লক্ষীনন্দন বৰাৰ গল্প: “এৰাবাৰীৰ লেছেৰী”-এক সমালোচনাত্মক বিশ্লেষণ

লক্ষীনন্দন বৰাৰ গল্প: “এৰাবাৰীৰ লেছেৰী”-এক সমালোচনাত্মক বিশ্লেষণ

লক্ষীনন্দন বৰাৰ ‘এৰাবাৰীৰ লেছেৰী’ শিৰোনামাৰ গল্পটি কাহিনী, ভাৱ আৰু কলাত্মক দিশত এক অগাতানুগতিক গল্প। গল্পটিৰ জৰিয়তে তৰাপুৰ সত্ৰৰ অন্তৰ্গত ‘এৰাবাৰী’ নামৰ এটি পৰিত্যক্ত স্থানক কেন্দ্ৰ কৰি গঢ়ি  উঠা কিছুমান অলৌলিকতা আৰু সমাজৰ অন্ধবিশ্বাস গল্পকাৰে বিশেষ দক্ষতাৰে ফুটাই  তুলিছে। 

গল্পটিত নিৰ্দিষ্ট আৰু প্ৰণালীবদ্ধ কোনো কাহিনী নাই। ‘এৰাবাৰীক’ কেন্দ্ৰ কৰি গঢ়ি  উঠা যিখিনি অন্ধবিশ্বাস আৰু অলৌকিক ঘটনাৰ কাহিনী মানুহৰ মুখে মুখে চলি আহিছে লিখকে তাৰেই কেইটামান খণ্ড চিত্ৰ গল্পটিৰ জৰিয়তে দাঙি ধৰিছে। তৰাপুৰ সত্ৰৰ অধিকাৰী আছিল নন্দ গোঁহাই। তেওঁ আছিল গুণীপুৰুষ। ভাৱে ভকতিয়ে, খোলে তালে তেনেই গন্ধৰ্ব। কিন্তু অকালতে তেওঁৰ মৃত্যু হয়। তাৰ পিছত অধিকাৰৰ ভাৰ পৰিল মকৰন্দ নামৰ এজন ব্যক্তিৰ ওপৰত। তেওঁ আছিল অপুত্ৰক। বুঢ়া বয়সতো পুত্ৰ সন্তান নোপোজা দেখি তেওঁ  দুগৰাকী তিৰোতা বিয়া কৰালে যদিও কোনো ফল নধৰিলে। তেওঁৰ এগৰাকী ভায়েকৰ নাম আছিল অৰবিন্দ। তেওঁ ‘ৰজিতা’ নামে এগৰাকী অতি দীপ-লিপ ছোৱালী বিয়া কৰাইছিল। কিন্তু বিয়া কৰোৱাৰ দুমাহৰ পিছতে সন্নিপাত জ্বৰত মৃত্যু হ’ল। কোমল বয়সীয়া ৰজিতা অকালতে বিধৱা হ’ল। লাহে  লাহে  ঘৰখনত তাই এজনী অসমীয়া বিধৱা তিৰোতাই  ভূগিব লগা সকলো দুখ-যন্ত্ৰণা ভূগিব ধৰিলে। কিন্তু তাইৰ কুমলীয়া যৌৱনৰ কামনাক বাধা দি ৰাখিব নোৱাঁৰি ৰিপুনাথ নামৰ এজন লোকৰ পুত্ৰ চন্দনৰ লগত গোপন অভিসাৰ স্থাপিত হ’ল। কিন্তু বেছি দিন সিহঁতৰ প্ৰেম-প্ৰণয় বৰ্তি নাথাকিল। এদিনাখন গোডাৰ বাৰী নামৰ ঠাই এখনৰ সুৰসুৰীয়া বাটৰ মাজত চন্দনৰ মৃত দেহ পোৱা গ’ল। কোনেও নাজানিলে চন্দনক কোনে হত্যা কৰিলে নাইবা কিয় হত্যা কৰিলে। ইয়াৰ ছমাহমান পিছত ৰজিতাও সিপুৰী পালেগৈ। লাহে  লাহে  ত’ৰাপুৰ সত্ৰৰ মকৰন্দ গোঁহাইৰ সকলোৱেই মৃত্যু মুখত পৰিল। ত’ৰাপুৰ সত্ৰৰ অধিকাৰ নোহোৱা হ’ল। কালৰ সোঁতত ত’ৰাপুৰ সত্ৰৰ চিন-চাব নোহোৱা হ’ল। এতিয়া সি হৈছে এৰাবাৰী। তালৈ পোহনীয়া জন্তুৱেও যাবলৈ ভয় কৰে। এই পৰিত্যক্ত এৰাবাৰীক লৈ সমাজত লাহে লাহে বহুত কাহিনী, গুজৰ আৰু অন্ধবিশ্বাস গঢ় লৈ উঠিল। লিখকে গল্পটি ‘সৰু মনি’ নামৰ এটি চৰিত্ৰৰ মুখেদি প্ৰথম পুৰুষত ব্যক্ত কৰিছে। ৰজিতাৰ কাহিনীটো সৰু মনিয়ে তেওঁৰ সমন্ধীয়া ‘যদু’ নামৰ তাৱৈৰ  মুখৰপৰা সংগ্ৰহ  কৰিছে। বাকী খিনি সৰু মনিয়ে নিজৰ পিতাকৰ মুখত আৰু গাঁৱলীয়া কেইজনমান বয়সীয়াল ব্যক্তিৰ  মুখৰ পৰা অলৌকিকতাখিনি উদ্ধৃত কৰিছে। 

গল্পটিৰ বক্তা সৰুমনিয়ে সৰুতে দেখিছে যে ত’ৰাপুৰ সত্ৰৰ গোহাঁইৰ সেই পৰিত্যক্ত ঘৰৰ ভেটিত পিছলৈ যি ব্যক্তিয়েই ঘৰ দুৱাৰ পাতি সংসাৰ পাতি বসবাস কৰিবৰ মন মেলিছিল তেওঁৰেই গোহাঁইসকলৰ দৰে দশা হ’ল। এবাৰ মদন নামৰ এজন মানুহে তাত ঘৰ বান্ধিছিল। কিন্তু এবছৰতে ভেটি উঠিল। তেওঁ আৰু তেওঁৰ ঘৈণীয়েকে একেটা জ্বৰতে মৰিল। বিষ্ণুৰ পুতেক লালুৱাই এবাৰ এৰাবাৰীৰ এমূৰে ঘৰ এটা সাজি দুদিনমানহে থাকিবলৈ পালে। তৃতীয় দিনা এগৰাকী গাভৰু তিৰোতাই সপোনত দেখা দি ক‘লে:

“তই  ভালে ভালে কাইলৈয়ে ইয়াৰ পৰা উঠি যা। এই ঠাই  জীয়া মানুহৰ বাবে নহয়। তহঁত  মানুহবোৰ বৰ অসঞ্জাতী। মোক আমনি নিদিবি।”

লালুৱাই পিছদিনা কাঁহী-বাটি বিচনা-পাতি সামৰি পুৰণি ভেটি পালেহি। তথাপি নিশ্চিত হ’ব নোৱাৰিলে। সি ভালকৈয়ে এসেকা পালে। জহনিৰ পৰা কাণে কাণ মাৰিহে বাচিল। তেতিয়াৰে পৰা এৰাবাৰীত কোনেও গোঁজ এটা পুতিবলৈ সাহ  কৰা নাই।

এবাৰ গল্পটি ব্যক্ত কৰা সৰুমনিৰ খুড়াকৰ ওচৰলৈ মোহন নামৰ মানুহ এজন আহি এটি আঙুঠি বন্ধকত থৈ একুৰি টকা লৈ গ’ল। সিদিনা ৰাতিয়েই সৰুমনিৰ খুড়ায়েকে সপোন দেখিলে। সপোনত এজনী তিৰোতাই দেখা দি ক’লে:

“গণেশ, এই আঙুঠি যদি তই ঘৰত ৰাখ, তোক বিপদত পেলাম। নাজাননে এই  আঙুঠি ত’ৰাপুৰ  সত্ৰৰ ক’ত গৰাকী গোঁহানীয়ে পিন্ধি গৈছে।”

পিছদিনা তেওঁ আঙুঠিটো ঘূৰাই দিলে আৰু টকা একুৰিও ঘূৰাই নললে।

এবাৰ হেনো খৰি লুৰিবলৈ অহা নদীয়াল গাঁৱৰ মানুহে তাত খুটি তাল বজোৱা যখিনী দেখা পাইছিল আৰু এবাৰ অৰ্জুন নামৰ ল’ৰা এজনে পলৰীয়া গৰু এটি খেদি গৈ শিমলু জোপাৰ কাষ পাইছিল গৈ। কিহবাই তেওঁক ভয় খুৱালে। ঘৰ পাওঁতেই  তীৰ কঁপে জ্বৰ উঠিল। পিছদিনাই  তেওঁ সিফলীয়া হ’ল।

এদিন সৰুমনিয়ে তেওঁৰ পিতাকক গাঁৱৰ কেইজনমান মুখীয়াল মানুহৰ লগত এৰাবাৰী সম্পৰ্কে কৰা আলোচনাত শুনিবলৈ পালে যে ‘ভোলোক গায়নে’ এবাৰ এৰাবাৰীৰ ফালে যাওঁতে হেনো সত্ৰৰ প্ৰয়াত নন্দ গোঁহাইৰ মাত শুনিবলৈ পাইছিল। 

এনেদৰেই এৰাবাৰীক কেন্দ্ৰ কৰি অলৌকিক ঘটনা কিছুমান মানুহৰ চকুত আৰু কাণত পৰিছিল। এতিয়া কথা হ’ল গল্পটিত যিবোৰ অলৌকিক ঘটনা  বৰ্ণনা কৰিছে সেইবোৰ  কেৱল মানুহৰ অন্ধবিশ্বাস, নে  অলৌকিকতাৰো বাস্তৱ ভিত্তি আছে, লিখকে অলৌকিতাৰ কোনো বাস্তৱ ব্যখ্যা দিয়া নাই যদিও সমাজত পৰিস্থিতি সাপেক্ষে অলৌকিক ঘটনা কিছুমান হঠাৎ ঘটি থাকে যি আজিলৈকে বিজ্ঞানৰ পোহৰে ঢুকি পোৱা নাই। এনেবোৰ ঘটনা আজিলৈ ৰহস্যৰ ভিতৰতে সোমাই  আছে।

লিখকে কাহিনীটো পৰিবেশনত বিশেষ কোনো শৃঙ্খলাৰ পৰিচয় দিব পৰা নাই–এই কাৰণেই যে লিখকে এৰাবাৰীৰ ইতিহাস ৰচনা কৰিবলৈ যোৱা নাই নাইবা এটি মাথো কাহিনী লিখিবলৈ যোৱা নাই; লিখকে এৰাবাৰীক কেন্দ্ৰ কৰি গঢ়ি উঠা মানুহৰ কিছুমান অলৌকিক ঘটনা আৰু বিশ্বাসৰহে খণ্ড খণ্ড চিত্ৰ অংকন কৰিছে।

গল্পটিত কেইটামান প্ৰধান চৰিত্ৰ আছে। ইয়াৰ প্ৰথম আৰু প্ৰধান চৰিত্ৰটি হৈছে  ত’ৰাপুৰ সত্ৰৰ শেষ গোঁহাই মকৰন্দ। মকৰন্দ গোঁহাই আছিল গোঁহাই হ’বৰ অযোগ্য। তেওঁ আছিল ধন আৰু ক্ষমতা লোভী। তেওঁ ভকতক ‘ভকত’ বুলি গণ্য নকৰি সকলোকে তেওঁৰ তলতীয়া বুলিহে ভাৱিছিল। তেওঁ ভকতৰ ল’ৰাই শিক্ষা পোৱা দেখিব নোৱাঁৰিছিল। তেওঁ  ভয় কৰিছিল কিজানি তেওঁৰ ভকতে শিক্ষাৰ পোহৰত তেওঁৰ জ্ঞানৰ দীনতা ধৰা পেলায়। এবাৰ নামঘৰটোৰ দুই এঠাইত উৰুখিছিল। ভকতৰ পৰা ধন তুলি নামঘৰটোৰ কিবা এটা ব্যৱস্থা কৰিবলৈ মনতে পাঙি শিষ্যসকললৈ চিঠি লিখিছিল। চিঠিত স্কুলীয়া বিদ্যাক ‘অবিদ্যা’ বুলি যুক্তি দৰ্শাই সাতোলা নামৰ শিষ্য এজনলৈ লিখিছিল:

“……………..ধনেৰে পুত্ৰ দুহিতাক যবনৰ শিক্ষা দিয়াতকৈ এনেদৰে হৰি কামত লগোৱা অধিক ভাল। পৰজন্মৰ পথ মুকলি হয়। কিন্তু অন্যবোৰ বিদ্যা, ধৰা স্কুলীয়া বিদ্যা, বিদ্যা নহয়, অবিদ্যা।”

নামঘৰৰ কাৰণে টকা উঠিল। তাৰে মাত্ৰ দুকুৰি টকাহে  নামঘৰটো মেৰামতি কৰাত খটুৱালে। বাকীখিনি গোঁহাইৰ তহবিলত সোমাল। গোঁহাই হিচাপে তেওঁ পৰ্বত-পাহাৰ বগাই, বিপদ-বিঘিনি গণ্য নকৰি, দুখক দুখ নুবুলি ধৰ্ম কথা বিতৰি ফুৰিব লাগিছিল। কিন্তু তেওঁৰ কাৰণে সেয়া মহত্ব বা মহান কৰ্তব্যৰ ভিতৰত নপৰিছিল। তেওঁ প্ৰকাণ্ড গাৰুত আউজি ওখ তুলিৰ গাদীত বহি  মানুহক কৈছিল অমুকৰ নাদৰ পানী খাব নাপায়। অমুকৰ ল’ৰাৰ হীন সম্প্ৰদায়ত জাত গ’ল। ইত্যাদি। মুঠতে মকৰন্দ গোঁহাই ধৰ্মীয় বিষয়তকৈ পাৰ্থিৱ লালসাৰ পিছে পিছে দৌৰি ভাল পাইছিল। তেওঁৰ চৰিত্ৰৰ পৰা দেখা গ’ল যে ধৰ্মীয় দিশত সেই সময়ৰ সমাজ স্খলিত হৈছিল।

দ্বিতীয় প্ৰধান চৰিত্ৰটি হৈছে মকৰন্দ গোঁহাইৰ ভায়েক অৰবিন্দৰ স্ত্ৰী ৰজিতা যি জনী কুমলীয়াতে বিধৱা হৈছিল। অসমীয়া সমাজত বিধৱা এজনীয়ে কেনেদৰে দুখ-যন্ত্ৰণা ভূগিব লগা হয়, লিখকে তাইৰ মাজেদি সেই চিত্ৰ দাঙি ধৰিছে। 

তৃতীয় চৰিত্ৰটি হৈছে যদু তাৱৈ, যিজনে সৰু মনিৰ আগত ৰজিতাৰ কাহিনীটো বৰ্ণনা কৰিছে। তেওঁ বুঢ়া মানুহ । গাঁৱলীয়া বুঢ়া মানুহ এজনে কেনেদৰে ৰহন লগাই দাৰ্শনিক ব্যাখ্যা আগবঢ়াই অতীত কাহিনী এটিক সজীৱকৈ বৰ্ণনা কৰিব পাৰে সেয়া লিখকে যদু তাৱৈ নামৰ চৰিত্ৰটিৰ মাজেদি ফুটাই তুলিছে।

লিখকে গল্পটিত যথাযথ পৰিৱেশ ৰূপায়নত সফল হৈছে। নিৰ্জন পৰিত্যক্ত এৰাবাৰীৰ বৰ্ণনা কৰোতে পৰিৱেশৰ নিৰ্জনতা লিখকে এনেদৰে ফুটাই তুলিছে:

“আমাৰ গাঁৱৰ উত্তৰ ফালে এখন ডাঠ হাবি আছে। দীঘলে পুতলে প্ৰায় আমাৰ গাঁৱখনৰ সমানেই। প্ৰকাণ্ড প্ৰকাণ্ড গমাৰি গছ, পমা, আম, জাৰি, চেচু আদি গছেৰে ঠাহ খুৱা। বাঁহ, তামোল, জামু ,নাৰিকল, পনিয়ল, বগৰী আদি গছ যে কিমান আছে তাৰ সীমা সংখ্যা নাই। জয়াৰ হাবিখনৰ মাজ সোমাবলৈ কাৰো বুকু ডাঠ হ’ব পৰা নাই। দিন দুপৰতে ঘিটমিটীয়া আন্ধাৰ। হাবিৰ দক্ষিণ কাণেদি এটা সুৰুকীয়া বাট। কাষে কাষে জাৰ্মানী বনৰ জোপোহা, আজাৰ আৰু সোণাৰু। তাত বেলি বহাৰ পিছতে কেটেলা পহু, নাহৰ ফুটুকী, গাহৰি আৰু শৰ পহুৱে ভুমুকি মাৰেহি। সুৰসুৰীয়া পথটোৰ তেনেই কাষতে এটা ওখ ভেটি। এসময়ত কাৰোবাৰ ঘৰ আছিল। এতিয়া তাত দুৱৰি, কাৰ্শলা বন আৰু মেদেলুৱা গজি হাবিৰ লগত মিলি আছে।”

গল্পটি সামাজিক চিত্ৰৰ প্ৰতিফলন যদিও গল্পকাৰে গল্পটিৰ মাজেৰে কিছু পৰিমাণে সমাজ সমালোচকৰ ভূমিকাও পালন কৰিছে লগতে লিখকৰ জীৱন দৰ্শনৰ এক স্পষ্ট ছবি ফুটি হৈ  উঠিছে। পৰপুৰুষত মন মেলা নাৰীৰ প্ৰতি লিখকৰ দৰ্শন এনেদৰে প্ৰকাশ কৰিছে, গল্পটিৰ আৰম্ভণিতেই: 

“এবাৰ যদি কেনেবাকৈ নাৰীৰ পৰপুৰুষত মন বহিল অথবা মনৰ গুপুত বতৰা ৰ’দ কাঁচলিলৈ ওলোৱাত এৰা পৰিল, তেনে নাৰী যিমানেই চকমকীয়া হওক লাগে, তেওঁক সামৰি ল’লে আপদহে বেছি; কোনদিনা স্বামীগুৰুৰ মান সন্মানত খোঁট দি ভুজংগিনী পলাই যায়, এনাজৰীৰো মোৰ পোৱা কঠিন।”

অকালতে বিধৱা হৈ সমাজৰ চকুত হেয় প্ৰতিপন্ন হোৱা নাৰীৰ বিষয়ে গল্পকাৰৰ দৰ্শন এনেভাৱে ফুটি উঠিছে:

“যাৰ আশা শেষ হৈ  গ’ল, যি জনম লৈছে নীৰৱে চকুলো টুকিবলৈ তেনে নাৰীৰ মনৰ অন্তৰালত ভক্তিৰস, প্ৰেম ৰস,  বাৎসল্য ৰস সকলো নিৰস।”

সৰ্বসাধাৰণ মানুহ  আৰু জীৱন সম্পৰ্কে লিখকৰ দৰ্শন যদু তাৱৈৰ মুখেদি এনেদৰে প্ৰকাশ পাইছে:

“আহাৰ আৰু বিহাৰৰ কাৰণেই আমি মানুহবোৰ সময়ে সময়ে ইমান অসহায় হ’ব লাগে যে কেতিয়াবা নিজত্ব কোনখিনিত লুকাই  আছে বিচাৰি নাপাওঁ।”

মানুহে মানুহৰ প্ৰতি উদাসীন হৈ থকাও যে এক প্ৰকাৰৰ ডাঙৰ শাস্তি লিখকে এই দৰ্শনো গল্পটিত ফুটাই  তুলিছে: 

“মানুহে এজনক শলাগ লোৱাও ভাল নাইবা শক্রতা কৰাও ভাল; কিন্তু এজনৰ প্ৰতি উদাসীন হোৱাৰ দৰে দ্বিতীয় শাস্তি দিয়াৰ উপায় নাই।”

লিখকে সমাজ সমালোচনা কৰাৰ লগতে প্ৰাচীন পুথিৰ বক্তব্যও সমালোচনা কৰিছে। যদু তাৱৈৰ মুখেদি গল্পকাৰে ব্যক্ত কৰিছে:

“ধৰ, নেৰায়নী সেনাৰ কথা। পুথিৰ মতে চৌষষ্টি অক্ষৌহিনী। হেৰ’ পাকিস্থানকে ধৰি ভাৰতৰ জনসংখ্যা এশ কৌটিয়েই নহয়, অথচ কৃষ্ণৰ সেনা চৌষষ্টি কৌটি বাদেই দিছোঁ, একেবাৰে চৌষষ্টি অক্ষৌহিনী হ’ল কেনেকৈ? যদি আছিল, মই বিচাৰ কৰি পাইছোঁ যে এতিয়াৰ এশ তেইশটাই তেতিয়াৰ এক অক্ষৌহিনী হ’ব লাগিব। কুৰু-পাণ্ডৱৰ ৰণত ছাপন্ন কৌটি হস্তী নিপাত হোৱাও হোলোঙাৰে কাণ খজুৱাৰ কথা। ব্যাস মুনি কবি হ’ল বুলিয়েই এনে আচম্বিত কল্পনা মানুহৰ মাজত চলাব লাগেনে।”

গল্পটিত প্ৰয়োগ কৰা ভাষাও বিশেষ বৈশিষ্ট্যৰে বৈশিষ্ট্যমণ্ডিত। লক্ষ্মীনন্দন বৰাৰ ভাষা সমসাময়িক আন আন গদ্য লিখকৰ ভাষাৰ তুলনাত বেছি  কথ্য ভাষাধৰ্মী; বেছি আলংকাৰিক আৰু বেছি জটিলতাৰ ছাপ থকা। কেতিয়াবা বক্তব্যখিনি আবেগিক হৈ বক্তব্য বিষয় কাব্যধৰ্মী হৈ দিগন্ত প্ৰসাৰী হৈছে। যেনে-

“ৰজিতাই  শুকান পৃথিৱীত নিয়ৰে চকুলো টোকাই দেখা পালে। নিয়ৰৰ টোপালত মুকুতা নসৰে, দিনে দিনে বেদনাহে বাষ্প হয়; উষাৰ পোহৰত ভবিষ্যতৰ ৰেঙনি নাই, সূর্যাস্ত ৰংচুৱা ডাৱৰে মনৰ বাসনাত, দেহৰ তৃপ্তিত আৰু নিজম ৰাতিৰ গোপন আকাঙ্খাত হেঙুল-হাইতালৰ বোল নাসানে।”

আকৌ ৰজিতাৰ বুকুৰ বেদনাৰ গভীৰতা দেখুৱাবলৈ লিখকে কাব্যিক ভাষাত লিখিছে:

“আকাশৰ দৰে তাইৰ অসীম বেদনা। নীলা বেদনা। ডাৱৰে তাকো ক’লা কৰে। বৰষুণৰ টোপালে উচুপি কান্দে।”

গল্পটি অসমীয়া সমাজত সততে চলি থকা ফকৰা-যোজনাময় কথাৰে পৰিপূৰ্ণ। লিখকে বহুসময়ত ফকৰা যোজনা মাতিয়েই বক্তব্য বিষয় দাঙি ধৰিবলৈ চেষ্টা কৰিছে। যেনে-

(ক) হস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।

(খ) সুখৰ ৰাতি সোনকালে পুৱায়, দুখৰ ৰাতি নাযায় নুপুৱায়।

(গ) অতি দর্পে হত লংকা।

(ঘ) ফটা বাঁহ কাহানিও জাপ নলয়।

(ã) বেজৰ নাকত খৰে খোৱা।

লিখকে চৰিত্ৰসমূহৰ মুখত যি সংলাপ সংযোজন কৰিছে তাতো অসমীয়া কথ্য ভাষাৰ ছাপ আছে। সর্বোপৰি গল্পটিৰ প্ৰায় প্ৰতিটো বাক্যই কথ্য সুৰীয়া আৰু ব্যাকৰণিক দিশৰ পৰা জটিল বিন্যাসৰ। তেওঁৰ বাক্য প্ৰায় ভবেন্দ্ৰনাথ শইকীয়াৰ বাক্য বিন্যাসৰ দৰে যদিও ভবেন্দ্ৰ নাথ শইকীয়াৰ ভাষাতকৈ লক্ষ্মীনন্দন বৰাৰ ভাষা বেছি সমাজমুখী, বেছি  কথ্য ভাষাৰ ওচৰৰ আৰু বেছি আলংকাৰিক – যিয়ে তেওঁৰ বক্তব্যত বিশেষ সৌন্দৰ্য্য দান কৰিছে।

সামৰণিত ক’ব পাৰি লক্ষ্মীনন্দন বৰাৰ ‘এৰাবাৰীৰ লেছেৰি’  শিৰোনামৰ গল্পটি বিশেষ আবেদনশীল গল্প যাৰ মাজেদি সমাজত চলি থকা অলৌকিক দৃষ্টি-ভঙ্গী আনকি অন্ধবিশ্বাস অকৃপণভাৱে প্ৰকাশ পাইছে। ০ ০ ০

(লক্ষীনন্দন বৰাৰ গল্প: “এৰাবাৰীৰ লেছেৰী”-এক সমালোচনাত্মক বিশ্লেষণ’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *