ইছমাইল হোছেইনৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ

যেতিয়া কোনো এটা বস্তুক মানুহৰ কাৰ্যধাৰাৰ লগত সঙ্গতি ৰাখি  বৰ্ণনা কৰা হয় তেতিয়া সেই বস্তুটিয়েই প্ৰতীকি অৰ্থ লাভ কৰে। আন কথাত কোনো বস্তুই যেতিয়া বস্তুটোৰ নিজস্ব অৰ্থ প্ৰকাশ কৰাৰ উপৰিও আন কিবা অৰ্থ বুজায় তাক ‘প্ৰতীক’ বুলি কোৱা হয়। আধুনিক সাহিত্যত বিশেষকৈ কবিতাত প্ৰতীক (symbol) ব্যৱহাৰ কৰাটো কবিসকলৰ এক সহজাত বিনোদনত পৰিণত হৈছে। সাম্প্ৰতিক অসমীয়া কাব্যাকাশৰ এটি নক্ষত্ৰৰ নাম ইছমাইল হোছেইন। কবি ইছমাইলৰ কবিতাতো প্ৰতীকে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ বস্তু জগতৰ পৰা প্ৰতীকৰ সমল গ্ৰহণ কৰি সমান্তৰালভাৱে মানুহৰ জীৱনৰ বিভিন্ন দিশ ফুটাই তুলিছে। কবিয়ে তেওঁৰ বেছিভাগ প্ৰতীকেই অৱক্ষয়ী সমাজক বুজাবলৈ ব্যৱহাৰ কৰিছে। অৰ্থাৎ তেওঁৰ প্রতীকবোৰ  হৈছে অন্ধকাৰৰ প্ৰতীক. শোষকৰ প্ৰতীক, অশান্তিৰ প্ৰতীক। অৱশ্যে পোহৰৰ প্ৰতীকো মাজে মাজে ব্যৱহাৰ নকৰাকৈ থকা নাই।

কবিয়ে উপলব্ধি কৰিছে যে আধুনিক সভ্যতাৰ আকাশত অন্ধকাৰ নামি আহিছে। এই অন্ধকাৰ সভ্যতাৰ প্ৰতীক হিচাপে কবিয়ে ‘কলা দিনৰ কলা মেঘ’, ‘কলা মেকুৰী’, ‘দেউলীয়া ৰজা’  আদি প্ৰতীক ব্যৱহাৰ কৰিছে, যেনে:

“আকাশত কলা দিনৰ কলা মেঘ উৰে

কলা মেকুৰীত উঠি আহে দেউলীয়া ৰজা।”

ইয়াত ‘কলা দিনৰ কলা মেঘ’ প্ৰতীকে সাম্প্ৰতিক সময়ৰ অৰাজকতাক বুজাইছে। ‘কলা মেকুৰীয়ে’ পৃথিৱীত চলা দুৰ্নীতিৰ প্ৰতীক হিচাপে ব্যৱহাৰ হৈছে। কিয়নো কবিয়ে দেখিছে আজিকালি নীতিসমূহতো দুৰ্নীতি সোমাইছে আৰু এই শতাব্দীৰ শাসকসকলো দুৰ্নীতিৰ মাধ্যমেদি ক্ষমতাত অধিষ্ঠিত হৈছে।

কবিয়ে মানৱ জীৱনৰ গতিময়তাক বুজাবলৈ ‘স্ৰোতস্বিনী নদী’ক প্ৰতীক হিচাপে থিয় কৰাইছে “জীৱন আৰু মানুহ বিষয়ক’  শিৰোনামেৰে লিখা কবিতাটিত।

“মানুহৰ প্ৰিয়তম শব্দ ‘জীৱন’

শ্বাশত কালৰ ই এক স্ৰোতস্বিনী নদী।”

সমাজত উঠি অহা ডেকা চামৰ নৈতিক স্খলনৰ প্ৰতীক হিচাপে কবিয়ে ‘গোলাপ ফুল’ক থিয় কৰাইছে। ‘দুঃসময়’ নামৰ কবিতাটিত কবিয়ে লিখিছে:

“দেশৰ মাটিত এতিয়া একোটা নিঃসঙ্গ 

ৰাতিত সৰি পৰে

আস্থাৰ অনেক গোলাপ

প্ৰতিজোপা ফুল ফুলা গছতেই এতিয়া 

কুঠাৰে কোবোৱা  দাগ।”

কেতিয়াবা কবিৰ কাব্য সচেতনতা নাইকীয়া হয় নাইবা সামাজিক পৰিস্থিতিৰ দুদোল্যমান অৱস্থাত পৰি কবিৰ কবিতাই সঠিক গতি হেৰুৱাই পেলায় আৰু তেতিয়াই কবিৰ কবিতাৰ ৰাজ্যলৈ অন্ধকাৰ নামি আহে। এই অৱস্থাক বুজাবলৈ কবিয়ে ‘অস্ত যাও যাও সোণোৱালী ৰ’দ’ক প্ৰতীক হিহিচাপে ব্যৱহাৰ কৰিছে।

“কবিৰ চোতালত

অস্ত যাও যাও সোণোৱালী ৰ’দ

কলম কামুৰি বহি থাকে কবি

যিদৰে মানুহৰ আদিম বাসনা ঘৰ।”

কবি শান্তি প্ৰয়াসী। সেয়ে যুদ্ধৰ সময়ত কবিৰ প্ৰতীতি (intuition) যুদ্ধৰ বিৰুদ্ধে জাগি উঠে আৰু শান্তিৰ  প্ৰতীক ‘পাৰ চৰাই’ক আহ্বান কৰে।

“নিজান পুৱা বাঁহীত ফু দি মাতো

এজনী শুকুলা পাৰ চৰাই

যুদ্ধৰ বিপৰীতে কঢ়িয়াই  আনে তাই

কুশল সংবাদ।” (যুদ্ধৰ বিৰুদ্ধে)

কবিয়ে বিচাৰে শান্তি সমৃদ্ধিৰে মুখৰিত হৈ উঠক প্ৰত্যেকৰে প্ৰত্যেক মূহুৰ্ত। সেয়ে  কবিয়ে আহ্বান কৰে ‘এটি সূৰ্যস্নাতা পুৱা’। কিন্তু তেওঁৰ শান্তিৰ সকলো আহ্বান ছেদেলি-ভেদেলি কৰি দিয়ে ’এদল উদভ্ৰান্ত ঘোঁৰা’ই। ইয়াত ‘সূৰ্যস্নাতা পুৱা’ই শান্তিৰ প্ৰতীক  আৰু ‘এদল উদভ্ৰান্ত ঘোঁৰা’ই কলুষিত ৰাজনৈতিক অৱস্থাৰ প্ৰতীক হিচাপে ব্যৱহাৰ হৈছে।

“তোমাৰ ছন পৰা বুকুত মূৰ গুজি

প্ৰত্যহ মই আহ্বান কৰো এটি 

সূৰ্যস্নাতা পুৱা

মোৰ বুকুৰ কামিহাড় গছকি পাৰ হৈ যায়

এদল উদভ্ৰান্ত ঘোঁৰা।”  (দেশ)

এনেদৰে কবি ইছমাইল হোছেইনে তেওঁৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ কৰিছে যদিও তেওঁৰ প্ৰতীকৰ ব্যৱহাৰ অতি সীমিত আৰু সংযমী। ০ ০ ০

সমাপ্ত

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *