নিৰোদ চৌধুৰীৰ চুটিগল্প: ‘কোমল গান্ধাৰ’- এক বিশ্লেষণ

নিৰোদ চৌধুৰীৰ ‘কোমল গান্ধাৰ’ নামৰ চুটিগল্পটি এটি চৰিত্ৰ প্ৰধান চুটিগল্প। গল্পটিত কোনো সুনিৰ্দ্দিষ্ট কাহিনী নাই। যদুনাথ কাকতি নামৰ এজন  মহৰীৰ জীৱনৰ কেইটামান খণ্ড খণ্ড চিত্ৰহে গল্পটিত গল্পকাৰে ফুটাই তুলিবলৈ  যৎপৰোস্তি চেষ্টা কৰিছে আৰু এই চৰিত্ৰৰ ওপৰতে ভিত্তি কৰি গল্পকাৰে সমাজৰ দুৰ্নীতি, সবলে দুবৰ্বলীৰ লগত কৰা দুৰ্ব্যৱহাৰ, তিৰোতা জাতিৰ প্ৰতি পুৰুষ জাতিৰ সাধাৰণ দুবৰ্বলতা – আদি দিশবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।চুটিগল্পটিৰ প্ৰধান চৰিত্ৰ যদুনাথ কাকতি নামৰ ব্যক্তিজন ভেঙেনাবাৰী নামৰ কোনোৱা এটি গাঁৱৰ নিচলা মানুহ। তেওঁ কেইবাবাৰো মেট্ৰিক পৰীক্ষা দি পাছ কৰিব নোৱাঁৰি গুৱাহাটী চহৰলৈ যায় কোনোৱা চিনেমা কোম্পানীত ভৰ্তি হোৱাৰ বাসনালৈ। কিন্তু গুৱাহাটীলৈ গৈ তেনে কোনো সুযোগ-সুবিধা নাপাই সিহঁতৰ গাঁৱৰ পৰা অহা ‘মহীধৰ’ নামৰ এজন বনুৱাৰ চৰ্দাৰক লগ পায় আৰু তেঁৱেই যদুনাথক ‘মুহিবুদ্দিন এণ্ড কোম্পানী’ত বনুৱাৰ চৰ্দাৰ বা মহৰীৰ কামত ভৰ্তি কৰি দিয়ে। ঘৰত তেওঁৰ এজনী বৃদ্বা মাকৰ বাহিৰে আন কোনো নাছিল। মাকে তেওঁক চহৰলৈ যাবলৈ বাধা দিছিল যদিও জীৱনত কিবা এটি উপাৰ্জনৰ পথ বাহিৰ কৰিবলৈ মাকৰ বাধা উপেক্ষা কৰি গুৱাহাটীলৈ আহে।  মুহিবুদ্দিন নামৰ ঠিকাদাৰজনৰ অধীনত তেওঁ বনুৱাৰ হিচাপ ৰক্ষক হিচাপে  কামত ভৰ্তি হৈ গুৱাহাটী মহানগৰীৰ বাট পথবোৰ উন্নত কৰাৰ দায়িত্বত কাম আৰম্ভ কৰিছিল। চহৰলৈ আহি প্ৰথম কেইদিন তেওঁৰ গা-মন বেয়া লাগিছিল যদিও পিছত পৰিৱেশৰ লগত মিলি যাব পাৰিছিল। আলিবাটৰ এটা মূৰৰ পৰা আনটো মূৰলৈ আহ-যাহ কৰি কামৰ তদাৰক কৰা বনুৱাক ইটো সিটো নিৰ্দেশ দিয়া, ইটা চিমেন্টৰ হিচাপ ৰখা- এইবোৰ কামত কেইদিনতেই তেওঁ অভ্যস্ত হৈ পৰিছিল। মুহিবুদ্দিন ঠিকাদাৰে দিনত দুই তিনিবাৰ গাড়ীৰে আহি একোবাৰ চাই যায়হি। মুহিবুদ্দিনৰ কাম কাজৰ প্ৰতিটো আখৰা তেওঁ অলপ দিনতে আয়িত্ব কৰি ল’লে। ঠিকাদাৰসকলৰ কামত দুৰ্নীতি কৰা অৰ্থাৎ শিল-বালি-ইটাৰ সঠিক মিশ্ৰন নকৰি মাজে মাজে কামৰ গাঁঠনি দুৰ্বল কৰা পদ্ধতি; কোনোৱা ঠাইত ইটা নবহুৱাই অকল মাটিৰ ওপৰতে প্লাষ্টাৰ কৰা আদিৰ আখৰাও ভালদৰে আয়ত্ব কৰি লৈছিল যাতে ফুট পথবোৰ অলপ দিনতে মাটিত বহি গৈ ভাঙি -ছিঙি যাব পাৰে আৰু আকৌ ঠিকাদাৰে কামটো পাব পাৰে।

এদিন কাম চলি থকা সময়তে ‘চুমকী’ নামৰ মহিলা বনুৱা এটাই হঠাৎ ৰাজমিস্ত্ৰীজনক অকথ্য ভাষাৰে গালি শপনি পাৰি চিঞৰ বাখৰ কৰি হুলস্থুল  লগাই দিয়ে। পিছলৈ যদুনাথে জানিব পাৰিলে যে ৰাজমিস্ত্ৰীজনে কেইবাদিনৰে পৰা চুমকীৰ প্ৰতি বেয়া ব্যৱহাৰ কৰি আছে। যেতিয়াই-তেতিয়াই যি ইচ্ছা তাকেই কয়, অশুভ ইংগিত দিয়ে ইত্যাদি। সিদিনা হেনো মচলা দি থালখন উঠাব খোজোতেই ৰাজমিস্ত্ৰীয়ে তাইৰ হাত এখনত চিকুটি দিলে। অকল সেয়াই নহয়, সেই  ছলতে পাঁচ টকীয়া নোট এখন হাতত গুজি দিছে। গালি-শপনি পাৰি খং দেখুৱাই চুমকী সিদিনা কামৰ পৰা গুচি গ’ল। ঠিকাদাৰে কথাটো জানিলে যদিও কোনো বিচাৰ নকৰিলে। পিছদিনা সকলোৱেই যথা নিয়মে কামত যোগদান কৰিলে। কথাটো সিমানতে অন্ত পৰিল যদিও পৰিস্থিতিয়ে অন্য ৰূপ ল’লে। সিদিনাৰ পৰাই যদুনাথ কাকতিয়ে চুমকীৰ ওপৰত বেছি নজৰ ৰাখিবলৈ ধৰিলে। লাহে  লাহে  তাইৰ প্ৰতি যদুনাথৰ দুৰ্বলতা বাঢ়ি আহিল। তাইৰ “মংহাল, নিতম্ব, জাতি লাওৰ দৰে ওলমি পৰা পুষ্ট স্তনযুগল, বগা চকমাটিৰ দৰে দুপাৰি দাঁত”- আদি অংগবোৰৰ প্ৰতি তেওঁ লালায়িত হৈ  পৰিল। তাইৰ স’তে অবাৱতেও কথা পতা আৰম্ভ কৰিলে। তাইৰো দৃষ্টিভঙ্গী যদুনাথৰ প্ৰতি দুৰ্বল যেন ধৰা পৰিল। এদিন যদুনাথে দুপৰীয়া ভাত খাই বিচনাত ভাগৰ দি হিন্দী গানৰ কিতাপ এখনৰ পাত লুটিয়াবলৈ ধৰিছিল, এনেতে চকুত পৰিল যে ঠিকাদাৰ মুহিবুদ্দিনৰ জীয়েক আৰু জোঁৱায়েক সিহঁতৰ ঘৰৰ সন্মুখত আহি  গাড়ী ৰখালে। শুই উঠি যদুনাথে দেখে যে মুহিবুদ্দিনৰ ঘৰৰ তিনিমহলাৰ ওপৰত মুহিবুদ্দিনৰ জীয়েকজনী শুই আছে। খিৰিকীৰ ফাঁকেৰে তাইৰ দেহৰ সৌন্দৰ্য যদুনাথৰ চকুত পৰিল। ইচ্ছা কৰিয়েই তেওঁ তাইৰ পিনে কিছুপৰ চাই থাকিল আৰু তেতিয়াই যদুনাথৰ ‘মালতী’ নামৰ এজনী ছোৱালীৰ কথা মনত পৰিল। পঢ়ি থকা সময়ত তেওঁ মালতীৰ প্ৰেমত পৰিছিল। মালতীয়েও তেওঁক ভাল পাইছিল; কিন্তু পিছত স্কুল শিক্ষক এজনৰ লগত তাইৰ বিয়া হৈ গৈছিল। তাইৰ লগত তেওঁৰ সাক্ষাত হোৱা সন্ধিয়াৰ ঘটনা এটি তেওঁৰ মনত পৰিল। সিদিনা মালতীয়ে মহুৰামুখৰ পেহীহঁতৰ ঘৰৰ পৰা ওভতি আহোতে লম্বোধৰ আৰু অৰ্জুন নামৰ দুজন পাষণ্ড তাইৰ পাছ লাগে। সিহঁত দুয়ো লগ লাগিলে কিবা যে অপায়-অমঙ্গল ঘটিব সি নিশ্চিত। গতিকে তাই  ৰাস্তা ঘূৰি আহোতে বহুত পলম হ’ল। হঠাৎ ভাগ্যক্ৰমে যদুনাথক লগ পালে। ইতিমধ্যে সন্ধিয়া লাগি এন্ধাৰ হৈছিলেই। লম্বোধৰ আৰু অৰ্জুন নামৰ পাষণ্ড দুজনেও সিহঁতৰ পিছে পিছে আহি আছিল। যদুনাথেও সিহঁত দুটাক ভয় কৰিছিল। সিহঁত দুটাৰ হাতৰ পৰা ৰক্ষা পোৱাৰ আশাত যদুনাথ আৰু মালতীয়ে ৰাতিৰ এন্ধাৰত স্কুল ঘৰ এটাৰ ভিতৰত সোমাল। সেই এন্ধাৰতে লাম্বোধৰ আৰু অৰ্জুন গুচি গ’ল আৰু তেতিয়াই যদুনাথে মালতীৰ হাতত ধৰিলে আৰু সজোৰে সাবটি ধৰি দেহৰ আৰু ওচৰলৈ আকৰ্ষণ কৰাত মালতীয়ে উচাট মাৰি যদুনাথক আঁতৰাই  ল’ৰ মাৰিলে।ইয়াৰ পিছত লিখকে যদুনাথ আৰু চুমকীৰ সম্বন্ধৰ বিষয়ে কৈছে যে পৰস্পৰে পৰস্পৰৰ প্ৰতি আকৰ্ষিত হ’ল। এদিন সন্ধিয়া বৰকৈ বৰষুণ হোৱাত কাম বন্ধ হ’ল। বৰষুণৰ সময়ত বনুৱাবোৰে দোকানৰ সন্মুখত আশ্ৰয় ললে আৰু বৰষুণ এৰিলত যদুনাথে ৰিক্সাত উঠি ঘৰমুৱা হওঁতে বাটত চুমকীক লগ পাই ৰিক্সাত উঠাই ল’লে আৰু চুমকীৰ থকা ঠাই দিছপুৰৰ কোনোৱা এটি লেতেৰা গলিলৈ গ’ল। কিন্তু তাতে গৈ পোৱাৰ পিছত তেওঁ হৃদয়ত বিষাক্ত বিষৰ জ্বালা অনুভৱ কৰিব ধৰিলে। তেতিয়া প্ৰথমতে মালতীৰ হাতত পৰাজয়ৰ স্মৃতিটো তেওঁৰ মনত পৰিল আৰু ভাবিলে যে চুমকীৰ হাতত এয়া তেওঁৰ জীৱনৰ দ্বিতীয় পৰাজয়।

ওপৰৰ খণ্ড খণ্ড চিত্ৰৰপৰা দেখা যায় যে গল্পকাৰে সফলতাৰে সমাজৰ সাধাৰণ ঘটনা কেইটামান ফুটাই  তোলাত সক্ষম হৈছে। ঠিকাদাৰ মুহিবুদ্দিনৰ দুৰ্নীতিপূৰ্ণ ঠিকাদাৰী পেছা, কাম কৰা বনুৱাবোৰে সিহঁতৰ লগত কাম কৰা মাইকী মানুহৰ প্ৰতি কৰা কামাসক্ত আচৰণ আৰু শেষত পৰস্ত্ৰীৰ প্ৰতি মহৰীৰ দুবৰ্বলতা আদি দৈনন্দিন সত্য কথা কিছুমান প্ৰকাশ পাইছে। চুটিগল্প হিচাপে গল্পটি সোলোক-ঢুলোক  কাৰণ চুটি গল্পৰ আটাইবোৰ বৈশিষ্ট্য এইটোত নাই, কিন্তু চৰিত্ৰ প্ৰধান গল্প হিচাপে গল্পটিৰ এটি আবেদন আছে। ০ ০ ০

 

(  নিৰোদ চৌধুৰীৰ চুটিগল্প: ‘কোমল গান্ধাৰ’- এক বিশ্লেষণ’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *