HSLC Exam Que Paper Social Science 2019

HSLC Exam Que Paper Social Science 2019

Full Mark: 80

Pass Mark: 24

Time: 3 Hours

The Figures in the margin indicate full marks for the questions:

‘ক’ – শাখা

১. ক. ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধানমন্ত্ৰীজন আছিল? ১

(ক)  ক্লিমেন্ট এট্লি

(খ) উইনষ্টন চাৰ্চিল

(গ) ৰামছে মেকডোনাল্ড

(ঘ) থেৰেচা মে’ই

খ.  তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল? ১

(ক) ১৮৪৩ চনত

(খ) ১৮৫৭ চনত

(গ) ১৮৬০ চনত

(ঘ) ১৮৬৩ চনত

গ.  তলৰ কোনজন ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল? ১

(ক) হেমচন্দ্ৰ বৰুৱা

(খ) হেমচন্দ্ৰ গোস্বামী

(গ) লক্ষ্মীনাথ বেজবৰুৱা

(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

ঘ.  তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ? ১

(ক) কথাকলি

(খ) কুচিপুড়ী

(গ) ভাৰতনাট্যম

(ঘ) অ’ডিছি

ঙ. তলৰ কোনবিধ অনৱীকৰণযোগ্য সম্পদ? ১

(ক) পানী  

(খ) উদ্ভিদ

(গ) প্ৰাকৃতিক গেছ

(ঘ) সূৰ্যৰ ৰশ্মি

চ.  সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী? ১

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) নাইট্ৰ’জেন

(ঘ) আৰ্গন

ছ.  পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটো হ’ল ? ১

(ক) হিমালয় পৰ্বতমালা

(খ) এণ্ডিজ পৰ্বতমালা

(গ) ৰ’কি পৰ্বতমালা

(ঘ) ইউৰাল পৰ্বতমালা

জ. তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? ১

(ক) এন. গোপালস্বামী আয়েংগাৰ

(খ) কে. এম. মুন্সি

(গ) জৱাহৰলালা নেহৰু

(খ) ডি. পি. খৈটান

‘খ’ – শাখা

প্ৰথম খণ্ড

                                                       

২. গান্ধীয়ে কেতিয়া সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল? সবৰমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ  দাণ্ডিৰ দূৰত্ব কিমান? ২

৩. অসম এছ’চিয়েনৰ প্ৰথমখন অধিবেশনত নিৰ্বাচিত হোৱা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম লিখা।২

৪. ওজাপালিৰ দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া।২

৫. স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে বৃটিছ চৰকাৰে কি কৰ্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? ৩

নাইবা

স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক কার্য্যসূচীবোৰ কি কি আছিল? প্ৰতিবিধ কাৰ্যসূচী চমুকৈ উল্লেখ কৰা।

৬. স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা।৩

৭. ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা।৩

৮.  অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। ৩

নাইবা

ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব আলোচনা কৰা।

৯. ‘সত্যাগ্ৰহ’ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।৩

১০.  অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। ৪

১১. ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কিদৰে ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? ৫

নাইবা

‘ভাৰত ত্যাগ আন্দোলন’ত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেেপ আলোচনা কৰা।

 

দ্বিতীয় খণ্ড

১২.  সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ লিখা। ২

১৩. মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা।২

১৪. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতশ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন  অংশত অৱস্থিত? ২

১৫. অসম চৰকাৰৰ ২০১৪ চনত ঘোষণা কৰা ঐদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যেবোৰ কি কি? ২

নাইবা

অসমৰ জলপৰিবহন ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা। 

১৬. প্ৰদূষণ মানে কি বুজায়? মাটি কিদৰে প্ৰদূষণ হয়, লিখা।৩

১৭. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা। ৩

নাইবা

অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ উল্লেখ কৰা।  

১৮. সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা।৪

১৯.  অসমৰ এখন মানচিত্ৰ আঁকা আৰু তাত তলত দিয়া নাম সহকাৰে বহুৱা: ২+২=৪

(ক) এটা তেলশোধনাগাৰ

(খ) ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক

নাইবা 

(অকল অন্ধ পৰীক্ষাৰ্থীৰ বাবে )

অসমৰ বনজ সম্পদৰ  বিষয়ে চমুকৈ লিখা।   

২০. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।৫

নাইবা

পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা। 

২১. অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা।৫

নাইবা

অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া।

 

তৃতীয় খণ্ড

২২. ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনক কিদৰে নিয়োগ কৰা হয়? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন কোন আছিল? ২

২৩. বিনিময় প্ৰথাৰ অসুবিধাসমূহ কি কি? ২

২৪. অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য লিখা।২

অথবা

মানৱ উন্নয়নৰ ওপৰত এটা টোকা লিখা। 

২৫. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা।৩

২৬. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া।৩

২৭.ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কিদৰে প্ৰভাৱ পেলাইছে, চমুকৈ লিখা।৩

২৮. সংসদীয় গণতন্ত্ৰ কি? ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পাৰ্থক্যকেইটা লিখা।১+৩=৪

 

০ ০ ০

N.B. We are grateful to SEBA, Govt. of Assam

HSLC Exam Que Paper Social Science 2019

Similar Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

০ ০ ০

Leave a Reply

Your email address will not be published. Required fields are marked *