মামনি ৰয়চম  গোস্বামীৰ চুটি গল্প ‘সংস্কাৰ’: এক সমালোচনা

মামনি ৰয়চম  গোস্বামীৰ চুটি গল্প ‘সংস্কাৰ’: এক সমালোচনা

মামনি ৰয়চম গোস্বামীৰ ‘সংস্কাৰ’ শিৰোনামৰ চুটি গল্পটি এটি সামাজিক চুটি গল্প। গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ কিছুমান কলুষ-কালিমা, যেনে- পৰস্ত্ৰীৰ প্ৰতি লোভ, বেশ্যালি, অস্পৃশ্যতা, পৰধনৰ প্ৰতি লিপ্সা আদি প্ৰকটভাৱে প্ৰকাশ পাইছে।

কাহিনীটোৰ নায়কজন হ’ল পীতাম্বৰ মহাজন। তেওঁৰ বয়স প্ৰায় ষাঠি বছৰ। দুবাৰ বিবাহ  কাৰাইছিল যদিও তেওঁৰ ঔৰসত কোনো সন্তান-সন্ততি নহ’ল। সেয়ে তেওঁৰ দুঃখ আৰু অশান্তি। আৰ্থিক দিশত স্বচ্ছল যদিও সন্তান কামনাৰ চিন্তাত অকালতেই  ভাগি পৰিছে। সেই  গাঁৱৰে কৃষ্ণকান্ত নামৰ এজন পুৰোহিতে এদিনাখন তেওঁক লগ ধৰি নিঃসন্তান পীতাম্বৰক সাম্ভূ  পুৰোহিত নামৰ এজন মানুহৰ বিধবা পত্নী দময়ন্তীক বিয়া কৰাই  বংশ ৰক্ষাৰ বাবে পৰামৰ্শ আগবঢ়ায়। দময়ন্তী বিধৱা হলেও তাইৰ যৌৱন অটুট অছিল  আৰু বিধৱাৰ ৰীতি-নীতি মানি নচলি বেশ্যাৰ দৰে পাপাসক্ত জীৱন যাপন কৰিছিল। তাই গাঁৱৰ ডেকা লৰাবোৰৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ  হৈ পৰিছিল। পীতাম্বৰে কৃষ্ণকান্ত পুৰোহিতৰ পৰামৰ্শ  পাই  দময়ন্তীৰ প্ৰতি আকৰ্ষিত হ’ল আৰু তাইক যিকোনো প্ৰকাৰে কৃষ্ণকান্তই মান্তি কৰাই তেওঁৰ লগত বিবাহত সোমাই দিব লাগে বুলি পীতাম্বৰে খাটনি ধৰিলে। কৃষ্ণকান্তয়ো এই সুযোগ গ্ৰহণ কৰি দময়ন্তীক সন্মতি কৰাবলৈ কিছু খৰচ হ’ব বুলি যুক্তি দেখুৱাই  প্ৰথম দিনাই পীতাম্বৰৰ পৰা বিশ টকা লৈ গ’ল। কিছুদিন পিছত কৃষ্ণকান্ত পুৰোহিত আকৌ আহিল। দময়ন্তীৰ পুত্ৰক ঘোচ হিচাপে ‘গাজা’ দিব লাগিব বুলি কৈ আকৌ পাঁচ কুৰিমান টকা লৈ গ’ল আৰু অহা পূর্ণিমাৰ ৰাতি তেওঁক দময়ন্তীৰ ঘৰত লগ ধৰিবলৈ কৈ গ’ল। যথা সময়ত পীতাম্বৰে দময়ন্তীৰ ঘৰলৈ গৈ দময়ন্তীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিলে। দময়ন্তী গৰ্ভৱতী হ’ল। পীতাম্বৰে কৃষ্ণকান্তৰ পৰা খবৰটো পাই আনন্দত অধীৰ হ’ল আৰু হোমপুৰি দময়ন্তীক বিয়া কৰাব বুলি সপোন দেখিলে। কিন্তু পাঁচ মাহ পিছত কৃষ্ণকান্তই খবৰ লৈ আহিল যে দময়ন্তীয়ে গৰ্ভস্থ সন্তানটো নষ্ট কৰি পেলাইছে; কিয়নো দময়ন্তী ব্রাহ্মণ সম্প্ৰদায়ৰ আৰু পীতাম্বৰ শূদিৰ সম্প্ৰদায়ৰ। গতিকে দময়ন্তীয়ে শূদিৰ সম্প্ৰদায়ৰ লগত বিয়াত নবহে আৰু সন্তানো ধাৰণ নকৰে। পীতাম্বৰ মহাজনৰ সপোন সপোন হৈয়ে থাকিল। তেওঁ  দুঃখ আৰু বেজাৰত ভাগি পৰিল।

এই কাহিনীটোৰ পৰা অসমীয়া সমাজ কিমান অধঃপাতে নামি গৈছে তাৰ এটি স্পষ্ট ছবি আমাৰ চকুৰ আগত প্ৰতীয়মান হৈছে। অসমীয়া সমাজৰ পৰা যে পৰম্পৰাগতভাৱে চলি অহা সামাজিক নীতি-নিয়মৰ স্খলন হৈছে গল্পটি তাৰেই জীৱন্ত সাক্ষী। কাহিনীটোত অসম্ভৱ যেন লগা কোনো অতিৰঞ্জিত বৰ্ণনা নাই। অসমীয়া সমাজৰ লোক মানসৰ আঁৰত যে এনেকুৱা ঘটনা প্ৰায়েই ঘটি আছে তাক খোলাখুলিভাৱে আমি স্বীকাৰ নকৰিলেও উলাই কৰিব নোৱাঁৰো। গল্পটি তাৰেই স্বাক্ষৰ।

কাহিণীটোৰ বিন্যাস (structure) ত গল্পকাৰে বিশেষ পাৰদাৰ্শিতাৰ পৰিচয় দিব পাৰিছে। কাহিনীটোৱে এটা কোণৰ পৰা আৰম্ভ হৈ পাঠকৰ কৌতুহল অটুট ৰাখি শীৰ্ষবিন্দুৰ পৰা পৰিণতিলৈ গতি কৰিছে। কাহিণীটো কিছু পৰিমানে যৌন গন্ধী। দময়ন্তীৰ যৌৱনৰ যি বৰ্ণনা লেখিকাই দাঙি  ধৰিছে, সি যৌন আবেদনপূর্ণ। লেখিকাই লিখিছে: ”…………একেবাৰে নগ্ন হৈ থকা দময়ন্তী।সৌৱা গাভিনী ছাগলীৰ পেটৰ দৰে তাইৰ স্তনদ্বয়। সুস্বাদু বিজুলী বাঁহৰ গাঁজৰ দৰে তাইৰ শৰীৰৰ ৰং। আৰু কাটি থোৱা সফৰি আমৰ দৰে দগমগীয়া তাইৰ ওঁঠ।”  আন এঠাইত লিখিকাই লিখিছে: “কঁকালৰ পৰা বুকুলৈকে তাইৰ ব্লউজটো কোঁচ খাই উঠি গ’ল। জালি কোমোৰাৰ বুকুৰ দৰে বৰণৰ হাতৰ মুঠিত লুকাব  খোজা দময়ন্তীৰ কঁকালখন।”

গল্পটিত প্ৰধানকৈ তিনিটা চৰিত্ৰ আছে আৰু প্ৰত্যেকটি চৰিত্ৰই একো একোটা বিশেষ দিশ ফুটাই তুলিছে। প্ৰথমতে গল্পটিৰ নায়ক পীতাম্বৰে বুঢ়া বয়সত পুত্র সন্তানৰ কামনাৰে ‘দময়ন্তী’ নামৰ বেশ্যাৰ প্ৰতি কামস্পৃহা জগাই তুলি অবৈধ বিহাৰ কৰিছে। দ্বিতীয় চৰিত্ৰ কৃষ্ণকান্ত পুৰোহিতে লোকৰ ধনৰ প্ৰতি লিপ্সাভাৱ প্ৰকাশ কৰিছে। তেওঁ দময়ন্তীক লোভ দেখুৱাই পীতাম্বৰৰ পৰা টকা সৰকাইছে। তৃতীয় চৰিত্ৰ দময়ন্তীৰ দ্বাৰা সমাজৰ বিধবা তিৰোতাই যে যৌৱনৰ তাড়নাত বেশ্যাৰ দৰে অসামাজিক কুকৰ্ম কৰিবলৈয়ো কুণ্ঠােবাধ নকৰে- সেই চিত্ৰ আনকি বামুণৰ ছোৱালীয়ে শূদ্রৰ লগত যে বিয়াত সোমোৱাটো নীচতা আৰু অমৰ্যদাৰ পৰিচায়ক সেই চিত্ৰটোও প্ৰতিফলিত কৰিছে।                   

লেখিকাই  গল্পটিত উপযুক্ত পৰিৱেশ ফুটাই তোলাতো পাৰদাৰ্শিতা দেখুৱাইছে। পীতাম্বৰৰ ঘৰৰ পৰিৱেশ; ওচৰত কেইজনমান ল’ৰাই বৰশী বাই মাছমৰাৰ দৃশ্য, দময়ন্তীৰ ঘৰৰ বাঁহ জোপাৰ দৃশ্য আদি পাৰিৱেশিক দিশসমূহ সফলতাৰে ফুটাই  তুলি গল্পটিৰ কাহিনীভাগ সজীৱ ৰূপত পৰিবেশন কৰাত সফল হৈছে।

গল্পটিৰ বিশেষ আকৰ্ষণ হৈছে ইয়াৰ ভাষা। গল্পকাৰ মামনি ৰয়চমৰ ভাষা সঁচা অসমীয়া গোন্ধেৰে আমোলমোলায়। তেওঁৰ ভাষাত কোনো কৃত্ৰিম জটিলতা নাই। তাই যিমান পাৰে সিমান ভাষাটি জনসাধাৰণৰ ওচৰ চপাই  নিবলৈ চেষ্টা কৰিছে। তেওঁৰ লিখনিত অসমীয়া সমাজত সততে মুখে মুখে চলি অহা ফকৰা যোজনাৰ সংযোজন হোৱা দেখা যায়। যেনে- (ক) কাৰ্যৰ বুজিবা ভাও, ছাগৰো পখালে পাও। (খ) লগুণো ৰাখিব খোজে, বিধি বিধানো মানিব নোখোজে। (গ) আছো বগলী আছো চাই  ক’ৰ পানী ক’ত যায়। (ঘ) আহ লুকাবা বাঁহ লুকাবা গাল সোৰোপা ক’ত লুকাবা।

তাইৰ লিখনিত যথেষ্ট উপমা অলংকাৰৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। যেনে-

(ক) কটা জালি কোমোৰাৰ বুকুৰ দৰে বৰণৰ।

(খ) পিঠিখন পাভ মাছৰ দৰে কোমল।

(গ) নতুনকৈ গজা আমৰ পুলিৰ দৰে হাত ভৰি।

(ঘ) কাটি থোৱা সফৰি আমৰ দৰে দগমগীয়া তাইৰ ওঁঠ। ইত্যাদি।

গল্পটিৰ কিছুমান খণ্ডবাক্য আৰু বাক্য ঘৰুৱা ঠাঁচৰ। যেনে- ‘পাহুৱাল পুৰুষ’, ‘কুৰুকি কুৰুকি দৃষ্টি’, ‘হাত-ভৰি ফুলি ভিণ্ডাকাৰ’, ‘পৰুৱাই পোৱা মানুহৰ দৰে ব্যৱহাৰ’ ইত্যাদি।

সামৰণিত ক’ব পাৰি গল্পটিৰ কাহিনী, সামাজিক চিত্ৰৰ ৰূপায়ন, পৰিৱেশন পদ্ধতি, যথোপযুক্ত কথোপকথনৰ সংযোজন, চৰিত্ৰৰ বাস্তৱমুখীতা আৰু ভাষাৰ ঘৰুৱা ঠাঁচৰ সাৱলীলতা আদি দিশৰ পৰা মামনি ৰয়চম গোস্বামীৰ ‘সংস্কাৰ’ নামৰ গল্পটি অসমীয়া ভাষাত এটি উৎকৃষ্ট সামাজিক গল্প যি গল্পৰ প্ৰতিটো দিশেই অসমীয়া গোন্ধেৰে আমোলমোল। ০ ০ ০

(মামনি ৰয়চম  গোস্বামীৰ চুটি গল্প ‘সংস্কাৰ’: এক সমালোচনা ‘ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published.