মহিম বৰাৰ চুটিগল্প: “এখন নদীৰ মৃত্যু”- এক সমালোচনা

মহিম বৰাৰ ‘এখন নদীৰ মৃত্যু’ নামৰ চুটিগল্পটি এনে এটি চুটিগল্প যি গল্পটিত নিৰ্দ্দিষ্ট কোনো কাহিনী নাই, কোনো বিশেষ চৰিত্ৰৰ বিকাশ নাই আনকি পৰিৱেশৰো যথাযথ বৰ্ণনা নাই; গল্পটি অসমীয়া সামাজিক জীৱনৰ কেইটামান খণ্ড খণ্ড চিত্ৰৰ সমাৱেশহে। আন কথাত গল্পটি কাহিনী প্ৰধান নাইবা চৰিত্ৰ প্ৰধান নাইবা পৰিৱেশ প্ৰধান গল্প নহয়; গল্পটি হৈছে চিত্ৰ প্ৰধানহে। ‘ধনেশ্বৰ’ নামৰ কলংপৰীয়া মাছমৰীয়া এজন মাছ মাৰি ঘৰলৈ ওভতি অহাৰ পিছত কিছুমান গাঁৱলীয়া ল’ৰা-তিৰোতা লগলাগি ধনেশ্বৰে মাৰি অনা মাছবোৰ চাবলৈ আহিছে আৰু ইয়াকে কেন্দ্ৰ কৰি গল্পকাৰে অসমীয়া সামাজিক জীৱনৰ কেইটামান চিত্ৰ অবিকল ফটোৰ দৰে অকনো ৰহন নলগোৱালৈ অংকন কৰিছে। গল্পটিত অসমীয়া সমাজৰ অন্ধবিশ্বাস , ধনীৰ স্বাৰ্থত দুখীয়াৰ ওপৰত জাপি দিয়া দুখৰ বোজা, দৰিদ্ৰতা, প্ৰাকৃতিক সম্পদৰ অৱক্ষয়, অসমীয়া সমাজত চলি থকা ধোঁৱা-খোৱা কুঅভ্যাস, সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ পদ্ধতিৰ প্ৰতি চৰকাৰৰ উদাসীনতা, তিৰোতা মানুহে বজাৰত বস্তু বেচা-কিনা কৰাৰ দস্তৰ, কাম-বনৰ প্ৰতি পিঠি দি তাচ খেলাৰ আড্ডা পতা আদি চিত্ৰ নিঃসংকোচে গল্পটিত অংকিত হৈছে। বহু চিত্ৰ বিশিষ্ট এই শ্ৰেণীৰ গল্প খুব কম যদিও একেবাৰে নাই বুলি ক’ব নোঁৱাৰি। নিৰুপমা বৰগোহাঞিৰ, ‘এনথ্ৰপলজিৰ সপোনৰ পিছত’ গল্পটিও এই শ্ৰেণীৰ য’ত অসমীয়া সামাজিক জীৱন ধাৰাৰ প্ৰায় সকলোবোৰ বাহ্যিক আনকি আভ্যন্তৰীণ দিশো স্পষ্টকৈ ফুটি উঠিছে। এই শ্ৰেণীৰ গল্প কাহিনী, চৰিত্ৰ বা পৰিৱেশ অংকনৰ দিশত দুবৰ্বল কিন্তু সমাজৰ বিভিন্ন দিশৰ চিত্ৰ অংকনত সচেতন। এই শ্ৰেণীৰ গল্পক ‘সামাজিক চিত্ৰ প্ৰধান গল্প’ নামেৰে নামাকৰণ কৰিব পাৰি।

গল্পটিৰ কাহিনীভাগ তেনেই সাধাৰণ। ধনেশ্বৰ নামৰ মাছমৰীয়া এজনৰ প্ৰধান ব্যৱসায় হৈছে মাছ মৰা। সি কলংপাৰৰ মাছমৰীয়া। আগতে ধনেশ্বৰে কলং নদীত মাছ মাৰি পৰিয়াল পোহ-পাল দিব পাৰিছিল। নদীটো আছিল কলংপৰীয়া দুখীয়া ৰাইজৰ জীৱিকা অৰ্জনৰ প্ৰধান উৎস। হাজাৰ হাজাৰ ৰাইজে এই নদীত মাছ মাৰি জীৱিকা উপাৰ্জন কৰিছিল। অৱশ্যে নদীটোৰ ক্ষতিকৰ দিশো আছিল। বানপানীৰ সময়ত নদীৰ পানীয়ে মানুহৰ ঘৰ-বাৰী বুৰাই পেলাই অনেক ক্ষতি সাধন কৰিছিল। কিন্তু ক্ষতিতকৈ সাধাৰণ ৰাইজৰ লাভৰ অংকটো বেছি। কিছুমান ধনী লোক আৰু চৰকৰী নেতাৰ প্ৰৰোচনাত চৰকাৰে কলং নদীৰ পাৰ বান্ধি দিলে আনকি কলং নদীটো ক্ৰমে শুকাই খীনাই  গ’ল। আগৰ দৰে কলং নদীটোত পানীও নাই, মাছো নাই। সেয়ে সাধাৰণ ৰাইজৰ জীৱিকাৰ পথো ক্ৰমে বন্ধ হৈ আহিল। আগৰ দৰে বৰ্তমানে মাছ নাপাই ধনেশ্বৰে ক্ষোভ কৰি কৈছে,

“এতিয়া এইখন কলং নদী হৈ আছেনে; এইখন গেলা পুখুৰী। মাছ আহিব ক’ৰ পৰা, পানীয়েই নাই। এনেখন স্বাধীন দেশ হ’ল ঐ জীয়া মাৰি পেলালে। এই কলংপাৰৰ মাছৱৈ ৰাইজখনকো যে লগতে মাৰি পেলালে এই চকু থকা ধেন্দেলাহঁতে দেখা নাই নেকি?” 

অসমীয়া সমাজত অশিক্ষিত লোকে গোৱাল গালি দিয়াতো পাকৈত। যি গালিত কাৰো কোনো লাভ নহয় আনকি কোনেও সংশোধনো নহয়। ধনেশ্বৰে মাছ মাৰি আহি ঠেং দুখন খজুৱাই খজুৱাই গোৱাল গালি দিছে:

“এনেকুৱা মূৰ্খ মতি দেশ থাকেনে? জীয়া নদী এখন কোনোবা দেশত মাৰি পেলায় নে? কটাৰ পো কটা খোৱাঁহতে ইয়ালৈকে দেশখন স্বাধীন কৰি লৈছিলনে? আধাঘন্টা পানীত থিয় হ’লেই গোটেইখন বখলা-বখল হয়।”

অসমীয়া সমাজত অন্ধবিশ্বাসো অবিৰতভাৱে কোনোৱা ঐতিহাসিক যুগৰ পৰাই চলি আছে। গল্পটিত তাৰো চিত্ৰ অংকিত হৈছে। ধনেশ্বৰে নালীয়াৰ নামেৰে এজন দুখীয়া মাছমৰীয়াৰ ঘৈনীয়েকক কুলক্ষণা বুলি ভাৱে। লিখকে লিখিছিে:

“সেই মানুহজনৰ নজৰ বেয়া, তাইক মাছ মাৰিবলৈ যাওতে দেখিলে তাৰ সেই দিনটো অথলে যায়। কেইবাবাৰো প্ৰমাণ পাই থৈছে। আকৌ যিদিনা সি দুটামান মাছ পায়ো; নালীয়াৰ  ঘৈনীয়েকে দেখি যেনেকুৱা উস্‌ আস্‌ আৰম্ভ কৰিব, ৰতন বুঢ়াৰ ওচৰত সিকি এটা, তামোল পাণ দুখন দি জালখন জৰাই নললে মাছ পোৱা হ’ল আৰু!”

দৰিদ্ৰতা অসমীয়া গাঁৱলীয়া সমাজৰ নিত্য নৈমিত্তিক  সমল। দৰিদ্ৰতাৰ চিত্ৰও গল্পটিত ফুটি উঠিছে। গাঁৱৰ কৃষক শ্ৰেণী ক্ৰমে ক্ৰমে দৰিদ্ৰতাৰ অটল গহ্বৰলৈ পোত গৈ আছে। তাৰ বিপৰীতে ব্যৱসায়ী বা চৰকাৰী চাকৰিয়ালসকলে অট্টালিকাৰ ওপৰত অট্টালিকা সাজিছে। নালীয়াৰ ঘৈনীয়েক ভদ্ৰে বোলাজনীৰ মুখত দৰিদ্ৰতাৰ চিত্ৰ লিখকে এনেদৰে ফুটাই তুলিছে:

“মাটি-বাৰী থকা বোলোঁতে আমাকে বুজাইছে যদিও আমাৰ মাটি মুদা মাৰি থৈ আহিছে। নিমখ-তেল, ৰজাৰ খাজনাত লাগি মহাজনকেই মাটিখিনি বেচি দিয়াৰ ঠিক কৰিছে। বাম মাটি আগেয়ে কলংখন বৈ থকাত এই অঞ্চলৰ পথাৰ বিলাকত জীপ আছিল, খেতিও হৈছিল। কলং শুকাই যোৱাৰ লগে লগে খেতি একেবাৰে নোহোৱা হ’ল। নামত মাটি থাকি যদি খাজনাটোৱেই নোলাই তেনেহ’লে মাটিগিৰী হৈ লাভ কি? তাকে আমাৰ ল’ৰাহঁতৰ দেউতাকে কৈছে, মাটিবাৰী বেচি এই  গাওঁ এৰি উত্তৰ পাৰৰ ফালেহে উঠি যাৱ লাগিব।”

ধোঁৱা-খোৱা দস্তৰটো অসমীয়া সমাজত, বিশেষকৈ গাঁৱলীয়া অঞ্চলত পুৰাদমে বিদ্যমান। ধনেশ্বৰৰ পিতাকে ধোঁৱা-খোৱা খায় আৰু বোৱাৰীয়েও শহৰক ধোঁৱা-খোৱা সজাই দিব লাগে। 

অসমৰ বজাৰ আৰু ব্যৱসায়তো ভেজাল। এজনে আনজনক ঠগোৱাৰ বাবে খাদ্য দ্ৰব্যতো ভেজাল সোমাই দিয়ে। ধনেশ্বৰে ঘৈনীয়েকক তেওঁ মাৰি অনা মাছখিনি ধানৰ সলনি বিক্ৰী কৰাৰ উপদেশ দি বজাৰলৈ পঠোৱাৰ সময়ত কৈছে যে তাই মাছৰ লগত থকা সৰু সৰু শামুক বাছি পেলাব নেলাগে। তেওঁ কৈছে, 

“টাউন চহৰত ডাঙৰ ডাঙৰ বৰালি মাছ গোটেই বেচিবৰ হ’লে পেটত সেইদৰে ৰাস্তাৰ শিলগুটি পাথৰ সুমুৱাই বেচে। চাউলৰ বেপাৰীয়ে এমোন চাউলত পাঁচ সেৰ ফান আৰু পাঁচ সেৰ মিহি শিলগুটি মিহলায়। সেইখিনি নকৰিলে বেচাই’ নচলে নহয়। মোৱা মাছত শিলগুটি ভৰাব নালাগে; কিন্তু শামুকবোৰ বাছি পেলালি কিয়? এই বিলাক সৰু সৰু শামুক মাছৰ লগত থাকেই, জালৰ লগত অহা বস্তু, আমি আনি দিয়া নহয়, নহয়।”

অসমীয়া মানুহে যে এলেহুৱা আৰু কাম-বনৰ প্ৰতি পিঠি দি আড্ডা মাৰি তাচ খেলি ভাল পায় তাৰ চিত্ৰও গল্পটিত আছে। ধনেশ্বৰে মাছখিনি মাৰি, ভাত কেইগৰামান খাই তাচ পাত লৈ কেন্দুগছ এজোপাৰ ছাঁত বহি ‘টুৱেন্টি নাইন’ খেলিবলৈ যায়। 

উপৰিউক্ত সামাজিক কেৰোন লগা চিত্রবোৰ গল্পটিত প্ৰকট হৈ উঠিছে আৰু গল্পকাৰে কাহিনী বা চৰিত্ৰ ৰূপায়ণ কৰাৰ পৰিৱৰ্তে ইত্যাদি চিত্রবোৰ  অংকন কৰাত সফল হৈছে।

গল্পটিত কেইবাটাও চৰিত্ৰ আছে যদিও বেছিভাগ চৰিত্ৰই আৰ্হিমূলক (type) তাৰ ভিতৰত ধনেশ্বৰ, তেওঁৰ পত্নী ভদ্ৰে  আৰু জয়ধন। ইয়াৰ উপৰি ধৰ্মেশ্বৰৰ দেউতাক এজন বিশিষ্ট চৰিত্ৰ। তেওঁ বুঢ়া হৈ আহিছে আৰু চকুৰ আগত দেখা সামাজিক অৱক্ষয়ৰ প্ৰতি ক্ষোভ নকৰি স্বাভাৱিক বুলিয়েই মানি লৈছে আৰু বিশ্বাসো কৰিছে যে সমাজৰ অৱক্ষয় অৱশ্যম্ভাৱী। তেওঁ ভাৱে এইয়া ধৰ্মৰ বাণী। তেওঁ মুখস্থ মাতি গৈছে , 

“শস্য হৰিব, মৎস্য হৰিব, হৰিব বিৰিখৰ গুটি। বৰ বৰ মানুহৰ বাক্য লৰিব, লৰিব ধৰমৰ খুটি।”

আকৌ মাধৱদেৱৰ ৰচনাৰ পৰা এঁফাকি গাই শুনাইছে:

“পিতৃৰ বচন পুত্ৰে নুশুনিব

কনিষ্ঠে  জ্যেষ্ঠজনৰ

স্বামীৰ বচন ভাৰ্য্যা নুশুনিব

ভৃত্যজনে ঈশ্বৰৰ।”

গল্পটিৰ ভাষাও গাঁৱলীয়া হোজা ঠাঁচৰ। লিখকে গল্পটিত বহুতো কথিত শব্দ ব্যৱহাৰ কৰিছে। যেনে: ‘হুৰমুৰাই’, ‘গেজেৰা মাৰি’, ‘টিঙিচ কৰে’, ‘কুৰং কাৰাং’ ইত্যাদি। সাহিত্য যদি সমাজৰ দাপোণ হয়, তেন্তে এই গল্পটি  অকনো খুঁদ নথকা সঁচা দাপোণ। গল্পটি অসমীয়া সমাজৰ চলন্ত ছবি যেন লাগে। কোনোৱা এজন সমালোচকে কৈছিল , “মোক এখন কিতাব দিয়া, মই সেই জাতিৰ সমগ্ৰ বুৰঞ্জীখন কৈ দিম।” অসমীয়া সমাজখনক জানিব বিচাৰিলে এটা সম্পৃৰ্ণ কিতাব পঢ়াৰ প্ৰয়োজন নাই, মহিম বৰাৰ ‘এটা নদীৰ মৃত্যু’ আৰু নিৰুপমা বৰগোহাঞিৰ ‘এনথ্ৰপলজিৰ সপোনৰ পিছত’ নামৰ গল্প দুটি পঢ়িলেই  যথেষ্ট হ’ব- যি গল্প দুটিত অসমীয়া গাঁৱলীয়া জীৱনৰ বাহ্যিক আনকি আভ্যন্তৰীণ দুয়োটা দিশেই  প্ৰতিফলিত হৈছে। ০ ০ ০

(মহিম বৰাৰ চুটিগল্প: “এখন নদীৰ মৃত্যু”- এক সমালোচনা’  ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published.