অতুলানন্দ গোস্বামীৰ চুটি গল্প ‘বলিয়া হাতী’: এক সমালোচনাত্মক বিশ্লেষণ

অতুলানন্দ গোস্বামীৰ ‘বলিয়া হাতী’ শিৰোনামাৰ চুটি গল্পটি অসমীয়া ভাষাত এটি বিশেষ প্ৰসঙ্গৰ চুটি গল্প। সাধাৰণতে সৰহ ভাগ চুটি গল্পৰ মাজেদি  সমাজত  মানুহৰ লগত মানুহৰ সম্পৰ্ক, সংঘাত, সংঘৰ্ষ আদিৰ চিত্ৰ দেখুৱা হয় যদিও  দুই -এটা গল্প ইয়াৰ ব্যতিক্ৰমো আছে। অতুলানন্দ গোস্বামীৰ ‘বলিয়া হাতী’ শিৰোনামৰ চুটি গল্পটি তেনে এক ব্যতিক্ৰমধৰ্মী গল্প। গল্পটিৰ মাজেদি গল্পকাৰে বন্য প্ৰাণীৰ প্ৰতি মানুহৰ নিষ্ঠূৰ  আচৰণৰ চিত্ৰ অংকন কৰিছে।

গল্পটিৰ কাহিনীভাগ কৌতুহলেৰে পৰিপূৰ্ণ। পাঠকে বলিয়া হোৱা হাতীটোৰ অন্তিম দশা জানিবলৈ প্ৰতিটো শাৰী উৎসুকতাৰে পঢ়ি যায়। তাৰোপৰি গঠন আৰু আংগিকৰ দিশৰ পৰাও গল্পটি নিখুঁত আৰু আটিল। গল্পকাৰে গল্পটি ৰচনাত বিষয়-বস্তুৰ লগতে ভাৱ, ভাষা আৰু কলাত্মক দিশৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰা প্ৰতীয়মান হয়।

গল্পটিৰ কাহিনীভাগ শংকাজনক। হাতীক সাধাৰণতে ইয়াৰ প্ৰকাণ্ড শৰীৰ আৰু কেতিয়াৱা কোনো কাৰণত হিংসাত্মক হৈ উঠিলে মানুহৰ প্ৰতি বিপদজনক হৈ উঠে বাবেই মানুহে ইয়াক ভয় কৰে। কিন্তু প্ৰকৃততে দেখা যায় যে হাতীয়ে কোনো কাৰণ নোহোৱাকৈ অবাৱতে কাকো আক্ৰমণ নকৰে। আন আন বনৰীয়া জন্তুৰ তুলনাত ই বেছি শান্ত আৰু মৰমীয়াল স্বভাৱৰ। ইয়াৰ শান্ত আৰু মৰমীয়াল স্বভাৱৰ তুলনাত মানুহহে অধিক নিষ্ঠূৰ আৰু অবিবেচক।

গল্পকাৰে বলিয়া হোৱা হাতীৰ প্ৰতি জনসাধাৰণৰ অন্তৰত উদয় হোৱা ভয় আৰু শংকাৰে গল্পটি আৰম্ভ কৰিছে। গাৱঁৰ ৰাইজে উৰা-বাতৰিত শুনিবলৈ পাইছে যে  বনৰ পৰা এটি দঁতাল হাতী বলিয়া হৈ  চুবুৰীয়া গাওঁকেইখনত সোমাই কেবাজনো মানুহ মাৰিছে। সেই উৰা-বাতৰিত মানুহে বলিয়া হাতীৰ সম্ভাৱ্য আক্ৰমণৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্য যথাযথ সাৱধনতা অৱলম্বন কৰিছে। কিছুমানে জুই জ্বলাই, কিছুমানে ঘৰৰ ভিতৰত লুকাই থাকি আৰু কিছুমানে অস্ত্ৰ-শস্ত্ৰলৈ ৰাতি পহৰা দিয়াৰ পৰিকল্পনা কৰিছে। গাঁৱত এটি গুজব উঠিছে যে হাতীটোৱে কোনোৱা এখন গাঁৱত সোমাই বিয়া ঘৰ এটি মহটিয়াই পেলাইছে। কেইবাজনকো গচকি মাৰিলে। আন কোনোবা গাঁৱত মতা-তিৰোতা এহালক  মাৰিলে। কোনোৱা এজনক পথাৰলৈ ওলাই যাওঁতে মাৰিলে। আন এখন গাঁৱৰ কোনোৱা বুঢ়া এজন বজাৰৰ পৰা ঘৰমুৱা হওঁতে বাটত ফুটবল খেলাদি খেলি মাৰিলে। কিন্তু কোনেও হাতীটোক দেখা নাই। অ’ৰ কাণে ত’ৰ কাণে মানুহে  মাথো বাতৰিবোৰহে শুনিছে। সত্যাসত্য কোনোৱে নিজ চকুৰে দেখা নাই। সেইখন গাঁৱতে ‘গজলা’ নামৰ এজন চোৰাং ব্যৱসায়ী আছিল। তেওঁ হাবিৰ পৰা কাঠ কাটি নাইবা গছ পুৰি কয়লা প্ৰস্তুত কৰি বজাৰত বিক্ৰি কৰে আৰু তাৰেই পৰিয়াল পোহ-পাল দিয়ে। গজলাই হাতীটোৰ খবৰ পোৱাৰ দুদিনমান আগতে বনত গৈ কোনো এটি ডাঙৰ গছত জুই লগাই আহিছিল। কিন্তু হাতীটোৰ উৎপাতৰ খবৰ শুনি দুদিন তালৈ যাব পৰা নাই। সেয়ে তেওঁ ছটফটাই আছে। অৱশেষত মন ডাঠ কৰি এদিন পুৱা তেওঁ জুই লগাই অহা গছটি চাবলৈ বুলি ঘৰৰ পৰা ৰাওনা হ’ল আৰু যথা সময়ত গন্তব্যস্থান পালেগৈ। মনে মনে হাতীটোৰ প্ৰতি ভয়। ইপিনে হাবিত পহৰাদাসকলৰ প্ৰতিও ভয়। সেয়ে চাৰিওফালে ঘূৰি-ঘূৰি ভালকৈ লক্ষ্য কৰি কাঠ কয়লাখিনি চাবলৈ ধৰিলে। তেওঁ দেখিলে যে কাঠখিনি  ভালকৈয়ে পুৰিছে। যথেষ্ঠ কয়লা পোৱা যাব। হঠাৎ তেওঁ ‘সোৰোস’ শব্দ হোৱা শুনিবলৈ পালে। তেওঁ অতিপাত ভয় খালে। লৰ মাৰিব খুজিছিল যদিও কোনফালে লৰ মাৰিব ভাবি নেপালে। অৱশেষত দেখিলে যে তেওঁৰ পৰা মাত্ৰ দহ হাতমান আতঁৰত মাটিত হাতীৰ শুঁৰ এডাল পৰি আছে। হাতীটোৱে কিন্তু অলপো লৰচৰ কৰা নাই। সেয়ে অলপ আঁতৰৰ পৰা  বেঙা মেলি হাতীটোৰ শুঁৰডালত হাতটো লগাই  চালে। হাতীটোৱে যেন সেই  স্পৰ্শকন বিচাৰিছিল। গজলা আৰু অলপ আগবাঢ়ি গ’ল। ওচৰৰ পৰা ভালকৈ লক্ষ্য কৰি দেখিলে- সেই বলিয়া হোৱা হাতীটোৱেই। দাঁত দুটা দেখি তেওঁৰ ভয় হ’ল যদিও চাৰিওপিনে পাক এটা মাৰি দেখিলে যে হাতীটো প্ৰকাণ্ড গাঁত এটিত পৰি আছে। পিছ ভৰি দুখন বোকাত সোমাই গৈছে। কোনোমতে উঠিব নোঁৱাৰে। গজলাই পৰিস্থিতিটোৰ বুজ ললে আৰু ভাবিলে হাতীটোক গাঁতটোৰ পৰা  উদ্ধাৰ নকৰিলে হাতীটো তাতেই মৰিব। গতিকে তেওঁ গাৱঁলৈ গৈ মানুহ-দুনুহ মাতি আনি হাতীটোক উদ্ধাৰ কৰাৰ কথা ভাবিলে যদিও গাঁৱৰ মানুহে যাঠি, জোং, দা-কটাৰীৰে কুটিকাটি যে মাৰিও পেলাব পাৰে তাৰ শংকা কৰি ওচৰতে পোৱা গছৰ ডাল এটা আনি  গাঁতটোৰ এটা অংশ খান্দিবলৈ ধৰিলে যাতে হাতীটোৱে আগ ঠেং দুখনত ভৰ দি  গাঁতটোৰ পৰা ওলাই আহিব পাৰে। দিন গৈ ৰাতি হ’ল। গজলা অৱশ আৰু ক্লান্ত হৈ পৰিল। তাতে টোপনি গ’ল। অৱশেষত ৰাতি পুৱালত তেওঁ অশেষ কষ্ট কৰি হাতীটোক উদ্ধাৰ কৰিলে। তেওঁ দেখিলে যে হাতীটোৰ পিছ ঠেং দুখনত ঘাঁ হৈছে। সম্ভৱত কোনো চোৰাং চিকাৰীৰ গুলিৰ বলি হৈছিল। তেওঁ হাতীটোৰ ভৰিৰ বোকাখিনি হাতেৰে মচি হাতীটোক ওচৰৰ জুৰি এটালৈ লৈ গ’ল। তাতে হাতীটোৰ ঘাঁ হোৱা অংশখিনি ভালদৰে ধুই দি কচুৰ ৰস লগাই দিলে। হাতীটোৱে অলপ উচপিচ কৰিবলৈ আৰম্ভ কৰিছিল। হঠাৎ এটি বন্দুকৰ গুলিৰ শব্দ হ’ল। গজলা স্তব্দ হৈ গ’ল। হাতীটো বিকট চিয়ঁৰ  এটি মাৰি বাগৰি পৰিল।  আৰু দুটা গুলি আহিল। সেই গুলি দুটা হাতীটোৰ লগতে গজলাৰ গাতো লাগিল। এজনী চিকাৰী আৰু পিছে পিছে মানুহৰ জুম এটা  কোৰ্হাল লগাই স্থানটোত উপস্থিত হ’ল। চিকাৰীজনে লগত অহা মানুহ এজনক ক’লে, ‘বলিয়া হাতীটোৱে আৰু এটা মানুহ মাৰিলে।’ গল্পটিৰ কাহিনীভাগ এইখিনিয়েই।

এই গল্পটিৰ জৰিয়তে দেখা যায় যে মানুহ  জাতিটো বনৰীয়া প্ৰাণীতকৈয়ো বেছি  অবিবেচক আৰু নিষ্ঠূৰ। হাতীটোয়ে গাঁৱৰ মানুহকেইজনক মাৰিছিল সঁচা; কিন্তু ইয়াৰ কাৰণো নোহোৱা নহয়। চোৰাং চিকাৰীয়ে হাতীটোক পিছ ঠেঙত গুলি কৰিছিল। ফলত তাত ঘাঁ হৈছিল আৰু সেয়ে সি বলিয়া হৈ মানুহ মাৰিছিল। অথচ মানুহে হাতীটোক মাৰিলে। বিবেকবান মানুহ হিচাপে মানুহে হাতীটোয়ে মানুহ মৰাৰ কাৰণ বিচাৰি চাব লাগিছিল। অৱশ্যে গজলা নামৰ মানুহজনে  হাতীটোৰ প্ৰতি কৰা সহায় আৰু সেৱা কৰাৰ মনোভাৱত দয়া গুণৰ প্ৰকাশ পাইছে। গল্পটিৰ প্ৰধান চৰিত্ৰ মাত্ৰ এজন- ‘গজলা’ নামৰ চিকাৰীজন। তেওঁৰ দ্বৈত আচৰণ গল্পটিত প্ৰকাশ পাইছে। প্ৰথমতে তেওঁ এজন চোৰাং চিকাৰী। বনৰ গছ-বন চুৰি কৰি নাইবা সেইবোৰ পুৰি কয়লা বনাই জীৱিকা অৰ্জন কৰে। ই আইন বিৰোধী। আনপিনে তেঁৱেই হাতীটোৰ প্ৰতি দয়ালু হৈ হাতীটোক উদ্ধাৰ কৰিলে। হাতীটোৰ প্ৰতি কৰা আচৰণৰ বাবে গজলাই পাঠকৰ সহানুভূতি লাভ কৰিবলৈ সমৰ্থ হৈছে। হাতীটোক গাতটোৰ পৰা উদ্ধাৰ কৰিবলৈ গজলাই যি চেষ্টা কৰিছে  আৰু হাতীটোৰ লগত স্বগোক্তিৰে যি কথা পাতিছে- সেয়াই গল্পটোৰ আবেদন  বঢ়াইছে।  এবাৰ গজলাই গাত খান্দি থাকোতে  হাতীয়ে উঠিবলৈ ব্যৰ্থ চেষ্টা কৰোতে গজলাই কৈছে, ‘ৰবাচোন। দেখা নাই। মই কৰি আছোঁ কামটো। হ’লে উঠিবিয়েই নহয়।’

আকৌ দৰব লগাওঁতে কৈছে, ‘অকন ৰ ইয়াতে। মই দৰব এটা লগাই দিওঁ পালে। তই লৰ চৰ নকৰিবি।’

মুঠতে গল্পটি বিষয়-বস্তু, বিষয়-বস্তুৰ পৰিবেশন, গজলাৰ নাটকীয় স্বগোক্তি আৰু উপযুক্ত পৰিবেশনৰ ৰূপায়নত এটি আকৰ্ষনীয় উপভোগ্য গল্পত পৰিণত হৈছে। ০ ০ ০

(অতুলানন্দ গোস্বামীৰ চুটি গল্প ‘বলিয়া হাতী’: এক সমালোচনাত্মক বিশ্লেষণ’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published.