ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে 

‘ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে ’- উক্তিটো এক অসমীয়া প্ৰৱচন। যোগ্যতা নোহোৱাকৈ কোনো কাম কৰিবলৈ যোৱা ব্যক্তিক নিন্দাসূচক উক্ত কথাষাৰ কোৱা হয়।

‘ৰত্নাৱলী’ হৈছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা এখন পুথি। পুথিখনত ভাগৱত গীতাৰ সাৰমৰ্ম আছে। ই এখন জটিল দাৰ্শনিক পুথি। পুথিখনত হিন্দু ধৰ্মৰ মূল কথাখিনি অতি সংক্ষেপে বৰ্ণনা কৰা হৈছে। সাধাৰণ পাঠকে পুথিখন সহজে বুজিব নোৱাৰে। এই পুথিখন হৃদয়াঙ্গম কৰিবলৈ হ’লে হিন্দু ধৰ্মৰ বেদ-উপনিষদ আগতে অধ্যয়ন কৰি ল’ব লাগিব। কিন্তু বেদ-উপনিষদ অধ্যয়ন নকৰি পোনে পোনে ৰত্নাৱলীখন পঢ়িবলৈ ল’লে সি একো বুজি নাপাই নিৰাশ হ’ব লাগিব আৰু লোকৰ হাঁহিয়াতৰ পাত্ৰ হ’ব লাগিব।

তেনেদৰে  সমাজত আমি এনেকুৱা কিছুমান ব্যক্তিক লগ পাওঁ যিসকলৰ কোনো বিশেষ কামৰ যোগ্যতা নাই। তথাপি সি সেই কামলৈ আগবাঢ়ে আৰু পিছলৈ এৰিবলৈ বাধ্য হয় আৰু লোকৰ ভৰ্ৎসনা খাবলগীয়া হয়।  সেয়ে আমি কোনো কাম কৰিবলৈ লোৱাৰ আগতে সেই কামৰ যোগ্যতা অৰ্জন কৰি ল’ব লাগে। 

০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

Useful Books for Students:

Related Searches:

One Comment

Leave a Reply

Your email address will not be published.