HSLC Exam Que Paper Social Science 2018

HSLC Exam Que Paper Social Science 2018

Full Mark: 80

Pass Mark: 24

Time: 3 Hours

The Figures in the margin indicate full marks for the questions:

‘ক’ – শাখা

১. কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল?১

(ক) আইন অমান্য আন্দোলন

(খ) অসহযোগ আন্দোলন

(গ) ভাৰত ত্যাগ আন্দোলন

(ঘ) খিলাফৎ আন্দোলন 

২. মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল? ১

(ক) জিউৰাম দুলীয়া বৰুৱাক

(খ) পিয়লি বৰুৱাক

(গ) গোমধৰ কোঁৱৰক

(ঘ) দুতিৰাম বৰুৱাক

৩. আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত  হৈছিল? ১

(ক) শিৱসাগৰত

(খ) যোৰহাটত

(গ) ডিব্রুগড়ত

(ঘ) গোলাঘাটত

৪. কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ ভিতৰত এবিধ অৱদান ………….. । ১

(ক) অষ্ট্ৰিকসকলৰ

(খ) নিগ্ৰোসকলৰ

(গ) দ্ৰাবিড়সকলৰ

(ঘ) মংগোলীয়সকলৰ

৫. তলৰ কোনটো মানৱসৃষ্ট সম্পদ? ১

(ক) অৰণ্য 

(খ) জলসিঞ্চন

(গ) নদ-নদী

(ঘ) খনিজ তেল।

৬. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়? ১

(ক) মেৰু অঞ্চলত

(খ) অৰণ্য অঞ্চলত 

(গ) ঔদ্যোগিক অঞ্চলত

(ঘ) ঘাঁহনি অঞ্চলত

৭. প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে? ১

(ক) কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে

(খ) হিমালয় পৰ্বতমালা আৰু আমুৰ নদীয়ে

(গ) উৰাল পৰ্বতমালা আৰু উৰাল নদীয়ে

(ঘ) ৰকী পৰ্বতমালা আৰু লেনা নদীয়ে

৮. বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল ? ১

(ক) ১০ খন

(খ) ৫ খন

(গ) ২০ খন

(ঘ) ৬ খন

৯. ভাৰতৰ সংবিধানৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল ? ১

(ক) ড০ বি. আৰ. আম্বেদকাৰে

(খ ) এন. গোপালাস্বামীয়ে

(গ) ড০ সচ্চিদানন্দ সিন্হাই

(ঘ) চৈয়দ মহম্মদ চাদুল্লাই

১০. তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি বেংক ? ১

(ক) বেংক  অফ হিন্দুস্থান

(খ) ৰিস্ক বেংক অফ  চুইদেন

(গ) ভাৰতীয় ৰিজাৰ্ভ বেংক 

(ঘ) বেংক  অফ ভেনিচ

‘খ’ – শাখা

প্ৰথম খণ্ড

১১. ১৯৩১ চনৰ গান্ধী-আৰউইন চুক্তিৰ চৰ্ত দুটা লিখা।২

১২. ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন ‘সাঁচিপতীয়া পুথিৰ নাম লিখা।২

১৩. ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভূক্ত হোৱা  ভাৰতৰ দুটা স্থাপত্যৰ নাম লিখা। ২

নাইবা

ভাৰতৰ প্ৰচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।

১৪. স্বদেশী আন্দোলনৰ সময়ছোৱাত বঙ্গদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, চমুকৈ লিখা। ২

নাইবা

স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

১৫. লৰ্ড কাৰ্জনে ঘোষণা কৰা বঙ্গভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি কি আছিল ? ২

১৬. ১৮৫৭ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।৩

নাইবা

ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ লিখা।

১৭. ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি? ৩

নাইবা

প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?

১৮.  যোৰহাট সাৰ্বজনীন সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা।৪

নাইবা

অসমত ‘ভাৰত ত্যাগ  আন্দোলন’ৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

১৯. বৃটিছৰ শাসনকালত অসমত কৃষক আৰু কুটিৰ শিল্পৰ লগত জড়িত লোকসকলৰ দূৰৱস্থাৰ কাৰণসমূহ লিখা। ৪

২০. আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল, আলোচনা কৰা। ৫

নাইবা

কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংস আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কার্যসূচী কি আছিল? গান্ধীয়ে এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল?

২১. বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।  ৫

 

দ্বিতীয় খণ্ড

২২.  সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহৰ যিকোনো এটা উল্লেখ কৰা।২

নাইবা

নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি?

২৩. পৃথিৱীৰ বৃহত্বম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত? ২

২৪. ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম লিখা।২

২৫. গোলকীয় উত্তাপ কি? গোলকীয় উত্তাপ কিদৰে ৰোধ কৰিব পাৰি, লিখা।৩

নাইবা

পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা।

২৬. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা।৪

২৭. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ  ভূমিকা চমুকৈ লিখা।৪

২৮. অসমৰ ঔদ্যোগিক বিকাশ কিয় এতিয়াও মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা।৪

নাইবা

অসমৰ পৰ্যটন উদ্যোগৰ যিকোনো চাৰিটা সমস্যা উল্লেখ কৰা।

২৯.  মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সূত্ৰটো চমুকৈ বৰ্ণনা কৰা।৫

৩০. অসমলৈ প্ৰাচীনকালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্রব্রজনৰ সোঁতবোৰ একাদিক্ৰমে উল্লেখ কৰা।৫

নাইবা

অসমৰ জনসংখ্যা বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা।

৩১. অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়াসমূহ নাম সহকাৰে বহুওৱা:

(ক) এখন কয়লাক্ষেত্ৰ

(খ) সংহত আন্তগাঁথনি উন্নয়ন কেন্দ্ৰ

(গ) এখন চিকিৎসা মহাবিদ্যালয়  ৫

নাইবা

(কেৱল অন্ধ পৰীক্ষাৰ্থীৰ বােব)

অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। 

 

তৃতীয় খণ্ড

৩২. মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা।২

৩৩. কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (নাবাৰ্ড) সম্পাদন কৰা দুটা মূল কাৰ্য লিখা।২

৩৪.  নিট  আয়োগৰ সদস্যসকল কোন কোন? ২

নাইবা

অৰ্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা’ৰ সময়ছোৱা উল্লেখ কৰা।

৩৫. তলত উল্লেখ কৰা আন্তৰ্জাতিক অনুষ্ঠানকেইটাৰ মুখ্য কাৰ্যালয়ৰ নাম লিখা।২ 

(ক) দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা

(খ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ 

৩৬. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।৩

৩৭. ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (আম্ভণিৰ পৰা ১৯৯০-৯১ লৈ) আৰু দ্বিতীয়ছোৱাৰ (১৯৯১-৯২ ৰ পৰা বৰ্তমানলৈ) মাজৰ মূল পাৰ্থক্য উল্লেখ কৰা। ৩

নাইবা

মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

৩৮. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ২                        

০ ০ ০

N.B. We are grateful to SEBA, Govt. of Assam

Similar Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

০ ০ ০

Leave a Reply

Your email address will not be published. Required fields are marked *