীৱি

হাতত মদৰ বটল, কাষত বিবৰ্ণ দেহৰ নাৰী।”

অসমৰ গাঁৱলীয়া সামাজিক অৱস্থাৰ উপৰিও মহানগৰৰ অৱক্ষয়ী অৱস্থাৰ চিত্ৰও আঁকিছে ‘মহানগৰ’ শিৰোনামেৰে লিখা এটি কবিতাটিত। মহানগৰত প্ৰতিদিনেই কিবা নহয় কিবা এটা পৰিকল্পিত দুৰ্ঘটনা হয়েই। কেতিয়াবা বোমা ফুটে, কেতিয়াবা দোষীৰ সলনি নিৰ্দোষীয়ে লাঞ্ছনা ভূগে। কবিয়ে কৈছে:

“ৰাতিপুৱাতেই হ’কাৰে দি যোৱা খবৰ কাকতত 

অপহৰণ নিৰুদ্দেশ আৰু হত্যাৰ খবৰ: 

বোমা বিস্ফুৰণত  পঁচিশজন মানুহৰ মৃত্যু, 

শতাধিক আহত,

ত্ৰিশজন চিকিৎসাধীন।”

অসমত শিল্পীৰো অভাৱ নাই। কিন্তু সকলোৱেই শিল্পীৰ আদৰ্শ বজাই ৰাখিব পৰা নাই। কিছুমান শিল্পী ভীৰু প্ৰকৃতিৰ। সিহঁতে ৰাজনীতিকৰ ভয়ত অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰে। সেয়ে কোনো এজন কবিয়ে নিজকে ‘অৰাজনৈতিক’ বুলি পৰিচয় দি ‘ছফদৰ হাচমী’ ৰ হত্যাকাৰীৰ বিৰুদ্ধে উলিওৱা এটি গোঁহাৰিত স্বাক্ষৰ কৰিবলৈ অমান্তি হয়। কবি  ইছমাইলে সেইজন ‘অৰাজনৈতিক’ কবিক উদ্দেশ্যি ক’বলৈ বাধ্য হৈছে:

“আহক  আমি সলাই থওঁ পক্ষপাতিত্বৰ ৰাজকীয় পোছাক

খেদি পঠাও মগজু আৱৰি থকা মধ্যবিত্ত চেতনাৰ 

গোৱৰুৱা পোক।

……………….

বন্ধু,  চকু দুটি মোকলাই দিয়ক

কাণ দুখন খুলি দিয়ক, 

দেখিব-কিদৰে চৰম উত্তাপতো 

মানুহৰ তেজত নামি আহে তুষাৰপাত

শুনিব – কিদৰে বন্ধ কৰে চেনাইৰ মাত

বিপন্ন হয় ৰাঙলী ব’হাগ।”

অসমত যুগ যুগ ধৰি ধনী সম্প্ৰদায়ৰ দ্বাৰা কৃষক-বনুৱা শ্ৰেণী শোষিত হৈ আহিছে। এই শোষক আৰু শোষিতৰ চিত্ৰ “গাঁৱৰ বাট” নামৰ  কবিতাটিত কবিয়ে ফুটাই তুলিছে এনেদৰে:

“চা চোন চা

উজীৰাৰ বালিচৰত আজিও কলিজা পোৰা দেহা।

ৰংমনকাইৰ পিঠিত যুগে যুগে মহাজনী শোষণৰ বোজা

মিয়াচান চাচাই দেৱানীৰ ভঁৰাল সাজে

আলাসৰ বেহা।”

ওপৰৰ আলোচনাৰ পৰা স্পষ্টভাৱে দেখা গ’ল যে ইছমাইল হোছেইনৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনটিত অসমীয়া সমাজৰ  প্ৰতিটি দিশ জাতিষ্কাৰ হৈ ধ’ৰা দিছে ।০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *