HSLC Exam Que Paper  Science 2019

HSLC Exam Que Paper Science 2019

HSLC Exam Que Paper  Science 2019

Full Mark: 80

Pass Mark: 24

Time: 3 Hours

The Figures in the margin indicate full marks for the questions:

SECTION-A

তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ  দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে উত্তৰ শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1×10=10

(a) এটা দ্ৰৱ্যই গুড়ি কৰি লোৱা কণীৰ  খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। গেছটোৱে চূনপানী ঘোলা কৰে। দ্ৰৱ্যটোত আছে — 

(i) Nacl
(ii) HCl
(iii) LiCl
(iv) KCl

(b) এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ ডৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱনীয়। সম্ভৱপৰ মৌলটো হ’ল —

(i) calcium
(ii) carbon
(iii) silicon
(iv) iron

(c) মৌল X য়ে XCl2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা  সবাতোকৈ বেছি? 

(i) Na
(ii) Mg
(iii) Al
(iv) Si

(d) আমাৰ লালটিত থকা উৎসেচক বিধক বোলা  হয় — 

(i) Amylase
(ii) lipase
(iii) trypsin
(iv) pepsin

(e) মগজুৰ যি অংশই দেহ লৰচৰ  আৰু সমতা নিয়ন্ত্ৰণ কৰে, সেইটো হ’ল —- 

(i) diencephalon
(ii) cerebrum
(iii) cerebellum
(iv) medulla oblongata

(f) জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্ৰক্ৰিয়াক বোলা হয় — 

(i) speciation
(ii) evolution
(iii) inheritance
(iv) variation

(g) লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেনচৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ?

(i) লেনছৰ মুখ্য ফ’কাছত  

(ii) ফ’কাছ দৈর্ঘ্যৰ দুগুণ দূৰত্বত

(iii) অসীমত

(iv) লেনচত আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত

(h) নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল — 

(i) 25 m
(ii) 25 cm
(iii) 2.5 cm
(iv) 2.5 m

(i) বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক 1kWh মানে—-

(j) তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়?

(i) খৰি

(ii) নিউক্লিয় শক্তি

(iii) গোবৰ গেছ

(iv)  কয়লা

SECTION-B

2. দ্বি অপসৰণ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 1

3. এটা ধাতুৰ নমনীয়তা কাক বোলে ? 1                                      

4. তলৰ কোনবিধ হাইড্ৰ’কাৰ্বনে যোগাত্নক বিক্ৰিয়া দেখুৱায়? 1

5. প্ৰভাৱী চৰিত্ৰ কাক বোলে ? 1 

6. চকুৰ উপযোজন ক্ষমতা কি? 1

7. এটা পৰীক্ষানলত 3ml মান ছ’ডিয়াম ছালফেটৰ দ্ৰৱ্য লোৱা। আন এটা পৰীক্ষানলত 3ml মান বেৰিয়াম ক্ল’ৰাইড দ্ৰৱ্য লোৱা। দুয়োটা দ্ৰৱ মিহলোৱা আৰু তলত দিয়াবোৰৰ উত্তৰ লিখা: 2

(a) ওপৰৰ পৰীক্ষাটোৰ পর্যবেক্ষণ লিখা। 

(b) ওপৰৰ পর্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা।

8. এটা ধাতৱ যৌগ A হাইড্ৰ’ক্লৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি বৰবুৰণিৰ সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। 2

(i) জ্বলি থকা ম’ম নুমুৱা গেছটোৰ নাম লিখা ?  

(ii) বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা। 

নাইবা

প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া।     

9. আমাৰ তেজত থকা শ্বাস কণিকাবিধৰ নাম লিখা। কণাবিধৰ কাৰ্য উল্লেখ কৰা। 2

10. এক্সন আৰু ডেনড্ৰাইটৰ মাজত দুটা পাৰ্থক্য লিখা। 1

11. প্ৰজনন প্ৰক্ৰিয়াত DNA -ৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা কি? 1

12. 15 cm  ফ’কাছ ৰ্দ্ঘ্যৈৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্বত এটা বস্তু ৰখা হ’ল। প্ৰতিবিম্বটোৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। 2

নাইবা

5 cm ৰ্দ্ঘ্যেৰ বস্তু এটা 10 cm ফ’কাছ ৰ্দ্ঘ্যৈৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা। 

13. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 A প্ৰৱাহ লয়। বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা।  2

নাইবা

5 cm বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?

14.  অ’জন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে, চমুকৈ ব্যাখ্যা কৰা। 2

15. এটা বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা।   2

16.অজৈৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। 2

17. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত-পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ্য আৰু এটা ক্ষাৰকীয় দ্ৰৱ্য আছে। যদি  তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱ্যসমূহ কিদৰে চিনাক্ত কৰিবা। 3          

নাইবা

এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণৰ সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?

18. (a) অক্সিজেন বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা। 2

(b) বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে কিয়? 1 

19. (a) কোনটো মৌলৰ দ্বিতীয় কক্ষৰ দুগুণ ইলেক্ট্রন আছে? 1

(b) এটা পৰমাণুৰ ইলেক্ট্রনীয় বিন্যাস হ’ল 2, 8, 7 । এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি? 1

(c) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম — এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?  1

নাইবা

পৰ্যায়বৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে:

Group 16            Group 17
—                            —
—                            A
—                            —
B                            C

(i) মৌল A ধাতু নে অধাতু?

(ii) C মৌলটো A ত কৈ বেছি সক্ৰিয়নে কম সক্ৰিয়?

(iii) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু?

20. হ’ৰমণ কি? উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰম’ন বা সঞ্জীৱনী পদাৰ্থৰ এটা উদাহৰণ দিয়া। সংবেদি উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পোহৰৰ দিশত কৰা গতিৰ মাজৰ পাৰ্থক্য আছেনে?  3

নাইবা

জলানুেবগ কি? এটা পৰীক্ষামূলক আৰ্হিৰ সহায়ত জলানুেবগ প্ৰদৰ্শিত কৰা। 

21. সপুষ্কক উদ্ভিদত যৌন প্ৰজনন প্ৰক্ৰিয়া বৰ্ণনা কৰা। 3

নাইবা

প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি ৰক্ষা কৰাত কেনেকৈ সহায় কৰে? 

22. ক্ৰমবিকাশ আৰু শ্ৰেণী বিভাজনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।3                                                      

নাইবা

মানুহে কেইযোৰ লিঙ্গ ক্ৰ’ম’জম বহন কৰে? মানুহৰ সন্তানৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেদৰে হয়? ব্যাখ্যা কৰা। 

23. দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা। দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 0.25 m । এই বিকাৰৰ  সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেনছৰ ক্ষমতা কিমান? (ধৰি লোৱা স্বভাৱিক চকুৰ বাবে  নিকট বিন্দু 0.25 m ) 3

নাইবা

ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়? কলডলীয় দ্ৰৱণত পোহৰৰ বিক্ষিপ্তকৰণ পৰ্যেবক্ষণৰ সঁজুলিৰ ৰশ্মিচিত্ৰ অংকন কৰা।             

24. 20ºC উষ্ণতাত 1m ৰ্দ্ঘ্যৈৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26 Ω যদি তাঁৰডালৰ ব্যাস 0.03 হয়, তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ’ব?  3

নাইবা

4Ω ৰোধক এটাত প্ৰতি চেকেণ্ডত উৎপন্ন হোৱা তাপ 100J। ৰোধকটোৰ দুই মূৰৰ মাজত বিভববেদ উলিওৱা।                                                              

25. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে, বুজাই লিখা। চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্বোচ্চ হয়? 3

26. এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ কি কি? তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা।  3

27. (a) তোমাক এটা হাতুৰী, এটা বেটাৰী, এটা বাল্ব, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল। এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?  2

(b) প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰগুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ এটা পৰীক্ষানল ওভোতাকৈ ধৰি সংগ্ৰহ কৰিলে। তলত দিয়াবোৰৰ  লগত গেছটোৰ  বিক্ৰিয়া কেনে হ’ব? 2

(i) শুষ্ক লিটমাছ কাগজ  

(ii) সিক্ত লিটমাছ কাগজ

(c) লোত মামৰে ধৰা ৰোধ কৰিবলৈ  দুটা উপায় উল্লেখ কৰা। 1

নাইবা

(a) ইলেকট্ৰন স্থানান্তৰৰ জৰিয়তে ছ’ডিয়াম ক্ল’ৰাইডৰ (NaCl) গঠন ব্যাখ্যা কৰা। 2

(b) NaCl যৌগটোত থকা আয়নসমূহ কি কি? 1

(c) উভধৰ্মী অক্সাইড কাক বোলে ? উভধৰ্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া। 2

28. (a) লোহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ দহন কৰা হয়। ইথাইন আৰু বায়ুৰ মিশ্ৰণ কিয় ব্যৱহাৰ কৰা নহয়? ব্যাখ্যা কৰা।  2

(b) এষ্টাৰিভৱন বিক্ৰিয়া কি? এছিড অনুঘটনৰ উপস্থিতিত ইথানয়িক  এছিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে  উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা। 2

(c) তলৰ যৌগসমূহৰ নাম লিখা।   1

         H   H  H

(i) H—C—C—C—C—C= C—H

        H    H  H

          H   H  H

(ii) H—C—C—C= O

          H   H

নাইবা

(a) সমগৰ্ণীয় শ্ৰেণী কাক বোলে ? উদাহৰণ দি বুজাই লিখা।

(b) তলত দিয়া যৌগবোৰৰ গঠন-চিত্ৰ আঁকা।

(i) হেক্সানেল

(ii) প্ৰ’পান’ন

(c) যোগাত্মক বিক্ৰিয়া দেখুওৱা দুটা হাইড্ৰ’কাৰ্বনৰ নাম লিখা।

29. মানুহৰ হূদযন্ত্ৰৰ এটা পৰিস্কাৰ চিহ্নিত দৈর্ঘচ্ছেদৰ চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন কোঠালিৰ মাজেৰে প্ৰবাহিত হোৱা তেজৰ ধাৰাৰ দিশ কাঁড় চিনৰ দ্বাৰা দেখুওৱা আৰু হৃদযন্ত্ৰটোৰ মাজেৰে হোৱা তেজৰ সংবহন এটিৰ চমু বিৱৰণ দিয়া। 5

অথবা

সালোক সংশ্লেষণ কি? এই প্ৰক্ৰিয়াত সংঘটিত হোৱা কাৰ্যসমূহ কি কি? উদ্ভিদে কেনেদৰে কাৰ্বন-ডাই-অক্সাইড অৱশোষণ কৰে, লিখা।

30. 10 cm ফ’কাচ ৰ্দ্ঘ্যেৰ উত্তল লেন্‌ছ এখনৰ মুখ্য অক্ষত লম্বভাৱে 20 mm উচ্চতাৰ বস্তু এটা ৰখা হ’ল। যদি লেন্‌ছ আৰু লক্ষ্যবস্তুৰ মাজৰ দূৰত্ব 15 cm  হয়, তেন্তে —-

(a) প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা।

(b)  প্ৰতিবিম্বৰ বিৱৰ্ধন উলিওৱা। 

নাইবা

2 m ফ’কাচ ৰ্দ্ঘ্যেৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা। 15 cm ফ’কাচ ৰ্দ্ঘ্যৈৰ অৱতল লেন্‌ছ এখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা  15 cm দূৰত্বৰ লেন্‌ছে প্ৰতিবিম্ব এটা গঠন কৰিব? তদুপৰি লেন্‌ছত হোৱা বিবৰ্ধন আৰু প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ণয় কৰা। 

31. বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? বৃহৎ নদীবন্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা তিনিটা প্ৰধান সমস্যাৰ বিষয়ে উল্লেখ কৰা।  5

অথবা

আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত তোমাৰ মতামত লিখা।

0 0 0

N.B. We are grateful to SEBA, Govt. of Assam

HSLC Exam Que Paper  Science 2019

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

০ ০ ০

Leave a Reply

Your email address will not be published. Required fields are marked *