Maulana Abul Kamal Azad

মৌলানা  আবুল কালাম আজাদ

 

মৌলানা আবুল কালাম আজাদ (চমু জীৱনী )

 

ৰাবিব মছৰুৰ

 

 

গ্রোহিলচ্‌

 

MAULANA ABUL KALAM AZAD – a brief biography written by Rabbi Masrur (Abdur Rahim), Previously Published by Riju Prakashan, Barpeta, First Edition 2015. 

 

All rights reserved. No part of this publication may be reproduced or transmitted in any form or by any means: electronic, mechanical, photocopying or otherwise or stored in any retrieval system of any nature without prior permission of the copyright holder.

 

First Edition 2015

 

 

 

Internet Edition by

www.growhillsnet.com

Email: growhillsngo@gmail.com

 

 

আগকথা

সম্ভৱতঃ ভাৰতবৰ্ষত মৌলানা আবুল কালাম আজাদৰ নাম নুশুনা কোনো এজন শিক্ষিত মানুহ নোলাব আৰু  যদি তেনে মানুহ ওলায়, তেন্তে মই তেওঁক শিক্ষিত বুলি স্বীকাৰ কৰিবলৈ টান পাম। কিয়নো ভাৰতীয় জাতিৰ প্ৰতি আবুল কালাম আজাদে আগবঢ়োৱা  অৱদান হিমালয় পৰ্বতৰ দৰেই বিশাল আৰু বিস্তাৰিত । তেওঁ আছিল একেধাৰে এজন পণ্ডিত, সফল আলোচনী সম্পাদক, লিখক, সমালোচক, বাগ্মী, স্বাধীনতা বিল্পৱী, হিন্দু-মুছলমানৰ ঐক্যৰ হোতা, উদাৰনৈতিক নেতা, প্ৰগতিবাদী সমাজ সংস্কাৰক আৰু স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। 

আজিৰ সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আৰু সাংস্কৃতিক বিশৃঙ্খলতাৰ যুগত আবুল কালাম আজাদৰ ব্যক্তিত্বৰ পৰা বৰ্তমানৰ প্ৰজন্মই শিক্ষা গ্ৰহণৰ কৰাৰ বহুত যুক্তিযুক্ততা আছে। সেয়ে আজিৰ প্ৰজন্মক এইজন মহান ব্যক্তিৰ ব্যক্তিত্বৰ সৈতে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেই ‘মৌলানা আবুল কালাম আজাদ‘ শিৰোনামৰ চমু জীৱনীমূলক পুথিখন যুগুত কৰি উলিওৱা হৈছে । 

এই জীৱনী পুথিখন লিখি উলিওৱাতে মই মৌলানা আবুল কালাম আজাদৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘India Wins Freedom’ খন চোৱাৰ উপৰিও অন্যান্য বহুত গ্ৰন্থৰ সহায় লৈছো।  কিন্তু জীৱনীখনক পূৰ্ণাঙ্গ জীৱনী বুলি মই কেতিয়াও দাবী নকৰো – এই কাৰণেই যে আবুল কালাম আছিল এজন বিশাল ব্যক্তিত্বৰ লোক। গোটেই ভাৰতবৰ্ষ জুৰিয়েই তেওঁৰ কাৰ্যাৱলী সিচঁৰতি হৈ আছে। এনে বিশাল ব্যক্তিত্বৰ লোক এজনৰ জীৱনৰ প্ৰতিটো দিশ বা প্ৰতিটো কামৰ খতিয়ান বা তথ্য দাঙি ধৰিবলৈ যোৱাটো মোৰ দৰে লিখক এজনৰ পক্ষে নিশ্চয় এক ধৃষ্টতাৰ বাহিৰে আন একো হ’ব নোৱাৰে। এই চমু জীৱনী গ্ৰন্থখনত মই মাথো তেওঁৰ জীৱনৰ কেইটামান দিশৰ ধাৰণা সহজভাৱে উপস্থাপন কৰিবলৈহে  প্ৰয়াস কৰিছোঁ। সফলতা-বিফলতাৰ বিচাৰ পাঠক সমাজৰ হাতত। 

মৌলানা আবুল কালাম আজাদৰ এই সৰু জীৱনীখন লিখি উলিওৱাতে বহুতে মোক উৎসাহ,  উদ্দীপনা দি সহায়-সহযোগ আগবঢ়াইছে। সেইসকলৰ ভিতৰত বিশিষ্ট সাহিত্যিক-শিক্ষক তালেবৰ ৰহমান, ডাক্তৰ ছাহ আলম, জামিৰ আহম্মেদ, ইব্রাহিম আলি, মোৰ সহকৰ্মী হুছেইন শিকদাৰ, বনলতা বাইদেউ আৰু বহুতোৰ প্ৰতি মই  চিৰ কৃতজ্ঞ হৈ ৰলো।

শেষত ৰিজু প্ৰকাশনৰ স্বত্বাধিকাৰী মাননীয় আব্দুল হালিমৰ প্ৰতি মই বিশেষভাৱে কৃতজ্ঞ কাৰণ তেখেতে মোক পুথিখন লিখি উলিয়াবলৈ দায়িত্ব দি তাগিদ নিদিয়া হ’লে মোৰ দ্বাৰা সম্ভৱতঃ কেতিয়াও এই জীৱনী পুথিখন লিখা হৈ  নুঠিলহেঁতেন।

সদৌ শেষত মোৰ বন্ধু, শুভাকাঙ্খী, ডিটিপি অপাৰেটৰ আৰু মোৰ ব্যক্তিগত সচিবৰ দৰে সদায় সহায় আৰু দিহা পৰামৰ্শ আগবঢ়োৱা  আবুল কালাম আজাদলৈ  মোৰ আন্তৰিক ধন্যবাদ থাকিল। ইতি 

ৰাব্বি মছৰুৰ  

শান্তি কানন                                                         

কমলপুৰ, বৰেপটা                                                 

জানুৱাৰী, ২০১৫

 

সূচীপত্ৰ

মৌলানা আবুল কালাম আজাদ- জন্ম আৰু বংশ পৰিচয় 

মৌলানা আজাদ – ভাৰতলৈ প্রব্রজন আৰু শিক্ষা জীৱন 

মানসিক অন্তৰ্দ্বন্দ্ব

ৰাজনীতিলৈ আগমন

বিদেশ ভ্ৰমণ

আলোচনী সম্পাদক আৰু লিখক হিচাপে  আজাদ।

মহাত্মা গান্ধীৰ সংস্পৰ্শত আজাদ

গান্ধীজীৰ দাণ্ডি যাত্ৰা আৰু আজাদ

প্ৰিন্স অফ ওৱেলচৰ ভাৰত ভ্ৰমণ আৰু আজাদৰ প্ৰতিক্ৰিয়া

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আবুল কালাম আজাদ

চিয়াং কাই-চেক আৰু আজাদ

ভাৰত ত্যাগ আন্দোলন আৰু আবুল কালাম আজাদ

আহম্মদ নগৰ কিল্লা জেলত আজাদ

ভাৰতৰ স্বাধীনতা লাভ, দেশ বিভাজন আৰু আজাদৰ প্ৰতিক্ৰিয়া

স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী হিচাপে আজাদ

 

মৌলানা আবুল  কালাম আজাদ – জন্ম আৰু বংশ পৰিচয়

ভাৰতবৰ্ষৰ ইতিহাস হৈছে প্রব্রজনৰ ইতিহাস। প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা, সাৰুৱা ভূমি, সাংস্কৃতিক বৈচিত্ৰতা,  ইয়াৰ অধিবাসীসকলৰ উদাৰতা আদি বিভিন্ন কাৰণত আকৰ্ষিত হৈ ইতিহাসৰ বিভিন্ন সময়ত নানা জাতি-গোষ্ঠীৰ মানুহে ভাৰতলৈ প্রব্রজন কৰিছিল আৰু ইয়াৰ বাৰে-বৰণীয়া সংস্কৃতিৰ প্ৰতি মোহিত হৈ ভাৰতবৰ্ষকে নিজৰ আপোন দেশ বুলি গ্ৰহণ কৰি এক ভাৰতীয় সভ্যতাৰ লগত বিলীন হৈ গৈছিল। উদাহৰণ স্বৰূেপ খ্ৰীষ্ট পূৰ্ব প্ৰায় তিনি হাজাৰ বছৰ আগতে আৰ্যসকল, খ্ৰীষ্ট পূৰ্ব তিনিশ শতাব্দীত গ্ৰীকসকল, খ্ৰীষ্টীয়  প্ৰথম শতাব্দীত শক আৰু হুনসকল ভাৰতলৈ প্রব্রজন কৰি ভাৰতবৰ্ষকে মাতৃভূমি হিচাপে আকোঁৱালি লৈছিল। ঠিক তেনেদৰে ষোল্ল শতাব্দীৰ আদিছোৱাত আফগানিস্থানৰ পৰা জাহিৰ উদ্দিন বাবৰ নামৰ এজন আফগান নেতাৰ অধীনত প্ৰায় দহ হাজাৰ আফগান লোক ভাৰতলৈ আহে আৰু ভাৰতত এক নতুন সাম্ৰাজ্যৰ পাতনি মেলে । বাবৰৰ লগত অহা সেই লোকসকলৰ লগত আফগানিস্থানৰ পশ্চিম প্ৰান্তৰ ‘হেৰাট’ নামৰ প্ৰদেশৰ পৰা এটি পণ্ডিত পৰিয়াল ভাৰতলৈ প্রব্রজন কৰে। পৰিয়ালটি প্ৰথমতে উত্তৰ প্ৰদেশৰ আগ্ৰাত থিতাপি লয় আৰু পিছলৈ দিল্লীত বসতি স্থাপন কৰে। এই বংশৰে জামালুদ্দিন নামৰ এজন লোক মোগল সম্ৰাট আকবৰৰ সময়ত আউলীয়া হিচাপে খ্যাতি অৰ্জন কৰে আৰু তেতিয়াৰ পৰা এই বংশৰ লোকসকলে মোগল ৰাজদৰবাৰত বিষয়-বাব পাবলৈ ধৰে। মোগল সম্ৰাট ছাহজাহানৰ সময়ত এই বংশৰ লোক এজনে ‘ৰুকন-উল মুদাৰাছিন’ পদত অধিষ্ঠিত হয়। এই পদটি সম্ৰাট ছাহজাহানৰ আমোলত প্ৰথমে সৃষ্টি কৰা হয়। ইয়াৰ প্ৰধান কাম-কাজ আছিল ৰাজ্যৰ শিক্ষা ব্যৱস্থা, শিক্ষা-বৃত্তি  আদিৰ তদাৰক কৰা। ‘ৰুকন-উল মুদাৰাছিন’ পদটি বৰ্তমান সময়ৰ ‘শিক্ষা সঞ্চালক’ৰ পদৰ সমপৰ্যায়ৰ আছিল। এই বংশৰে কেইবাজনো লোক  মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ ছাহৰ সময়লৈ ‘ৰুকন-উল মুদাৰাছিন’ পদভোগ কৰি আছিল আৰু এই পদ ভোগ কৰি থকা অন্তিমজন ব্যক্তিৰ নাম আছিল মৌলানা মনোৱাৰ উদ্দিন । এই মনোৱাৰ উদ্দিনে, চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাৰ দুবছৰ আগতে মোগল সাম্ৰাজৰ শাসন বিভ্ৰাট আৰু শাসন নীতিৰ প্ৰতি বিতশ্ৰদ্ধ হৈ ‘খাইৰুদ্দিন’ নামৰ তেওঁৰ নাবালক পিতৃহীন নাতিয়েক এজনক লগত লৈ ভাৰতবৰ্ষ ত্যাগ কৰি মক্কালৈ প্রব্রজন কৰাৰ উদ্দেশ্যে স্ব-স্থান ত্যাগ কৰি তেওঁ ভূপাল পৰ্যন্ত আগবাঢ়ি যায়, তেতিয়া নবাব ছেকান্দৰ জাহান বেগমে তেওঁক আটক কৰে। তেওঁ ভূপালত বন্দী হৈ থকা সময়ত চিপাহী বিদ্ৰোহ আৰম্ভ হয় আৰু দুবছৰ পিছত নবাৰৰ হাতোঁৰাৰ পৰা মুক্তি লাভ কৰি আকৌ মক্কাৰ উদ্দেশ্যে ৰাওনা হয়। কিন্তু বম্বে পোৱাৰ পিছতেই সামান্য অসুখত তেওঁ মৃত্যু মুখত পৰে আৰু তাতেই কবৰস্থ হয়। সেই সময়ত তেওঁৰ লগত থকা নাতিয়েক খাইৰুদ্দিনৰ বয়স আছিল প্ৰায় পঁচিশ। ককাদেউতাকৰ মৃত্যৰ পিছত খাইৰুদ্দিনে অকলেই মক্কালৈ যায় আৰু তাতে মাটি-বাৰী ক্ৰয় কৰি মক্কাৰ নাগৰিক হয়। সেই সময়ত মদিনাত শেইখ মোহাম্মদ জাহেৰ নামৰ এজন বিশ্ব বিখ্যাত পণ্ডিত আছিল। তেওঁ বিভিন্ন শাস্ত্ৰত ইমানেই পণ্ডিত আছিল যে তেওঁৰ নাম আৰব জগতৰ বাহিৰেও ৰৈ বৈ গৈছিল। খাইৰুদ্দিনেও তেওঁৰ সংস্পৰ্শলৈ যায় আৰু ইছলামীয় শাস্ত্ৰত পাণ্ডিত্য অৰ্জন কৰি আৰু ‘মৌলানা’ উপাধি লাভ কৰে। এই খাইৰুদ্দিনে আৰবী ভাষাত দহ খণ্ডত এক বিশাল পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছিল যিটো সেই সময়ত ইজিপ্তৰ পৰা প্ৰকাশিত হৈছিল। তেওঁ জ্ঞান অন্বেষণৰ কাৰণে আৰু অন্যান্য কাৰণত ইৰাক, তুৰস্ক, ছিৰিয়া আদি দেশ ভ্ৰমণ কৰে। তেওঁ কেইবাবাৰো বিভিন্ন কৰণত ভাৰতবৰ্ষলৈয়ো আহিছিল। খাইৰুদ্দিনে য’লৈকে গৈছিল তাতেই তেওঁৰ পাণ্ডিত্য আৰু গুণত মুগ্ধ হৈ বহুতো লোক তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল।

মৌলানা মহম্মদ খাইৰুদ্দিন এজন উদাৰচিতীয়া, পৰোপকাৰী, মানৱ দৰদী লোক আছিল আৰু মক্কাৰ জনসাধাৰণৰ সাবিৰ্বক কল্যাণৰ হকে বহুতো জণহিতকৰ কাম সম্পাদন কৰিছিল। সেই সময়ত মৰুভূমিময় মক্কাত পানীৰ একমাত্ৰ উৎস আছিল ‘নহৰে জুবেইদা’। ই আছিল এক বিশাল খাল যিটো আৰবৰ বিখ্যাত আববাচীয় বংশৰ চুলতান হাৰুণ-অল ৰচিদ (ৰাজত্বকাল ৭৮৬-৮০৮ খ্ৰীঃ ) ৰ স্ত্ৰী জুবেইদাই  জনসাধাৰণৰ পানীৰ অভাৱ দূৰ কৰিবলৈ  খান্দি দিছিল। কিন্তু সময় বাগৰি যোৱাৰ লগে লগে খালটো বাম হৈ গৈছিল আৰু ভাঙি-ছিগি মৃতপ্ৰায় হৈ গৈছিল। ফলত সৰ্বসাধাৰণ লোকে পানীৰ অভাৱত ভূগিছিল। বিশেষকৈ হজ্জৰ সময়ত পানীৰ অভাৱত তীৰ্থযাত্ৰীসকলৰ বিলাই হৈছিল। মৌলানা খাইৰুদ্দিনে পানীৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্য নিজেই অসম্ভৱক সম্ভৱ কৰিবলৈ আগবাঢ়ি আহে। তেওঁ ইজিপ্ত, ছিৰিয়া, তুৰ্কী আদি দেশ ভ্ৰমণ কৰি সেই সময়ত প্ৰায় বিশ লাখ টকা সংগ্ৰহ কৰি সেই টকাৰে বিশাল ‘নহৰে জুবেইদা’ নামৰ খালটি সংস্কাৰ কৰি মক্কাবাসীৰ পানীৰ অভাৱ দূৰ কৰে।  সেই সময়ত তুৰস্কৰ চুলতান আছিল আব্দুল মজিদ। তেওঁ ‘নহৰে জুবেইদা’ বিশাল খালটিৰ খনন কাৰ্য সাহসীকতাৰে আৰু নিষ্ঠাৰে সম্পাদন কৰাৰ স্বীকৃতি হিচাপে খাইৰুদ্দিনক ‘মজিদী মেডেল’ৰে পুৰস্কৃত কৰে। 

এই খাইৰুদ্দিনৰ পাণ্ডিত্য, গুণ আৰু উদাৰতাত মোহতি হৈ সেই সময়ৰ বিখ্যাত মদিনাৰ পণ্ডিত শেইখ মোহাম্মদ জাহেৰে তেওঁৰ ‘আলিয়া’ নামৰ এজনী ছোৱালীক খাইৰুদ্দিনলৈ বিয়া দিয়ে। তাই  আছিল  ইছলামীয় শিক্ষাৰে শিক্ষিতা, আদৰ্শবান, সহজ-সৰল আৰু অতি স্বামী ভক্তি-পৰায়ণা নাৰী। এইজনা নাৰীৰ গৰ্ভত আৰু মাওলানা খাইৰুদ্দিনৰ ঔৰষত ১৮৮৮ চনৰ ১১ নেভম্বৰত এজন পুত্ৰ সন্তানৰ জন্ম হয়। পিতৃ-মাতৃয়ে পুত্ৰজনৰ নাম ৰাখে ‘ফিৰোজ বখট’ কিন্তু তেওঁক ‘গোলাম মহিউদ্দিন আহম্মদ’ বুলি মতা হৈছিল। পিছলৈ তেওঁ ‘মৌলানা আবুল কালাম আজাদ’ নামেৰে পৰিচিত হৈ এজন পণ্ডিত, সুবক্তা, হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ হোতা, এজন সফল আলোচনী সম্পাদক, ভাৰতৰ  একনিষ্ঠ স্বাধীনতা সংগ্ৰামী, লিখক, মানতাবাদী, উদাৰনৈতিক আধুনিকতাবাদী, সমাজ সংস্কাৰক আৰু স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী হৈছিল। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

মৌলনা আজাদ – ভাৰতলৈ প্রব্রজন  আৰু শিক্ষা জীৱন

মানৱহিতৈষী মৌলানা মহম্মদ খাইৰুদ্দিন এবাৰ মক্কাৰ বিপদগ্ৰস্ত ব্যক্তি এজনক উদ্ধাৰ কৰিবলৈ যাওঁতে হঠাৎ মৰুভূমিৰ খহটা শিলত উজুটি খাই পৰি যায় আৰু থুতুৰিৰ হাড় ভাঙে। তেওঁ চিকিৎসা লয় যদিও সম্পূৰ্ণ ভাল নোপোৱাত চুবুৰীয়া এজনৰ পৰামৰ্শমতে সুচিকিৎসা গ্ৰহণৰ বাবে স্ত্ৰী আলিয়া আৰু শিশু পুত্ৰ গোলাম মহিউদ্দিন আহম্মদ (আবুল কালাম) ক লগত লৈ ১৮৯৫ চনত ভাৰতলৈ আগমন কৰে। প্ৰথমতে পৰিয়ালটি পশ্চিম বঙ্গৰ কলিকতাত থাকিবলৈ লয়। তাত পশ্চিমীয়া চিকিৎসক এজনৰ দ্বাৰা চিকিৎসা গ্ৰহণ কৰে যদিও সম্পূৰ্ণ আৰোগ্য নহ’ল। পিছত তেওঁ মক্কালৈ প্ৰত্যাৱৰ্তন কৰিবলৈ লোৱাত স্থানীয় বহু লোকে তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্ব, মানৱতাবাদ, পৰোপকাৰী স্বভাৱ, অমায়িক ব্যৱহাৰ আৰু পাণ্ডিত্যত মোহিত হৈ  তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰা বহু লোকে তেওঁক ভাৰত এৰি নাযাবলৈ অনুৰোধ কৰাত তেওঁ ভাৰততে থাকি যায়। ভাৰতলৈ অহাৰ এবছৰ পিছত মহিউদ্দিনৰ মাক আলিয়া বেগম পৰলোক গমন কৰে আৰু কলিকতাতে কবৰস্থ হয়।

মহিউদ্দিনৰ দেউতাক মৌলানা খাইৰুদ্দিন আছিল এজন নৈষ্ঠিক মুছলিম আৰু তেওঁ ইছলামীয় ৰীতি-নীতি কঠোৰভাবে মানি চলিছিল। তেওঁ আধুনিক পশ্চিমীয়া শিক্ষাক ভাল পোৱা নাছিল আৰু এই শিক্ষাই প্ৰকৃত মানুহ গঢ়িব নোৱাৰে বুলি ভাৱি শিশু পুত্ৰ মহিউদ্দিনক স্কুলীয়া শিক্ষা দিয়াৰ পৰা বঞ্চিত কৰি পিতৃ খাইৰুদ্দিনে নিজেই শিশু পুত্ৰক ঘৰতে পঢ়াবলৈ লৈছিল আৰু পিছলৈ প্ৰতিটো বিষয়ৰ বাবে বেলেগ বেলেগ ঘৰুৱা শিক্ষকৰ বন্দোৱস্ত কৰি দিছিল। পিতৃয়ে পুত্ৰ মহিউদ্দিনক সেই সময়ৰ শ্রেষ্ঠ আৰু নামজ্জ্বলা শিক্ষকৰ দ্বাৰা শিক্ষা লাভ কৰাটো বিচাৰিছিল। অৱশ্যে সেই সময়ত কলিকতাত মাদ্ৰাছা আছিল যদিও সেই মাদ্ৰাছাসমূহৰ প্ৰতি খাইৰুদ্দিনৰ উচ্চ ধাৰণা নাছিল। সেই সময়ৰ মাদ্ৰাছাসমূহত আৰবী আৰু পাৰ্চী শিকোৱা হৈছিল। যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে এই দুই ভাষাত বুৎপত্তি  লাভ কৰিছিল তেতিয়া সিহঁতক আৰবী মাধ্যমত ইছলামীয় দৰ্শন, জ্যামিতি, গণিত আৰু এলজেব্রা  শিকোৱা হৈছিল।

ইয়াতে উল্লেখ্য যে মাত্ৰ তেৰ বছৰ বয়সতে পিতৃ খাইৰুদ্দিনে পশ্চিম বঙ্গৰ মৌলানা আলতাফ উদ্দিন নামৰ পণ্ডিত ব্যক্তি এজনৰ জুলেইখা নামৰ এজনী সুন্দৰী কন্যাৰ লগত মহিউদ্দিনৰ বিয়া পাতি দিয়ে। জুলেইখা বেগম ইছলামীয় শিক্ষাৰে শিক্ষিতা আছিল আৰু উর্দু  আৰু পাৰ্চী ভাষাত পাৰদৰ্শী আছিল। তাই স্বভাৱত সৰল আৰু অতি স্বামী ভক্তিপৰায়ণা আছিল আৰু স্বামী মহিউদ্দিনক জ্ঞান অন্বেষণ , লিখা-মেলা কৰা আদি কাৰ্যত উৎসাহ যোগাইছিল।

সেই সময়ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰম্পৰাগত শিক্ষা পদ্ধতি অনুসৰণ কৰিছিল সেইসকলে বিশ বছৰ বয়সৰ পৰা পঁচিশ বছৰ বয়সৰ ভিতৰত স্কুলীয়া শিক্ষা সাং কৰিব পাৰিছিল। তেতিয়াৰ নিয়ম অনুসৰি এই সময়খিনিৰ ভিতৰতে ওজা ছাত্ৰই তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পঢ়োৱাব লগা হৈছিল। কিন্তু মহিউদ্দিনে পোন্ধৰ বছৰ বয়সতেই অন্যান্য ছাত্ৰই পঁচিশ বছৰ বয়সলৈ  শিকিবগীয়া সকলো বিষয়েই পঢ়ি  আয়ত্ব  কৰিছিল। পিছলৈ তেওঁ নিজে নিজে ইংৰাজী, বিশ্ব ইতিহাস আৰু ৰাজনীতি শাস্ত্ৰ আয়ত্ব কৰিছিল। তেতিয়া দেউতা খাইৰুদ্দিনে পুত্ৰৰ বিদ্যা শিক্ষাৰ দক্ষতাৰ প্ৰমাণ চাবলৈ  ঘৰতে পোন্ধৰজনমান ছাত্ৰ যোগাৰ কৰি দিছিল আৰু মহিউদ্দিনে সেইসকল ছাত্ৰক উচ্চতৰ দৰ্শন, গণিত আৰু তৰ্ক শাস্ত্ৰ শিকাইছিল।

ইতিমধ্যে তেওঁ কেইজনমান বিখ্যাত দাৰ্শনিক, পণ্ডিত ব্যক্তিৰ সংস্পৰ্শলৈ আহে। সেইসকলৰ ভিতৰত এজন আছিল উত্তৰ প্ৰদেশৰ মৌলানা শিৱলি নোমানি। তেওঁ আছিল একেধাৰে আৰবী, পাৰ্চী, উর্দু, হিন্দী আৰু তুৰ্কী ভাষাৰ পণ্ডিত আৰু ইছলামীয় দাৰ্শনিক। ইয়াৰ পিছত তেওঁ হাৰিয়ানাৰ আলতাফ হুছেইন হালিৰ সংস্পৰ্শলৈ আহে । তেওঁ আছিল একেধাৰে কবি, গদ্য লেখক, সমালোচক, সমাজ সংস্কাৰক, আৰু শিক্ষক। এই দুজন ব্যক্তিৰ উপৰিও সেই সময়ৰ প্ৰখ্যাত ইছলামীয় দাৰ্শনিক পণ্ডিত চাৰ চৈয়দ আহম্মদ খানৰ প্ৰভাৱ তেওঁৰ ওপৰত স্পষ্ট।  বিশেষকৈ চাৰ  চৈয়দ আহম্মেদ খানৰ লিখনি পঢ়ি  তেওঁ পোন প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিব পাৰিলে যে আধুনিক বিজ্ঞান, দৰ্শন আৰু সাহিত্য অধ্যয়ন নকৰিলে কোনেও সম্পূৰ্ণ অৰ্থত শিক্ষিত হ’ব নোৱাৰে। ঠিক তেতিয়াৰ পৰাই তেওঁ ইংৰাজী শিক্ষাত মনোনিৱেশ কৰে। তেওঁ প্ৰাচ্য শিক্ষা অধ্যয়ন কেন্দ্ৰৰ প্ৰধান পৰীক্ষক মৌলানা মোহাম্মদ ইউচুফ জাৰি নামৰ ব্যক্তিৰ সান্নিধ্যলৈ যায় যিজন ব্যক্তিয়ে তেওঁক পেৰী চৰণ সৰকাৰে প্ৰণয়ন কৰা ইংৰাজী শিক্ষাৰ ‘ফাষ্ট বুক’ পঢ়িবলৈ দিয়ে। ইংৰাজী ভাষাৰ সাধাৰণ জ্ঞান আয়ত্ব কৰিয়েই তেওঁ ইংৰাজী বাইেবলখন পঢ়িবলৈ আৰম্ভ কৰে। তেওঁ ইংৰাজী বাইবেলখনৰ ওচৰা-ওচৰি পাৰ্চী আৰু উর্দু বাইবেলও অধ্যয়ন কৰিবলৈ লয়। লগতে এখন অভিধানৰ সহায় লৈ তেওঁ ইংৰাজী বাতৰি কাকতো পঢ়িবলৈ আৰম্ভ কৰে। ইংৰাজী ভাষা আয়ত্ব কৰাৰ লগে লগেই তেওঁ ইতিহাস আৰু দৰ্শন শাস্ত্ৰ চৰ্চা কৰিবলৈ লয়। ০০০ 

মৌলানা আবুল কালাম আজাদ

 

মানসিক অন্তৰ্দ্বন্দ্ব

মহিউদ্দিনে ইংৰাজী, আধুনিক সাহিত্য আৰু দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰিবলৈ লোৱাৰ লগে লগেই  তেওঁৰ মানসিক অন্তৰ্দ্বন্দ্ব আৰম্ভ হয়। তেওঁ এনেকুৱা এখন পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল যিখন পৰিয়াল আছিল ধৰ্মীয় পৰম্পৰাৰ দিশৰ পৰা অতি গোড়া। পৰিয়ালটিয়ে কোনো ধৰণৰ আধুনিকতা সমৰ্থন কৰিব পৰা নাছিল। পশ্চিমীয়া সভ্যতাৰ ৰেহ-ৰূপ অসামাজিক, অধাৰ্মিক আৰু অমানৱীয় বুলি ধাৰণা কৰিছিল। পৰিয়ালটোৱে সকলো পৰম্পৰাগত ৰীতি-নীতিকেই কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা নকৰাকৈয়ে গ্ৰহণ কৰিছিল। ধৰ্মীয় পৰম্পৰাৰ পৰা সামান্যতম স্খলনো পৰিয়ালটোৱে সহ্য নকৰিছিল। শিশু মহিউদ্দিনে পৰিয়াল আৰু সমাজত পৰম্পৰাগতভাৱে  চলি অহা ৰীতি-নীতি আৰু বিশ্বাস মানি ল’ব পৰা নাছিল আৰু তেওঁ মনৰ ভিতৰতে এইবোৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। পৰিয়ালৰ পৰা পোৱা পৰম্পৰাগত ধাৰণা আৰু পৰম্পৰাগত শিক্ষাই তেওঁক আত্মতুষ্টি দিব পৰা নাছিল। তেওঁ নিজে নিজে প্ৰকৃত সত্যৰ সন্ধানত ৰত হৈছিল আৰু সহজাতভাবেই পৰিয়ালৰ সংকীৰ্ণ কক্ষপথৰ পৰা ফালৰি কাটি নিজৰ পথ নিজে বিচাৰি উলিয়াবলৈ দৃঢ়প্ৰতিজ্ঞ হৈছিল।

প্ৰথমতে, যিটো বিষয়ে তেওঁক মানসিক যন্ত্ৰণা দিছিল সি আছিল মুছলমান সমাজত চলি থকা বৰ্ণ বৈষম্য। তেওঁ বুজি পোৱা নাছিল কিয়  মুছলমানসকলৰ এটা দলে আনটো দলৰ বিৰোধিতা কৰে যিহেতু সকলো মুছলমানেই এটা মূল শাস্ত্ৰকেই অনুসৰণ কৰে। তেওঁ কোনো পধ্যেই বুজিব পৰা নাছিল যে কিয় মুছলমানৰ এটা মজহাবে (পন্থাই) আন এটা মজহাবক অধাৰ্মিক আৰু ভুল পথত পৰিচালিত হৈ আছে বুলি পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰি থাকে। মুছলমানসকলৰ গোড়া  বা নৈষ্ঠিকতাই তেওঁৰ মনত ধৰ্ম সম্পৰ্কে  সন্দিহান কৰি তোলে। তেওঁ মনতে প্ৰশ্ন কৰিছিল- যদি ধৰ্মই এক সাৰ্বজনীন সত্যকেই  ব্যক্ত কৰে তেন্তে সমাজত কিয় এনে বৈষম্য আৰু সংঘাত সৃষ্টি হৈছে আৰু কিয়বা ইমানবোৰ ধৰ্মীয় পন্থা আৰু বিভাজনৰ সৃষ্টি কৰা হৈছে। কিয় এটা ধৰ্মই আন এটি ধৰ্মৰ ওপৰত প্ৰধ্যান্যতা দাবী কৰে আৰু আনটোক মিছা বা ভুল বুলি দোষাৰোপ কৰে? 

দুই -তিনি বছৰ তেওঁৰ মনত এই সংঘাত পূৰ্ণোদ্যমে চলি আছিল আৰু তেওঁ এইবোৰ অন্তৰ্দ্বন্দ্বৰ এক সু-মীমাংসা পাবলৈ হাবিয়াস কৰিছিল। তেওঁৰ সংঘাত এটা স্তৰৰ পৰা আন এটা স্তৰলৈ গতি কৰিছিল আৰু অৱশেষত তেওঁৰ ওপৰত জাপি দিয়া পৰম্পৰাগত বিশ্বাসৰ গাঁথনি সম্পূৰ্ণভাৱেই ভাগি পৰিছিল। পৰিণামস্বৰূপে তেওঁ নিজৰ ভিতৰৰ পৰাই এক সমিধান উলিয়ালে আৰু সিদ্বান্ত ললে যে তেওঁ পৰিয়ালৰ পৰা পোৱা পৰম্পৰাগত বিশ্বাসৰ পৰা সম্পূৰ্ণ মুক্ত হৈ ওলাই আহিব আৰু নিজৰ পথ নিজে স্থিৰ কৰি ল’ব। এদিনাখন তেওঁ নিজে ‘আজাদ’ নাম গ্ৰহণ কৰিলে । ‘আজাদ’ শব্দৰ অৰ্থ হৈছে মুক্ত বা স্বাধীন। অৰ্থাৎ তেওঁ যিকোনো পৰম্পৰাগত বিশ্বাসৰ বান্ধোনৰ পৰা সম্পূৰ্ণ মুক্ত। তেতিয়াৰ পৰাই  ‘ফিৰোজ বখট’ বা ‘গোলাম মহিউদ্দিন আহম্মদ’ ‘আবুল কালাম আজাদ’ নামেৰে পৰিচিত হ’বলৈ ধৰে। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

ৰাজনীতিলৈ আগমন

আবুল কালাম আজাদৰ মানসিক সংঘাত চলি থকা সময়খিনিতেই তেওঁ ৰাজনীতিৰ প্ৰতি ঢাল খায় আৰু ৰাজনীতিৰ সংস্পৰ্শলৈ আহে। তেতিয়া ভাৰতৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন। তেওঁৰ সাম্ৰাজ্যবাদী নীতি আৰু শাসন নীতিয়ে ভাৰতৰ ৰাজনীতি অস্থিৰ কৰি তোলে। বংগদেশত ইংৰাজ শাসনৰ প্ৰতি জনসাধাৰণৰ বিদ্বেষভাৱ প্ৰৱলভাৱে দেখা দিয়ে। লৰ্ড কাৰ্জনে এই প্ৰদেশখনৰ প্ৰতি বিশেষ দৃষ্টি দিছিল কাৰণ এই প্ৰদেশখন ৰাজনৈতিক দিশত ভাৰতৰ অন্যান্য প্ৰদেশৰ তুলনাত অতি অগ্ৰগণ্য আছিল আৰু এই প্ৰদেশৰ হিন্দুসকলে ভাৰতৰ ৰাজনীতিত  আৰু ভাৰতীয় ৰাজনৈতিক চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত বিশেষ  ভূমিকা গ্ৰহণ কৰিছিল। লৰ্ড কাৰ্জনে ১৯০৫ চনত বংগদেশ বিভাজন কৰাৰ সিদ্বান্ত লয় কাৰণ তেওঁ ভাবিছিল এই বিভাজনে বংগদেশত থকা হিন্দু আৰু মুছলমানসকলৰ মাজত বিভাজন আনিব আৰু পৰিণামস্বৰূপে  এই প্ৰদেশৰ হিন্দুসকল দুবৰ্বল হৈ পৰিব।

কিন্তু বংগবাসীসকলে এই ঘোষণা মানি লব পৰা নাছিল।  সমগ্ৰ বংগদেশ জুৰিয়েই এই বিভাজন নীতিৰ বিৰুদ্ধে এক পূৰ্বদৃষ্টান্তহীন ৰাজনৈতিক আৰু বৈপ্লবিক জাগৰণ আৰম্ভ হয়। সেই সময়ৰ নেতা অৰবিন্দ ঘোষ বৰোদাৰ পৰা কলিকতালৈ আহে আৰু কলিকতা বৃটিছ বিৰোধী ৰাজনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দুত পৰিণত হয়। সেই সময়তে আবুল কালাম আজাদে বংগদেশৰ শ্যাম সুন্দৰ চক্ৰৱৰ্তীৰ সান্নিধ্যলৈ আহে, যিজন আছিল সেই সময়ৰ বৈপ্লবিক দলৰ এজন সক্ৰিয় কৰ্মী। শ্যাম সুন্দৰ চক্ৰৱৰ্তীৰ জৰিয়তে আজাদে অন্যান্য ৰাজনৈতিক নেতৃবৃন্দৰ লগত পৰিচয় হয় ।  অৰবিন্দ ঘোষৰ লগত তেওঁ কেইবাবাৰো দেখা কৰে আৰু ক্ৰমান্বয়ে তেওঁ বৈপ্লৱিক ৰাজনীতিৰ লগত জড়িত হৈ পৰিল।

সেই সময়ত বিপ্লৱী ৰাজনৈতিক দলবোৰত অকল মধ্যম শ্ৰেণীৰ হিন্দুসকলক অন্তর্ভুক্ত  কৰা হৈছিল আৰু দেখ-দেখকৈ সকলো ৰাজনৈতিক কৰ্মী সক্ৰিয়ভাৱে মুছলমান বিৰোধী আছিল।  সিহঁতে লক্ষ্য কৰিছিল যে বৃটিচসকলে মুছলমানসকলক ৰাজনৈতিক হিন্দু বিপ্লৱীসকলৰ বিৰুদ্ধে লগাইছে আৰু মুছলমানসকলে ইংৰাজৰসকলৰ পক্ষত কাম কৰিছে। পূৰ্ববংগ এক পৃথক প্ৰদেশ হয় আৰু সেই সময়ৰ  বংগৰ উপৰাজ্যপাল ‘বামফিল্ড ফুলাৰে’ মুছলমান সম্প্ৰদায়ক ইংৰাজৰ ‘প্ৰিয় ঘৈনীয়েক’ বুলি মুকলিভাৱেই কোৱা আৰম্ভ কৰিছিল। ফলস্বৰূেপ হিন্দুসকলে মুছলমান সম্প্ৰদায়ক ভাৰতে স্বাধীনতা অৰ্জনৰ পথত অন্তৰায় বুলি অনুভৱ কৰিছিল।  

বিপ্লৱীসকলে মুছলমানসকলক বেয়াপোৱাৰ আন এক কাৰণ আছিল বঙালী হিন্দুসকলৰ মাজৰ ৰাজনৈতিক জাগৰণ ইমানেই বেছি আছিল যে বঙালীসকলক ইংৰাজসকলে সম্পূৰ্ণ বিশ্বাসত ল’ব পৰা নাছিল। সেয়েহে সিহঁতে পুলিচ বিভাগৰ ‘ইনটেলিজেঞ্চ বৰো’ত  বংগৰ কিছুমান মুছলমানক নিয়োগ কৰিছিল। ফলস্বৰূেপ বঙালী হিন্দুসকলে মুছলমানসকলক বেয়া পোৱা আৰম্ভ কৰিছিল।

যেতিয়া শ্যাম সুন্দৰ চক্ৰৱর্তীয়ে আজাদক বঙালী হিন্দু বিপ্লৱী কেইজনমানৰ লগত পৰিচয় কৰাই দিছিল, তেতিয়া আজাদে বিপ্লৱীদলত যোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰাত সিহঁত আচৰিত হৈছিল। প্ৰথমতে সিহঁতে আজাদক বিশ্বাসত ল’ব পৰা নাছিল। কিন্তু সময়ত সিহঁতে সিহঁতৰ ভুল বুজিব পাৰি আজাদক বিশ্বাস কৰিবলৈ লয়। তেতিয়া আজাদে যুক্তিৰে বুজাইছিল যে হিন্দুসকলে মুছলমানসকলক সিহঁতৰ শত্ৰু হিচাপে গণ্য কৰি ডাঙৰ ভুল কৰিছে। সিহঁতে মাত্ৰ কেইজনমান মুছলমান অফিচাৰৰ কাৰ্য-কলাপৰ পৰা ভুল সিদ্ধান্ত উপনীত হৈ ভুল কৰিছে। তেওঁ কৈছিল যে তুৰস্ক, ইৰান, চিৰিয়া আদি দেশত মুছলমানসকলে স্বাধীনতা আৰু গণতন্ত্ৰৰ হকে সংগ্ৰাম কৰি আছে। তেওঁ আৰু কৈছিল যে যদিহে হিন্দুসকলে মুছলমানসকলক বন্ধু হিচাপে গ্ৰহণ কৰি বিশ্বাসত লব পাৰে তেতিয়া সিহঁতেও স্বাধীনতা সংগ্ৰামত অংশ গ্ৰহণ কৰিবলৈ আগবাঢ়ি  আহিব।  

অৱশ্যে আজাদে পোনতে হিন্দু বিপ্লৱীসকলক এই সহযোগৰ কথা প্ৰত্যয় নিয়াব পৰা নাছিল। কিন্তু সময়ত সিহঁতৰ কিছুমানে আজাদৰ কথা বুজিব পাৰিছিল। ইতিমধ্যে আজাদে মুছলমানসকলৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছিল আৰু দেখা পাইছিল যে মুছলমানসকলৰ কিছুসংখ্যক লোক ৰাজনৈতিক বিপ্লৱী দলত যোগদান কৰিবলৈ সাজু আছে।

যেতিয়া আবুল কালাম আজাদে ৰাজনৈতিক বিপ্লৱী দলত যোগদান কৰিছিল তেতিয়া তেওঁ প্ৰত্যক্ষ কৰিছিল যে  বিপ্লৱী কাৰ্যকলাপ মাত্ৰ বংগ আৰু বিহাৰতে সীমাবদ্ধ। সেই সময়ত বিহাৰ বংগ দেশৰে এক অংগ আছিল।  তেওঁ বিপ্লৱী বন্ধুসকলক বুজাইছিল যে ৰাজনৈতিক কাৰ্য-কলাপ ভাৰতৰ আন আন প্ৰদেশসমূহলৈয়ো বিস্তাৰ কৰিব লাগিব।  প্ৰথমতে সিহঁতে আজাদৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি যুক্তি দেখুৱাইছিল যে  সিহঁতৰ বিপ্লৱী কাৰ্য-কলাপ গোপনীয় বিষয় আৰু এই গোপনীয়তা সিহঁতে বেকত হোৱাৰ কামনা নকৰে। অৱশেষত সিহঁতে আজাদৰ যুক্তি মানি লৈছিল আৰু পৰৱৰ্তী দুই বছৰৰ ভিতৰত বিপ্লৱী বাতাবৰণ গোটেই দেশতে বিয়পি পৰিছিল।

এনেদৰে আবুল কামাল আজাদে হিন্দু-মুছলমানৰ মাজত ঐক্য সাধনকৰণ আৰু ভাৰতৰ স্বাধীনতা বিপ্লৱ গোটেই ভাৰতবৰ্ষ জুৰি মুকলি ভাৱে বিস্তাৰ কৰাত এক বিশেষ কৌশলী ভূমিকা লৈছিল। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

বিদেশ ভ্ৰমণ

১৯০৮ চনত আজাদে বিদেশ ভ্ৰমণত ওলায় আৰু  ইৰাণ, ইৰাক, চিৰিয়া, ইজিপ্ত, আৰু তুৰস্ক ভ্ৰমণ কৰে। তেওঁ আনকি ফ্রাঞ্চলৈয়ো গৈছিল। তেওঁ ফ্রাঞ্চত থকা সময়ছোৱাত ফৰাচী ভাষা শিকিবলৈয়ো চেষ্টা কৰিছিল। কিন্তু তেওঁ এই প্ৰচেষ্টাত সফল হ’ব নোৱাৰিলে। মধ্য প্ৰাচ্য ভ্ৰমণৰ সময়ত তেওঁ বহুত দিন ইজিপ্তত আছিল আৰু ইজিপ্তৰ ৰাজনৈতিক আৰু শৈক্ষিক দিশো অধ্যয়ন কৰিছিল আৰু দেখিবলৈ পাইছিল যে ভাৰতৰ দৰে ইজিপ্তৰ শিক্ষা ব্যৱস্থাটোও আছিল আসোৱাহপূৰ্ণ। তেওঁ লক্ষ্য কৰিছিল যে কাইৰোৰ আল-আজহাৰ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ মনৰ জোখাৰে শিক্ষিত কৰিব পৰা নাই। আনকি ইছমালীয় বিজ্ঞান আৰু দৰ্শনো সঠিকভাৱে শিকাব পৰা নাই। তেওঁ আৰু লক্ষ্য কৰিছিল যে সেই সময়ৰ বিখ্যাত পণ্ডিত শেইখ মহম্মদ আব্দুল্লাই আল-আজহাৰ বিশ্ববিদ্যালয়ৰ শিক্ষা নীতিৰ সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও ৰক্ষণশীল মুছলিম লোক কিছুমানৰ বাবে তেওঁ সফল হ’ব পৰা নাই। যেতিয়া আব্দুল্লা চাহাবে শিক্ষা সংস্কাৰৰ কোনো সহাঁৰি পোৱাৰ আশা দেখা নাপালে তেতিয়া তেওঁ কাইৰোত ‘দাৰুল-উলুম’ নামে এখন কলেজ স্থাপন কৰিলে। কাইৰোৰ পৰা আজাদ তুৰস্ক আৰু ফ্রাঞ্চলৈ যায় আৰু তাৰ পৰা ইংলণ্ডলৈ যোৱাৰ ইচ্ছা কৰিছিল যদিও তেওঁ দেউতাক খাইৰুদ্দিনৰ অসুখৰ বাতৰি পাই তাৰ পৰা স্বদেশলৈ ঘূৰি আহে। 

আজাদে এই ভ্ৰমণত বিদেশৰ সভ্যতা-সংস্কৃতিৰ বিষয়ে বহুতো অভিজ্ঞতা লাভ কৰে আৰু বিপ্লৱী আদৰ্শও শক্তিশালী কৰে।  তেওঁ ইৰাণ ভ্ৰমণ কালত ইৰাণৰ বহুতো বিপ্লৱীসকলৰ লগত মত বিনিময় কৰে।  তুৰস্কত মুস্তাফা কামাল পাছাৰ বহুতো অনুগামীকো লগ ধৰিছিল। তেওঁ আনকি কাইৰোৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ কৰা কেইজনমান ডেকা তুৰ্কী লোককো লগ ধৰিছিল। তুৰস্কত থকা কালীন তেওঁ ডেকা তুৰ্কী আন্দোলনৰ কৰ্মী কিছুমানকো সাক্ষাত কৰিছিল। পিছত সিহঁতৰ লগত ভাৰতবৰ্ষলৈ ওভতি অহাৰ পিছতো যোগাযোগ ৰাখিছিল। আৰব আৰু তুৰস্কৰ বিপ্লৱীসকলৰ সন্নিধ্যই ডেকা আজাদৰ ৰাজনৈতিক আদৰ্শ আৰু বিশ্বাস দৃঢ় কৰিছিল। বিদেশ ভ্ৰমণৰ পৰা  ভাৰতলৈ ওভতি আহি তেওঁ জোৰদাৰভাৱে বিপ্লৱত জপিয়াই পৰে।  ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

আলোচনী সম্পাদক আৰু লিখক হিচাপে আজাদ

পাণ্ডিত্য আছিল আবুল কালাম আজাদৰ এক সহজাত প্রবৃত্তি। কেইবাটাও ভাষাত তেওঁৰ সাৱলীল দক্ষতা আছিল আৰু ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ বিভিন্ন কাকত আৰু আলোচনীত লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁ বিদেশ ভ্ৰমণ কৰি ভাৰতবৰ্ষলৈ ওভতি আহি কিছুদিন নিজৰ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে চিন্তা-ভাৱনা কৰি তেওঁ এক সিদ্ধান্তত উপনীত হয় যে তেওঁ ভাৰতৰ স্বাধীনতাৰ হকে নিজৰ বাকী জীৱন নিয়োজিত কৰিব আৰু স্বাধীনতা সংগ্ৰাম সফল কৰিবলৈ জনসাধাৰণক  সচেতন কৰাৰ লগতে সিহঁতৰ সহযোগিতা আদায় কৰিব। তেওঁ ভাবি উলিয়ালে যে জনমত গঠন কৰাৰ এক উত্তম মাধ্যম হৈছে কাকত বা আলোচনী। অৱশ্যে সেই সময়ত পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ পৰা কেইবাটাও দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া আলোচনী আৰু কাকত প্ৰকাশ পাইছিল যদিও তেওঁ লক্ষ্য কৰিলে যে সেইবোৰ কাকত আলোচনীৰ মানদণ্ড উচ্চ নাছিল। সেইবোৰ আলোচনীৰ সাজ-সজ্জ্বা, লিখনি পৰিবেশন পদ্ধতি আনকি বিষয়-বস্তু নিৰ্বাচনো নিম্ন মানৰ আছিল।  সেইবোৰ আলোচনীত খুব কমেই ছবি বা চিত্ৰ পৰিবেশন কৰিব পাৰিছিল। সেই কাকত-আলোচনীবোৰ লিথোগ্ৰাফিক পদ্ধতিত ছপা কৰা হৈছিল। প্ৰচলনত থকা বাতৰি কাকত বা আলোচনীবোৰৰ এইবোৰ দুবৰ্বলতা থকা বাবে তেওঁ নিজাববীয়াকৈ এখন উন্নত মানদণ্ডৰ আলোচনী উলিয়াবলৈ সিদ্ধান্ত ললে আৰু সেইমৰ্মে ১৯১২ চনত ‘আল-হিলাল’ নামেৰে এখন প্ৰেছ আৰু একে নামেৰে এক আলোচনী উলিয়ালে। 

ভাৰতবৰ্ষত উর্দু আলোচনীৰ ইতিহাসত ‘আল-হিলাল’ আলোচনীখনে এক বিপ্লৱৰ সূচনা কৰিলে।  কেইমাহমানৰ ভিতৰতে আলোচনীখনে অভূতপূবৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিলে।  জনসাধাৰণ এই ‘আল-হিলাল’ আলোচনীখনৰ সাজ-সজ্জ্বা, কাগজৰ মানদণ্ড আৰু ইয়াত প্ৰকাশ পোৱা প্ৰৱল জাতীয়তাবাদ ভাৱ-ধাৰাৰ দ্বাৰা অতিকৈ আৰ্কষিত হয় আৰু সোনকালেই  ই এক জনপ্ৰিয় আলোচনীৰ মৰ্যাদা লাভ কৰিবলৈ সমৰ্থ হয়।  কাকতখনে জনসাধাৰণৰ মাজত এক বৈপ্লৱিক জীতায়তাবাদী ভাৱধাৰাৰ জন্ম দিলে। ‘আল হিলাল’ আলোচনীৰ চাহিদা ইমানেই বৃদ্ধি পোৱা আৰম্ভ কৰে যে মাত্ৰ তিনি মাহৰ ভিতৰতে পূবৰ্ব সংস্কৰণবোৰ পুনৰ প্ৰকাশ কৰিবলগা হৈছিল। 

সেই সময়ত মুছলমানসকলৰ ৰাজনৈতিক নেতৃত্ব আলিগড় দলৰ হাততে আছিল।  ইয়াৰ সদস্যসকল চাৰ চৈয়দ আহম্মেদ চাহাবৰ নীতিৰ ৰক্ষাকবচ হিচাপে পৰিগণিত হৈছিল।  সিহঁতৰ মূল নীতিটো আছিল যে মুছলমানসকলে বৃটিছৰাজৰ আনুগত হৈ থাকিব আৰু ই ভাৰতৰ স্বাধীনতা আলোন্দলনৰ পৰা আঁতৰত থাকিব। যেতিয়া ‘আল হিলাল’ আলোচনীখনে এক ভিন্ন মত পোষণ কৰিলে আৰু বৃটিছ বিৰোধী প্ৰৱল জাতীয়তাবাদী ভাৱধাৰা প্ৰচাৰ কৰা আৰম্ভ কৰিলে তেতিয়া সিহঁতে ‘আল হিলাল’ কাকতৰ বিৰুদ্ধে থিয় দিলে আৰু ইয়াৰ সম্পাদক গৰাকীৰো জীৱন নাশৰ ভাবুকি আহিবলৈ ধৰিলে। কিন্তু কাকতখনৰ বিৰুদ্ধে যিমানেই ভাবুকি আহিবলৈ ধৰিলে, সিমানেই কাকতখনৰ জনপ্ৰিয়তা বাঢ়ি  থাকিল। ছয় মাহতে ইয়াৰ বিক্ৰি সপ্তাহত ২৬০০০ হ’লগৈ আৰু এই সংখ্যাটো আছিল সেই সময়ত এখন উর্দু  কাকতৰ বাবে এক বিষ্ময়।

‘আল হিলাল’ কাকতক লৈ চৰকাৰেও উদ্ধিগ্ন হৈ উঠিল। চৰকাৰে এই কাকতখন বন্ধ কৰিবলৈ চেলু বিচাৰি থাকিল আৰু ‘প্ৰেছ আইন’ৰ অধীনত চৰকাৰে নিৰাপত্তা নিধিৰ নামত ‘আল হিলাল’ কাকত কৰ্তপক্ষক ২০০০ টকা চৰকাৰৰ ঘৰত জমা দিবলৈ আদেশ জাৰি কৰিলে।  সম্পাদক আবুল কালাম আজাদে উক্ত পৰিমাণৰ টকা আদায় দিলে যদিও সোনকালেই কিবা অজুহাত দেখুৱাই টকাখিনি বাজেয়াপ্ত কৰিলে আৰু অতিৰিক্ত ১০,০০০ টকা দাবী কৰিলে। সেইখিনি টকাও আদায় দিয়া হ’ল যদিও কিছুদিন পিছত উক্ত টকাখিনিও বাজেয়াপ্ত কৰিলে। ইতিমধ্যে বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু চৰকাৰে ১৯১৫ চনত ‘আল হিলাল’ প্ৰেছ বন্ধ কৰি দিলে।

ইয়াৰ পাঁচ মাহমান পিছত আবুল কালাম আজাদে ‘আল বালাগ’ নামেৰে  আন এটি নতুন প্ৰেছ স্থাপন কৰিলে আৰু একে নামেৰে আন এখন আলোচনী উলিয়ালে। এই আলোচনীখনৰো জনপ্ৰিয়তা লাহে লাহে বাঢ়ি গৈ থাকিল। তেতিয়া চৰকাৰে ভাবিলে যে মাত্ৰ প্ৰেছ আইনৰ দ্বাৰা আজাদক সৈমান কৰা নাযাব। গতিকে ইংৰাজ চৰকাৰে ‘ডিফেঞ্চ অফ ইণ্ডিয়া ৰেগুলেচন এক্ট’ৰ অধীনত আজাদক কলিকতাৰ পৰা বহিষ্কাৰ কৰিলে। ইতিমধ্যে পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, আৰু বম্বেৰ চৰকাৰে আজাদক সেই প্রদেশবোৰত সোমাবলৈ নিষেধাজ্ঞা জাৰি কৰিছিল। অৱশ্যে বিহাৰত সোমাবলৈ তেওঁৰ কোনো বাধা  নাছিল। অৱশেষত চৰকাৰে তেওঁক ৰাঞ্চীত ১৯১৯ চনৰ ৩১ ডিচেম্বৰলৈকে আটক কৰি ৰাখে। 

‘আল হিলাল’ আৰু ‘আল বালাগ’ কাকত দুখনৰ উপৰিও তেওঁ কেইবাখনো কাকত-আলোচনী সম্পাদনা কৰিছিল যেনে- নাইৰাং-ই-খায়াল, আল মিচবাহ, খাদাং-ই-নাজাৰ, লিছানুচ ছিদকো, আল নাজৱা, আহচানুল আকবৰ, দাৰুছ চালতানাত, পয়গাম, ৱাকিল আদি।

কাকত-আলোচনী সম্পাদনা কৰাৰ উপৰিও তেওঁ কেইবাখনো মূল্যবান গ্ৰন্থও ৰচনা কৰিছিল। তাৰ ভিতৰত ‘তাৰজুমান-আল কোৰান’ আৰু ‘ইণ্ডিয়া উইনচ ফ্রিডম’ উল্লেখযোগ্য। ‘তাৰজুমান -আল কোৰান’খন হৈছে ব্যাখ্যা সম্বলিত কোৰানৰ এক সৰল অনুবাদ আৰু ‘ইণ্ডিয়া উইনচ ফ্রিডম’ গ্ৰন্থখন হৈছে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ। কিতাপখন তেওঁৰ বাল্যজীৱনৰ লগতে ৰাজনৈতিক জীৱনৰ এক সজীৱ ৰোমন্থন। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

মহাত্মা গান্ধীৰ সংস্পৰ্শত আজাদ

আবুল কালাম আজাদ যেতিয়া ৰাঞ্চীত আটক হৈ আছিল তেতিয়া মহাত্মা গান্ধী চম্পাৰণত আছিল। তেওঁ আজাদক লগ ধৰিবলৈ ইচ্ছা কৰিছিল যদিও বিহাৰ চৰকাৰে অনুমতি দিয়া নাছিল। ১৯২০ চনৰ ১ জানুৱীৰীত আজাদ বন্ধীশালৰ পৰা মুক্তি পোৱাৰ পিছত দিল্লীত মহাত্মা গান্ধীৰ লগত প্ৰথম দেখা হয়। খিলাফট আৰু তুৰস্কৰ ভৱিষ্যত সম্পৰ্কে ভাৰতীয় মুছলমানসকলৰ অনুভৱৰ বিষয়ে জনাবলৈ ভাৰতৰ ভাইচৰয়জনৰ ওচৰলৈ এজন প্ৰতিনিধি পঠাবলৈ প্ৰস্তাৱ লোৱা হৈছিল। গান্ধীজীয়ে সেই আলোচনাত অংশ গ্ৰহণ কৰিছিল আৰু তেওঁ সেই প্ৰস্তাৱত সম্পূৰ্ণ সহানুভূতি আৰু আগ্ৰহ দেখুৱাইছল। এই প্ৰসঙ্গত গান্ধীজীয়ে মুচলমানসকলৰ লগত কাম কৰিবলৈ সাজু আছে বুলি ঘোষণা কৰিছিল। ১৯২০ চনত ২০ জানুৱাৰীত দিল্লীত এখন সভা পতা হৈছিল। সেই সভাত গান্ধীজীৰ উপৰিও লোকমান্য বালগঙ্গাধৰ তিলক আৰু অন্যান্য কংগ্ৰেছ নেতা কিছুমান উপস্থিত আছিল আৰু সিহঁতে খিলাফতৰ প্ৰশ্নত ভাৰতীয় মুছলমানসকলক সমৰ্থন কৰিছিল।

প্ৰতিনিধি দলটোৱে ভাইচৰয়জনক লগ ধৰিছিল। আজাদে স্মাৰকপত্ৰত চহী কৰিছিল যদিও তেওঁ প্ৰতিনিধি দলটোৰ লগত যোৱা নাছিল। ভাইচৰয়জনে জনাইছিল যে এই ক্ষেত্ৰত তেওঁ নিজে একো কৰিব নোৱাৰে যদিও প্ৰতিনিধি দলটো যদি মুছলমানসকলৰ অভিপ্ৰায়টো বৃটিচ চৰকাৰক জনাব বিচাৰে তেন্তে তেওঁ প্ৰয়োজনীয়  ব্যৱস্থা কৰি দিব।

ঘটনাটোৱে দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িল। এখন সভা আহ্বান কৰা হয় য’ত মহম্মদ আলি, চউকৎ আলি, হাকিম আজমল খান,  আৰু লক্ষৌৰ মৌলভী আব্দুল বাৰি উপস্থিত আছিল।  গান্ধীজীয়ে সেই সভাত তেওঁৰ অসহযোগ আন্দোলনৰ কাৰ্যসূচী উপস্থাপন কৰিছিল।  তেওঁ কৈছিল যে প্ৰতিনিধি দলটোৱে দাখিল কৰা স্মাৰকপত্ৰটোৰ বিষয়টোত কোনো আশাবাদী সদুত্তৰ নোপোৱাত বেলেগ পন্থা গ্ৰহণ কৰা উচিত। তেওঁ  আৰু কৈছিল যে সিহঁতে চৰকাৰক কৰা সমৰ্থন উঠাই ল’ব আৰু চৰকাৰক সিহঁতৰ আবেদন মানি ল’বলৈ বাধ্য কৰাব।  তেওঁ জনায় যে চৰকাৰে দিয়া সকলো উপাধি ওভতাই দিব, আদালত আৰু সকলো শৈক্ষিক অনুষ্ঠান ত্যাগ কৰিব। ভাৰতীয়সকলে চাকৰীৰ পৰা ইস্তফা দিব আৰু নতুনকৈ গঠন হোৱা বিধান সভাত অংশ প্ৰহণ কৰাৰ পৰা বিৰত থাকিব। 

সভাটোত অসহযোগ আন্দোলনৰ যি কাৰ্যসূচী মহাত্মা গান্ধীয়ে দাঙি ধৰিছিল সেই কাৰ্যসূচীৰ বিষয়ে মৌলানা আবুল কালাম আজাদে বহু আগতেই ‘আল হিলাল’ কাকতত লিখিছিল। বহুতে মহাত্মা গান্ধীৰ এই প্ৰস্তাৱৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। হাকিম আজমল খানে এই কাৰ্যসূচীৰ বিষয়ে ভাবিবলৈ সময় লাগিব বুলি কৈছিল।  মৌলভী আব্দুল বাৰিয়ে কৈছিল যে মহাত্মা গান্ধীয়ে মৌলিক বিষয় এটা উত্থাপন কৰিছে আৰু তেওঁ কোনো স্বৰ্গীয় নিৰ্দ্দেশনা নোপোৱালৈকে কোনো মতামত প্ৰকাশ নকৰিব।  মহম্মদ আলি আৰু চৌকৎ আলিয়ে জনাইছিল যে  মৌলভী আব্দুল বাৰিৰ মতামত জানিব নোৱাৰালৈকে সিহঁতে কোনো মতামত দিয়াৰ পৰা বিৰত থাকিব। 

কিন্তু আবুল কালাম আজাদে অকনো ইতঃস্তত নকৰাকৈয়ে জনাইছিল যে তেওঁ গান্ধীজীৰ অসহযোগ আন্দোলনৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে সমৰ্থন কৰে।  তেওঁ কৈছিল যে যদিহে ভাৰতীয়সকল তুৰস্কত ইছলামী  শাসন বিচাৰে তেন্তে মহাত্মা গান্ধীয়ে আগবঢ়োৱা অসহযোগ আন্দোলনৰ কাৰ্যসূচীৰ কোনো বিকল্প নাই।

উপৰিউক্ত আলোচনাৰ পৰা দেযা যায় যে আবুল কালাম আজাদ অন্যান্য বিপ্লৱী নেতা সকলৰ তুলনাত বেছি স্বতন্ত্ৰ আছিল আৰু তেওঁ নিজৰ মত প্ৰকাশত অতি বিবেচকী আৰু সাহসী  আছিল। মহাত্মা গান্ধীয়েও আজাদৰ সাহসীকতাৰ প্ৰশংসা কৰিছিল।

ইয়াৰ কেইসপ্তাহমানৰ পিছত মীৰাটত খিলাফৎ সন্মিলন আৰম্ভ হৈছিল আৰু মহাত্মা গান্ধীয়ে এই সন্মিলনত অসহযোগ আলোন্দালনৰ কাৰ্যসূচী ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল আৰু  বিপ্লৱীসকলৰ পৰা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমানে পাইছিল।

১৯২০ চনৰ চেপ্তেম্বৰ মাহত লালা লাজপদ ৰায়ৰ সভাপতিত্বত কলিকতাত কংগ্ৰেছৰ এক বিশেষ অধিৱেশন বহিছিল।অধিৱেশনখনত গান্ধীজীয়ে পুনৰ দোহাৰিছিল যে সম্পূৰ্ণ স্বাধীনতা পাবলৈ হ’লে আৰু  খিলাফৎ সমস্যাটোৰ এক সন্তোষজনক সমিধান পাবলৈ আশা কৰিলে  অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাটো অতিকৈ জৰুৰী।  লালা ৰাজপদ ৰায় আৰু চিত্তৰঞ্জন দাসে মহাত্মা গান্ধীৰ এই অসহযোগ আন্দোলন কাৰ্যসূচীটোৰ লগত একমত হ’ব নোৱাৰিলে। কিন্তু বিপিন চন্দ্ৰ পালে মহাত্মা গান্ধীৰ প্ৰস্তাৱটো সজোৰে সমৰ্থন কৰি কৈছিল যে মহাত্মা গান্ধীয়ে আগবঢ়োৱা প্ৰস্তাৱত তেওঁৰ বিশ্বাস আছে। 

অৱশেষত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ প্ৰস্তাৱটো গৃহীত হৈছিল। গান্ধীজীয়ে অসহযোগ আলোন্দলনক সবৰ্বাত্মক ৰূপ দিবলৈ গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। সৰহভাগ সময়ত আবুল কালাম আজাদ মহাত্মা গান্ধীৰ সঙ্গী হৈছিল। মহম্মদ আলি আৰু চৌকৎ আলিয়েও মাজে মাজে মহাত্মা গান্ধী আৰু আজাদৰ ভাৰত ভ্ৰমণ অভিযানৰ সঙ্গী হৈছিল। অৱশ্যে জিন্না চাহাবে  এইখিনি সময়ত কংগ্ৰেছৰ পৰা ফালৰি কাটে।

মহাত্মা গান্ধীৰ এই অসহযোগ আন্দোলনৰ কাৰ্যসূচীত সচকিত হৈ কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰিলে।  বংগদেশত চি. আৰ. দাস প্ৰথমে গ্ৰেপ্তাৰ হয়। মহাত্মা গান্ধী, আজাদ, সুভাষচন্দ্ৰ বসু, বিৰেন্দ্ৰনাথ সাসমালৰ লগতে বহুতো কংগ্ৰেছ নেতাক বন্ধী কৰা হৈছিল। সিহঁতক আলিপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ইউৰোপীয় কক্ষত ৰখা হৈছিল। প্ৰায়বোৰ নেতা একে জেলখানাত থকা বাবে সিহঁতে জেলৰ ভিতৰতে ৰাজনৈতিক আলোচনা অব্যাহত ৰাখিছিল।

বিচাৰত চিত্তৰঞ্জন দাসক ছয় মাহৰ কাৰাদণ্ড বিহা হৈছিল। আজাদক দীৰ্ঘদিন বিচৰাধীন কৰি ৰাখি¸ অৱশেষত এবছৰৰ কাৰাদণ্ড বিহা হয়। চিত্তৰঞ্জন দাসক আগতেই মুকলি কৰি দিয়া বাবে কংগ্ৰেছৰ গয়া সন্মিলনত সভাপতিত্ব কৰে। এই অধিবেশনত কংগ্ৰেছ নেতাসকলৰ মাজত মত বৈষম্য দেখা দিছিল। চি আৰ দাস, মতিলাল নেহৰু, হাকিম আজমল খান আদিয়ে ‘স্বৰাজ দল’ গঠন কৰে। এইদৰে কংগ্ৰেছ দল দুটা ভাগত ভাগ হয। যেতিয়া আবুল কালম আজাদ কাৰাগাৰৰ পৰা মুক্তি পায়, তেতিয়া তেওঁ দুটা দলৰ মাজত সমিল-মিল  স্থাপন কৰিবলৈ চেষ্টা কৰিছিল আৰু ১৯২৩ চনত বহা কংগ্ৰেছৰ বিশেষ অধিবেশনত এক ঐক্যমতত উপনীত হ’ব পাৰিছিল। সেই অধিবেশনত আবুল কালম আজাদক সভাপতি পতা হৈছিল। সেই সময়লৈকে আবুল কালাম আজাদেই আছিল কংগ্ৰেছৰ আটাইতকৈ কনিষ্ঠ কংগ্ৰেছ কৰ্মী যিজনক সভাপতিৰ দৰে সন্মানীয় পদ দিয়া হৈছিল।০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

গান্ধীজীৰ দাণ্ডি যাত্ৰা আৰু আজাদ

১৯২৩ চনৰ পিছত কংগ্ৰেছৰ কাৰ্য-কলাপ প্ৰধানকৈ স্বৰাজ দলৰ হাততে আছিল। এই দলটোৱে প্ৰায় সকলোবোৰ আইন সভাত সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল আৰু সংসদত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিছল।  স্বৰাজ দলৰ বাহিৰত থকা কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছ দলটোৰ গঠনমূলক কাৰ্যসূচীৰ লগত জড়িত হৈ আছিল। ই স্বৰাজ দলৰ দৰে সৰ্বসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল।

১৯২৭ চনৰ নভেম্বৰ মাহত চাইমন কমিছন ভাৰতলৈ আহে। এই চাইমন কমিছনৰ ভাৰত আগমনৰ উদ্দেশ্য আছিল ১৯১৯ চনৰ ‘ভাৰত শাসন আইন’ কিমানদূৰ কাৰ্যকৰী হৈছে  তাক পৰীক্ষা কৰি শাসন সংস্কাৰৰ বাবে বৃটিছ চৰকাৰক পৰামৰ্শ দিয়া।  এই আয়োগত কোনো ভাৰতীয় সদস্য নথকা কাৰণে ভাৰতৰ সকলোবোৰ ৰাজনৈতিক দলে ইয়াক বৰ্জন কৰিবলৈ সিদ্ধান্ত লয়। ১৯২৯ চনত কংগ্ৰেছ দলে পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু  চৰকাৰক এবছৰৰ সময় সীমা বান্ধি দি কংগ্ৰেছে কয় যে যদিয়ে ইংৰাজ চৰকাৰে ভাৰতবাসীৰ দাবী মানি নলয, তেন্তে গোটেই দেশ জুৰি গণ আন্দোলন আৰম্ভ কৰিব । কিন্তু চৰকাৰে কংগ্ৰেছৰ এই দাবীৰ প্ৰতি সঁহাৰি নিদিয়াত ১৯৩০ চনত কংগ্ৰেছে বৃটিছৰ লোণ আইন ভঙ্গ কৰিবলৈ সিদ্ধান্ত ললে।

লাহোৰ কংগ্ৰেছ অধিবেশনত বৃটিছ চৰকাৰৰ বিৰুদ্ধে আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্ব মহাত্মা গান্ধীৰ ওপৰত ন্যস্ত কৰা হয়। ১৯৩০ চনৰ ১২ মাৰ্চৰ দিনা বুৰঞ্জী প্ৰসিদ্ধ দাণ্ডি যাত্ৰাৰে গান্ধীজীয়ে ইয়াৰ শুভাৰম্ভ কৰে। ৭৮ জন অনুগামীৰ সৈতে সৰবমতি আশ্ৰমৰ পৰা ২০০ মাইল দূৰত আৰব সাগৰৰ পাৰত দাণ্ডি নামৰ ঠাইলৈ খোজকাঢ়ি যাওঁতে আন্দোলনকাৰীসকলে আলেন্দালনৰ কাৰ্যসূচী দেশবাসীক জনাই গৈছিল। এই যাত্ৰাত আবুল কালাম আজাদ মহাত্মা গান্ধীৰ এজন অন্যতম সহযোগী আছিল। ২৪ দিনৰ মূৰত দলটোৱে দাণ্ডিত উপস্থিত হৈ গান্ধীজীয়ে নিজ হাতেৰে সাগৰৰ পানী পগাই লোণ তৈয়াৰ কৰি এই ব্যৱসায়ত চৰকাৰৰ একচেতীয়া অধিকাৰ খৰ্ব কৰি লোণ আইন  ভঙ্গ কৰে। 

গান্ধীজীৰ এই কাৰ্যত চৰকাৰ সচকিত হৈ উঠি এক দমনমূলক নীতি গ্ৰহণ কৰি কংগ্ৰেছক এক বেআইনী সংগঠন বুলি ঘোষণা কৰি ইয়াৰ কৰ্মীসকলক গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰিলে। জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ প্ৰমুখ্যে ৯০ হাজাৰ সত্যাগ্ৰহীক গ্ৰেপ্তাৰ কৰা হয়। চৰকাৰী সূত্ৰত এই আলোন্দালনত ১১০ জন লোক নিহত হৈছিল। পুলিচৰ আতিশয্যত হাজাৰ হাজৰ নৰ-নাৰী ঘূণীয়া হৈছিল।

চৰকাৰে গ্ৰেপ্তাৰ কৰা লোকসকলক দেশৰ বিভিন্ন জেলত বন্দী কৰি ৰাখে। আজাদ আৰু অন্যান্য কিছুমান সঙ্গীক মীৰাট কাৰাগাৰত ৰাখিলে। এই জেলত আজাদ এক বছৰ ছয়মাহ বন্ধী হৈ থকাৰ পিছত মুক্তি পায়।

আন্দোলনটো এবছৰৰ অধিক কাল চলিছিল আৰু এবছৰ পিছত লৰ্ড আৰউইনে গান্ধীজী আৰু অন্যান্য কংগ্ৰেছ কৰ্মীক মুকলি কৰি দিয়ে। তেতিয়া কংগ্ৰেছ কৰ্মীসকলে পোনতে এলাহাবাদ আৰু পিছত দিল্লীত মিলিত হৈয়। চৰকাৰ আৰু কংগ্ৰেছ প্ৰতিনিধি গান্ধীজীৰ মাজত ‘গান্ধী-আৰউইন চুক্তি’ সম্পাদিত হয় আৰু এই চুক্তিমতে ১৯৩১ চনত ডিচেম্বৰ মাহত দ্বিতীয় ঘূৰণীয়া মেজ মেলত যোগ দিবলৈ মহাত্মা গান্ধী লণ্ডনলৈ যায়। কিন্তু বৃটিছ চৰকাৰে ভাৰতক ‘অধিৰাজ্য’ৰ মৰ্যদা দিবলৈ মান্তি নোহোৱাত গান্ধীজী ইংলণ্ডৰ পৰা নিৰাশ হৈ ঘূৰি আহি পুনৰ আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। কিন্তু ভাৰতলৈ ঘূৰি অহাৰ পিছত পুনৰ গ্ৰেপ্তাৰ হয়। চৰকাৰে নতুন দমনমূলক নীতি গ্ৰহণ কৰে। নতুন ভাইচৰয় লৰ্ড উইলিংটনে কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ  নীতি অৱলম্বন কৰে। সেই সময়ত আবুল কালাম আজাদ দিল্লীত আছিল আৰু তাতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় এবছৰৰ অধিক কাল বন্ধীশালত ৰাখে।০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

প্ৰিন্স অফ ওৱেলচৰ ভাৰত ভ্ৰমণ  আৰু আজাদৰ প্ৰতিক্ৰিয়া

১৯২১ চনত মন্টেগ’-জেমচফ’ৰ্ড সংস্কাৰ আঁচনি’ৰ উদ্বোধন অনুষ্ঠান উপলক্ষে ওৱেলচৰ যুৱৰাজ ভাৰতলৈ আহে। কংগ্ৰেছ দলে যুৱৰাজক  আদৰি লোৱা অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লয়।চৰকাৰে আশা কৰিছিল যে ওৱেলচৰ যুৱৰাজে ভাৰতবাসীৰ পৰা উষ্ণ অভিনন্দন লাভ কৰিব।  যেতিয়া চৰকাৰে কংগ্ৰেছ দলৰ সিদ্ধান্ত জানিব পাৰিলে তেতিয়া কংগ্ৰেছ দলৰ এই বৰ্জন ব্যৰ্থ কৰিবলৈ চৰকাৰ উঠি-পৰি লাগে। প্ৰিঞ্চ অফ ওৱেলচৰ ভাৰত আগমন ভাৰতবাসীয়ে সহজে মানি লব নোৱাৰিলে আৰু তেওঁ ভ্ৰমণ কৰা প্ৰত্যেকখন চহৰতে তেওঁৰ প্ৰতি জনসাধাৰণৰ উদাসীনতা দেখুৱালে। অৱশেষত তেওঁ ভাৰতৰ প্ৰখ্যাত চহৰ কলিকতালৈ যায়। তাত ‘ভিক্টোৰিয়া মেম’ৰিয়েল হল’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ চৰকাৰে  এক বিশেষ অনুষ্ঠানৰ  আয়োজন কৰে ।

সেই সময়ত কংগ্ৰেছৰ প্ৰায়বোৰ নেতাই জেলত বন্ধী আছিল। মৌলানা আজাদ আলিপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্ধী হৈ আছিল। পণ্ডিত জৱাহৰলাল নেহৰু আৰু মদন মোহন মালাভিয়াই কংগ্ৰেছ আৰু চৰকাৰৰ মাজত এক মীমাংসা স্থাপনৰ বাবে প্ৰচেষ্টা চলাইছিল। নেহৰুৱে ভাইচৰয়জনক লগ ধৰিলে। ভাইচৰয়জনে জনালে যে যদিহে কংগ্ৰেছে ওৱেলচৰ যুৱৰাজক আদৰণি জনাবলৈ অনুষ্ঠিত কৰা উৎসৱত যোগদান কৰে, তেন্তে চৰকাৰে কংগ্ৰেছৰ লগত আলোচনাত বহিবলৈ মান্তি আছে। মদন মোহন মালাভিয়াই বিষয়টো আজাদৰ লগত আলোচনা কৰিবলৈ আলিপুৰ জেললৈ যায়। সিহঁতৰ প্ৰস্তাৱৰ মুখ্য উদ্দেশ্যটো আছিল যে ভাৰতৰ ভৱিষ্যত ৰাজনৈতিক প্ৰশ্নৰ মীমাংসা কৰিবলৈ এক ঘূৰণীয়া মেজ মেল আহ্বান কৰিব লাগে। আজাদ আৰু অন্যান্য কেইজনমানে এই বিষয়ে কোনো মতামত দিয়া নাছিল কাৰণ সিহঁতে নিজৰ মাজত এই বিষয়টো লৈ অধিক চিন্তা-চৰ্চা কৰিব বিচাৰিছিল।  পিছত আজাদে ক’লে যে পিন্স অব্ ওৱেলচৰ ভাৰত আগমনক সু-ভাৱে মানি লব নোৱাৰা বাবেই চৰকাৰে এই প্ৰস্তাৱ আগবঢ়াইছে । গতিকে কংগ্ৰেছে  এই প্ৰস্তাৱৰ সুবিধা গ্ৰহণ কৰা উচিত। আজাদে জানিছিল যে সেই আলোচনাত নিশ্চয় বিশেষ কোনো লাভ নহ’ব যদিও ভাৰতৰ ৰাজনৈতিক সংগ্ৰামত ই এক বিশেষ ঢাপ হিচাপে কাম কৰিব। সেই সময়ত মাত্ৰ মহাত্মা গান্ধীৰ বাহিৰে  সকলোবোৰ শীৰ্ষস্থানীয় নেতা কাৰাগাৰত আছিল।  সিহঁতে জনাইছিল যে সিহঁতে চৰকাৰৰ প্ৰস্তাৱ মানি লোৱা উচিত হ’ব এই চুক্তিত যে ঘূৰণীয়া মেজমেল আহ্বান কৰাৰ আগতে সকলো কংগ্ৰেছ নেতা আৰু কৰ্মীক কাৰাগাৰৰ পৰা মুক্ত কৰি দিব লাগিব। 

কিন্তু মহাত্মা গান্ধীয়ে অন্যান্য কংগ্ৰেছ নেতাৰ মতামতৰ লগত একমত হ’ব নোৱাৰিলে। তেওঁ ক’লে যে সকলোবোৰ কংগ্ৰেছ কৰ্মী, বিশেষকৈ আলি ভাতৃদ্বয়ক বিনা চৰ্তে মুক্তি দিব লাগিব তেতিয়াহে সিহঁতে চৰকাৰৰ প্ৰস্তাৱ মানি ল’ব। 

কংগ্ৰেছ  নেতৃবৃন্দই কোনো সুস্থিৰ সিদ্ধান্তত উপনীত হ’ব নোৱাৰাৰ বাবে ভাইচৰয়ে প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিলে। যিহেতু চৰকাৰ আৰু কংগ্ৰেছৰ মাজত কোনো ধৰণৰ মীমাংসা বা বুজা-পৰা ন’হল, সেইবাবে  কংগ্ৰেছৰ পিন্স অব্ ওৱেলচৰ ভাৰত আগমনক আৰু তেওঁৰ আদৰণি জনোৱাৰ উৎসৱত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্তই বাহাল থাকিল। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আবুল কালাম আজাদ

১৯৪০ চনত  আবুল কালাম আজাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয় আৰু তেওঁ ১৯৪৬ চনলৈ এই দায়িত্বত বাহাল থাকে। এই সময়খিনি আছিল বিশ্ব ৰাজনীতিত এক সংকটময় সময়। ভাৰতৰ ক্ষেত্ৰত এই সময়ছোৱা আছিল অতিকৈ শ্বাসৰুদ্ধকৰ।ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু ইংলণ্ড এই যুদ্ধত জড়িত হৈ পৰিছিল। ভাৰতীয়সকলকো এই যুদ্ধত যোগদান কৰিবলৈ ইংৰাজ চৰকাৰে চাপ সৃষ্টি কৰিছিল। কিন্তু কংগ্ৰেছ নেতাসকলে বিশ্ব যুদ্ধত ইংৰাজৰ লগত সহযোগিতা কৰিবলৈ অমান্তি হৈছিল আৰু ভাৰতৰ পূৰ্ণ স্বাধীনতা দাবী কৰিছিল। 

বিশ্বযুদ্ধত যোগ দিয়া বা নিদিয়াক লৈ ভাৰতীয় কংগ্ৰেছ নেতাসকলৰ মাজত অৱশ্যে আভ্যন্তৰীণ মত-বিৰোধ চলি আছিল। সেই সময়ত কংগ্ৰেছৰ ভিতৰ চৰাত এটি প্ৰশ্ন উত্থাপিত হৈছিল – সেয়া আছিল  কংগ্ৰেছে এই সময়ছোৱাত কি কৰিব। যিসময়ত গোটেই বিশ্বত ৰাজনৈতিক অস্থিৰতা বিৰাজ কৰি আছে, তেনে সময়ত ৰাজনৈতিক সংগঠন হিচাপে কংগ্ৰেছ দল নীৰৱে বহি থাকিব নোৱাৰে। দিল্লী আৰু পুনাৰ বৈঠকত যেতিয়া কংগ্ৰেছে যুদ্ধত যোগদান কৰিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া গান্ধীজীয়ে ‘সীমিত আইন অমান্য আন্দোলন’ (Limited Civil Disobedience) ৰ কথা চিন্তা কৰিছিল। তেওঁ প্ৰস্তাৱ কৰিছিল যে ল’ৰা আৰু তিৰোতাই স্বতন্ত্ৰভাৱে আন্দোলন কৰিব।  আজাদে মত পোষণ কৰিছিল যে সিহঁতে এক বিস্তাৰিত যুদ্ধ বিৰোধী আন্দোলন  গ্ৰহণ কৰা উচিত। কিন্তু গান্ধীজীয়ে আজাদৰ মতক সমৰ্থন কৰা নাছিল।  সেয়ে আজাদে অৱশেষত গান্ধীজীৰ স্বতন্ত্ৰ বা ব্যক্তিগত আন্দোলন (Individual Satyagrah) ক সমৰ্থন কৰিবলৈ বাধ্য হয়। বিনোৱা ভাবেক  প্ৰথম ব্যক্তিগত সত্যাগ্ৰহী আন্দোলনকাৰী হিচাপে নিৰ্বাচন কৰা হৈছিল।  বিনোৱা ভাবেৰ পিছত জৱাহৰলাল নেহৰু দ্বিতীয় সত্যাগ্ৰহী হিচােপ আগবাঢ়ি আহে আৰু মহাত্মা গান্ধীয়ে তেওঁক সত্যাগ্ৰহী হিচাপে গ্ৰহণ কৰিলে। তাৰ পিছত বহুত সংখ্যক লোকে এই ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনত যোগ দিলে আৰু এই আন্দোলন গোটেই ভাৰতবৰ্ষ  জুৰি বিস্তাৰ লাভ কৰিলে। 

এই স্বতন্ত্ৰ সত্যাগ্ৰহ আন্দোলনৰ অৱশ্যে এটি প্ৰসহনীয় দিশো আছিল। সেই সময়ত পঞ্জাৱত সাম্পুৰণ সিং নামৰ এজন ব্যক্তিয়ে মহাত্মা গান্ধী বা কংগ্ৰেছৰ কোনো অনুমতি নোলোৱাকৈয়ে ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিল। চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁক এক আনা পইচা জৰিমনা বিহিছিল।  এই ঘটনাটোৱে সেই অঞ্চলত কিছু হাস্যৰসিক উত্তেজনাৰ সৃষ্টি কৰিছিল আৰু মৌলনা আবুল কালাম আজাদে মীমাংসাৰ উদ্দ্যেশ্যে তালৈ যাব লগা হৈছিল। পঞ্জাৱৰ পৰা ওভতি আহোতে এলাহাবাদত তেওঁক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে আৰু তেওঁক দুবছৰ নাইনি জেলত বন্ধী কৰি ৰাখিলে। ইতিমধ্যে জৱাহৰালাল নেহৰু আৰু অন্যান্য বহুতোক চৰকাৰে গ্ৰেপ্তাৰ কৰি জেলত ভ’ৰাইছিল। 

১৯৪১ চনৰ ডিচেম্বৰ মাহত ভাইচৰয়ে আজাদ আৰু নেহৰুক জেলৰ পৰা মুকলি কৰি দিবলৈ সিদ্ধান্ত লয়। আজাদ আৰু নেহৰুক মুকলি কৰি দি চৰকাৰে সিহঁতৰ প্ৰতিক্ৰিয়া চাবলৈ বিচাৰিছিল। আজাদৰ কাৰণে বন্দীশালৰ পৰা মুকলি হোৱাটো অতিকৈ জৰুৰী আছিল কাৰণ আজাদ বন্দী হৈ থকা সময়খিনিত কংগ্ৰেছৰ কোনো ধৰণৰ অধিবেশন অনুষ্ঠিত  হোৱা নাছিল।

আজাদ বন্দীত্বৰ পৰা মুকলি হৈছিল যদিও মানসিক দ্বন্দত ভূগিছিল কাৰণ স্বতন্ত্ৰ সত্যাগ্ৰহ আন্দোলনৰ কোনো ধৰণৰ ফলাফল তেওঁ দেখা পোৱা নাছিল। জেলৰ পৰা মুক্ত হৈ আজাদে কলিকতাত এখন প্ৰেছ কনফাৰেঞ্চ পাতিছিল আৰু তাত ঘোষণা কৰিছিল যে যদিহে চৰকাৰে ভাৰতীয়সকলৰ প্ৰতি ইংৰাজৰ দৃষ্টিভঙ্গী সলনি কৰে, তেন্তে কংগ্ৰেছেও সিহঁতৰ দৃষ্টিভঙ্গী সলনি কৰিব। আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে যদিহে জাপানে ভাৰত আক্ৰমণ কৰে তেন্ত সকলো ভাৰতীয়ই স্বদেশক ৰক্ষা কৰিবলৈ যুদ্ধত জঁপিয়াই পৰা উচিত। 

এই কনফাৰেঞ্চত আজাদে প্ৰকাশ কৰা মতামত আৰু দৃষ্টিভঙ্গী ইংলণ্ডৰ ‘দ্য টাইমচ’ আৰু ‘ডেইলি নিউজ’ কাকত দুটিত প্ৰকাশ পাইছিল আৰু কাকত দুটিয়ে মহাত্মা গান্ধী আৰু আজাদৰ মত পাৰ্থক্যৰ ওপৰত সমালোচনাত্মক মন্তব্য আগবঢ়াইছিল কাৰণ আজাদৰ মন্তব্যত ইংৰাজসকলে কংগ্ৰেছ আৰু চৰকাৰৰ মাজত এক বুজাপৰাৰ ৰেঙনি দেখা পাইছিল। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

চিয়াং কাই-চেক আৰু আজাদ

১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। ই বিশ্বৰ ৰাজনীতি আৰু গণতন্ত্ৰৰ প্ৰতি এক মাৰাত্মক ভাবুকি স্বৰুপে দেখা দিয়ে।  ইংৰাজ চৰকাৰে ভাৰতক এই বিশ্ব যুদ্ধত সাঙুৰ খুৱাটো বিচাৰিছিল। আনহাতে ভাৰতীয়সকলে এই সুযোগত ইংৰাজসকলৰ কবলৰ পৰা ভাৰতক স্বধীন কৰিবলৈ উঠি-পৰি লাগিছিল। আমেৰিকাৰ প্ৰেচিডেন্ট ৰুজেভল্টে ভাৰতে স্বাধীনতা পোৱাৰ সপক্ষে মত প্ৰকাশ কৰিছিল। সেইদৰে চীনৰ নেতা চিয়াং কাই-চেকো ভাৰতৰ স্বাধীনতাৰ পক্ষে সহানুভূতিশীল আছিল। 

দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ কিছুদিন আগতে জৱাহৰলাল নেহৰুয়ে দক্ষিণ চীন ভ্ৰমণ কৰিছিল আৰু চীনা নেতা চিয়াং কাই-চেকৰ অতিথি হৈছিল। নেহৰুৰ পৰা ভাৰতৰ পৰিস্থিতি আৰু কংগ্ৰেছ দলৰ স্থিতি আৰু কাৰ্যপন্থাৰ বিষয়ে বহুত কথা জানিব পাৰিছিল।  পিছত চিয়াং কাই-চেকে ভাৰতলৈ এক সজাতি দল প্ৰেৰণ কৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা আবুল কালাম আজাদলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।  পত্ৰটোত তেওঁ ভাৰতীয়সকলৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি সমৰ্থন জনাইছিল আৰু অলপতে ভাৰত ভ্ৰমণ কৰিব বুলি জনাইছিল। তেওঁ লিখিছিল যে ভাৰত ভ্ৰমণকালত তেওঁ ভাৰতৰ ভাইচৰয় আৰু কংগ্ৰেছ নেতৃবৃন্দক লগ ধৰিব আৰু চৰকাৰ আৰু কংগ্ৰেছ নেতাসকলৰ মাজত এক মীমাংসাত উপনীত হোৱাৰ চেষ্টা কৰিব। 

১৯৪২ চনৰ ফেব্রূৱাৰী মাহৰ মাজ ভাগত চিয়াং কাই-চেক ভাৰতলৈ আহিব বুলি আজাদে এক বাতৰি পাইছিল। তেতিয়া আজাদ আছাফ আলিৰ লগত দিল্লীত আছিল। ইয়াৰ কিছুদিন পাছত আজাদে শ্ৰীমতী চিয়াং কাই-চেকৰ পৰাও এটি পত্ৰ পাইছিল। তাই পত্ৰটোত জনাইছিল যে তাইয়ো মিষ্টাৰ চিয়াং কাই-চেকৰ লগত ভাৰতলৈ আহিব। 

সোণকালেই ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে চিয়াংকাই-চেক স্ত্ৰীসহ ভাৰতলৈ আহি আছে আৰু সিহঁতে ভাৰত চৰকাৰৰ অতিথি হ’ব। ১৯৪২ চনৰ ৯ ফেব্রূৱাৰীত সিহঁত ভাৰত আহি পালেহি। তেওঁ আহি পোৱাৰ দুদিন পাছত জৱাহৰলাল নেহৰু আৰু আবুল কালাম আজাদে চিয়াং কাই-চেকক দেখা কৰিলে। সিহঁতৰ মাজত কিছু আলোচনা চলিল । কিন্তু চিয়াং কাই-চেকে কোনো বিদেশী ভাষা জনা নাছিল বাবে আলোচনাত কিছু জটিলতাৰ সৃষ্টি হৈছিল। অৱশ্যে তেওঁৰ এজন অনুবাদক আছিল। কিন্তু অনুবাদকৰ মাজেৰে ভাৱ বিনিময় কৰাত আলোচনা লেহেম গতিৰে চলিল। জেনেৰেল চিয়াং কাই-চেকে এক দীৰ্ঘ আৰম্ভণীসূচক বাণীত কৈছিল যে এটি পৰাধীন জাতিয়ে দুই ধৰণৰ যিকোনো এটাৰ মাজেৰে স্বাধীনতা পাব পাৰে। প্ৰথম, পৰাধীন জাতিটোৱে হাতত অস্ত্ৰ ধাৰণ কৰিব লাগিব আৰু শক্তিৰে বিদেশীক বিতাৰণ কৰিব লাগিব। দ্বিতীয়, অস্ত্ৰ ধাৰণ নকৰি শান্তিপূৰ্ণভাৱে বিদেশীৰ হাতৰ পৰা স্বাধীনতা লাভ কৰিব লাগিব। শান্তিপূৰ্ণ পদ্ধতিত স্বাধীনতা পাবলৈ হ’লে সময় লাগিব কাৰণ স্তৰে স্তৰে আগবাঢ়ি যাব লাগিব।

চিয়াং কাই-চেকে উদাহৰণ দি কৈছিল যে চীনৰ স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল ১৯১১ চনত। কিন্তু ই স্বাধীনতা পোৱাৰ আগলৈকে বহুতো স্তৰ পাৰ হ’ব লগা হৈছিল। ভাৰতবৰ্ষয়ো সেই একে পন্থা গ্ৰহণ কৰিব লাগিব। কিন্তু ভাৰতে এই দুটা পন্থাৰ কোনটো গ্ৰহণ কৰিব সেয়া  নিজেই বাছি লব লাগিব। চিয়াং কাই-চেকে আজাদক আশ্বাস দি কৈছিল যে তেওঁ বৃটিছ চৰকাৰলৈ ভাৰতৰ স্বাধীনতাৰ হকে বিস্তাৰিতভাৱে লিখিব। তেওঁ আৰু কৈছিল যে ভাৰতীয়সকলে যদি বিবেচনা আৰু কৌশলেৰে কাম কৰিব পাৰে আৰু যুদ্ধকালীন সুবিধা গ্ৰহণ কৰিব পাৰে তেন্তে ই স্বাধীনতা লাভ কৰাত অসুবিধা নহ’ব।

জেনেৰেল চিয়াং কাই-চেকে আজাদক প্ৰশ্ন কৰিছিল, ‘ভাৰতবৰ্ষ কাৰ পক্ষত আছে? ই নাজী সকলৰ পক্ষত নে গণতন্ত্ৰৰ পক্ষত?’

আজাদে তপৰাই, অকনো ইতস্ততঃ নকৰাকৈ কৈছিল, ‘যদিহে আমাৰ পথত থকা প্ৰতিবন্ধক আঁতৰ হয়, আমি গণতন্ত্ৰৰ পক্ষত যোগ দিবলৈ চেষ্টাৰ কোনো ত্রূটি নকৰো।’

চিয়াং কাই-চেকে আকৌ কৈছিল যে বৰ্তমান পৰিস্থিতিত ভাৰতৰ বাবে অধিৰাজ্যৰ মৰ্যদা আৰু পূৰ্ণ স্বাধীনতাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য  নাই। তেওঁ আৰু কৈছিল যে বৰ্তমান বৃটিছ চৰকাৰে যদি  ভাৰতক অধিৰাজ্যৰ মৰ্যদা দিয়ে তেন্তে ভাৰতীয়সকলে ইয়াক গ্ৰহণ কৰা উচিত হ’ব।

আলোচনাৰ এইখিনি সময়ত মেডাম চিয়াং কাই-চেকে আলোচনাত ভাগ লয়। তাইৰ আগমনে আলোচনা সহজতৰ হৈছিল, কাৰণ তাই আমেৰিকাত শিক্ষা গ্ৰহণ কৰিছিল আৰু সললীয়াকৈ ইংৰাজী ক’ব পাৰিছিল।

জেনেৰেল চিয়াং কাই-চেকে কৈছিল যে বৃটিচ চৰকাৰে নিজেই যুদ্ধৰ বোজাটো কান্ধ পাতি ল’ব লাগিব।  বিৰোধীতা চলি থকালৈকে ইংৰাজ চৰকাৰে ভাৰতীয়সকলৰ ওপৰত যুদ্ধৰ দায়িত্ব কোনো পধ্যেই এৰি দিব নোৱাৰে।

আজাদে কৈছিল যে যুদ্ধ চলি থকা সময়তো বৃটিছ চৰকাৰ আৰু ভাৰতীয়সকলৰ গ্ৰহণযোগ্য হোৱাকৈ কোনো বন্দোৱস্ত বা উপায় উলিয়াবলৈ চেষ্টা চলাই থাকিব পাৰি। 

মেডাম চিয়াং কাই-চেকে আলোচনাৰ মাজত আজাদক সুধিছিল, ‘এই আলোচনাৰ বিষয়ে চৰকাৰ অৱগত হ’লে সিহঁতৰ কিবা ক্ষতি হ’বনে?’

আজাদে কৈছিল, ‘আমাৰ ক্ষতি নহয়।’

আলোচনাৰ অন্তত জেনেৰেল চিয়াং কাই-চেকে তাজমহল চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু আগ্ৰালৈ যোৱা সময়খিনিত জৱাহৰলাল নেহৰু তেওঁৰ লগত থকাটো বিচাৰিছিল। কিন্তু চৰকাৰে এইটো ভাল লোৱা নাছিল।

আগ্ৰাৰ তাজমহল চাই  চিয়াং কাই-চেক কলিকতালৈ গৈছিল  আৰু বংগৰ চৰকাৰে বিচাৰিছিল যে চিয়াং কাই-চেক বৰাকপুৰত থকা চৰকাৰৰ পুৰণি ভৱনটোত থকা উচিত। তেওঁ জৱাহৰলাল নেহৰুক কলিকতাত লগ কৰিব বিচৰাত নেহৰু কলিকতালৈ যায় আৰু দুয়োজনৰ মাজত পুনৰ আলোচনা হয়।  সেই সময়ত মহাত্মা গান্ধী বিৰলা পাৰ্কত আছিল আৰু চিয়াংকাই চেকে গান্ধীজীক লগ ধৰিবলৈ কলিকতাৰ পৰা বিৰলা পাৰ্কলৈ যায়। তেওঁ মহাত্মা গান্ধীৰ লগত দুই ঘন্টা সময় কথা পাতে। এই আলোচনাত মেডাম চিয়াং কাই-চেকে দুভাষীৰ কাম কৰিছিল।

কেইদিনমান পিছত জেনেৰেল চিয়াং কাই-চেকে ভাৰত এৰি  গুচি যোৱাৰ সময়ত ভাৰত চৰকাৰক যিমান সোনকালে পাৰে সিমান সোনকালে ভাৰতক স্বাধীনতা দিয়াৰ বাবে অনুৰোধ জনাই যায়। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

ভাৰত ত্যাগ আন্দোলন আৰু  আবুল কালাম আজাদ

দ্বিতীয় মহাযুদ্ধত জাপানে ইটালি আৰু জাৰ্মানীৰ পক্ষত যোগদান কৰি মিত্ৰ শক্তিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগে লগে যুদ্ধৰ গতি সলনি হ’বলৈ ধৰে। ১৯৪১ চনৰ ২২ জুনৰ দিনা জাৰ্মানে ছোভিয়েট ৰাছিয়া আক্ৰমণ কৰাৰ পিছত ৭ ডিচেম্বৰৰ দিনা জাপানে পাৰ্ল হাৰ্বৰত থকা আমেৰিকান নৌবাহিনীৰ ওপৰত আক্ৰমণ চলালে।  ইয়াৰ পিছত জাপানে চিঙ্গাপুৰ আৰু ব্রহ্মদেশ আক্ৰমণ কৰি ১৯৪২ চনৰ ৮ মাৰ্চৰ দিনা ৰেঙ্গুনত প্ৰৱেশ কৰিলে। এই পৰিস্থতিত ভাৰতবাসীৰ সহযোগ অবিহনে জাপানক প্ৰতিহত কৰাটো অসম্ভৱ বুলি অনুধাৱন কৰি বৃটিছ পাৰ্লিয়ামেন্টৰ সমৰ পৰিষদৰ সদস্য চাৰ ষ্টেফৰ্ড ক্ৰিপচৰ নেতৃত্বত এটা সজাতী দল ভাৰতবৰ্ষলৈ পঠিয়ায়। ক্ৰিপচে ভাৰতীয় নেতৃবৰ্গৰ লগত আলোচনা কৰি তলত দিয়া প্ৰস্তাৱসমূহ পেশ কৰে–

(১) যুদ্ধৰ পিছতে ভাৰতীয় ইউনিয়ন গঠন কৰা হ’ব আৰু ভাৰতক অধিৰাজ্যৰ মৰ্যাদা দিয়া হ’ব।

(২) যুদ্ধ শেষ হোৱাৰ লগে লগে ভাৰতীয় প্ৰতিনিধিবৰ্গক লৈ এখন সংবিধান সমিতি গঠন কৰা হ’ব আৰু এই সমিতিখনে নতুন সংবিধান ৰচনা কৰিব।

(৩) যদি কোনো প্ৰদেশ বা দেশীয় ৰাজ্যই যুক্তৰাজ্যত যোগদান কৰিবলৈ অমান্তি হয়, তেন্তে তাক জোৰকৈ যুক্তৰাজ্যত ভৰ্তি কৰা নহ’ব।

(৪) ভাৰতৰ প্ৰতিৰক্ষাৰ দায়িত্ব বৃটিচ চৰকাৰৰ হাতত থাকিব। 

(৫) কাৰ্য-নিৰ্বাহক পৰিষদৰ ভাইচৰয়ৰ ‘ভেটো ’ ক্ষমতা থাকিব। 

ক্ৰিপচৰ এই প্ৰস্তাৱত ইংৰাজৰ এই কুটনীতি ওলাই পৰিল যে তেওঁলোকে ভাৰতৰ অখণ্ডতা নিবিচাৰে। পাকে-প্ৰকাৰে পাকিস্থানৰ দাবী মানি লৈ ভাৰতক দ্বিখণ্ডিত কৰি বৃটিছৰ প্ৰভূত্ব বজাই ৰাখিবলৈহে এই অপ-কৌশল কৰিছে। এই কথা কংগ্ৰেছে বুজিব পাৰি ক্ৰিপচৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে। পাকিস্থানৰ দাবী স্বীকৃত নোহোৱাৰ বাবে মুছলিম লীগেও ইয়াৰ বিৰোধিতা কৰিলে।

ক্ৰিপচ মিছনৰ ব্যৰ্থতাই ভাৰতবাসীৰ মাজত বিক্ষোভৰ সৃষ্টি কৰিলে। ইতিমধ্যে জাপানৰ ভাৰত আক্ৰমণৰ সম্ভাৱনাত ভাৰতবাসী শঙ্কিত হৈ পৰিল। এই পৰিৱেশত ১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীৰ পৰামৰ্শমতে ইতিহাস প্ৰসিদ্ধ ‘ভাৰত ত্যাগ’ (Quit India Movement) প্ৰস্তাৱ গ্ৰহণ কৰি বৃটিচ চৰকাৰে অবিলম্বে ভাৰত ত্যাগ নকৰিলে সমগ্ৰ দেশ জুৰি ব্যাপক অসিংহ গণ আন্দোলন চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গান্ধীজীয়ে ‘কৰিম বা মৰিম’ শ্লোগানেৰে এই আলোন্দালনত নামি পৰিল। 

দেশ জুৰি ভাৰত ত্যাগ আন্দোলনৰ জোঁৱাৰ উঠিল। কংগ্ৰেছ নেতাসকল ব্যস্ত হৈ পৰিল। মৌলানা আবুল কালাম আজাদ এলানি সভাত যোগদান কৰাৰ উদ্দেশ্যে কলিকতাৰ পৰা বম্বেলৈ যাত্ৰা কৰিলে।  আজাদে তেওঁৰ বম্বে ভ্ৰমণকালত সৰহভাগ সময় ভোলাভাই দেশাইৰ ঘৰত থাকিছিল। এই ভ্ৰমণ কালতো তেওঁ ভোলাভাইৰ ওচৰলৈ গ’ল। ভোলাভাই দেশাই শাৰীৰিকভাৱে অসুস্থ আছিল। আজাদে তাত মহম্মদ তাহেৰ নামৰ এজন বন্ধুৰ পৰা জানিব পাৰিলে যে ইংৰাজ চৰকাৰে কংগ্ৰেছ নেতৃবৃন্দক গ্ৰেপ্তাৰ কৰিবলৈ সিদ্ধান্ত লৈছে।

আজাদৰ অতি পুৱাই বিচনা ত্যাগ কৰাৰ অভ্যাস আছিল। সেইদিন ৰাতিপুৱা চাৰিবজাত বিচনা ত্যাগ কৰিলে যদিও মনটো বৰ গধুৰ-গধুৰ অনুভৱ কৰিলে। বৰ ক্লান্ত অনুভৱ কৰি তেওঁ দুটা এচপিৰিন বড়ি আৰু একাপ চাহ গ্ৰহণ কৰি কামত ব্যস্ত হ’ল। তেওঁ কংগ্ৰেছে গ্ৰহণ কৰা  ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱসমূহৰ এটি কপি আমেৰিকান প্ৰেচিডেন্ট ৰুজেভল্টলৈ প্ৰেৰণ কৰাৰ বাবে লিখা টেবিলত বহিল। কিন্তু তেওঁ অতি ক্লান্ত আৰু টোপনিৰ ভাৱ অনুভৱ কৰি বিছনাত শুই পৰিল।  মাত্ৰ পোন্ধৰ মিনিটমানৰ পিছত কোনোৱাই তেওঁৰ ভৰি স্পৰ্শ কৰা অনুমান কৰি  চকু মেলি চাই ধীৰুভাই দেশাইক দেখা পালে। ধীৰু ভাই দেশাই আছিল ভোলাভাই দেশাইৰ পুত্ৰ। তেওঁ জনালে যে সহকাৰী পুলিচ কমিছনাৰ এজনে আজাদক গ্ৰেপ্তাৰ কৰিবলৈ বাহিৰতে ৰৈ আছে। 

আজাদে তেওঁক অলপ সময় অপেক্ষা কৰিবলৈ খবৰ পঠিয়াই সোনকালে গা-পা ধুই পোছাক পৰিধান কৰি সাজু হ’ল। লগতে তেওঁৰ ব্যক্তিগত সচিব মহম্মদ আজমল খানক কিছু নিৰ্দ্দেশনা দিলে আৰু বাৰান্দালৈ ওলাই আহিল। ভোলাভাই দেশাই আৰু তেওঁৰ জোঁৱায়েক ডেপুটি পুলিচ কমিছনাৰৰ লগত কথা পাতি আছিল। আজাদে তেতিয়া পুলিচ কমিচনাৰৰ পিনে চাই ক’লে, ‘মই সাজু।’

পুলিচ কমিচনাৰজনৰ নিৰ্দ্দেশত আজাদ কমিচনাৰজনৰ গাড়ীত উঠিল। দ্বিতীয় এখন গাড়ীয়ে আজাদৰ বস্তু-বাহানিবোৰ তুলি ললে। গাড়ী ভিক্টৰিয়া টাৰমিনাচলৈ গতি কৰিলে। সময়টো আছিল এখন স্থানীয় ৰেল অহাৰ সময়। ৰেল ষ্টেচন প্ৰায় জনশূন্য আছিল। গাড়ীৰ পৰা নমাৰ লগে লগে তেওঁ অশোক মেহটাক দেখা পালে।  তেওঁকো গ্ৰেপ্তাৰে কৰা হৈছিল আৰু ভিক্টৰিয়া টাৰমিনাচলৈ অনা হৈছিল।  তেতিয়া আজাদে উপলব্ধি কৰিলে যে চৰকাৰে অকল কংগ্ৰেছৰ প্ৰধান প্ৰধান নেতাসকলকে নহয় অন্যান্য আঞ্চলিক নেতাসকলকো গ্ৰেপ্তাৰ কৰিছে। তাত এটি ৰেল অপেক্ষা কৰি আছিল আৰু সিহঁতক ৰেলখনলৈ লৈ যোৱা হ’ল। আজাদক এখন ডবাত উঠোৱা হ’ল আৰু তেওঁ খিড়িকীৰ কাষত বহিল। 

ঠিক সেই সময়তে হঠাৎ তেওঁ জৱাহৰলাল নেহৰু, আছাফ আলি, ডক্তৰ চৈয়দ মহম্মদক সেই স্থানত উপস্থিত হোৱা দেখা পালে।জৱাহৰলাল নেহৰুৱে আজাদক জনালে যে মহাত্মা গান্ধীও এইখন ৰেলতে আছে, কিন্তু তেওঁক বেলেগ দবাত ৰখা হৈছে। এজন ইউৰোপীয় মিলিটাৰী অফিচাৰ সেই স্থানলৈ আহিল। তাৰ পিছত আন এজন আহিল। তেওঁ বন্ধীসকলক গণনা কৰিলৈ ধৰিলে। তেওঁ কেইবাবাৰো গণনা কৰিলে যদিও তেওঁ গণনাত কিবা ভুল কৰা যেন অনুমান কৰিলে।  সোনকালেই সুহুৰি বজাই ৰেলখনে গতি ললে। আজাদে লক্ষ্য কৰিলে যে শ্ৰীমতী আছাফ আলিয়ে প্লেটফৰ্মত থিয় হৈ আছে। তাই স্বামী মিষ্টাৰ আছাফ আলিক বিদায় জনাবলৈ তাত উপস্থিত হৈছিল। গতি কৰা ৰেলখনলৈ চাই তাই সিহঁতক চিয়ঁৰি চিয়ঁৰি ক’লে, ‘মোৰ কাৰণে চিন্তিত নহ’ব। ময়ো বহি নাথাকো, কিবা এটা কৰিম।’

ইতিমধ্যে মিচেচ নাইডু আজাদ থকা ডবাটোলৈ আহিল আৰু ক’লে যে মহাত্মা গান্ধীয়ে আজাদক লগ ধৰিব বিচাৰে। আজাদে কৰিডৰেৰে গান্ধীজী থকা ডবাটোেলৈ খোজ ললে। গান্ধীক বৰ বিমৰ্ষ দেখাইছিল। আজাদে বুজিব পাৰিলে যে মহাত্মা গান্ধী এনে আকস্মিক গ্ৰেপ্তাৰৰ বাবে সাজু নাছিল। গান্ধীজীয়ে আজাদক ক’লে, ‘ তুমি গন্তব্যস্থান পোৱাৰ লগে লগে চৰকাৰক জনোৱা উচিত যে তুমি এতিয়াও কংগ্ৰেছৰ সভাপতি হৈয়ে আছা আৰু তোমাৰ সভাপতিৰ কাম-কাজ চলাই যাব বিচাৰিবা। তুমি তোমাৰ ব্যক্তিগত সচিবকো বিচৰা উচিত হ’ব। নাইনি জেলত আটকাধীন অৱস্থাত তোমাক চৰকাৰে এই সুবিধাটো দিছিল আৰু এতিয়াও তুমি এই সুবিধাটো বিচাৰিবা।’

যেতিয়া আজাদ আৰু গান্ধীজী কথা পাতি আছিল তেতিয়া বম্বেৰ পুলিচ কমিচনাৰজন সিহঁতৰ ওচৰলৈ আহিল আৰু আজাদক নিজৰ কম্পাৰ্টমেন্টলৈ উভতি যাবলৈ ক’লে। তেওঁ আজাদক ক’লে যে মাত্ৰ মিচেচ নাইডুহে মহাত্মা গান্ধীৰ লগত থাকিব পাৰিব। তেতিয়া আজাদ নিজৰ কম্পাৰ্টমেন্টলৈ উভতি আহিল। তেতিয়া ৰেলখন কল্যাণ নামেৰে ঠাই এখনলৈ আগবাঢ়ি আছিল। ৰেলখন তাত নৰৈ পুনাৰ পথ ললে।

অৱশেষত ৰেলখন পুনাতেই ৰ’ল। ষ্টেচনৰ প্লেটফৰ্মটো মানুহৰে ভৰি পৰিছিল। আজাদৰ বুজিবলৈ অনুমান নহ’ল যে সিহঁতৰ গ্ৰেপ্তাৰৰ বাতৰি ইতিমধ্যে পুনা পাইছিলগৈ। অভাৰ ব্রিজৰ  ওপৰত মানুহ ঠাহ খাই আছিল। ৰেলখন তাত ৰোৱাৰ লগে লগে মানুহৰ জুমটোৱে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে, ‘মহাত্মা গান্ধী কী জয়।’ শ্লোগানটো শুনাৰ লগে লগেই পুলিচ কমিচনাৰজনে সমেবত জনসাধাৰণৰ ওপৰত লাঠি চলোৱাৰ বাবে পুলিচক আদেশ দিলে। 

জৱাহৰলাল খিড়িকীৰ কাষত বহি আছিল। যেতিয়া তেওঁ দেখিবলৈ পালে যে জনসাধাৰণৰ ওপৰত পুলিচে লাঠি চাৰ্জ কৰি আছে তেতিয়া তেওঁ ৰেলৰ কম্পাৰ্টমেন্টৰ পৰা জপিয়াই নামি আহিল আৰু জনতাৰ ভিৰ অভিমূখে দৌৰি গ’ল আৰু পুলিচক উদ্দেশ্যি চিঞঁৰি উঠিল, ‘জনতাৰ ওপৰত লাঠি চাৰ্জ কৰিবলৈ তোমালোকৰ কোনো অধিকাৰ নাই।’ 

পুলিচ কমিচনাৰজন নেহৰুৰ ওচৰলৈ দৌৰি গ’ল আৰু তেওঁক নিজ কম্পৰ্টমন্টলৈ উভতি আহিবলৈ নিৰ্দ্দেশ দিলে। ঠিক সেই সময়ত শংকৰ ৰাও দেও নামৰ আন এজন কংগ্ৰেছ কৰ্মীসেই ঠাইলৈ আহিল। চাৰিজন পুলিছে তেওঁক ঘেৰি ধৰিলে আৰু ৰেলখনলৈ ওভতি যাবলৈ নিৰ্দ্দেশ দিলে। কিন্তু তেওঁ অমান্তি হোৱাত তেওঁক দাঙি তেওঁৰ কম্পাৰ্টমেন্টলৈ লৈ গ’ল। আজাদে নেহৰুক কম্পাৰ্টমেন্টলৈ ওভতি আহিবলৈ কোৱাত নেহৰু উভতি আহিল যদিও তেওঁ খংমুৱা হৈ থাকিল। ইতিমধ্যে পুলিচ কমিচনাৰজন আজাদৰ ওচৰলৈ আহি  দুবাৰমান ক’লে, ‘মই দুঃখিত। মই চৰকাৰৰ আদেশ মানিব লাগিব।’

আজাদে খিড়িকীৰে দেখিবলৈ পালে যে মহাত্মা গান্ধী আৰু মিচচ নাইডুক ৰেলখনৰ পৰা নমাই ললে। সিহঁতক ‘আগা খান ৰাজপ্ৰসাদ’ লৈ লৈ গ’ল আৰু তাতে সিহঁতক বন্ধী কৰি থলে।

গান্ধীজীক নমাই লোৱাৰ লগে লগেই ৰেলখনে আকৌ গতি ললে। আজাদে অনুমান কৰিলে যে সিহঁতক আহম্মদ নগৰলৈ লৈ গৈ আছে।  সিহঁতে দিনৰ দেৰমান বজাত আহম্মদ নগৰ পালে। ৰেল ষ্টেচনখন প্ৰায় জনশূন্য আছিল মাত্ৰ কেইজনমান পুলিচ আৰু এজন আৰ্মি অফিচাৰৰ  বাহিৰে। বন্ধীসকলক ৰেলখনৰ পৰা নমাই  আন এখন গাড়ীত উঠালে। গাড়ীখন চলিল আৰু আহম্মদ নগৰ দুৰ্গৰ সন্মুখত ৰখালে। আৰ্মি অফিচাৰজনে এজন এজনকৈ বন্ধীসকলৰ নাম মাতিলে আৰু দুৰ্গৰ ভিতৰলৈ সোমাবলৈ নিৰ্দ্দেশ দিলে। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

আহম্মদ নগৰ কিল্লা জেলত আজাদ

আহম্মদ নগৰ কিল্লা জেইলত নজন কংগ্ৰেছ নেতাক বন্ধী কৰি ৰখা হৈছিল। সেইকেইজন হ’ল – আবুল কালাম আজাদ, জৱাহৰলাল নেহৰু, চৰ্দাৰ ভল্লভ ভাই পেটেল, আচাফ আলি, শংকৰ ৰাও দেও, গোবিন্দ বল্লৱ পান্থ, ডক্টৰ পাট্টাভি সীতাৰামায়া, ডক্টৰ চৈয়দ মহম্মদ, আচাৰ্য কৃপালানী আৰু প্ৰফুল্ল ঘোষ।

বন্ধীসকলক কিল্লাৰ ভিতৰলৈ লৈ যোৱা হৈছিল। কিল্লাটো দেখাত এটা সেনা নিবাসৰ দৰে আছিল। তাত এখন চোতাল আছিল। ইয়াৰ ৰ্দ্ঘৈ আছিল ২০০ ফুট। চাৰিওফালে ঘৰ আছিল আৰু ঘৰবোৰত বহুতো সৰু সৰু ৰুম আছিল। প্ৰথম বিশ্ব যুদ্ধৰ সময়ত বিদেশী বন্ধীসকলক এই কিল্লাত ৰখা হৈছিল। এজন জেইলাৰে বন্দীসকলৰ বয়-বস্তুবোৰ তালাচ কৰিছিল।  আজাদৰ এখন সৰু ৰেডিঅ আছিল যিটো তেওঁ সদায় লগত কঢ়িয়াই ফুৰিছিল। ৰেডিঅ’টো পুলিচে লৈ গৈছিল।

সিহঁতক দুপৰীয়াৰ আহাৰ দিয়া হৈছিল লোৰ পাত্ৰত। বন্দীসকলে সেই খাদ্য ভাল পোৱা নাছিল আৰু আজাদে কৈছিল যে সিহঁতে চীনা পাত্ৰতহে খাদ্য খায়। জেইলাৰজনে কৈছিল যে তেওঁ দুঃখিত। পিছদিনাহে তেওঁ চীনা পাত্ৰত আহাৰ দিব পাৰিব। পুনাৰ  এজন অপৰাধী ব্যক্তিক সিহঁতৰ ৰান্ধনী হিচাপে নিযুক্তি দিয়া হৈছিল।  তেওঁ বন্দীসকলৰ সোৱাদ অনুসৰি খাদ্য প্ৰস্তুত কৰিব পৰা নাছিল। পিছলৈ তেওঁৰ পৰিৱৰ্তে আন এজন ৰান্ধনি দিয়া হৈছিল যদিও তেৱোঁ ভাল নাছিল।

বন্দীসকলক যে সেইখন কিল্লাত ৰখা হৈছে সেই বিষয়টো চৰকাৰীভাৱে গোপন ৰখা হৈছিল। তিনিদিন মান পিছত জেইল অধীক্ষকজনে সিহঁতক চাবলৈ আহিছিল। তেওঁ আহি বন্দীসকলক জনাইছিল যে চৰকাৰী নিৰ্দ্দেশ অনুসৰি বন্দীসকলে ঘৰলৈ কোনো চিঠি-পত্ৰৰ আদান-প্ৰদান কৰিব নোৱাৰিব। সিহঁতক কোনো বাতৰি কাকতো যোগান দিয়া নহ’ব।

আজাদে যেতিয়া কলিকতাৰ পৰা বম্বেলৈ আহিছিল তেতিয়াৰ পৰাই তেওঁ শাৰীৰিকভাৱে অসুস্থ আছিল। তেওঁ ইনফ্লুয়েঞ্জাত ভূগি আছিল। জেইল অধীক্ষকজন নিজেই এজন চিকিৎসক আছিল আৰু তেওঁ আজাদৰ স্বাস্থ্য পৰীক্ষা কৰিব বিচাৰিছিল যদিও আজাদে অনুমতি দিয়া নাছিল।

সিহঁতে জেইলৰ ভিতৰত সম্পূৰ্ণভাবেই  বৰ্হিঃজগতৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। কিয়নো সিহঁতে বাহিৰৰ পৰা কোনো ধৰণৰ খবৰ বাতৰি পোৱা নাছিল। সকলোৱে সিহঁতৰ স্বাস্থ্য ঠিক ৰাখিবলৈ এক কাৰ্যসূচী প্ৰস্তুত কৰিছিল। সিহঁতে প্ৰত্যেকেই এখন এখনকৈ কোঠালী লৈছিল। আজাদ এক নম্বৰ ৰূমটোতে আছিল। তেওঁৰ পিছৰ ৰূমটো লৈছিল নেহৰুৱে আৰু তাৰ পিছত ক্ৰমান্বয়ে আছাফ আলি আৰু ডক্তৰ চৈয়দ মহম্মদ আলিৰ কোঠালী আছিল। তাৰ পিছৰ ৰূমটো আছিল সিহঁতৰ ডাইনিং ৰূম। সিহঁতে আটায়ে ৰাতিপুৱা জলপানৰ সময়ত আৰু দুপৰীয়াৰ আহাৰৰ সময়ত ডাইনিং ৰূমটোতে একেলগ হৈছিল আৰু এঘন্টামান সময় বিভিন্ন বিষয় আলোচনা কৰিছিল। তাৰ পিছত সিহঁত জিৰণি লৈছিল আৰু সন্ধিয়া চাহ খোৱাৰ সময়ত আকৌ একে ৰূমতে গোট খাইছিল। সিহঁতে চৰ্তুভূজ চোতালটোত চাহ খোৱাৰ পিছত কছৰৎ কৰিছিল। 

সিহঁত সেইখন কিল্লালৈ অহাৰ সময়লৈকে চতুৰ্ভূজ আকৃতিৰ চোতালটো উদং আছিল। জৱাহৰলাল নেহৰুৱে প্ৰস্তাৱ দিছিল যে সিহঁতে তাত এখন ফুলনি বাগিছা পাতিব। এই কামটোৱে সিহঁতক ব্যস্ত ৰাখিব লগতে স্থানডোখৰৰ সৌন্দৰ্যও বৃদ্ধি হ’ব। সকলোৱে নেহৰুৰ প্ৰস্তাৱক অভিনন্দন জনাইছিল। কাৰাগাৰৰ অধীক্ষকজনে পুনাৰ পৰা সিহঁতক চল্লিশ বিধমান ফুলৰ বীজ যোগাৰ কৰি দিছিল। এই কামটোত জৱাহৰলাল নেহৰুৱে নেতৃত্ব দিছিল। সকলোৱে পুৱা আৰু সন্ধিয়া ফুল গছৰ গুৰিত পানী দিছিল আৰু মাজে মাজে ঘাঁহ-বন ছাফা কৰি দিছিল। যেতিয়া ফুল গছবিলাক ডাঙৰ হৈ ফুল ফুলা আৰম্ভ কৰিছিল সিহঁত আটায়ে আনন্দিত হৈছিল। 

সিহঁত জেইলটোলৈ অহাৰ পাঁচ দিনমান পিছত এজন নতুন অধীক্ষক আহিল। তেওঁক বন্দীসকলক চোৱা-চিতা কৰিবলৈ নিযুক্তি দিয়া হৈছিল। তেওঁ ওচৰতে থকা নগৰখনতে থাকিবলৈ লৈছিল যদিও প্ৰতি ৰাতিপুৱা আঠ বজাত কিল্লাটোত আহি পাইছিল। বন্দীসকলে তেওঁৰ নাম জনা নাছিল আৰু আজাদ আৰু নেহৰুৱে তেওঁৰ কাৰণে এটি নাম বিচাৰিবলৈ ধৰিলে।  তেতিয়া আজাদে মনত পেলালে যে এসময়ত ‘চান্দ বিবি’ নামৰ এজন তিৰোতা মানুহ এইখন জেইলতে বন্দী হৈ আছিল। সেই সময়ত ‘চীতা খান’ নামৰ এজন আবিচিনিয়ান জেইলৰ আছিল। তেতিয়া আজাদে প্ৰস্তাৱ কৰিলে যে সিহঁতে নতুন জেইলাৰ জনক ‘চীতা খান’ নামেৰে মাতিব। চীতা খান জাপানীসকলে আন্দামান আক্ৰমণ কৰাৰ সময়ত পোর্টব্লেয়াৰত আছিল।

২৫ আগষ্টত আজাদে ভাইচৰয়লৈ এটি পত্ৰ লিখিছিল। সেই পত্ৰটোত তেওঁ লিখিছিল যে সিহঁতৰ লগত চৰকাৰে অমানবীয় আচৰণ কৰিছে কাৰণ সিহঁতক বৰ্হিঃজগতৰ লগত কোনো যোগাযোগ ৰাখিবলৈ দিয়া নাই। 

দুসপ্তাহৰ পিছত চীতা খানে আহি কৈছিল যে চৰকাৰৰ পৰা এক নিৰ্দ্দেশ আহিছে যে বন্দীসকলে সপ্তাহত এদিন নিজৰ নিজৰ আত্বীয়-স্বজনলৈ চিঠি লিখিব পাৰিব। সিহঁতক সিদিনাৰ পৰা ‘টাইমচ অফ ইণ্ডিয়া’ নামৰ বাতৰি কাকতো যোগান ধৰা হৈছিল।

পিছ দিনাখন আজাদে চীতা খানক ‘টাইমচ অফ ইণ্ডিয়া’ৰ বিগত দিনবোৰৰ এটাকৈ কপি বিচাৰিছিল। তাৰ তিনিদিন পিছত চীতা খানে আজাদক কাকতখনৰ বিগত পোন্ধৰদিনৰ আটাইবোৰ কপি যোগাৰ কৰি দিছিল। কাকতবোৰ পঢ়ি সিহঁতে জানিব পাৰিলে যে সিহঁত গ্ৰেপ্তাৰ হোৱাৰ পিছত গোটেই দেশজুৰি তোলপাৰ লাগিছে। বংগদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, বম্বে আদি প্রদেশবোৰত চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম পূৰ্ণোদ্যমে চলি আছে। চৰকাৰেও দমনমূলক নীতি গ্ৰহণ কৰি বহুতো মানুহক গ্ৰেপ্তাৰ কৰিছে আৰু পুলিচৰ গুলিত বহুতে প্ৰাণ হেৰুৱাইছে। ঠায়ে ঠায়ে যোগাযোগ বিচ্ছিন্ন হৈছে। কাৰখানাবোৰ বন্ধ কৰা হৈছে। পুলিচ থানা আক্ৰমণ কৰা হৈছে আৰু পুৰি পেলোৱা হৈছে। মুঠতে গোটেই দেশ জুৰি বিশৃঙ্খলাৰ সৃষ্টি হৈছে।

আবুল কালাম আজাদে কলিকতাৰ নিজ ঘৰৰ পৰা বম্বেলৈ ৰাওনা হোৱাৰ সময়ত তেওঁৰ স্ত্ৰী শাৰীৰিকভাৱে অসুস্থ আছিল। আজাদৰ গ্ৰেপ্তাৰৰ বাতৰিয়ে তাইক বেছিকৈ উদ্বেগী কৰি তুলিছিল আৰু ইয়ে তাইৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছিল। ১৯৪৪ চনৰ প্ৰথম ভাগতে আজাদে ঘৰৰ পৰা এখন চিঠি পালে। চিঠিটো পঢ়ি তেওঁৰ স্ত্ৰীৰ অসুখ বেছি হোৱা বুলি জানিব পাৰিলে। ইয়াৰ কিছুদিন পিছত তেওঁ আন এখন চিঠি পালে। চিঠিটোত তেওঁৰ স্ত্ৰীৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰা আছিল। তাইৰ ডক্টৰে পৰিয়ালৰ হৈ চৰকাৰলৈ আবেদন জনাইছিল যেন  আজাদক এবাৰৰ বাবে ঘৰলৈ আহিবলৈ  অনুমতি প্ৰদান কৰে কিয়নো আজাদৰ স্ত্ৰী জীয়াই থকাৰ আশা অতি ক্ষীণ। আজাদেও ভাইচৰয়লৈ চিঠি লিখিছিল যদিও চৰকাৰ পৰা কোনো সঁহাৰি নাপালে।

ইয়াৰ পিছত এপ্ৰিল মাহৰ কোনোবা এদিন চীতা খানে দুপৰীয়া আহি আজাদক এখন টেলিগ্ৰাম দিলে। টেলিগ্ৰাম পঢ়ি আজাদে জানিব পাৰিলে যে তেওঁৰ স্ত্ৰী জুলেইখা বেগমৰ মৃত্যু হৈছে।

ইতিমধ্যে স্বাস্থ্যজনিত কাৰণত মহাত্মা গান্ধীক মুক্তি দিয়া হৈছিল। আজাদ আৰু জৱাহৰলাল নেহৰুৱে ভাবিছিল যে সম্ভৱত সিহঁতৰো মুক্তিৰ দিন ওচৰ চাপি আহিছে। কিন্তু সিহঁতে নিশ্চয়কৈ একো জনা নাছিল। ১৯৪৪ চনৰ শেষ ভাগত ভাৰত চৰকাৰে সিদ্ধান্তলৈ আহিছিল যে কংগ্ৰেছ নেতাসকলক আহম্মদ নগৰ কিল্লা জেলত বন্ধী কৰি ৰখাটো ঠিক নহ’ব। চৰকাৰে সিহঁতক সেইখন জেলত বন্দী কৰি ৰখাৰ কেইবাটাও কাৰণ আছিল।

প্ৰথম, বন্দীসকলক আহম্মদ নগৰ কিল্লা জেইলখনত ৰখাৰ ফলত চৰকাৰে  গোপনীয়তা ৰক্ষা হ’ব বুলি ভাবিছিল। 

দ্বিতীয়, আহম্মদ নগৰ জেইলৰ ওচৰে পাজৰে ভাৰতীয় লোকৰ বসতি নাছিল। তাত বহুতো ইউৰোপীয় লোকে বিশেষকৈ সেনা বাহিনীৰ লোক আছিল। ফলস্বৰূপে চৰকাৰে ভাৱিছিল যে কংগ্ৰেছৰ নেতাসকলক আহম্মদ নগৰত বন্দী কৰি ৰাখিলে বন্দীসকলে বাহিৰা জগতৰ লগত যোগাযোগ কৰিব নোৱাৰিব।

বন্দীসকলে সিহঁতৰ আটকাধীন সমযছোৱাত এজনো ভাৰতীয় লোক তাত দেখিবলৈ পোৱা নাছিল। এবাৰ কিল্লাৰ বেৰ মেৰামতি কৰিব লগা হৈছিল যদিও চৰকাৰে ইউৰোপীয় বনুৱা নিয়োগ কৰিছিল।

চৰকাৰে ভাৱিছিল যে সেই জেলত বন্দীসকলক ৰখাৰ ফলত গোপনীয়তা ৰক্ষা পাইছে । কিন্তু প্ৰকৃত পক্ষে চৰকাৰ বিফল হৈছিল। মাত্ৰ কেই সপ্তাহৰ ভিতৰতে গোটেই ভাৰবৰ্ষৰ মানুহেই জানিব পাৰিছিল যে সিহঁত আহম্মদ নগৰ কিল্লা জেলত বন্ধী হৈ আছে।

অৱশেষত চৰকাৰে ভাৱিছিল যে বন্দীসকলক সেনা বাহিনীৰ জেলত বন্ধী কৰি ৰখাটো উচিত নহ’ব আৰু সিহঁতক অসামৰিক জেইলৈ স্থানান্তৰ কৰা উচিত। সেয়ে প্ৰথমতে চৰকাৰে শংকৰ ৰাও দেও আৰু চৰ্দাৰ পেটেলক পুনা জেললৈ স্থানান্তৰ কৰে। মিষ্টাৰ আছাফ আলিক বাটালা জেললৈ পঠিওৱা হয়- যিখন জেললৈ সাধাৰণতে দিল্লীৰ ৰাজনৈতিক বন্দীসকলক ৰখা হৈছিল।

জৱাহৰলাল নেহৰুক প্ৰথমতে এলাহাবাদৰ ওচৰৰ নাইনি জেললৈ আৰু তাৰ পিছত আলমুৰালৈ স্থানান্তৰ কৰা হৈছিল। জৱাহৰলাল নেহৰু আহম্মদ নগৰ কিল্লা জেল এৰি যোৱাৰ সময়ত আজাদক কৈছিল, ‘সম্ভৱত আমাৰ মুক্তিৰ দিন ওচৰ চাপি আহি আছে। আপুনি যদি অলপতে মুক্তি পায় তেন্তে মুক্তি পাইয়ে কংগ্ৰেছৰ কোনো সভা আহ্বান নকৰিব। আপুনি স্বাস্থ্যজনিত কাৰণত কিছুদিন জিৰণিত থকাৰ প্ৰয়োজন আছে। ময়ো এখন কিতাপ লিখাত ব্যস্ত আছো।’

যেতিয়া আজাদৰ স্থানান্তৰৰ সময় আহিল তেতিয়া চীতা খানে আহি আজাদক কৈছিল যে যিহেতু আজাদৰ স্বাস্থ্যৰ অৱনতি হৈছে গতিকে কলিকতাৰ সেমেকা জলবায়ুত থকাটো উচিত নহ’ব। তেওঁক বংগৰ কোনো শুকান ঠাইলৈ পঠিওৱা উচিত হ’ব। 

তাৰ কেইদিনমান পিছত চীতা খানে আহি আজাদক জেলখন এৰি যাবলৈ সাজু হ’বলৈ ক’লে। আজাদৰ বস্তু-বাহানিবোৰ  এখন গাড়ীত উঠোৱা হ’ল। অলপ পিছতে গাড়ীখন চলিবলৈ ধৰিলে। গাড়ীখন কিন্তু আহম্মদ নগৰ গাড়ী আস্থানত নৰ’ল। ইয়াৰ কাৰণ চৰকাৰে আজাদৰ গতিৰ বিষয়টো জনসাধাৰণৰ পৰা গোপন ৰাখিব বিচাৰিছিল।

আহম্মদ নগৰ জেলত থকা সময়খিনিত আজাদে অতিকৈ মানসিক চাপৰ মাজত কটাবলগীয়া হৈছিল। তেওঁৰ ওজন স্বাভাৱিক ওজনতকৈ বিশ কিলোগ্ৰাম কমি গৈছিল। মানসিক চাপে তেওঁৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া কৰিছিল। তেওঁৰ মুখৰ ৰুচি সম্পূৰ্ণৰূপে কমি গৈছিল; কোনো খাদ্য খাবলৈ অপাৰগ হৈছিল।

এজন চি আই ডি বিষয়া কলিকতাৰ পৰা তেওঁক আনিবলৈ পঠিয়াই দিয়া হৈছিল। যেতিয়া তেওঁ ষ্টেচনটো পাইছিল তেতিয়া চীতা খানে আজাদক চি আই ডি বিষয়াজনৰ হাতত চমজাই দিছিল। সিহঁতে আহম্মদ নগৰৰ পৰা কল্যাণ হৈ আচানচললৈ গৈছিল। আচানচলত আজাদক বিশ্ৰাম আগাৰলৈ লৈ যোৱা হৈছিল য’ত তেওঁৰ বাবে বিশেষ ব্যৱস্থা ৰখা হৈছিল। আজাদৰ বিষয় গোপনে ৰখাৰ সকলো ব্যৱস্থা কৰা সত্বেও কেনেবাকৈ প্ৰেছৰ মানুহে খবৰ পাইছিল আৰু সিহঁতে আজাদক চাবলৈ সেই ঠাই পাইছিলগৈ। কলকাতা আৰু এলাহাবাদৰ পৰাও মানুহ আচানচললৈ গৈছিল। স্থানীয় মানুহেও আজাদক চাবলৈ সেই ঠাইত জুম বান্ধি আছিল।

পুলিচ অধীক্ষকজনে আচানচলত আজাদক চমজাই লৈছিল আৰু আজাদক কৈছিল যে আজাদে সমবেত মানুহৰ লগত কথা পতাত ব্যক্তিগতভাৱে তেওঁৰ কোনো ধৰণৰ আপত্তি নাই যদিও চৰকাৰৰ পৰা কঠোৰভাৱে নিষেধ কৰা আছে। গতিকে সমেবত মানুহৰ লগত কথা পাতিবলৈ নিদি পুলিচ অধীক্ষকজনে আজাদক ওপৰ মহলালৈ লৈ গ’ল।

পুলিচ অধীক্ষকজন ঢাকাৰ লোক আছিল। তেওঁৰ লগত তেওঁৰ পত্নীও আছিল। সিহঁত দুজনেই আজাদক ভাল ব্যৱহাৰ কৰিছিল।  পুলিচ অধীক্ষকৰ পত্নীজনীয়ে আজাদৰ পৰা অটোগ্ৰাফ লৈছিল। সিহঁতে আজাদক আৰামত ৰাখিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছিল।

সন্ধিয়া চাৰি বজাত বানকোৰাৰ ৰেল আহি পালে। আজাদক প্লেটফৰ্মলৈ লৈ যোৱা হ’ল। তাত তেওঁ দেখা পালে যে গোটেই প্লেটফৰ্মটো মানুহেৰে ভৰি পৰিছে। স্থানীয় লোকৰ উপৰিও কলিকতা, এলাহাবাদ আৰু লাখনৌৰ পৰাও মানুহ আহিছে। পুলিচ অধীক্ষকজন আজাদৰ বিষয় লৈ উদ্বিগ্ন হৈ উঠিল। তেওঁ বিচাৰিছিল যেন আজাদে কাৰো লগত কথা নাপাতে। দিনটো আছিল অতিপাত গৰম। পুলিচ অধীক্ষকজনে আজাদৰ মূৰৰ ওপৰত ছাতি এটি মেলি ধৰিছিল। মানুহৰ জুমৰ পৰা আজাদক লুকুৱাবলৈ ছাতিটোৰে আজাদৰ মুখমণ্ডল ঢাকি ধৰিছিল। 

ভিৰ কৰি থকা মানুহৰ লগত কথা পাতিবলৈ আজাদৰ কোনো আকাঙ্খা নাছিল। কিন্তু যেতিয়া তেওঁ দেখা পালে যে মানুহবোৰে মাত্ৰ তেওঁক চাবলৈ ইমান দূৰৰ পৰা আহিছে গতিকে সিহঁতৰ লগত দুই-এষাৰ কথা নাপাতিলে বা তেওঁক এচমকা দেখা নাপালে বেয়া দেখি বাবেই  পুলিচ অধীক্ষকজনৰ হাতৰ পৰা আজদে ছাতিটো  হাতত লৈ জপাই দিলে।  মানুহে আজাদক দেখা পাই তেওঁৰ পিনে দৌৰি আহিল। আজাদে কাৰো লগত ব্যক্তিগতভাবে কথা পতা নাছিল যদিও সকলোৰে উদ্দেশ্য কৰি হাঁহি হাঁহি দুই এষাৰ কথা কৈছিল।

মানুহলৈ হাত জোকাৰি আজাদে ৰেলৰ ডবাত উঠিছিল। মানুহে তেওঁক চাবলৈ বলিয়াৰ দৰে দৌৰি থাকিল। ৰেলখনে ষ্টেচন এৰিলে আৰু প্ৰায় সাতমান বজাত ৰেলখন বানকুৰা ৰেল ষ্টেচন পালেগৈ। বানকুৰাৰ পুলিচ অধীক্ষকজনে আজাদক চমজি ললে আৰু কেইজনমান পুলিচ লগত লৈ আজাদক নগৰখনৰ বাহিৰত থকা এটি দুমহলীয়া বাঙ্গালোলৈ লৈ গ’ল।

এপ্ৰিল মাহ আহি পাইছিল আৰু ক্ৰমান্বয়ে বতৰ গৰম হৈ আহি  আছিল। সন্ধিয়া আৰু ৰাতিপুৱা আজাদে প্ৰথম মহলাৰ বাৰান্দাত বহিবলৈ লৈছিল আৰু আৰাম অনুভৱ কৰিছিল। কিন্তু দুপৰীয়া অতিপাত গৰম পৰিছিল। তেওঁৰ ৰূমত এটি বৈদ্যুতিন পাঙ্খা আছিল আৰু খাবলৈ বৰফো আছিল যদিও সেইেবাৰেৰে গৰমৰ উৎপাত কমাব পৰা নাছিল। তেতিয়া তেওঁৰ তদাৰককাৰী পুলিচ বিষয়াই এদিন তেওঁক কৈছিল যে  আজাদক এনেকুৱা গৰম স্থানৰ পৰা আন এটি স্থানলৈ স্থানান্তৰ কৰিবলৈ তেওঁ চৰকাৰলৈ লিখিছে। তেতিয়াৰ পৰা তেওঁ আন ঠাইলৈ স্থানান্তৰ হোৱাৰ আদেশ পোৱালৈকে বাট চাই থাকিল। 

ভাল ৰান্ধনী পোৱাটো অতিকৈ জটিল আছিল। কিন্তু সৌভাগ্যক্ৰমে তাত এজন ভাল ৰান্ধনি পোৱা গৈছিল। আজাদে তেওঁৰ ৰন্ধা খাদ্য খাই ইমানেই ভাল পাইছিল যে আজাদে জেলৰ পৰা মুক্তি পোৱাৰ পিছতো তেওঁক কলিকতালৈ লৈ গৈছিল।

ইতিমধ্যে কোৱা হৈছে যে আজাদ আহম্মদ নগৰলৈ যোৱাৰ সময়ত লগত এটি ৰেডিঅ’ লৈ গৈছিল। ৰেডিঅ’টো পুলিছে বাজেয়াপ্ত কৰিছিল আৰু সেইটো আহম্মদ নগৰ জেইলৰ অধীক্ষক চীতা খানে ব্যৱহাৰ কৰিবলৈ লৈছিল। আহম্মদ নগৰত থকালৈকে তেওঁ সেই ৰেডিঅ’টো দ্বিতীয়বাৰ দেখা পোৱা নাছিল। কিন্তু যেতিয়া তেওঁক আহম্মদ নগৰৰ পৰা স্থানান্তৰ কৰা হৈছিল তেতিয়া সেই ৰেডিঅ’টো তেওঁৰ বস্তু-বাহানিৰ লগত ভৰাই দিয়া হৈছিল। এই সময়ত যেতিয়া তেওঁ ৰেডিঅ’টো ব্যৱহাৰ কৰিবলৈ লৈছিল তেতিয়া সেইটোৱে আৰু কাম কৰা নাছিল। কিন্তু বানকুৰাত আটকাধীন হৈ থকা কালত বানকুৰাৰ জিলা ন্যায়াধীশজনে আজাদক এটি ৰেডিঅ’ দিছিল আৰু তেতিয়াৰ পৰা তেওঁ বিশ্বৰ বাতৰিবোৰ জানিব পাৰিছিল।

এপ্ৰিল মাহৰ শেষৰ পিনে প্ৰেছ ৰিপোর্টৰ পৰা জানিব পৰা গৈছিল যে আছাফ আলি বাটালা জেলত বেয়াকৈ অসুস্থ হৈছিল আৰু চৰকাৰে অৱশেষত তেওঁক মুক্তি দি দিল্লীলৈ পঠিয়াই দিছিল।

১৯৪৪ চনৰ মে মাহত লৰ্ড ওবাবেলে ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু মে মাহৰ শেষৰ পিনে তেওঁ ওভতি আহিছিল। এদিনাখন দিল্লী ৰেডিঅ’ বাতৰিত আজাদে জানিব পাৰে যে চৰকাৰে ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিৰ সমাধান কল্পে এক নতুন পদক্ষেপ ল’ব । চিমলাত এখন সন্মিলন পতা হ’ব আৰু তালৈ কংগ্ৰেছ দল, মুছলিম লীগ আৰু অন্যান্য দলৰ নেতাসকলক আমন্ত্ৰণ কৰা হ’ব। কংগ্ৰেছ সভাপতি আৰু কংগ্ৰেছৰ কাৰ্যকৰী সদস্যসকলক জেলৰ পৰা মুকলি কৰি দিয়া হ’ব যাতে সিহঁতে সন্মিলনত ভাগ ল’ব পাৰে।

তাৰ পিছ দিনাখন আজাদে এক নিৰ্দ্দেশ পালে যে তেওঁ আৰু তেওঁৰ সঙ্গীসকলক মুকলি কৰি দিয়া হ’ব।  তেওঁ বাতৰিটো সন্ধিয়া ন বজাত পাইছিল। জিলা ন্যায়াধীশজনে বাতৰিটো শুনিবলৈ পাই তাৰ পৰিপ্ৰেক্ষিতত ৰাতি দহ বজাত তেওঁ আজাদক বাতৰিটো জনাইছিল যদিও তেওঁ লিখিছিল যে তেওঁ তেতিয়াও চৰকাৰৰ পৰা কোনো  নিৰ্দ্দেশ পোৱা নাই আৰু চৰকাৰৰ পৰা নিৰ্দ্দেশ পোৱাৰ লগে লগে তেওঁ আজাদক জনাব। 

সেই মতে মাজৰাতি জেইলাৰজনে আহি আজাদক জনাইছিল যে তেওঁক মুকলি কৰি দিয়াৰ বাবে চৰকাৰৰ পৰা নিৰ্দ্দেশ আহি পাইছে। ৰাতি পাঁচ বজাত কলিকতাৰ পৰা অহা এখন ৰেলত তেওঁৰ কাৰণে প্ৰথম শ্ৰেণীৰ ডবা এটি সংৰক্ষণ কৰি থোৱা আছিল। 

কেইঘন্টামানৰ ভিতৰতে কলিকতাৰ পৰা প্ৰেছৰ মানুহৰ লগতে হাজাৰ হাজাৰ মানুহ আহি পাইছিল। সন্ধিয়া তিনি বজাত স্থানীয় কংগ্ৰেছ কৰ্মীসকলে এটি সভা পাতিছিল আৰু আজাদে তাত এটি সংক্ষিপ্ত ভাষণ দিছিল। তাৰ পিছত তেওঁ সেই ৰেলখনতে কলিকতালৈ যাত্ৰা আৰম্ভ কৰিলে আৰু তাৰ পিছদিনা ৰাতিপুৱা ৰেলখনে হাওৰা পালেগৈ।

হাওৰা ষ্টেচনটো হাজাৰ হাজাৰ মানুহেৰে ঠাহ খাই আছিল। আজাদে অতি কষ্টেৰে ৰেলৰ ডবাৰ পৰা ওলাই আহি নিজৰ গাড়ীত উঠিলে। বঙ্গ কংগ্ৰেছৰ সভাপতি মিচেচ লাৱণ্য প্ৰভা দত্ত আৰু অন্যান্য কেইজনমান স্থানীয় কংগ্ৰেছ নেতা আজাদৰ লগত গাড়ীখনত আছিল। গাড়ীখন এৰাৰ আগ মূহুৰ্তত তেওঁ দেখা পালে যে গাড়ীখনৰ আগে আগে এক বেণ্ড পাৰ্টিয়ে নাচি-নাচি বাদ্যযন্ত্ৰ বজাই আছে। আজাদে বেণ্ড পাৰ্টিটো কিয় আৰু কোনে আনিছে বুলি সোধাত মিচেচ লাৱণ্য প্ৰভা দত্তই ক’লে যে এই পাৰ্টিটো স্থানীয় কংগ্ৰেছী লোকসকলে আজাদৰ মুক্তিৰ উৎসৱ পালনাৰ্থে আয়োজন কৰিছে।  তেতিয়া আজাদে কৈছিল, ‘মই যদিও মুক্তি পাইছো, মোৰ হাজাৰ হাজাৰ সহকৰ্মী এতিয়াও জেলতে আছে। গতিকে  মুক্তিৰ উল্লাস এতিয়াই বন্ধ কৰি দিব লাগে।

গাড়ীখনে গতি লোৱাৰ লগে লগে আজাদৰ মন অতীতলৈ উৰা মাৰিলে। তেওঁ মনত পেলালে সেই তিনি বছৰ আগত তেওঁ কলিকতা এৰি বম্বেলৈ যাত্ৰা কৰা দিনটোৰ কথা। তেওঁৰ পত্নী জুলেইখা বেগমে তেওঁক গেটলৈকে আগবঢ়াই দিছিল। তেওঁ এতিয়া তিনি বছৰ পিছত বম্বেৰ পৰা কলিকতালৈ ঘৰলৈ ওভতি আহি আছে। এতিয়া তেওঁক আদৰি ল’বলৈ মৰমৰ সেই জুলেইখা বেগম নাই। তাই এতিয়া কবৰত নীৰৱে শুই আছে। ঘৰখন তেওঁৰ বাবে  শূন্য অনুভৱ হ’ব। তেতিয়া তেওঁৰ মনলৈ ইংৰাজ কবি উইলিয়াম ওৱৰ্ডচওৱৰ্থৰ কবিতা দুশাৰী মনত পৰিল:

“হায়! তাই এতিয়া কবৰত আছে 

আৰু কবৰ খনেই হৈছে তাই আাৰু মোৰ মাজৰ ব্যৱধান।”

আজাদে তেতিয়া ড্ৰাইভাৰজনক গাড়ীখন ঘূৰাবলৈ নিৰ্দ্দেশ দি ক’লে, ‘মই ঘৰ সোমোৱাৰ আগতে মোৰ স্ত্ৰীৰ কবৰটো চাব বিচাৰো।’

আজাদৰ গাড়ীখন ফুলেৰে পৰিপূৰ্ণ হৈ আছিল। তেওঁ এটি ফুলৰ মালা হাতত তুলি ললে আৰু মৰমৰ স্ত্ৰীৰ কবৰৰ ওপৰত জাপি দি¸ মনে মনে কোৰানৰ ‘ফাতিহা’ ছুৰাটো পাঠ কৰিলে। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

ভাৰতৰ স্বাধীনতা লাভ, দেশ বিভাজন আৰু আজাদৰ প্ৰতিক্ৰিয়া

দ্বিতীয় মহাসমৰৰ কালছোৱাতে ভাৰতৰ বাবে  এখন সংবিধান ৰচনা কৰিবলৈ এটা সংবিধান পৰিষদ গঠন কৰি দিয়া হ’ব বুলি বৃটিছ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল। ভাৰতৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইংলণ্ডৰ নৱ গঠিত শ্ৰমিক দলৰ চৰকাৰে ক্ষমতা হস্তান্তৰ  বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ বাধ্য হ’ল। সেইমতে ভাৰতৰ নেতৃবৃন্দৰ লগত আলোচনা কৰিবলৈ বৃটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰত সচিব লৰ্ড পেথিক লৰেন্স, চাৰ ষ্টেফ’ৰ্ড ত্ৰিপছ আৰু এ. ভি. আলেকজেণ্ডাৰক ভাৰতলৈ পঠিয়ায়। এই তিনিওজনেই বৃটিছ মন্ত্ৰীসভাৰ কেবিনেট পৰ্যায়ৰ সদস্য আছিল বাবে  এই সজাতি দলটোক ‘কেবিনেট মিছন’ বুলি কোৱা হয়। 

কেবিনেট মিছনটোৱে দেশৰ বিভিন্ন নেতাৰ লগত আলোচনা কৰি ১৬ মেৰ দিনা কেবিনেট মিছনে এখন দুখলপীয়া যুক্তৰাজ্যৰ আঁচনি দাঙি ধৰে। এই আঁচনিৰ প্ৰধান দিশেবাৰ আছিল –

(১) বৃটিছ ভাৰতৰ প্ৰদেশ আৰু দেশীয় ৰাজ্যসমূহক লৈ ভাৰত এখন যুক্তৰাজ্য হ’ব।

(২) যুক্তৰাজ্য চৰকাৰৰ হাতত বৈদেশিক পৰিক্ৰমা, প্ৰতিৰক্ষা আৰু যোগাযোগ ব্যৱস্থা– এই তিনিটা থাকিব।

(৩) কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত থকা সকলো বিষয় প্ৰদেশসমূহৰ হাতত থাকিব আৰু প্ৰদেশসমূহ এইবোৰ বিষয়ত সম্পূৰ্ণ স্বায়ত্ব শাসিত হ’ব।

(৪) সদ্যহতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক লৈ এখন আন্তঃকালীন চৰকাৰ গঠিত হ’ব।

(৫) আন্তঃকালীন চৰকাৰে স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ এখন সংবিধান পৰিষদ গঠন কৰিব।

আঁচনিখনৰ ওপৰত মতানৈক্য থকা সত্বেও কংগ্ৰেছ আৰু মুছলিম লীগ উভয়ে ইয়াক গ্ৰহণ কৰাত ১৯৪৬ চনৰ জুলাই মাহত সংবিধান পৰিষদ গঠনৰ বাবে নিৰ্বাচন পতা হয়।  নিৰ্বাচনত কংগ্ৰেছে ২১০ খন সাধাৰণ আসনৰ ১৯৯ খন আৰু মুছলিম লীগে মুছলিম আসনৰ ৭৮ খনৰ ৭৩ খন লাভ কৰে। কংগ্ৰেছৰ বিজয়ে  জিন্নাক শঙ্কিত কৰিলে। গতিকে সংবিধান পৰিষদ বহাৰ আগতেই মুছলিম লীগে কেবিনেট মিছনৰ আঁচনি গ্ৰহণ কৰাৰ সিদ্বান্ত বাতিল কৰি পাকিস্থান লাভৰ বাবে  ১৬ আগষ্টৰ দিনটো ‘প্ৰত্যক্ষ সংগ্ৰাম দিৱস’ হিচাপে  পালন কৰিবলৈ আহ্বান  জনায়।

জিন্নাৰ ‘লড়কে লেংগে পাকিস্থান’ ধবনিৰে এই সংগ্ৰাম আৰম্ভ হৈছিল আৰু ইয়াৰ ফলত বিশেষকৈ কলিকতাত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই চহৰত তিনিদিন ধৰি চলা প্ৰচণ্ড সংঘৰ্ষত প্ৰায় ৭০০০ মানুহৰ প্ৰাণ নাশ হৈছিল। নোৱাখালি, বিহাৰ, ত্ৰিপুৰা আৰু পঞ্জাৱতো সংঘৰ্ষ হৈছিল। সাম্প্ৰদায়িক সংগৰ্ষ বন্ধ কৰিবলৈ গান্ধীজীয়ে পূৰ্ববংগ আৰু বিহাৰৰ সংঘৰ্ষ পীড়িত অঞ্চলবোৰ পপদব্রজে ভ্ৰমণ কৰিছিল। এই সংঘৰ্ষৰ ফলত বহুতো নিৰপৰাধী হিন্দু আৰু মুছলমান মানুহৰ প্ৰাণ হানি হৈছিল।

অৱশেষত ২ চেপ্তেম্বৰৰ দিনা লৰ্ড ওভাবেলে  বাৰজন সদস্যক লৈ আন্তঃকালীন চৰকাৰ গঠন কৰিলে। এই চৰকাৰৰ সভাপতি হ’ল ভাইচৰয় নিজে আৰু উপ-সভাপতি হ’ল জৱাহৰলাল নেহৰু। অক্টোবৰত মুছলিম লীগৰ পাঁচজন প্ৰতিনিধিয়ে মন্ত্ৰীসভাত যোগদান কৰিলে। ১৯৪৬ চনৰ ৯ ডিচেম্বৰত সংবিধান সভা বহিল। মুছলিম গীগে আগৰ ঘোষণা অনুসৰি অধিবেশনত যোগদান নকৰিলে। এই সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হয়। মুছলিম লীগে সহযোগ নকৰাত সংবিধান সভাই সুচাৰুৰূপে কায্যনিৰ্বাহ কৰিব নোৱাৰিলে। ফলত কেবিনেট মিছনৰ আঁচনিয়েই ব্যৰ্থ হ’ল।

মুছলিম লীগৰ পাকিস্থান দাবী আৰু কংগ্ৰেছৰ অসহযোগিতাৰ ফলত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খায়। এনে অৱস্থাত ১৯৪৭ খ্ৰীঃৰ ২০ ফেব্রূৱাৰীৰ দিনা বৃটিছ প্ৰধান মন্ত্ৰী মিঃ এটলিয়ে ঘোষণা কৰিলে যে ১৯৪৮ চনৰ জুন মাহৰ ভিতৰত ভাৰতৰ শাসনভাৰ দায়িত্বশীল ভাৰতীয়ৰ হাতত অৰ্পন কৰা হ’ব। এটলিৰ এই ঘোষণাৰ পিছতেই ভাৰতৰ বহুতো ঠাইত পুনৰ সাম্প্ৰদায়িক সংঘৰ্ষ হয়।

১৯৪৭ চনৰ মাৰ্চ মাহত লৰ্ড ওভাবেলৰ স্থানত লৰ্ড মাউন্ট বেটেন ভাৰতৰ ভাইচৰয় হৈ আহে। দ্বিতীয় মহাসমৰৰ সময়ত তেওঁ দক্ষিণ-পূৱ এচিয়াৰ ৰণাঙ্গনত নৌ-বাহিনীৰ দায়িত্বত আছিল। বৃটিছ সংসদে তেওঁক ভাৰতৰ ৰাজনৈতিক ক্ষমতা হস্তান্তৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দ্দেশ দি পঠিয়াইছিল। তেওঁ কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত আলোচনা কৰি ৩ জুন তাৰিখে এখন আঁচনি দাঙি ধৰে। এই আঁচনিৰ মূল বিষয় কেইটা আছিল:

(১) ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত প্ৰজাতন্ত্ৰ আৰু পাকিস্থান – এই দুখন ৰাষ্ট্ৰৰ সৃষ্টি কৰা হ’ব।

(২) বংগ আৰু পঞ্জাৱৰ বিধান পৰিষদৰ মুছলিম সংখ্যাগৰিষ্ঠ জিলাকেইটাৰ সদস্যসকল এভাগে আৰু বাকী সদস্যসকল আনভাগে লগ হৈ সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা প্ৰদেশখন বিভক্ত হয়নে নহয় – তাৰ সিদ্বান্ত ল’ব।

(৩) মুছলিম সংখ্যাগৰিষ্ঠ অসমৰ চিলেট জিলা  আৰু উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গণেভাটৰ দ্বাৰা ক’ত যোগদান কৰিব তাৰ সিদ্বান্ত ল’ব।

(৪) সিন্ধু প্ৰদেশৰ বিধান সভাই ভোটৰ দ্বাৰা যোগদানৰ সিদ্বান্ত ল’ব।

(৫) দেশীয় ৰাজ্যবিলাকে স্বেচ্ছাই যিকোনো এখন ৰাষ্ট্ৰত যোগদান কৰিব বা স্বাধীনভাৱে থাকিব পাৰিব।

কংগ্ৰেজী নেতাসকলে ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষ আৰু হত্যাকাণ্ডৰ অন্ত পেলাবলৈকে, মৰ্মান্তিক বেদনা অনুভৱ কৰা সত্বেও, দেশ বিভাজনত সন্মতি জনালে। কিন্তু তেওঁলোকে সম্প্ৰদায়িক ভিত্তিত বিভাজন নীতি গ্ৰহণ নকৰিলে। তেওঁলোকে মুছলিম লীগৰ অধিক প্ৰাধান্য থকা এলেকাসমূহকে বিভক্ত কৰিবলৈ সন্মত হয়।

ভাৰত প্ৰজাতন্ত্ৰ আৰু পাকিস্থান–এই দুই স্বাধীন ৰাষ্ট্ৰ প্রতিষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ লগে লগেই দেশীয় ৰাজ্য বিলাকে এই দুখন ৰাষ্ট্ৰৰ কোনখনত যোগদান কৰিব সেই লৈ গুঞ্জন উঠিল। দেশীয় ৰাজ্যবিলাকৰ গণ আন্দোলনৰ হেঁচা, গৃহমন্ত্ৰী চৰ্দাৰ পেটেলৰ দৃঢ়তা, মাউন্ট বেটেন আৰু সুচতুৰ ভি. পি. মেননৰ ৰাজনৈতিক কৌশলে ৫৬৫ খন দেশীয় ৰাজ্যৰ ভিতৰত ৫৬২ খনেই ১৫ আগষ্টৰ আগতেই ভাৰত প্ৰজাতন্ত্ৰত যোগদান কৰিলে। জুনাগড়ৰ নবাব, হায়দৰাবাদৰ নিজাম, আৰু জম্বু কাশ্মীৰৰ মহাৰাজে কিছু দিনলৈ হোঁহকা-পিছলা কৰি আছিল। ৰাজ্যৰ জনমতক উপেক্ষা কৰি জুনাগড়ৰ নবাবে পাকিস্থানৰ লগত যোগদান কৰাৰ ইচ্ছা কৰাত ভাৰতীয় সৈন্যবাহিনীয়ে ৰাজ্যখন অধিকাৰ কৰে আৰু গণভোটৰ ভিত্তিত ইয়াক ভাৰত গণৰাজ্যৰ লগত চামিল কৰা হয়। হায়দৰাবদৰ নিজামে স্বাধীনভাৱে থাকিবলৈ চেষ্টা কৰিছিল, কিন্তু ইয়াৰ তেলেঙ্গানা অঞ্চলত এটি ভয়াবহ আভ্যন্তৰীণ বিদ্ৰোহ হোৱাৰ পিছত ভাৰতীয় সৈন্যবাহিনীয়ে হায়দৰাবাদলৈ এটি অভিযান চলাই এই ৰাজ্য ভাৰতৰ অৰ্ন্তভূক্ত কৰে। কাশ্মীৰৰ  জাতীয় সন্মিলনে ৰাজ্যখন ভাৰতৰ লগত যোগদান কৰাটো বিচাৰিছিল যদিও কাশ্মীৰৰ ৰজাই এই বিষয়ত কোনো সিদ্বান্ত ল’ব খোজা নাছিল। অৱশেষত ১৯৪৭ খ্ৰীঃৰ অক্টোবৰ মাহত পাঠানসকলে আৰু পাকিস্থানৰ অস্থায়ী সৈন্যবাহিনীয়ে কাশ্মীৰ আক্ৰমণ কৰাত কাশ্মীৰৰ ৰজাই ভাৰতৰ সহায় বিচাৰিলে আৰু ৰাজ্যখনে ভাৰত প্ৰজাতন্ত্ৰত যোগদান কৰিলে।

১৯৪৭ চনৰ ১৫ আগষ্টৰ ৰাতিপুৱা ইতিহাস প্ৰসিদ্ধ লাল কিল্লাত এক বিৰাট জনতাৰ সন্মুখত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰিলে। সমগ্ৰ ভাৰত জুৰি আনন্দ আৰু উল্লাসেৰে দেশৰ প্ৰথম স্বাধীনতা দিৱস পালন কৰা হয়। বহুতো সংগ্ৰাম, আন্দোলন আৰু হাজাৰ হাজাৰ শ্বহীদৰ তেজৰ বিনিময়ত অৱশেষত ভাৰতবৰ্ষই পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতা লাভ কৰিলে।

১৯৪৭ চনৰ ‘ভাৰতৰ স্বাধীনতা আইন’ অনুসৰি জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী হোৱাৰ গৌৰৱ অৰ্জন কৰে আৰু তেওঁৰ অধীনত এখন মন্ত্ৰী সভা গঠন কৰা হয়। মন্ত্ৰীসভাই লৰ্ড মাউন্ট বেটেনক স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল মনোনীত কৰে। ১৪ আগষ্টৰ দিনা ভাৰতক দ্বিখণ্ডিত কৰি জন্মলাভ কৰা পাকিস্থানত লিয়াকৎ আলিৰ নেতৃত্বত মন্ত্ৰীসভাই মহম্মদ আলি জিন্নাক সেই ৰাষ্ট্ৰৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পাতে।

ভাৰত স্বাধীন হ’ল। কিন্তু বিশাল ভাৰত ভাঙি ‘ভাৰত’ আৰু ‘পাকিস্থান’ নামে দুই ৰাষ্ট্ৰৰ জন্ম হোৱাত ভাৰতৰ কেইজনমান মহান নেতাৰ মন ভাঙি  পৰিল। সেইসকলৰ ভিতৰত মহাত্মা গান্ধী, মৌলনা আবুল কালাম আজাদ, খান আব্দুল গফুৰ খানে অতিকৈ শোক পাইছিল। ভাৰতে স্বাধীনতা পোৱাৰ সময়ত হাজাৰ হাজাৰ লোক সম্প্ৰদায়িক সংৰ্ঘত নিহত হোৱাত মহাত্মা গান্ধী কান্দোনত ভাঙি  পৰিছিল। আবুল কালাম আজাদে শোক কৰি কৈছিল, ‘আমি স্বাধীন হ’লো কিন্তু ইমান দিনে পুহি ৰখা এক বিশাল ভাৰত সাম্ৰাজ্যৰ সোণালী স্বপ্ন ভাঙি চুৰমাৰ হ’ল।’ ০ ০ ০

মৌলানা আবুল কালাম আজাদ

 

স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী হিচােপ আজাদ

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে আৰু জৱাহৰলাল নেহৰুৰ নেতৃত্বত মন্ত্ৰীসভা গঠন কৰা হয়। আবুল কালাম আজাদ নেহৰু মন্ত্ৰীসভাৰ পূৰ্ণ পৰ্যায়ৰ শিক্ষা মন্ত্ৰীৰ দায়িত্ব লাভ কৰে আৰু তেওঁ ১৯৫৮  চনৰ ২২ ফেব্রূয়াৰীলৈ অৰ্থাৎ তেওঁৰ মৃত্যুলৈকে এই পদত বাহাল থাকে। আবুল কালাম আজাদ আছিল এজন পণ্ডিত ব্যক্তি। তেওঁৰ কেইবাটাও ভাষাত বুৎপত্তি আছিল, যেনে- আৰবী, পাৰ্চী, উৰ্দ্দু, হিন্দী, বঙালী, ইংৰাজী আদি। তেওঁৰ বিশেষকৈ কোনো আনুষ্ঠানিক শিক্ষা নাছিল যদিও তেওঁ ঘৰতে প্ৰথমে পিতৃৰ দ্বাৰা আৰু পিছলৈ ব্যক্তিগত ঘৰুৱা শিক্ষকৰ অধীনত শিক্ষা লাভ কৰি পোন্ধৰ বছৰ বয়সতে বিভিন্ন শাস্ত্ৰত পাণ্ডিত্য অৰ্জ্জ্বন কৰে। তেওঁৰ শিক্ষা দৰ্শনৰ মূলতে আছিল ইছলামীয় শিক্ষা পদ্ধতি আৰু আধুনিক পশ্চিমীয়া শিক্ষা পদ্ধতিৰ এক ৰাসায়নিক সংমিশ্ৰণ।

ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰে, তেতিয়া ভাৰতত দুই ধৰণৰ শিক্ষা পদ্ধতিৰ প্ৰচলন আছিল। প্ৰথম, পৰম্পৰাগত শিক্ষা পদ্ধতি যি পদ্ধতিত টোল বা ঘৰুৱা শিক্ষকৰ জৰিয়তে ল’ৰা-ছোৱালীক ধৰ্মীয় আৰু নৈতিক শিক্ষা প্ৰদান কৰা হৈছিল। দ্বিতীয়তে, পশ্চিমীয়া শিক্ষা পদ্ধতি – যি শিক্ষা পদ্ধতিত স্কুল-কলেজত পশ্চিমীয়া কলা-সংস্কৃতি, সাহিত্য, বিজ্ঞান, গণিত আদি শিক্ষা দিয়া হৈছিল। এই  শিক্ষা পদ্ধতিত ধৰ্মীয় আৰু নৈতিক শিক্ষা প্ৰদানৰ কোনো  ব্যৱস্থা নাছিল। এই শিক্ষা পদ্ধতিৰ প্ৰধান উদ্দেশ্যটো আছিল- ইংৰাজসকলৰ ভাৰত শাসন কাৰ্যত সহায় হোৱাকৈ এক শ্ৰেণীৰ আমোলাৰ সৃষ্টি কৰা।  আবুল কালাম আজাদ এই দুয়ো শ্ৰেণীৰ শিক্ষা পদ্ধতিৰ ঘোৰ সমালোচক আছিল আৰু  ছাত্ৰ অৱস্থাৰ পৰাই এক কল্যাণমূলক সাবৰ্বজনীন শিক্ষা ব্যৱস্থাৰ পোষকতা কৰিছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰীৰ দায়িত্ব পোৱাৰ লগে লগে ভাৰতৰ শিক্ষা ব্যৱস্থ্যৰ আমূল পৰিবৰ্তন সাধন কৰাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰে। মৌলানা আবুল কালাম আজাদ নিজেই এক অনুষ্ঠান আছিল। তেওঁ জাতীয়তাবাদ, গণতন্ত্ৰ, স্বাধীনতা আৰু যুক্তিবাদৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ভাৰতৰ জাতীয় শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অকল বিশালেই নহয়, ঐতিহাসিক পটভূমিৰ দিশৰ পৰা বিশেষ গুৰুত্বপূৰ্ণও। তেওঁ গতিশীল আৰু ভাৱবাদী শিক্ষাবিদ হ’লেও তেওঁ দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূলকৰণ, নিৰক্ষৰতা দূৰীকৰণ আৰু লিঙ্গ-পাৰ্থক্য আঁতৰকৰণৰ বাবে শিক্ষাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ মানসিকতা পোষণ কৰিছিল। তেওঁ দেশৰ শিক্ষা পদ্ধতিটো পুনৰ গঠন কৰিবলৈ তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

চৰকাৰৰ শৈক্ষিক সংস্কাৰ বিভাগৰ সভাপতি হিচাপে কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্যায়ত মৌলানা আজাদে এক সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ অনুমোদন কৰিছিল। তেওঁ ল’ৰা-ছোৱালীক চৈধ্য বছৰ বয়সলৈ প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ ওপৰত জোৰ দিছিল।  তেওঁ বুজি পাইছিল যে দেশৰ প্ৰগতিৰ বাবে শিক্ষা ব্যৱস্থাটো প্ৰায়োগিক, বাস্তৱবাদী আৰু গতিশীল হোৱা উচিত যাতে সমাজৰ প্ৰয়োজন আৰু দাবী পূৰণ কৰিব পাৰে। আজাদে কৈছিল, ‘দেশ এখনৰ সম্পদ ইয়াৰ বেংকসমূহৰ ওপৰত নহয় প্ৰকৃত সম্পদ লুকাই আছে ইয়াৰ প্ৰাথমিক বিদ্যালয়সমূহতহে।’

তেওঁৰ মতে শিক্ষাৰ কেইবাটাও পৰ্যায় আছে। তাৰ ভিতৰত চেকণ্ডাৰী শিক্ষা অতি গুৰুত্বপূৰ্ণ। তেওঁ কৈছিল যে চেকণ্ডাৰী শিক্ষাৰ তিনিটা স্তৰ আছে, যথা- প্ৰাথমিক, মধ্য আৰু উচ্চ। এই তিনিটাৰ ভিতৰত প্ৰাথমিক আৰু মধ্য স্তৰটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণ এই দুটা স্তৰে উচ্চ শিক্ষাৰ ভেটি নিৰ্মাণ কৰে। যদি এই দুটা স্তৰৰ শিক্ষা দুবৰ্বল হয় তেন্তে বাকীবোৰ স্তৰ নিশ্চয় দুবৰ্বল হ’ব। তেওঁ স্বাধীন ভাৰতৰ শিক্ষা মন্ত্ৰী হৈ থকা কালত শিক্ষা ব্যৱস্থাক আধুনিকতাৰ দিশলৈ আগুৱাই নিবৰ বাবে  তলত দিয়া দিশবোৰৰ প্ৰতি গুৰুত্ব দিয়ে-

প্ৰথমত, তেওঁ সেই সময়ত ঠায়ে ঠায়ে চলি থকা ইছলামীয় শিক্ষা ব্যৱস্থা অৰ্থাৎ মাদ্ৰাছা শিক্ষা পদ্ধতিৰ সমালোচনা কৰি মাদ্ৰাছাসমূহত আধুনিক বিজ্ঞান, গণিত, সাহিত্য, দৰ্শন আদি বিষয় সংযোজন কৰাৰ পোষকতা কৰিছিল। কাৰণ তেওঁ দেখা পাইছিল যে ইছলামীয় শিক্ষা পদ্ধতিটো অতি সংকীৰ্ণ। সেইবোৰ অনুষ্ঠানত পৰম্পৰাগত ইছলামীয় শিক্ষাহে দিয়া হয়। সেইবোৰত আধুনিক প্ৰগতিশীল কোনো বিষয় শিকোৱা নহয়- যাৰ বাবে এনে অনুষ্ঠানসমূহত শিক্ষা লাভ কৰা ল’ৰা-ছোৱালীৰ জ্ঞানৰ পৰিসৰ সংকীৰ্ণ হয়। তেওঁ অনুধাৱন কৰিবলৈ সমৰ্থ হৈছিল যে সমাজ বা দেশ এখন আগুৱাই যাবৰ হ’লে বিজ্ঞান, ভূগোল, সাহিত্য, গণিত আদি বিভিন্ন বিষয় শিকাৰ  প্ৰয়োজন আছে। এই ক্ষেত্ৰত তেওঁ ইছলামীয় পণ্ডিত চাৰ চৈয়দ আহম্মদৰ শিক্ষা দৰ্শনৰ দ্ধাৰা অনুপ্ৰাণিত হৈছিল। তেওঁ বিদ্যালয়সমূহত ধৰ্মীয় শিক্ষা দিয়াৰ পোষকতা কৰিছিল এক বৃহৎ উদাৰনৈতিক দৃষ্টিভঙ্গী আগত ৰাখিহে। 

দ্বিতীয়তে, তেওঁ নাৰী শিক্ষাৰো পোষকতা কৰিছিল আৰু নাৰীসকলে যাতে পুৰুষৰ দৰেই শিক্ষা লাভ কৰি সমাজ বা দেশ এখন সার্বিক উন্নয়নৰ দিশলৈ আগবঢ়াই নিয়াত পুৰুষৰ লগত সহযোগিতা আগবঢ়াব পাৰে তাৰ বাবে মাত মাতিছিল।

তৃতীয়তে, মৌলানা আবুল কালাম আজাদে উচ্চ আৰু কাৰিকৰী শিক্ষাৰ পোষকতা কৰি কৈছিল যে জাতীয় শিক্ষাৰ উন্নয়নৰ বাবে কেন্দ্ৰই ৰাজ্যসমূহৰ লগত সহ-দায়িত্ব পালন কৰিব লাগিব। সেই ভাবিয়েই তেওঁ ১৯৪৮ চনত ‘ইউনিভাৰচিটি ইডুকেশন কমিচন’, ১৯৫২ চনত ‘চেকেণ্ডাৰী ইডুকেশন কমিচন’ গঠন কৰিছিল। তেওঁ আনকি ১৯৫৩ চনত ‘ইউনিভাৰচিটি গ্ৰান্ট কমিচন’ গঠন কৰে। তেওঁ বিশ্বাস কৰিছিল যে যদিহে বিশ্ববিদ্যালয়সমূহে নিজৰ নিজৰ ভূমিকা সূচলভাৱে পালন কৰিব পাৰে, তেন্তে নিশ্চয় জাতিটো  আগবাঢ়ি যাব। কাৰিকৰী শিক্ষাৰ বাবে তেওঁৰ প্ৰচেষ্টাতে ১৯৫১ চনত খৰ্গপুৰত ‘ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন’ল’জী’ স্থাপন কৰা হয়। এই অনুষ্ঠানটো উদ্বোধন কৰা সময়ত তেওঁ কৈছিল, ‘আমি নিশ্চয় উচ্চ শিক্ষাৰ দুৱাৰ মুকলি কৰিব লাগিব যাতে আমি আমাৰ প্ৰয়োজন নিজেই পূৰণ কৰিব পাৰো।’ পিছলৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন’লজীৰ আৰ্হিত বম্বে, মাদ্ৰাজ, কানপুৰ, দিল্লী, গুৱাহাটী, ভূৱনেশ্বৰ, পাটনা আদি বিভিন্ন স্থানত কাৰীকৰি শিক্ষাৰ অনুষ্ঠান স্থাপন কৰা হয়।

মুঠতে আবুল কালম আজাদৰ সময়ৰ পৰাই তেওঁৰ আন্তৰিক প্ৰচেষ্টাৰ পৰিণাম স্বৰুপে ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাই  প্ৰকৃতাৰ্থত আধুনিকতাৰ দিশলৈ গতি কৰে বুলি ক’ব পাৰি।

এইজন মহান পণ্ডিত, স্বাধীনতা বিপ্লৱী, উদাৰনৈতিক ৰাজনৈতিক নেতা, হিন্দু-মুছলমান ঐক্যৰ হোতা, লিখক, সমালোচক আৰু স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদে ৭০ বছৰ বয়সত ১৯৫৮ চনৰ ২২ ফেব্রূৱাৰীত  ইহলীলা সম্বৰণ কৰে। তেওঁৰ নশ্বৰ দেহাটো  দিল্লীৰ জামে মছজিদৰ ওচৰত কবৰ দিয়া হয়। দেশবাসীলৈ দি থৈ যোৱা অৱদানৰ বাবে স্বাধীন ভাৰতৰ  ইতিহাসত এইজন মহান ব্যক্তিৰ নাম চিৰ দিন অমৰ হৈ থাকিব। ০ ০ ০

মৌলানা আবুল কালাম আজাদ

সমাপ্ত

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

 

95 Comments

  1. Pingback: ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা - Growhills Publishing

  2. Pingback: HSLC Exam Que Paper English 2016 - Growhills Publishing

  3. Pingback: HSLC Exam Que Paper English 2017 - Growhills Publishing

  4. Pingback: HSLC Exam Que Paper English 2018 - Growhills Publishing

  5. Pingback: HSLC Exam Que Paper English 2015 - Growhills Publishing

  6. Pingback: HSLC Exam Que Paper Assamese 2019 - Growhills Publishing

  7. Pingback: HSLC Exam Que Paper Social Science 2019 - Growhills Publishing

  8. Pingback: HSLC Exam Que Paper Social Science 2017 - Growhills Publishing

  9. Pingback: আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা - Growhills Publishing

  10. Pingback: ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে - Growhills Publishing

  11. Pingback: HSLC Exam Que Paper Assamese 2020 - Growhills Publishing

  12. Pingback: HSLC Exam Que Paper Social Science 2020 - Growhills Publishing

  13. Pingback: HSLC Exam Que Paper Science 2015 - Growhills Publishing

  14. Pingback: HSLC Exam Que Paper  Science 2016 - Growhills Publishing

  15. Pingback: HSLC Exam Que Paper  Science 2017 - Growhills Publishing

  16. Pingback: HSLC Exam Que Paper  Science 2018 - Growhills Publishing

  17. Pingback: HSLC Exam Que Paper  Science 2020 - Growhills Publishing

  18. Pingback: মামনি ৰয়চম  গোস্বামীৰ চুটি গল্প ‘সংস্কাৰ': এক সমালোচনা - Growhills Publishing

  19. Pingback: কৃষ্ণ ভূঞাৰ চুটিগল্পঃ ‘যাদুঘৰ’- এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  20. Pingback: ড্রাফট - Growhills Publishing

  21. Pingback:  নিৰোদ চৌধুৰীৰ চুটিগল্প: ‘কোমল গান্ধাৰ’- এক বিশ্লেষণ - Growhills Publishing

  22. Pingback: ভবেন্দ্র নাথ শইকীয়াৰ চুটিগল্প ‘গহ্বৰ’ এটি সমালোচনাত্মক আলোচনা - Growhills Publishing

  23. Pingback: ভবেন্দ্ৰ নাথ শইকীয়াৰ চুটিগল্প ‘ঢোৰাসাপ’ এটি সমালোচনাত্মক আলোচনা - Growhills Publishing

  24. Pingback: চৈয়দ আব্দুল মালিকৰ গল্প: ‘লাইফটো - আই মীন’ - এক সমালোচনাত্মক আলোচনা - Growhills Publishing

  25. Pingback: লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প ‘মুক্তি’: এক সমালোচনাত্মক আলোচনা - Growhills Publishing

  26. Pingback: চৈয়দ আব্দুল মালিকৰ উপন্যাস, 'জীয়া জুৰিৰ ঘাট' - এক সমালোচনাত্মক আলোচনা - Growhills Publishing

  27. Pingback: চাৰ আৰ্থাৰ কেনান ডয়েলৰ উপন্যাস ‘বিলুপ্ত জগত’ - এক সমালোচনা - Growhills Publishing

  28. Pingback: নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ উপন্যাস, ‘মল্লিকা’- এক সমালোচনাত্মক আলোচনা  - Growhills Publishing

  29. Pingback: কাঞ্চন বৰুৱাৰ উপন্যাস, ‘অসীমত যাৰ হেৰাল সীমা’ - এটি সমালোচনা - Growhills Publishing

  30. Pingback: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস 'মৃত্যুঞ্জয়' - এক সমালোচনা - Growhills Publishing

  31. Pingback: এখন ইটালীয় শিশু উপন্যাস ‘দ্য এডভানচাৰ অফ পিন’কিও’ -এক সমালোচনা - Growhills Publishing

  32. Pingback:  Rain Rain Go away - Growhills Publishing

  33. Pingback: A For Apple - Growhills Publishing

  34. Pingback: Morning Song - Growhills Publishing

  35. Pingback: Lollipop - Growhills Publishing

  36. Pingback: Pat-a-cake - Growhills Publishing

  37. Pingback: Twinkle twinkle Little Star - Growhills Publishing

  38. Pingback: A Child's Grace - Growhills Publishing

  39. Pingback: Cobbler Cobbler - Growhills Publishing

  40. Pingback: God Bless Mummy - Growhills Publishing

  41. Pingback: Jack and Jill - Growhills Publishing

  42. Pingback: Little Boy Blue - Growhills Publishing

  43. Pingback: Rain on the Green Grass - Growhills Publishing

  44. Pingback: See-saw - Growhills Publishing

  45. Pingback: Me An Apple - Growhills Publishing

  46. Pingback: Lucy Locket - Growhills Publishing

  47. Pingback: Jack Jack Joe - Growhills Publishing

  48. Pingback: Marry Ann Marry Ann - Growhills Publishing

  49. Pingback: Bits of Paper - Growhills Publishing

  50. Pingback: Pussy Cat Pussy Cat - Growhills Publishing

  51. Pingback: Little Miss Muffet - Growhills Publishing

  52. Pingback: কাফ্‌কা-Kafka - Growhills Publishing

  53. Pingback: অটল বিহীৰী বাজেপয়ী - Growhills Publishing

  54. Pingback: অলিভাৰ থমাচ কট্টাৰ - Growhills Publishing

  55. Pingback: হিৰো-Hiero - Growhills Publishing

  56. Pingback: হাৰ্কিউলিছ-Hercules - Growhills Publishing

  57. Pingback: ‘ডাক’-Dak - Growhills Publishing

  58. Pingback: বামন-Baman - Growhills Publishing

  59. Pingback: শ্বিৰীণ ইবাডি - Growhills Publishing

  60. Pingback: সোন্দৰ গোহাঁই - Growhills Publishing

  61. Pingback: ৰামানুজন-Ramanujan - Growhills Publishing

  62. Pingback: কাৰ্ল মাক্স-Karl Marx - Growhills Publishing

  63. Pingback: লাচিত বৰফুকন - Growhills Publishing

  64. Pingback: শোভা ব্রহ্ম - Growhills Publishing

  65. Pingback: কিৰাত শৌৰ্য বদৌচা - Growhills Publishing

  66. Pingback: ৰাধা-ৰুকুণী - Growhills Publishing

  67. Pingback: আশাপূৰ্ণা দেৱী-Ashapoorna Devi - Growhills Publishing

  68. Pingback: আশা ভোছলে-Asha Bhosle - Growhills Publishing

  69. Pingback: আৰ্ল ষ্টেনলি গাৰ্ডনাৰ (Erle Stanley Gradner) - Growhills Publishing

  70. Pingback: আদাম-Adam - Growhills Publishing

  71. Pingback: অসম্ভৱ অনুবাদ  - Growhills Publishing

  72. Pingback: শৰ-সন্ধান - Growhills Publishing

  73. Pingback: মোৰ বুকুত কি জ্বলে - Growhills Publishing

  74. Pingback: বসন্তৰ গান - Growhills Publishing

  75. Pingback: শোভাযাত্ৰাত নিহতজনৰ কবিতা - Growhills Publishing

  76. Pingback: মোৰ দেশ - Growhills Publishing

  77. Pingback: মোৰ গীত তোমাৰ সুৰ - Growhills Publishing

  78. Pingback: সংহতিৰ ভাড়াঘৰ - Growhills Publishing

  79. Pingback: শিশু পদ্য - Growhills Publishing

  80. Pingback: আনন্দ চন্দ্ৰ আগৰৱালা-আনন্দচন্দ্ৰ আগৰৱলা । A C Agarwala - Growhills Publishing

  81. Pingback: Ready Guide H S 2nd Yr English Supplementary Reader - Growhills Publishing

  82. Pingback: Ready Guide H S 2nd Yr English Poetry - Growhills Publishing

  83. Pingback: Photo of Students - Growhills Publishing

  84. Pingback: আনন্দৰাম বৰুৱা।Anandaram Baruah - Growhills Publishing

  85. Pingback: মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ - Growhills Publishing

  86. Pingback: H S Final Exam Que Paper English 2015 - Growhills Publishing

  87. Pingback: H.S. 2nd Yr Final Exam Que Paper English 2016 - Growhills Publishing

  88. Pingback: H.S. 2nd Yr Final Exam Que Paper English 2017 - Growhills Publishing

  89. Pingback: H S 2nd Yr Final Exam Que Paper English 2019 - Growhills Publishing

  90. Pingback: H S 2nd Yr Final Exam Que Paper English 2018 - Growhills Publishing

  91. Pingback: H S 2nd Yr Final Exam Que Paper English 2020 - Growhills Publishing

  92. Pingback: H S 2nd Yr Final Exam Que Paper Assamese 2017 - Growhills Publishing

  93. Pingback: H S 2nd Yr Final Exam Que Paper Assamese 2018 - Growhills Publishing

  94. Pingback: H S 2nd Yr Final Exam Que Paper Assamese 2019 - Growhills Publishing

  95. Pingback: H S 2nd Yr Final Exam Que Paper Assamese 2020 - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *