চৈয়দ আব্দুল মালিকৰ গল্প: ‘লাইফটো – আই মীন’ – এক সমালোচনাত্মক আলোচনা

চৈয়দ আব্দুল মালিকৰ গল্প, ‘লাইফটো – আই মীন’ এটি দুবৰ্বল কাহিনী থকা চৰিত্ৰ প্ৰধান গল্প। গল্পটি গল্পকাৰে ‘আছৰফ’ নামৰ চৰিত্ৰ এটিৰ মুখেৰে প্ৰথম পুৰুষত ব্যক্ত কৰিছে। আছৰফৰ মুখেৰে গল্পটি ব্যক্ত হৈছে যদিও আছৰফ গল্পটিৰ নায়ক নহয়। নায়কজন হৈছে ‘হায়দৰ’ নামৰ তেওঁৰ এজন বন্ধুহে আৰু নায়িকাজনী হৈছে ‘নাজমা’। হায়দৰ আছৰফৰ স্কুলীয়া বন্ধু। দুয়োজনে কেইবাবাৰো পৰীক্ষা দি মেট্ৰিক পৰীক্ষা পাচ কৰে। আছৰফে মেট্ৰিক পাচ কৰি কেৰাণীৰ চাকৰীত সোমায়। আৰু হায়দৰে কিছুদিন চাইকেল মেকানিকৰ কাম কৰে, কিছুদিন বাছৰ কনড্ৰাক্তৰৰ কাম কৰে, কিছুদিন টকি হলৰ গেট কিপাৰৰ কাম কৰে। এবাৰ চেলুন খোলাৰ কথাও ভাৱিছিল যদিও কেঁচি, ফণী, আৰ্চি, চাবোন আদিৰ যোগাৰ কৰিব নোঁৱাৰাত পৰিকল্পনাটি সিমানতে অন্ত পৰে। বহু বছৰ আছৰফে হায়দৰৰ খবৰ পোৱা  নাছিল যদিও হঠাৎ এদিন স্ত্ৰী নাজমাক লৈ ‘জাফৰ’ নামৰ এজন বন্ধুৰ বিয়াত উপস্থিত হয় আৰু তাতেই তেওঁৰ লগত দেখা-দেখি হয় আৰু যোৱাৰ সময়ত হায়দৰে আছৰফক নিমন্ত্ৰণ দি থৈ যায়। আছৰফে নিমন্ত্ৰণ ৰক্ষা কৰিব বুলি কথা দিয়ে। এবাৰ প্ৰায় তিনিবছৰ পিছত,  আছৰফে হায়দৰৰ ঘৰলৈ বুলি ৰেলত উঠি যাত্ৰা আৰম্ভ কৰিলে – হায়দৰে দি যোৱা পথ নিৰ্দেশনা অনুসৰি। ৰাতি ন বজাত তেওঁ ষ্টেশ্বনত নামি তাৰ পৰা প্ৰায় দুমাইল খোজকাঢ়ি গ’ল যদিও হায়দৰৰ ঘৰ নাপাই কোনোৱা এজনক সুধি পোৱা পৰামৰ্শ মতে ‘জীনু’ নামৰ এজনী ছোৱালী মানুহৰ ঘৰত উঠে। ছোৱালীজনী অকলশৰে থাকে। তাইয়েই ওচৰতে থকা হায়দৰৰ ঘৰলৈ আছৰফক লৈ যায় যদিও ঘৰত কাকো নাপালে। হায়দৰো নাই, নাজমাও নাই। সেই জীনু নামৰ ছোৱালীজনীয়েই চেনি -গাখীৰ বিহীন চাহ বনাই আছৰফক খুৱাই তাতে থৈ ছোৱালীজনী ওচৰতে থকা নিজ ঘৰলৈ ঘূৰি আহে। ৰাতি প্ৰায় বাৰ মান বজাত হঠাৎ হায়দৰ ঘৰত উপস্থিত হয় যদিও আছৰফৰ লগত বিশেষ কোনো কথা-বৰ্তা পাতি সময় খৰচ নকৰি বাহিৰলৈ ওলায় যায়। আছৰফক যি বিচনাত থাকিব দিছিল সেইটো আছিল অতি লেতেৰা আৰু দুৰ্গন্ধযুক্ত। সেয়ে ৰাতি আছৰফৰ টোপনি নহ’ল। পুৱা জীনুৱে চাহ  খাবলৈ মতাত তেওঁ উঠিল আৰু চাহ খাই ইতিমধ্যে অহা হায়দৰৰ লগত বজাৰলৈ ফুৰিবলৈ যায় আৰু তাতে হোটেলতে দুয়ো পেট ভৰাই খাই লয়। খোৱা খৰচ আছৰফে ভৰিলে। তাৰ পৰা ওভতি আহি হায়দৰে আছৰফক জীনুৰ ঘৰত ৰাখি তেওঁৰ পৰা পাঁচ টকা খুজি বজাৰলৈ গ’ল আৰু আছৰফৰ বাবে বিশেষ খাদ্যৰ আয়োজন কৰিলে। আছৰফে জীনুৰ পৰিবেশনত পেটভৰাই খালে। আছৰফে হায়দৰৰ লাওলোটা অৱস্থা বুজি পালে। আছৰফে নাজমাৰ বিষয়ে জীনুক প্ৰশ্ন কৰিলে যদিও কোনো উত্তৰ নাপালে। হায়দৰেও উপযাচি হায়দৰক নাজমাৰ বিষয়ে নুসুধিলে। অৱশেষত আছৰফে ইচ্ছা কৰিয়েই তেওঁৰ কেইখনমান কাপোৰ আৰু বেগটো এৰি ঘৰলৈ ওভতি আহিবৰ বাবে ৰেলৰ টিকট কাটি ৰেলত উঠিল। হায়দৰে তেওঁক বিদায় দিবলৈ ষ্টেশ্বনলৈ আগবাঢ়ি আহিল। আছৰফে ৰেলত উঠাৰ পিছত হায়দৰ ওচৰলৈ আহি ক’লে:

“একো নাই বুজিছ! মোৰ টকা-পইচাৰ দিগদাৰী হ’ল -সকলোৰে হয়েই কেতিয়াবা। তাতে নাজমা জমীৰৰ লগত গুচি গ’ল।”

আকৌ ক’লে: 

“জীনু মোৰ আেপান মাহীৰ জীয়েক ভনী। এতিয়া জমীৰটোৱে  তাইকো আথানি কৰি গ’ল। সি এৰি গ’ল বুলি নিজৰ ভনীয়েকক এৰি দিব পাৰিনে? তাইৰো আকৌ নাই যে নাই, কোনোৱেই নাই।”

আছৰফে এতিয়াহে জীনুৰ স’তে হায়দৰৰ সম্পৰ্ক বুজি পালে। ৰেলৰ চকা ঘূৰিল, হায়দৰে ক’লে:

“টকা দুটামান নাইনে? দেচোন। তয়ে দিয়া টকা পাচোঁটাৰে ৰাতিৰ সাজ খোৱা হ’ল। পিছে এটকা দুই অনা ধাৰহে লাগিল।”

ৰেল এৰাত চিঞৰি হায়দৰে আছৰফক উদ্দেশ্যি আকৌ ক’লে:

“নাজমাহঁতক যদি ক’ৰবাত লগ পাৱ-এইবোৰ কথা নকবি দেই। লাইফটো-আই মীন-”

চমুকৈ গল্পটিৰ কাহিনীভাগ এইখিনিয়েই। গল্পটিৰ জৰিয়তে লিখকে দৰিদ্ৰতা, তিৰোতা মানুহৰ বিশ্বাসঘাতকতা আৰু মানৱতা-এই তিনিটা দিশ ফুটাই তুলিছে। আছৰফ আৰু হায়দৰে একেলগে মেট্ৰিক পাচ কৰিছিল যদিও আছৰফে কোনো মতে কেৰাণীৰ চাকৰী এটা যোগাৰ কৰিলে যদিও হায়দৰে একো কৰিব নোঁৱাৰিলে। কেইটামান কামত সোমাইছিল যদিও কোনোটোতে স্থিৰভাৱে থাকিব নোঁৱাৰিলে। দৰিদ্ৰতাই তেওঁৰ প্ৰধান অন্তৰায়। শেষত নাজমা নামৰ সুন্দৰী ছোৱালী এজনীক বিয়া কৰায় যদিও তাই স্বামী হায়দৰক বিশ্বাসঘাতকতা কৰি জীনুৰ স্বামী জমীৰৰ লগত গুচি যায়। তাতে হায়দৰৰ কোনো আপেক্ষ নাই। তাৰ পৰিৱৰ্তে নিঠৰুৱা হোৱা জীনুক পোহপাল দিছে আৰু ইয়াতেই হায়দৰৰ মানবতাবাদ প্ৰকাশ পাইছে। 

কাহিনীটোৰ আদি ছোৱাত হাস্যৰসৰ খলকনি আছে। লিখকৰ ভাষাটোও নিভাঁজ অসমীয়া নহয়; মাজে মাজে ইংৰাজী শব্দ ব্যৱহাৰ কৰি হাস্যৰসৰ উদ্ৰেগ কৰিছে। উদাহৰণস্বৰূেপ তলত উদ্ধৃত কৰা বক্য কেইশাৰীলৈ আঙুলিয়াব পাৰি:

“এটা নিউ আইডিয়াই প্ৰায়েই তাক ষ্ট্ৰাইক কৰে। আৰু সেই কাৰণে তেওঁ প্ৰায়ে ভকেচন চেঞ্জ কৰি থাকে। মেন্টেলেটি ঠিক নাথাকিলে কাম কৰি কোনো ইন্টাৰেষ্ট নালাগে। মনি আৰ্নিংটো মেইন কথা নহয় , আচল কথা হ’ল লিভিং।”

গল্পটিৰ প্ৰধান আকৰ্ষণ নাজমা বা জীনু বা আছৰফো নহয়; প্ৰধান আকৰ্ষণটো হৈছে হায়দৰ নামৰ চৰিত্ৰটো। 

লিখকে গল্পটিত পৰিৱেশ সৃষ্টিত বিশেষ সফলতাৰ পৰিচয় দিব পৰা নাই যদিও গল্পটিত প্ৰয়োগ কৰা সংলাপখিনিৰ নাটকীয় গুণ আছে।০ ০ ০ 

(চৈয়দ আব্দুল মালিকৰ গল্প: ‘লাইফটো – আই মীন’ – এক সমালোচনাত্মক আলোচনা’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published.