স্নেহ দেৱীৰ চুটি গল্প ‘নাম দিম কল্যাণী’  এক সমালোচনাত্মক বিশ্লেষণ

স্নেহ দেৱীৰ ‘নাম দিম কল্যাণী’ এটি সামাজিক চুটিগল্প (Social Short Story)। গল্পটিৰ মাজেৰে গল্পকাৰে অসমীয়া সমাজত ‘পাত্ৰী নিৰ্বাচন’ পদ্ধতি ফুটাই তুলিছে। কলাত্মক (artistic) দিশৰ পৰা গল্পটি তেনেই সাধাৰণ আৰু বৈচিত্ৰ বর্জিত। 

চুটি গল্প কোনো এক বিশেষ মূহুৰ্তত ঘটা বাস্তৱধৰ্মী সামাজিক ঘটনাৰ সজীৱ বৰ্ণনা। চুটিগল্পত কাহিনী  হৈছে মূল ভিত্তি যাৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক চৰিত্ৰসমূহ ফুটাই তোলা হয়। এই গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ বিবাহ-বাহৰ আৰু বিবাহ-বাহৰত গোট খুৱা যুৱতী-ছোৱালীসকলৰ মাজৰ পৰা মনৰ জোখাৰে ‘পাত্ৰী নিৰ্বাচন’ৰ দিশটো প্ৰতিফলিত হৈছে। 

বিয়াঘৰৰ কইনাৰ সম্পৰ্কীয়া মামীয়েক এগৰাকী নিমন্ত্ৰণ পাই বিবাহ-ঘৰলৈ আহিছে। কিন্তু বিবাহ-ঘৰৰ হাই  উৰুমিময় পৰিৱেশত তাই  নিজকে খাপ খুৱাই  লব পৰা নাই। তাৰোপৰি দীৰ্ঘ ৰেল যাত্ৰাৰ পিছত বিয়া-ঘৰলৈ উপস্থিত হোৱাৰ বাবে তাই  ভাগৰি পৰিছে আৰু অৱশেষত বিচাৰি বিচাৰি কম পোহৰ থকা এমূৰৰ কোঠা এটালৈ সোমাই গৈ আঁঠুৱা তৰা বিচনাৰ ওপৰত শুই  পৰিল যদিও তাইৰ টোপনি নাহিল। তাই মনে মনে তাইৰ সৰু ভনীয়েকৰ ল’ৰা ‘ৰজত’ৰ বাবে কইনা নিৰ্বাচনৰ চিন্তাত মগ্ন। ৰজতৰ বাবে আদৰ্শ ছোৱালী লাগে যি জনীয়ে নিজৰ ইচ্ছামতে নহয়, মাক বাপেকৰ ইচ্ছামতে বিবাহত সোমাব, আনকি পিন্ধা-উৰা, কথা-বতৰাতো মাৰ্জিত হ’ব। এই চিন্তাত মগ্ন থকা অৱস্থাতে সেই কোঠালীতেই কেইজনীমান নিমন্ত্ৰিত ছোৱালীক খাবলৈ দিলে। ছোৱালী মখাই খোৱাৰ মাজতেই এজনীয়ে আনজনীৰ হ’ব লগা বিবাহৰ  বিষয়ে আলোচনা কৰি গ’ল। ইপিনে আঠুৱাৰ তলৰ পৰা ৰজতৰ জেঠীয়ে সকলো কথা-বতৰা শুনি আছিল। শেষত ‘নিতু’ নামৰ ছোৱালীৰ মতামত তাই শুনিবলৈ পালে। কথা বাৰ্তাত খুব মাৰ্জিত আৰু বিবাহৰ ক্ষেত্ৰত মাক বাপেকৰ ইচ্ছাৰ ওপৰতেই  তাই নিৰ্ভৰ কৰিব বুলি কোৱাত আঠুৱাৰ তলত শুই  থকা ৰজতৰ জেঠীয়ে মনে মনে ‘নিতু’ নামৰ এই ছোৱালীজনীকেই ৰজতৰ বাবে নিৰ্বাচন কৰিলে। শেষত তাইৰ লগত ‘শুভ্ৰা’ নামৰ ভাগিনীয়েকৰ জৰিয়তে চা-চিনাকী হ’ল। নিতুৰ ‘ভাল নাম’ অৰ্থাৎ  লিখিত নাম ‘কনকা’; কিন্তু ৰজতৰ জেঠীয়ে তাইৰ নাম ‘কনকা’ সলাই  ‘কল্যাণী’ দিব বুলি মনতে ভাৱি থলে।

এই খিনিয়েই হৈছে গল্পটিৰ বিষয়বস্তু। দেখা যায় যে গল্পটিৰ কাহিনীভাগ নিচেই  দুবৰ্বল। কাহিনীত কোনো বৈচিত্ৰতা নাই, কাহিনীটোৰ বিস্তৃত পৰিসৰো নাই। অৱশ্যে কাহিনীটোৰ নাটকীয় আৰম্ভণি নেথাকিলেও আৰম্ভণি (exposition) শীৰ্ষবিন্দু (climax) আৰু উপসংহাৰ (denouement) আছে যদিও সুস্পষ্ট নহয়। বিবাহ- বাহৰত যেতিয়া সকলোৱেই বিবাহ-ঘৰৰ আনন্দময় পৰিৱেশত আপোন-পাহৰা, তেতিয়াই ৰজতৰ জেঠীয়ে ৰজতৰ বাবে কইনা নিৰ্বাচনৰ চিন্তাত মগ্ন। খন্তেক জিৰণীৰ বাবে  কোঠা এটিত অলপ কাতি হৈ পৰিছে যদিও চিন্তাই এৰা দিয়া নাই আৰু মনে মনে ঈশ্বৰৰ নাম লৈ ক’লে: “প্ৰভু মোক কি দায়িত্বত পেলালা।” আৰু ইয়াতেই কাহিনীটোৰ শীৰ্ষ বিন্দু অৰ্থাৎ ৰজতৰ জেঠীৰ চিন্তাৰ উৰ্দ্ধসীমা পালে। আৰু যেতিয়া ‘নিতু’ নামৰ ছোৱালীজনীয়ে নিজৰ মত প্ৰকাশ কৰি লগৰীয়া বান্ধৱীসকলৰ জ্ঞাতাৰ্থে ক’লে: “মোৰ কথা হ’ল- মাক দেউতাকে নিজৰ ল’ৰা ছোৱালীৰ  ভালটোকে সদায় চিন্তা কৰে; তথাপি যে কেতিয়াবা অশান্তি হয়, সেইটো নিজৰ কপালৰ কথা। সেই বুলি মাক দেউতাকৰ অমতে গৈ তেওঁবিলাকৰ মনত আঘাত দিয়া আৰু তেওঁবিলাকৰ আৰ্শীবাদৰপৰা বঞ্চিত হোৱা দুৰ্ভাগ্যৰ কথা। অন্তঃত মই তেনেকৈয়ে ভাৱো।” নিতুৰ এই মন্তব্য শুনাৰ লগে লগেই ৰজতৰ জেঠীৰ মনৰ লগত ছোৱালীজনী মিলি গ’ল আৰু ভাৱিলে যে ৰজতৰ বাবে এনেকুৱা কইনাৰে প্ৰয়োজন। আৰু তেতিয়াই কাহিনীটোৱে শীৰ্ষবিন্দু পৰা ক্ৰমে নিম্নগামী হৈ  উপসংহাৰ পাইছে।

গল্পকাৰে কাহিনীটো পৰিৱেশনত উদ্দেশ্যৰ ঐক্য (unity of purpose) ৰ প্ৰতি বেছি সচেতন হোৱা দেখা যায়। বাকীবোৰ ঐক্যৰ প্ৰতি লিখিকা সিমান মনোযোগ দিয়া স্বাক্ষৰ গল্পটিত সুস্পষ্ট নহয়। 

সমাজত মানুহৰ স্থান আৰু বিশেষ বিশেষ অৱস্থাত মানৱ চৰিত্ৰ অধ্যয়ন আৰু তাৰ চিত্ৰ অংকন কৰাই হৈছে সাহিত্যৰ সাধাৰণ উদ্দেশ্য। কাহিনীতকৈ মানৱ চৰিত্ৰ অধ্যয়ন আৰু চিত্ৰিত কৰাটোতেই বিশ্বৰ বিভিন্ন যুগৰ লিখক লিখিকাই বেছি গুৰুত্ব দিয়া দেখা যায়। কাহিনী ভিত্তি  মাথোন; কাহিনীৰ ওপৰত থিয় দি মানৱ চৰিত্ৰই আত্ম প্ৰকাশ কৰে। স্নেহ দেৱীৰ ‘নাম দিম কল্যাণী’ গল্পটি কাহিনী প্ৰধান গল্প বুলি কোৱাতকৈ চৰিত্ৰ প্ৰধান গল্প বুলি কোৱাই সমীচিন হ’ব যদিও চৰিত্ৰাঙ্কনতো লিখিকাৰ দুবৰ্বলতা আৰু সংকীৰ্ণতা আছে। লিখিকাই ‘ৰজত’ নামৰ  ল’ৰাজন আৰু ‘নিতু’ নামৰ ছোৱালীজনীৰ চৰিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছে যদিও চৰিত্ৰ দুটাৰ মাথো এটি ফালহে  প্ৰতিফলিত হৈছে।

ৰজতৰ বিষয়ে মাথো এইখিনিয়েই গল্পটিৰ পৰা জানিব পাৰি যে তেওঁ এজন শিক্ষিত ডেকা ল’ৰা। ব্যৱসায়ী। পিতাকৰ মৃত্যু হৈছে কেতিয়াবাই। মাকজনী চিৰৰুগীয়া। ঘৰৰ সকলো দায়িত্ব তেওঁৰ ওপৰতেই। মাকৰ ইচ্ছা আৰু সন্তুষ্টিৰ বাবেই  বিবাহত সোমোৱাৰ ইচ্ছা। নিজৰ বিয়াৰ ওপৰত তেওঁ জেঠীৰ আগত নিজৰ মতামত ব্যক্ত কৰিছে এনেদৰে:

“আপোনালোকৰ ওপৰত বিশ্বাস আছে জেঠাই। তথাপি যদি অশান্তি পাওঁ নিজৰ ভাগ্যদোষ বুলি ভাৱিম।”

ইয়াতেই ৰজতৰ বিষয়ে লিখিকাৰ বক্তব্যৰ অন্ত পৰিছে।

দ্বিতীয় চৰিত্ৰটি হৈছে ‘নিতু’। নিতু সাধাৰণ যুৱতী ছোৱালী। বিবাহ যোগ্য। মাকৰ অসুস্থাৰ বাবে মাকৰ সলনি তাই বিয়া-ঘৰলৈ আহিছে। লিখিকাই তাইৰ বিষয়েও বেছি  কথা কোৱা নাই যদিও মাত্ৰ কেইষাৰমান কথাৰ দ্বাৰাই  ‘নিতু’ নামৰ এই ছোৱালীজনীৰ চৰিত্ৰ অংকন কৰাত লিখিকা সফল হৈছে। তাই  নিয়মীয়া ওখ-পাখ। চেহেৰা মজলীয়া। কাপোৰ-কানি পিন্ধাত সুৰুচি সম্পনা। তাই যে মাক-বাপেকৰ একান্ত বাধ্য আৰু  মাক-বাপেকৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহত নোসোমায় তাৰ পৰিচয় পোৱা যায় যেতিয়া তাই তাইৰ বান্ধৱীসকলক (উদেশি) নিজৰ বিয়াৰ বিষয়ে কৈছে ,

“নহয়, তুমি ভুল বুজিছা। নিজৰ পছন্দক মই বেয়া বোলা নাই। কিন্তু মাক-দেউতাকৰ সমৰ্থন লাগিব। তেতিয়াই  মংগল হ’ব।”

এই  দুটা চৰিত্ৰৰ বাহিৰে অন্য চৰিত্ৰ কেইটাৰ উল্লেখ আছে যদিও সেইবোৰ আংশিকহে। ‘ৰজত’ আৰু ‘নিতু’ দুটিয়েই গল্পটিৰ মূল চৰিত্ৰ।

পৰিৱেশ অংকনে গল্প এটিক সজীৱতা দান কৰে। তাৰোপৰি পৰিৱেশৰ লগত মানৱ চৰিত্ৰৰ আচাৰ-আচৰণ আৰু কাৰ্য্য-কলাপৰ সমন্ধ থাকে। ‘নাম দিম কল্যাণী’ নামৰ গল্পটিত গল্পকাৰে বিয়া-ঘৰৰ পৰিৱেশ ফুটাই তোলাত সফল হৈছে। বিয়া-ঘৰ নানা ধৰণৰ মানুহেৰে ভৰি পৰে। উখল মাখল আৰু হাই উৰুমিও বেছি। কিছুমানে কাম কৰিছে আৰু কিছুমানে এনেয়ে ঘূৰা-ঘূৰি কৰি থাকে।

বিয়াঘৰৰ ব্যস্তত্বাপূৰ্ণ পৰিৱেশ ফুটাই তোলাৰ বাহিৰে লিখিকাই কোনো উপৰঞ্চি বা অবাঞ্ছিত পৰিৱেশৰ বৰ্ণনা দি গল্পটিত বাহুল্যতা বঢ়োৱা  নাই।

কথোপকথনে গল্প এটিক প্ৰকাশ আৰু চৰিত্ৰ বিকাশত বৰঙণি যোগায়। অৰ্থাৎ কথোপকথন হৈছে গল্প এটিক সজীৱতা দান কৰাৰ প্ৰধান মাধ্যম। অৱশ্যে চুটি গল্পত কথোপকথন সদায় উদ্দেশ্যধৰ্মী হ’ব লাগিব, যাতে কথোপকথনে গল্পটিক লিখকৰ মূল লক্ষ্যত উপনীত কৰোৱাত সহায় কৰে। এই গল্পটিও ৰজত আৰু নিতুৰ কথোপকথন চুটি যদিও সিহঁতৰ দুটা মাথো বক্তব্যই  গল্পকাৰক উপসংহাৰলৈ আগবঢ়াই  নিয়াত প্ৰভুত অৰিহণা যোগাইছৈ।

জীৱন দৰ্শন চুটি গল্পত প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে পৰে যদিও জীৱন দৰ্শন যে গল্প এটিত প্ৰকাশ পাবই  লাগিব তাক দৃঢ়ভাৱে কব নোঁৱাৰি। লিখকৰ উদ্দেশ্য সমাজৰ কোনো এটি মূহুৰ্তৰ দিশটো সজীৱতাৰে বৰ্ণনা কৰা । ইয়াৰ পৰা পোৱা অভিজ্ঞতাখিনি পাঠকৰ হাতত। ‘নাম দিম কল্যাণী’ নামৰ গল্পটিও লিখিকাৰ জীৱন দৰ্শন প্ৰকাশ নোপোৱাকৈ থকা নাই। ল’ৰা-ছোৱালীৰ বিয়াত মাক দেউতাকৰ পছন্দ আৰু সমৰ্থনৰ কথা লিখিকাই ব্যক্ত কৰিছে। অৰ্থাৎ লেখিকাৰ  মতে ল’ৰা-ছোৱালীয়ে বিয়াৰ বিষয়ত মাক দেউতাকৰ মতামত মানি চলা উচিত।

গল্পটিৰ  ভাষা সহজ সৰল। কোনো জটিলতা নাই । অলংকাৰমুক্ত। মাজে মাজে ঘৰুৱা শব্দ আৰু সুৰৰ প্ৰয়োগ হৈছে।

গল্পটি সামাজিক গল্প যদিও কাহিনী প্ৰধানতকৈ ই চৰিত্ৰ প্ৰধান বুলি ক’ব পাৰি। লিখিকাই একেটি মাথো উদ্দেশ্য প্ৰতিফলিত কৰাত সফল হৈছে যদিও কলা হিচাপে গল্পটি দুৰ্বলতা আৰু  ঔৎসুকতাহীনতাত ভূগিছে। ০ ০ ০

(স্নেহ দেৱীৰ চুটি গল্প ‘নাম দিম কল্যাণী’-এক সমালোচনাত্মক বিশ্লেষণ ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘অসমীয়া চুটি গল্প সমালোচনা‘ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *