মানিকা  ভৌমিক

মানিকা ভৌমিক অসমৰ বৰপেটা জিলাৰ বৰপেটাৰোড নিৱাসী এজনী বঙালী কবি, সমাজ সেৱক আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক।

তাইৰ জন্ম হয় ১৯৬৮ চনৰ ২ জানুৱাৰীত পশ্চিম বংগৰ কোচ বিহাৰ চহৰত। পিতৃৰ নাম ধীৰেন্দ্ৰ চৌধুৰী আৰু মাতৃৰ নাম ঊষাৰাণী চৌধুৰী।

মানিকা ভৌমিকৰ বিয়া হয় অসমৰ বৰপেটাৰোডস্থ কবি, ঔপন্যাসিক, অনুবাদক, মানৱতাবাদী, সমাজ সেৱক আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক মানিক লাল ভৌমিকৰ লগত।

তাই বিভিন্ন পত্ৰ-পত্ৰিকাত লিখা-মেলা কৰি ভাল পায়। ইতিমধ্যে মানিকা ভৌমিকৰ দুখনমান কবিতা পুথি যথা- ‘প্ৰয়াস’ আৰু ‘জীৱনতো একটাই’ প্ৰকাশ পাইছে।  হেৰুৱা অতীত ৰোমন্থন, প্ৰেম, যান্ত্ৰিক সভ্যতাৰ কোলাহল, মানৱতাৰ অৱক্ষয়ৰ চিত্ৰ আদি তাইৰ কবিতাত অনুৰণিত হৈছে। 0 0 0

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

Leave a Reply

Your email address will not be published. Required fields are marked *