HSLC Exam Que Paper Science 2018

HSLC Exam Que Paper  Science 2018

Full Mark: 80

Pass Mark: 24

Time: 3 Hours

The Figures in the margin indicate full marks for the questions:

SECTION-A

তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ  দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে উত্তৰ শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1×10=10

1. Fe2O3 + 2Al g Al2O3 + 2Fe 

ওপৰৰ বিক্ৰিয়াটো এটা উদদাহৰণ

(a) এটা সংযোজন বিক্ৰিয়াৰ

(b) এটা দ্বি-অপসাৰণ বিক্ৰিয়াৰ

(c) এটা বিয়োজন বিক্ৰিয়াৰ

(d) এটা অপসাৰণ বিক্ৰিয়াৰ।

2.খাদ্য বস্তু ভৰাই ৰখা পাত্ৰেবাৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়নো-

(a) টিনতকৈ জিংক দামী।  

(b) জিংকৰ গলনাংক টিনতকৈ বেছি   

(c) জিংক টিনতকৈ অধিক সক্ৰিয়   

(d) জিংক টিনতকৈ কম সক্ৰিয়।

3. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হব পাৰে।  

(a) 1   (b) 4   (c) 5   (d) 10

4. পৰ্যাবৃত্ত তালিকাৰ পর্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ উক্তি নহয়।  

(a) মৌলেবাৰ কম ধাতৱধৰ্মী হৈ পৰে

(b) যোজক ইলেক্ট্রনৰ  সংখ্যা বাঢ়ে 

(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অতি সহজে হেৰুৱায়।

(d) অক্সাইডবোৰ  বেছি আম্লিক হৈ পৰে।

5. যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক 

(a) সালোক সংশ্লেষণ বোলে   

(b) বাষ্পমোচন বোলে 

(c) স্থানান্তৰ বোলে 

(d) দীপ্ত ফচফ’ৰিলীকৰণ বোলে ।                                      

6. তেজত চেনীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম’নবিধ হৈছে

(a) এড্ৰিনেলিন

(b) থাইৰক্সিন

(c) ইনচুলিন

(d) টেষ্ট’ষ্টেৰন।

7. ভোক  আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ’ল 

(a) প্ৰমস্তিষ্ক

(b) মধ্যমস্তিষ্ক

(c) পশ্চাৎমস্তিষ্ক

(d) হাইপ’থেলামাছ

8. এটা বৈদ্যুতিক বাল্ব 220 V আৰু 100W চিহ্নিত কৰা আছে। যেতিয়া ইয়াক 110 V ত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ ক্ষমতা হ’ব

(a) 75 W

(b) 25 W

(c) 100W

(d) 50 W

9. তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়

(a) জৈৱ উপাদান

(b) নিউক্লীয় শক্তি

(c) ভূতাপীয় শক্তি

(d) বায়ু শক্তি।

10. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্লিকৰণ পদাৰ্থ আছে

(a) পিঠা, কাঠ আৰু ঘাঁহ   

(b) ফলমূলৰ বাকলি, পিঠা আৰু টেঙা ৰস  

(c) ঘাঁহ, কাঠ আৰু প্লাষ্টিক 

(d) ঘাঁহ, ফুল আৰু চাম্‌ৰা।

SECTION-A

11. যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি? 1

12. ইথানলক ইথান’য়িক ৰূপান্তৰ কৰাটো কিয় এটা জাৰন বিক্ৰিয়া? 1

13. ইতৰ-পৰাগযোগ কি?  1

14. কি প্ৰজননত জিনীয় বিনিময় ঘটে?1

15. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। 1

16. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণত লিখা আৰু সন্তুলন কৰা। 1+2=3

(a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এম’নিয়া প্ৰস্তুত কৰে।

(b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাইঅক্সাইড উৎপন্ন কৰে।

17. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। 1+1=2

নাইবা

(a) লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়?

(b) তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়?

18. বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা। 2

19. নতুন প্ৰজাতি এটাৰ উৎপন্নৰ বাবে কি কি উপাদানে অৰিহণা যোগায়, উল্লেখ কৰা। 2

20. সাধাৰণ চকুৰে এটা 25cm দুটাতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?1

21. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব? (শূন্যত পোহৰৰ দ্ৰুতি 3×108 ms-1)। 1

22. বৈ দ্যুতিক মটৰৰ মূল নীতিটো উল্লেখ কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি? 2 

23. ঘৰুৱা বৈ দ্যুতিক বৰ্তনীত অত্যধিক বোজাৰ পৰা ৰক্ষা পাবলৈ লোৱা দুটা সাৱধানতা লিখা। 2

24.  নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) ফচফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বৰ্গ 15 থাকে। এই মৌল দুটাৰ ইলেক্ট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয়? 3

নাইবা

(a) গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূর্বেই  মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)                

(b) মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা।

A আৰু Al

(c)সম্ভ্ৰান্ত গেছেবাৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?

25. আমাৰ দেহত স্নায়ু কেনেদৰে প্ৰবাহিত হয়? 3

নাইবা

অন্তঃস্ৰাৱী গ্ৰন্থি কি? এটা অন্তঃস্ৰাৱী আৰু এটা বহিঃস্ৰাৱী গ্ৰন্থিৰ মাজৰ পাৰ্থক্য কি? অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োটা কাৰ্য সম্পাদন কৰা গ্ৰন্থিটোৰ নাম কি?          

26. এমিবাৰ ক্ষেত্ৰত কি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন সংঘটিত হয়? অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি? 3

27. প্ৰভাৱী চৰিত্ৰ কি? এটা জনুৰ পৰা তাৰ পৰৱৰ্তী জনুৱে বংশানুক্ৰমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্ৰভাৱে হস্তান্তৰিত হয় বুলি মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ দ্বাৰা  কেনেদৰে প্ৰমাণিত কৰিছিল? 3

নাইবা

সমসংস্থ অংগ আৰু সমবৃত্ত অংগৰ সংজ্ঞা দিয়া। চৰাইৰ পাখি আৰু বাদুলীৰ পাখিক সমসংস্থ অংগৰূপে গণ্য কৰিব পাৰিনে তোমাৰ উত্তৰটো সাব্যস্ত কৰা।

28. নিকট-দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেনস্‌ৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান? দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয়? 3

নাইবা

দৃষ্টিৰ বিকাৰ কি? এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে তেওঁৰ 3-5.5 ডায়প্টাৰ ক্ষমতাৰ লেনচ্‌ৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্তাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেনচ্‌ৰ ক্ষমতা +1.5 ডায়প্টাৰ হ’লে দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেনচ্‌ৰ ফ’কাচ ৰ্দ্ঘ্যৈ কিমান?

29. তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা। যেতিয়া এটা অজ্ঞাত ৰোধ 12V এটা বেটাৰীৰ লগত সংযোগ কৰা হয়, তাত 2.5mA প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা। 3

নাইবা

বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি? কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব 2.5mA এটা W ৰ TV চেট 1 ঘন্টা চলিলে বা এটা 1200 W ৰ বৈদ্যুতিক ইস্ত্ৰি 10 মিনিট চলিলে আৰু কেনেকৈ?

39. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়? এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সুবিধাৰ বিষয়ে উল্লেখ কৰা। 3

31.  পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা কি? এটা পৰিস্থিতিতন্ত্ৰত শক্তিৰ পৰিবহণৰ চিত্ৰ আঁকা।    3

32. (a) ক্ষাৰকীয় KMnO4  নাইবা আম্লিক K2Cr2O7 ৰ সৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে?  বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। 2                                                    

(b) এটা উদাহৰণৰ সৈতে প্ৰতিস্থাপন বিক্ৰিয়া ব্যাখ্যা কৰা।  2

(c) তলৰ যৌগবোৰৰ নামেবাৰ লিখা। 1

(i) CH3 — CH2 Br

         H
(ii) H— C = O

নাইবা

(a) ছ’ডিয়াম কাৰ্বনেটৰ সৈতে ইথান’য়িক এছিডে বিক্ৰিয়া কৰিলে কি কি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা। 2

(b) চােবানৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা। 2

(c) বিউটানৰ গঠন চিত্ৰ আঁকা।  1

33. (a) আয়ৰণ (II) ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা। 2

(b) কাৰণ দৰ্শোৱা: 1

(i) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। 

(ii) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

(iii) এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

নাইবা

(a) ধাতুৰ শোধন বুলিলে কি বুজা? অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো উল্লেখ কৰা। এন’ড বোকা কাক বোলে?  3

(b) কিয়, ব্যাখ্যা কৰাঃ

(i) ছিলভাৰ অৰ্থাৎ ৰূপৰ গহনা বতাহৰ সংস্পৰ্শত কিছু সময় হ’লে ক’লা হৈ পৰে।

(ii) কপাৰে বতাহত থকা সেমেকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰাৰ ফলত তাৰ উজ্জ্বল মুগা ৰং পাতল হৈ শেষত সামান্য সেউজীয়া হৈ পৰে।             

34. মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা। মূত্ৰ উৎপাদন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখা। 5

নাইবা

উচ্চমাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণত বাষ্পমোচন প্ৰক্ৰিয়াৰ ভূমিকা কি?                                                             

35. উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ ৰশ্মিচিত্ৰ আঁকা যেতিয়া লক্ষ্যবস্তু দাপোণৰ   ভাঁজকেন্দ্ৰত (C) ৰখা হয়। 5

নাইবা

হীৰাৰ প্ৰতিসৰাংক 2.42 এই উক্তিটোৰ অৰ্থ কি?

36. আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে? বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা ।  5

নাইবা

পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্রাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনঃব্যৱহাৰৰ গুৰুত্ব কি, লিখা। পৰিৱেশহিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা?     

0 0 0

N.B. We are grateful to SEBA, Govt. of Assam

HSLC Exam Que Paper  Science 2018

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

Similar Searches:

০ ০ ০

2 Comments

  1. Pingback: HSLC Exam Que Paper Science 2015 - Growhills Publishing

  2. Pingback: HSLC Exam Que Paper  Science 2020 - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *