লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প ‘মুক্তি’: এক সমালোচনাত্মক আলোচনা

মানৱ জীৱনৰ কোনো এক মূহুৰ্তৰ ঘটনাক অৱলম্বন কৰি গদ্যত যি কাহিনী বা গল্প ৰচনা কৰা হয় তাকে ‘চুটি গল্প’ বোলে। চুটি গল্পৰ পিতৃস্বৰূপ আমেৰিকাৰ লিখক এডগাৰ এলেন  প’ৰ মতে, “চুটি গল্প হৈছে এক প্ৰকাৰৰ গদ্য ৰচনা যিটো পঢ়ি শেষ কৰোঁতে আধা ঘন্টাৰ পৰা এঘন্টা বা দুই ঘন্টাৰ প্ৰয়োজন হয়।” চুটিগল্পত কাৰ্যৰ ঐক্য আৰু কাৰ্যৰ ঐক্য সম্পাদনত সংক্ষিপ্ততাৰ ঐক্য  মানি চলিব লাগে। এডগাৰ এলন প’য়ে শুভাৰম্ভ কৰা চুটিগল্পই তেওঁৰ সমসাময়িক ভালেমান আমেৰিকান, ৰাছিয়ান আৰু ফৰাচী লিখকৰ হাতত সাহিত্যৰ এক বলিষ্ঠ স্বাধীন শাখা হিচাপে প্রতিষ্ঠা লাভ কৰে। গল্পকাৰ ভেদে চুটিগল্পৰ বৈশিষ্ট্য ভিন ভিন যদিও  সাহিত্যৰ এক স্বাধীন শাখা হিচাপে ইয়াৰ কিছুমান সাধাৰণ উপাদান (লক্ষণ বা বৈশিষ্ট্য) আছে যিবোৰ উপাদান কম বেছি পৰিমাণে প্ৰায় সকলোবোৰ চুটিগল্পত বিদ্যমান। উপাদানবোৰ হ’ল: (ক) এটি মাত্ৰ কাহিনী, (খ) মানৱ চৰিত্ৰ, (গ) গঠন বা বিন্যাস (ঘ) পৰিবেশৰ বৰ্ণনা, (ঙ ) সংলাপ  আৰু (চ) লিখকৰ জীৱন দৰ্শন।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ শিৰোনামাৰ গল্পটি এটি সামাজিক গল্প। গল্পটিত চুটিগল্পৰ প্ৰায়বোৰ উপাদান কম বেছি পৰিমাণে বিদ্যমান।

(ক) কাহিনী:  চুটিগল্পত এটি মাথো কাহিনী থাকিব লাগে। চুটি গল্পৰ আকাৰ চুটি হোৱা বাবেই ইয়াত এটাতকৈ অধিক কাহিনীৰ স্থান নাই। চুটিগল্পৰ কাহিনী কাল্পনিক হ’ব পাৰে যদিও ই বাস্তৱৰ ওপৰত প্রতিষ্ঠিত হ’ব লাগে। মানৱ জীৱনৰ কোনো এক মূহুৰ্তৰ ঘটনা এটিক চুটি গল্পত ফুটাই তোলা হয়। 

বেজবৰুৱাদেৱৰ ‘মুক্তি’ নামৰ গল্পটিত এটি মাত্ৰ কাহিনী আছে। মধ্যবিত্ত পৰিয়ালৰ সুকুমাৰ নামৰ ল’ৰা এজনে কেনেদৰে প্ৰথমতে মাক-দেউতাকৰ অতি মৰম-স্নেহৰ বলি হৈ লিখা-পঢ়াৰ প্ৰতি পিঠি দি দুষ্টালি কৰি ফুৰিছিল আৰু পিছলৈ কেনেদৰে উকিল ককায়েক দেৱকান্তৰ দ্বাৰা লিখা-পঢ়াৰ নামত কঠোৰ শাসন, গালি-শপনি, ভৰ্ৎসনা আৰু শাৰীৰিক শাস্তিৰ বলি হৈ মূত্যু মুখত পৰে সেই কাহিনী বৰ্ণনা কৰা হৈছে।

(খ) চৰিত্ৰ: চুটিগল্পৰ দ্বিতীয় প্ৰধান উপাদান হৈছে চৰিত্ৰ। চুটিগল্পৰ চৰিত্ৰ সদায় সমাজত বাস কৰা মানুহ হ’ব লাগিব।  যিহেতু চুটিগল্প বাস্তৱৰ ওপৰত প্রতিষ্ঠিত সেয়ে ইয়াত কোনো অপ্ৰাকৃতিক জীৱ বা সাধু কথাৰ দৰে জীৱ-জন্তু, চৰাই আদি মুখ্য চৰিত্ৰ হ’ব নোৱাৰে। আনকি চুটি গল্প যিহেতু আকাৰত চুটি হ’ব লাগে, সেয়ে চুটি গল্পত এজন বা সৰ্বাধিক দুজনহে মুখ্য চৰিত্ৰ থাকিব পাৰে। চৰিত্ৰবোৰ আৰ্হিমূলকো হ’ব পাৰে বা স্বতন্ত্ৰ্য  বৈশিষ্ট্যযুক্তও  হ’ব পাৰে।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ শিৰোনামাৰ গল্পটিৰ প্ৰধান চৰিত্ৰ সুকুমাৰ। পৰিবেশৰ হেঁচাত পৰি তেওঁ  কেনেদৰে নিজৰ কৰ্তব্যৰ পৰা স্খলিত হৈ অৱশেষত মৃত্যু মুখত পৰে সেয়া গল্পটিত দেখুৱা হৈছে। গল্পটিত অৱশ্যে অন্যান্য চৰিত্ৰ আছে যদিও সেই চৰিত্ৰবোৰে প্ৰধান চৰিত্ৰ সুকুমাৰৰ চৰিত্ৰ বিকাশ আৰু প্ৰকাশত অৱদান আগবঢ়াইছে ।

(গ) গঠন বা কাহিনী বিন্যাস: চুটিগল্পৰ কাহিনী ভাগৰ সাধাৰণতে তিনিটা স্তৰ বা পৰ্যায় আছে, যেনে: আৰম্ভণি,  শীৰ্ষ বিন্দু আৰু সামৰণি। আৰম্ভণিত কাহিনীভাগৰ সূচনা হৈ দ্বন্দ্বৰ মাজেদি শীৰ্ষবিন্দু পায়। আৰু শীৰ্ষবিন্দুৰ পৰা ক্ৰমান্বয়ে অৱৰোহণৰ মাজেদি সামৰণি পায়। অৱশ্যে এই তিনিটা পৰ্যায় সকলো গল্পত সু্‌ষমভাৱে নাথাকিব পাৰে যদিও চুটিগল্পৰ কাহিনী বিন্যাসৰ তিনিটা পৰ্যায় প্ৰায় সৰহভাগ গল্পত বিদ্যমান।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটিতো ইয়াৰ কাহিনী বিন্যাসত এই তিনিটা স্তৰ পোৱা যায়। গল্পটিৰ আৰম্ভণিতে আমি ইয়াৰ প্ৰধান চৰিত্ৰ সুকুমাৰক লিখা-পঢ়াৰ প্ৰতি পিঠি দি  বিদ্যালয়ৰ পৰা আহিয়েই অত-তত  চৰাইৰ কণী বা পোৱালি বিচাৰি, বৰশী বাই, গছ বগাই,  ফল-মূল পাৰি, হাবিত ঘূৰি-ফূৰি সময় কটোৱা অৱস্থাত লগ পাওঁ। পঢ়াৰ প্ৰতি অমনোযোগী হোৱা বাবে শিক্ষকৰ পৰা পোৱা অভিযোগ শুনি অশিক্ষিত দেউতাকৰ চিকনিৰ কোব খাই গোটেই ৰাতি তেঁতেলী গছত কটোৱা আদি ঘটনাৰ বৰ্ণনাৰ মাজেদি আগবাঢ়ি উকিল ককায়েক দেৱকুমাৰৰ দ্বাৰা ভালদৰে লিখা-পঢ়া শিকোৱাৰ উদ্দেশ্যে তেওঁক ডিব্রূগড়লৈ লৈ যোৱা সময়ত কাহিনীটো শীৰ্ষবিন্দু পাইছে। এই শীৰ্ষ বিন্দুৰ পৰা  কাহিনীভাগ লাহে লাহে অৱৰোহণ কৰি তেওঁ লিখা-পঢ়াত উন্নতি দেখুৱাব নোৱাৰাৰ দোষত ককায়েকৰ পৰা দাবি-ধমকি, ভৰ্ৎসনা আৰু শাৰীৰিক শাস্তিৰ বলি হৈ অকালতে মৃত্যুক সাৱটি লৈছে আৰু ইয়াতে কাহিনীটোৰ অন্ত হৈছে।

(ঘ) পৰিৱেশঃ চুটিগল্পৰ আন এক উপাদান হৈছে পৰিৱেশ অংকন। চুটি গল্পত সাধাৰণতে পাত্ৰ-পাত্ৰী বা চৰিত্ৰই যি পৰিৱেশত ঘটনা সংঘটিত কৰে তাৰ চিত্ৰ থাকিব লাগে। অৱশ্যে পৰিৱেশে বহল অৰ্থত কাহিনীটোৰ চৰিত্ৰই সংঘটিত কৰা ঘটনাৰ চাৰিওফালৰ প্ৰাকৃতিক বা সামাজিক পৰিস্থিতি, পৰিধান কৰা সাজ-সজ্জা, খোৱা-লোৱা, সামাজিক ৰীতি-নীতি আদিকো সামৰি লয়।  পৰিৱেশ কেতিয়াও অসংগত বা কৃত্ৰিম হ’ব নালাগে। অৰ্থাৎ গাওঁৰ কাহিনী পৰিবেশন কৰোঁতে নগৰীয়া পৰিৱেশৰ চিত্ৰ থাকিব নালাগে। মুঠতে পৰিৱেশৰ চিত্ৰন সদায় বাস্তৱসন্মত হোৱা বাঞ্চনীয়।

মুক্তি’ গল্পটিত গল্পকাৰ বেজবৰুৱাদেৱে অসমীয়া গাওঁলীয়া সমাজৰ চিত্ৰ ফুটাই তোলাত সক্ষম হৈছে। গাওঁৰ ল’ৰা-ছোৱালীবোৰ যে চহৰৰ তুনলাত লিখা-পঢ়াৰ প্ৰতি কম মনোযোগী সেই চিত্ৰ ফুটাই তোলাৰ লগতে অসমীয়া গাওঁলীয়া সমাজত লৰাবোৰে যে অধিক স্বাধীনাতা ভোগ কৰে, সিহঁতে যে উদ্বেগহীনভাৱে গছ-গছনিৰ ফল-মূল পাৰি, চৰাইৰ পোৱালি বিচাৰি, বৰশী বাই ভাল পায় তাৰ চিত্ৰ গল্পটিত  সাৱলীলভাৱে অংকিত হৈছে।

(ã) সংলাপ: চুটিগল্পৰ আন এক আৱশ্যকীয়া উপাদান হৈছে সংলাপ। সংলাপ বুলিলে গল্পটিত স্থান পোৱা চৰিত্ৰবোৰৰ  মাজত হোৱা কথোপকথনক বুজায়। চুটি গল্পত সংলাপ পৰিমিতৰূপত ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ গল্পকাৰে সংপাল ৰচনা কৰোঁতে সেইবোৰ সংলাপহে চৰিত্ৰবোৰৰ মুখেদি প্ৰকাশ কৰিব লাগে যাৰ জৰিয়তে চৰিত্ৰ এটাই নিজক প্ৰকাশ কৰিব পাৰে আৰু কাহিনীটো আগবাঢ়ি যোৱাত সহায়ক হয়।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’নামৰ গল্পটিত  গল্পকাৰে পৰিমিত ৰূপত সংলাপৰ সংযোজন কৰিছে। উহাৰণস্বৰূপে সুকুমাৰৰ ককায়েক দেৱকুমাৰে ডিব্ৰুগড়ৰ পৰা ঘৰলৈ আহি ভাইটি সুকুমাৰক কৰা ভৰ্ৎসনা, ককায়েকৰ লগত সুকুমাৰে ঘৰ এৰি যোৱাৰ মূহুৰ্তত মাকে ল’ৰা দুজনক উদ্দ্যেশি কোৱা কথা আদিয়ে সিহঁতৰ ব্যক্তিত্ব প্ৰকাশ কৰাৰ লগতে কাহিনীভাগো আগবঢ়াই লৈ যোৱাত সহায়ক হৈছে।

(চ) লিখকৰ জীৱন দৰ্শন: লিখকৰ জীৱন দৰ্শন বুলিলে জীৱনৰ প্ৰতি  প্ৰকাশ পোৱা লিখকৰ  দৃষ্টিভংগী বা জীৱনৰ পৰা পোৱা অভিজ্ঞতাক বুজায়। জীৱন দৰ্শন সকলোবোৰ গল্পত স্পষ্টভাৱে প্ৰকাশ নাপালেও পৰোক্ষভাৱে প্ৰকাশ পায়।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পতো গল্পকাৰৰ জীৱন দৰ্শন পৰোক্ষভাৱে প্ৰকাশ পাইছে। লিখকে গল্পটিৰ মাজেদি জীৱনৰ প্ৰতি এই অভিজ্ঞতা প্ৰকাশ কৰিছে যে মানুহৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ অপৰিসীম। মানুহৰ আচাৰ-আচৰণ কৰ্ম, সংস্থান আদি পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। জীৱনৰ প্ৰতি অভিজ্ঞতা নথকাসকলে কিবা দোষৰ বাবে ব্যক্তিকেই জগৰীয়া কৰে। সেয়া যে ভুল লিখকে গল্পটিত সুকুমাৰ কাহিনীৰ মাজেদি প্ৰকাশ কৰিব বিচাৰিছে।

ওপৰৰ বিশ্লেষণৰ পৰা দেখা যায় যে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নাম গল্পটি এটি ভাল অসমীয়া চুটি গল্প যত চুটিগল্পৰ সাধাৰণ উপাদান (লক্ষণ) বোৰ কম-বেছি  পৰিমাণে বিদ্যমান। ০ ০ ০

(লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প ‘মুক্তি’: এক সমালোচনাত্মক আলোচনা’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *