কৃষ্ণ ভূঞাৰ চুটিগল্পঃ ‘যাদুঘৰ’- এক সমালোচনাত্মক বিশ্লেষণ

কৃষ্ণ ভূঞাৰ ‘যাদুঘৰ’ নামৰ চুটি গল্পটি অসমীয়া ভাষাত এক অগানুগতিক ভিন্ন স্বাদৰ প্ৰেমৰ গল্প। এজনী আঢ্যবন্ত, চহৰীয়া বেশ্যাৰ শৰীৰিক সৌন্দৰ্য্যৰ মোহত পৰা এজন শিক্ষিত ডেকাৰ প্ৰেমাকৰ্ষণ গল্পটিৰ প্ৰধান উপজীৱ্য।

গল্পটি কিৰণ আৰু অমল নামৰ দুজন শিক্ষিত আঢ্যবন্ত বন্ধুৰ কথোপকথনেৰে আৰম্ভ হৈছে। কিৰণ আদৰ্শবান ডেকা ল’ৰা। আনহাতে তেওঁৰ বন্ধু অমল আদৰ্শৰ বাটৰ পৰা  স্খলিত হোৱা ডেকা ল’ৰা। অমলে ‘নীহাৰ’ নামৰ এজনী চহৰীয়া বেশ্যাৰ ৰূপ-সৌন্দৰ্যত মোহিত হৈ তাইৰ প্ৰেমত পৰে। কিৰণে বন্ধু অমলক শুদ্ধ বাটলৈ ঘূৰাই অনাৰ বাবে চেষ্টা চলায়। কিৰণে অমলৰ লগত কেইবাদিনো নীহাৰৰ ঘৰলৈ যায় আৰু নীহাৰৰ কণ্ঠৰ গীত শুনি ওভতি আহে। অৱশেষত কিৰণৰ প্ৰচেষ্টাত অমল নীহাৰৰ প্ৰতি  প্ৰেমাকৰ্ষণ কমাই আনে আৰু অৱশেষত নীহাৰৰ ঘৰলৈ যোৱা একেবাৰে বন্ধ কৰি দিয়ে। কিৰণ তেতিয়াও ভাৱি আছিল যে তেওঁৰ বন্ধু অমল তেতিয়াও তাইৰ প্ৰেমত হাবুডাবু খাই  আছে। সেয়ে এদিন ৰাতি অমলক বিচাৰি নীহাৰৰ ঘৰ ওলালেগৈ যদিও অমলক তাত নাপালে। নীহাৰক সুধি জানিব পাৰিলে যে অমল কেতিয়াবাই তাইৰ ওচৰলৈ অহা এৰি দিছে। কিন্তু সেইদিনা কিৰণে নীহাৰৰ দৈহিক সৌন্দৰ্য্যত আপ্লুত হ’ল। বিচনাত অৰ্ধ শায়িত অৱস্থাত থকা নীহাৰৰ শৰীৰিক সৌন্দৰ্য্য প্ৰকটভাৱে কিৰণৰ চকুত ধ’ৰা পৰে আৰু অজানিতেই তাইৰ সৌন্দৰ্য্যত মোহিত হৈ তাইৰ প্ৰতি দুৰ্ববলতা অনুভৱ কৰে । অৰ্থাৎ নিজৰ বন্ধুক বচাবলৈ গৈ নিজেই যেন ফান্দত পৰিল। লিখকে গল্পটিৰ দ্বাৰা প্ৰকাশ কৰিব বিচাৰিছে যে প্ৰেমত দৈহিক সৌন্দৰ্য্যৰো ভূমিকা আছে। অমল জনা-বুজা ডেকা হৈয়ো তাইৰ সৌন্দৰ্য্যৰ মোহত আবদ্ধ হৈছিল আৰু কিৰণো যথাসম্ভৱ বিবেবচক মন লৈ তাইৰ ঘৰলৈ যোৱাৰ পিছতো তাইৰ দৈহিক সৌন্দৰ্য্যৰ প্ৰতি দুৰ্বল হৈ পৰিল। লিখকে গল্পটিৰ শিৰোনাম দিছে ‘যাদুঘৰ’ বুলি। শিৰোনামটি সাৰ্থক হৈছে। ইয়াত ‘যাদুঘৰ’ প্ৰতীকি অৰ্থত প্ৰয়োগ হৈছে। বেশ্যাৰ সৌন্দৰ্য্যই যেন যাদুঘৰ। এই সৌন্দৰ্য্যৰ মোহনীয় শক্তি আছে। যাৰ বাবে অমল আনকি তেওঁৰ আদৰ্শবান বন্ধু কিৰণো এই  যাদুময় মোহনীয় শক্তিৰ প্ৰভাৱত পৰিছে। গল্পটিৰ গঠন সিমান আটিল নহয়। কিৰণ আৰু  অমলৰ মাজত হোৱা প্ৰথম দিনাৰ কথোপকথন গল্পটিৰ পৰা কিটি দিলেও মূল বক্তব্য বিষয়ৰ কোনো অংশ বাদ পৰিল যেন নালাগিলেহেতেঁন। অৱশ্যে পৰিৱেশ সৃষ্টিত লিখক কৃষ্ণ ভূঞাই সফলতাৰ সীমা চুবগৈ পাৰিছে। চৰিত্ৰসমূহৰ মুখত যি সংলাপ আৰোপ কৰিছে তাত নাটকীয়তা আছে যদিও লিখকে চুটিগল্পৰ প্ৰধান আকৰ্ষণ ঔৎসুকতা (curiosity) সৃষ্টিত বিশেষ সফলতাৰ স্বাক্ষৰ বহন কৰিব পৰা নাই। চুটিগল্প সমাজৰ কলাত্মক চিত্ৰহে; সমাজৰ পোনাপুনি সমালোচনা নহয়। অৱশ্যে সমালোচনাত্মক মন্তব্য আধুনিক চুটিগল্পত প্ৰায়েই দেখা যায়। ‘যাদুঘৰ’ গল্পটিতো সমালোচনা প্ৰত্যক্ষ কৰিব পাৰি। নীহাৰৰ দৰে ছোৱালী এজনীয়ে কিয় বেশ্যাৰ জীৱন বাছি ল’ব লগা হ’ল আৰু সমাজে বা তাইক কেনেদৰে গ্ৰহণ কৰে তাৰ ওপৰত লিখকৰ কিছু সমালোচনাত্মক আলোচনাৰ পাতনিও গল্পটিত অনুৰণিত হৈছে। গল্পটিৰ আন এটি আকৰ্ষণীয় দিশ হৈছে ইয়াৰ আলংকাৰিক ভাষা আৰু কাব্যিক কল্পচিত্ৰ। লিখকৰ ভাষা নিমজ; কতো উজুটি খাব নলগা বিধৰ। মাজে মাজে লিখকে উপমা অলংকাৰৰ দ্বাৰা কিছু কল্পচিত্ৰৰ ব্যৱহাৰ কৰি ভাৱক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে আৰু সফলো হৈছে। উদাহৰণ হিচাপে তলৰ উল্লেখিত বাক্য কেইশাৰীলৈ দৃষ্টি দিব পাৰি– (ক) ‘নীহাৰৰ কথাবোৰ  একো একোপাহ  ফুলৰ মালাৰ দৰে মালা কৰি গাঁথি থৈছোঁ।’ (খ) ‘য’তে ত’তে পৰি থকা পাথৰৰ দৰে সহজপ্ৰাপ্য তাইৰ নাৰীত্বখিনি অমলে দুষ্পাপ্য মুকুতাৰ দৰে কিয় ডিঙিত আঁৰি লব খোজে। তাৰোপৰি তলত উদ্বৃত শাৰী কেইটিতো কাব্যিক গোন্ধৰ সুভাষ আছে। ‘বিজুলী চাকিৰ পোহৰত তাইৰ মুখখন জিলিকি পৰিছে। মূৰৰ চুলিত তাইৰ সুৰৰ ঢৌেবাৰ নাচি  ফুৰিছে; কপালত, চকুত সুৰৰ কঁপনি উঠিছে। ওঁঠত, ডিঙিত, সুৰৰ অধীৰতা, চকুত সুৰৰ আবেশ, যেন গোটেই দুনীয়াৰ সুৰ মাধুৰী তাই টানি আনি তাইৰ গোটেই দেহত সানি লৈছে।’

শেষত ক’ব পাৰি কৃষ্ণ ভূঞাৰ ‘যাদুঘৰ’ গল্পটি অসমীয়া ভাষাত ভিন্ন সুৰী সাৰ্থক প্ৰেমৰ গল্প যি গল্পটিৰ মাজেদি অসমীয়া সমাজৰ এন্ধাৰ জগতখন জন-মানস চক্ষুত উপঙি  উঠিছে।  ০ ০ ০

(কৃষ্ণ ভূঞাৰ চুটিগল্পঃ ‘যাদুঘৰ’- এক সমালোচনাত্মক বিশ্লেষণ‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published.