ইছমাইল হোছেইনৰ কবিতাত কৰুণ ৰস

সংস্কৃত শাস্ত্ৰ মতে সাহিত্যিক ৰস হৈছে নটা যথা- আদি ৰস, বীৰ ৰস, ভয়ানক ৰস, বীভৎস ৰস, শান্ত ৰস, হাস্য ৰস, অদ্ভূদ ৰস, ৰৌদ্ৰ ৰস আৰু কৰুণ ৰস। এই ৰসসমূহক বহল ভিত্তিত  পাঁচোটা ভাগত ভাগ কৰিব পাৰি, যেনে -আদি ৰস, ভয়ানক ৰস, বীভৎস ৰস, হাস্য ৰস আৰু কৰুণ ৰস। কিন্তু ইয়াৰ  ভিতৰত কৰুণ ৰসেই হৈছে সকলোবোৰ  ৰসৰ শেষ পৰিণতি। কিয়নো মানৱ জীৱন জন্ম লগ্নৰ পৰাই মৃত্যুলৈকে এক কাৰুণ্যৰ আবেগহে। সাহিত্যৰ ভাষাত যিটো হাস্য ৰস নাইবা ভয়ানক ৰস তাৰ আঁৰতেই লুকাই আছে কৰুণ ৰস। কাৰণ কোনো এজন কণা মানুহক আন এজনে লাখুটি এডালেৰে আগবঢ়াই নিয়াটো সৰু সৰু ল’ৰা-ছোৱালীৰ কাৰণে  হাস্য ৰস, কিন্তু চিন্তাশীল বয়সীয়াল মানুহ এজনৰ কাৰণে ই কৰুণ ৰসহে। তাৰোপৰি বীৰ ৰসত যেতিয়া কোনো নায়ক বা নায়িকাই সিহঁতৰ বীৰত্ব প্ৰদৰ্শন কৰে  তেতিয়া সিহঁতৰ প্ৰতিপক্ষৰ বাবে পৰিস্থিতি হৈ পৰে কৰুণ। বীৰ ৰস, ভয়ানক ৰস, বীভৎস ৰস আদি ৰসবোৰ পৌৰাণিক সাহিত্যতহে বিস্তাৰিতভাবে পোৱা যায়। আধুনিক যুগৰ সাহিত্যত এই ৰসবোৰ বিস্তাৰিতভাৱে পোৱা নাযায়। কিয়নো বৰ্তমান যুগ হৈছে সমস্যা বহুল কাৰুণ্যৰ যুগ। সেয়ে আধুনিক যুগৰ সাহিত্যত কৰুণ ৰসেই প্ৰাধান্য পায়। সাম্প্ৰতিক অসমীয়া ভাষাৰ কবিসকলৰ ভিতৰত এজন অন্যতম কবিৰ নাম ইছমাইল হোছেইন। তেওঁৰ কবিতাত Îপোৱা ৰসবোৰৰ ভিতৰত অন্যতম এটি ৰস হৈছে কৰুণ ৰস। কৰুণ ৰসতেই তেওঁৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ কবিতা ৰাজি আৰম্ভ হৈছে আৰু এই কৰুণ ৰসতেই শেষ হৈছে। 

কবিৰ বাবে প্ৰতিটি মূহুৰ্ত কাৰুণ্যৰ পিনে আগবাঢ়ি গৈ আছে। তেওঁ ল’ৰালিত  যিবোৰ বস্তু বা দৃশ্য দেখি  আনন্দত বিভোৰ হৈছিল,  সময় পাৰ যোৱাৰ লগে লগে সিবোৰ কাৰুণ্যৰ সাজ পিন্ধি কবিৰ চকুৰ আগত দৃশ্যমান হৈছে।  সেয়ে কবিয়ে ল’ৰালিত গাঁৱৰ মানুহৰ যি সান্নিধ্য পাইছিল – কৃষকৰ স’তে ফাগুনৰ গান গাইছিল- সিবোৰ ক্ৰমে ক্ৰমে তেওঁৰ পৰা আঁতৰি গ’ল আৰু কাৰুণ্যৰ আবেগেৰে তেওঁৰ মন-প্ৰাণ ভৰি পৰিল। সেয়ে কবিয়ে পীড়িত সময়ক উদ্দেশ্যি কাৰুণ্যৰ আবেগ প্ৰকাশ কৰি কৈছে:

“হে পীড়িত সময়, মোক ওভতাই দিয়া গাঁৱৰ মানুহৰ নিবিড় সান্নিধ্য

খেৰ আৰু নৰাৰ উমত গা জুৰোৱা শীতৰ উমাল ৰাতি

মোক ওভতাই দিয়া নাঙলৰ সিৰলুত লখিমী বিচৰাৰ দিন

কৃষকৰ স’তে গোৱা ফাগুনৰ গান, 

বাঁহীৰ ভাটিয়ালী সুৰ

নদীৰ নিৰ্মল পানী, সাধু কথাৰ মুকলি আকাশ।” (গাঁৱৰ কথা)

দেশৰ সন্ত্ৰাসী অৱস্থাৰ পিনে দৃষ্টি দি কবিৰ হৃদয় ভাৰাক্ৰান্ত হৈছে। সেয়ে তেওঁ কৰুণ কণ্ঠে প্ৰকাশ কৰিছে:

“এতিয়া মোৰ বন্ধবন্ধুবোৰেও মোৰ ঠিকনা পাহৰি গ’ল

ডাকঘৰে সঘনাই সলায় ঠিকনা

আধা বাটতেই ৰৈ যায় মোৰ চিঠিৰ টোপোলা।

দুখৰ গহীন ৰাতি সদায়  সাৰ পাওঁ

বুকুৰ বিষত

পূৰ্ণ নিদ্ৰাত কোনো দিনেই পাৰ নহ’ল 

মোৰ আন্দোলিত নিশা। (দুঃসময়)

মানুহে মানুহক কিয় হত্যা কৰে আৰু হত্যা কৰি কি পায় নাইবা বিশ্বৰ কোনখন সংবিধানত মানুহ হত্যা কৰাৰ অধিকাৰ আছে- এইবোৰ উপলব্ধি কৰি কবিয়ে কাৰণবোৰ উদ্ঘাটন কৰিছে; কিন্তু কবিয়ে ক’বলৈ সাহস কৰা নাই আৰু তাতেও কবিৰ মনৰ কাৰুণ্য ফুটি উঠিছে:

“সংবিধানৰ কোন ধাৰাত হত্যা কিম্বা 

মৃত্যুৰ অধিকাৰ আছে

এই কথাবোৰ জানিও আত্ম বিৰোধিতাত

নিমাত হৈ থাকো;

কাৰণ মুখ খুলি কথা ক’লেই উৰি যাব পাৰে মূৰ।” (দুঃস্বপ্নৰ এবেলা )

সাহিত্যিক ভাষাত প্ৰতিটি শোকেই কৰুণ। ১৯৯২চনৰ ৬ ডিচেম্বৰত ঐতিহাসিক বাবৰি মছজিদ গোড়া হিন্দু সম্প্ৰদায়ৰ নিষ্ঠুৰ হাতেৰে ধবংস কৰা হয়। সমগ্ৰ জাতিৰ বাবে আনকি কবিৰ বাবেও এই ঘটনাটি শোকাকুল। সেয়ে কবিয়ে শোক কৰি কৈছে:

“আজি আমাৰ মৃত্যু ঘোষণাৰ দিন

আহা, আমি দিনটোৰ বাবে ক’লা পোছাক পৰিধান কৰো

আমাৰ মূৰৰ ওপৰত এ আকাশ অন্ধকাৰ

ভৰিৰ তলত এসাগৰ পানী।”

অসমীয়া পাৰিবাৰিক জীৱনতো  বহুত শোকলগা কৰুণ ঘটনা ঘটি থাকে। ইয়াত স্বামীৰ দ্বাৰা স্ত্ৰী লাঞ্ছিতা হোৱাটো এক সহজাত ঘটনা। ‘মণিকুন্তলা’ নামেৰে এজনী তিৰোতাই বিয়াৰ প্ৰথম নিশাতেই স্বামীৰ দ্বাৰা লাঞ্ছিতা হৈ যি কাৰুণ্যত ভূগিছে, সেয়া কবিয়ে ‘মণিকুন্তলা’ নামৰ কবিতাটিত ফুটাই তুলিছে এনেদৰে:

“তুমি মোক নক’বা হাচনাহানা ৰাতিৰ কথা

:সুঘ্ৰাণ লৈ শুই থকা সাপবোৰে ফণা তুলিব

তুমি মোক নুশুনাবা কোনেও নুশুনা গান

:সুৰবোৰৰ তালে তালে মানুহবোৰে বেসুৰা হ’ব।”

এতিয়া অসম তথা সমগ্ৰ ভাৰতৰেই পৰিস্থিতি শোকলগা। মানুহৰ জীৱন আৰু সা-সম্পত্তিৰ কোনো নিৰাপত্তা নাই। কোনে কোন মূহুৰ্তত অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়, তাৰ কোনো নিশ্চয়তা নাই। সেয়ে ৰুটিৰ বাবে ৰৈ থকা বুভুক্ষু শিশু এজনৰ দেউতাই বোমা বিষ্ফুৰণত  নিহত হোৱা ঘটনা এটা ফুটাই তুলিছে এনেদৰে:

“আবেলি পৰত দেউতা আহিব বুলি

ৰুটিৰ বাবে ৰৈ আছে বুভুক্ষু শিশুটি;

তাৰ ভৰিৰ তলত এতিয়া বিষ্ফুৰিত মাটি।” (অমানৱিক)

কবিৰ আত্ম জীৱনতো কাৰুণ্যৰ অভাৱ নাই। তেওঁ জন্মতেই দৰিদ্ৰতাৰ বোজা মূৰত লৈয়ে জন্ম গ্ৰহণ কৰিছিল। সেয়ে কবিয়ে পাঁচ বছৰ নৌহওঁতেই শ্ৰমিকৰ পোছাক পিন্ধিব লগা হৈছিল, দৰ্জ্জীৰ দোকানত কাম কৰিব লগা হৈছিল আৰু বাধ্য হৈছিল দেওবৰীয়া বজাৰত দোকানে দোকানে মমবাতি বেচিবলৈ । কবিৰ ভাষাত:

“পাহৰা নাই মই যে বহু দিন দেওবৰীয়া বজাৰৰ 

দোকানে দোকানে মমবাতি বেচিছিলো

অথচ মমবাতিৰ পোহৰত কোনো দিনে 

মোৰ জন্মোৎসৱ পতা নাই

নতুন কাগজত লিখি পোৱা নাই 

মোৰ জন্ম দিনৰ সঠিক ঠিকনা

নতুন পোছাক পিন্ধি এটি নতুন ৰাতিপুৱাক 

আদৰিব পৰা নাই।” (আত্ম পাঠ)

অসমীয়া সমাজ দৰিদ্ৰতাই কৰ্ষণ কৰা এক বিশাল মৰুভূমি। এনে দৰিদ্ৰ পৰিৱেশত যদি ঘৰৰ একমাত্ৰ  উপাৰ্জনকাৰী ব্যক্তিৰ মৃত্যু হয়, তেতিয়া  পৰিয়াললৈ নামি অহা কাৰুণ্য কিমান হৃদয় বিদাৰক হ’ব  পাৰে সেয়া  কবিয়ে এজন স্বামী হেৰুৱা তিৰোতাৰ মুখেদি কৈছে:

“পাঁচ বছৰীয়া ছোৱালীজনীয়ে কান্দিছে

তাইক নতুন চোলা লাগে;

কাইলৈ ঈদ।

……………

মাকজনীয়ে সান্তনা দিলে

‘আইজনী 

এইবেলি  ঈদ আমাৰ নহয়।” (দৰিদ্ৰতা)

অসমৰ কৃষক সম্প্ৰদায়, এই বিংশ শতাব্দীৰ সমাজবাদী যুগতো, মহাজনৰ হাতত শোষিত হৈ আছে। তাৰ কৰুণ চিত্ৰ কবিয়ে দাঙি ধৰিছে এনেদৰে:

“ৰংমন কাইৰ পিঠিত যুগে যুগে মহাজনী

শোষণৰ বোজা

মিয়াচান চাচাই দেৱানীৰ ভঁৰাল সাজে:

আলাসৰ বেহা।” (গাঁৱৰ বাট)

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে কবি ইছমাইলৰ কবিতাত কাৰুণ্য আছে, কিন্তু এই কাৰুণ্যৰ সাহিত্যিক বিকাশ নাই। অৰ্থাৎ কবিৰ কবিতাৰ বিষয়-বস্তুত কাৰুণ্যৰ বিভাৱ (substantial )আছে কিন্তু অনুভাৱ  (expression) নাই। আন কথাত কবিয়ে কাৰুণ্য অনুভৱ কৰিছে ঠিকেই, কিন্তু তাক অলংকাৰিক ভাষাত প্ৰকাশ কৰাত প্ৰায়েই ব্যৰ্থ হৈছে। তথাপি ক’ব পাৰি কবি ইছমাইলৰ কবিতাত কাৰুণ্যৰ প্ৰসঙ্গ ইমানেই বেছি যে তেওঁৰ প্ৰায়বোৰ কবিতা পাঠকৰ সময়ত পাঠকৰ অন্তৰ কোমলতাৰে উপচি পৰে আৰু মনত এক নিৰ্মল আনন্দৰ জোঁৱাৰ তোলে।০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *