হাবিল উদ্দিন

Habil Uddin

হাবিল উদ্দিন হৈছে অসমৰ এজন নিৰক্ষৰ প্ৰতিবাদী কবি। হাবিল উদ্দিনৰ জন্ম হয় ১৯৭০ চনত বৃহত্তৰ কলগাছীয়া অঞ্চলৰ গুনিয়ালগুৰি গাওঁত। পিতৃৰ নাম হবিবৰ ৰহমান আৰু মাতৃৰ নাম আকলিমা খাতুন। আৰ্থিক দৈন্যতাৰ বাবে স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হোৱা হাবিল উদ্দিনে সৰু কালৰ পৰাই মুখে মুখে কবিতা ৰচনা কৰি ভাল পায়। তেওঁ অসমীয়া, বাংলা আৰু হিন্দী ভাষাত কবিতা ৰচনা কৰে।

১৯৯৮ চনত তেওঁ মফিদা খাতুনৰ লগত বিবাহ পাশত আবদ্ধ হয়। বৰ্তমান তেওঁ এজনী কন্যা আৰু এজন ল’ৰা সন্তানৰ পিতৃ। সৰু-সুৰা ব্যৱসায় কৰি তেওঁ পৰিয়াল পোহপাল দিয়ে।

ইতিমধ্যে হাবিল উদ্দিনৰ পাঁচখনমান কবিতাপুথি প্ৰকাশ পাইছে, যথাঃ ‘কাৰ পাশে দাড়াই’ (বাংলা), ‘সমাধান ক’ত’ (অসমীয়া), ‘শ্ৰদ্ধাঞ্জলী’ (অসমীয়া), ‘জীৱন একটা কাঠগড়া’ (বাংলা), ‘হাতিয়াৰ নেহী কলম উঠাও’ (হিন্দী)।

স্বতঃস্ফূৰ্ত স্বদেশপ্ৰেম আৰু মানৱ প্ৰেমৰ লগতে সমাজৰ কলুষ-কালিমা, সাম্প্ৰদায়িকতা, ৰাজনৈতিক নেতাসকলৰ ভণ্ডামী, মানৱতাৰ অৱক্ষয় আদিৰ বিৰুদ্ধে প্ৰাগলভ প্ৰতিবাদ হাবিল উদ্দিনৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।

নিৰক্ষৰ কবি হাবিল উদ্দিন ছন্দৰ প্ৰতি সচেতন নহয় যদিও তেওঁৰ কবিতাত ছন্দৰ আলোড়ণ আছে। ভাষা আৰু বানানৰ ক্ষেত্ৰত বিসংগতি আছে যদিও কবিজন নিৰক্ষৰ বাবে এই দোষ মাৰ্জনীয়। 

নিৰক্ষৰ হৈয়ো  হাবিল উদ্দিনে মুখে মুখে কবিতা ৰচনা কৰি অসমীয়া জাতিৰ প্ৰতি যি দায়বদ্ধতা পালন কৰি আছে সেয়া এক বিৰল আদৰ্শ।  ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

Leave a Reply

Your email address will not be published. Required fields are marked *