চৈয়দ আব্দুল মালিকৰ গল্প: ‘দুখন ভৰি’ – এক বিশ্লেষণ

‘দুখন ভৰি’ গল্পটি চৈয়দ আব্দুল মালিকৰ এটি আদৰ্শাত্মক গল্প। গল্পটিৰ জৰিয়তে গল্পকাৰ মালিকে শাৰীৰিক সৌন্দৰ্য্য আৰু আত্মাৰ সৌন্দৰ্য্য — এই  দুই বিপৰীতমুখী সৌন্দৰ্য্যৰ মাজত সংঘাত ফুটাই তুলিছে। 

গল্পটিৰ কাহিনীভাগ তেনেই সাধাৰণ যদিও গল্পটিৰ মাজেদি প্ৰকাশ কৰা ভাৱটি তাৎপৰ্য্যপূৰ্ণ। গল্পটিৰ নায়কজনৰ নাম সত্যেন। তেওঁ এজন সফল উকিল আৰু শক্তিশালী প্ৰৱন্ধকাৰ। স্বাস্থ্যবান আৰু আদৰ্শপৰায়ণ। সমাজবাদত বিশ্বাসী। এদিন এটি নিমন্ত্ৰণলৈ গৈ ‘অমলা’ নামৰ এজনী ছোৱালীয়ে গান গাই থকা অৱস্থাত মেজৰ তলেদি তাইৰ ভৰি দুখন দেখা পায় আৰু ভৰিৰ সৌন্দৰ্য্যত মোহিত হৈ তাইৰ প্ৰতি দুৰ্বল হৈ পৰে। পাছত বিয়াৰ প্ৰস্তাৱ দিয়ে। অমলা হৈছে হাকিম ৰায়বাহাদুৰ ব্রজেন ফুকনৰ চতুৰ্থা কন্যা। ৰূপে-গুণে, তাই অতুলনীয়। সত্যেনৰ দৰে এজন সফল আৰু আদৰ্শবান ডেকা পাই  ব্রজেন ফুকনে ছোৱালী অমলাক তেওঁৰ সতে বিয়া দিয়াৰ সন্মতি প্ৰকাশ কৰে। ৰায়বাহাদুৰ প্ৰভাৱশালী ব্যক্তি। বৃটিছৰ দিনত হাকিমৰ চাকৰি কৰিছিল। ল’ৰা-ছোৱালী কেইটাক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে। বিয়াৰ সকলো যো-যা ঠিক হ’ল। এদিন সত্যেনে অমলাহঁতৰ ঘৰত অমলাৰ লগত কথাপাতি আছে, এনেতে গাঁৱৰ এজন বুঢ়া মানুহ আহি উপস্থিত হ’ল। তেওঁ আছিল স্বাধীনতা বিপ্লৱী। কেইবাবাৰো জেল খাটিছিল। যৌৱনত স্বাধীনতা আন্দোলন কৰি কৰিয়েই সময় খৰচ কৰি দিলে, সংসাৰৰ উন্নতিৰ প্ৰতি মনকাণ দিব নোৱাঁৰিলে। এতিয়া বুঢ়া হৈ আহিছে, কোনো কাম বন কৰিব নোৱাঁৰে। স্বাধীনতা আন্দোলনত যোগদান কৰাসকলক চৰকাৰে কিবা পেঞ্চন দিয়ে বুলি কেবাবাৰো যোগাযোগ কৰিছিল যদিও কোনো ফল নাপালে। সেয়ে সত্যেনৰ ওচৰত পৰামৰ্শ বিচাৰি আহিল। এই বুঢ়া মানুহজনৰ পৰা কথা প্ৰসঙ্গত জানিব পাৰিলে যে অমলাৰ পিতাক ৰায়বাহাদুৰ ব্রজেন ফুকন তেতিয়া বৃটিছৰ অধীনত হাকিম আছিল। এবাৰ হেনো অসহযোগ আন্দোলনত ব্রজেন ফুকনে স্বাধীনতা আন্দোলনকাৰী সকলৰ আহ্বানৰ প্ৰতি ভ্ৰকুটি দেখুৱাই কাছাৰীত এই বুঢ়া মানুহজনৰ বুকুত ভৰিৰে গচকি কাছাৰী ঘৰৰ ভিতৰত সোমাইছিল। অৰ্থাৎ  ব্রজেন ফুকনে স্বাধীনতা আন্দোলনৰ বিপক্ষে থিয় দি বৃটিছকহে সহায়  কৰিছিল। প্ৰকৃতপক্ষে তেওঁ আছিল স্বদেশদ্ৰোহী। অথচ তেঁৱেই সমাজত ধনী, মানী আৰু প্ৰভাৱশালী ব্যক্তি। কথাটি শুনাৰ লগে লগে সত্যেন বিমৰ্ষ হৈ পৰিল। তেওঁ অনুধাৱন কৰিলে ৰায়বাহাদুৰ ব্রজেন ফুকন আচলতে কিমান তলৰ শ্ৰেণীৰ মানুহ। তেতিয়াৰ পৰা তেওঁ ভাৱিব ধৰিলে অমলাক বিয়া কৰাই তেওঁ ব্রজেন ফুকনৰ দৰে দেশদ্ৰোহী এজনক শশুৰ হিচাপে প্ৰণাম কৰিব নোৱাঁৰে। স্বাধীনতা আন্দোলনত জপিয়াই পৰা স্বদেশপ্ৰেমী এজনৰ বুকুত যিজনে ভৰিৰে গচকিব পাৰে তেনে এজন ব্যক্তি ব্রজেন বৰুৱাৰ প্ৰতি তেওঁৰ অন্তৰত ঘৃণাৰ ভাৱ উপজিল। সত্যেনৰ আদৰ্শত এই বিয়াই যেন কুঠাৰাঘাত কৰিব; সেয়ে তেওঁ পিছদিনা ঘোষণা কৰিলে যে তেওঁ এই  বিয়া নাকচ কৰিব। অমলাৰ ভৰিৰ সৌন্দর্যত মোহিত হ’লেও তাইৰ পিতাক ব্রজেন বৰুৱাৰ ভৰি দুটাৰ কদৰ্য্য কাৰ্যৰ গম পাই তেওঁ বাহ্যিক সৌন্দর্যৰ প্ৰতি বিতশ্ৰদ্ধ হ’ল। 

এই  কাহিনীটোৰ দ্বাৰা লিখকে ইয়াকে দেখুৱাব খুজিছে যে বাহ্যিক সৌন্দর্যতকৈ আত্মাৰ সৌন্দৰ্য্যহে  শ্রেষ্ঠ। বাহ্যিক সৌন্দৰ্য্যত ভোল যোৱা উচিত নহয়। মানুহৰ প্ৰকৃত সৌন্দৰ্য্য শৰীৰত নহয় কামৰ দ্বাৰাহে  প্ৰকাশ পায়। সেয়ে সত্যেনে অমলাৰ ভৰিৰ সৌন্দৰ্য্যত প্ৰথম অৱস্থাত ভোল গৈছিল যদিও ভুলটো ভঙাৰ লগে লগে বিয়াটো নাকচ কৰিলে।

কাহিনীটোত সময়ৰ ঐক্য আৰু স্থানৰ ঐক্য ৰহিত হৈছে যদিও উদ্দেশ্যৰ ঐক্য ঠিক ৰখাত লিখকে সফলতা লাভ কৰিছে। চুটি গল্প এটি ৰূপায়নত আৰম্ভণিৰে পৰা লিখকে এক কৌতুহল সৃষ্টি কৰিব লাগিব আৰু শেষলৈ কৌতুহলটো বজাই ৰাখিব লাগিব। গল্পটিত লিখকে এই কৌতুহল বজাই ৰখাত সফল হৈছে। গল্পটিৰ কৌতুহল হৈছে দুখন ভৰি: প্ৰথমতে অমলাৰ বাহ্যিক সৌন্দৰ্য্যৰে ভৰপুৰ দুটি ভৰি আৰু পিছলৈ অমলাৰ দেউতাক ব্রজেন ফুকনৰ দুখন ভৰি-যি ভৰিৰে স্বাধীনতা সংগ্ৰামী এজনৰ বুকু গচকিছিল। গল্পটিৰ গঠনো বিশেষ সোলোক-ঢোলোক নহয় যদিও তেনেই সাধাৰণ। ভাষাৰ সাৱলীলতাও গল্পটিত বিদ্যমান। লিখকে অৱশ্যে পৰিৱেশ অংকনত দক্ষতাৰ পৰিচয় দিব পৰা নাই। গল্পটিত যিখিনি সংলাপ চৰিত্ৰবোৰৰ মুখত সানি দিছে সিয়ে গল্পটি বিকাশ কৰাত আৰু চৰিত্ৰসমূহক ফুটাই তোলাত লিখকে সম্পূৰ্ণৰূপে সফল নহ’লেও বিফল হোৱা নাই। 

কাহিনীটিত প্ৰধানকৈ তিনিটা চৰিত্ৰ আছে। প্ৰথমতে সত্যেন নামৰ ডেকাজন। যিজন আদৰ্শবান। সমাজবাদত বিশ্বাসী আৰু জনদৰদী। দ্বিতীয় চৰিত্ৰটো হৈছে ৰায়বাহাদুৰ ব্রজেন ফুকন – যিজন সমাজত প্ৰভাৱশালী যদিও প্ৰকৃততে স্বাৰ্থান্বেষী আৰু দেশদ্ৰোহী। তৃতীয় চৰিত্ৰটো হৈছে এজন গাঁৱলীয়া বুঢ়া ব্যক্তি। তেওঁ হৈছে  প্ৰকৃত আত্মাৰ সৌন্দৰ্য্য অৰ্থাৎ স্বদেশপ্ৰেমৰ প্ৰতীক। লিখকে ব্রজেন ফুকন আৰু এই বুঢ়া মানুহজনৰ মাজেদি দুটি পৰস্পৰ বিৰোধী আদৰ্শৰ সংঘাত দেখুৱাইছে। সত্যেন হৈছে এই আদৰ্শ দুটি যুক্তিসংগতভাৱে বিচাৰ কৰা বুদ্ধিজীৱি।

পৰিশেষত ক’ব পাৰি কলাত্মক দিশৰপৰা গল্পটি নিখুঁত নহ’লেও আদৰ্শৰ দিশত গল্পটি অসমীয়া ভাষাত অন্যতম শ্রেষ্ঠ গল্প। গল্পটিত হাস্যৰসৰ সমল আছে। লিখকে গল্পটিত আফজল নামৰ এটি চৰিত্ৰ সংযোজন কৰিছে যি চৰিত্ৰটি গল্পটো ব্যক্ত কৰা ব্যক্তিজনৰ বন্ধু । (গল্পটি প্ৰথম পুৰুষত ব্যক্ত কৰা হৈছে) তেওঁ এজন ফুটবল খেলুৱৈ যিজনে মূূৰতকৈ নিজৰ ভৰি দুখনৰ বিশেষ যত্ন লয়। ৰেলত এবাৰ তেওঁ ভৰিখন আসনৰ ওপৰত ৰাখি বহাত আন কোনোৱা এজন যাত্ৰীয়ে ভৰিদুখন নমাই বহিবলৈ আদেশ দিয়াত তেওঁ কৈছে:

“…………….ভৰি দুখন নমাবলৈ নক’ব; লাগিলে কওক মূৰটোকে  ক’ৰবাত নমাই থও। ………………….ফুটবল খেলোঁ, ভৰি দুখনেই মোৰ সম্বল।” ০ ০ ০

( চৈয়দ আব্দুল মালিকৰ গল্প: ‘দুখন ভৰি’ – এক বিশ্লেষণ’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *