ইছমাইল হোছেইনৰ কবিতাত মনস্তত্ত্ব

ইছমাইল হোছেইনৰ কবিতাত মনস্তত্ত্ব

ৰামায়ণ-মহাভাৰতৰ নাইবা ইলিয়াদ-ওডেচিৰ যুগৰ পৰাই সাহিত্যত মনস্তত্ত্বৰ আভাস¸ পোৱা যায় যদিও ছিগমণ্ড ফ্রয়েডে (১৮৫৬- ১৯৩৯) বৈজ্ঞানিক ভিত্তিত মনস্তত্ত্বৰ সূত্ৰ আগবঢ়োৱাৰে পৰা আধুনিক সাহিত্যত সচেতনভাৱে মনস্তত্ত্বৰ প্ৰয়োগ হ’বলৈ ধৰে। বৰ্তমান যুগ হৈছে সমস্যাৰ যুগ, বিতৰ্কৰ যুগ।  এই সমস্যাবহুল বিতৰ্কৰ যুগত সাহিত্যত মনস্তত্ত্ব প্ৰয়োগ হোৱাটো প্ৰায় স্বতঃস্ফূর্ত হৈ পৰিছে। সাহিত্যৰ প্ৰায় সকলোবোৰ শাখা যেনে -নাটক, উপন্যাস, চুটি গল্প আনকি কবিতাতো মনস্তত্ত্ব ফুটি উঠা দেখা গৈছে। অসমীয়া সাহিত্যও এই মনস্তত্ত্বৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ থকা নাই। মনস্তত্ত্বৰ প্ৰধান বিষয় হৈছে মানৱ মনৰ কাৰ্যকলাপৰ ভাষিক প্ৰকাশ। অৰ্থাৎ মানৱ মনৰ অৱচেতনৰ ভিতৰত লুকাই থকা চেতনাৰ বহিঃ প্ৰকাশ।

আধুনিক অসমীয়া কবিসকলৰ ভিতৰত হীৰেন ভট্টাচাৰ্য, সনন্ত তাঁতি, নলিনীধৰ ভট্টাচাৰ্য আৰু অন্যান্য কিছু কবিৰ কবিতাত এগা-চেগাকৈ মনস্তত্ত্বৰ প্ৰকাশ পাইছে যদিও বহুলভাৱে প্ৰকাশ পোৱাহি  নাই। কবি ইছমাইল হোছেইনৰ কবিতাতো মনস্তত্ত্বই মাজে মাজে ভূমুকি মাৰিছে। কিন্তু তেওঁৰ কবিতাত মনস্তত্ত্বৰ সৰ্বাত্মক বিকাশ হোৱা নাই। সমস্যাবহুল সমাজত প্ৰতিনিধিত্ব কৰাৰ সময়ত অৱচেতনভাৱেই তেওঁৰ কোনো কোনো কবিতাই মনস্তত্ত্বৰ পৰিধি চুইছে। 

‘কবিৰ মৃত্যুত শোক সভা বহিছে’ শিৰোনামেৰে লিখা কবিতাটি কবি ইছমাইলৰ মনস্তাত্ত্বিক কবিতাৰ এটি নিদৰ্শন বুলি ক’ব পাৰি। ইয়াত কবি মোহন কৃষ্ণৰ মৃত্যুত সহ-কবিসকলে যি মতামত আগবঢ়াইছে সেই মতামতবোৰ কবি ইছমাইলে হুবহুভাৱে লিপিবদ্ধ কৰিছে। ফলত মতামত প্ৰকাশ কৰা প্ৰত্যেকৰে মনস্তত্ত্ব প্ৰকাশ পাইছে ।

“কবিৰ মৃত্যুত শোক সভা বহিছে

ইজনৰ ওঁঠৰ সৈতে ওঁঠ মিলাই 

পৰস্পৰে কুৱাকুই কৰিছে:

‘মানুহজন সাহসী আছিল

মানুহজন বিপ্লৱী আছিল।

নদীৰ বাবে গান গাই 

শইচৰ বাবে গান গাই

গুচি যোৱা মানুহজন

এজন দৰদী কবি আছিল।”

মনস্তত্ত্বৰ আঁচোৰ পৰা তেওঁৰ আন এটি কবিতা হৈছে “অৰাজনৈতিক বুদ্ধিজীৱি সমীেপষু” শিৰোনামেৰে লিখা কবিতাটি। ইয়াত কবিয়ে ‘অৰাজনৈতিক’ বুলি পৰিচয় দিয়া কবিজনৰ উপৰিও কবি ইছমাইলৰ নিজৰ মনস্তত্ত্ব প্ৰকাশ কৰিছে। কবিয়ে মনস্তত্ত্ব বিচাৰ কৰি কৈছে যে যি দেশত ৰাজনীতিয়ে শিল্পীক হত্যা কৰে, যি দেশত ‘মাতৃৰো মাতৃপ্ৰাণ নাৰী’ ধৰ্ষিতা হয, সেই দেশত কোনো কবিয়ে নিৰেপক্ষ হ’ব নোৱাৰে। কবিৰ ভাষাত:

“শ্ৰদ্ধেয় নিৰেপক্ষ অগ্ৰজ কবি – শুনক

আপোনাৰ দেশতেই যদি ৰাজনীতিয়ে হত্যা কৰে

শিল্পীৰো শিল্পী প্ৰাণ ‘ছফদৰ হাছমী’ক

আপোনাৰ  চোতালতেই যদি ৰাজনীতিয়ে ধৰ্ষণ কৰে

মাতৃৰো মাতৃপ্ৰাণ নাৰীক

আপোনাৰ  সন্মুখতেই যদি ৰাজনীতিয়ে কাঢ়ি নিয়ে কলম

আপোনাৰ  দৰে ‘নিৰেপক্ষ অবোধ’ কবিৰ

তেতিয়া কি সূত্ৰতনো কয় – ‘নিৰেপক্ষ কিম্বা অৰাজনৈতিক’।”

‘নিজৰ স’তে দ্বন্দ্ব’ শিৰোনামেৰে লিখা কবিতাটিতো কবিৰ মনৰ দ্বন্দ্ব প্ৰকাশ পাইছে। কবিতাটিত কবিয়ে কবিৰ মন আৰু শৰীৰ নাইবা আত্মাৰ ইচ্ছা আৰু পৰিৱেশৰ হেঁচাত পৰি কৰা কৰ্মৰ মাজৰ দ্বন্দ্ব ফুটাই তুলিছে।

“তোৰ ভিতৰৰ মানুহজন বৰ অদ্ভূদ

তাৰ স’তে মোৰ অহৰহ দ্বন্দ্ব অহৰহ যুঁজ।

……………..

মূহুৰ্তৰ বাবে তোলৈ এৰি যাম মোৰ প্ৰাৰ্থনাৰ ৰাতি

নিজানত বহি লিখিবি সোঁৱৰণী কবিতা, পাহৰণি গীত।”

‘দৰিদ্ৰতা’ শিৰোনামেৰে লিখা কবিতাতো এজনী বিধৱা তিৰোতাৰ মনস্তত্ত্ব প্ৰকাশ কৰিছে। তিৰোতাজনী ইমানেই দৰিদ্ৰতাৰ মেৰ-পাকত আবদ্ধ যে তাই দৰিদ্ৰতাক শিকলিৰে বান্ধিবলৈ মন মেলিছে। কবিৰ ভাষাত:

“মাকজনীয়ে ভাবিলে

দৰিদ্ৰতাক শিকলিৰে বান্ধিব পৰা হ’লে।”

এনেদৰে কবি ইছমাইলৰ কিছু কবিতাত মনস্তত্ত্ব প্ৰকাশ পাইছে যদিও বহুল ভিত্তিত প্ৰকাশ পোৱা বুলি ক’ব নোৱাৰি। কিন্তু এয়া সঁচা যে তেওঁ সাম্প্ৰতিক কবিতাত মনস্তত্ত্ব প্ৰকাশ পোৱাৰ পথ প্ৰদৰ্শক হিচাপে  বৰ্তমান উঠি অহা নবীন কবি সকলক উদ্বুদ্ধ কৰিব পাৰিব।০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *