শীলভদ্ৰৰ চুটিগল্প: ‘মধুপুৰ বহু দূৰ’- এক সমালোচনাত্মক আলোচনা

শীলভদ্ৰৰ চুটিগল্প: ‘মধুপুৰ বহু দূৰ’- এক সমালোচনাত্মক আলোচনা 

শীলভদ্ৰৰ দ্বাৰা ৰচিত ‘মধুপুৰ বহু দূৰ’ শিৰোনামৰ গল্পটি এটি চৰিত্ৰ প্ৰধান চুটিগল্প (Short Story of Character)। গল্পটিত বিশেষ কোনো কাহিনী (Plot) নাই। ই কেইবাটাও চৰিত্ৰৰ সমাৱেশহে। গল্পটি আত্মজীৱনীমূলক শৈলী (Autobiographical Style) অত ৰচিত আৰু ইয়াৰ পৰা প্ৰতীয়মান হয় যে গল্পটিৰ চৰিত্ৰবোৰ বাস্তৱ সন্মত আৰু লিখকৰ জীৱনৰ লগত কম-বেছি পৰিমাণে সম্পৰ্কিত। গল্পটিৰ পৰা জনা যায় যে গল্পকাৰ শীলভদ্ৰই  জীৱনৰ আদিছোৱা অৰ্থাৎ শৈশৱ আৰু কৈশোৰৰ কিছু সময় ‘মধুপুৰ’ নামৰ ঠাইত কটাইছিল। কিন্তু জীৱনৰ অধিক কাল গুৱাহাটীৰ মহানগৰীয়া পৰিৱেশত কটায়। লিখকে যিছোৱা সময় মধুপুৰত কটাইছিল সেই সময়ছোৱা আছিল ভাৰতে স্বাধীনতা পোৱাৰ আগৰ কেইটামান দহক। তেতিয়াৰ মধুপুৰৰ মানুহ, ইয়াৰ পৰিৱেশ, সামাজিক জীৱনৰ যি অভিজ্ঞতা তেওঁ লাভ কৰিছিল সেই অভিজ্ঞতা তেওঁ কেতিয়াও পাহৰিব নোঁৱাৰিলে। ইতিমধ্যে ভাৰতে স্বাধীনতা পালে। সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনত বহুত পৰিবৰ্তন আহিল। কিন্তু লিখকৰ সেই অতীত সময়ছোৱা স্মৃতিৰ সঁচাৰ  কাঠিত আবদ্ধ হৈ থাকিল। গল্পকাৰে সেই বাস্তৱ অভিজ্ঞতাৰ লগত ৰিজাই প্ৰায় চল্লিশ বছৰ পিছত আগৰ সেই মধুপুৰৰ স্মৃতি ৰোমন্থন কৰিছে। লগতে সেই চল্লিশ বছৰৰ ব্যৱধানৰ এক সমালোচনাত্মক তুলনাও গল্পটিত দাঙি ধৰিছে। গল্পটি অধ্যয়ন কৰি স্বাধীনতাৰ আগৰ দহক কেইটাত মধুপুৰ অঞ্চলৰ এক সামাজিক আনকি প্ৰাকৃতিক পৰিৱেশৰ স্পষ্ট আভাষ পাব পাৰি। সেই সময়ত বৃহৎ মধুপুৰ অঞ্চলটি এজন জমিদাৰৰ অধীনত আছিল। বৃটিছ শাসকসকলে সেই জমিদাৰ জনক ‘ৰজা’ উপাধি প্ৰদান কৰিছিল। সাধাৰণ প্রজাবোৰে জমিদাৰজনক ‘ৰাজাবাহাদুৰ’ উপাধীৰে মাতিছিল। জমিদাৰৰ প্ৰসাদক প্ৰজাসাধাৰণে ‘ৰাজাবাড়ী’ বুলি উল্লেখ কৰিছিল। লিখকে সেই ৰাজাবাহাদুৰ আৰু তেওঁৰ ঘনিষ্ট মানুহ কিছুমান, যিসকলক গল্পকাৰে জানিছিল নাইবা পৰিচিত আছিল সেইসকল লোকৰ বিষয়ে গল্পকাৰে গল্পটিত আলোচনা কৰিছে। তেওঁৰ চৰিত্ৰবিলাক উপস্থাপন পদ্ধতি নাটকীয় আৰু বিশেষ আবেদনশীল। 

গল্পকাৰে গল্পটিত বহুকেইটি চৰিত্ৰৰ সংযোজন কৰিছে। তাৰে প্ৰথম চৰিত্ৰটোৰ নাম ফেলুবাবু। তেওঁ আছিল কলিকতাৰ এক নামকৰা থিয়েটাৰ প্রতিষ্ঠানৰ সঙ্গীত আৰু নৃত্য পৰিচালক। মধুপুৰৰ জমিদাৰৰ পৃষ্ঠপোষকতাত তেওঁ মধুপুৰলৈ আহে। কিয়নো মধুপুৰৰ জমিদাৰৰ নিজাকৈ এটি থিয়েটাৰ গোষ্টী আছিল। মাজে মাজে জমিদাৰৰ ইচ্ছানুযায়ী নাটক মঞ্চস্থ কৰা হৈছিল। দৰ্শকৰ বাবে কোনো প্ৰৱেশ মাচুল নাছিল। অভিনয়ত অংশ গ্ৰহণ কৰিছিল জমিদাৰ পৰিয়াল আৰু অন্যান্য সম্ভ্ৰান্ত পৰিয়ালৰ মানুহে। ফেলুবাবুক গল্পকাৰে শেষবাৰৰ বাবে লগ পাইছিল গল্পটি লিখাৰ সময়ৰ পৰা প্ৰায় বিশ বছৰ আগতে। তেতিয়া আৰু তেওঁ জমিদাৰৰ পৃষ্ঠপোষকতাত নাছিল। কিয়নো ইতিমধ্যে দেশ স্বাধীন হৈছে, জমিদাৰী প্ৰথা ৰদ কৰা হৈছে। দেশৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আনকি মানুহৰ মানসিক দিশৰো বহুত পৰিবৰ্তন হৈছে। ফেলুবাবুৰ লগত লিখকৰ অন্তিমবাৰ দেখা হৈছিল মধুপুৰৰ জমিদাৰৰ চৌহদৰ সৰু এটা কোঠাত। ইতিমধ্যে ৰাজাবাহাদুৰৰ মৃত্যু হৈছে। তেওঁৰ পৰিয়ালৰ অৱস্থা পৰি অহিছে। তেওঁৰ বিৰাট অট্টালিকা প্ৰায় ভগ্নদশা। তেতিয়া সেই স্বৰ্গগামী জমিদাৰৰ সৰু লৰাৰ ঘৈনীয়েকজনী তাত আছিল। ফেলুবাবু সেই জমিদাৰৰ ঘৰৰ বাহিৰৰ এটি কোঠাত থাকিবলৈ লৈছিল। তেওঁ এতিয়া আৰু কোনো গান-বাজনা বা নৃত্য পৰিচালনা নকৰে। নিজে ৰান্ধি খায়। ইচ্ছা কৰিলে তেওঁ কোনো থিয়েটাৰ পাৰ্টিত যোগদান কৰি ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ কৰা নাই। কোনো অনুশোচনাও নাই। তেওঁ বিয়াও কৰাইছিল। ল’ৰা সন্তান এটিও জন্ম হৈছিল। ফেলুবাবু ল’ৰা-ছোৱালীক হাতত ধৰি, কেতিয়াবা গাত ধৰি নাচৰ মুদ্ৰা শিকাই দিব লগা হৈছিল। তেওঁৰ সেই কামত তেওঁৰ ঘৈনীয়েকে আপত্তি  কৰিছিল। কিন্তু ফুলবাবুয়ে উশাহ লোৱা এৰিব পাৰে; যাত্ৰা থিয়েটাৰৰ পৰা আঁতৰি থাকিব নোঁৱাৰে। অৱশেষত বিক্ষুব্দ হৈ তেওঁৰ ঘৈনীয়েকে ল’ৰাটো লৈ পিতৃ- মাতৃৰ ঘৰলৈ গুচি যায়। সেই ল’ৰাজনৰ নাম ‘জীবন সেন’, বিতৰ্কিত ৰবীন্দ্ৰ সঙ্গীত গায়ক। লিখকে যেতিয়া ফুলবাবুক শেষবাৰৰ বাবে লগ পাইছিল তেতিয়া তেওঁৰ ঘৈনীয়েকজনীৰ মৃত্যু হৈছে। তেওঁৰ পুত্ৰ জীৱন সেনে মাজে মাজে দেউতাকৰ খবৰ লয় আৰু তেওঁৰ লগতে পিতাকক থাকিবলৈ কয় যদিও মধুপুৰৰ মোহত ফুলবাবুয়ে মধুপুৰ এৰি যাবলৈ মান্তি নহয়।

দ্বিতীয় প্ৰধান চৰিত্ৰটো  হৈছে চন্দ্ৰশীল। চন্দ্ৰশীলৰ কথা লিখকে কেৱল স্মৰণহে কৰিছে। মধুপুৰলৈ গৈ লিখকে তেওঁক লগ ধৰিব পৰা নাই। সম্ভৱত তেওঁৰ মৃত্যু হৈছিল। কিন্তু শৈশৱত বা কৈশোৰত চন্দ্ৰশীলৰ প্ৰতিভাৰ বিষয়ে যি দেখিছিল বা জানিছিল গল্পকাৰে গল্পটিত সেইখিনি স্মৰণৰ পৰা কৈছে যে চন্দ্ৰশীল আছিল বহু-প্ৰতিভাধৰ ব্যক্তি, যিজনে জীৱনৰ আগবয়সত বিড়ি কোম্পানীৰ বিজ্ঞাপনৰ কাম কৰিছিল, কিছুদিন তামোল-পাণৰ দোকান চলাইছিল, কিছুদিন টিন মিস্ত্ৰীৰ কাম কৰিছিল আৰু শেষ জীৱনত তেওঁ দাড়ি-চুলি ৰাখি পশ্চিমফালৰ পৰা অহা এজন সাধুবাবাৰ লগলাগি সাধু সাজিছিল। সেই সাধুজন মধুপুৰলৈ কেইবছৰৰ মূৰে মূৰে আহি এটি বড়গছৰ তলত আশ্ৰয় লৈছিল। সম্পদৰ ভিতৰত তেওঁৰ আছিল এটি হাৰমনিয়াম। সেই সাধুজনে কাৰো ঘৰলৈ যোৱা নাছিল। সেই সাধুজনক প্ৰায় সকলো মানুহেই ভাল পাইছিল আৰু বেমাৰৰ চিকিৎসা বিচাৰি বহু মানুহ তেওঁৰ ওচৰলৈ গৈছিল। কিন্তু তেওঁ ডাক্তৰ বা কবিৰাজ নহয় বুলি সকলোকে ওভোতাই পঠিয়াইছিল। তেওঁ উচ্চাঙ্গ সঙ্গীত বজাইছিল আৰু ৰাজাবাহাদুৰেও তেওঁৰ উচ্চাঙ্গ সঙ্গীত শুনিবলৈ বৰগছজোপাৰ তলত উপস্থিত হৈছিল। সেই সাধুবাবাজনে এই গল্পলেখকৰ অৰ্থাৎ শীলভদ্ৰৰ পিতাকক বৰ ভাল পাইছিল। চন্দ্ৰশীলে এই সাধুবাবাজনৰ লগ লাগি শেষ জীৱনত সাধু হিচাপে কটাইছিল আৰু লিখকে শেষবাৰৰ বাবে তেওঁক কলিকতাৰ নৈ পাৰৰ বড় গছজোপাৰ তলত লগ পাইছিল। ইতিমধ্যে সেই ঠাইডোখৰক মানুহে ‘চন্দ্ৰবাবাৰ আশ্ৰম’ বুলি উল্লেখ কৰিবলৈ লৈছিল।

তৃতীয় প্ৰধান চৰিত্ৰটোৰ নাম তগৰ। তেওঁ আছিল এজন অস্থিৰ স্বভাবৰ কিন্তু বহুমুখী প্ৰতিভাসম্পন্ন লোক। তেওঁ কোনো এটা কামতে বহু সময় লাগি থাকিব পৰা নাছিল। যিকোনো কাম সি তৎক্ষণাত শিকি ল’ব পাৰিছিল। যিকোনো গুণী মানুহক লগ পালে তেওঁ তৎক্ষণাত তাৰ অনুগত হৈ কামখিনি শিকি লৈছিল। তেওঁ এবাৰ বহুৰূপীৰ ভাও শিকিছিল আৰু গল্পকাৰৰ পিতাকৰ ঘৰত বহুৰূপীৰ ভাও দিছিল।

চতুৰ্থ প্ৰধান চৰিত্ৰজনৰ নাম উদ্বৱ। তেওঁ আছিল এজন টিন মিস্ত্ৰী। তেওঁ মানুহৰ ঘৰে ঘৰে গৈ ভগা-ফুটা বাচন মেৰামতি কৰি দিছিল। মানুহে তেওঁৰ বাবে  ৰৈ থাকিছিল। সেই  মানুহজন এই গল্পলিখকৰ ঘৰলৈয়ো গৈছিল। সা-সৰঞ্জাম তেওঁৰ লগত সদায় কঢ়িয়াই ফুৰিছিল। সা-সৰঞ্জামৰ ভিতৰত তেওঁৰ আছিল সৰু হাফৰ এখন, কাঠ-কয়লাৰ মোনা এটি আৰু অন্যান্য সঁজুলি। কাঁহী, বাটি, কলহ, বাল্টি এইবোৰৰ টেমুনাবোৰ  গুচাই জোৰা লগাই একেবাৰে নতুনৰ দৰে কৰি দিছিল। পইচা-পাতিৰ প্ৰতি তেওঁৰ কোনো খঁক নাছিল। মানুহে তেওঁৰ কামৰ বিনিময়ত তেওঁক যি দিছিল তাতেই তেওঁ সন্তুষ্ট হৈছিল। সি কাম কৰি থকাৰ মাজতে হঠাৎ উচ্চস্বৰে গান গাই  উঠিছিল।

গল্পটোৰ পঞ্চম প্ৰধান চৰিত্ৰটো হৈছে এই  গল্পকাৰৰ পিতা অৰ্থাৎ ‘মধুপুৰ বহুদূৰ’  শিৰোনামাটিৰ গল্পকাৰ শীলভদ্ৰৰ দেউতাক। তেওঁৰ অগাধ ধন-সম্পত্তি আছিল। তেওঁৰ পিতাক সেই অঞ্চলৰ ডাঙৰ ঠিকাদাৰ আছিল। তেওঁৰ নিজৰ এটি ইটাৰ ভাটাও আছিল। বিলাসীপাৰা, শালকোছা আদি ঠাইৰ মানুহেও তেওঁৰ ইটাৰ ভাটাৰ পৰা ইটা আমদানি কৰিছিল। তেওঁ যিমান বেছি উপাৰ্জন কৰিছিল সিমান বেছি খৰচো কৰিছিল। তেওঁৰ অৰ্থাৎ গল্পকাৰ শীলভদ্ৰৰ পিতাকৰ ঘৰ আছিল একপ্ৰকাৰৰ ধৰ্মশালাৰ দৰেই। আলহী সকলৰ বাবে সিহঁতৰ ঘৰত এটি বিশেষ ঘৰ আছিল। তাত সদায় আলহীক আশ্ৰয় দিয়া হৈছিল। ঘৰটোত কেইবাটাও কোঠালী আছিল। তাত থকা খোৱাৰ সু-বন্দবস্ত আছিল। সেই ঘৰৰ এজন প্ৰায় নিয়মিয়া আলহী আছিল। তেওঁৰ নাম আছিল ‘কবিৰাজ মশায়’। সিহঁতৰ ঘৰৰ প্ৰধান চিকিৎসকজন আছিল উপেন খাঁ। ‘খাঁ’ উপাধীধাৰী হ’লেও তেওঁ আছিল বামুণ মানুহ। কবিৰাজ মশায়ে বছৰেকত এবাৰ আহি ওচৰ-পাজৰে গাওঁবোৰত চিকিৎসা কৰিছিল। তেওঁ গল্পকাৰৰ পিতাকৰ আলহী ঘৰত আশ্ৰয় লৈছিল বাবেই থকা- খোৱাৰ কোনো খৰচ হোৱা নাছিল। সেয়ে চিকিৎসা কৰি ভাল উপাৰ্জন ৰাহি কৰিব পাৰিছিল। তেওঁ আছিল অতি শান্ত স্বভাৱৰ নিৰীহ মানুহ। তেওঁ নীলাৰঙৰ লুঙ্গি পিন্ধিছিল। চকীত বহিলেও মাটিত বহাৰ দৰে দুয়োখন ভৰি তুলি লৈ লেপেটাকাঢ়ি  বহিছিল। তেওঁ অনবৰত ধোঁৱা-খোৱা (হোকা) খাইছিল। গোটেই কোঠাটো তেওঁ সদায় লেতেৰা কৰি থৈছিল। 

ষষ্ট চৰিত্ৰটো হৈছে সত্যনাথ শৰ্মা। তেওঁ আছিল গনক। বছৰি এবাৰ মধুপুৰÍল আহিছিল। ল’ৰা ছোৱালীৰ জন্ম পত্ৰিকা কৰিবৰ কাৰণে মানুহ তেওঁৰ কাৰণে ৰৈ থাকিছিল। তেওঁ এখিলা-এখিলাকৈ কেইখিলা কাগজ সংযুক্ত কৰি একোখন দীঘল জন্ম পত্ৰিকা প্ৰস্তুত কৰিছিল। তেৱো লিখক অৰ্থাৎ শীলভদ্ৰৰ দেউতাকৰ আলহী ঘৰত আশ্ৰয় লৈছিল। ইয়াৰোপৰি বহুতো ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ ঘৰত থাকি মধুপুৰৰ হাইস্কুলত পঢ়িছিল। তেতিয়াৰ দিনত ছাত্ৰ-ছাত্ৰীসকলে স্কুলত জোতা পিন্ধি যোৱা নাছিল। সকলো ছাত্ৰই শুদা ভৰিৰে স্কুললৈ অহা যোৱা কৰিছিল। এই গল্পকাৰ কৈশোৰ নৌপাওঁতেই তেওঁৰ পিতাক হঠাৎ ঢুকায় আৰু পৰিয়ালটি আৰ্থিক দিশত ভাগি পৰিবলৈ ধৰে। এইখিনিতে লিখকে নিজৰ বিষয়ে অলপ কৈছে যে তেওঁৰ দেউতাক ঢুকুৱাৰ পিছত যিহেতু পৰিয়ালটি আৰ্থিক অৱনতিলৈ আগবাঢ়ি যায়, সেয়ে লিখকে জুখি-মাখি খৰচ কৰাৰ প্ৰৱণতা আয়ত্ব কৰি লয় আৰু তেতিয়াৰ পৰাই তেওঁ বুঢ়া বয়সতো পাৰ্যমানে ৰিক্সা বা অটোত নুঠি কম ভাড়াৰে চিটিবাছত ভ্ৰমণ কৰিবলৈ লয়। কোনো দামী বস্তুও নিকিনা হ’ল।  অৱশ্যে অইনৰ কাৰণে খৰচ কৰাত তেওঁ কোনো আপত্তি কৰা নাছিল। সেই মধুপুৰত এজন মানুহ আছিল যিজনক লিখকে নৱ খুৰা বুলি মাতিছিল। শেষবাৰ লিখকে মধুপুৰলৈ যাওঁতে নৱখুৰাৰ ঘৰলৈ গৈছিল আৰু নৱখুৰাই তেওঁক দেখি অতি আনন্দিত হোৱাৰ লগতে লিখকজনক সু-খাদ্যৰে আপ্যায়ন কৰিছিল। 

ইয়াৰ পিছৰ প্ৰধান চৰিত্ৰজনৰ নাম পৰশুৰাম কলিতা। তেওঁ নলবাৰী অঞ্চলৰ মানুহ আছিল। লিখকৰ পিতাকৰ আহ্বান মৰ্মে তেওঁ মধুপুৰলৈ গৈছিল। মধুপুৰৰ মানুহে তেওঁক ‘পৰখু দাফাৰ’ বুলি মাতিছিল। ‘দাফাৰ’ মানে ঠিকাদাৰ বা বনুৱাৰ দলপতি। তেওঁ আছিল বাঁহৰ কামত নিপুণ। তেতিয়াৰ বহুতো সম্ভ্ৰান্ত মানুহৰ ঘৰবোৰ আছিল খেৰৰ। দুৱাৰ-খিৰিকীত হয়তো আয়না লগোৱা আৰু খিৰিকীৰ উচ্চতালৈ ইটাৰ দেৱাল আছিল যদিও চালখন আছিল খেৰৰ।

তাৰ পিছৰ চৰিত্ৰজন হ’ল দীনেশ চক্ৰৱৰ্তী। তেওঁ আছিল হোমিঅ’পেথিক চিকিৎসক। চিকিৎসক হিচাপে তেওঁ পাকৈত বুলি গৰ্ব কৰিছিল আৰু এবাৰ কোনো ৰোগী পালে তাক ভাল কৰিহে এৰিছিল। এবাৰ তেওঁ জমিদাৰৰ পৰিয়ালৰ ল’ৰা এজনক চিকিৎসা কৰিছিল। জমিদাৰে তেওঁক নিবৰ বাবে গাড়ী পঠিয়াই কাবৌ-কাকুতি কৰিছিল। ইয়াৰ পিছৰ চৰিত্ৰটো হ’ল প্ৰভাত দত্ত। তেওঁ আছিল মধুপুৰৰ জমিদাৰৰ জোৱায়েকৰ সমন্ধীয় ভতিজা ল’ৰা। তেওঁ ধুবুৰী মেচ ফেকটৰীত কাম কৰিছিল।

ওপৰত চমুকৈ আলোচনা কৰা এই চৰিত্রবোৰৰ উপৰিও আনকেইবাটাও সৰু সৰু চৰিত্ৰ গল্পটিত আছে – যিসকলৰ স্বভাৱত  হাঁহি উঠা বৈশিষ্ট্য আছিল। এনে এটি চৰিত্ৰৰ নাম ‘কেৱল ৰয়’। তেওঁক ‘মামা’ বুলি কৈ মানুহে জোকাইছিল। কাৰণ “মামা” সম্বোধনটোক তেওঁ এক প্ৰকাৰৰ গালি বা অপমানসূচক সম্বোধন বুলি ধৰি লৈছিল। আন এজন হাস্যৰসিক চৰিত্ৰৰ নাম ‘মোহিত মিছিৰ’। তেওঁক ‘ৰাধাকৃষ্ণ’ বুলি মাতিলে খং কৰিছিল। মানুহে এই নাম মাতি তেওঁক জোকাইছিল। কিয়নো ‘ৰাধাকৃষ্ণ’ নাম তেওঁৰ মতে লম্পট চৰিত্ৰৰ মানুহকহে সূচাইছিল। ইয়াৰ উপৰিও লিখকে ‘আপাতজান’ নামৰ পাগলী এজনীৰ চৰিত্ৰ এটিও গল্পটিত অংকন কৰিছে। তাই ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিছিল। কেতিয়াবা লিখকজনক লগ পালে দুহাত ওপৰলৈ তুলি দুই চকু বন্ধ কৰি ঈশ্বৰৰ ওচৰত লিখকৰ ভবিষ্যত মঙ্গল কামনা কৰি প্ৰাৰ্থনা কৰিছিল।

ওপৰত থুলমূলভাৱে আলোচনা কৰা চৰিত্ৰবোৰ প্ৰধানকৈ ব্যক্তিকেন্দ্ৰিক চৰিত্ৰ যদিও তাৰ মাজে মাজে সেই সময়ৰ কোনো বিশেষ পেশাযুক্ত শ্ৰেণীৰ মানুহৰ জীৱনৰ দিশো আৰ্হিস্বৰূপ ফুটি উঠিছে। চৰিত্ৰবোৰৰ পৰিৱেশন কোনোটোৱে সম্পূৰ্ণ নহয়; আংশিকহে। লিখকে চৰিত্ৰবোৰৰ বিষয়ে নিজ চকুৰে যি দেখিছিল আৰু শুনিছিল সেইখিনিহে অকল অংকন কৰিছে।

অৱশ্যে এই  চৰিত্ৰবোৰ অংকন কৰোতে লিখকে আংশিক হ’লেও সেই সময়ৰ সামাজিক আৰু সাংস্কৃতিক দিশটো ফুটাই তোলাত সক্ষম হৈছে। গল্পটিত মাজে মাজে লিখকৰ সাধাৰণ জীৱন দৰ্শন আৰু সেই সময়ৰ আৰু গল্পটো লিখা সময়ৰ মাজৰ পৰিৱৰ্তনখিনিও দাঙি  ধৰিছে। লিখকে পৰিৱেশ সৃষ্টিত সফল হ’ব পৰা নাই যদিও পৰিৱেশৰ যিখিনি বৰ্ণনা গল্পটিত আছে তাৰ পৰাই সেই যুগৰ পৰিৱেশৰ বিষয়ে ভালেখিনি আভাষ পাব পাৰি। গল্পটিত লিখকে চৰিত্ৰবোৰৰ মুখত যিখিনি সংলাপ আৰোপ কৰিছে সেইখিনিয়ে  চৰিত্ৰ এটি বুজাত সহায়ক হৈছে। সেই সময়ৰ মধুপুৰৰ, বিশেষকৈ বাংলা ভাষাৰ এটি নমুনাও গল্পটিৰ সংলাপত ফুটি উঠিছে। চৰিত্ৰটিত লিখকৰ আদৰ্শ  আৰু সাম্প্ৰদায়িক ঐক্যৰ প্ৰতিও তেওঁৰ দৃষ্টিভঙ্গী প্ৰকাশ কৰিছে। লিখকে দেখুৱাব খুজিছে যে সেই সময়ত বৰ্তমান যুগৰ তুলনাত সাম্প্ৰদায়িক ঐক্য, সামাজিক শান্তি, মানৱতা আদি যথেষ্ট বেছি আছিল।

লিখকে গল্পটিত আৰু এটি অভিযোগ খণ্ডন কৰিছে যে অকল অসমলৈয়ে বাহিৰাগতৰ প্রব্রজন হোৱা নাই, অসমৰ পৰাও বহুতো লোক বাহিৰলৈয়ো প্রব্রজন কৰিছে।

সামৰণিত ক’ব পাৰি গল্পটি এটি সাৰ্থক বাস্তবধৰ্মী চৰিত্ৰপ্ৰধান চুটিগল্প যি গল্পটিয়ে এটি যুগৰ জীৱন-ধাৰা প্ৰতিফলিত কৰাত সফল হৈছে। ০ ০ ০

 

(শীলভদ্ৰৰ চুটিগল্প: ‘মধুপুৰ বহু দূৰ’- এক সমালোচনাত্মক আলোচনা‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থটিৰ তুলি দিয়া হৈছে।)

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published.