ইছমাইল হোছেইনৰ কবিতাত কবিজনৰ আত্ম-কথা

আধুনিক যুগ হৈছে মায়াবাদী (egoism) ৰ যুগ। এই যুগত প্ৰত্যেক শিল্পী-সাহিত্যিকে নিজৰ দৃষ্টিভঙ্গীৰে আৰু নিজৰ জীৱনত পোৱা সুখ-দুখৰ উপলব্ধিৰ মাজেৰে বিশ্বক চাবলৈ ভাল পায়। সেয়ে আধুনিক কবি সাহিত্যিকসকলে সিহঁতৰ লিখনিত প্ৰায়ে ‘মই’ (I) শব্দটি প্ৰয়োগ কৰে। সিহঁতৰ লিখনিবোৰ নিজৰ অভিজ্ঞতালব্ধ জ্ঞান ভাণ্ডাৰৰ পৰা নিঃসৃত হোৱা বাবেই লিখক বা লিখিকাৰ আত্ম-জীৱনৰ বহু ঘটনাই সিহঁতৰ লিখনিত সাঙোৰ খাই পৰে। সাহিত্যৰ আন আন শাখাৰ তুলনাত কবিতা বেছি অন্তৰ্মুখী কাৰণ কবিতাত কবিৰ নিজস্ব আবেগ অনুভূতিয়ে প্ৰাধান্য পায়। সাম্প্ৰতিক কবি ইছমাইল হোছেইনো  মই-ভাৱী কবি। তেওঁৰ কবিতাত প্ৰায়ে ‘মই’ শব্দটি প্ৰয়োগ কৰিছে আৰু নিজৰ জীৱনৰ সুখ-দুখ আবেগ অনুভূতি ইত্যাদি তেওঁৰ কবিতাৰ মাজেৰে মূৰ্ত কৰি তুলিছে। সেয়ে তেওঁৰ কবিতাৰ শব্দ, বাক্য আৰু স্তৱকত তেওঁৰ নিজৰ জীৱন কথা কম-বেছি পৰিমাণে প্ৰকাশ পাইছে। অৱশ্যে কবিতাত তেওঁৰ নিজৰ জীৱনৰ কিছু কথা প্ৰকাশ পাইছে যদিও কবিতাসমূহ আত্ম-জীৱনী নহয়। কবিতাসমূহৰ মাজেৰে কবিৰ জীৱনৰ সুখ-দুখৰ আৰু নিজৰ পৰিৱেশৰ খণ্ড-বিখণ্ড টুকুৰাহে প্ৰকাশ পাইছে। ইংৰাজ কবি ওৱৰ্ডচওৱৰ্থৰ বিখ্যাত কবিতা পুথি ‘প্ৰিলিউড’ (Prelude) কবিতাত প্ৰকাশ পোৱা দৰে কবি ইছমাইলৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনত কবিৰ আত্মকথাৰ দুটা ধাৰা প্ৰকাশ পোৱা দেখা যায়। প্ৰথমতে বহিৰ্জগতৰ সৈতে কবিৰ ব্যক্তিগত সম্পৰ্ক আৰু দ্বিতীয়তে কবিৰ আত্ম মনন শক্তি বিকাশৰ ক্ৰমিক ইতিহাস দুটা বোঁৱতি সুঁতিৰ দৰে বৈ  গৈ এটি ধাৰাত মিলি গৈছে।

কবিৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনখনৰ প্ৰথম কবিতা ‘গাঁৱৰ কথা’ শিৰোনামেৰে লিখা কবিতাটিত কবিৰ নিজা গাঁওখন আৰু গাঁওখনৰ সৈতে কবিৰ ব্যক্তিগত সম্পৰ্কৰ কথা ব্যক্ত কৰিছে। গাঁৱৰ স’তে কবিৰ সম্পৰ্ক মধুৰ। কবিৰ ভাষাত:

“গাঁৱৰ ধূলিয়ৰি কোলাত উচুপি উঠে শৈশৱৰ স্মৃতি

পখিলা বিচাৰি দৌৰি ফুৰা ফৰকাল দিন

নক্ষত্ৰৰ দৰে জ্বলি উঠে যৌৱনৰ প্ৰাৰম্ভিক কাল

স্থিতিপ্ৰজ্ঞ হৈ শুই থাকে জড়তা, গাঁৱৰ অনাগত ইতিহাস।”

“গাঁৱৰ চিঠি” নামৰ কবিতাটিত কবিয়ে গাঁৱৰ প্ৰতিকুল পৰিস্থিতিৰ বতৰা পাই  কবিৰ মনত যি আকুলতাৰ উদ্ভৱ হৈছে তাকে ফুটাই তুলিছে, এনেদৰে:

“অনুভৱত মোৰ সমগ্ৰ সত্বাই চিঞৰি উঠে:

ইয়াত কেতিয়াবাই গধূলি হ’ল

ইয়াত এতিয়া জয়াল ৰাতি

বসন্ততো য’ত নুফুলে এপাহি ফুল

য’ত পোহৰৰ অভাৱত মানুহবোৰে কটায়

বৃদ্ধ বাঘৰ উজাগৰী ৰাতি।”

কবিৰ জীৱনটো দুখেৰে গঢ়া। তেওঁ বহু দিন অনাহাৰ-অনিদ্ৰাত কটাইছে। সেয়ে কবিয়ে ব্যক্ত কৰিছে:

“আজিকালি অনাহাৰ অনিদ্ৰা মোৰ বাবে সহজ সাঁথৰ

আইৰ স’তে জুহালত হাত দুখন সেকিলেই

ক্ষন্তেকতে দূৰ হয়

সমস্ত ভাগৰ।”

কবিয়ে কবিতা ৰচে নিজৰ দেশৰ প্ৰিয় বিষয়বোৰক লৈ। সেয়ে কবিয়ে ক’ব পাৰিছে:

“মাটিৰ বুকুত কলমেৰে বুটলো শব্দৰ শতদল

কবিৰ দৰে,

কবিৰ দৰে আলফুলে সজাই থওঁ জিভাৰ আগত

মাটিৰ সুঘ্ৰাণেই মোৰ প্ৰিয় সহচৰ।” (কবিৰ চোতাল)

কবিয়ে কেৱল দৃশ্য জগতৰ সৈতে থকা তেওঁৰ সম্পৰ্কক লৈয়ে ব্যস্ত নহয়; মনোজগতৰ দৰ্শনৰ সৈতেও জড়িত। সেয়ে কবিৰ স’তে কবিৰ আত্মিক সম্পৰ্কৰ কথাও ব্যক্ত কৰিছে:

“কবিতাৰ পাৰপত্ৰহীন সীমনাত বিচৰণ কৰি

মই নিজকে হেৰুৱাও

কবিতাই মোক বিচাৰি আনি সযতনে স্থাপন কৰে

তাৰ মাধুৰী কোলাত

অন্তৰঙ্গভাৱে কবিতাৰ স’তে সহবাস কৰোঁ,

ক্ষণিক বিচ্ছেদ ঘটাওঁ

আকৌ কবিতাৰ স’তেই হাত ধৰি পাৰ হওঁ

দেশ-দেশান্তৰ।”

কবিৰ দৃষ্টিত কবিৰ আই কেনেকুৱা তাক ‘মা’ কবিতাত সজীৱকৈ ফুটাই তুলিছে এনেদৰে:

“মোৰ দৃষ্টিত তুমি পালতৰা নাও

শৈশৱৰ সোণালী স্মৃতি

তুমিতো মোক নেজানা মই যে এই পাৰ ঘাটৰেই নাৱৰীয়া

তোমাৰেই উপত্যকাৰ আদিম অদিবাসী।

মই তোমাৰ নামেৰেই আৰম্ভ কৰো

মোৰ সুবিমল যাত্ৰা, দিনটোৰ প্ৰাৰ্থনা।”

অৱশ্যে ইয়াত ’মা’ শব্দই দ্ব্যৰ্থক অৰ্থ প্ৰকাশ কৰিছে। প্ৰথমতে কবিৰ জন্মধাতৃ ‘আই’ আৰু দ্বিতীয়তে কবিৰ ‘স্বদেশ’।

কবি শান্তি পিয়াসী। তেওঁ হত্যা  নিবিচাৰে। সেয়ে তেওঁ শান্তি বিচাৰি চলাথ কৰিছে মহা মনীষীৰ মহান গ্রন্থবোৰ। কবিয়ে কৈছে:

মানুহে মানুহক হত্যা কৰিলে কি হয়-

এই সংজ্ঞা বিচাৰি চলাথ কৰিছোঁ

হিটলাৰৰ ‘মেইনে কেমফ’

টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’

গান্ধীজীৰ ‘সত্য অন্বেষণৰ কাহিনী’

আৰু মাৰ্ক্সৰ ‘দাচ কেপিটেল’ৰ পাত।

কবি বন্ধুপ্ৰিয়। সেয়ে কবিৰ বিচ্ছিন্নতাবাদী বন্ধুসকলৰ স’তে তেওঁৰ সম্পৰ্ক কেনেকুৱা তাক ‘বন্ধুবোৰ’ কবিতাত ফুটাই তুলিছে, এনেদৰে:

“মোক হত্যা কৰাৰ আঁচনিত বন্ধুবোৰেই স্বাক্ষৰ কৰিছিল এদিন

সম্প্ৰতি মোৰ সন্মুখতেই নির্বিবাদে আত্মহত্যা

কৰিছে কাপুৰুষ বন্ধুবোৰ ।”

কবিয়ে নিজৰ আত্মকথা জলন্তভাৱে ব্যক্ত কৰিছে “আত্মপাঠ’ শিৰোনামেৰে লিখা কবিতাটিত। তেওঁৰ জন্মৰ সময়ৰ অৰ্থনৈতিক অৱস্থাৰ পৰা ডেকা কাললৈকে তেওঁৰ অৰ্থনৈতিক পৰিৱেশ আনকি বৌদ্ধিক বিকাশৰ হুবহু ইতিহাস দাঙি ধৰিছে এই কবিতাটিত।

“কিদৰে পাহৰোঁ মই যে আছিলো এদিন

নিচলা অবোধ শিশু

আইৰ জৰায়ু ফালি ভূমিষ্ঠ হোৱা দিনটোত

আশ্ৰয়ৰ বাবে নাছিল নিগাজী ঘৰ

………………….

মোৰ যেতিয়া বয়স আঠ- শোষক আৰু 

শোষিত কোন জনা নাছিলো

যেতিয়া মোৰ বয়স ন – ন্যায় অন্যায় কি

জনা নাছিলো।

এতিয়া চিনি পাইছো আইক ধৰ্ষণ কৰা বহুৰূপী মুখ।”

কবি কেৱল শৰীৰক লৈয়ে ব্যস্ত নহয়। কবিৰ মনে কি বিচাৰে তাকো লৈ ব্যস্ত। সেয়ে কবিয়ে “মই এখন দেশ বিচাৰিছোঁ আৰু এখনি নদী” কবিতাটিত কৈছে:

মই এখন দেশ বিচাৰিছোঁ আৰু এখনি

বিশ্বাসৰ বহল নদী

য’ত তুমি বিচাৰি নেপাবা মীৰাট, মুৰদাবাদ,

নেলী অথবা ভিৱান্দি

এইখন পৃথিৱীতে এখন নতুন পৃথিৱী

বিচাৰি চলাথ কৰিছোঁ

য’ত স্বাধীনতা, মানৱতা আৰু শান্তি নহয় চিৰকাল বন্ধী।

কবি নিজেও  বিপ্লৱী। তেওঁ কবিতাৰে বিপ্লৱ কৰে। সেয়ে সকলো বিপ্লৱীয়েই কবিৰ বন্ধু আৰু সেই বাবেই সুদূৰ চিকাগোত নিহত শ্ৰমিকসকলৰ প্ৰতি কবিয়ে একাত্মকতা বিচাৰি পাইছে আৰু কৈছে:

“হে কমৰেড,

পোতাশ্ৰয়ৰ দিনবোৰ শেষ হ’বলৈ 

বেছি পৰ নাই

সেয়েহে চেতনা দীপ্ত আমাৰ জীৱনত 

এতিয়া তোমালোকৰেই জয়গান।”

কবিয়ে নিজৰ কথা কোৱাত ইমানেই সিদ্ধহস্ত যে কবিৰ মনৰ শুভ ইচ্ছা আৰু অশুভ ইচ্ছাৰ মাজত চলা অন্তঃদ্বন্দ্বও ‘নিজৰ স’তে দ্বন্দ্ব’ কবিতাটিত ফুটাই তুলিছে:

“তোৰ স’তে মোৰ আজন্ম সহবাস

উপবাসৰ দিনবোৰতো একেলগে পাৰ হৈ  আহিছোঁ

ভৈয়াম, সাগৰ, নদী আৰু শিলাময় পাহাৰ।

………………..

তোৰ ভিতৰৰ মানুহজন বৰ অদ্ভূদ 

তাৰ স’তে মোৰ অহৰহ দ্বন্দ্ব অহৰহ যুঁজ।”

কবি ইমানেই নিজক লৈ ব্যস্ত যে  কবিৰ ব্যক্তিগত আখেজো কবিৰ কবিতাৰ মাজেৰে মূৰ্ত কৰি তুলিছে। কবিয়ে ‘অৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু’ কবিতাটিত লিখিছে:

“শ্ৰদ্ধেয় নিৰেপক্ষ অগ্ৰজ কবি – শুনক

আপোনাৰ দেশতেই যদি ৰাজনীতিয়ে হত্যা কৰে

শিল্পীৰো শিল্পী প্ৰাণ ‘ছফদৰ হাছমী’ক

আপোনাৰ চোতালতেই যদি ৰাজনীতিয়ে 

ধৰ্ষণ কৰে মাতৃৰো মাতৃ প্ৰাণ স্নেহময়ী নাৰীক

…………….

তেতিয়া কি সূত্ৰতনো নিজকে কয়-

‘নিৰেপক্ষ’ কিম্বা  ‘অৰাজনৈতিক’?”

মুঠতে কবি ইছমাইল হোছেইনৰ কবিতাত শৃঙ্খলাবদ্ধভাবে নহ’লেও তেওঁ জীৱনত সন্মুখীন হোৱা জটিল পৰিস্থিতি আৰু তেওঁৰ বৌদ্ধিক বিকাশৰ সাধাৰণ ধাৰণা তেওঁৰ কবিতাৰ পৰা পাব পাৰি। তেওঁ সঘনে ‘মই’ সৰ্বনামটি প্ৰয়োগ কৰিলেও ইয়াৰ এক সাৰ্বজনীন আবেদন আছে। ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *