নিৰুপমা বৰগোহাঞিৰ চুটিগল্প: ‘এনথ্ৰপ’লজিৰ সপোনৰ  পিছত’- এক   সমালোচনাত্মক আলোচনা

নিৰুপমা বৰগোহাঞিৰ ‘এনথ্ৰপ’লজিৰ সপোনৰ পিছত’ গল্পটি অসমীয়া ভাষাত এটি অনন্যোপম চুটিগল্প যি গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ পোহৰ আৰু এন্ধাৰ, বাহ্যিক সৌন্দৰ্য্য আৰু আভ্যন্তৰীণ কদৰ্য্যতা, শিক্ষাৰ সংস্কাৰ আৰু অশিক্ষাৰ অন্ধসংস্কাৰ আদি সকলোবোৰ দিশ দুপৰীয়া সূৰুযৰ ৰদ্ৰোজ্জ্বলতাৰে জল্‌জল্‌ পটপটকৈ উজলি উঠিছে। গল্পটিত বিশেষ কোনো নিৰ্দ্দিষ্ট কাহিনী নাই। গল্পটিত উমা আৰু প্ৰীতি নামৰ দুজনী আধুনিক শিক্ষাৰে শিক্ষিতা ছোৱালীৰ দৃষ্টিত অসমীয়া সমাজৰ বাস্তৱ সামাজিক জীৱনধাৰা কেনেকুৱা তাৰ সমালোচনাত্মক চিত্ৰ ফুটি উঠিছে। উমা হৈছে এজনী গাঁৱলীয়া ছোৱালী, স্নাতক মহলাৰ ছাত্ৰী। কোনো দূৰৱৰ্তী চহৰৰ কলেজত পঢ়ি আছে। পৰীক্ষাৰ পিছত চহৰৰ অভিজাত মহলৰ এজনী বান্ধৱী ‘প্ৰীতি’ ক লগত লৈ নিজৰ গাওঁলৈ আহে আৰু তাই গাওঁ আৰু চহৰৰ মাজৰ জীৱন ধাৰাৰ যি পাৰ্থক্য আৰু দ্বন্দ্ব প্ৰীতিৰ চকুত ধ’ৰা পৰিছে গল্পকাৰ নিৰুপমা বৰগোহাঞিয়ে গল্পটিত সেই পাৰ্থক্য আৰু দ্বন্দ্ব নিখুঁত ভাৱে অংকন কৰিছে। কিন্তু উমা আৰু প্ৰীতি কোনোজনীয়েই গল্পটিৰ প্ৰধান চৰিত্ৰ নহয়। সিহঁত গল্পটিত পৰিদৰ্শক নাইবা সমালোচকৰ ভূমিকা পালন কৰিছে। গাঁৱলৈ আহোতে উমাৰ পৰা প্ৰীতিয়ে গাঁৱলীয়া জীৱন ধাৰাৰ প্ৰাথমিক ধাৰণাৰ আভাষ পাইছে যদিও বাস্তৱত তাতোকৈয়ো কঠোৰ প্ৰত্যক্ষৰ সন্মুখীন হৈছে।

প্ৰথমতে প্ৰীতিৰ চকুত গাঁৱলীয়া জীৱনৰ পোহৰৰ দিশ অৰ্থাৎ বাহ্যিক প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সৰলতা ধৰা পৰিছে আৰু প্ৰীতিয়ে নিজে বিশেষ ৰোমান্টিক আনন্দত আপ্লুত হৈছে। তাই গাঁৱৰ গছ- বনৰ সৌন্দৰ্য্য, অকৃত্ৰিম মৰম চেনেহ, ধানেৰে ভৰি থকা সেউজীয়া পথাৰ আদি চাই মোহিত হৈ আেবগেক হৈ পৰিছে আৰু উমাক উদ্দেশ্যে কৈছে: 

“চাচোন উমা, সৌ বাঁহজোপাৰ তলত ক’লা স্তব্ধ পানীৰ পুখুৰীটো কি যেন ৰহস্যৰে ভ’ৰা নহয়? আয়ৈ দেহি, সৌ মেটেকাৰ ফুলবোৰ ইমান ধুনীয়া লাগিছে! সৌখন বিল নহয় জানো?”

কিন্তু যিমানেই সময়ৰ পল আগবাঢ়ি গৈছে সিমানেই প্ৰীতিৰ চকুত গাঁৱলীয়া জীৱনৰ অন্ধবিশ্বাস আৰু কদৰ্য ৰূপ ধৰা পৰিছে।

গাঁৱলীয়া মানুহৰ স্বাভাৱিক জীৱনত শিক্ষাৰ কোনো প্ৰভাৱেই নাই। সিহঁত সেই অতীতৰ প্ৰাকৃতিক জীৱন ধাৰাৰ পৰা এই বিজ্ঞানৰ যুগতো এখোজ আগবাঢ়িব পৰা নাই। গাঁৱলীয়া অঞ্চলত খোৱা পানীৰ বাবে কুঁৱা, নলী-নাদৰ ব্যৱস্থা নাই। স্বাস্থ্যসন্মত পায়খানা নাই। প্ৰায়বোৰ শুৱা ৰূমতে জাবৰ-জোথৰ আৰু তুঁহ গুৰিৰ জুই জ্বলোৱা থাকে জাৰৰ দিনত। মাইকী মানুহবোৰে বুকুত মাত্ৰ মেখেলা চাদৰ পিন্ধি থাকে। মানুহবোৰ আনকি সিহঁতৰ পোছাক পৰিচ্ছদবোৰো  লেতেৰা। সিহঁতে মানুহৰ নামকো শুদ্ধ উচ্চাৰণত নামাতি বিকৃত উচ্চাৰণেৰে মাতে। যেনে- ‘দ্ৰৌপদীক’ ‘দুৰ্পতি’ , ‘হেম’ক হেমা বুলি মাতে।

গাঁৱলীয়া মানুহ বিজ্ঞানৰ আধুনিক আবিষ্কাৰ আৰু প্ৰয়োগৰ বিষয়েও অজ্ঞ। সেয়ে চহৰৰ পৰা উমা আৰু প্ৰীতিয়ে গাঁৱলৈ যোৱা ‘কলৰ গান’ দেখি আৰু ৰেকৰ্ডত গান শুনি বিষ্মিত হৈছে। গাঁৱৰ বুঢ়ী এজনী আহি কলৰ গান শুনি প্ৰীতিক সোধে, “ইয়াৰ ভিতৰত মানুহ সোমাই ৰাখিছ নেকি?” গাঁৱৰ প্ৰায় সকলোৱেই গ্ৰামোফোনখন দেখি গান শুনিবলৈ ভিৰ কৰি থাকে। সিহঁতে ‘ৰেকৰ্ডক’ কাঁহী, ‘পিনক’ গজাল বুলি কয়।

চহৰৰ তুলনাত দৰিদ্ৰতা গাঁৱত অতি প্ৰকট। এই দৰিদ্ৰতাৰ চিত্ৰটোও গল্পটিৰ মাজেৰে লেখকে প্ৰকাশ কৰিছে। জাৰৰ দিনত পিন্ধিবলৈ কাৰো কোনো উপৰঞ্চি গৰম কাপোৰ নাই। প্ৰীতিয়ে গাঁৱৰ পৰা ওভতি যোৱাৰ সময়ত ল’ৰা-ছোৱালীক কিছুটকা দি যোৱাত, বান্ধৱী উমাই  প্ৰীতিক উদ্দেশ্যি কৈছে, 

“দিবলৈ তোৰ ইচ্ছা গৈছে দে প্ৰীতি, কিন্তু নাভাবিবি তই সামান্য দানেৰে এই বিৰাট দৰিদ্ৰ আঁতৰোৱাত কিবা সাহাৰ্য কৰিব পাৰিছ বুলি।” ঠিক যেন ভাগি পচি যাবলৈ ওলোৱা ঘৰ এটাক অ’ত ত’ত অকণি মেৰামতি কৰাৰ প্ৰহসন। 

শাহুআই  আৰু বোৱাৰী অৰ্থাৎ উমাৰ বৰমা আৰু  ককায়েক অভয়ৰ পত্নীৰ চৰিত্ৰ দুটা চুটিগল্পটিৰ বিশেষ উল্লেখযোগ্য চৰিত্ৰ। এই চৰিত্ৰ দুটাৰ মাজেদি গাঁৱলীয়া জীৱনৰ বহুতো আভ্যন্তৰীণ কুসংস্কাৰ আৰু কৰ্দয্যতা ফুটি উঠিছে। এই চৰিত্ৰ দুটা আৰ্হিমূলক (type) হে, ব্যক্তিকেন্দ্ৰিক (individual) নহয়। গাঁৱৰ কিছুমান তিৰোতাৰ ‘ধোঁৱাখোৱা’ অৰ্থাৎ বিড়িখোৱা কু অসভ্যাসটি আছে। উমাৰ বৰমাও এই অভ্যাসৰ বলি। প্ৰীতি অহাৰ দিনাই উমাই বৰমাইক কেইদিনমানৰ বাবে বিড়ি খোৱা বন্ধ ৰাখিবলৈ অনুৰোধ কৰিছে যাতে প্ৰীতিয়ে গম নাপায়। গাঁৱৰ তিৰোতাসকলো বৰ অবাইং ভাষাৰে সৰু কথা এটিতে ডাঙৰ কাজিয়া কৰিব পাৰে। গালি-শপনি কৰিব পাৰে। উমাৰ বৰ আইয়েও এনেকুৱা কৰিছে। ঘৰৰ ওচৰতে থকা উমাৰ সম্বন্ধীয়া খুৰীয়েকৰ লগত সামান্য কথাতে উমাৰ বৰ মাইয়ে কাজিয়া কৰিছে আৰু পৰস্পৰে পৰস্পৰক নিৰ্লজ্জ গালি-শপনি পাৰিছে। গাঁৱৰ বোৱাৰীয়ে দিনে-ৰাতিয়ে অকল কাম আৰু কাম কৰিব লাগে। সিহঁতৰ কোনো আহৰি নাই। এদিন অভয়ৰ পত্নীয়ে কলহলৈ ঘাটৰ পৰা পানী আনোতে ভৰিখন হেনো পিছলি মোচোকা খাইছিল ফলত ঢেঁকীত সেইদিনা ধান খুন্দিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু শাহু আইয়ে অভিযোগ আনি কৈছে যে কাম ফাঁকি দিয়াৰ ই এক চেলুহে। গাঁৱৰ বোৱাৰীয়ে স্বামীৰ প্ৰতিটো আঘাত অপমান সহ্য কৰিব লগা হয়। কথা বা আদেশৰ সামান্য হেৰফেৰ হ’লেই মাৰ খাব লাগে। চাহ খোৱাৰ সময়ত গুড় দিওতে অলপ পলম হোৱাৰ অভিযোত স্বামীয়ে চুলিত ধৰি টানি শাস্তি দিয়ে।

গাঁৱত ছোৱালীসকলৰ অতি কম বয়সতেই বিয়া হৈ যায়। সিহঁতৰ যৌৱন অৰ্থাৎ প্ৰেমৰ বতৰ অহাৰ আগতেই স্বামীৰ ঘৰলৈ যাব লগা হয়। ফলত সিহঁতে প্ৰেমৰ অনুভূতি উপলব্ধি কৰিবও নোঁৱাৰে। তাৰোপৰি খেতিয়ক স্বামী প্ৰায় গোটেই দিন পথাৰতে কটাব লগা হয়। ৰাতিত বোঁৱাৰীহঁতে সকলোৱে খোৱা-বোৱাৰ পিছতে ভাত খাব পাৰে আৰু ভাত খোৱাৰ পিছত কাঁহী-বাটি ধুই শুবলৈ যাওঁতে ৰাতি বাৰটা বাজি যায়। ফলত স্বামীৰ সোহাগ (মৰমৰ স্পৰ্শ) ৰ পৰাও সিহঁত বঞ্চিত হয়। অভয়ৰ পত্নীৰ জীৱনতো সেয়া ঘটিছে। 

উমাই হৈছে ঘৰখনৰ একমাত্ৰ শিক্ষিতা ছোৱালী। তাইৰ উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ আছে যদিও ঘৰৰপৰা কোনেও তাইৰ উচ্চ শিক্ষাৰ বাবে আগ্ৰহ দেখুৱা নাই, তাৰ পৰিৱৰ্তে সিহঁতে তাইক সোনকালে বিয়া দিয়াৰহে সপোন  দেখিছে। 

গাঁৱৰ মানুহসকল খেতিয়ক মনোবৃত্তিৰ। পঢ়া-শুনাৰ প্ৰতি সিহঁতৰ কোনো ধাউতী নাই। সেইবাবেই উমাৰ খুড়াকৰ পুতেক ললিতে পাঠশালা পাচ কৰাৰ পিছতেই  পিতাকে লিখা-পঢ়া  বন্ধ কৰি দি কৈছে, 

“হালোৱা-চহাৰ ঘৰৰ ল’ৰাই নালাগে বল লিখা-পঢ়া  শিকি চাকৰি কৰিবলৈ। খেতি কৰিলেই আমাৰ পেটৰ ভাত মিলিব।”

গাঁৱৰ স্কুলৰ পৰিস্থিতিৰ চিত্ৰও এই গল্পটিত ফুটি উঠিছে। উমা আৰু ললিতৰ লগত প্ৰীতিয়ে দুমাইল দূৰত থকা প্ৰাথমিক বিদ্যালয় চাবলৈ গৈছে। স্কুল ঘৰটো ভাঙি-চিঙি গৈছে। ল’ৰা-ছোৱালী বহিবলৈ  ডেক্স-েবঞ্চ নাই। পাটিত বহিছে। বহুতো ল’ৰা ছোৱালী আছে যদিও শিক্ষক মাত্ৰ নামতহে দুজন আছে, এজন প্ৰায়েই অনুপস্থিত থাকে। 

দেখা গ’ল যে গল্পটিত গাঁৱলীয়া জীৱন ধাৰাৰ প্ৰায় সকলোবোৰ দিশেই ফুটি উঠিছে অকনো ৰহন নলগাকৈয়ে। 

সাধাৰণতে চুটিগল্পৰ সকলোবোৰ বৈশিষ্ট্যই গল্পটিত বিদ্যমান। গল্পকাৰে চৰিত্ৰসমূহৰ মুখত যথাযথ অথচ পৰিমিত সংলাপ ঢালি দি গল্পটি বিকাশত বিশেষ অৰিহনা যোগাইছে। 

গল্পটিৰ মাজেৰে লিখকৰ জীৱন দৰ্শনো প্ৰত্যক্ষভাৱে প্ৰকাশ পাইছে। গল্পকাৰে উমা আৰু প্ৰীতিৰ  মুখত গাঁৱলীয়া জীৱন ধাৰাৰ ওপৰত যিখিনি মন্তব্য আৰু সমালোচনা আৰোপ কৰিছে  সেইয়া লিখকৰ জীৱন দৰ্শনৰ   নিদৰ্শন।

সামৰণিত ক’ব পাৰি বিষয়বস্তু, ভাষা আনকি আঙ্গিকৰ দিশৰ পৰা নিৰুপমা বৰগোঁহাঞিৰ “এনথ্ৰপ’লজিৰ সপোনৰ পিছত” গল্পটি এটি সাৰ্থক বাস্তৱবাদী চুটি গল্প য’ত অসমীয়া গাঁৱলীয়া জীৱনৰ প্ৰতিটো দিশেই অকপট ভাৱে মূৰ্ত হৈ উঠিছে। ০ ০ ০

(নিৰুপমা বৰগোহাঞিৰ চুটিগল্প: ‘এনথ্ৰপ’লজিৰ সপোনৰ  পিছত’- এক   সমালোচনাত্মক আলোচনা’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *