যোগেশ দাসৰ চুটিগল্প: ‘পৃথিৱীৰ অসুখ’ – এক বিশ্লেষণ

(যোগেশ দাসৰ চুটিগল্প: ‘পৃথিৱীৰ অসুখ’ – এক বিশ্লেষণ): যোগেশ দাসৰ চুটিগল্প ‘পৃথিৱীৰ অসুখ’ এটি ভিন্নসুৰী অসমীয়া চুটিগল্প যি গল্পটিত গল্পকাৰে সমাজৰ এন্ধাৰ দিশ এটি সমালোচনাত্মক দৃষ্টিভঙ্গীৰে ফুটাই তুলিছে। গল্পটিত ফৰাচী দাৰ্শনিক ৰুচোৰ সমাজ দৰ্শনৰ এটি দিশ প্ৰতিফলিত হৈছে। ৰুচোয়ে কৈছিল, “মানুহ স্বভাৱতে ভাল হৈ জন্ম গ্ৰহণ কৰে, সমাজেহে বেয়া কৰে।” যোগেশ দাসে ‘পৃথিৱীৰ অসুখ’ নামৰ চুটিগল্পটিৰ জৰিয়তে ৰুচোৰ এই  দাৰ্শনিক মন্তব্যটিহে যেন প্ৰমাণ কৰি দেখুৱাইছে। গল্পটিত নিৰ্দ্দিষ্ট আৰু সুসংবদ্ধ কোনো কাহিনী নাই । সাধাৰণ এটি ঘটনাক ভিত্তি কৰি  লিখকে দুটিমান চৰিত্ৰ ফুটাই তুলিছে -যি চৰিত্ৰ দুটি সমাজৰ স্বাৰ্থান্ধতাৰ বলি হৈ জীৱনৰ বাটৰ পৰা স্খলিত হৈছে।

কাহিনী ভাগ তেনেই  সাধাৰণ। গল্পটিৰ মূল নায়ক নিবাৰণ বৰুৱা আৰু নায়িকা  হৈছে নিবাৰণৰ বিধৱা বায়েক মনোৰমা। সিহঁতৰ দেউতা বিন্দেশ্বৰ বৰুৱা আছিল বৃটিছৰ অধীনত মাটিৰ হাকিম। তেওঁ আছিল প্ৰাচীন পন্থী অতিশয় উদাৰ আৰু সমাজত বিশেষ প্ৰতিপত্তি থকা ব্যক্তি। তেওঁ দুগৰাকী পত্নী গ্ৰহণ কৰিছিল। প্ৰথমা পত্নীৰ গৰ্ভত কোনো সন্তান-সন্ততি নোহোৱা বাবে দ্বিতীয়বাৰ বিয়া কৰায় আৰু দ্বিতীয় পত্নীৰ গৰ্ভত ‘মনোৰমা’ নামৰ ছোৱালী আৰু ‘নিবাৰণ’ নামৰ ল’ৰা সন্তানৰ জন্ম হয়। বুঢ়া বয়সত সন্তান দুটি জন্ম হোৱা বাবে শিক্ষা-দীক্ষাৰ দিশত বিন্দেশ্বৰে সন্তান দুটিক ভালদৰে গঢ় দিয়াৰ আগতে পৰলোকলৈ গমন কৰে। তেতিয়া ল’ৰা-ছোৱালী হালৰ  মোমায়েকসকলে সিহঁতৰ অভিভাৱকত্ব গ্ৰহণ কৰে। লাহে লাহে সিহঁতৰ মোমায়েকহঁতে সিহঁতৰ সম্পতিৰ লোভত পৰিল আৰু সিহঁতৰ পৈত্ৰিক সম্পতি গ্ৰাস কৰাৰ প্ৰচেষ্টা চলাই থাকিল। সেয়ে সিহঁতৰ জীৱন কুমলীয়াতে নষ্ট হ’বলৈ বাট মুকলি কৰি দিলে। মনোৰমাক অপেক্ষাকৃতভাৱে কম বয়সতে এজন বয়সস্থ বিগতদাৰলৈ বিয়া দি দিলে। ফলত তাই অকালতে বিধৱা হ’ব লগাত পৰিল। ইপিনে নিবাৰণে কলেজত পঢ়ি থকাৰ সময়তে মদ খাবলৈ শিকিলে। তেতিয়া তেওঁ লাহে লাহে তেওঁৰ মোমায়েকহঁতৰ অভিসন্ধি বুজিব পাৰি মাৰপিট কৰি নিজেই নিজৰ ভাৰ ল’লে আৰু শশুৰ-শাহুৰ ঘৰত কষ্ট আৰু লাঞ্ছনা ভূগি ইতিমধ্যে বলিয়া হ’ব ধৰা বায়েককো নিজৰ ওচৰলৈ আনি ল’লে।  সিহঁতৰ পিতাকে সিহঁতৰ নামত কিছুমাটি আৰু ঘৰ-বাৰী এৰি গৈছিল যদিও সেইবোৰ সম্পতিৰ প্ৰতি সিহঁত দুটা কৃতজ্ঞ হোৱাৰ পৰিৱৰ্তে ভৎসৰ্নাৰ দৃষ্টিৰে চাবলৈ ধৰিলে। সমাজৰ বাকী লোকসকলৰ লগত সিহঁতৰ স্বাভাৱিক সম্পৰ্ক ছিন্ন হ’ল; কিয়নো নিবাৰণে মদ খাই ফুৰে আৰু মানোৰমাই বলিয়াৰ দৰে যেনি মন যায় তেনি ওলাই যায় আৰু একেৰাহে কেইবাদিনো ঘৰৰ বাহিৰত থাকে। ভাড়াত দিব পৰা সিহঁতৰ এটি ঘৰ আছিল যদিও অযত্নত পৰি ঘৰটো কেৰেচীয়া অৱস্থা পাইছিলগৈ। আনকি কোনো মানুহেই সিহঁতৰ ঘৰটো ভাড়ালৈ ল’বলৈ সাহস পোৱা নাছিল। এবাৰ অজয় চলিহা নামৰ এজন চৰকাৰী চাকৰীয়াল বিষয়াই আন কতো ঘৰ ভাড়াত নাপাই নিবাৰণহঁতৰ সেই পুৰণি ঘৰটো ভাড়ালৈ ললে। গল্পটিৰ মূল কাহিনী ইমানেই। 

ইয়াৰ পিছত অজয় নামৰ এই ভাড়াতীয়াই মালিক নিবাৰণ আৰু মনোৰমাৰ জীৱনটো অধ্যয়ন কৰিছে আৰু গল্পটিয়েও মূৰ সলাই সমাজ সমালোচনাৰ দিশত আগবাঢ়িছে। অজয়ে ইয়াত সমালোচক আৰু বুদ্ধিজীৱিৰ ভূমিকা পালন কৰিছে। তেওঁ নিবাৰণ-মানোৰমাৰ উদণ্ড জীৱনধাৰা অধ্যয়ন কৰি সিহঁতৰ উদণ্ডতাৰ কাৰণ বিচাৰি গৈছে আৰু অৱশেষত দেখা পাইছে যে সিহঁত কলুষতাৰ জীৱনলৈ ঢাল খোৱাৰ বাবে সমাজেহে বেছি দায়ী।  সমাজেহে সিহঁতক তেনে এক কৰুণ অৱস্থালৈ ঠেলি দিছে। 

চুটিগল্প সাধাৰণতে সমাজত ঘটা বাস্তৱ ঘটনা এটিৰ কলাত্মক প্ৰতিফলনহে; ই প্ৰত্যক্ষভাৱে সমাজৰ সমালোচনা নহয়। সমালোচনা থাকে পাঠকৰ হাতত। এই গল্পটিত লিখকে নিজেই ‘অজয়’ নামৰ চৰিত্ৰৰ জৰিয়তে সমালোচনাৰ দায়িত্ব পালন কৰিছে। এই দিশৰ পৰা গল্পটি অসমীয়া ভাষাত বিশেষ দৃষ্টিভঙ্গীৰ গল্প। অৱশ্যে গল্পত যে সমালোচনা নাথাকে এনে নহয়। আন আন গল্পকাৰ যেনে – ভবেন্দ্ৰ নাথ শইকীয়া, নিৰুপমা বৰগোহাঞি, নিৰোদ চৌধুৰী আদিৰ কিছুমান গল্পতো এনে সুস্পষ্ট সমালোচনাৰ ব্যঞ্জন আছে। 

গল্পটিৰ কাহিনী ভাগৰ গঠন (structure) কলাত্মক দিশৰপৰা সোলোক-ঢোলোক। গল্পকাৰে গল্পটি কোনো সুনিৰ্দিষ্ট, সুশৃঙ্খল ৰূপত সজাব পৰা নাই। গল্পটিত ঔৎসুকতাৰো অভাৱ পৰিলক্ষিত হয়। তাৰোপৰি গল্পটিৰ আৰম্ভণি (exposition) অৰ পিছত গল্পকাৰে বিশেষ বাহুল্যতাৰ পৰিচয় দিছে। 

গল্পটিৰ শেষৰ পিনে দুঃসাহসিক ঘটনাও সন্নিবিষ্ট হৈছে। এবাৰ নিবাৰণৰ বায়েক মনোৰমাক সুন্দৰলাল নামৰ এজন চোৰাং মদৰ ব্যৱসায়ীয়ে লৈ যায় আৰু তাইক আটক কৰি ৰাখে। নিবাৰণে সুন্দৰলালৰ পৰা বাকীকৈ মদ খাইছিল। সুন্দৰলালে সেয়ে নিবাৰণৰ পৰা বহুত টকা পাবলৈ আছিল। ধাৰ পৰিশোধ নকৰাৰ বাবে তেওঁ মানোমাক ঘৰৰ পৰা লৈ গৈছিল। নিবাৰণে বায়েক মনোৰমাক ঘৰত নাপাই ভাড়াতীয়া অজয় চলিহাক লগত লৈ মনোৰমাক বিচাৰি ওলায়। তেওঁৰ ৰান্ধনি ল’ৰা শুকুৰাৰ পৰা জানিব পাৰি তাত মনোৰমা থাকিব পাৰে বুলি সন্দেহ কৰি সুন্দৰলাল তালৈ যায় আৰু তাতে সুন্দৰলালক আক্ৰমণ কৰি ঘাইল কৰি লগতে তেওঁৰ স্ত্ৰীকো বিশেষ শাস্তি দি মনোৰমাক বিচাৰি অনা কাৰ্য্যটো দুঃসাহসিক যেন লাগে। 

কাহিনীটোৰ বিশেষ আকৰ্ষণীয় চৰিত্ৰ মাথো দুজন — নিবাৰণ আৰু মনোৰমা। লিখকে চৰিত্ৰ দুটি ফুটাই তোলাত সফল হৈছে। অজয়ৰ দৃষ্টিত চৰিত্ৰ দুটাৰ কোনো ব্যক্তিগত খুঁদ বা কলুষতা নাই, সমাজেহে সিহঁতৰ ওপৰত কালিমাময় জীৱন যাঁপি দিছে। মানুহে সিহঁত দুজনক সাধাৰণতে এৰাই চলে যদিও সিহঁতৰ দ্বাৰা বিশেষ কোনো সামাজিক ক্ষতি হোৱা অজয়ে দেখা পোৱা নাই। নিবাৰণে মদ খায়, সেই বুলি বিবেক শূন্য নহয়। মনোৰমাই পাগলামি কৰে যদিও তাইৰ পাগলামিয়ে সমাজৰ কোনো ক্ষতি কৰা নাই। মাজে মাজে নিবাৰণ আৰু মানোৰমাই নিজৰ নিজৰ অৱস্থাৰ ওপৰত ব্যক্তিগত মন্তব্য দাঙি ধৰিছে  যি মন্তব্য নিত্যান্তই  যুক্তিসঙ্গত আৰু সুস্থমনৰ পৰিচায়ক। চৰিত্ৰ দুটি আৰ্হি (type) মূলক যদিও সিহঁতৰ মাজত স্বকেন্দ্ৰিক (individual) আদৰ্শও আছে।

গল্পটিত গল্পকাৰ যোগেশ দাসে পৰিৱেশ সৃষ্টিত বিশেষ দক্ষতাৰ পৰিচয় দিব পাৰিছে। গল্পকাৰে চৰিত্ৰসমূহ অংকন কৰোতে চৰিত্ৰসমূহৰ অৱস্থান আৰু সেই ঠাইডোখৰৰ চাৰিওফালৰ পৰিৱেশৰ সজীৱ বৰ্ণনা দাঙি ধৰাত  চৰিত্ৰবোৰ বুজাত সহায়ক হৈছে। লিখকে সৰু-সুৰা, খুটি-নাটি বস্তুৰ প্ৰতিও সচেতন। নিবাৰণ বৰুৱাৰ ড্ৰইংৰূমৰ পৰিৱেশ ফুটাই  তুলিবলৈ লিখকে লিখিছে:

“কোঠাটোত দৈন্যতকৈ অযত্নৰ চিন বেছিকৈ ফুটি উঠিছিল। দামী  আচবাববোৰ লেতেৰা আৰু ধূলিময়, ক’ৰবাত আৱৰণ ফালি স্প্রিঙে দাঁত নিকটাইছে। মেজঢকা কাপোৰবোৰ কিজানি কেবাবছৰো ধোৱা নাই। সৰু ধাতৱ ফুলকটা ফুলদানি এটাত কিবা ফুলৰ ঠাৰি দুডাল কিমান দিন শুকাই আছে গৱেষণাৰ বিষয়। এখন বেৰত ডাঙৰীয়া ডাঙৰীয়া লগা বুঢ়া এজনৰ, বোধ কৰোঁ এওঁলোকৰ দেউতাকৰ, এনলাৰ্জ কৰা ছবি এখন ধূলি আৰু মকৰাজালে ছাটি ধৰিছে; এচুকে যিশুখৃষ্টৰ ৰঙ্গীন ছবি এখনো তেনে অৱস্থাতে কেৰেচীয়া হৈ ওলমি আছে।”

গল্পটিত কথোপকথনৰ প্ৰয়োগ আছে যদিও নাটকীয়তা সৃষ্টিত ইন্ধন যোগাব পৰা নাই। অৱশ্যে যি কথোপকথন গল্পটিৰ চৰিত্ৰসমূহৰ মুখত সানি দিয়া হৈছে তাৰ দ্বাৰা ঘটনাৰ বিকাশ হোৱাতকৈ চৰিত্ৰসমূহক বুজাত বিশেষ সহায়ক হয়। এই  প্ৰসংগত নিবাৰণ আৰু অজয়ৰ মাজত হোৱা কেইফাকিমান কথোপকথন উদ্ধৃত কৰিব পাৰি। 

মই (অজয়ে) কলো: “আপুনি মোৰ প্ৰথম আলহী, বৰুৱা। সেয়ে আপোনাক কিবা এটা দি সুধিব পৰা হ’লে মই কৃতাৰ্থ মানিলোহেঁতেন।”

নিবাৰণ: “নালাগে নালগে, মোক সোধ-পোছ কৰিবলৈ আপুনি বহুত সুযোগ পাব। তাৰ কাৰণে চিন্তা নাই। ছিগাৰেট এটা লগাওক।”

অজয়: “মই  চিগাৰেট নাখাঁও।”

নিবাৰণ: কিয়·……………..কেন্সাৰ হ’ব বুলি নেকি?…………….আপুনি হঁহুৱালে বুইছেনে? বিজ্ঞানে মানুহক সকলো পিনৰ পৰাই দুৰ্বল কৰি আহিছে। বেমাৰৰ ভয়ত খাবলৈ এৰিব লগা ………..

অজয়: “বেমাৰৰ কাৰণে নহয় , মোৰ এনেয়ে অভ্যাস নাই।”

গল্পটি সাধাৰণ গল্পতকৈ অলপ ভিন্ন প্ৰকৃতিৰ এই কাৰণেই যে গল্পকাৰে সমাজৰ অন্ধকাৰ দিশ এটি পোহৰলৈ অনাৰ লগতে বুদ্ধিজীৱি আৰু দাৰ্শনিকৰ দৰে সমস্যা এটিৰ কাৰণ উলিয়াবলৈ চেষ্টা কৰিছে আৰু এই বাবেই গল্পটিত লিখকৰ জীৱন অভিজ্ঞতা অৰ্থাৎ জীৱন দৰ্শন উভৈনদীকৈ প্ৰকাশ পাইছে।

সামৰণিত ক’ব পাৰি গল্পটি কাহিনী ভাগত দুবৰ্বল আৰু ৰচনাশৈলীত শৃঙ্খলাৰ অভাৱ পৰিলক্ষিত হয় যদিও গল্পটিৰ মাজেদি সমাজৰ যি চিত্ৰ সমালোচনা সহকাৰে ফুটি উঠিছে তাৰ বাবেই গল্পটি এটি সাৰ্থক সামাজিক চুটিগল্প বুলি নকৈ নোঁৱাৰি। অৱশ্যে এইখিনিতে ভবেন্দ্ৰনাথ শইকীয়াৰ ‘গহ্বৰ’ নামৰ চুটি গল্পটিৰ ৰচনাশৈলী আনকি সমালোচনাত্মক দৃষ্টিভঙ্গীৰ দিশত গল্পটিৰ মিল পৰিলক্ষিত হয়।  ০ ০ ০

(যোগেশ দাসৰ চুটিগল্প: ‘পৃথিৱীৰ অসুখ’ – এক বিশ্লেষণ’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *