HSLC Exam Que Paper Science 2016

 

HSLC Exam Que Paper  Science 2016

Full Mark: 80

Pass Mark: 24

Time: 3 Hours

The Figures in the margin indicate full marks for the questions:

SECTION-A

তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ  দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে উত্তৰ শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিওৱা।1×10=10

1. Fe2O3+2Al→gAl2O3+2Fe                                                   

ওপৰৰ বিক্ৰিয়াটো হ’ল-

(a) এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ।

(b) এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ।

(c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ।

(d) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ উদাহৰণ।

2. এটা দ্ৰৱই ৰঙা  লিটমাছ নীলা কৰে।

দ্ৰৱটোৰ pH হ’ল-

(a) 1 (b) 4 (c) 5 (d) 10

3. তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে?

(a) Al (b) Fe (c) Na (d) Ca

4. মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমানৱিক ব্যসাৰ্দ্ধ ক্ৰমান্বয়ে-

(a) বাঢ়ে  

(b) কমে   

(c) একেই থাকে

(d) ওপৰৰ এটাও নহয়

5. দুডাল তাঁৰৰ ৰ্দ্ঘ্যৈ, ৰোধ, ৰোধাংক- প্ৰতিটোৰে ক্ষেত্ৰত অনুপাতৰ মান 1:2. তাঁৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ’ব?

(a) 1:2   (b) 1:4   (c) 4:1   (d) 1: 2

6. তলৰ কোনটো পৰম্পৰাগত উৎস নহয় ?

(a) জীৱাশ্ম ইন্ধন

(b) জীৱভৰ

(c) নিউক্লীয় শক্তি

(d) বায়ু শক্তি

7. মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ’ল-

(a) চেৰিবেলাম

(b) মেডুলা

(c) পন্‌চ

(d) চেৰিব্রাম 

8. তলৰ দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্ৰৱ্য?

(a) পলিথিনৰ মোনা           

(b) আমৰ বাকলি

(c) ফালি যোৱা চমৰাৰ মোনা

(d) প্লাষ্টিকৰ বটল

9. অবাত শ্বসন সম্পন্ন হয়-

(a)  মাইট’কণ্ড্ৰিয়াত

(b) ক্ল’ৰ’প্লাষ্টত

(c) কোষকেন্দ্ৰত

(d) চাইট’প্লাজমত

10. যিবোৰ অংগৰ উৎপন্ন বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য্য সম্পন্ন কৰে, সেইেবাৰ হ’ল-

(a) সমসংস্থ   

(b) সমবৃত্তি      

(c) নিকটৱৰ্তী     

(d) অবশেষাংগ

SECTION- B

 11.ইথেনৰ ইলেক্ট্রন  বিন্দু গঠন আঁকা। 1

12. কঠিন পানীক কোমল (মৃদু) পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ছ’ডিয়ামৰ যৌগটোৰ নাম লিখা। 1

13. প্ৰকৃতিত কিয় আমি চাপৰ মটৰমাহৰ গছতকৈ ওখ মটৰমাহৰ গছ বেছিকৈ দেখা পাওঁ?  1

14. হৰম’নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্ৰিত হয়?  1

15. সমান্তৰাল সজ্জাত থকা তিনিটা ৰোধৰ সম্পৰ্ক যদি R1>R2>R3 হয়, তেন্তে সিহঁতৰ মাজেদি যোৱা বিদ্যুৎ প্ৰবাহৰ সম্পৰ্ক কি? 1 

16. চীনা মাটিৰে তৈয়াৰী এখন থালত 1g ক’পাৰ পাউডাৰ লৈ গৰম কৰা হ’লে- 1×2=2

(a) ক’পাৰ পাউডাৰখিনিৰ ৰং কেনে হ’ব?

(b) ওপৰৰ পৰ্য্যেবক্ষণটোৰ এটা ৰাসায়নিক সমীকৰণ লিখা।

নাইবা

তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।

(a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেন গেছৰ লগত বিক্ৰিয়া কৰি এম’নিয়া প্ৰস্তুত কৰে।

(b) জিংক কাৰ্বনেট প্ৰবলভাৱে উত্তপ্ত কৰিলে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড পস্তুত হয়।

17. তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ সংজ্ঞা লিখা। ৰাসায়নিক সমীকৰণসহ প্ৰত্যকৰে এটাকৈ উদাহৰণ দিয়া। 2

18. ছ’ডিয়াম হাইড্ৰ’কাৰ্বনেট দ্ৰৱ এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা। 2                                      

নাইবা

ব্লিচিং পাউদাৰ প্ৰস্তুতিত ঘটা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা। 

19. হাইড্ৰাৰ মুকুল’দ্‌গম পদ্ধতি বৰ্ণনা কৰা। 2

20. (a) চকুৰ লেন্সৰ উপযোজন ক্ষমতা বুলিলে ক’লে কি বুজা?

(b) চিত্ৰ অংকণ কৰি দেখুওৱা যে বগা পোহৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত নোহোৱাকৈ দুটা প্ৰিজমৰ মাজেদি পাৰ হৈ যাব পাৰে। 1

21 প্ৰতিসৰণৰ সূত্ৰ দুটা লিখা। 2

22. এটা চিহ্নিত চিত্ৰৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰৰ নীতি ব্যাখ্যা কৰা। 2                                                                      

23. (a) কুণ্ডলী এটাত আৱিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ জানিবলৈ ব্যৱহৃত  নিয়মটো উল্লেখ কৰা। 1                              

(b) বৃত্তাকাৰ কুণ্ডলীৰ মাজেদি প্ৰবাহ চালিত হ’লে সৃষ্টি হোৱা চুম্বকীয় বলৰেখাবোৰ  অংকণ কৰা। 2                                     

24. (a) এটা মৌলৰ পাৰমাণুৰ ইলেক্টনিয়  বিন্যাস হ’ল 2.8.1

(i) মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? 1

(ii) তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যা দিয়া আছে)  1

K(19),   Cl(17),   Mg(12),   Ar(18)

(b) পৰ্য্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্য্যায়ত থকা ধাতু সমূহৰ নাম লিখা।

নাইবা

পৰ্য্যাবৃত্ত  তালিকাত থকা মৌল A, B আৰু c ৰ স্থানসমূহ তলত দেখুওৱা হৈছে-

16 বৰ্গ                  17  বৰ্গ

–                           –
–                          A
–                          –
B                         C

(a) মৌল A ধাতু নে অধাতু?    1               

(b) C মৌলটো B মৌলতকৈ আকাৰত ডাঙৰ নে সৰু? 1

(c) C মৌলই কেনে ধৰণৰ আয়ন (কেটায়ন নে এনায়ন) গঠন কৰে?  1                                                                     

25. স্নায়ুকলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্ৰণ কৰে? 3

নাইবা

আমি আহাৰত কিয় আয়ডিন যুক্ত নিমখ ব্যৱহাৰ কৰো?

26. জীৱাশ্ম কি? জীৱাশ্মই কেনেকৈ বিবৰ্তনৰ সন্ধানত সহায় কৰে?  3                                                                    

                                     নাইবা                           

বিবৰ্তন আৰু শ্ৰেণীবিভাগ- এই দুটা অধ্যয়নৰ বিষয় কিদৰে সম্পৰ্কিত? ব্যাখ্যা কৰা।  

27. কৃষিত প্ৰয়োগ কৰা কীটনাশক দ্রব্যবোৰে কেনেকৈ আমাক প্ৰভাৱান্বিত কৰে- ব্যাখ্যা কৰা। 3                                                    

নাইবা

পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহ কেনেদৰে হয় লিখা।

28. সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ  কি কি? যিকোনো এটাৰ সীমাবদ্ধতা উল্লেখ কৰা। 3

29. কোনো জীৱৰ প্ৰজাতিৰ জনসংখ্যা স্থিৰ ৰখাৰ বাবে প্ৰজননে কিদৰে সহায় কৰে?  3                                                                 

30. মানুহ এজনৰ চকুৰ বাবে নিকট বিন্দু 100cm তেওঁৰ চকুৰ স্বাভাৱিক দৃষ্টিৰ বাবে ব্যৱহাৰ কৰিবলগীয়া লেন্সৰ ক্ষমতা আৰু ধৰণ কি হ’ব? ৰশ্মিচিত্ৰ আঁকিবা। 3

31. বর্তনী এটা অংকণ কৰা য’ত চাৰিটা 3V কোষ থকা বেটাৰী, 5 , 10 , 15 আৰু 20     চাৰিটা ৰোধ এটা চাবি, এটা এমিটাৰ শ্ৰেণীবদ্ধ সজ্জাত আছে আৰু 20   ৰোধৰ দুই প্ৰান্তত ভল্টমিটাৰ সংযোগ কৰা আছে।  3

32. (a) কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ।  2                                                

(b) তলৰ যৌগটোৰ গঠন আঁকাঃ  1

ইথানয়িক এছিড

(c) এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ ৰাসায়নিক সমীকৰণ এটাৰ সহায়ত দিয়া।   3                                                                       

(d) অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। 1                                      নাইবা

(a) সমগণীয় শ্ৰেণী কাক বোলে ? দুটা সমগণীয় শ্ৰেণীৰ নাম লিখা।

(b) তলৰ কোনবোৰ হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়?

(c) ৰাসায়নিক সমীকৰণৰ সৈতে দহন বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া।

33. (a) তাপজাৰণ কাক বোলে ?

(b) ক’পাৰ ধাতু শোধনৰ বিদ্যুৎ পৰিশোধন পদ্ধতিটো চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা। 3

নাইবা

মেগনেছিয়াম আৰু ক্ল’ৰিণৰ ইলেক্‌ট্ৰন বিন্দু গঠন লিখা। ইলেক্‌ট্ৰন স্থানান্তৰৰ জৰিয়তে মেগনেছিয়াম ক্ল’ৰাইডৰ গঠন লিখা। এই যৌগটোত থকা আয়ন সমূহ কি কি? 5

34. মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালীৰ মাজেৰে হোৱা তেজৰ প্ৰবাহ এটা চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা। 5

নাইবা

মানুহৰ খাদ্যনলীৰ বিভিন্ন অংশত হোৱা পাচন প্ৰক্ৰিয়া বৰ্ণনা কৰা। 

35. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় ব্যৱহাৰ কৰা হয়? বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোণ এখনৰ ভাঁজ ব্যসাৰ্দ্ধ 4m। দােপাণখনৰ পৰা 5m দূৰত্বত এখন বাছ আছে। বাছখনৰ প্ৰতিম্বৰ স্থান নিৰ্ণয় কৰা।  5

নাইবা

এখন সমতল দাপোণৰ পৰিবৰ্ধন +1. ইয়াৰ অৰ্থ কি?

36. 30 ছে.মি. ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ পৰা 20cm দূৰত্বত 5cm উচ্চতাৰ এটা বস্তু ৰখা হৈছে। এতিয়া প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।   5

36. পৰিৱেশ ৰক্ষাৰ তিনিটা ‘R’ ৰ কথা আলোচনা কৰা। 5

নাইবা

আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰা উচিত- আলোচনা কৰা।   5                              

0 0 0

 

N.B. We are grateful to SEBA, Govt. of Assam

HSLC Exam Que Paper  Science 2016

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

0 0 0

One Comment

  1. Pingback: HSLC Exam Que Paper  Science 2020 - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *