HSLC Exam Que Paper Science 2020

HSLC Exam Que Paper  Science 2020

Full Mark: 80

Pass Mark: 24

Time: 3 Hours

The Figures in the margin indicate full marks for the questions:

SECTION-A

তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ  দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে উত্তৰ শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1×10=10

(a) NaOH দ্ৰৱ এটাৰ 10 mL এ HCL দ্ৰৱ এটাৰ 8mL সম্পূৰ্ণ প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব- 

(i) 4 mL   (ii) 8 mL   (iii) 16 mL   (iv) 12 mL

(b) লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব?

(i)  গ্ৰীজ ব্যৱহাৰ কৰি     

(ii)  ৰং ব্যৱহাৰ কৰি

(iii)  যিংকৰ প্ৰলেপ দি   

(iv)  ওপৰৰ সকলো।

(c) এটা পৰমাণুৰ ইলেক্ট্রনীয় বিন্যাস হ’ল 2,8,7। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? 

(i) N (7)   (ii) F   (9) (iii) P (15)   (iv) Ar (18)

(d) অবাত শ্বসন সংঘটিত হয় —

(i)  মাইট’কণ্ডিয়াত       

(ii)  ক্ল’ৰ’প্লাষ্টত    

(iii)  কোষকেন্দ্ৰত           

(iv)  কোষপ্ৰৰসত

(e) তলৰ কোনবিধ ৰোগ থাইৰ’ক্সিন হৰম’ন উপযুক্ত পৰিমাণে ক্ষৰিত নোহোৱাৰ বাবে হয় ?

(i)  বেৰিবেৰি   

(ii) গৰল ৰোগ

(iii)  ডায়েেবটিছ 

(iv)  কটীয়ালগা

(f) যদি জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো 

অপত্য জনুত আমি কোন ধৰণৰ গছ পাম

(i)  ওখ (TT) আৰু (tt) চাপৰ দুয়োটা

(ii)  কেৱল ওখ

(iii)  কেৱল চাপৰ               

(iv)  ওপৰৰ কোনো ধৰণৰেই নহয়।

(g) খুউৱ সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?

(i)  50 cm ফ’কাছ ৰ্দ্ঘ্যৈৰ উত্তল লেন্‌ছ

(ii)  5 cm ফ’কাছ ৰ্দ্ঘ্যৈৰ উত্তল লেন্‌ছ

(iii)  50 cm ফ’কাছ ৰ্দ্ঘ্যৈৰ অৱতল লেন্‌ছ

(iv) 5 cm ফ’কাছ ৰ্দ্ঘ্যৈৰ অৱতল লেন্‌ছ

(h) চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ ৰ্দ্ঘ্যৈৰ পৰিৱৰ্তন হয়

(i)  চকুৰ মণি     

(ii)  অক্ষিপট 

(iii)  চিলিয়াৰী পেশী           

(iv) চকুৰ পতা

(i) তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে?

(i) IR²      

(ii) I²R

(iii) V²/R       

(iv) VI

(j) তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? 

(i)  ঘাঁহ, মাছ আৰু ছাগলী       

(ii)  ছাগলী, গৰু আৰু হাতী

(iii)  ঘাঁহ, ছাগলী আৰু মানুহ।   

(iv)  ঘাঁহ, ঘেঁহু আৰু আম। 

2. কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্রভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। 1

3. উদাহৰণেৰে সৈতে মৌল এটাৰ ‘বহুৰূপ’ ৰ সংজ্ঞা লিখা। 1

4. কেটিনেচন কাক বোলে ? 1

5. কোনো জীৱই জীৱন কালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে কিয় প্ৰৱাহিত নহয়? 1

6. তৰাই তিৰবিৰাই কিয়? 1

7. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। 2

(i)  হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ-ডাই-অক্সাইড উৎপন্ন কৰে।     

(ii) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। 

8. তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?  2

9. এখিলা পাতৰ প্রস্থচ্ছেদ আঁকা আৰু তাক সঠিকভাৱে চিহ্নিত কৰা। 2

নাইবা

পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম কি?

10. পেশীকোষে কেনেদৰে তাৰ আকৃতি সলনি কৰে? 2

নাইবা

আমাৰ শৰীৰত আয়’ডিনৰ গুৰুত্ব কি?

11. ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে কেনেদৰে লাভদায়ক হ’ব পাৰে? 2

নাইবা

স্পাইৰ’গাইৰাই কেনেদৰে বংশবিস্তাৰ কৰে? 2

12. উত্তল লেন্‌ছ এখনৰ দুগুণ দুৰত্বত এটা লক্ষ্যবস্তু ৰাখি ইয়াৰ ৰেখাচিত্ৰ অংকণ কৰা। 2

নাইবা

লেন্‌ছৰ ক্ষমতাৰ সংজ্ঞা দিয়া। ইয়াৰ S.I. একক কি? 

13. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 5 মিনিট সময়ত 0.6A প্ৰবাহ লয়। বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা। 2

নাইবা

পৰিবাহী এডালৰ ভিতৰত বৈদ্যুতিক আধান কেনেকৈ প্ৰবাহিত হয়? ব্যাখ্যা কৰা। 2

14. পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্রাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা? 2

15. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা হোৱা দুটা সমস্যা উল্লেখ কৰা। 2

16. বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি? 2

17. এটা বিকাৰত অলপমান ক’পাৰ অক্সাইড লোৱা। বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰ’ক্ল’ৰিক এছিড যোগ কৰা আৰু তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কৰা।

(i) দ্ৰৱটোৰ ৰংটো কি? 1    

(ii) ক’পাৰ অক্সাইডত কি ঘটিছে? 1

(iii) ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।1

নাইবা

ব্রাইন কাক বোলে ? এই ব্রাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি পদাৰ্থ উৎপন্ন হয়? ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা।

18. (a) এটা পদাৰ্থ ‘X’ ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়।

(i) পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখা।

(ii)  পানীৰ সৈতে (i) ত উল্লিখিত পদাৰ্থ ‘X’ এ কৰা বিক্ৰিয়াটো লিখা। 

(b) তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ চিনাক্ত কৰা। 1 

নাইবা

(a) এটা উজ্জ্বল মূগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।

(b) লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? 

19.আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা। আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোৱাহবোৰ  কিদৰে দূৰ কৰিছিল? 3

নাইবা

নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কি? নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল? 3

20.পৰাগযোজন কি? পৰাগযোজন আৰু নিষেচনৰ মাজত কিবা পাৰ্থক্য আছেনে? স্ব-পৰাগযোগ ইতৰ-পৰাগযোগৰ পৰা কিদৰে বিসদৃশ?  3

নাইবা

ঋতুচক্ৰ কেনেদৰে সংঘটিত হয়?  3

21. নতুন এটা প্ৰজাতিৰ উৎপন্নৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ব্যাখ্যা কৰা। 3

নাইবা

ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ বুলিলে কি বুজা? স্ব-পৰাগযোগ ঘটা উদ্ভিদ প্ৰজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্ৰদান কাৰক হ’ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে?  3

22.মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা। চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ ব্যক্ত কৰা। 3

নাইবা

অক্সিন কি? এজোপা গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে? 3

23.বগা পোহৰৰ বিচ্ছুৰণ মানে কি বুজা? প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মিচিত্ৰ অংকণ কৰা। 3

নাইবা

প্ৰেছবায়’পিয়া কি? নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকণ কৰা। 3

24. ৰোধকৰ S.I. একক লিখা। এটা বৈদ্যুতিক মটৰে 220V উৎসৰ পৰা 5A প্ৰবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা। 3

নাইবা

এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে? 8Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15A প্ৰবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা। 3   

25. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতিৰ ব্যাখ্যা কৰা। 3

26. শক্তিৰ উৎস এটা প্ৰদূষণ মুক্ত হ’ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? মহাসমূদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখা। 3

27. (a) পানীত দ্ৰৱীভূত হোৱা দুটা ধাতৱ অক্সাইডৰ নাম লিখা। 1

(b) অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়? উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা। 2

(c) চেকা লগা ক’পাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা তোমালোকে নিশ্চয় দেখিছা। পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে বুজাই লিখা।   2

নাইবা

(a) তলত দিয়াবোৰৰ মাজৰ পৰা আটাইতকৈ বেছি সক্ৰিয় আৰু আটাইতকৈ কম সক্ৰিয় ধাতুবোৰ চিনাক্ত কৰা। 1

Al, K, Cu, Au.

(b) উদাহৰণেৰে সৈতে তলত দিয়াবোৰৰ সংজ্ঞা লিখা। 2

(i)  মণিক (ii)  আকৰ

(c) ধাতুৰ শোধনৰ বাবে ব্যৱহৃত বিদ্যুৎ পৰিশোধন পদ্ধতিটো ব্যাখ্যা কৰা। 2

28. (a) (C4H10) বিউটেনৰ সমযোগীবোৰৰ  গঠন সংকেত আঁকা।1

b) প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে? উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা। 2

(c) পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুওৱাব পাৰি? 2

নাইবা

(a) ব্র’ম’বিউটেনৰ সমযোগীেবাৰৰ গঠন সংকেত আঁকা। 1

(b) ইথান’য়িক এছিডে কাৰ্বনেট আৰু হাইড্ৰ’জেন কাৰ্বনেটনৰ লগত কিদৰে বিক্ৰিয়া কৰে? ৰাসায়নিক বিক্ৰিয়াবোৰৰ  লিখা। 2

(c) চােবানৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা। 2

29. জৈৱ অনুঘটকেবাৰ কি?এনে দুটা অনুঘটকৰ নাম লিখা। আমাৰ শৰীৰত এইবোৰে গ্ৰহণ কৰা ভূমিকাৰ আলোচনা কৰা। পাকগ্ৰন্থিৰ দ্বাৰা নিঃসৰিত হোৱা হাইড্ৰ’ক্লৰিক এছিডৰ কাৰ্য কি?  5

নাইবা

উদ্ভিদৰ দেহত খাদ্যৰ সংবহন কেনেদৰে ঘটে? জাইলেম আৰু ফ্ল’ৱেম দ্ৰৱ্যৰ পৰিবহণৰ পার্থক্যবোৰ কি ?

30. 18cm ফ’কাছ গৈৰ্ধ্যৰ অৱতল দাপোণ  এখনৰ সন্মূখত 27cm দূৰত্বত 70mm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।  5

নাইবা

অৱতল লেন্‌ছ এখনৰ ফ’কাছ দ্ঘ্যৈ 15cm। লেন্‌ছখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10cm দূৰত্বত লেন্‌ছখনে প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে। তদুপৰি লেন্‌ছত হাৱা বিৱৰ্ধন নিৰ্ণয় কৰা। প্ৰতিবিম্বটোৰ প্ৰকৃতি কি?

31. জীৱাষ্ম ইন্ধনৰ দুটা উদাহৰণ দিয়া। এজন ব্যক্তি হিচােপঃ 5

(a)বন আৰু বন্যপ্ৰাণী। (b)  জলসম্পদ

নাইবা

পানী সঞ্চয়ন মানে কি বুজা? পাহাৰীয়া অঞ্চল আৰু সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন  পদ্ধতিৰ মাজত তুলনা কৰা।

0 0 0

N.B. We are grateful to SEBA, Govt. of Assam

HSLC Exam Que Paper  Science 2020

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

০ ০ ০

Leave a Reply

Your email address will not be published. Required fields are marked *