নগেন শইকীয়াৰ ৰচনা ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ – এক সমালোচনা

নগেন শইকীয়াৰ ৰচনা ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ – এক সমালোচনা

নগেন শইকীয়াৰ ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ শিৰোনামৰ ৰচনাটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম হিচাপে ডঃ শৈলেন ভৰালীৰ দ্বাৰা সংকলিত আৰু সম্পাাদিত ‘গল্প মঞ্জৰী’ ত এটা গল্প হিচাপে স্থান পাইছে যদিও উক্ত ৰচনাটি গল্প নহয়- কিয়নো গল্পৰ কোনো এটি উপাদান ৰচনাটিত নাই। ৰচনাটিত নিৰ্দিষ্ট কোনা কাহিনী নাই, এটা মাথো চৰিত্ৰৰ বাহিৰে অন্য কোনো চৰিত্ৰ নাই, যথাযথ পৰিৱেশৰ পৰিবেশন নাই, আনকি ভাষাও গদ্যৰ পৰা পিছলি পৰি কবিতাৰ দৰে আৱেগ স্বৰ্বস্ব হৈ পৰিছে। উক্ত ৰচনাটি এজন বৃদ্ধৰ সচেতন মনৰ আৱেগৰ লানি-নিচিগা বিশৃঙ্খল ভাৱৰ প্ৰতিফলনহে। বৃদ্ধজনে মনৰ মনিকোঠত সেইসময়ৰ সমাজৰ এন্ধাৰ আৰু পোহৰ বা প্ৰাকৃতিকতা আৰু কৃত্ৰিমতা বা আশা আৰু নিৰাশা বা জয়ৰ সপোন  আৰু পৰাজয়ৰ গ্লানি বা ভাল আৰু বেয়া বা সৌন্দৰ্য্য আৰু কদৰ্য্যতা আদিৰ আলি-দোমোজাত পৰি যি মানসিক অন্তঃদ্বন্দ্বত ভূগিছে ৰচনাটিত সেই অন্তঃদ্বন্দ্ব আবেগিক ভাষাত প্ৰকট হৈ উঠিছে। আৱেগ কবিতাৰহে  প্ৰতিপাদ্য বিষয়; গল্প বা প্ৰবন্ধত আৱেগ বাহুল্যতাহে মাথোন। নগেন শইকীয়াই ৰচনাটিত আৱেগৰ লানি নিচিগা ঢৌৰ ৰূপায়ন কৰি ৰচনাটি কবিতাৰ ওচৰ চপাই লৈ গৈছে। তাৰোপৰি ৰচনাটিৰ গঠন আৰু বিন্যাসত কোনো প্ৰণালীবদ্ধতা নাই। আৱেগে কোনো নিৰ্দ্দিষ্ট বিন্দুৰপৰা শীৰ্ষন্দুিৰ মাজেৰে পৰিণতিলৈ গতি কৰা নাই। কবিতাৰ দৰে ৰচনাটি আৱেগৰ শীৰ্ষ বিন্দুৰ পৰা আৰম্ভ হৈ  শীৰ্ষ বিন্দুতে শেষ হৈছে। বৃদ্ধজনে নিজৰ আত্মা আৰু শৰীৰ এই দুয়োটাৰ মাজৰ দ্বন্দ্বত ভূগিছে। আত্মাই আদৰ্শ জীৱন যাপনৰ প্ৰতি আগ্ৰহী আৰু শৰীৰ কৃত্ৰিম জীৱন যাপনৰ প্ৰতি লালায়িত। কিন্তু তেওঁ আমাৰ অকৃত্ৰিম আদৰ্শময় জীবন-যাপনৰ পৰা সমাজ ধাৰাৰ প্ৰভাৱত পৰি পিছলি পৰিছে আৰু কুলষ কালিমাময় সমাজৰ চাপত পৰি মানসিক অশান্তিত ভূগিছে। বৃদ্ধজনে আখৰা কৰিছে কৃত্ৰিমতাৰ আৰু পাহৰিবলৈ  চেষ্টা কৰিছে প্ৰাকৃতিকতাক । বৃদ্ধজনে স্বীকাৰ কৰিছে:

“…………….কিমান দিনৰ চেষ্টাৰ মূৰত সক্ষম হৈছো নিজক ঢাকি ৰাখিবলৈ  আয়নাৰ সন্মুখত থিয় হৈ  আখৰা কৰোঁ ঘন্টাৰ পিছত ঘন্টা-কেনেকৈ ক’লে স্ত্ৰীয়ে ভাল পাব-বন্ধু-বান্ধেব ভাল পাব-কেনেকৈ ক’লে সিহঁতে ভাবিব-মোৰ কি নিৰ্মল হৃদয়-য’ত লেশ-মানো ঘৃণাৰ ছায়া নাই-দুখৰ ছায়া নাই -।”

যিসকল  বন্ধু-বান্ধৱীক বৃদ্ধাই বিশ্বাস কৰিছিল, সিহঁতৰ দ্বাৰাই বৃদ্ধাই প্ৰতাৰিত হৈছে। সেয়ে বৃদ্ধাই আৱেগৰ দোমোজাত পৰি স্বীকাৰ কৰিছে:

“মোৰ বন্ধু, যাৰ আগত জীৱনৰ অনেক গোপন কক্ষৰ দুৱাৰ কেতিয়াবা মেলি ধৰিছিলোঁ-যাৰ লগত গভীৰ অন্তৰঙ্গতা অনুভৱ কৰিছিলোঁ-সেই বন্ধুৰ মনৰ মাজত লুকাই আছিল পাপ-বাসনাৰ পাপ, প্ৰৱঞ্চনাৰ পাপ, প্ৰতাৰণাৰ পাপ।”

বৃদ্ধই  অৱশেষত জীৱনৰ বিয়লি বেলাত সকলো খেলিমেলি আৰু কৃত্ৰিমতাৰ ডাঠ আবৰণৰ আভ্যন্তৰৰ পৰা ওলাই আহি কৃত্ৰিমতাশূন্য স্বাভাৱিক জীৱন আৰম্ভ কৰিবলৈ আশা কৰিছে; সেয়ে তেওঁ কৈছে:

“মই স্বতন্ত্ৰভাৱে জীয়াই থাকিব খোজো – মই মোৰ ব্যৰ্থতাক মচি নাইকীয়া কৰিব খোজোঁ।”

লিখকৰ ভাষাও কাব্যগন্ধী আৱেগৰ আবেষ্টনীত আটোমটোৰাৰীকৈ বন্ধা। এনেকুৱা আবেগিক গদ্য অসমীয়া ভাষাত আজিলৈ চকুত পৰা নাই। অৱশ্যে আধুনিক ইংৰাজী প্ৰবন্ধৰ সাহিত্যৰ পদপ্ৰদৰ্শক ফ্ৰান্সিছ বেকনৰ ৰচনাত আবেগিক গদ্যৰ নমুনা আছে যদিও তাত বেকনে বিষয়বস্তুক পদ্যলৈ উন্নীত কৰা নাই, বিষয়-বস্তুৰ বাস্তৱ যুক্তিসঙ্গতা বজাই  ৰাখিবলৈ সফল হৈছে। কিন্তু নগেন শইকীয়াই বিষয়বস্তু  কবিতালৈ উন্নীত কৰি বিষয়বস্তুৰ বাস্তৱ যুক্তিসঙ্গতা ভাঙি পেলাইছে। সেয়ে নগেন শইকীয়াৰ ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ নামৰ ৰচনাটি যদিও শৈলেন ভৰালীৰ নিৰ্বাচনত গল্পৰ শ্ৰেণীত পৰিছে; আচলতে এইটো গল্প নহয়- আধুনিক আৱেগস্ববৰ্বস্ব কবিতাহে। আবেগে কোনো যুক্তি নামানে, কোনো শৃঙ্খলা নামানে, কোনো ব্যাকৰণিক নীতি নিয়ম নামানে। আবেগ  সততে চঞ্চল। একে জাপতে আকাশৰ তিৰবিৰ ত’ৰালৈ উৰি যাব পাৰে আৰু একে জাপতে মহা সাগৰৰ অটল তলিত অৱগাহন কৰিব পাৰে। নগেন শইকীয়াৰ উক্ত ৰচনাটি এনেকুৱা চঞ্চল আৱেগৰ প্ৰতিফলন। অৱশ্যে এই চঞ্চল আৱেগৰ ভিতৰতে সমাজৰ গভীৰ সত্য লুকাই আছে। মানব সমাজ যে ক্ৰমান্বয়ে কৃত্ৰিমতালৈ আগবাঢ়ি গৈ আছে ৰচনাটি তাৰেই প্ৰতিফলন। ০ ০ ০

(নগেন শইকীয়াৰ ৰচনা ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ – এক সমালোচনা’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *