ভবেন্দ্র নাথ শইকীয়াৰ চুটিগল্প ‘গহ্বৰ’ এটি সমালোচনাত্মক আলোচনা

ভবেন্দ্ৰনাথ শইকীয়াৰ ‘গহ্বৰ’ শিৰোনামেৰে লিখা চুটিগল্পটি বিষয়বস্তু, গঠন, ভাষা আৰু বৰ্ণনাৰ বৈচিত্ৰতাৰে ভৰপুৰ এটি ভিন্ন স্বাদৰ অসমীয়া চুটিগল্প। এই গল্পটিৰ পটভূমি অসম নাইবা ভাৰতৰ কোনো এক সমাজ নহয়, কোনো এখন খ্ৰীষ্টান ধৰ্মালম্বী দেশৰ- যি দেশত কৃষ্ণকায় আৰু শ্বেতকায় বৰ্ণৰ মানুহ বসবাস কৰে। চিকিৎসা-বিজ্ঞানৰ সাফল্য, সাম্প্ৰদায়িকতাবাদ, প্ৰেম আৰু মানসিক অন্তদ্বন্দ্ব গল্পটিৰ মূল আলোচ্য বিষয়। গল্পটি কাহিনী প্ৰধান গল্প হোৱাতকৈ চৰিত্ৰ প্ৰধান গল্প বুলিয়েই ক’ব পাৰি – কাৰণ গল্পটিৰ নায়ক ‘মিঃ পিয়েনাৰ’ নামৰ শ্বেতকায় মানুহ এজনৰ কলিজা  নষ্ট হোৱাত ‘মিঃ স্মিথ’ নামৰ কৃষ্ণকায় মানুহ এজনৰ কলিজা তেওঁৰ শৰীৰত স্থাপন কৰে। এই  কাহিনীক অবলম্বন কৰি গল্পটি আগবাঢ়িছে। বাকীখিনি এই ঘটনাটিৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ফল বুলি ক’ব পাৰি।

মানুহৰ কলিজা সলনি কৰিব পৰা চিকিৎসা বিজ্ঞানৰ প্ৰাৰম্ভিক অৱস্থাৰ সফলতা হৈছে গল্পটিৰ প্ৰথম আলোচ্য বিষয়। মিঃ পিয়েনাৰ নামৰ এজন ব্যৱসায়ীৰ কলিজা নষ্ট হৈ যোৱাত ডঃ কেম্পবেল নামৰ এজন চিকিৎসা-বিজ্ঞানীয়ে কেইজনমান সহযোগীক লগত লৈ মানুহৰ কলিজা এজন ব্যক্তিৰ শৰীৰৰ পৰা আন এজন ব্যক্তিৰ শৰীৰলৈ সংস্থাপন কৰিব পাৰা যায়নে নেযায় তাৰ ওপৰত গবেষণা আৰম্ভ কৰে আৰু প্ৰায় এশ ওঠৰ দিন নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত  ডঃ কেম্পবেলে সফলতাৰে মিঃ পিয়েনাৰৰ দেহত মটৰ দুৰ্ঘটনাত নিহত হোৱা মিষ্টাৰ স্মিথ নামৰ ৩২ বছৰীয়া যুবকৰ কলিজা সংস্থাপন কৰে। তেওঁৰ এই সাফল্যত চিকিৎসা বিজ্ঞানে নতুন দিশত এখোজ আগবাঢ়ি যায়। দেশ-বিদেশৰ বহুতো সাংবাদিকে ডঃ কেম্পবেলৰ গৌৰৱ ঘোষণা কৰিলে। হাজাৰ হাজাৰ জনতাই তেওঁক অভিনন্দন জনালে। এশ ওঠৰ দিন হাচপাতালৰ পৰিৱেশত কটোৱাৰ পিছত মিঃ পিয়েনাৰে নিজা ঘৰলৈ ওভতি গ’ল আৰু কেইদিনমান জিৰণি লৈ স্বাভাৱিক কাম-কাজ অৰ্থাৎ নিজৰ ব্যৱসায় চোৱা -চিতা কৰিব ধৰিলে। মিচেচ পিয়েনাৰো ব্যৱসায়ত জড়িত আছিল যদিও ইতিমধ্যে আজৰি সময়ত মিঃ পিয়েনাৰে ৰাজনীতি আৰু সমাজনীতি চৰ্চাত সোমাই পৰিল। ফলত এটি বেচৰকাৰী ৰাজনৈতিক সংঘত যোগ দিলে। লগে লগে গল্পৰ কাহিনীয়েও মূৰ সলালে। মিঃ পিয়েনাৰে যি ৰাজনৈতিক সংঘত যোগদান কৰিলে সেইটো আছিল সাম্প্ৰদায়িক ভাবাপন্ন। আটাইকেইজন সদস্যই আছিল শ্বেতকায় বৰ্ণৰ। সিহঁতৰ মূল নীতি আছিল কৃষ্ণকায় বৰ্ণৰ লোকসকলক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি শ্বেতকায় লোকসকলৰ প্ৰভুত্ব বিস্তাৰ কৰা। সিহঁতে যুক্তি দৰ্শাইছিল যে এডোখৰ ঠাইত জন্ম গ্ৰহণ কৰিলেই ঠাইডোখৰ সেই মানুহগোটৰ হৈ  নাযায়। কিছুমান হাবিত হাজাৰ হাজাৰ বান্দৰে জন্ম গ্ৰহণ কৰে, কিন্তু  সেই হাবিটো বান্দৰৰ নহয়। সেই দেশত বহুতো কলা ছালৰ মানুহ জন্ম গ্ৰহণ কৰিছিল আৰু মৰিছিল সেই বুলিয়েই দেশখন সিহঁতৰ হ’বনে? ধকধকীয়া বগা ছালৰ এক শ্ৰেণীৰ মানুহ ভগবানে ভুলতে সৃষ্টি কৰা নাই। মানুহৰ ছালৰ এই  দুটা ৰঙৰ মাজতে সৃষ্টিকৰ্তাৰ বক্তব্য লুকাই আছে। উক্ত যুক্তিৰে সিহঁতে সাম্প্ৰদায়িকতাৰ বিষ-ভাষ্প সিচঁৰতি কৰাত লাগি গ’ল। মিঃ পিয়েনাৰ নিজৰ দক্ষতাৰ গুণত সাধাৰণ সদস্য পদৰ পৰা দোপতদোপে উন্নতি কৰি সম্পাদকৰ পদ পালে আৰু মিচেচ পিয়েনাৰকো সংঘৰ সদস্য কৰি ল’লে। সিহঁত নিয়মিয়াকৈ সংঘত যোগদান কৰিবলৈ ধৰিলে আৰু সিহঁতৰ সংঘৰ মূল নীতি কাৰ্যকৰীভাৱে প্ৰচাৰ কৰাত লাগিল। কৃষ্ণকায় সম্প্ৰদায়ৰ মানুহখিনিক চহৰৰ পৰা দূৰৈত এচুকত নি চেপা দি ৰাখিল।এদিনাখন সন্ধিয়া ক্লাৱৰপৰা ওভতি আহোতে কোনোৱা অচিনাকী কৃষ্ণকায় যুৱতি এজনীয়ে পিচৰ পৰা মিঃ পিয়েনাৰক ‘ডাঙৰীয়া’ বুলি মাতিলে। মিঃ পিয়েনাৰে ওভতি চাই ধাৰণা কৰিলে যেন আগতে মানুহজনীক ক’ৰবাত দেখিছে। তেতিয়া সেই তিৰোতাজনীয়ে আগবাঢ়ি আহি নিজৰ চিনাকী দি মিঃ পিয়েনাৰক ক’লেঃ “মই মেৰী, স্মিথৰ পত্নী। মোৰ স্বামী স্মিথ, তেওঁ মটৰ দুৰ্ঘটনাত আহত হৈছিল; তেওঁৰ কলিজাটো কাটি নি ডাক্তৰে আপোনাৰ বুকুত লগাই দিছে। ………….আমাৰ বিয়া হোৱা মাত্ৰ দুমাহ হৈছিল।”

এই চিনাকী হোৱাৰ পিছৰ পৰাই কাহিনীটোৱে দিশ সলাই তৃতীয় স্তৰত ভৰি দিলে। মিচেছ মেৰী স্মিথৰ স্বামী ভক্তি আৰু মিঃ পিয়েনাৰৰ মানসিক অন্তঃদ্বন্দ্ব প্ৰকাশৰ পথ মুকলি হ’ল। দ্বিতীয় দিন আকৌ এবাৰ মিচেছ স্মিথৰ স’তে তেওঁৰ দেখা হ’ল। কেইাটামান নিস্তব্ধ মূহূৰ্ত পাৰ হোৱাৰ পিছত জড়তা মিহলি মাতেৰে পিয়েনাৰে মিচেছ স্মিথক সুধিলে, তুমি মোক কিয় লগ ধৰিছা? তেতিয়া মেৰিয়ে ক’লে,

“……………মোক আপোনাৰ সান্নিধ্য লাগে। মই একেবাৰে নিঃস্ব হৈ গ’লো ডাঙৰীয়া। মোৰ আৰু কোনো নাই। কিন্তু স্মিথৰ কলিজাখন আপোনাৰ বুকুত আছে। আমি কলিজাৰ লগতে মানুহৰ অন্তৰ থাকে বুলি ভাৱো।”

আন এদিনাখন মিচেছ মেৰী স্মিথে মিঃ পিয়েনাৰক লগ ধৰি কাতৰ বাবে  ক’লে: 

“মোক মাত্ৰ এবাৰ আপোনাৰ বুকুত মূৰ থৈ স্মিথৰ কলিজাৰ স্পন্দন শুনিবলৈ, অনুভৱ কৰিবলৈ লাগে।……………সেই  স্পন্দন এই পৃথিবীতে আছে , অথচ মই শুনিবলৈ নাপাওঁ, এইটো বৰ কষ্টকৰ কথা ডাঙৰীয়া। অসহ্য যন্ত্ৰণা।”

সিদিনাৰ এই কথাবোৰ পিয়েনাৰে ঘৰলৈ গৈ মিচেচ পিয়েনাৰক ক’লে। কথা শুনি ক্রদ্ধ সাপৰ দৰে মিচেচ পিয়েনাৰে ফোঁচ-ফোঁচাই উঠিল। ৰাতি সিহঁতে একেলগে বিচনাত শুই থাকিল। কিন্তু মিঃ পিয়েনাৰৰ বুকুৰ দপ দপনি ক্ৰমে বাঢ়ি গৈ থাকিল। মাজ নিশা গভীৰ নিস্তব্ধতাৰ মাজত মিচেচ পিয়েনাৰে এক  ভয়াল শুম শুম শব্দ শুনিবলৈ পালে। লাহে লাহে সেই শব্দ ডাঙৰ হৈ আহিল – ডাঙৰ আৰু ডাঙৰ আৰু ডাঙৰ। তীব্র অভিমান আৰু ঘৃণাত মিছেছ পিয়েনাৰৰ নাক কোঁচ খাই গ’ল। তাই ভাৱিলে কিমান অচিনাকী হৃদপিণ্ডটো। তাই সেই  চকীৰ পৰা আঁতৰি ঘৰৰ আনটো মূৰত চকীটো টানি নি বেলেগে শুই থাকিল। মিঃ পিয়েনাৰে সাৰ পাই গম পালে যে তেওঁৰ ঘৈণীয়েকে তেওঁক ঘিণ কৰিছে। হঠাতে তেওঁৰ মিচেচ মেৰী স্মিথৰ কথা মনত পৰিল। তাইৰ ওচৰলৈ যাবলৈ তেওঁৰ মন গ’ল। কিন্তু ক’ত বা থাকে তাই! কিমান বা দূৰত থাকে! নিজৰ বিচনাৰ পৰা শুই থকা অৱস্থাৰ পৰাই  দীঘল কোঠাটোৰ সিটো মূৰত পত্নীৰ বিচনাখনলৈ চাই ভাৱিলে- “অন্ততঃ ইমান দূৰ নহয় চাগে!”

পিছদিনা মিচেছ মেৰীৰ ঠিকনা বিচাৰি তাইৰ ঘৰৰ সন্মুখত গাড়ী ৰখালে। বহুত মানুহে তেওঁক চাই অভিনন্দন জনাবলৈ আগবাঢ়ি আহিল। মানুহৰ ভিৰৰ মাজত মিঃ পিয়েনাৰে মিচেছ স্মিথৰ লগত বিশেষ একো কথা বতৰা পাতিব নোৱাৰি ওভতি আহিল। ইপিনে তেওঁ নিষিদ্ধ কৃষ্ণকায় মানুহবোৰৰ এলেকা ভ্ৰমণ কৰাৰ বাবে তেওঁৰ স্ত্ৰী আনকি সংঘৰ সদস্যসকল সচকিত আৰু বিষ্মিত হৈ উঠিল। মিঃ পিয়েনাৰে লাহে লাহে মানসিক অন্তঃদ্বন্দ্বত ভূগিবলৈ ধৰিলে। তেওঁ নিজকে ভাৱিলে তেওঁ যেন লাহে লাহে ক’লা হৈ আছে। শৰীৰটো কৃষ্ণকায় মানুহৰ দৰে পৰিৱৰ্তন হৈ আছে। তেওঁ আকৌ ভাৱিলে কৃষ্ণকায় মানুহৰ কলিজা তেওঁৰ বুকুত সংস্থাপন কৰাৰ বাবেই কিজানি তেওঁৰ দেহৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন হৈ আছে। তেওঁ নিজকে পৃথিৱীৰ শ্ৰেষ্ট পংগু, সকলোতকৈ নিঃস্ব, একেবাৰে অকলশৰীয়া, কলিজা নোহোৱা জীৱ বুলি হীনমন্যতাত ভূগিব ধৰিলে। পিছত দিনাখন তেওঁ এখন (টেক্সীৰে) মিচেচ স্মিথৰ ঘৰলৈ গৈ তাইক উদ্দেশ্য ক’লেঃ 

“স্মিথৰ কলিজাটোৰ স্পন্দন ধবনি শুনিবলৈ তোমাৰ মন যায় নহয়?”

মেৰিয়ে ক’লেঃ “হয় ডাঙৰীয়া হয়।”

পিয়েনাৰে চকীত আঁউজি ক’লে: “আহা আহা, মোৰ বুকুৰ ওপৰত মূৰ থোৱা। প্ৰাণ ভৰি কলিজাটোৰ শব্দ শুনি লোৱা।”

এইখিনি কৈয়েই পকেটৰ পৰা ৰিভলভাৰটো উলিয়ালে। মেৰিয়ে ব্যাকুলভাৱে বাধা দি পিয়েনাৰৰ বুকুত কাণ থৈ পৰি থাকিল। এসময়ত তেওঁ মেৰীৰ ঘৰৰ পৰা ওলাই আহিল। পিছদিনা পুৱা ঘৰৰ ওচৰত পাৰ্কখনত তেওঁৰ মৃত দেহটো পৰি থকা আৱিষ্কাৰ হ’ল।

এই  কাহিনীটোৰ পৰা স্মিথৰ স্বামী ভক্তি স্পষ্টভাৱে প্ৰকাশ পাইছে। তাইৰ স্বামীৰ হৃদপিণ্ডটো পিয়েনাৰৰ বুকুত স্থাপন ক’ৰাত পিয়েনাৰক যি ভক্তি আৰু  তেওঁৰ লগত যি আচৰণ কৰিছে তাত তাইৰ স্বামীৰ প্ৰতি অগাধ ভক্তি আৰু বিশ্বাস প্ৰকাশ পাইছে। দ্বিতীয়তে মিঃ পিয়েনাৰে তেওঁৰ কলিজাটো সলনি কৰা বাবে মানসিক অন্তঃদ্বন্দ্বত ভূগিছে যেন তেওঁৰ আচাৰ-ব্যৱহাৰ আৰু শৰীৰৰ ৰং আনকি অনুভূতিও সলনি হৈ আছে। তেওঁ সংঘৰ সদস্য হিচাপে কাৰ্য্যতঃ ক্ৰমাৎ যেন সংঘৰ লক্ষ্য আৰু নীতিৰ পৰা আঁতৰি আহিছে আৰু ক্ৰমে ক্ৰমে যেন কৃষ্ণকায় অৰ্থাৎ সংঘই ঘিণ কৰা সম্প্ৰদায়ৰ ওচৰলৈ আগবাঢ়ি গৈ আছে।

গল্পটিত গল্পকাৰ ভবেন্দ্ৰ নাথ শইকীয়াই দেখ্‌দেখ্‌কৈ তিনি ঐক্য (three unities) – কাহিনীৰ ঐক্য, সময়ৰ ঐক্য আৰু স্থানৰ ঐক্য ভঙ্গ কৰিছে। গল্পটিৰ কাহিনীভাগে কেইবাটাও দিনৰ ঘটনাক সামৰি লৈছে যদিও এইটো সৰু উপন্যাস (novella) নহয়। কিয়নো কাহিনীটোৱে মিঃ পিয়েনাৰৰ অপাৰেশন কৰাৰ পিছৰ কেইটামান দিনৰ প্ৰতিক্ৰিয়াহে প্ৰতিফলিত কৰিছে; সাধাৰণতে উপন্যাসত প্ৰকাশ পোৱা দৰে জীৱনৰ দীৰ্ঘ ঘটনাৰ বিস্তাৰিত বৰ্ণনা গল্পটোত নাই। অৱশ্যে চুটিগল্পত কাহিনীৰ ঐক্য আৰু উদ্দেশ্যৰ ঐক্য থকা উচিত যদিও লিখকে গল্পটোত এই কাহিনীৰ ঐক্যৰ পৰা ফালৰি কাটিছে যদিও উদ্দেশ্যৰ ঐক্য ঠিক ৰখাত কিছু পৰিমাণে সফলতা লাভ কৰিছে। গল্পটি, চুটি গল্প হিচাপে বিশাল পৰিসৰৰ যদিও ইয়াৰ গঠন (structure) অত বিশেষ কোনো জটিলতা নাই। কাহিনীটোৱে আৰম্ভণিৰ পৰা শীৰ্ষ বিন্দুৰ মাজেৰে পৰিণতিলৈ স্বাভাৱিকভাৱেই গতি কৰিছে। কলিজাটো মিঃ পিয়েনাৰৰ বুকুত সংস্থাপনৰ পিচৰ পৰাই গল্পটি আৰম্ভ হৈছে আৰু দ্বিতীয় দিন মিচেছ মেৰী স্মিথে  মিঃ পিয়েনাৰক লগ ধৰা সময়ত শীৰ্ষ বিন্দু পাইছে আৰু লাহে লাহে নামি গৈ মিঃ পিয়েনাৰে দ্বিতীয়বাৰ অকলশৰীয়াকৈ মিচেচ স্মিথৰ ঘৰলৈ যোৱা সময়তেই পৰিণতি পাইছে।

গল্পকাৰ ভবেন্দ্ৰ নাথ শইকীয়াৰ আৰম্ভণিটো বিশেষ বৰ্ণনা-বহুল আৰু ঔৎসুকতাৰে ভৰপুৰ। গল্পকাৰে বিশেষ ধৈৰ্য্যসহকাৰে কৌতুহল সমন্বিতে দুপৃষ্ঠাতকৈ অধিক আৰম্ভণিৰ নামতে খৰচ কৰিছে। গল্পটো নাটকীয় বৰ্ণনাৰে আৰম্ভ হৈছে আৰু নাটকীয় ৰূপতে শেষ হৈছে। মুঠতে গল্পটি কলাত্মক দিশত সফল আৰু আকৰ্ষণীয়।

এই গল্পটিত কেইবাটাও চৰিত্ৰ আছে যদিও তাৰ মাজত মিঃ  পিয়েনাৰ, মিচেচ মেৰী স্মিথ আৰু মিচেচ পিয়েনাৰ প্ৰধান।

মিঃ পিয়েনাৰৰ চৰিত্ৰটোৱেই গল্পটিৰ প্ৰধান আকৰ্ষণ। গল্পকাৰে যিমান পাৰে সিমান নিখুঁতভাৱে তেওঁৰ ভূমিকাটো অংকন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু সফলো হৈছে। তেওঁ হৈছে শিক্ষিত আৰু সমাজত প্ৰভাৱশালী ব্যক্তি। আগতে চৰকাৰী চাকৰি কৰিছিল যদিও মিচেচ পিয়েনাৰৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত চাকৰি এৰি দি কাগজৰ ব্যবসায়ত সোমায় আৰু বিশেষ প্ৰতিপত্তি লাভ কৰে। তেওঁ শ্বেতকায় বৰ্ণৰ খৃষ্টান ধৰ্মালম্বী লোক। তেওঁৰ হৃদপিণ্ডটো নষ্ট হৈ যোৱা বাবে মিষ্টাৰ স্মিথ নামৰ বত্ৰিশ বছৰীয়া ডেকা এজনৰ হৃদপিণ্ড ডঃ কেম্পবেল নামৰ এজন চিকিৎসকে সফলতাৰে তেওঁৰ বুকুত সংস্থাপন কৰি মিঃ পিয়েনাৰক জীয়াই তোলে। তাৰ পিছত তেওঁ ব্যবসায়ৰ লগতে ৰাজনীতি আৰু সমাজনীতি চৰ্চাত মনোনিেবশ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ সাম্প্ৰদায়িক হৈ উঠে আৰু কলা বৰ্ণৰ খৃষ্টানসকলক ঘিণ কৰিবলৈ লয়। কিন্তু মিচেচ মেৰী স্মিথৰ লগত চিনাকী হোৱাৰ পিছৰ পৰা তেওঁ তেওঁৰ সংঘৰ আদৰ্শ আৰু ব্যক্তিগত প্রবৃত্তিৰ মাজত অন্তঃদ্বন্দ্বত লিপ্ত হয়। অৱশেষত তেওঁৰ মানৱীয় প্রবৃত্তিৰ জয় হয় আৰু মিচেচ মেৰী স্মিথৰ সান্নিধ্যলৈ যায় যদিও মানসিক অন্তঃদ্বন্দ্বৰ শীৰ্ষ সীমাত উপনীত হৈ আকস্মিক ভাৱে মৃত্যু মুখত পৰে।

তেওঁৰ চৰিত্ৰত আদৰ্শনীয় আৰ্হি আছিল যদিও সংঘত যোগ দিয়াৰ পিছত তেওঁৰ আদৰ্শই দিশ সলায়। অৱশেষত তেওঁৰ আত্ম-উপলব্ধিৰ দ্বাৰা বুজি পাবলৈ সক্ষম হৈছিল যে শ্বেত আৰু কৃষ্ণ বৰ্ণৰ মাজৰ বিৰোধটো আচলতে মানবীয় গুণৰ বিৰোধী ধাৰণা। তেওঁৰ মৃত্যু মানেই সাম্প্ৰদায়িকতাবাদৰ প্ৰতীকি মৃত্যু বুজাইছে। অসমীয়া গল্প সাহিত্যত এনে অন্তঃদ্বন্দ্বত ভুগা চৰিত্ৰ অতি তাকৰ আৰু ভবেন্দ্ৰনাথ শইকীয়াই সফলতাৰে এনে চৰিত্ৰ ফুটাই তোলাত কৃতকার্য্য  হৈছে।

দ্বিতীয় আকৰ্ষণীয় চৰিত্ৰটি হৈছে মিচেচ স্মিথ। তাই মিষ্টাৰ স্মিথৰ পত্নী। মাত্ৰ দুমাহ আগতে মিঃ স্মিথৰ লগত তাইৰ বিয়া হৈছিল আৰু এদিন সান্ধ্য ভ্ৰমণৰ পৰা ওভতি অহাৰ সময়ত-গাড়ী দুৰ্ঘটনাত মিঃ স্মিথ আহত হৈছিল আৰু পিছত মৃত্যু বৰণ কৰিছিল। তেওঁৰ কলিজাটো মিঃ পিয়েনাৰৰ বুকুত সংস্থাপন কৰা হৈছিল। সেয়ে মিচেচ স্মিথ অকালতে বিধৱা হয়। মিঃ পিয়েনাৰে তাইৰ নাম শুনিছিল আৰু দেখিছিল যদিও তাই তেওঁৰ ওপৰত কোনো প্ৰভাৱ ৰাখিব পৰা নাছিল। গল্পটিৰ  প্ৰায় মাজ ভাগত তাই আবিৰ্ভাৱ হয় আৰু মৃত স্বামীৰ প্ৰতি থকা তাইৰ আকৰ্ষণ আৰু ভক্তি পিয়েনাৰৰ লগত কৰা আচৰণত প্ৰকাশ পায়। তাই ভাবিছিল যে কলিজাতে মানুহৰ অন্তৰ লুকাই থাকে আৰু যিহেতু তাইৰ স্বামীৰ কলিজাটো মিঃ পিয়েনাৰৰ বুকুত আছে সেয়ে মিঃ পিয়েনাৰৰ বুকুত মূৰ থৈ তাই স্বামীৰ স্পৰ্শ অনুভৱ কৰিব বিচাৰে। অবশেষত তাইৰ জয় হ’ল। গল্পকাৰে তাইৰ চৰিত্ৰটো অংকন কৰোতে সফলতাৰ চানেকী দিছে ।

বাকী চৰিত্ৰবোৰ অতি সংক্ষিপ্ত আৰু তেনেই নিষ্প্ৰভা। ডঃ কেম্পবেল এজন দক্ষ চিকিৎসক। তাৰোপৰি তেওঁ মাজে মাজে মিঃ পিয়েনাৰৰ স্বাস্থ্যৰ খবৰ লৈ ডাক্তৰ এজনৰ  দায়িত্ব পালন কৰিছে। তেওঁ গল্পটোৰ নায়কজনক জীৱন দান কৰিছে সঁচা; কিন্তু গল্পৰ বাকী অংশত তেওঁৰ  বিশেষ কোনো ভূমিকা  নাই।

মিচেচ পিয়েনাৰৰ চৰিত্ৰটোও সৰল আৰু চুটি। তাই স্বামীৰ লগতে ব্যবসায় চলাইছে আৰু ৰাজনৈতিক সংঘত যোগদান কৰি সাম্প্ৰদায়িকতাৰ সপক্ষে আগবাঢ়িছে। তাইয়ো সাধাৰণ তিৰোতাৰ দৰে স্বামীৰ প্ৰতি আকৰ্ষণ আৰু প্ৰেম দেখুৱাইছে যদিও শেষত স্বামীৰ প্ৰতি ঘৃণা ভাৱ পোষণ কৰা পৰিলক্ষিত হৈছে আৰু এই ঘৃণাৰ কাৰণটো মাথো এটাই- সেয়া হৈছে তাইৰ স্বামীয়ে কৃষ্ণবৰ্ণৰ লোক এজনৰ কলিজা বুকুত ধাৰণ কৰিছে। মিঃ পিয়েনাৰে গোপনে মিচেচ স্মিথক লগ ধৰাৰ বাবে তাই ক্ষোভ আৰু খং  প্ৰকাশ কৰিছে যদিও এইয়া নাৰীৰ সাধাৰণ অভিমান বুলি ক’ব পাৰি।

মুঠতে ভবেন্দ্ৰনাথ শইকীয়াৰ সকলোবোৰ চৰিত্ৰই পৰিৱেশৰ চাপত পৰি হাবু-ডুবু খাইছে আৰু কোনেও পৰিস্থিতিৰ আবেষ্টনীৰ পৰা বাহিৰ ওলাব পৰা নাই।

ভবেন্দ্ৰ নাথ শইকীয়াই গল্পৰ কাহিনীৰ লগত খাব খুৱাব পৰাকৈ নিখুঁত পৰিৱেশ অংকন কৰাত পাকৈত। তেওঁ সৰু-সুৰা ঘটনা আৰু পৰিস্থিতিকো ফুটাই তোলাত বৰ দক্ষ। গল্পটিৰ আৰম্ভণিৰ পৰিৱেশ বৰ্ণনা আকৰ্ষণীয় আৰু ঔৎসুকতাৰে ভৰ পুৰ।

গল্পকাৰে গল্পটিত কথোপকথন ব্যৱহাৰ কৰিছে যদিও কোনো অযথা কথোপকথন ব্যৱহাৰ কৰি গল্পটিত বাহুল্য বৃদ্ধি কৰা নাই। তেওঁ মাথো সেইখিনি সংলাপ তেওঁৰ চৰিত্ৰসমূহৰ মুখত সানি দিছে যিখিনিয়ে গল্পটি আগবঢ়াই  নিয়াত অৰিহনা যোগায়।

গল্পটিত লিখকৰ জীৱন দৰ্শন প্ৰকাশ নোপোৱাকৈ থকা নাই। গল্পটি বৰ্ণনা কৰোতে মাজে মাজে লিখকৰ সাধাৰণ চিন্তাশীল মন্তব্য প্ৰকাশ পাইছে য’ৰ পৰা লিখকৰ জীৱন দৰ্শনৰ সম্যক আভাষ পাব পাৰি। কিন্তু দাৰ্শনিকৰ দৰে লিখকে কোনো সঠিক সিদ্ধান্তত প্ৰত্যক্ষ ভাৱে উপনীত হোৱা দেখা নাযায়।

ভবেন্দ্ৰনাথ শইকীয়াৰ ভাষা সৰল নাইবা  জটিলো নহয়। মাজে মাজে -উপমা অলংকাৰৰ প্ৰয়োগ দেখা যায় , যেনে- “যুদ্ধৰ শেষৰ বিজয়সূচক ডবাৰ ধবনি যেন লাগিল”; “নামটো গিলাচৰ ঔষধৰ বুৰবুৰণিৰ নিচিনাকৈ অদৃশ্য হৈ গৈছে”, “ক্রোদ্ধ সাপিনীৰ নিচিনাকৈ মিচেচ পিয়েনাৰে ফোঁচ ফোঁচাই উঠিল।” 

গল্পটিত তিনি ঐক্যৰ ভঙ্গ হৈছে  যদিও আকৰ্ষণীয় বৰ্ণনা, বাস্তৱ ভিত্তিক ঘটনা, নিখুত চৰিত্ৰাঙ্কন, পৰিমিত কথোপকথন আৰু পুংখানুপুংখ পৰিৱেশ পৰিৱেশনত গল্পটি অসমীয়া গল্প সাহিত্যৰ ভঁৰালত এটি উৎকৃষ্ট অৱদান। ০ ০ ০

(ভবেন্দ্র নাথ শইকীয়াৰ চুটিগল্প ‘গহ্বৰ’ এটি সমালোচনাত্মক আলোচনা’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *