ইছমাইল হোছেইনৰ কবিতা ‘বহুৰঙী’: এক বিশ্লেষণ

 ইছমাইল হোছেইনৰ কবিতা ‘বহুৰঙী’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘বহুৰঙী’ কবিতাটি ব্যঙ্গাত্মক কবিতা। ইয়াত দেশৰ বুদ্ধিজীবিসকলৰ কাৰ্যকলাপক ব্যঙ্গ কৰি সমাজ-সভ্যতাৰ অৱক্ষয়ী ৰূপ নগ্ন কৰি দেখুৱাইছে। কবিয়ে দেখা পাইছে সভ্যতাৰ মূল আদৰ্শ সঠিক পথৰ পৰা খহি পৰিছে, তাৰ লগে লগে বুদ্ধিজীৱি সকলৰো মানসিক পৰিবৰ্তন আহিছে নাইবা বুদ্ধিজীৱি সকলে ভাঙোনমুখী সভ্যতাৰ পিনে চাই মানসিক আঘাত পাইছে আৰু মানসিক বিকাৰগ্ৰস্ত হৈ অসামাজিক কামত লিপ্ত হৈছে। কবিৰ ভাষাত: “মেৰুদণ্ডহীন সভ্যতাৰ ছিন্নমূল অৱয়বত মূৰ দোঁৱাই পৰি […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘আস্থানিক’:  এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘আস্থানিক’:  এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘আস্থানিক’ কবিতাটি প্ৰেমৰ কৰুণ কবিতা। কবিয়ে প্ৰেম কৰিব বিচাৰিছে কিন্তু প্ৰেম কৰিবলৈ প্ৰেমৰ পৰিৱেশ আৰু সময় পোৱা নাই। অৰ্থাৎ কবিৰ পৃথিৱী ইমানেই অপৰিৱেশিক যে তাত প্ৰেমৰ কথা ভাবিবই পৰা নাই। এই কবিতাটি পঢ়াৰ সময়ত এনড্ৰিও মার্ভেল  নামৰ এজন ইংৰাজ কবিৰ এষাৰ উক্তি মনলৈ আহে। কবি মােৰ্ভলে প্ৰেম কৰিব বিচাৰিছে, কিন্তু প্ৰেম কৰিবলৈ কোনো নিৰ্জন ঠাই পোৱা নাই য’ত কবিয়ে প্ৰেয়সীক বুকুৰ মাজত […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘দৰিদ্ৰতা’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘দৰিদ্ৰতা’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ কবিসকল সমাজৰ প্ৰতিনিধি; সমাজক প্ৰতিনিধিত্ব কৰাই সিহঁতৰ  ধৰ্ম আৰু আদৰ্শ। দেশৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি দিশবোৰ উদংকৈ দেখুৱাই জনসাধাৰণৰ মাজত সচেতনতা সিঁচৰতি কৰাই কবিসকলৰ বৈশিষ্ট্য। কবি ইছমাইল সেইদৰে এজন সমাজ সচেতন কবি। ‘দৰিদ্ৰতা‘ কবিতাটি কবি ইছমাইলৰ তেনে এক সামাজিক কবিতা – যাৰ মাজেৰে কবিয়ে সমাজৰ অৰ্থনৈতিক কাৰুণ্যময় দিশটি জলজল-পটপটকৈ দাঙি ধৰিছে।  কবি হৃদয় অনুভূতিপ্ৰৱণ। যেতিয়া সমগ্ৰ পৃথিৱীখন গভীৰ ৰাতি লালকাল দি পৰি থাকে […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘সখী’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘সখী’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ সখী’ কবিতাটি এটি শোকাত্মক কবিতা।  এই কবিতাটি ‘অনুসূয়া’ নামৰ এজনী বিবাহিতা স্ত্ৰীৰ স্মৃতিত লিখা হৈছে যিজনীয়ে বিয়াৰ ছয় বছৰ পিছত গাত জুই লগাই ৰহস্যজনক ভাৱে মৃত্যু মুখত পৰে। কবি আশাবাদী যে তেওঁ অনুসূয়াৰ লগত একেটা পিৰালিত বহি ওঁঠত জালিকটা হাঁহি লৈ ‘মিছিল নগৰী’ৰ গান গাব  আৰু আশা কৰিছিল যে তাই কবিৰ কাণে কাণে ‘নৈ’ (জীৱনৰ প্ৰতীক)ৰ গান গাই গাই কবিক আনন্দ দিব। […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ কবি ইছমাইল হোছেইন সমাজবাদী কবি। সমাজৰ উচ্চ-নীচ ভেদ-ভাৱ আঁতৰাই অৰ্থনৈতিক সমতা স্থাপন কৰাই সমাজবাদৰ শ্লোগান। সেয়ে সমাজৰ অত্যাচাৰিত, নিপীড়িতসকলৰ প্ৰতি কবিৰ আন্তৰিক দৰদ। য’তেই শ্ৰমিক-বনুৱাৰ বিপ্লৱ আছে তাতেই কবিসকলৰ সমৰ্থন আছে। সেয়েহে সুদূৰ চিকাগো চহৰত শ্ৰমিক শ্ৰেণীৰ ন্যাৰ্য্য অধিকাৰ প্রতিষ্ঠাৰ আন্দোলনত নিহত শ্ৰমিকসকলৰ প্ৰতি কবিৰ প্ৰাণ অশ্ৰুসিক্ত হৈছে। আৰু তাৰ প্ৰতিফলন হিচাপে ‘চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি’ কবিতাটিৰ জন্ম দিছে। কবিতাটিত […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘সংগোপনে’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘সংগোপনে’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ আধুনিক যুগ হৈছে বিজ্ঞানৰ যুগ, সভ্যতাৰ চৰম উন্নতিৰ যুগ, লগতে এই যুগক মানৱতাবাদৰ যুগ বুলিও কোৱা হয়। কিন্তু এই যুগ ইমানবোৰ আলংকাৰিক বিশেষণ থকা সত্বেও অন্যায়, অবিচাৰ, অনীতি, অধৰ্ম চলি আছে এক গতানুগতিক ছন্দত। আন কথাত বৰ্তমান যুগ হৈছে, “বাহিৰে ৰং চং ভিতৰে কুৱাভাতুৰী”- ৰ যুগ। কবি ইছমাইল অন্তৰ্দৃষ্টি সম্পন্ন কবি। সমাজৰ  সাধাৰণ লোকচক্ষুৰ অন্তৰালত কি ঘটি আছে তাৰো ছবি তেওঁৰ দৃষ্টিপটত […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘মই এখন দেশ বিচাৰিছো আৰু এখনি নদী’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘মই এখন দেশ বিচাৰিছো আৰু এখনি নদী’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ মানুহ আশা লৈ জীয়াই থাকে – এই আশা শান্তি-সমৃদ্ধিৰে জীয়াই থকাৰ আশা। কিন্তু অপ্ৰত্যাশিতভাৱেই নিশাৰ ঘোৰ অন্ধকাৰে আশাৰ বাৰেবৰণীয়া ৰামধেনুক ঘেৰি ধৰে। ফলত মানৱ জীৱন হৈ পৰে আশা-নিৰাশাৰ প্ৰৱল ঢৌ। কবি ইছমাইলৰ ‘মই এখন দেশ বিচাৰিছো আৰু এখনি নদী’ তেনে আশা-নিৰাশাৰ দোমোজাৰ কবিতা। কবিয়ে ইয়াত সুখ-স্বাচ্ছন্দেৰে ভ’ৰপুৰ এখন আদৰ্শ সমাজৰ সপোন  দেখিছে আৰু সেই দেশখন বিচাৰি […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘মোক আকোৱালি লোৱা’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘মোক আকোৱালি লোৱা’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ মানৱ জাতিয়ে বিংশ শতাব্দীত বিজ্ঞানৰ চৰম সীমাত উপনীত হৈয়ো বৰ্বৰতা বা আদিম যু্দ্ধ প্রবৃত্তি  এৰিব পৰা নাই। সেয়ে বিংশ শতাব্দীৰ প্ৰথম পাঁচোটা দহকতে দুটা বিধবংশী বিশ্বযুদ্ধ সংগঠিত হৈ গ’ল। মৰিল লক্ষ লক্ষ মানুহ। এই দুখন বিশ্ব যুদ্ধৰ ধোৱা ছাঁই মাৰ নেযাওঁতেই আকৌ আৰম্ভ হ’ল ইৰাক-আমেৰিকাৰ যুদ্ধ। অকালতে প্ৰাণ দিলে বহুতে। সম্পদ নষ্ট হ’ল অনেক। “মোক আকোৱালি লোৱা” শিৰোনামাৰ কবিতাটি এই […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘আত্মপাঠ’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘আত্মপাঠ’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ পৃথিৱীত যিমানে সমাজবাদৰ ঢৌ উঠিছে মানুহ সিমানে ব্যক্তিকেন্দ্ৰিক হৈ আছে। আগৰ কালৰ কবি-সাহিত্যিকসকলে নিজকে লুকাই ৰাখি ৰজা মহাৰজাসকলৰ গুণ-গান কৰিছিল আৰু মানৱ সমাজত আধ্যাত্মিক চিন্তাৰ খোৰাক যোগাইছিল। কিন্তু ক্ৰমে ক্ৰমে মানুহসকল ইমানেই ব্যক্তিকেন্দ্ৰিক আৰু আত্মমুখী হৈ পৰিল যে এতিয়া কবি, সাহিত্যিক আৰু শিল্পীসকলে আত্ম অনুভূতি, আত্ম চিন্তা-চর্চা লৈয়ে ব্যস্ত। সেয়ে ভূপেন হাজৰিকাই এটি গীতত কৈছে: “আগৰ কবিসকলে ৰচিছিল  ৰজা মহাৰজাৰ কথা আজিৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘আনৱিক’:এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘আনৱিক’:এক বিশ্লেষণ —ৰাব্বি মছৰুৰ মানুহৰ হৃদয় আশাৰে ভৰপুৰ। এই আশা জীয়াই থকাৰ আশা, সুখ আৰু শান্তিৰে জীয়াই থকাৰ আশা। কিন্তু আশাৰ লগতে নিৰাশাও আছে। ‘আনৱিক’ শিৰোনামাৰে লিখা কবিতাটি এনেকুৱা আশা আৰু নিৰাশা, পোহৰ আৰু এন্ধাৰ, সুখৰ সপোন আৰু দুখৰ দাউ দাউ চিতা – আদি  পৰস্পৰ বিৰোধী ভাৱধাৰাৰ কবিতা। কবিতাটিত কবিয়ে এফালে আগত দিনৰ ৰঙীন  সুখৰ   সপোন  দেখিছে; আনফালে সেই সপোনবোৰ বাস্তৱৰ কঠিন শিলাত থেকেচা খাই উফৰি […]

Read More