ইছমাইল হোছেইনৰ কবিতাত দৰ্শন

কোনো এক ৰহস্যপূৰ্ণ বিষয়ৰ প্ৰতি সুশৃঙ্খলিত আৰু যুক্তিপূৰ্ণ দৃষ্টিভঙ্গীয়ে দৰ্শন। প্ৰত্যেক শিল্পী সাহিত্যিকৰে জীৱন সম্পৰ্কে একো-একোটা নিজস্ব দৃষ্টিভঙ্গী থাকে। যি শিল্পীয়ে সেই দৃষ্টিভঙ্গীক সাৰ্বজনীনভাৱে আৰু সফলভাৱে ৰূপায়ন কৰিব পাৰে সেইজনেই শিল্পী হিচাপে সফল হয়। সাবৰ্বজনীন আবেদনে দৰ্শনক গ্ৰহণযোগ্যতা দান কৰে। তাৰোপৰি প্ৰত্যেকৰে দৰ্শন নিজৰ নিজৰ জীৱনৰ সুখ-দুখৰ  উপলব্ধিৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে। সেয়ে কাৰোবাৰ জীৱন দৰ্শনত জীৱনটো ধ’ৰা দিয়ে পি শেষ কৰিব নোৱাৰা  এক বিহৰ পিয়লা হিচাপে আৰু কোনো কোনোৰ মতে জীৱনটো হয় অমৃত তুল্য।  কিন্তু এই পৰস্পৰ বিৰোধী দৃষ্টিভঙ্গী সুকীয়া-সুকীয়াকৈ  সিহঁতৰ সাৰ্বজনীনতা বজাই ৰাখিব নোৱাৰে। সেয়ে জীৱন সম্পৰ্কে শিল্পীসকলৰ দৃষ্টিভঙ্গী হ’ব লাগে সাধাৰণ মানুহৰ দৃষ্টিভঙ্গী আৰু সেয়া হ’লেহে শিল্পীসকলৰ শিল্পই জনগণৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। এই ক্ষেত্ৰত শিল্পীসকলে যদি নিজৰ নিজৰ শিল্পীক সাৰ্বজনীনতা দান কৰিব খোজে তেন্তে নিজৰ ব্যক্তিগত দুখ-সুখ সামূহিক দুখ-সুখ হিচাপে উপস্থাপন কৰিব লাগিব।

কবি ইছমাইল হোছেইনৰ কবিতাত কবিৰ জীৱন দৰ্শন দুটা পৰস্পৰ বিৰোধী ভাৱধাৰাৰ মাজেদি সৰকি গৈ এটি মিশ্ৰণত পৰিণত হৈছে। এই মিশ্ৰণ সুখ আৰু দুখৰ সমষ্টি। অৱশ্যে ইছমাইল হোছেইনে ভৱা মতে মানুহৰ জীৱনলৈ অহা দুখ ব্যক্তিগত নহয়; ই সামাজিকহে অৰ্থাৎ মানুহৰ দুখ, শোক ভোগ কৰিব লগা হয় সামাজিক পৰিৱেশৰ হেঁচাতহে। কবি ইছমাইল হোছেইনৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনৰ প্ৰতিটি কবিতাত এই দৰ্শন ফুটি উঠিছে। 

কবি ইছমাইলৰ জীৱন সম্পৰ্কে আন এটি দৃষ্টিভঙ্গী হৈছে জীৱনৰ  প্ৰতিটো পদক্ষেপতে আশাবাদী হোৱা উচিত। কবি নিজেও আশা কৰে যে সমাজত চলি থকা দুৰ্নীতি, বিপৰ্যয়, অবিচাৰ আদি এদিনাখন অন্ত পৰিব। সেয়ে তেওঁ কৈছে:

“মই মাজে মাজে সপোন দেখো, গাঁৱৰ মাটিবোৰ সোণ হ’ব

মই সপোন দেখো, মামানুহবোৰে মুখ মেলি কথা ক’ব, গান গাব

যেতিয়া পৃথিৱীৰ পৰা শেষ হ’ব সমস্ত গান আৰু সুৰৰ কৰণি।”

কবিয়ে ভাৱে যে মানুহৰ জীৱনটো কেতিয়াও নিৰৰ্থক নহয়। ইয়াৰ এক গভীৰ অৰ্থ আছে। কিন্তু অৰ্থবহ কৰাৰ প্ৰধান উপায় হৈছে মানুহৰ স’তে মানুহৰ অন্তৰঙ্গ সম্পৰ্ক স্থাপন কৰা। কবিয়ে কৈছে:

“ইচ্ছা থাকিলে জীৱনক অৰ্থবহ কৰিব পাৰি

নিৰৰ্থক বিলাসৰ বিপৰীতে 

যদিহে অনুভৱ কৰিব পাৰি

মানুহৰ অন্তৰঙ্গ সঙ্গৰ কল্যাণময় মাদকতা।”

কবিয়ে মানৱ জীৱন সম্পৰ্কে তেওঁৰ দৰ্শন আগবঢ়োৱাৰ লগতে কোনো কোনো কবিতাত কবিয়ে  ‘কবিতা’ সম্পৰ্কেও তেওঁৰ দৰ্শন বা দৃষ্টিভঙ্গী আগবঢ়াইছে। কবিৰ মতে কবিতা কাল নিৰেপক্ষ। কবিতাই কোনো নিৰ্দ্দিষ্ট বান্ধোনৰ মাজত সীমাবদ্ধ নাথাকে। ই সৰ্বত্ৰ বাসোপযোগী অৰ্থাৎ কবিতা আন্তৰ্জাতিক। কবিৰ ভাষাত:

“কবিতা মূলত: নির্বোধ ব্যাকৰণ, 

যাৰ নাই কোনো বিশেষ বিশেষণ;

কবিতা সৰ্বত্ৰ বাসোপযোগী জীৱনৰ অবিচল যাত্ৰা,

অবিচলিত পথিক

কবিতা মূলতঃ জীৱনৰ অমিয়া সুৰ

ৰূপান্তৰিত কালৰ আৱহ সঙ্গীত।”

কবিয়ে আকৌ ‘অৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু’ কবিতাটিত লিখিছে:

“কবিতা নহয় কাহানিও শাসক কিম্বা শোষকৰ ক্ৰীতদাস।

কবিতা মানেইতো একাত্মকতা –

কবি মানে সবল প্ৰতিবাদ।

………………….

মহাশয়, কবিতো হ’ব নোৱাৰে পোহনীয়া জীৱ

কিম্বা আৰণ্যক প্ৰাণী

কবি মানেইতো সচেতন প্ৰজাতি-

কবি মানে-প্ৰতিবাদৰ সহস্ৰ সেনানী।”

কবিতাত দৰ্শন ফুটি উঠে, সেইবুলি কবিতা দৰ্শন শাস্ত্ৰ নহয়। ইছমাইলৰ কবিতাৰ অন্তৰালত যি দৰ্শন ফুটি উঠিছে সি সাৰ্বজনীনতাৰ ওচৰ চাপিছে আৰু সেইবাবেই ক’ব পাৰি যে  তেওঁৰ দৰ্শন হৈছে সবৰ্বসাধাৰণৰ দৰ্শন। কোনো বিশেষ ধৰ্মমতৰ বা কোনো এক নিৰ্দ্দিষ্ট সম্প্ৰদায়ৰ দৰ্শন নহয়।০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *