HSLC Exam Que Paper  Science 2017

HSLC Exam Que Paper Science 2017

HSLC Exam Que Paper  Science 2017

Full Mark: 80

Pass Mark: 24

Time: 3 Hours

The Figures in the margin indicate full marks for the questions:

SECTION-A

তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ  দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে উত্তৰ শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

1. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ  গুড়িত যোগ কৰা হয়?  1

(a) হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।

(b) ক্ল’ৰিন গেছ আৰু আইৰণ হাইড্ৰ’ক্সাইড উৎপন্ন হয়।

(c) বিক্ৰিয়া নঘটে।

(d) আইৰণ লবণ আৰু পানী উৎপন্ন হয়।

2. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যহাৰ কৰা হয়?  1

(a) এন্টিবায়’টিক 

(b) বেদনানাশক   

(c) অম্লনাশক

(d) বীজানুনাশক।

3. তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্রভাৱে বিক্ৰিয়া কৰে? 1

(a) Na  (b) Fe  (c) Cu  (d) Ag

4. এটা পৰমাণুৰ ইলেক্ট্রনীয়  বিন্যাস হ’ল 2, 8, 7। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ  দিয়া হৈছে।) 1

(a) N(7)  (b) F(9)  (c) P(15)  (d) Ar (18)

5. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎপ্ৰবাহ বৈ যোৱাৰ বাবে এক চেকেণ্ডত কিমান সংখ্যক ইলেক’ট্ৰন চালিত হ’ব লাগিব? 1

(a) 6.25 × 1015  (b) 6.25 × 109 (c) 6.25 × 1012 (d) 6.25 × 106

6. বায়ুমণ্ডলমৰ উচ্চ স্তৰত অ’জনে ……………. ক বাধা দিয়ে। 1

(a) অৱলোহিত ৰশ্মি

(b) দৃশ্যমান পোহৰ

(c) অতিবেঙুনীয়া ৰশ্মি

(d)   a আৰু b দুয়োটাই।

7. তলৰ কোনেটো নবীকৰণ শক্তিৰ উৎস নহয়?   1

(a) সূৰ্য

(b) বায়ু

(c) জীবাষ্মজাত ইন্ধন

(d) পানী

8. স্বেতসাৰক সৰল চেনীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ’ল ………………………। 1

(a) এমাইলেজ           

(b) লাইেপজ

(c) পেপচিন

(d) ট্ৰিপচিন

9. যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে ………………..। 1

(a) অক্সিন

(b) জিবাৰেলিন

(c) এবচাইচিচ

(d) চাইট’কাইনিন।

10. মানুহৰ  উৎপত্তি  হৈছিল ………………………..।

(a) এচিয়াত   

(b) আফ্ৰিকাত     

 (c) অষ্ট্ৰেলিয়াত     

(d) ইউৰোপত।

 SECTION-B

11. প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা ৰাসায়নিক সমীকৰণ লিখা। 1

12. তলত দিয়া কোনবোৰ একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত? 1

C3Hg C4H8

C4H6 C3H6

13. মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত  ওখ আৰু চাপৰ মটৰ মাহ গছৰ কোনটো লক্ষণ প্ৰভাৱী?  1                                           

14. দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি?  1                                                        

15. বৈদ্যুতিক বাল্বৰ ফিলামেন্টৰ জীৱনকাল দীঘলীয়া কেনেদৰে কৰা হয়?  1                                                                          

16. এটা বিকাৰত 2g কেলছিয়াম অক্সাইড লোৱা। বিকাৰটোত লাহে লাহে পানী যোগ কৰা। তলত দিয়াবোৰৰ উত্তৰ কৰা: 2

(a)  উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব ?

(b) ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

নাইবা

তলৰ বিক্ৰিয়া দুটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উওিৱাঃ

(a)4Na(S)+O2(g)g2Na2O (S)

(b) CuO(S)+H2(g)gCu(S)+H2O (l)

17. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা: 2

বেৰিয়াম ক্ল’ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া হ’লে অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইড দ্ৰবণ প্ৰস্তুত হয়।

নাইবা

ছাডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্লৰিক এছিডৰ দ্ৰৱৰ (পানীত) সৈতে বিক্ৰিয়া কৰি ছডিয়াম ক্ল’ৰাইডৰ দ্ৰব আৰু পানী উৎপন্ন কৰে।

18. তোমাক দুটা A আৰু B দ্ৰব্য  দিয়া হ’ল। দ্ৰৱ A pHৰ মান 3 আৰু দ্ৰৱ B ৰ pH ৰ মান 8। কোনটো দ্ৰৱ্যত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি হ’ব? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়? 2

19. উদ্ভিদ প্ৰজননকাৰীসকলে ব্যৱহাৰ কলা-কৰ্ষণৰ কৌশল লিখা। 2

নাইবা

এককোষী জীৱৰ বিভাজন পদ্ধতি বৰ্ণনা কৰা।

20. (a) মহাকশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক’লা দেখে কিয়? 1

(b) ত্ৰিভূজাকাৰ গ্লাচ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোণ আঁকা।   1

21. (a) যদি মাধ্যম এটাত পোহৰৰ দ্ৰুতি 2×108 প্ৰতি চেকেণ্ডত হয়, মাধ্যমটোৰ প্ৰতিসৰণাংক কিমান? 1

(b) লেনচ  এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।  1

22. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।  2                                                                   

23. (a) বিদ্যুৎ চুম্বকীয় আবেশ কি?   1                         

(b) পৰিবৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰৱাহ জেনেৰেটৰৰ মাজৰ মূল পাৰ্থক্য লিখা। 1                                  

24. (a) দুটা মৌল A আৰু B ৰ পাৰমাণবিক সংখ্যা যথাক্ৰমে 12 আৰু 17।

(i) A আৰু B  ৰ ইলেকট্ৰনীয় বিন্যাস লিখা।  1

(ii) A আৰু B ৰ মাজত কোন প্ৰকাৰৰ বান্ধনি গঠন হ’ব?  1

(iii) A আৰু B ৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা। 1

নাইবা

(i) কোনটো মৌলৰ দুয়োটা কক্ষই ইলেকট্ৰন পূর্ণ ?  

(ii) কোনটো মৌলৰ ইলেক্টনিয়  বিন্যাস 2.8.3 

(iii) কোনটো মৌলৰ যোজক কক্ষত চাৰিটা ইলেকট্ৰনেৰে সৈতে মুঠ তিনিটা কক্ষ আছে?                                                                     

25. এটি আদৰ্শ ফুলৰ দীর্ঘচ্ছেদৰ চিহ্নিত চিত্ৰ আঁকা। 3

নাইবা

মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ এখন চিহ্নিত চিত্ৰ আাঁক।            

26. প্ৰতীপ ক্ৰিয়া কি? প্রাণীৰ প্ৰতীপ ধনু কিয় সৃষ্টি হৈছে? প্ৰতীপ ধনুৰ বিভিন্ন উপাদানসমূহৰ নাম লিখা।   3                                                                                     

নাইবা                           

এড্ৰিনেলিন হৰম’নৰ কাৰ্য লিখা।  3

27. মানুহৰ লিঙ্গ নিৰ্ধাৰণ কিদৰে হয় ব্যাখ্যা কৰা।  3

নাইবা

প্ৰজাতিৰ কাৰকবোৰ  উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

28. পৰিস্থিতিতন্ত্ৰত উপাদান বিলাক কি কি ব্যাখ্যা কৰা। আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থ এটা উল্লেখ কৰা। 3

নাইবা

পৌষ্টিক স্তৰ কি? খাদ্য শৃঙ্খল এটাৰ পৌষ্টিক স্তৰসমূহ বৰ্ণনা কৰা। 

29. জীবাষ্মজাত ইন্ধনবিলাক কি? এইবিলাক ইন্ধনৰ দহনৰ ফলত হোৱা অসুবিধা এটা উল্লেখ কৰা। 3

30. টিণ্ডেল পৰিঘটনা কি? বগাপোহৰ অতি সুক্ষ্মকণা থকা মাধ্যমদি পাৰ হৈ গ’লে কোন তৰঙ্গৰ্দ্ঘৈৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব উল্লেখ কৰা। 3

31. 11W ৰে চিহ্নিত বৈদ্যুতিক হিটাৰ 220V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে। যদি উৎসৰ পৰা সর্বোচ্চ প্ৰবাহ¸ 5A  হয়, কিমানটা বৈদ্যুতিক হিটাৰ সমান্তৰালভাৱে 220 লাইনৰ লগত সংযোগ কৰিব পৰা যায় আৰু 20 মিনিটত মুঠ কিমান শক্তি ব্যয় হ’ব? 3

32. (a) ইথানলৰ লগত ছ’ডিয়াম ধাতু যোগ কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। 2

(b) হাইড্ৰ’জেনেছ বিক্ৰিয়া কি? এটা উদাহৰণ দিয়া। 2

(c) চাইক্ল’পেন্টেনৰ সংকেত আৰু ইলেকট্ৰন বিন্দু গঠন লিখা। 1

নাইবা

(a) পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ পাৰ্থক্য কেনেদৰে দেখুৱাবা? ৰাসায়নিক সমীকৰণ লিখা। 2

(b) বিউটনৰ (C4H10)  বাবে  কিমানটা গঠন সমযোগী আঁকিব পাৰিবা? প্ৰতিটোৰ নাম লিখা। 2

(c) ব্রম’পেন্টেনৰ গঠন চিত্ৰ আঁকা। 1

33. (a) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু এটাৰ নাম লিখা। 2

(b) মণিক আৰু আকৰৰ পাৰ্থক্য এটা উদাহৰণৰসহ  লিখা। 1

(c) এজন ছাত্ৰই চামুচ এখনত চালফাৰ গুড়ি লৈ উত্তপ্ত কৰিলে। এটা পৰীক্ষা নলী গেছটোৰ ওপৰত ওভোটাকৈ ধৰি নিৰ্গত হোৱা গেছটো সংগ্ৰহ কৰিলে।

A. সংঘটিত হোৱা বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। 1

B. গেছটোৰ ক্ৰিয়া কেনে হ’ব?

       i শুকান লিটমাছ কাগজৰ লগত?

       ii সিক্ত লিটমাছ কাগজৰ লগত?

(d) আয়নীয় যৌগৰ গলনাংক কিয় বেছি? 1

নাইবা

(a) অধাতু আৰু অক্সিজেনৰ মাজত যোজন হ’লে কোন প্ৰকাৰৰ অক্সাইড উৎপন্ন হয়? 1

(b) প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম লিখা। 1

(c) মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা।1

(d) এটা পৰীক্ষানলীত তুমি CuSO4 ৰ এটা জলীয় দ্ৰব্য নীলা বৰণ) লোৱা। CuSO4 ৰ দ্ৰব্যটোত এটা পৰিষ্কাৰ লোৰ গজাল ডুবাই দিয়া। প্ৰায় 20 মিনিট লক্ষ্য কৰাৰ পিছতঃ

      (i) গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা।  

      (ii) বিক্ৰিয়াটোৰ এটা সন্তুলিত সমীকৰণ লিখা।             

34. মানুহৰ উশাহ-নিশাহ প্ৰক্ৰিয়া বৰ্ণনা কৰা। জলচৰ প্ৰাণীৰ শ্বাস-প্ৰশ্বাস হাৰ স্থলচৰ প্ৰাণীতকৈ কিয় বেছি?  5

নাইবা

সালোক সংশ্লেষণ কি? সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি?  উদ্ভিদে কেনেকৈ CO2 শোষণ কৰে লিখা।                                                             

35. যদি মুখ্য অক্ষ OO ৰ ওপৰত  A1B1, A2B2 লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ অৱস্থান হয়, অংকণ কৰি লেনছৰ অৱস্থান আৰু মুখ্য অক্ষত থকা ফকাছ দুটাৰ অৱস্থান নিৰ্ণয় কৰা। লেনছটোৰ প্ৰকাৰ কি?  5  

(-2.0)D ক্ষমতাযুক্ত লেনছৰ ফকাছ  ৰ্দ্ঘ্যৈ নিৰ্ণয় কৰা।

নাইবা

15cm ফোকাছ ৰ্দ্ঘ্যৈ যুক্ত উত্তল  দাপোণ ব্যৱহাৰ কৰি অসৎ, থিয়, সংকুচিত (বিন্দু আকাৰৰ নহয়) প্ৰতিবিম্ব প্ৰত্যক্ষ কৰিবলৈ প্ৰয়োজনীয় ৰেখাচিত্ৰ অংকন কৰা।

উত্তল দাপোণ এখনৰ বিবৰ্ধন 1/n। যদি ফোকাছৰ্দ্ঘ্যৈ f হয়, তেন্তে বস্তুৰ স্থান, প্ৰতিবিম্বৰ স্থান ভাঁজব্যাসাৰ্দ্ধ r ত প্ৰকাশ কৰা।

30 ছে.মি. ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ পৰা 20cmদূৰত্বত 5cm উচ্চতাৰ এটা বস্তু ৰখা হৈছে। এতিয়া প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। 5

36. প্ৰাকৃতিক সম্পদবোৰৰ  বহনক্ষম ব্যৱস্থাপনা কৰিবলৈ তুমি কি কৰিবা? 5

নাইবা

বনাঞ্চল এবং বন্যপ্ৰাণী সংৰক্ষণ কিয় কৰিব লাগে? অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এটা উদাহৰণদিয়া। 5

0 0 0

N.B. We are grateful to SEBA, Govt. of Assam

HSLC Exam Que Paper  Science 2017

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

Similar Searches:

০ ০ ০

One Comment

  1. Pingback: HSLC Exam Que Paper  Science 2020 - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *