ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা

সমাজৰ পৰা অৰ্থনৈতিক বৈষম্য আঁতৰ কৰি সকলো শ্ৰেণীৰ লোকৰ মাজত সম্পদৰ সম বিতৰণ, সমভোগ আৰু সম উৎপাদন কৰাই হৈছে সমাজবাদৰ মূলমন্ত্ৰ। কাৰ্লমাক্স নামৰ জাৰ্মানীৰ এজন দাৰ্শনিকে সমাজবাদৰ তত্ত্ব উদ্ভাৱন কৰে। তেওঁৰ সমসাময়িক বিশ্বৰ প্ৰায় সকলো দেশতে জনসাধাৰণৰ মাজত অৰ্থনৈতিক বৈষম্য আৰু পুঁজিপতি শ্ৰেণীৰ দ্বাৰা বণুৱা শ্ৰেণী শোষিত হোৱালৈ লক্ষ্য কৰি এই শোষণ আৰু বৈষম্য আঁতৰ কৰাৰ উপায় হিচাপে ‘সমাজবাদ ’ মতবাদ আগবঢ়ায়। এই সমাজবাদ তত্ত্বই বৰ্জোৱা আৰু সাধাৰণ শ্ৰেণীৰ মাজত ইমানেই জনপ্ৰিয় হৈ উঠে যে প্ৰায় অৰ্ধ শতাব্দীৰ ভিতৰতে এই মতবাদে গোটেই বিশ্বত খলকনি তোলে। ৰাছিয়াত লেলিন, চীনত মাও চে তুং, ভাৰতত মহাত্মা গান্ধী আৰু  জৱাহৰলাল নেহৰুৰ নেত্বত্বত সমাজবাদী আদৰ্শত সমাজ গঠনৰ ঢৌ উঠে। বিশেষকৈ ৰাছিয়াত লেনিন আৰু চীনত মাও চে তুঙৰ নেতৃত্বত সমাজবাদ ইমানেই জনপ্ৰিয় আৰু বাস্তৱমুখী হৈ উঠে যে বিশ্বৰ সকলো দেশতে ‘সমাজবাদ’ শব্দটি সবৰ্বসাধাৰণৰ  মুখত শ্লোগান স্বৰূপ হৈ পৰে।  আনকি শিল্প-সাহিত্যও বাদ নপৰিল।  লিখকসকলে সমাজবাদৰ সমৰ্থনত সাহিত্য ৰচনা কৰিবলৈ ধৰে। ৰুচ সাহিত্যত সমাজবাদ আদৰ্শই পোন প্ৰথমতে প্ৰাণ সঞ্চাৰণ কৰে আৰু তেতিয়াৰ পৰাই বিশ্বৰ প্ৰায় সকলো ভাষাৰ সাহিত্যই সমাজবাদী আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হয়। নাটক আৰু উপন্যাসৰ উপৰিও কবিতাৰ ৰাজ্যতো সমাজবাদী আদৰ্শৰ আমদানি-ৰপ্তানি হয়। অসমীয়া কবি-সাহিত্যিক সকলো এই সমাজবাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হয়। আধুনিক কবিসকলৰ ভিতৰত হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, অজিত বৰুৱা, সনন্ত তাঁতি আদি সমাজবাদী আদৰ্শত বিশ্বাসী প্রতিষ্ঠিত কবি। বিংশ শতাব্দীৰ শেষ দহকৰ কবি ইছমাইল হোছেইনো সমাজবাদী আদৰ্শৰ দ্বাৰা পুষ্ঠ  আধুনিক কবি। 

তেওঁৰ প্ৰথম কবিতা সংকলন “জীৱন আৰু মানুহ বিষয়ক” গ্ৰন্থখনৰ কবিতাসমূহ সমাজবাদী আদৰ্শৰ ওপৰত প্রতিষ্ঠিত । তেওঁ সমাজত চলি থকা বৈষম্য আৰু অৰ্থনৈতিক সোলোক-ঢোলোক অৱস্থাৰ হুবহু চিত্ৰ অংকন কৰি সেইবোৰ নিবাৰণৰ বাবে যে সমাজবাদী আদৰ্শকেই গ্ৰহণ কৰিব লাগিব সেয়া কবিতাসমূহৰ দ্বাৰা উপস্থাপন কৰিবলৈ বিচাৰিছে।  সমাজবাদী কবি ইছমাইল লেলিন পন্থী। কিয়নো তেওঁ কেৱল মাক্সৰ তত্ত্বত (Theory) ত আবদ্ধ নাথাকি লেলিনৰ  দৰে প্ৰায়োগিক (Pragmatic) দিশতহে মনোনিেবশ কৰিছে। সমাজবাদী কবি হিচাপে তেওঁ নিত্যান্তই আশাবাদী। তেওঁৰ কবিতাৰ প্ৰতিটো স্তৱকেই সমাজবাদৰ প্ৰতি তেওঁৰ আকুণ্ঠ বিশ্বাস প্ৰকাশ পাইছে – কোনোৱাটোত অস্পষ্টভাৱে, কোনোৱাটোত স্পষ্টভাৱে, কোনোৱাটোত প্ৰত্যক্ষভাৱে আৰু কোনোৱাটোত পৰোক্ষভাৱে।

কবি ইছমাইল ইমানেই সমাজ সচেতন যে সাধাৰণ দৃষ্টিত ধ’ৰা নপৰা নাইবা সকলোৱে উপলব্ধি কৰা অথচ কোনেও প্ৰতিকাৰৰ বাবে প্ৰাগলভ কণ্ঠ উজাৰি মাত মাতিবলৈ সাহস নকৰা দুখলগা গাঁৱলীয়া পৰিৱেশৰ  বিষয়ে কৈছে:

“আজি উদং হৈ পৰি আছে গাঁও, স্বপ্নৰ সাঁচতীয়া ভঁৰাল

ঘৰে ঘৰে এতিয়া দুখ, খাদ্যহীন শিশুৰ চিঞৰ

বানৰ তাণ্ডৱ নৃত্য, ৰ’দে পোৰা পথাৰ

কৃষকৰ বুকুত ওলমি আছে যুগ যুগ আকাল।” (গাঁৱৰ কথা)

কবিয়ে জানে যে অৰ্থনীতিৰ মূল বুনিয়াদ হৈছে কৃষক শ্ৰেণী। সেয়ে কৃষকৰ প্ৰতি হৃদয়ৰ অকপট কৃতজ্ঞতা প্ৰকাশ কৰি কবিয়ে কৈছে:

“তুমি অনন্য শিল্পী, সৃষ্টিৰ আদিমতম ভাস্কৰ

তুমিয়েইতো মাটিৰ পৰা কাঢ়ি আনিছা শস্যৰ বীজ

আকাশৰ পৰা আনিছা অমল সৌন্দৰ্য

সূৰ্যৰ পৰা শক্তিৰ অক্ষয় ভাণ্ডাৰ

সাগৰৰ গভীৰ বুকুৰ পৰা প্ৰশান্তিৰ কোমল ৰ’দ।” (কৃষক বন্ধুলৈ)

দেশৰ সংবিধানত ভাৰতবৰ্ষ এখন  সমাজবাদী দেশ বুলি উল্লেখ আছে যদিও ইয়াৰ কোনো সফল প্ৰয়োগ আজিলৈকে হোৱা নই। সেইবাবে দেশৰ অৰ্থনৈতিক অৱস্থা জনসাধাৰণৰ হিতৰ বিপৰীতে গৈ আছে। কবিয়ে এই চিত্ৰটো ফুটাই তুলিছে এইদৰে:

“ইয়াত কেতিয়াবাই গধূলি হ’ল

ইয়াত এতিয়া জয়াল ৰাতি

বসন্ততো য’ত নুফুলে এপাহি ফুল

য’ত পোহৰৰ অভাৱত মানুহবোৰে কটায়

বৃদ্ধ বাঘৰ উজাগৰী ৰাতি।” (গাৱঁৰ চিঠি)

দেশত সমাজবাদৰ কোনো বাস্তৱ প্ৰয়োগ নোহোৱাৰ বাবেই জনসাধাৰণৰ বুকুত ক্ষোভৰ জুই জ্বলিছে। কবি এই দিশতো সচেতন আৰু সচেতন বাবেই উদাত্ত কণ্ঠে গাব পাৰিছে:

দুখৰ ৰাতিতো দপদপকৈ জ্বলে

দুঃসহ ক্ষোভৰ জুই

চকু, মুখ, বুকু, পেট সকলোতে,

ক্ষুধাৰ দৈত্যটো তেতিয়াও বৰফৰ দৰে শীতল।(সমসাময়িক কেইটামান কবিতা)

সমাজবাদী কবি হিচাপে কবি আশাবাদী। কবিয়ে আশা কৰে যে যদি দেশত সমাজবাদ প্রতিষ্ঠা হয়, তেন্তে দেশৰ পৰা সকলো হাহাকাৰ আঁতৰি গৈ সুখ-সমৃদ্ধি আনয়ন হ’ব। কবিৰ ভাষাত:

মই মাজে মাজে সপোন দেখো

গাঁৱৰ মাটিবোৰ সোণ হ’ব

মই সপোন দেখো, মানুহবোৰে মুখ মেলি কথা ক’ব, 

গান গাব।(গাঁৱৰ কথা)

কবি ইছমাইল সমাজবাদী শান্তিত বিশ্বাসী। সেয়ে যুদ্ধৰ সময়তো কবিয়ে শান্তিৰ প্ৰতীক ‘পাৰ চৰাইক’ আহ্বান  কৰিছে:

নিজান পুৱা বাঁহীত ফু দি মাতো

এজনী শুকুলা পাৰ চৰাই

যুদ্ধৰ বিপৰীতে কঢ়িয়াই আনে তাই

কুশল সংবাদ।” (যুদ্ধৰ বিৰুদ্ধে)

সমাজত চলি থকা অৰ্থনৈতিক অসমতা দেখি কবি মৰ্মাহত হৈছে। সেয়ে নাগৰিকৰ প্ৰতি দৃষ্টি দি আহ্বান কৰিছে সমাজবাদৰ হকে সংগ্ৰামত জঁপিয়াই পৰিবলৈ । কবিয়ে আশা কৰে যে সমাজবাদী আদৰ্শত অনুপ্ৰাণিত হৈ সংগ্ৰাম চলাই গ’লে দেশত সমতা প্রতিষ্ঠা হ’ব আৰু সকলোৱেই খাবলৈ পাব। কবিয়ে কৈছে:

“মাটিৰ মৰমত নিমজ্জিত

মোৰ প্ৰিয়তম নাগৰিক

অহা দিনবোৰৰ প্ৰতিটো প্ৰত্যুষত

আমি যেন মিলিত হ’ব পাৰোঁ

সংহতিৰ বিশাল পথাৰত

আমি যেন কৰিব পাৰো আলিঙ্গন,

প্ৰতিজন শিশুৰ মুখত গুজি দিব পাৰোঁ

যেন এটুকুৰা ৰুটি

অথবা এটি চুম্বন!” (নাগৰিকৰ প্ৰতি)

য’তেই সমাজবাদী সংগ্ৰাম আছে, তাতেই কবিৰ সমৰ্থন আছে। সেয়ে সুদূৰ চিকাগোত নিহত শ্ৰমিকসকলক সম্বোধি কবিয়ে ক’ব পাৰিছে:

“হে কমৰেড, 

পোতাশ্ৰয়ৰ দিনবোৰ শেষ হ’বলৈ 

বেছি পৰ নাই

সেয়েহে চেতনা দীপ্ত আমাৰ জীৱনত 

এতিয়া তোমালোকৰেই জয়গান।” (চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি)

ৰাষ্ট্ৰত সমাজবাদ নাই বাবেই ধনী শ্ৰেণী অধিক ধনী আৰু দুখীয়া শ্ৰেণী অধিক দুখীয়া হৈ গৈ আছে। তাৰ ফলত মহাজনৰ শোষণৰ বোজা দুখীয়াৰ মূৰৰ ওপৰত ভাৰসাম্য হেৰুৱাই পৰি আছে:

“ৰংমনকাইৰ পিঠিত যুগে যুগে মহাজনী শোষণৰ বোজা

মিয়াচান চাচাই দেৱানীৰ ভঁৰাল সাজে:

আলাসৰ বেহা।” (গাঁৱৰ বাট)

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে কবিয়ে প্ৰত্যক্ষভাৱে সমাজবাদৰ হকে ক’বলৈ যোৱা নাই; তেওঁ জৰাজীৰ্ণ সমাজৰ অৰ্থনৈতিক ৰূপ জনচক্ষুৰ আগত কবিতাৰে দাঙি ধৰিছে আৰু এই ৰূপ পৰিবৰ্তন কৰিবলৈ যে সমাজবাদী আদৰ্শত সমাজ প্রতিষ্ঠাৰ প্ৰয়োজন তাক আওপকীয়াকৈ বুজাবলৈ চেষ্টা কৰিছে। অৱশ্যে কেৱল লিখনিৰ দ্বাৰা সমাজ পৰিবৰ্তন সম্ভৱ নহয় যদিহে সৰ্বসাধাৰণৰ সহযোগ আৰু সঁহাৰি নাথাকে। কবি ইছমাইলে সমাজৰ পঙ্কিল দিশবোৰ  কবিতাৰ মাজেদি মূৰ্ত কৰি সমাজবাদৰ দ্বাৰা যে সমাজত উচ্চ-নীচৰ ভেদ-ভাৱ আঁতৰ কৰি সুস্থ-সবল সমাজ গঠন কৰিব পাৰি জনসাধাৰণক সেয়া বুজাবলৈ সমৰ্থ হৈছে। সেয়ে ক’ব পাৰি কবি ইছমাইল এজন সফল সমাজবাদী  কবি।০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *