অসমীয়া  উপন্যাস   সমালোচনা

Cover Page of the book

 

অসমীয়া উপন্যাস সমোলোচনা

ৰাবিব মছৰুৰ

 

 

গ্রোহিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰেপটা (অসম)

Asomiya Upanyash Shamaluchana (A collection of critical essays on Assamese Novel) by Rabbi Masur, Published by Growhills Publishing. 

 

Rights Reserved

Internet Editon:

Website: www.growhillsnet.com

Email: growhills@growhillsnet.com

 

 Price: Rs. ………….. 

 

D. T. P. By  Rabbi Masrur

Printed at :

  

আগকথা  

উপন্যাস হৈছে জীৱনৰ কলাত্মক বৰ্ণনা। উপন্যাসত কল্পনাৰ ৰহনেৰে  বাস্তৱতাক চিত্ৰিত কৰা হয়। প্ৰাশ্চাত্য সাহিত্যৰ যোগেদি অসমীয়া ভাষালৈ উপন্যাস সাহিত্যৰ আমদানি হ’লেও বৰ্তমান উপন্যাস সাহিত্যত অসমীয়া ভাষা চহকী। উপন্যাস সাহিত্যৰ এজন আগ্ৰহী পাঠক হিচাপে মই মাজে মাজে দুই-এখন উপন্যাসৰ ওপৰত সমালোচনা লিখি গৈছিলো। ‘অসমীয়া উপন্যাস সমালোচনা’ গ্ৰন্থখন তেনে সমালোচনামূলক লিখনিৰ এক ক্ষুদ্ৰ সংকলন। অৱশ্যে অসমীয়া উপন্যাস সাহিত্যৰ ওপৰত এখন পূৰ্ণাঙ্গ সমালোচনাত্মক গ্ৰন্থ ৰচনাৰ পৰিকল্পনা আছে যদিও বিভিন্ন অসুবিধাৰ বাবে কামটো হৈ উঠা নাই। 

সুহৃদ পাঠক সমাজে  গ্ৰন্থখনত সন্নিবিষ্ট নিৰ্বাচিত কেইটিমান উপন্যাসৰ সমালোচনা পঢ়ি  অসমীয়া উপন্যাস সাহিত্যৰ বিষয়বস্তু, আঙ্গিক আৰু অসমীয়া জীৱন-শৈলীৰ বিষয়ে সাধাৰণ ধাৰণা লাভ কৰিব পাৰিব বুলি মই আশাবাদী। ইতি

ৰাবিব মছৰুৰ

শান্তি কানন

বৰেপটা (অসম)

 

অসমীয়া উপন্যাস সমালোচনা 

সূচীপত্ৰ

চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘অন্য আকাশ অন্য ত’ৰা’ – এক সমালোচনা

চৈয়দ আব্দুল মালিকৰ উপন্যাস ‘অঘৰী আত্মাৰ কাহিনী’- এক সমালোচনাত্মক বিশ্লেষণ

চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘জীয়া জুৰিৰ ঘাট’ – এক সমালোচনাত্মক আলোচনা 

চাৰ আৰ্থাৰ কেনান ডয়েলৰ উপন্যাস ‘বিলুপ্ত জগত’ – এক সমালোচনা

ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস, ‘জীৱন আৰু লালসা’- এক সমালোচনাত্মক  আলোচনা

নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ উপন্যাস, ‘মল্লিকা’- এক সমালোচনাত্মক আলোচনা 

হিতেশ ডেকাৰ উপন্যাস ‘ভাৰা-ঘৰ’ – এক সমালোচনাত্মক বিশ্লেষণ 

কাঞ্চন বৰুৱাৰ উপন্যাস, ‘অসীমত যাৰ হেৰাল সীমা’ – এটি সমালোচনা

বীৰেন্দ্ৰ কুমাৰ  ভট্টাচার্যৰ  উপন্যাস ‘মৃত্যুঞ্জয়’ – এক সমালোচনা

এখন ইটালীয় শিশু উপন্যাস ‘দ্য এডভেনচাৰ অফ পিন’কিও’ -এক সমালোচনা

……………………………………………………..

 

চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘অন্য আকাশ অন্য তৰা’ – এক সমালোচনা

চৈয়দ আব্দুল মালিকৰ, ‘অন্য আকাশ অন্য ত’ৰা’ শিৰোনামৰ উপন্যাসখন এক ভিন্ন স্বাদৰ সামাজিক উপন্যাস। প্ৰেমেই  হৈছে  এই  উপন্যাসখনৰ  প্ৰধান প্ৰসঙ্গ। উপন্যাসখনত প্ৰেম দুটা ৰূপত ধৰা দিছে – এটা হৈছে নাৰী পুৰুষৰ মাজৰ সহজাত প্রবৃত্তিমূলক (instinctive) প্ৰেম আৰু আনটো হৈছে সাৰ্বজনীন মানৱ প্ৰেম (universal human love)। ঔপন্যাসিকে প্ৰেমৰ এই প্ৰথম ৰূপটোত স্বাভাৱিকতে ডেকা-গাভৰুৰ অন্তৰত উদয় হোৱা প্ৰেমৰ অনুভূতিয়ে সার্ব্বিক জীৱনত কেনেকুৱা ক্ৰিয়া কৰে তাকে দেখুৱাইছে। আন কথাত জীৱনত প্ৰেমৰ বিফলতাই কিদৰে জীৱনটোক কাব্যিক ৰূপত কৰুণ কৰি তোলে ঔপন্যাসিকে উপন্যাসখনত তাৰেই চিত্ৰ এটি দাঙি ধৰিছে।

উপন্যাসখনৰ কাহিনীৰ নায়কজন হৈছে ডাক্তৰ ৰায়হান। তেওঁ অভিজাত পৰিয়ালৰ সন্তান। পিতাকৰ নাম খান বাহাদুৰ মীজানুৰ ৰহমান। তেওঁ আছিল প্ৰাক-স্বাধীন ভাৰতৰ এজন নামজ্জ্বলা উকীল, লাখপতি ঠিকাদাৰ, ৰাজনীতিবিদ আৰু হাকিম। তেওঁ আছিল এজন সুশ্ৰী, গহীন-গম্ভীৰ আৰু ধীৰ-স্থিৰ প্ৰকৃতিৰ মানুহ। চলন-ফুৰণ কথা-বতৰাত আভিজাত্যৰ চানেকী বিৰাজ কৰিছিল। তেওঁৰ  দুগৰাকী তিৰোতা বিয়া কৰাইছিল। প্ৰথম পত্নীজনী দুটা সন্তান জন্ম দি মৃত্যু মুখত পৰাত তেওঁ ‘জাহানাৰা’ নামে দ্বিতীয় গৰাকী তিৰোতা গ্ৰহণ কৰিছিল। জাহানাৰাৰ গৰ্ভতো দুটা সন্তান জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰথম পক্ষৰ স্ত্ৰীৰ গৰ্ভত জন্ম লোৱা ডাঙৰ সন্তানজন আছিল পুত্ৰ সন্তান – নাম মিচবাহুৰ ৰহমান আৰু দ্বিতীয় পক্ষৰ পুত্ৰ সন্তানজনৰ নাম আছিল মিষ্টাৰ ৰায়হান। মিচবাহুৰ ৰহমানে বি.এ. পাচ কৰি এচ.ডি.চি.ৰ চাকৰীত সোমায় আৰু ৰায়হানে কলিকতা মেডিকেল কলেজৰ পৰা এম. বি. পাচ কৰি উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যায়। ৰায়হানে বিলাতত থকা অৱস্থাতে পিতাক খান বাহাদুৰ মীজানুৰ ৰহমানৰ হাৰ্ট এটেকত মৃত্যু হয়। বিলাতৰ পৰা ৰায়হানে ডাক্তৰীৰ উচ্চতম ডিগ্ৰী লৈ স্বদেশলৈ ঘূৰি আহে। নিজ ঘৰলৈ ঘুৰি অহাৰ কিছুমাহ পিছত তেওঁৰ মাতৃ ‘জাহানাৰা’ সৰ্প দৰ্শনত মৃত্যু হয়। মাকৰ মৃত্যুৰ পিছত ৰায়হানে নিজকে খুব অকলশৰীয়া আৰু অসহায় যেন অনুভৱ কৰিব ধৰিলে। গতিকে এদিনাখন পিতৃ-মাতৃৰ প্ৰাসাদোপম ঘৰবাৰী ‘দিলবাহাদুৰ’ নামৰ চকিদাৰ এজনৰ দায়িত্বত এৰি দি ঘৰৰ পৰা লক্ষ্যহীনভাৱে ওলাই যায়। ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। ৰায়হানে এই বিশ্বযুদ্ধত এজন সৈনিক আৰু ডাক্তৰ হিচাপে যোগদান কৰে। এনেদৰে প্ৰায় সাতবছৰ পৃথিৱীৰ বিভিন্ন দেশত সেৱা আগবঢ়াই  আৰু নানান ঠাই  ঘূৰি-ফুৰি ঘৰলৈ উভতি আহিল।

ঘৰলৈ আহি ৰায়হানে খেয়ালী মন লৈ সময় কটোৱা আৰম্ভ কৰিলে। এদিনাখন ‘মিছেছ পাৰবীন’ নামৰ এজনী বিবাহিতা মহিলা ৰায়হানৰ ঘৰলৈ আহিল। তাই আছিল ৰায়হানৰ কলেজীয়া জীৱনৰ বান্ধৱী । ধনী পৰিয়ালৰ সন্তান। ৰায়হান আৰু পাৰবীনৰ লগত প্ৰেমৰ সম্বন্ধ গঢ়ি উঠিছিল। কিন্তু ৰায়হানে বিলাতলৈ যোৱাৰ কিছুদিন পিছতে পিতৃ-মাতৃয়ে পাৰবীনক ‘কামাল’ নামৰ ধনী ঠিকাদাৰৰ ল’ৰা এজনৰ লগত বিয়া দিয়ে । পাৰবীন আৰু ৰায়হানৰ মাজত যোগাযোগ চলি থাকিল। কিন্তু ৰায়হানে দেখা পালে যে পাৰবীনে প্ৰথম প্ৰেমৰ স্মৃতিটো বুকুৰ মাজত নীৰৱে জীয়াই ৰাখি মনোকষ্ট আৰু কাৰুণ্যত ভূগিছে।

আনহাতে ৰায়হানৰ পিতৃ হাকিম মীজানুৰ ৰহমানৰ এজন ভাল বন্ধু মিষ্টাৰ জালালৰ এগৰাকী জীয়েক আছিল – নাম মিছ নাৰ্জী। ৰায়হানৰ প্ৰায় সমবয়সীয়া। জালাল উচ্চ শিক্ষা লাভ কৰি হাকিমৰ চাকৰীত সোমায় যদিও ওপৰৱালা বিষয়াৰ লগত মনোমালিন্য ঘটাত হাকিমৰ চাকৰী এৰি স্কুল মাষ্টৰৰ চাকৰীত সোমায়। সি ৰায়হানৰো শিক্ষক আছিল। ৰায়হান আৰু নাৰ্জী একেলগে পঢ়া-শুনা আৰু খেলা ধূলা কৰিছিল – ফলত দুয়োৰো মাজত ছাত্ৰ অৱস্থাতেই প্ৰেমৰ উদ্ৰেক হৈছিল। কিন্তু ৰায়হানৰ পিতৃৰ অমতৰ বাবে দুয়োজনৰ মিলন নহ’ল। পিতাক জালাল মাষ্টৰে জীয়েক নাৰ্জীক ‘জাহাঙ্গীৰ’ নামেৰে ল’ৰা এজনৰ লগত বিয়া দি ঘৰ জোঁৱাই কৰি ৰাখিলে, ৰায়হান আৰু নাৰ্জীৰ মিলন নহ’ল যদিও নাৰ্জীয়ে ৰায়হানক পাহৰিব নোৱাৰিল। আনহাতে অলপ দিনৰ ভিতৰতে জাহাঙ্গীৰ আৰু নাৰ্জীৰ মাজত ফাটল দেখা দিলে। জাহাঙ্গীৰ মদাসক্ত হ’ল। পিছলৈ লম্পট আৰু বেশ্যাৰ বেহা আৰম্ভ কৰি দিলে।

জালাল মাষ্টৰ ইতিমধ্যে বুঢ়া হৈ আহিল। জীয়েক নাৰ্জী আৰু জোঁৱায়েক জাহাঙ্গীৰৰ মাজত মনৰ বিভেদ দেখি জালাল বুঢ়া মনোকষ্টত ভূগিবলৈ আৰম্ভ কৰিছিল যদিও প্ৰেমৰ ক্ষেত্ৰত তেঁৱো জীৱনত ডাঙৰ আঘাত পাইছিল। ৰায়হানে জালাল মাষ্টৰৰ অসুখৰ কথা শুনি এদিনাখন তেওঁক চাবলৈ তেওঁৰ ঘৰলৈ যায়। তেওঁৰ চিকিৎসা আৰু তত্বাৱধানৰ ব্যৱস্থা কৰি দিলে। নাৰ্জীৰ ব্যৱহাৰত ৰায়হানে দেখা পালে যে নাৰ্জীয়ে ৰায়হানক পাহৰিব পৰা নাই – ৰায়হানৰ প্ৰতি তেতিয়াও ক্ষোভ আৰু অভিমানত ৰঙা  হৈ আছে। ৰায়হানে এইদৰে মাজে মাজে জালাল মাষ্টৰৰ খা-খবৰ লৈ থাকোতে এদিন জানিব পাৰিলে যে জালাল মাষ্টৰে এজনী ছোৱালীক ভাল পাইছিল, মানে প্ৰেমত পৰিছিল। কিন্তু এবাৰ ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধত অংশ গ্ৰহণ কৰা বাবে তেওঁ জেললৈ যাব লগা হৈছিল। সেই সুযোগত অৰ্থাৎ জালাল জেলত থকা সময়ত সেই ছোৱালীজনীৰ বিয়া হৈ গ’ল হাকিম খানবাহাদুৰ মীজানুৰ ৰহমানৰ লগত, অৰ্থাৎ ৰায়হানৰ পিতাকৰ লগত। ৰায়হান সেই ছোৱালীজনীৰে গৰ্ভজাত সন্তান। ইয়াৰ পিছত জালালে অইন ছোৱালী বিবাহ কৰাইছিল যদিও সেই প্ৰথম প্ৰেমৰ স্মৃতীয়ে জীৱনটোক বেদনাসক্ত আৰু কৰুণ কৰি ৰাখিছিল। 

এইদৰে ঔপন্যাসিক চৈয়দ আব্দুল মালিকে উপন্যাসখনত মানুহৰ জীৱনলৈ অহা প্ৰথম প্ৰেমৰ কৰুণ স্মৃতিৰ চিত্ৰাঙ্কন কৰিছে। প্ৰথম প্ৰেমে যে মানৱ জীৱনৰ গতিটো সলাই দিব পাৰে লিখকে উপন্যাসখনত তাৰ যথাযথ চিত্ৰ অংকন কৰাত সফল হৈছে। আচলতে ডেকা-গাভৰুৰ প্ৰেম হৈছে  শাৰীৰিক আৰু মানসিক অনুভূতি। যিকোনো সুস্থ মানুহৰ জীৱনলৈ এই অনুভূতি এবাৰ আহেই। এই অনুভূতিৰ সদ্ব্যৱহাৰ কৰিব নোঁৱাৰাজন অৰ্থাৎ প্ৰথম প্ৰেমত মিলন নোহোৱা প্ৰেমিক-প্ৰেমিকাই যদি এই অনুভূতিক সহজাত প্ৰকৃতি বুলি সহজভাৱে গ্ৰহণ কৰিব নোঁৱাৰে, তেন্তে সিহঁতৰ জীৱনলৈ নামি আহে  চৰম হতাশা, ব্যৰ্থতা আৰু কৰুণতা। স্মৃতিৰ কোঠালীত প্ৰথম প্ৰেমৰ স্মৃতি বন্ধী কৰি ৰখা  মানেই  বাস্তৱ জীৱনৰ  সুখ আৰু আনন্দৰ অনুভূতিৰ পৰা নিজকে বঞ্চিত কৰাৰ নামান্তৰহে  মাথোন। সেয়ে আজিৰ ডেকা-গাভৰুৱে এই  সুখ-আনন্দ জীয়াই  ৰাখিবলৈ হ’লে জীৱনত প্ৰথম প্ৰেমক যিকোনো উপায়ে জীয়াই ৰখাৰ চেষ্টা কৰিব লাগিব, বা বিবাহৰ আগতে প্ৰেমত পৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব। দেখা গৈছে  যে পাশ্চাত্য দেশত ডেকা-ডেকেৰীয়ে সঘনে প্ৰেমিক-প্ৰেমিকা সলনি কৰি থাকে – ফলত সিহঁতৰ সাংসাৰিক জীৱনতো সঘনে অশান্তি আৰু বিচ্ছেদৰ অমানিশা নামি আহে। 

ইয়াৰ পিছত ঔপন্যাসিকে ৰায়হানক এজন মানৱহিতৈষী (humanitarian) হিচােপ অংকন কৰিছে। ভাৰতে স্বাধীনতা পোৱাৰ আগে আগে ভাৰত আৰু বাংলাদেশত হিন্দু-মুছলমানৰ মাজত যি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়, তাৰ ফলত বহুত সংখ্যক বাংলাদেশী ভগনীয়া হৈ অসমলৈ আহে। ৰায়হানে তাৰে কিছুসংখ্যক ভগনীয়াক নিজৰ ঘৰতে কিছুদিনৰ কাৰণে আশ্ৰয় দি ৰাখে। তাৰে ভিতৰত ‘অৰ্পনা’ নামৰ হিন্দু পৰিয়ালৰ ছোৱালী এজনীৰ লগত তেওঁৰ সৌহাৰ্দ্য গঢ়ি উঠে। তাই আছিল চৰিত্ৰবান আৰু শিক্ষিতা। তাইক ৰায়হানে তেওঁৰ অট্টালিকাৰ ওপৰ মহলাত আছুতীয়াকৈ আশ্ৰয় দিয়াত মানুহৰ মুখে মুখে কুৰ্ৎসা ৰটনা আৰম্ভ হৈছিল। কিন্তু ৰায়হান আছিল চৰিত্ৰৰ পিনৰ পৰা সকলো সমালোচনাৰ উৰ্দ্ধত। পিছলৈ ৰায়হানে অৰ্পনাৰ সংস্থানৰ ব্যৱস্থা কৰি পশ্চিমবংগৰ প্ৰভাকৰ নামে শিক্ষিত ল’ৰা এজনলৈ বিয়া দি মানৱতাবাদৰ আদৰ্শ দাঙি ধৰে। ইয়াৰ উপৰিও তেওঁ  নাৰ্জীৰ পিতাকক চিকিৎসা কৰা আৰু নাৰ্জীক নিজৰ মাটিত সংস্থাপন দি মানৱ প্ৰেমৰ চানেকী ৰাখে। 

চৰিত্ৰাঙ্কন (characterisation) ত ঔপন্যাসিক মালিকে পৰিপূৰ্ণতাৰ স্বাক্ষৰ ৰাখিব পাৰিছে। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ পাঁচোটা – ৰায়হান, পাৰবিন, নাৰ্জী, অৰ্পনা আৰু জালাল। ইয়াৰ আটাইকেইটা চৰিত্ৰই  প্ৰথম প্ৰেমৰ স্মৃতিৰ দ্বাৰা কৰ্ষিত, বিমৰ্ষ আৰু কৰুণ। ৰায়হান সকলোৰে ওপৰত। তেওঁ আটাইৰে শান্তি আৰু সুখ কামনা কৰিছে যদিও নিজৰ সুখ-শান্তিৰ কথা কেতিয়াও ভাবিব পৰা নাই। তেওঁ নাৰ্জী আৰু অৰ্পনাৰ সংস্থাপনৰ দিহা লগাই  অনিৰ্দ্দিষ্ট ভৱিষ্যতৰ পিনে ঘৰৰ পৰা ওলাই গৈছে। গতিকে দেখা যায় মালিকে ৰায়হানক এজন স্বতন্ত্ৰ (individual) চৰিত্ৰ হিচাপে অংকন কৰিছে। 

কাহিনী বিন্যাস (Structure) ৰ পিনৰ পৰা উপন্যাসখন দুৰ্বল যেন লাগে। লিখকে চৰিত্ৰাঙ্কনত জোৰ দিছে যদিও কাহিনীৰ বিন্যাসত আটিল আৰু শৃঙ্খলাবদ্ধ হ’ব পৰা নাই। কাহিনী বিন্যাসৰ প্ৰতি সচেতন হ’লে উপন্যাসখন কলাত্মকদিশত সফল হ’লহেঁতেন।

পৰিৱেশ (Atmosphere) সৃষ্টিত উপন্যাসিক সফল হোৱা বুলি নকৈ নোৱাৰি। চৰিত্ৰসমূহৰ মানসিক অৱস্থা আৰু সামাজিক অৱস্থাৰ লগত সঙ্গতি ৰাখি চাৰিওপিনৰ পৰিৱেশ অংকন কৰাত ঔপন্যাসিকে গুৰুত্ব দিছে। কিন্তু মাজে মাজে তেওঁ পৰিৱেশৰ বৰ্ণনা দিওঁতে কাৰ্পণ্য দেখুৱাই সংক্ষেপ কৰিছে। 

উপন্যাসখনক কৰুণ ৰস (Pathos) ৰ বাহিৰে আন কোনো সাহিত্যিক ৰস নাই। ইয়াৰ আটাইবোৰ চৰিত্ৰই কাৰুণ্যৰ চকুলোৰে প্লাৱিত। কিন্তু লিখকে এই কাৰুণ্য অংকনত সংযম ৰক্ষা কৰিব পাৰিছে। 

ভাষা (Language) ৰ ক্ষেত্ৰত উপন্যাসখন সৰলতাৰ প্ৰতীক। লিখকে সৰল আৰু অলংকাৰহীন ভাষা প্ৰয়োগ কৰি উপন্যাসখন সবৰ্বসাধাৰণ পাঠকৰ ওচৰ পোৱাত সহায় কৰিছে। কিন্তু জালাল মাষ্টৰ নামৰ চৰিত্ৰৰ মুখত ইংৰাজী সংলাপ আৰোপ কৰি ইংৰাজী নজনা সাধাৰণ পাঠকৰ বাবে জটিলতাৰ সৃষ্টি কৰিছে। 

উপন্যাসখনত লিখকৰ জীৱন দৰ্শন (Philosophy of LIfe) আওকীয়াকৈ প্ৰকাশ পাইছে। লিখকে চৰিত্ৰসমূহৰ দুবৰ্বল দিশেবাৰহে দাঙি ধৰিছে আৰু মাজে মাজে তেওঁ জীৱনৰ গভীৰ সত্যৰ প্ৰতি এনেদৰে মন্তব্য আগবঢ়াইছে, যেনে: 

(ক) “যাৰ ওপৰত আমাৰ অভিযোগ থাকে তাক সম্পূৰ্ণ ক্ষমা কৰিব নোঁৱাৰিলে বা নাৰ্য্য প্ৰতিশোধ তাৰ ওপৰত ল’ব নোঁৱাৰিলে মনে শান্তি নেপায়।”

(খ) “কাৰোবাৰ মনৰ মাজত স্থান পালে মানুহে সংস্থান নিবিচাৰে।”

(গ) “অসত্যৰ প্ৰতিবাদ কৰিলে অসত্যই গুৰুত্ব পায়।”

(ঘ) “পৰচৰ্চা কৰাত যেন এটা আস্বাদ আছে, তৃপ্তি আছে।”

(ã) “কেৱল জীৱিকাৰ কাৰণে কাম কৰাত কোনো মহত্ব নাই।”

(চ) “ছোৱালীৰ মন সদায় নিজৰ হৈ  নাথাকে।”

(ছ) “যাৰ সকলো হে’ৰাই গৈছে তাৰ মাজে মাজে দুখ হোৱাটো স্বাভাৱিক।”

সামৰণিত ক’ব পাৰি মালিকৰ ‘অন্য আকাশ অন্য ত’ৰা’ শিৰোনামৰ উপন্যাসখন পৰিৱেশ অংকনত পৰিমিত, ভাষাত সৰল, জীৱন দৰ্শনত বিক্ষিপ্ত, চৰিত্ৰাঙ্কনত সম্পূৰ্ণ,  বিন্যাসত শিথিল যদিও কাহিনী আৰু বিষয় প্ৰসঙ্গত বাস্তৱ ধৰ্মী এক ভিন্ন স্বাদৰ প্ৰেমৰ উপন্যাস। ০ ০ ০

অসমীয়া উপন্যাস সমোলোচনা

 

চৈয়দ আব্দুল মালিকৰ উপন্যাস ‘অঘৰী আত্মাৰ কাহিনী’- এক সমালোচনাত্মক বিশ্লেষণ            

চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’খন মনস্তাত্ত্বিক উপন্যাস। ইয়াৰ মাজেদি বর্তমান মানৱ সমাজৰ মানসিক দ্বন্দ্ব স্পষ্টভাৱে ফুটি উঠিছে। এই  দ্বন্দ্ব এন্ধাৰ আৰু পোহৰৰ মাজৰ দ্বন্দ্ব, শৰীৰ আৰু মনৰ মাজৰ দ্বন্দ্ব, ধনী আৰু দুখীয়াৰ মাজৰ দ্বন্দ্ব। এই দ্বন্দ্ববোৰ ঔপন্যাসিকে দুটা প্ৰেমৰ কাহিনীক অৱলম্বন হিচাপে লৈ প্ৰকাশ কৰিছে। 

প্ৰেমৰ কাহিনী দুটাৰ প্ৰথমটো ‘শশাঙ্ক চৌধুৰী’ নামৰ এজন অসমীয়া ডেকা আৰু ‘ছায়া’ নামৰ এজনী মাৰাঠী ছোৱালীৰ মাজত সংগটিত হৈছে। শশাঙ্ক চৌধুৰী এজন অতি ধনী পৰিয়ালৰ কনিষ্ঠ সন্তান। পিতাক মন্ময় চৌধুৰী এজন মন্ত্ৰী। পিতাকৰ ব্যৱহাৰ আৰু অসামাজিক কাম কাজত শশাঙ্ক চৌধুৰী অসন্তুষ্ট হৈ তেওঁ পিতাকৰ পৰা আঁতৰি থাকে। কিছুদিন মোমায়েকৰ ঘৰত থাকি পিছলৈ কলিকতাত আইন পঢ়িবলৈ যায়। তাতে নিজে অলপ-অচৰপ উপাৰ্জন কৰি নিজ খৰচতে এটি মাৰাঠা পৰিয়ালত পেয়িং গেষ্ট’ হিচাপে থাকে আৰু তাতেই  নিঃসন্তান মাৰাঠী পৰিয়ালৰ তোলনীয়া জীয়েক ‘ছায়া’ৰ প্ৰেমত পৰে। কিন্তু মাৰাঠী পৰিয়ালে শশাঙ্কক ঘৰ জোঁৱাই হিচাপে ৰাখিব খোজাত মইমতীয়া শশাঙ্কই বিয়াত অসন্মতি প্ৰকাশ কৰি অসমলৈ ঘূৰি আহে আৰু মটৰ কাৰখানা খুলি ব্যৱসাত লাগি থাকে। আনফালে ছায়াই উচ্চ শিক্ষাৰ উদ্দেশ্যে আমেৰিকালৈ যায় আৰু তাৰ পৰা শিক্ষা শেষ কৰি শশাঙ্কৰ ওচৰলৈ আহিব বুলি সিদ্ধান্ত লয় যদিও তিনিবছৰ পিছত আমেৰিকাতেই  ছায়াই আত্মহত্যা কৰে। 

দ্বিতীয় প্ৰেম কাহিনী শশাঙ্কৰ ককায়েক ‘মৃগাঙ্ক’ আৰু ‘অপৰাজিতা’ নামৰ  ছোৱালীৰ মাজত সংগটিত হয়। অপৰাজিতা এজনী বিধৱা তিৰোতাৰ একমাত্ৰ কন্যা সন্তান। তাই  সাংস্কৃতিক মানসিকতাৰ ছোৱালী। আনহাতে মৃগাঙ্কও সাংস্কৃতিক মনোভাৱাপন্ন যুৱক। অসমত সাংস্কৃতিক আন্দোলনৰ জোঁৱাৰ তুলি সাংস্কৃতিক দিশত বিপ্লৱ অনাই  যুৱকজনৰ উদ্দেশ্য। সেই  উদ্দেশ্যে নাট্য গোষ্টীৰ জন্ম দি নাটক, অভিনয়, গীত-বাদ্য আদিৰ লগত জড়িত থাকে আৰু প্ৰধান পৃষ্ঠপোষক হয়। নাচ আৰু অভিনয়ত দক্ষতা থকা অপৰাজিতাক সেয়ে মৃগাঙ্কই অভিনয়ৰ জগতলৈ মাতি আনে। পিচলৈ অপৰাজিতাক ফুচুলাই  মৃগাঙ্কই  তাইৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে যদিও অপৰাজিতাৰ মাকে বহুত ভাৱি-গুণি মৃগাঙ্কৰ লগত অপৰাজিতাৰ বিবাহ হোৱাৰ কোনো ভৱিষ্যত নিশ্চয়তা নেদেখি ‘নিৰঞ্জন’ নামৰ আদৰ্শপৰায়ণ, সহজ-সৰল ডেকা এজনৰ লগত অপৰাজিতাৰ বিবাহ পাতি দিয়ে। বিয়াৰ চাৰিবছৰলৈ সিহঁতৰ মাজৰ বৈবাহিক সম্পৰ্ক ভাল আছিল যদিও অপৰাজিতাই  কিন্তু মৃগাঙ্কক পাহৰিব পৰা নাছিল। মাজে মাজে তাই মৃগাঙ্কক যৌন-সঙ্গ-সুখ দিছিল। পিচলৈ নিৰঞ্জনে কথাটো জানিব পাৰি মৰ্মান্তিক মনো-দুখ পায় আৰু তেতিয়াৰ পৰাই  অপৰাজিতা আৰু নিৰঞ্জনৰ মাজৰ দাম্পত্য জীৱনত অসুখ আৰম্ভ হয়। নিৰঞ্জনৰ আগৰ উৎসাহ-উদ্যম নাইকিয়া হ’ল। এক কথাত নিৰঞ্জন উদাসীন হৈ পৰে। অৰ্থাৎ সিহঁতৰ পৰস্পৰৰ সম্পৰ্ক হৈ পৰে কৃত্ৰিম। 

সংক্ষেেপ এই দুটা প্ৰেম কাহিনীয়েই  উপন্যাসখনৰ প্ৰধান দুটি ঘটনা যদিও এই প্ৰেম কাহিনী দুটাক অৱলম্বন হিচাপে লৈ উপন্যাসখনৰ নায়ক শশাঙ্ক, ছায়া, নিৰঞ্জন আৰু অপৰাজিতাই যি মানসিক অন্তঃদ্বন্দ্বত ভূগিছে সেয়াই উপন্যাসখনৰ প্ৰধান আকৰ্ষণ আৰু ঔপন্যাসিকৰ প্ৰধান বক্তব্য বিষয়। নায়ক শশাঙ্কই  প্ৰত্যক্ষভাৱে পিতাকৰ জীৱনাদৰ্শ আৰু নিজৰ জীৱনাদৰ্শৰ মাজত অন্তঃদ্বন্দ্বত ভূগিছে। শশাঙ্কৰ পিতা মন্ময় চৌধুৰী এজন ঘোচখোৰ, লম্পট আৰু অসামাজিক চৰিত্ৰৰ লোক। আনহাতে শশাঙ্ক আদৰ্শবাদী আৰু নৈতিকতা পূৰামাত্ৰাই বজাই ৰখা মানসিকতাৰ ব্যক্তি। এবাৰ সৰু কালত ল’ৰা-ছোৱালীৰ লগত টাংগুটি খেলি থকা অৱস্থাত শশাঙ্কই  অপৰাজিতাৰ চকুত আঘাত কৰে যদিও শশাঙ্কৰ পিতা মন্ময় চৌধুৰীয়ে যথা পৰিমাণৰ ক্ষতিপূৰণ অপৰাজিতাহঁতক নিদিলে আৰু অপৰাজিতাহঁতক সুবিচাৰ নকৰিলে। মন্ময় চৌধুৰীয় মাহে মাহে অপৰাজিতাৰ মাকক কিছু আৰ্থিক সাহাৰ্য্য দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও শেষলৈ মন্ময় চৌধুৰীয়ে অপৰাজিতাৰ মাক স্বৰ্ণলতাৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে। এই কথাটো শশাঙ্কই জানিব পাৰি পিতাকৰ লগত সম্পৰ্ক ত্যাগ কৰি ঘৰৰ পৰা গুচি যায় আৰু এক মানসিক যন্ত্ৰনাত ভূগে। পিছত কলিকতাত ছায়াৰ লগত প্ৰেমত পৰে যদিও ঘৰ-জোঁৱাই  হ’বলৈ অমান্তি হোৱাত ছায়া আৰু শশাঙ্কৰ প্ৰেমত যতি পৰে। ফলত শশাঙ্কই  আন এক মানসিক অশান্তিক ভূগে। শশাঙ্কই যে অন্তঃদ্বন্দ্বত ভূগিছে তেওঁ নিজেই  স্বীকাৰ কৰিছে এনেদৰে ,

“…………….যুঁজাত এটা আনন্দ আছে। হৰা-জিকা গৌণ কথা। মই যুঁজিবৰ কাৰণে প্ৰস্তুত। মই জানো মই কিয় যুঁজিবলৈ ওলাইছোঁ। মোৰ এই যুঁজ নিজৰ স্বাৰ্থৰ কাৰণে যুঁজা নহয, এটা অৱক্ষয়ৰ বিৰুদ্ধে যুঁজ…………………………………… এই যুঁজা  মোৰ ভিতৰত থকা অন্য এটা মানুহৰ বিৰুদ্ধে যুঁজা।”

অন্তঃদ্বন্দ্বত ভূগা দ্বিতীয় চৰিত্ৰটি হৈছে ছায়া। ছায়া মাক-পিতাক পৰিচয়হীন ছোৱালী। ব্রহ্মদেশৰ পৰা আহোতে বাটৰ কাষত কোনোৱা এজনে ‘ছায়া’ নামৰ ছোৱালী এজনীক বুটলি আনি নিঃসন্তান মাৰাঠা পৰিয়াল এটিক গতাই দিয়ে। তেতিয়াৰ পৰাই ছায়া মাৰাঠা পৰিয়ালটিৰ তোলনীয়া জীয়েক হিচাপে জীয়াই থাকে। কিন্তু তাই যে পিতৃ পৰিয়ালহীন – এই কথাটোত ছায়াই মাজে মাজে মানসিক দ্বন্দ্বত ভূগে। ঔপন্যাসিকে ছায়া চৰিত্ৰক মাথো এটা মূহুৰ্তৰ বাবেহে উপন্যাসখনত আবিৰ্ভাৱ ঘটাইছে। বাকী সকলোখিনি শশাঙ্কই নিজৰ মুখত ছায়াৰ ঘটনাৰ বৰ্ণনা দিছে। 

উপন্যাসখনৰ তৃতীয় চৰিত্ৰ নিৰঞ্জনো ঘৈনীয়েক অপৰাজিতাৰ দ্বাৰা প্ৰতাৰিত হৈ মানসিক অশান্তিত ভূগিছে। কিন্তু ঔপন্যাসিকে নিৰঞ্জনৰ আচৰণ আৰু মানসিক পৰিৱৰ্তনৰ পৰিচয় দিয়েই ক্ষান্ত হৈছে; মানসিক অন্তঃদ্বন্দ্ব ফুটাই তোলা নাই  যদিও তেওঁ যে এক গভীৰ মানসিক দ্বন্দ্ব লৈ জীয়াই আছে তাৰ আভাষ তাৰ আচৰণত স্পষ্ট।

এইদৰে উপন্যাসখনে বৰ্তমান সমস্যাবহুল মানৱ সমাজৰ সামাজিক দ্বন্দ্ব ফুটাই তোলাৰ উপৰিও আধুনিক মানৱ মনৰ মানসিক দ্বন্দ্বও ফুটাই তোলাত সফল হৈছে। মন্ময় আৰু মাৰাঠা পৰিয়াল ধনী শ্ৰেনীৰ প্ৰতিনিধি। আনহাতে অপৰাজিতা, নিৰঞ্জন আদি দুখীয়া অৰ্থাৎ শোষিত শ্ৰেণীৰ প্ৰতীক। শশাঙ্ক হৈছে দুটা শ্ৰেণীৰ মাজত চলি থকা সামাজিক আৰু মানসিক দ্বন্দ্বৰ বাহক। তাৰোপৰি , শশাঙ্কই  (Superiority complex) আৰু অপৰাজিতাই এটা ঘূণীয়া চকু লৈ (Inferiority complex) অত ভূগিছে।

ঔপন্যাসিক চৈয়দ আব্দুল মালিক চৰিত্ৰাঙ্কনত পাকৈত। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ শশাঙ্ক আৰু অপৰাজিতাৰ চৰিত্ৰ আৰু ব্যক্তিত্ব পূৰ্ণাঙ্গ ৰূপত ফুটাই তোলাত ঔপন্যাসিক সফল হৈছে। ঔপন্যাসিকে চৰিত্ৰবোৰৰ শাৰীৰিক আকাৰ আৰু গঠনৰো নিখুত বৰ্ণনা দিছে। এইদৰে অপৰাজিতা আৰু নিৰঞ্জনৰ চৰিত্ৰও ঔপন্যাসিকে সফলভাৱেই  অংকন কৰিছে যদিও ছায়া আৰু মৃগাঙ্কৰ চৰিত্ৰ দুটি সিমান সফলভাৱে ৰূপায়িত কৰিব পৰা নাই; কিন্তু শশাঙ্কৰ বৰ্ণনাৰ পৰা ইহঁত দুটাৰ সম্পূৰ্ণ ব্যক্তিত্বৰ আভাষ পাব পাৰি।

উপন্যাসটিৰ গঠন (Structure) আটিল আৰু শৃঙ্খলাবদ্ধ নহয়। প্ৰেমৰ কাহিনী দুটা শশাঙ্কই নিজে ব্যক্ত কৰিছে যদিও মাজে মজে শশাঙ্কই মূলৰ পৰা আঁতৰি আহি অপৰাজিতাৰ স’তে অপৰাহঁতৰ ঘৰত কটোৱা সাধাৰণ কথা-বাৰ্তাৰে মূল বিষয় হৃদয়ঙ্গমত আমনিৰ সৃষ্টি কৰিছে। তাৰোপৰি ঔপন্যাসিকে মৃগাংক, ছায়া আৰু মন্ময় চৌধুৰাীকো উপন্যাসখনত আবিৰ্ভাৱ হ’বলৈ দিয়া নাই; মাথো শশাংকৰ বৰ্ণনাৰ পৰাহে সিহঁতৰ বিষয়ে জানিব পাৰি। 

উপন্যাসখনৰ ভাষা তেনেই সহজ যদিও মাজে মাজে ঔপন্যাসিকৰ বক্তব্যত ইংৰাজী শব্দৰ প্ৰয়োগে উপন্যাসখনক ইংৰাজী নজনা সাধাৰণ অসমীয়া পাঠকে বুজাত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

মুঠতে কলা হিচাপে উপন্যাসখনৰ কিছু ত্রূটি থাকিলেও মনস্তাত্ত্বিক উপন্যাস হিচাপে ‘অঘৰী আত্মাৰ কাহিনী’খন সফল যুগ সাপেক্ষ উপন্যাস। ০ ০ ০

অসমীয়া উপন্যাস সমোলোচনা

 

চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘জীয়া জুৰিৰ ঘাট’ – এক সমালোচনাত্মক আলোচনা

বিংশ শতাব্দীৰ অসমীয়া উপন্যাস সাহিত্যৰ ইতিহাসত চৈয়দ আব্দুল মালিক এজন বিশিষ্ট ঔপন্যাসিকৰ আসন পোৱাৰ যোগ্য। এইজন ঔপন্যাসিকে ভালেমান উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল চিৰদিনৰ বাবে চহকী কৰি থৈ গৈছে। তেওঁৰ সকলোবোৰ উপন্যাস কালজয়ী নহ’লেও তেওঁৰ প্ৰতিটো উপন্যাসেই  প্ৰচুৰ জনপ্ৰিয়তা অৰ্জ্জ্বন কৰিছিল। ইয়াৰ কাৰণ হয়তো এইটোৱেই যে এইজন ঔপন্যাসিকে কাহিনী নিৰ্বাচনত আন আন ঔপন্যাসিকৰ তুলনাত সৰ্বাধিক বাস্তৱতাৰ ওচৰ চাপি অতি সহজ আৰু সৰল আঙ্গিকত ৰসাল ৰূপত কাহিনী পৰিৱেশন কৰিব পাৰিছিল। তেওঁৰ ‘জীয়া জুৰিৰ ঘাট’ শিৰোনামৰ উপন্যাসটি এটি সৰু উপন্যাস। উপন্যাসিকে ইয়াক ‘দীঘল গল্প’ বুলি ক’লেও আপত্তিৰ কাৰণ নাই বুলি কৈছে। তেওঁ পাতনিত লিখিছে,

“বহুতে এই কাহিনীটোক অবিশ্বাস্য বুলি ভাবিব পাৰে; কিয়নো   এটা সত্য ঘটনাৰ অৱলম্বনত গল্পটো ৰচনা কৰা হৈছে। বৰ্তমান আমাৰ জীৱনৰ বহুত সচাঁ ঘটনাও আমি বিশ্বাস কৰিবলৈ ভয় কৰোঁ। আমি সভ্য মানুহ। ‘জীয়া জুৰিৰ ঘাট’ক উপন্যাস নুবুলি এটা দীঘল গল্প বুলিলেও আপত্তিৰ কোনো কাৰণ নাই।”

দৰিদ্ৰতা আৰু বেশ্যালি (ব্যাভিচাৰী) হৈছে উপন্যাসখনৰ প্ৰধান আলোচ্য বিষয়। দৰিদ্ৰতাই  কিদৰে মানুহক ব্যাভিচাৰীৰ দৰে ঘিণ লগা অভিশাপকো মূৰ পাতি লোৱাত বাধ্য কৰায় আৰু এই অভিশাপৰ কুফলসমূহে কেনেদৰে পৰিয়াল আৰু সমাজত অশান্তিৰ সৃষ্টি কৰে ঔপন্যাসিকে উপন্যাসখনৰ জৰিয়তে তাকেই দেখুৱাব বিচাৰিছে। চৰিত্ৰাঙ্কন, পৰিৱেশ সৃষ্টি, বিন্যাস আৰু ভাষাৰ পিনৰ পৰা উপন্যাসখন সৰু হলেও এটি উপভোগ্য উপন্যাস। উপন্যাসখনত সমাজৰ নিৰ্মম সত্য প্ৰতিফলিত হৈছে।

উপন্যাসখনৰ প্ৰধান চৰিত্ৰ (নায়ক) জনৰ নাম হৈছে ‘চালেহ’। সিহঁত দুইজন ভাই-ককাই। ডাঙৰ জনৰ নাম ‘জেহিৰ’। জেহিৰ ‘কনমাই’ নামৰ গুণী নাৰী এগৰাকীক স্ত্ৰী হিচাপে লাভ কৰিছে। জেহিৰ প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষক। সৰু ভাইটি চালেহ সপ্তম শ্ৰেণীলৈকে পঢ়িছিল; কিন্তু আৰ্থিক অনাটনৰ বাবে অধিক লিখা-পঢ়া কৰাৰ ইচ্ছা থকা সত্বেও পঢ়িব নোৱাৰি ৰহমান নামৰ হাকিমৰ ঘৰত ৰান্ধনী ল’ৰা হিচাপে কামত ধৰে। কিন্তু বেছি বছৰ এই কামত তেওঁ ধৰি থাকিব নোৱাৰিলে। এবাৰ  হাকিমজন বদলি হৈ বেলেগ ঠাইলৈ যোৱাত চালেহ কাম এৰি ঘৰলৈ ওভতি আহি নিবনুৱা হৈ বহি থাকে। ককাই জেহিৰে দৰমহাৰ টকাৰে ঘৰ-সংসাৰ পৰিচালনা কৰি আছে। চালেহে নানা ঠাইত নতুন কাম বিচাৰিও নাপালে। ইতিমধ্যে বিয়াৰ বয়সো হৈছে। তেওঁ বদিৰ ঠিকাদাৰ নামৰ এজন ব্যক্তিৰ ‘আইচা’ নামৰ কন্যা এজনীক ভাল পোৱা আৰম্ভ কৰে। কিন্তু আইচাৰ কোনো সঁহাৰি পোৱা নাই। তথাপি চালেহে ভাবিছে যদি তেওঁ বিবাহ কৰে, তেন্তে আইচাক কৰিব। আইচাৰ দেউতালৈ ককায়েক জেহিৰে ঘটক পঠালে যদিও বদিৰে চালেহেলৈ নিজৰ কন্যাক বিয়া দিবলৈ মান্তি নহ’ল। তেতিয়া কাদিৰ নামৰ ঘটক এজনে চালেহৰ বাবে ৰহিম মণ্ডলৰ জীয়েক ‘চাৰা’ক খুজি আহিল। মণ্ডলেও চালেহলৈ নিজ কন্যা চাৰাক দিবলৈ মান্তি নহ’ল। ইপিনে চালেহে এটি সৰু-সুৰা চাকৰি বিচাৰিব ধৰিলে। এবাৰ চহৰলৈ গ’ল। তাত ‘ভোলা’ নামৰ আন এজন নিবনুৱাৰ লগত চিনাকী হৈ বন্ধুত্ব হ’ল। ভোলাৰ পৰা জানিব পাৰিলে যে সেই চহৰৰ ‘উজাগৰ সিং’ নামৰ ব্যাৱসায়ী এজনৰ তাত কিবা চাকৰি মিলিব পাৰে। সেয়ে এদিনাখন টকা দহটা লৈ উজাগৰ সিংৰ তালৈ গ’ল। কিন্তু উজাগৰ শিঙে তেওঁক অহা মাহত খবৰ কৰিবলৈ আদেশ দি নিৰাশ কৰি পঠিয়ালে। দিনটো অতিপাত গৰম আছিল। তাৰোপৰি নেখাই যোৱা বাবে চালেহ অতিকৈ দুৰ্বল অনুভৱ কৰিলে। পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গ’ল। তেতিয়া চালেহে আহোতে বাটৰ কাষৰ এটি ঘৰৰ পদুলিলৈ গৈ এগিলাচ পানী পোৱাৰ আশাত মাত লগালে। মাত শুনি এজনী বুঢ়ী মানুহ দুৱাৰ খুলি ওলাই আহি তেওঁক আথে-বেথে ঘৰৰ ভিতৰলৈ মাতিলে। সি ঘৰৰ ভিতৰত গৈ দেখে যে এজনী গাভৰু ছোৱালী (নাম ‘চম্পা’) অশ্লীলভাৱে শৰীৰ বাহিৰ কৰি শুই আছে। চালেহক পানী এগিলাচ দি বুঢ়ী গুচি গ’ল। সেই ছোৱালীজনীয়ে চালেহক আপোনভাৱ দেখুৱাই তেতিয়া তাৰ পৰা ওলাই  অহাত বাধা দিলে। ৰাতি হ’ল। ৰাতিত আন কেইজনমান অতিথি আহিল। সিহঁতে জুৱা খেল আৰম্ভ কৰিলে। ছোৱালীজনীয়ে চালেহকো জুৱা খেলত লগাই দিলে। ছোৱালীজনীৰ উচ্ছ3াস উচ্ছাসত চালেহে ভাল খেলিলে আৰু আঠ টকামান লাভ কৰিলে। ছোৱালীজনীৰ নাম চম্পা। ৰাতি বহুত হোৱাত আন আন অতিথিক বিদায় দি চম্পাই চালেহক নিজৰ বিচনাত শুই থাকিবলৈ দি তেওঁৰ লগত যৌন শৃঙ্গাৰ কৰা আৰম্ভ কৰি দিলে। চালেহ চম্পাৰ অভিনয়ত ভোল গৈ ব্যাভিচাৰ কৰিলে। পুৱতি নিশা চালেহৰ পৰা সকলো টকা ৰাখি মাত্ৰ ছয় আনা পইচা চালেহলৈ ঘূৰাই  দি তেওঁক তাৰ পৰা পঠিয়াই দিলে।

একাপ চাহ খোৱাৰ আশা কৰি চালেহে  নগৰলৈ  গ’ল। গৈ আগৰ বন্ধু ভোলাক লগ পালে। ভোলাই চালেহক হোটেলখনলৈ নি পাৰে মানে চাহ খুৱাই বিদায় দিলে। চালেহ ঘৰলৈ গ’ল। ৰহিম মণ্ডলৰ জীয়েক চাৰাৰ লগত বিয়াৰ বন্ধোৱস্ত হ’ল। মণ্ডল এবাৰ চালেহহঁতৰ ঘৰলৈ আহিল। ইতিমধ্যে এমাহ পাৰ হ’ল। উজাগৰ শিঙে কোৱামতে তালৈ দ্বিতীয়বাৰৰ বাবে খবৰ কৰিবলৈ গ’ল। এইবাৰ লগত ললে বিশ টকা। লাগিলে ঘোচকে দিব, তথাপি চাকৰিটো লব। এইবাৰ উজাগৰ শিঙে ক’লে যে মানুহ লোৱা নহয়। চালেহ নিৰাশ হৈ ওভতা পথ ললে। আহি আহি চম্পাহঁতৰ ঘৰৰ ওচৰ পালে। সি চম্পাহতৰ ঘৰলৈ নাযাবলৈ থিৰাং কৰিছিল যদিও চম্পাহঁতৰ ঘৰৰ ওচৰ পোৱাৰ লগে লগে স্বতঃস্ফূর্তভাৱেই তেওঁৰ ভৰি চম্পাহতৰ পদুলিলৈ গ’ল যেন অনুভৱ কৰিলে। তেওঁ তেতিয়া পোনে পোনে চম্পাৰ ঘৰলৈ প্ৰৱেশ কৰিলে। চম্পাৰ লগত ৰাতিটো কটালে। এইবাৰ চালেহে চম্পাক দহ টকা দি আহিল। ৰাতি পুৱালত তেওঁ চম্পাৰ পৰা বিদায় ললে। কিন্তু কিছুদিন পিছত চালেহে লক্ষ্য কৰিলে যে তেওঁৰ শৰীৰটো দূৰ্বল হৈ আছে। ডাক্তৰক দেখুৱালে। ডাক্তৰে গৰ্ম্মী ৰোগ হোৱা বুলি প্ৰেচকিপচন লিখি দি সোনকালে চিকিৎসা লোৱাৰ পৰামৰ্শ দিলে। প্ৰায় তিনিশ-চাৰিশ মান টকা খৰচ কৰি ঔষধ ল’ব লাগিব। চালেহে ৰোগ আৰু টকাৰ চিন্তাত বিমৰ্ষ হৈ পৰিল। সকলোৱে তেওঁৰ বিমৰ্ষভাৱ লক্ষ্য কৰিলে যদিও চাকৰি বা কোনো কাম নোপোৱা বাবে হতাশাত পৰি ক্ষীণোৱা বুলি সকলোৱে ধৰি ললে। ইতিমধ্যে চালেহৰ বিয়াৰ দিন ওচৰ চাপি আহিল। চালেহ মহা চিন্তাত পৰিল। ডাক্তৰে কোৱা মতে গৰ্ম্মী ৰোগটো সোঁচৰা ৰোগ। গতিকে বিয়া কৰালে যে তাইৰ স্ত্ৰীৰ গালৈয়ো ৰোগ সংক্ৰামিত হ’ব সেই ভয়ত তেওঁ বিয়া বন্ধ ৰখাৰ বাবে বা পিচুৱাই ৰাখিবৰ বাবে চেষ্টা কৰিলে যদিও  ককাইদেউ জেহিৰে নামানিলে। যেনে-তেনে নিৰ্দ্দিষ্ট তাৰিখত বিয়া পাতি দিলে। চলেহৰ পত্নী চাৰা ৰূপে-গুণে অতুলনীয়। কিন্তু চালেহ তাইৰ পৰা আঁতৰি থাকিবলৈ ললে। চাৰাই ভাৱিলে হয়তো কোনো কাম-কাজ গোটাব নোৱাৰি তাইৰ স্বামী মন মাৰি তাইৰ পৰা আঁতৰি থাকে। সময়ত সকলো ঠিক হৈ  যাব। কিন্তু দিন বাগৰি যোৱাৰ লগে লগে চালেহৰ অৱস্থা অধিক বেয়াৰ পিনে ঢাল খাব ধৰিলে। এদিন চালেহে মানুহৰ মুখত শুনিলে এজন মানুহে হেনো মাত্ৰ পোন্ধৰ টকাৰ বাবে নিজৰ ববন্ধুকে হত্যা কৰিলে। কথাটো শুনি চালেহৰ যেন উৎসাহ বাঢ়ি গ’ল। তেওঁ সিদ্ধান্ত ললে তেঁৱো মানুহ মাৰিব চাৰিশ বা পাঁচশ টকাৰ কাৰণে যাতে তেওঁ চিকিৎসা ল’ব পাৰে। কিন্তু তেনে মানুহ বিচাৰি নোপোৱাত তেওঁৰ চম্পালৈ মনত পৰিল। তেওঁ জানে যে তেওঁৰ ৰোগটো চম্পাৰ পৰাই সংক্ৰমিত হৈছে। গতিকে তাইকেই হত্যা কৰি প্ৰতিশোধ লোৱাৰ লগতে তাই ব্যাভিচাৰ কৰি গোটোৱা সকলো টকা লৈ আহিব। ভৱামতে এদিন ৰাতি হাতত ধাৰাল ছুৰী এখন লৈ হাতত সাৰে ভৰিত সাৰে মাজ ৰাতি চম্পাৰ ঘৰৰ দুৱাৰ মুখ পালে। তেওঁ বেৰৰ ফাঁকেৰে দেখিলে যে চম্পাৰ ঘৰত কেৰাচিনৰ চাকি জ্বলি আছে। চম্পা শুই আছে আৰু ওচৰতে আন¸ এজনী ছোৱালী বহি কথা পাতি আছে। সিহঁতৰ কথা-বতৰাৰ পৰা চালেহে বুজিব পাৰিলে যে চম্পায়ো একে ৰোগত ভূগি আছে। তাইৰ অসুখ ভয়ঙ্কৰ ৰূপ পাইছে। হাতত টকা-পইচা নাই। গতিকে তাই মৃত্যু কামনা কৰি আছে। চালেহে তেতিয়া হত্যাৰ পৰিকল্পনা ত্যাগ কৰি তাইৰ প্ৰতি দয়া ভাৱত লগত লৈ যোৱা টকা কেইটামান দুৱাৰ মুখত থৈ কোনেও নেদেখাকৈ ওভতি আহিল। ইয়াৰ কিছুদিন পিছত তেওঁ স্ত্ৰীৰ ডিঙিৰ ‘নেকলেচ’ অলংকাৰটো টেবিলৰ ওপৰৰ পৰা চুৰ কৰি ৰাতি ঘৰৰ পৰা ওলাই গ’ল। উদ্দেশ্য বিক্ৰী কৰি চিকিৎসা লব। ৰাতিপুৱা গৈ বজাৰ পালে। সৌভাগ্যক্ৰমে ভোলাৰ লগত দেখা হয় আৰু তেওঁক সকলো কথা ভাঙি পাতি কোৱাত ভোলাই তেওঁক হাৰটো বিক্ৰী কৰিব নিদি ঘৰলৈ ওভতি গৈ ঘৈনীয়েকক অসুখৰ কথা ভাঙি পাতি কোৱাৰ বাবে পৰামৰ্শ দিলে। ভোলাৰ পৰামৰ্শ মতে চালেহে ঘৈনীয়েকক সকলো কথা ভাঙি-পাতি কোৱাত ঘৈনীয়েকে বেজাৰ পালেও চিকিৎসাৰ কাৰণে বিয়াৰ সময়ত বাপেকৰ ঘৰৰ পৰা উছৰ্গা হিচাপে লগত দিয়া পাঁচশ টকা উলিয়াই দিয়াৰ লগতে প্ৰয়োজন হ’লে গাৰ সকলো অলংকাৰ তেওঁৰ বাবে দিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। চালেহে তাইৰ আচৰণত বিষ্ময় মানিলে। আশাৰ সঞ্চাৰ হ’ল। চাৰাই লগতে চম্পাকো চিকিৎসাৰ বাবদ টকা দিয়াৰো আশ্বাস দিলে। সিদিনা ৰাতি চালেহৰ ককাইৰ পত্নী কনমাইৰ সন্তান এটি উপজিল। সিহঁতৰ মনত আনন্দৰ জোঁৱাৰ উঠিল। চাৰাই সন্তান এটিৰ প্ৰয়োজন অনুভৱ কৰিলে।

এনেদৰে ঔপন্যাসিক চৈয়দ আব্দুল মালিকে আজিৰ সমাজৰ বাস্তৱ ঘটনা এটিৰ চিত্ৰ অংকন কৰি বেশ্যাগমনৰ মাৰাত্মক কুফল দেখুৱাই সমাজৰ প্ৰতি লিখক হিচাপে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিছে।

উপন্যাসখনৰ নাৰী চৰিত্ৰসমূহৰ ভিতৰত চাৰা এটি আদৰ্শ নাৰী চৰিত্ৰ। তাই ৰূপৱতী হোৱাৰ লগতে গুণবতী আৰু স্বামী ভক্তিপৰায়না। তাই স্বামীৰ সম্ভোগ সোহাগৰ  পৰা বঞ্চিত থাকিও স্বামীৰ প্ৰতি অগাধ ভক্তি দেখুৱাৰ লগতে স্বামীৰ চিকিৎসাৰ বাবদ মা-দেউতাৰ ঘৰৰ পৰা অনা আটাইখিনি টকা উলিয়াই দিয়াৰ লগতে শৰীৰৰ সকলো অলংকাৰ দিবলৈয়ো কুণ্ঠিত হোৱা নাই। তাই মানৱতাবাদীও। চালেহক চিকিৎসাৰ বাবে টকা দিয়াৰ উপৰিও চম্পাৰ চিকিৎসাৰ বাবে পার্যমানে  সহায় কৰাৰ বাবে স্বামী চালেহক অনুৰোধ কৰিছে। ভোলাৰ চাকৰিৰ বাবেও টকা দিয়াৰ সন্মতি জনাইছে। এনেদৰে চাৰা নাৰী হিচাপে নিজকে দেৱীৰ আসনত প্রতিষ্ঠিত হৈছে। 

চালেহক নষ্ট বা পথভ্ৰষ্ট পুৰুষ হিচাপে অংকিত কৰিবলৈ ঔপন্যাসিকে তেওঁক পৰিস্থিতিৰ দাসত পৰিণত কৰিছে। এনেদৰে চম্পাকো লিখকে দোষাৰোপ কৰা নাই। তাই দৰিদ্ৰতাৰ অভিশাপত পৰি বেশ্যাবৃত্তিত ধৰিছে। লিখকে তাইকো ক্ষমাৰ দৃষ্টিৰে চাইছে। ভোলা আৰু চালেহৰ মাজত বিশেষ পাৰ্থক্য নাই যদিও চালেহতকৈ ভোলা চাৰিত্ৰিক আৰু মানৱতাৰ দিশত ওপৰত স্থান পাইছে। ঔপন্যাসিকে প্ৰধান চৰিত্ৰ চাৰিটাক যথাযথভাৱে অংকন কৰাত পাৰদৰ্শীতা দেখুৱাইছে।

উপন্যাসখনত কৰুণ ৰসেই প্ৰধান্য পাইছে যদিও লিখকে মাজে মাজে হাস্যৰসৰ সমাহাৰ ঘটাইছে। হাস্যৰস কোনো চৰিত্ৰৰ মাজেদি প্ৰকাশ নকৰি ঔপন্যাসিকে পৰিস্থিতি বা পৰিৱেশ বৰ্ণনাৰ দ্বাৰা ফুটাই তুলিছে। উদাহৰণ – 

“পুণ্যেশ্বৰৰ দোকান স্থানীয় এদল ডেকাৰ দুপৰীয়া গধূলিৰ ক্লাবঘৰ। এখন পুৰণি ক্ষয় যোৱা কেৰমবোর্ড আছে। তাৰ নীলা ষ্টাইকটো সেই অঞ্চলত বিখ্যাত। অৱশ্যে ঘঁহনি খাই খাই সি বৰ নিমজ হৈ পৰিছে যদিও খহটা বোৰ্ডখনৰ লগত তাৰ অসহযোগ নোহোৱা নহয়। ষ্ট্ৰাইকটোক সকলোৱে ষ্ট্ৰাইকা বোলে। তদুপৰি তাচো আছে দুযোৰ কেইটামান পাত নোহোৱাৰ বাবে অইন এযোৰৰ পাতত চিয়াহীৰে লিখি দিয়া হৈছে। খেলুৱৈহঁতৰ ভুল হ’বৰ ভয় নাই।”

পৰিৱেশ সৃষ্টিত লিখক সচেতন নহয়। কাহিনী আৰু চৰিত্ৰসমূহৰ লগত সঙ্গত ৰাখি পৰিৱেশৰ চিত্ৰ অঁকাত ঔপন্যাসিক অসফল হৈছে। কাহিনী বিন্যাস কৰোতেও লিখক অমনোযোগীতাৰ পৰিচয় দিছে। কাহিনীখিনি পৰিকল্পিত ৰূপত সজালে উপন্যাসখনৰ আকৰ্ষণ নাটকীয় ৰূপত বৃদ্ধি পালেহেঁতেন। 

উপন্যাসখনৰ ভাষা আৰু শব্দ চয়ন অতি সহজ আৰু পোনপটীয়া। ঔপন্যাসিকে শব্দ নিৰ্বাচনত কৃত্ৰিম পণ্ডিতালি দেখুৱা নাই। তেওঁৰ ভাষাত কাব্যিক আৱেশ নাই। বাক্যেবাৰ চুটি চুটি আৰু পোনপটীয়া। তেওঁৰ ভাষাত ঘৰুৱা শব্দ চয়ন আৰু গাম্ভীর্য নাই। অৱশ্যে ক’ব পাৰি ভাষাৰ সৰলতাৰ বাবেই  কিজানি মালিকৰ উপন্যাস সৰ্বসাধাৰণৰ অতি ওচৰৰ।

লিখকে উপন্যাসখনত পোনপটীয়াকৈ কোনো উদ্ধৃতিৰ যোগ্য জীৱন দৰ্শন বা জীৱনৰ প্ৰতি মন্তব্য দিয়া নাই যদিও লিখকে উপন্যাসখনৰ কাহিনী ভাগৰ দ্বাৰা দেখুৱাব বিচাৰিছে যে মানৱ চৰিত্ৰ স্খলনৰ বাবে সমাজ ব্যৱস্থাৰ লগতে দৰিদ্ৰতাও  দায়ী। সামৰণিত ক’ব পাৰি  মালিকৰ ‘জীয়া জুৰিৰ ঘাট’ শিৰোনামৰ উপন্যাসটি আকাৰত সৰু হলেও বৰ্তমান সমাজৰ এটি ভয়াবহ দুৰ্বল দিশৰ সফল প্ৰতিফলন। ০ ০ ০

অসমীয়া উপন্যাস সমোলোচনা

 

চাৰ আৰ্থাৰ কেনান ডয়েলৰ উপন্যাস ‘বিলুপ্ত জগত’ – এক সমালোচনা

চাৰ আৰ্থাৰ কেনান ডায়েল (Sir Arthur Cenon Doyal) ৰ ‘বিলুপ্ত জগত’ (The Lost World) শিৰোনামাৰ গ্ৰন্থখন এখন বিশ্ব বিখ্যাত বিজ্ঞান ভিত্তিক কাল্পনিক উপন্যাস। উপন্যাসখনত লিখকে দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ দুয়োপাৰে থকা অটব্য হাবিত চলোৱা এক কাল্পনিক বিজ্ঞান ভিত্তিক অভিযান আৰু অনুসন্ধানৰ কাহিনী মনোৰম উপন্যাস শৈলীত ৰূপায়ন কৰিছে। উপন্যাসখনৰ বিষয়বস্তু আৰু তথ্যবোৰ কাল্পনিক যদিও বিজ্ঞানৰ লগত বহুত তথ্যৰ মিল আছে আৰু আজি ইয়াৰ প্ৰায় ভাগ তথ্যই বাস্তৱত সঁচা বুলি প্ৰমাণিত হৈছে। উপন্যাসখন প্ৰকাশ হোৱাৰ পিছত ইমানেই জনপ্ৰিয়তা অর্জন কৰিছিল যে পিছত এইটোৰ ওপৰত ভিত্তি কৰি বোলছবিও নিৰ্মাণ হৈছিল।

উপন্যাসখন যদিও বিজ্ঞান ভিত্তিক অনুসন্ধানৰ ওপৰত জোৰ দি লিখা হৈছে তথাপি ইয়াৰ কাহিনী ভাগ আৰম্ভ হৈছে প্ৰেমৰ কাহিনীৰে। উপন্যাসখন বৰ্ণনা কৰা হৈছে প্ৰথম পুৰুষত। বক্তাজনৰ নাম এডৱাৰ্ড ডি মেলন (Edward D. Melon)। তেওঁ  ‘ডেইলী গেজেট’ (Daily Gazette) নামৰ বাতৰি কাকত এখনৰ সাংবাদিক। বাতৰি যোগাৰ কৰি ডেইলী গেজেটলৈ পঠোৱাটোৱেই তেওঁৰ ব্যৱসায়। তেওঁৰ বিজ্ঞানৰ কোনো জ্ঞান নাই। তেওঁ গ্লেডিছ (Gladis) নামৰ ছোৱালী এজনীক ভাল পায়। কিন্তু গ্লেডিছে তেওঁক ভালপোৱা নিদিয়ে আৰু তেওঁৰ লগত বিয়াত সোমাবলৈ মান্তি নহয়। কাৰণ তাই এনেকুৱা এগৰাকী পুৰুষক ভাল পাব বিচাৰে যিজন অতি সাহসী ; যিজনে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ কোনো বিষ্ময়কৰ দুৰূহ কাম সম্পাদন কৰিব পাৰে। গ্লেডিছৰ ভাষাত,

“…………………তেওঁ এনে এজন মানুহ হ’ব লাগিব যি কিবা এটা কৰিব পাৰে, যাৰ কৰ্ম শক্তি আছে, যি নিৰ্ভয়ভাৱে মৃত্যুৰ মুখামুখি হ’ব পাৰে – যাৰ বহুবিধৰ আচৰিত অভিজ্ঞতা আছে। মইতো এজন  পুৰুষক ভাল পাব নোৱাৰোঁ, মই ভাল পাম তেওঁৰ বিজয় মাল্য, যি মোৰ শোভা বঢ়োৱাত সহায় কৰিব।”

তাই ইয়াতে থমকি নৰৈ, উদাহৰণ দি কৈছে: 

“ৰিচাৰ্ড বাৰ্টনলৈ চোৱা! মই যেতিয়া ঘৈনীয়েকে লিখা বাৰ্টনৰ জীৱনীখন পঢ়ো, তেতিয়া মই বাৰ্টন গৃহিনীৰ প্ৰেমৰ অৰ্থ  বুজিব পাৰো। আৰু ষ্টেনলি! তেওঁ স্বামীৰ সম্বন্ধে লিখা কিতাপখনৰ সেই আচৰিত শেষ অধ্যায়টো পঢ়ি চাইছেনে? এইবিলাক পুৰুষক তিৰোতাই সম্পূৰ্ণ সত্তাৰে পূজা কৰিব পাৰে।”

তেতিয়া মেলনেও বদ্ধপৰিকৰ হ’ল যে তেওঁ নিশ্চয় আচৰিত কিবা সম্পাদন কৰি গ্লেডিছক আনন্দিত কৰিব আৰু শেষত তেওঁ তাইক বিয়া কৰাব। গতিকে তেওঁ তেওঁৰ সম্পাদক মেক আৰ্ডল (Mac Ardle) ৰ ওচৰলৈ গ’ল আৰু ক’লে যে তেওঁক দুঃসাহসিক কাম এটি কৰিবলৈ দিব লাগে। কামটো সমাধা কৰোতে যিমানেই বিপদ কষ্টৰ সন্মুখীন হ’বলৈ হয় সিমানেই  ভাল। তেতিয়া সম্পাদক মেক আৰ্ডেলে ক’লে যে মেলনে যদি এনে দুঃৰূহ কামকে বিচাৰে তেন্তে বিখ্যাত প্ৰাণী-তত্বাবিদ প্ৰফেচাৰ চেলেঞ্জাৰৰ সাক্ষাৎকাৰ লৈ আহক।

প্ৰফেচৰ চেলেঞ্জাৰ (Professor Challenger) আচৰিত ব্যক্তিত্বৰ বৈজ্ঞানিক। তেওঁ ব্যক্তিগতভাৱে আগৰ বৈজ্ঞানিকসকলে আগবঢ়োৱা বৈজ্ঞানিক মতবাদ কিছুমান নাকচ কৰি বিজ্ঞান মহলত আলোড়ন তুলিছে। তেওঁ এবাৰ আমাজান নদীৰ অটব্য হাবিৰ মাজত সোমাই প্ৰাণীতত্বৰ বহুতো নমুনা সংগ্ৰহ কৰি আনিছে। কিন্তু তেওঁৰ তথ্যসমূহ  অস্পষ্ট হোৱা বাবে কোনেও তেওঁৰ কথা বিশ্বাস নকৰে। বহুতো সাংবাদিকেও তেওঁৰ কথাত অবিশ্বাস কৰি হাঁহি উৰাই দিয়াত তেওঁ সাংবাদিক বিদ্বেষী হৈ উঠিছে। তেওঁ এতিয়া কোনো সাংবদিকক সাক্ষাতৰ অনুমতি নিদিয়ে। তেওঁৰ মতে সাংবাদিকসকল হৈছে জধামুৰ্খ। সিহঁতৰ অকনমানো ভাল গুণ নাই। এবাৰ তেওঁ খঙত ‘টেলিগ্ৰাফ’ৰ সাংবাদিক ব্ল্যাণ্ডেৰ মূৰ ফালিছিল। সেয়ে কোনো সাংবাদিকে তেওঁৰ ওচৰ নচপা হৈছে। মেলনে এইজন ভয়ানক বিজ্ঞানীৰ সাক্ষাৎকাৰ লবলৈ দৃঢ় প্ৰতিজ্ঞ হ’ল। কিন্তু সাক্ষাৎকাৰ লোৱাৰ এটি চেলু বিচাৰি থাকিল। অৱশেষত চেলু বিচাৰি পালে। তেওঁ চেলেঞ্জাৰৰ নামত এটি চিঠি লিখি পঠালে। চিঠিত লিখিলে যে চেলেঞ্জাৰৰ যিবোৰ মতবাদ আন আন বৈঞ্জানিকে মানি লোৱা নাই সেইবোৰ তেওঁ ভালদৰে অধ্যয়ন কৰি মানি লৈছে। সেয়ে তেৱো চেলেঞ্জাৰৰ লগত সহযোগ কৰিব খোজে। যদি তেওঁ অনুমতি দিয়ে তেন্তে তেওঁৰ ওচৰলৈ গৈ আলোচনা কৰিব। 

চেলেঞ্জাৰে অৱশেষত নিজৰ মতৰ সমৰ্থক এজন পালে বুলি ভাৱি মেলনক দেখা কৰাৰ অনুমতি দিলে। যথাসময়ত মেলন গ’ল বুকু ভৰা ভয় আৰু শংকা লৈ। আচলতে বিজ্ঞানৰ ওপৰত মেলনৰ সামান্যতম জ্ঞানো নাই। দুয়োজনৰ মাজত আলোচনা চলিল। চেলেঞ্জাৰে মেলনক নিজৰ তত্ত্ববোৰ বুজাই থাকিল। মেলনে বুজাৰ ভাও জুৰি কেৱল ‘হয়’ ‘হয়’ কৰি থাকিল। অবশেষত ‘জাৰ্ম প্লাজম’ (Germ Plasm) আৰু ‘পাৰ্থেনো জেনেটিক ইগ’ৰ মাজৰ পাৰ্থক্য বুজাবলৈ যাওঁতে মেলনৰ মুখা খহি পৰিল। তেওঁ যে বিজ্ঞানৰ ভুৱা ছাত্ৰ হৈ তালৈ গৈছে চেলেঞ্জাৰে বুজি পালে। তেওঁ গৰ্জি  উঠিল। পাৰে মানে গালি পাৰিলে আৰু অৱশেষত তেওঁক আক্ৰমণ কৰি চিৰিৰে বগৰাই দিলে। ভাগ্য ভাল তাত এজন পুলিচ আছিল। তেওঁ মেলনক চেলেঞ্জাৰৰ বিৰুদ্ধে গোচৰ তৰিবলৈ ক’লে। কিন্তু মেলনে গোচৰ তৰিবলৈ অমান্তি হৈ ক’লে,

“দোষ মোৰ নিজৰেই। মইহে তেওঁৰ কামত মূৰ সোমোৱাইছিলো। কথাষাৰ শুনি চেলেঞ্জাৰে আচৰিত ধৰণে বদলি গ’ল আৰু মেলনক আকৌ ভিতৰলৈ মাতিলে। মেলনে নিজৰ দোষ স্বীকাৰ কৰা বাবে তেওঁক ভাল পালে আৰু মাতি নি আমাজান নদীৰ পাৰৰ অটব্য হাবিৰ পৰা সংগ্ৰহ কৰি অনা ভালেমান বস্তু দেখুৱালে। কিন্তু মেলনে ভিতৰি ভিতৰি বিশ্বাস কৰিবলৈ টান পালে। শেষত জুল’জিকেল ইনষ্টিটিউট হলত হ’ব লগা সভাত যোগ দিবলৈ আদেশ দি মেলনক বিদায় দিলে।

যথা সময়ত সভা আৰম্ভ হ’ল। চেলেঞ্জাৰে বক্তৃতা দিলে। কিন্তু বহুতেই বিশ্বাস কৰিবলৈ টান পালে। অৱশেষত চেলেঞ্জাৰৰ কথা আৰু বক্তৃতাৰ সত্যতা প্ৰমাণ কৰিবলৈ দক্ষিণ আমেৰিকালৈ এটি অনুসন্ধানকাৰী দল পঠোৱাৰ সিদ্ধান্ত হ’ল। দলটোত থাকিব মিষ্টাৰ ছামাৰ্লি, মিষ্টাৰ জন ৰক্সটন, মিষ্টাৰ মেলন আৰু চেলেঞ্জাৰ নিজে। 

সিহঁতৰ যাত্ৰা আৰম্ভ হ’ল। বহু আশংকা আৰু ভয়ৰ মাজেদি সিহঁতে গন্তব্য স্থান পালে। চেলেঞ্জাৰে কোৱা ধৰণে তাত নমুনাবোৰ পোৱা যাব বুলি কোনেও বিশ্বাস নকৰিলে। ছামাৰ্লি আৰু চেলেঞ্জাৰে নিজৰ নিজৰ মতামত লৈ সঘনে তৰ্কা-তৰ্কি কৰি থাকিল। অৱশেষত সিহঁতে গৈ গৈ ‘মেপল হুৱাইট লেণ্ড’ পালে। তাত গৈ পোৱাৰ লগে লগে চেলেঞ্জাৰৰ তথ্যৰ প্ৰমাণ ওলাই পৰিব ধৰিলে। অৱশেষত গোটেই কথা সত্যত পৰিণত হ’ল। সিহঁতে যিমান পাৰে সিমান অনুসন্ধান কৰি গ’ল। বহুতো বিপদৰো সন্মুখীন হ’ল। সিহঁতে তাত ‘ডাইনোচৰ’ আৱিষ্কাৰ কৰিলে। অসভ্য ইণ্ডিয়ান বুলি এটি মানৱ প্ৰজাতি আৱিষ্কাৰ কৰিলে। বনমানুহৰো মুখামুখি হ’ল। মেলনৰ বাহিৰে, এবাৰ সকলোৱেই বনমানুহৰ কৱলত পৰিল। এনেদৰে সিহঁতে নানান নমুনা সংগ্ৰহ কৰি তাৰ পৰা ওভতি আহিল। সিহঁতক দেশৰ মানুহে আনন্দৰে অভিবাদন জনালে। পিছদিনা কুইনচ হলত এটি সভা অনুষ্ঠিত হ’ল। আটায়ে বক্তৃতা দিলে। কিন্তু এইবাৰো বহুতো বিজ্ঞানীয়ে চেলেঞ্জাৰ আৰু তেওঁৰ সহযোগীয়ে দিয়া বক্তৃতা বিশ্বাস নকৰিলে। সিহঁতৰ কথাবোৰ আনকি তথ্যবোৰ গোকাট মিছা আৰু জাল কৰা বুলি অভিযোগ আনিলে। অৱশেষত চেলেঞ্জাৰে বাকচত ভৰাই অনা জীৱন্ত ডাইনোচৰ এটি দৰ্শকৰ মাজত এৰি দিলে। চাৰিওফালে হৈ চৈ লাগিল। সকলোৱে বিশ্বাস কৰিলে চেলেঞ্জাৰৰ গৱেষণা আৰু তথ্যবোৰ সত্য বুলি।

চমুকৈ উপন্যাসখনৰ কাহিনী এইখিনিয়েই। উপন্যাসখনত লিখকে দেখুৱাইছে যে আজিকালিও পৃথিৱীত এনে কিছু অঞ্চল আছে, যি অঞ্চলৰ বিষয়ে মানৱ সমাজ আজিও অজ্ঞ। অনুসন্ধান কৰিলে এনে ঠাইৰ পৰা সভ্যতাৰ বহুত দৃষ্টান্ত পাব পাৰি। 

উপন্যাসখনত মুঠ চাৰিটা প্ৰধান চৰিত্ৰ আছে। তাৰ ভিতৰত প্ৰফেছৰ চেলেঞ্জাৰ প্ৰধান। কাহিনীটো তেওঁক কেন্দ্ৰ কৰি আৰম্ভ হৈছে আৰু তেওঁক কেন্দ্ৰ কৰিয়েই সামৰণি পাইছে। আন সকলোবোৰ চৰিত্ৰতকৈ চেলেঞ্জাৰেই বিশেষ ব্যক্তিত্বৰ চৰিত্ৰ। তেওঁক ঔপন্যাসিকে কুঠৱা, খঙাল, খিংখিঙ্গীয়া, কাজিয়াপ্ৰিয় বুলি অভিহিত কৰিলেও তেঁৱেই বিজ্ঞানী সমাজৰ শিৰোমণি বুলি প্ৰমাণিত হ’ল। বাকী চৰিত্ৰবোৰৰ নিজা নিজা বৈশিষ্ট্য আছে যদিও চেলেঞ্জাৰৰ প্ৰভাৱত নিষ্প্ৰভ হৈ পৰিছে।

উপন্যাসখন মেলন আৰু গ্লেডিচৰ মাজত প্ৰেমৰ ঘটানৰে আৰম্ভণি হৈছে আৰু ইয়াৰ সমাধানেৰে কাহিনীভাগ শেষ হৈছে। মেলনে গ্লেডিছক পাব নোৱাৰিলে। গ্লেডিছক সন্তুষ্ট কৰাৰ বাবেই মেলনে এনে দুঃৰূহ অভিযানত নামি পৰে যদিও শেষ মূহৰ্তত গ্লেডিছে মেলনক বিশ্বাসঘাতকতা কৰি ‘উইলিয়াম পটছ’ নামে অইন এজন ডেকাৰ লগত বিবাহত সোমায়। মেলন আৰু গ্লেডিছৰ সম্পৰ্কৰ দ্বাৰা ঔপন্যাসিকে নাৰী মনস্তত্বও ফুটাই তুলিছে। ঔপন্যাসিকে দেখুৱাব বিচাৰিছে যে নাৰীসকল স্বভাৱতে প্ৰতিভাশালী পুৰুষকহে ভাল পায়। সিহঁতে বিশেষ ব্যক্তিত্বৰ পুৰুষসকলক ভাল পাই নিজকে গর্বিত বুলি অনুভৱ কৰে। ইয়াৰ উপৰিও নাৰীসকলে যে নিজৰ প্ৰিয় পুৰুষৰ দীৰ্ঘ অনুপস্থিতিত ভুলি গৈ আন পুৰুষৰ লগত বিয়া হ’ব পাৰে তাৰো চিত্ৰ ঔপন্যাসিকে অংকন কৰিছে।

উপন্যাসখনৰ পৰিৱেশ অংকনত লিখকে সফলতা অৰ্জন কৰিব পাৰিছে। দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ দুয়োপাৰৰ অটব্য হাবিৰ বৰ্ণনা এনেভাৱে দিছে যেন পাঠকে নিজ চকুৰে উপভোগ কৰি আছে। এইখন উপন্যাস অধ্যয়ন কৰোতে এখন অসমীয়া উপন্যাসৰ কথা মনত পৰে। উপন্যাসখনৰ নাম ‘অসীমত যাৰ হেৰাল সীমা’। উক্ত উপন্যাসখনৰ লিখক কাঞ্চন বৰুৱাই প্ৰায় তেৰ শ বছৰ আগৰ পূৰ্ব অসমৰ প্ৰাকৃতিক তথা সামাজিক চিত্ৰ অংকন কৰিছে। অৱশ্যে দুয়োখন উপন্যাসৰ মাজত আদৰ্শত পাৰ্থক্য বিৰাজমান। 

উপন্যাসখনৰ ভাষা সহজ আৰু সৰল যেন লাগিলেও ঔপন্যাসিকে কিছুমান বৈজ্ঞানিক পৰিভাষা প্ৰয়োগ কৰিছে যিবোৰ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাহিৰে সাধাৰণ পাঠকৰ বাবে দুর্বোধ্য। কাহিনী বিন্যাসৰ দিশৰ পৰাও উপন্যাসখন সফল আৰু যুক্তিযুক্ত। 

সামৰণিত ক’ব পাৰি, চাৰ আৰ্থাৰ কেনান ডয়ালৰ ‘বিলুপ্ত জগত’ শিৰোনামৰ উপন্যাসখন পৃথিৱীৰ বিজ্ঞান ভিত্তিক উপন্যাস সাহিত্যৰ ভিতৰত অন্যতম – যিখনৰ জনপ্ৰিয়তা আজিও বিদ্যমান।০ ০ ০

অসমীয়া উপন্যাস সমোলোচনা

 

ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস, ‘জীৱন আৰু লালসা’- এক মসালোচনাত্মক আলোচনা  

ৰমেশ চন্দ্ৰ কলিতাৰ ‘জীৱন আৰু লালসা‘ শিৰোনামৰ উপন্যাসখন এটি বুৰঞ্জীমূলক উপন্যাস (Historical Novel)। উপন্যাসখনৰ কাহিনীভাগৰ পটভূুমি হৈছে সোতৰ শ শতাব্দীৰ অসম। উপন্যাসখনত আহোম স্বৰ্গদেউ ‘নৰিয়া ৰজা’ৰ ৰাজত্ব কালৰ শেষ বছৰকেইটিৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ এটি চিত্ৰন আছে। ঔপন্যাসিকে উপন্যাসখনত  নৰিয়া ৰজাৰ তোলনীয়া পুতেক ‘কুকুৰে খোৱা গোঁহাই’ৰ অত্যাচাৰ উৎপীড়ন আৰু উদ্ধতালিত অতিষ্ঠ হৈ  প্ৰজাসাধাৰণে কেনেদৰে নাৰিয়া ৰজাৰ অন্যতম পুত্ৰ খহুৱা কোঁৱৰ বা চুতামফা (জয়ধবজ সিংহ) ক আহোম সিংহাসনত বহুৱায় সেই কাহিনী লিখকে ঐতিহাসিক দৃষ্টিকোণেৰে অথচ উপন্যাসৰ কলা-কৌশল অটুট ৰাখি ৰসাল ৰূপত কিছুমান কাল্পনিক চৰিত্ৰ যোগ দি উপস্থাপন কৰিছে।

ঔপন্যাসিকে উপন্যাসখনৰ আৰম্ভণিতে ‘ৰঙাই’ নামৰ কল্পনিক চৰিত্ৰ এটিৰ সংযোজনা কৰি লিখিছে যে তেওঁ হৈছে সাধাৰণ পাইক এজনৰ পুত্ৰ। তেওঁ ‘শেৱালী’ নামৰ ছোৱালী এজনীক ভাল পায়। দুয়োজনৰ পিতৃ-মাতৃয়েও সিহঁতৰ মনৰ মিল দেখি বিয়া পাতি দিয়াৰো সিদ্ধান্ত লৈছে। এনেতে ৰঙাইৰ মাত আহিল ৰজাঘৰৰ পৰা পাইক খাটি দিবলৈ। ৰঙাইয়ে পাইক খাটিবলৈ গ’ল। পাইক খটা অৱস্থাত তেওঁ এবাৰ ৰণতো যাবলগা হৈছিল। ৰণত বিক্ৰমো দেখুৱাইছিল। ৰজাঘৰত এনেদৰে তিনিমাহ পাইক খাটি ঘৰলৈ ওভতি আহিল। ইপিনে পিতৃ-মাতৃয়ে ৰঙাই পাইক খাটি ওভতি অহাৰ পিছতেই শেৱালিৰ লগত বিয়া পাতি দিয়াৰ বন্ধোৱস্ত কৰি থৈছিল। ৰঙাই ঘৰলৈ আহিয়েই প্ৰেমিকা শেৱালিক লগ ধৰিবলৈ গ’ল। সেই সময়ত শেৱালি পথাৰত কঠিয়া তুলি আছিল। ৰঙাইয়ে শেৱালিক বিচাৰি পথাৰ পালেগৈ। বহুদিনৰ মূৰত প্ৰেমিক-প্ৰেমিকাৰ দেখা হোৱাত দুয়োজনে মনৰ কথা পতাৰ আয়োজন কৰিছে। এনেতে দেখে যে চুতিমফা বা নৰীয়া ৰজাৰ বৰকুঁৱৰীৰ পুতেক অৰ্থাৎ ডাঙৰজন ৰাজকোঁৱৰ ‘কুকুৰে খোৱা গোহাঁই’ ঘোঁৰাত উঠি লগত মেজি আৰু কলামণি নামৰ লগৰীয়া দুজন লৈ সেইফালে আহি আছে। সিহঁত আহি আহি শেৱালিৰ কাষ পালে আৰু কুকুৰে খোৱা গোঁহাইয়ে মেজি আৰু কলামণিক আদেশ দিলে শেৱালিক ধৰি আনিবলৈ। লগে লগে মেজি আৰু কলামণিয়ে শেৱালিক বলেৰে টানি-আঁজুৰি কুকুৰে খোৱা গোঁহাইৰ ঘোঁৰাত তুলি দিলে। এনেতে ৰঙাইয়ে বাধা দিয়াত তেওঁক চাবুকেৰে কোৱাই অজ্ঞান কৰি পেলাই থৈ ঘোঁৰাত  উঠিল। এনেতে ৰঙাইৰ দুজন সমনীয়া বন্ধু ধনাই আৰু মনাই হঠাৎ সেই ঠাইত উপস্থিত হ’ল আৰু কুকুৰে খোৱা গোঁহাইৰ কৱলৰ পৰা শেৱালিক উদ্ধাৰ কৰিলে। কুকুৰে খোৱা গোঁহাই ভয়ত পলাই গ’ল। এই ঘটনাৰ তিনিদিন পিছত ৰঙাইয়ে কুৰুৱাবাহী সত্ৰলৈ গ’ল শৰণ ল’বলৈ। শৰণ লৈ অহাৰ পিছত ৰজাঘৰৰ পৰা চমন পালে যে তেওঁ পাইক খাটি দিয়াৰ সময়ত ৰণত বিক্ৰম দেখুৱাৰ কাৰণে ৰজাই তেওঁক বঁটা দিবলৈ মাতি পঠিয়াইছে। বঁটা গ্ৰহণ কৰিবলৈ তেওঁ আনন্দমনেৰে ৰাজধানীলৈ গৈ বঁটা গ্ৰহণ কৰিলে। কিন্তু ওভতি অহা সময়ত কুকুৰে খোৱা গোঁহায়ে মেজি আৰু কলামণিৰ সহযোগত ৰঙাইক আক্ৰমণ কৰি মাৰি পেলাই প্ৰতিশোধ ললে। ৰঙাইক হত্যা কৰাৰ বাতৰি চাৰিওফালে সিচঁৰতি হৈ পৰিল। কুকুৰে খোৱা গোঁহাইৰ অত্যাচাৰ আৰু অপকৰ্মত কোনেও মুখ ফুটাই একো ক’ব নোৱাৰিলে যদিও ভিতৰি ভিতৰি প্ৰজাসাধাৰণ তেওঁৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ থাকিল। শেৱালি পাৰে মানে কান্দিলে। এনেতে বৰগোঁহাইয়ে কুকুৰেখোৱা গোঁহাইৰ প্ৰতিশোধ লোৱাৰ বাবে বুদ্ধি কৰি শেৱালিক ৰাজকাৰেঙত তামুলী লিগিৰী পাতি দিলে। নৰীয়া ৰজা প্ৰায়ে অসুখত ভূগি বিচনাত পৰি থকা বাবে ৰাজকাৰ্যত সিমান চকু দিব পৰা নাছিল। নৰীয়া ৰজাৰ পিছত বৰকুঁৱৰীয়ে নিজৰ পুত্ৰ কুকুৰেখোৱা গোহাঁইক ৰজা পাতিবলৈ মনে মনে আশা পাঙি আছিল। কিন্তু কুকুৰেখোৱা গোঁহাই  আছিল অত্যাচাৰী আৰু নিষ্ঠূৰ হৃদয়ৰ ৰাজকোঁৱৰ। তেওঁ এবাৰ জাকৈ বাই থকা তিৰোতা এজনীৰ তপিনালৈ বাটলুগুটি মাৰিছিল। এবাৰ গর্ভিনী নাৰী এগৰাকীৰ পেটফালি সন্তান উলিয়াই ৰঙ চাইছিল। আকৌ এবাৰ চেনেহী নামৰ গাভৰু ছোৱালী এজনীৰ সতীত্ব নাশ কৰাৰ চেষ্টা চলাইছিল। তেওঁৰ এনে অত্যাচাৰ উৎপীড়ণত জনসাধাৰণে নৰীয়া ৰজাৰ দ্বিতীয় পুত্ৰ খহুৱা কোঁৱৰক ৰজা পতাৰ সিদ্ধান্ত লৈছিল। আনহাতে বৰকুঁৱৰীয়ে নিজৰ পুত্ৰ কুকুৰে খোৱা গোঁহাইক সিংহাসনত বহুৱাৰ বাঞ্ছা কৰি খহুৱা কোঁৱৰক ভাতৰ লগত বিহ মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু শেৱালিয়ে তেওঁক ৰক্ষা কৰে। আকৌ এবাৰ বৰকুঁৱৰী আৰু কুকুৰে খোৱা গোঁহাইৰ চক্ৰান্তত মেজি আৰু কলামণিয়ে আন কেইজন লগৰীয়াৰ লগলাগি খহুৱা কোঁৱৰক হত্যা কৰাৰ পৰিকল্পনা কৰি খহুৱা কোঁৱৰৰ ঘৰত সোমাইছিল। কিন্তু সকলো বিপদৰপৰা খহুৱা কোঁৱৰ ৰক্ষা পৰে। ইতিমধ্যে খহুৱা কোঁৱৰে খামুন নাওবৈচা ফুকনৰ কন্যা চেনেহীৰ প্ৰেমত পৰে। কিন্তু খহুৱা কোঁৱৰে বৰকুঁৱৰীৰ ষড়যন্ত্ৰত পৰি মৃত্যুৰ আশংকা কৰা বাবে চেনেহীক বিয়া কৰাবৰ প্ৰস্তাব দিব নোৱাৰিলে। আনহাতে চেনেহীৰ পৰা অহা প্ৰস্থাৱো অগ্ৰাহ্য কৰিলে। শেষত চেনেহীৰ পিতৃ-মাতৃয়ে কলামণি নামৰ সাধাৰণ চমুৱাৰ ল’ৰা এজনলৈ বিয়া দি দিলে।

এদিনাখন বৰগোঁহাই, ফুকন, বৰুৱা, শুকুলাহুদু আৰু আন আন দেশহিতৈষী প্ৰজাসাধাৰণে যুক্তি-বুদ্ধি কৰি অকস্মাৎ ৰাজধানী আক্ৰমণ কৰি নৰীয়া ৰজাক বন্ধী কৰিলে আৰু কুকুৰে খোৱা গোঁহাই, বৰকুঁৱৰী আৰু আন আন অত্যাচাৰী লোকসকলক হত্যা কৰি খহুৱা কোঁৱৰক ৰজা পাতিলে। ৰজা হৈ খহুৱা কোঁৱৰে হিন্দুমতে ‘জয়ধবজ সিংহ’  নাম ললে। ইতিমধ্যে খহুৱা কোঁৱৰে চেনেহীক নেপাই তাইৰ সৰু ভনী ‘কুসুমীক’ বিয়া কৰালে। খহুৱা কোঁৱৰে শিঙৰী ঘৰত উঠি ৰজা হ’ল। কুসুমী বৰকুঁৱৰী হ’ল। কুসুমীক বিয়া কৰালেও চেনেহীৰ প্ৰতি ৰজাৰ দুৰ্বলতা আছিল। এনেতে ৰজাই এদিন চেনেহীক (যিজনী কুসুমীৰ বাইদেউ) ৰাজধানীলৈ মাতি আনিলে আৰু কি অসুবিধাত পাৰি চেনেহীক বিয়া কৰাব নোৱাৰিলে তাক বুজাই কবৰ বাবে ইচ্ছা কৰিলে। কিন্তু চেনেহী এতিয়া অন্য পুৰুষৰ স্ত্ৰী। সেয়ে তাই ৰজাৰ কথাকো আওকান কৰি নীৰৱ হৈ থাকিল। ইপিনে চেনেহী ৰাজকাৰেংলৈ যোৱা বাবে মৰাপাৰ গোঁহাই, সনাতন ঠাকুৰ আৰু ৰত্বহৰি দৈবজ্ঞ নামৰ মানুহ তিনিজনে দুৰ্নাম লটিলে যে চেনেহী আৰু ৰজাই প্ৰণয়ত আবদ্ধ। গতিকে ৰজাই জাত মাৰিলে। সিহঁতে মিলি খহুৱা ৰজাৰ ষড়যন্ত্ৰ কৰি হত্যা কৰাৰ পৰিকল্পনা কৰিলে। অৱশেষত ষড়যন্ত্ৰটি ধ’ৰা পৰিল। ৰজাই সকলো বিদ্ৰোহীক ধৰি আনি নচ্চা শূলত দি হত্যা কৰিলে। চেনেহীৰ গিৰীয়েকো মৰা পৰিল। তেতিয়া ৰজাই চেনেহীক গ্ৰহণ কৰি ‘পৰ্বতীয়া কুঁৱৰী’ পাতিলে।

এনেদৰে ঔপন্যাসিকে বুৰঞ্জীৰ ঘটনা এটিক কল্পনাৰ সহায়ত উপন্যাসৰ ৰস আৰু পোছাক পিন্ধাই মনোৰমকৈ লিখি উলিয়াইছে। কুকুৰে খোৱা গোঁহাইৰ অত্যাচাৰৰ আভাষ দিবৰ বাবেই ঔপন্যাসিকে কিছুমান কাল্পনিক চৰিত্ৰ যেনে – চেনেহী, শেৱালি, কুসুমী, মেজা, কলামণি আদিৰ জন্ম দিছে। কুকুৰে খোৱা গোঁহাইৰ অত্যাচাৰ উৎপীড়ণৰ কাহিনী সুকুমাৰ মহন্তৰ ঘৰৰপৰা উদ্ধাৰ কৰা ‘বুৰঞ্জী’ আৰু পুৰাতত্ব বিভাগৰ দ্বাৰা প্ৰকাশিত ‘অসম বুৰঞ্জী’ত পোৱা যায়। এই উপন্যাসখনত কল্পনাৰ সমাহাৰ থাকিলেও বুৰঞ্জীৰ সত্য বিকৃত হোৱা নাই। উপন্যাসখনত লিখকে কাহিনীৰ লগতে সেই সময়ৰ অসমীয়া সমাজৰ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অৱস্থাৰ চিত্ৰও ঐতিহাসিক দৃষ্টিকোণৰ পৰা যথাযথ অংকন কৰাত সফল হৈছে।

উপন্যাসখনৰ প্ৰধান পুৰুষ চৰিত্ৰ দুটি – কুকুৰেখোৱা গোঁহাই আৰু খহুৱা কোঁৱৰ। কুকুৰে খোৱা গোঁহাইক ঔপন্যাসিকে মইমতীয়া, অত্যাচাৰী আৰু প্ৰজা-বিদ্বেষী, চৰিত্ৰহীন হিচাপে অংকন কৰিছে আৰু খহুৱা কোঁৱৰক চৰিত্ৰবান, প্ৰজাৰঞ্জক আৰু মানৱীয় গুণেৰে বিভূষিত কৰি ইতিহাসৰ সত্য অব্যাহত ৰাখিছে। শেৱালি আৰু চেনেহী হৈছে উপন্যাসখনৰ প্ৰধান দুটি নাৰী চৰিত্ৰ। শেৱালি আৰু চেনেহী দুয়োজনীয়েই প্ৰেমৰ জুইত পুৰা হৃদয়লৈ পাৰ্য্যমানে অত্যাচাৰী শাসকৰ বিৰুদ্ধে লৰি খহুৱা কোঁৱৰৰ সপক্ষে মাত মাতি স্বদেশ প্ৰেমৰ দৃষ্টান্ত দেখুৱাইছে।

কাহিনী বিন্যাস (Plot Structure) ৰ পিনৰ পৰাও উপন্যাসখন আঁটিল আৰু কলাসুলভ। ঔপন্যাসিকে ৰঙাইৰ হত্যাকাণ্ডৰ লগে লগে কাহিনীভাগক  আৰোহণলৈ আগবঢ়াই নি যুক্তি-সঙ্গত ৰূপত খহুৱা কোঁৱৰক ভাতৰ লগত বিহ খুৱাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰাৰ মূহুৰ্তত শীৰ্ষ বিন্দু পোৱাইছে। উপন্যাসখনৰ ভাষা সহজ যদিও মাজে মাজে আহোম শব্দ প্ৰয়োগ কৰি উপন্যাসখন মধ্যযুগৰ গোন্ধেৰে ভৰাই তুলিবলৈ চেষ্টা কৰিছে।

উপন্যাসখনত হাস্য ৰস নাই। আছে কৰুণ ৰস। ৰঙাই-শেৱালিৰ প্ৰেম প্ৰসঙ্গ, চেনেহী আৰু খহুৱা কোঁৱৰৰ প্ৰেম প্ৰসঙ্গ , আনকি কুকুৰে খোৱা গোঁহাইৰ অত্যাচাৰৰ ঘটনা আদি কৰুণ ৰসেৰে সিক্ত। 

মুঠতে ক’ব পাৰি ৰমেশ চন্দ্ৰ কলিতাৰ ‘জীৱন আৰু লালসা’ নামৰ উপন্যাসখন কাহিনী আৰু ক’লা – দুয়ো দিশতে সফল ঐতিহাসিক উপন্যাস। ০ ০ ০

অসমীয়া উপন্যাস সমোলোচনা

 

নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ উপন্যাস, ‘মল্লিকা’- এক সমালোচনাত্মক আলোচনা 

নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ ‘মল্লিকা’ শিৰোনামৰ উপন্যাসখন সামাজিক উপন্যাস। সহানুভূতি আৰু প্ৰেম হৈছে উপন্যাসখনৰ প্ৰধান আলোচ্য বিষয়। উপন্যাসিকে ‘মল্লিকা’ নামৰ দুখীয়া ছোৱালী এগৰাকীৰ প্ৰতি ধনী ঘৰৰ ‘পংকজ’  নামৰ ল’ৰা এজনে দেখুৱা সহানুভূতি আৰু পিছলৈ তাইৰ লগত হোৱা প্ৰেমৰ কাহিনী উপন্যাসখনত নাটকীয় সাৱলীল বৰ্ণনা আৰু সৱল ভাষাত উপস্থাপন কৰিছে। 

উপন্যাসখনৰ প্ৰধান নাৰী চৰিত্ৰজনীৰ নাম মল্লিকা। তাই অতি দুখীয়া ঘৰৰ ছোৱালী। পৰিয়ালৰ ডাঙৰ সন্তান হোৱা বাবে পৰিয়ালৰ দায়িত্ব তাইৰ ওপৰত পৰিছে। তাই কাম বিচাৰি তেজপুৰ নগৰলৈ আহিছে। তাত ‘অবিনাশ হাজৰিকা’ নামৰ এজন মালিকৰ ঘৰত ভাড়াতীয়া হৈছে। তাত তাই দুটামান টিউচন কৰি কোনোমতে চলি থকাৰ উপৰিও ঘৰলৈয়ো টকা-পইচা পঠাব লাগে। এবাৰ তাইৰ পিতাকৰ অসুখ বেছি হোৱাত টকাৰ সমস্যাত পৰি সেই নগৰৰে পংকজ  নামৰ অচিনাকী ডেকা ল’ৰাক নিজৰ ভাড়া ঘৰলৈ মাতি আনে। দেউতাৰ চিকিৎসাৰ বাবে তাই পংকজৰ সহায় বিচাৰি দহ টকা বিচৰাত পংকজে তাইক বিশ টকা দিয়ে। এয়ে চিনাকী। পিছলৈ দুয়োজনৰ মাজত আত্মীয়তা বাঢ়ি যায় আৰু এদিনাখন মল্লিকাক লগত লৈ মল্লিকাহঁতৰ ঘৰলৈ যায় আৰু মল্লিকাৰ পিতাকৰ চিকিৎসাৰ বাবে ঔষধ-পাতি কিনি দিয়াৰ উপৰিও টকা দি আহে। তাৰ পিছদিনা তাই নিমন্ত্ৰণ ক্ৰমে পংকজহঁতৰ ঘৰলৈ যায়। পংকজৰ ভতিজা ‘নিতু’ৰ জন্মোৎসৱ পালনত তাইয়ো অতিথি হয়। পংকজহঁতৰ পৰিয়ালৰ লগত পৰিচয় হয়। ৰাতি এবাৰ পংকজে মল্লিকাৰ ঘৰত আহি দেখে যে মল্লিকাই অবিনাশ হাজৰিকা নামৰ এজন লোকক অৰ্থাৎ তাইৰ ভাড়া ঘৰৰ মালিকক মদ খুৱাই বিচনাত শুৱাই  মূৰ পিহি আছে। দৰজাৰ ফাঁকেদি এই দৃশ্য দেখি পংকজ অবাক হোৱাৰ লগতে তাইৰ প্ৰতি ঘৃণা ভাৱ উপজিল। অৱশ্যে তাৰ পিছদিনা আগৰ আমন্ত্ৰণ ক্ৰমে তাই পংকজৰ পৰিয়ালৰ সৈতে পিকনিকলৈ গ’ল। কিন্তু পংকজে মল্লিকাৰ লগত কোনো কথা-বতৰা নাপাতিলে। সিহঁতৰ মাজত দূৰত্ব বাঢ়ি গ’ল। এবাৰ পংকজে তাই ভাড়াত লৈ থকা বাৰীখন ইয়াৰ মালিক অবিনাশ হাজৰিকাৰ পৰা পঞ্চাশ হাজাৰ টকাত কিনি ল’লে। পংকজে মল্লিকাৰ ওচৰলৈ নোযোৱা হ’ল। পংকজৰ ককায়েক দিব্যেন্দু এবাৰ মল্লিকাৰ ওচৰলৈ গৈ তাইৰ দেহা ভোগ কৰাৰ প্ৰস্তাৱ আগবাঢ়িছিল। কিন্তু তাই অগ্ৰাহ্য কৰি তাৰ পৰা দিব্যেন্দুক প্ৰায় অপমান কৰি পঠাই দিলে। পংকজৰ মন ভাগি পৰিল। তেওঁ তেওঁৰ বাল্য বান্ধৱী কল্পনাহঁতৰ ঘৰলৈ যোৱা আৰম্ভ কৰিলে। এদিন কল্পনাই তেওঁক গান গাই শুনালে। কেনেবাকৈ মল্লিকাৰ কথা উঠিল। পংকজে ক’লে যে মল্লিকাই  ভাড়াত থকা মাটি-বাৰীখিনি মালিকৰ পৰা কিনি লৈছে আৰু এতিয়া মল্লিকাক আন ঠাইলৈ গুচি যাবলৈ ক’ব – কাৰণ মল্লিকাক সহায় কৰিবহে লাগে, সি তাইৰ পৰা কিন্তু সহায় পোৱাৰ আশা নাই। সেইখন ঘৰৰ আন এটি কোঠাৰ পৰা মল্লিকাই কথাষাৰ শুনিলে। কাৰণ পংকজ কল্পনাহঁতৰ ঘৰলৈ যোৱাৰ আগতেই মল্লিকায়ো কল্পনাহঁতৰ ঘৰলৈ গৈছিল। কিন্তু পংকজে মল্লিকাৰ উপস্থিতি গম পোৱা নাছিল। সেই ৰাতিয়েই  মল্লিকাই অপমান বোধ কৰি ভাড়া ঘৰ এৰি গুৱাহাটীলৈ যাব ওলায়। সকলো বস্তু-বাহানি লৈ ৰেলত উঠিল। ৰেল তেতিয়াও চলিবলৈ আৰম্ভ কৰা নাই। হঠাতে পংকজ গৈ তাত উপস্থিত হ’ল। মল্লিকাৰ প্ৰতি বেয়া মন্তব্য কৰাত পংকজে তাইৰ ওচৰত ক্ষমা বিচাৰিলে আৰু তাইক ৰেলৰ পৰা নামি আকৌ ভাড়াঘৰলৈ ওভতি আহিবলৈ অনুৰোধ জনালে। তাই  আপত্তি কৰিলে। কিন্তু মল্লিকা ঘূৰি নাহিলে পংকজে আত্মহত্যা কৰিব বুলি কোৱাত তাই ঘূৰি আহিল। দুয়োজনৰ মুকলি আলোচনাত দুয়োজনৰ ভুল ভাগিল। পংকজে মল্লিকাৰ প্ৰেমত পৰিল । বিয়াৰ প্ৰস্তাৱ দিলে যদিও মল্লিকা বিয়া পতাত সন্মতি নিদিলে। তাই যুক্তি দৰ্শালে যে তাই বিয়াত সোমালে পিতৃ-মাতৃ আৰু ভাই-ভনীক নিঠৰুৱা কৰা হ’ব- কাৰণ সিহঁতক ভৰণ-পোষণ কৰাৰ দায়িত্ব তাইৰ ওপৰত। পিছলৈ এদিন পংকজে মল্লিকাহঁতৰ ঘৰলৈ গ’ল আৰু মল্লিকাৰ লগতে মল্লিকাৰ ভন্টী মিছ মনজুলাকো লৈ আহিল। সিহঁত তিনিজনীয়ে ভ্ৰমণলৈ ওলাল। ঐতিহাসিক ঠাই ভ্ৰমণ কৰিলে। মল্লিকাই পংকজক অনুৰোধ কৰিলে তেওঁ যেন মল্লিকাক বিয়া নকৰি ভন্টী মনজুলাক বিয়া কৰায়। পংকজে কিন্তু মল্লিকাকে বিয়া কৰাবৰ বাবে দৃঢ়তা প্ৰকাশ কৰিলে- কাৰণ ইতিমধ্যে তেওঁ মল্লিকাক হৃদয়ত স্থান দিছে।

চমুকৈ এইখিনিয়েই উপন্যাসখনৰ কাহিনী। উক্ত কাহিনীৰ মাজেদি ঔপন্যাসিকে পংকজ আৰু মল্লিকাৰ চৰিত্ৰ স্পষ্টভাৱে ফুটাই তুলিছে। পংকজ মানৱীয় গুণেৰে পৰিপূৰ্ণ। তেওঁ সহজ, সৰল আৰু পৰোপকাৰী। তেওঁ মল্লিকাক সহায় কৰিছে কোনো স্বাৰ্থ নৰখাকৈয়ে। পিছলৈ সিহঁতৰ মাজত প্ৰেমৰ উদ্ৰেক হয়। কিন্তু সিহঁতৰ প্ৰেমত কামনাৰ হাবিয়াস নাই। সিহঁতৰ প্ৰেম আন্তৰিক আৰু মানৱীয়। মল্লিকাও সতী আৰু গুণী ছোৱালী। তাইৰ অৰ্থনৈতিক দুবৰ্বলতাৰ বাবে পৰিস্থিতিৰ দাসত পৰিণত হৈছে। অবিনাশ হাজৰিকাক তাই মদ  খুৱাই অসৎ অভিপ্ৰায় সিদ্ধি কৰাৰ পৰা দূৰত ৰাখিছে। তাই যে নিষ্পাপী- উপন্যাসখনৰ শেষ ভাগত ফুটি উঠিছে। পাঠকৰ সহানুভূতি উপন্যাসখনৰ আদিৰ পৰা মল্লিকালৈ গৈছে যদিও শেষ ভাগত মল্লিকা দেৱীৰ আসন পোৱাৰ অৱস্থাত উপনীত হৈছে। এই দুটা চৰিত্ৰৰ বাহিৰে আন চৰিত্ৰবোৰ গৌণ যদিও অবিনাশ হাজৰিকা আৰু দিব্যেন্দু নষ্ট চৰিত্ৰৰ লোক। সিহঁতে দুবৰ্বলী বুলি ভাৱি মল্লিকাৰ প্ৰতি কামাসক্ত দৃষ্টিৰে চাই লাম্পট্যতাৰ পৰিচয় দিছে। দিব্যেন্দুৰ পত্নী অনুৰাধা এজনী আদৰ্শ আৰু চৰিত্ৰবান গুণী মহিলা। উপন্যাসখনত তাইৰ চৰিত্ৰও স্পষ্ট প্ৰকাশ পাইছে।

উপন্যাসখনৰ কাহিনী বিন্যাস নাটকীয় দৃষ্টি-ভঙ্গীৰে বিন্যস্ত কৰা হৈছে যদিও ঔপন্যাসিকে কাহিনীৰ নাটকীয় স্তৰসমূহ স্পষ্টকৈ ফুটাই তোলাত সফল হ’ব পৰা নাই। ঔপন্যাসিকে উপন্যাসখন একে উশাহতে লিখা যেন ভাৱ হয়; কিয়নো এটা স্তৰৰ পৰা কাহিনী ভাগক আন এটা স্তৰলৈ আগবঢ়াই নিওঁতে ঔপন্যাসিকে কোনো ছেদ ৰখা নাই। কাহিনীভাগক স্তৰ অনুযায়ী অধ্যায়ত ভাগ কৰি বিন্যস্ত কৰিলে উপন্যাসখন সুশৃঙ্খল হ’লহেঁতেন।

উপন্যাসখনত লিখকে নাটকীয় কথোপকথনৰ দ্বাৰা কাহিনীভাগক আগবঢ়াই নিয়াত সফল হৈছে। বৰ্ণনাৰ পৰিমাণ কম। চৰিত্ৰসমূহৰ উক্তি একাঙ্কীয়া  নাটকৰ উক্তিৰ দৰে চুটি চুটি। কিন্তু উক্তিসমূহত গাম্ভীৰ্যৰ অভাৱ পৰিলক্ষিত হয়। 

কাহিনীৰ পৰিৱেশ সৃষ্টিত লিখক সচেতন নহয় যেন লাগে। পৰিৱেশৰ হুবহু বা চিত্ৰধৰ্মী বৰ্ণনা দাঙি ধৰাত লিখক অসফল হৈছে। উপন্যাসখনৰ শেষৰ পিনে তেজপুৰৰ ঐতিহাসিক স্থানসমূহৰ যি বৰ্ণনা দাঙি ধৰিছে সি প্ৰাচীন অসমত চলি থকা উপকথা বা উপাখ্যানৰ পুনৰুক্তি। এইখিনি বৰ্ণনা অসঙ্গত যেন লাগিলেও মল্লিকাৰ ভন্টি মনজুলাৰ চৰিত্ৰৰ কিছু বিকাশ হৈছে এই অংশত।

উপন্যাসখনত লিখকৰ জীৱন দৰ্শন স্পষ্টভাৱে প্ৰকাশ নাপালেও মাজে মাজে বিচ্ছিন্নভাৱে মানৱ জীৱনৰ মৌলিক সমস্যাসমূহৰ ওপৰত লিখকৰ দাৰ্শনিক উক্তিৰ প্ৰতিফলন ঘটিছে। যেনে – “সকলোৰে মনত আশা আছে । সকলোৱে সপোন ৰচনা কৰে। কিছুমানৰ ভাঙে। কিছুমানৰ সাৰ্থক হয়। সৌন্দৰ্য্য নিৰীক্ষণ কৰাটো পাপ নহয়। হৃদয়ৰ সন্ধান য’ত পোৱা যায় তাত সকলো দোষ পুৰি ছাই হৈ যায়” — আদি।০ ০ ০

অসমীয়া উপন্যাস সমোলোচনা

 

হিতেশ ডেকাৰ উপন্যাস ‘ভাৰা-ঘৰ’ – এক সমালোচনাত্মক বিশ্লেষণ

হিতেশ ডেকাৰ ‘ভাৰা-ঘৰ’ শিৰোনামাৰ উপন্যাসখন সফল বাস্তৱধৰ্মী সামাজিক উপন্যাস। উপন্যাসখন ৰচিত হয় ১৯৫৭ চনত। হিতেশ ডেকা তেতিয়া এজন ছাত্ৰ। এনে অপৰিপক্ক ডেকা অৱস্থাত উপন্যাসখন ৰচনা কৰে যদিও ইয়াত চৰিত্ৰাঙ্কন, জীৱন দৰ্শন আৰু ভাষা শৈলীত পৰিপক্কতাৰ ছাপ স্পষ্ট। উপন্যাসখনৰ প্ৰতিপাদ্য বিষয় (Theme) প্ৰেম যদিও এই প্ৰেমক কেন্দ্ৰ কৰি সেই সময়ৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অৱস্থাৰো চিত্ৰ ফুটি উঠিছে।

উপন্যাসখনৰ কাহিনী (Plot) অতি সাধাৰণ- প্ৰেম। শৰৎ ভূঞা আৰু সবিতা দাস নামৰ দুজন ডেকা-গাভৰুৰ প্ৰেমৰ কাহিনীয়েই হৈছে উপন্যাসখনৰ বিষয় বস্তু।

‘শৰৎ ভূঞা’ উপন্যাসখনৰ নায়ক। তেওঁ জগত ভূঞা নামৰ এজন ঠিকাদাৰৰ পুত্ৰ। আনহাতে ‘সবিতা দাস’ হৈছে উপন্যাসখনৰ নায়িকা। তাই ইঞ্জিনিয়াৰ গিৰীশ দাসৰ কন্যা। কলেজৰ দ্বিতীয় বাৰ্ষিকত শৰৎ আৰু সবিতাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। শৰৎ অতি সহজ-সৰল আৰু আদৰ্শবান ডেকা। তেওঁ শিক্ষা জীৱনৰ সামৰণি মাৰি হাকিমৰ পদত অধিস্থিত হয়। দুয়োখন পৰিয়ালে ইহঁত দুয়োজনৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অৱগত আছিল। সবিতাৰ দেউতাক গিৰীশ দাসেও শৰতক ভাৱী-জোঁৱাই বুলি ধৰি লৈছিল। শৰৎ হাকিমৰ চাকৰীত মকৰল পোৱা কিছুমাহ অতিবাহিত হোৱাৰ পিছত সবিতা আৰু শৰতৰ বিয়া পতা সম্পৰ্কে আলোচনা চলিবলৈ ধৰে যদিও শৰতৰ পিতা জগত ভূঞাৰ অহংকাৰ বাঢ়ি যায়। তেওঁ পুতেকৰ বিয়াত কেইবাহাজাৰ টকাৰ সৈতে যৌতুক দাবী কৰে। কিন্তু সবিতাৰ পিতাক গিৰীশ দাসে যৌতুক দি জীয়েকক বিয়া দিয়াত অমান্তি হয়। এই লৈ দুয়োপক্ষৰ মাজত মনোমালিন্য হয়। অৱশেষত এই বিবাহ সংঘটিত হোৱাৰ কোনো আশা নেদেখি গিৰীশ দাসে জীয়েক সবিতাৰ বাবে প্ৰবীণ কলিতা নামৰ এজন শিক্ষিত ডেকাক নিৰ্বাচন কৰি সবিতাৰ সতে পৰিচয় কৰাই দিয়ে। আনহাতে শৰতৰ পিতাক জগত ভূঞাই পুতেক জগতৰ কাৰণে আন ঠাইত ছোৱালী চোৱাৰ বাবে তৎপৰ হয়। শৰৎ আৰু সবিতাই আন কাৰোৱাৰ লগত বিয়াত সোমাবলৈ অমান্তি হয়। শৰতে বিয়াত কোনো যৌতুক লোৱাৰ পক্ষপাতিত্ব কৰা নাছিল যদিও পিতৃভক্ত হোৱা বাবে পিতাকৰ বিৰুদ্ধে যোৱাৰ সাহস যোগাব পৰা নাছিল। সেয়ে অৱশেষত বহু গুণা-গথাঁ কৰাৰ পিছতো সিহঁতৰ বিবাহৰ কোনো সম্ভৱনা দেখা নাপালে। ইতিমধ্যে এদিন শৰতে তেজপুৰৰ পৰা নিজৰ মাহীয়েকৰ ছোৱালী ‘অনিতা’ক লগত লৈ নিজ ঘৰ গুৱহাটীলৈ আহে। বাটত শৰতক অনিতাৰ লগত একেলগে যোৱা দেখি সবিতাই অনিতাক শৰতৰ ভাৱী-পত্নী বুলি সন্দেহ কৰি ঈৰ্ষাত জ্বলি-পুৰি মৰিবলৈ ধৰে। কাৰণ সবিতাই শৰতকে স্বামী হিচাপে গ্ৰহণ কৰিব বুলি আশা পালি আছিল। শৰতৰ লগত অনিতাক দেখি শৰতে সবিতাৰ প্ৰেমক বিশ্বাসঘাতকতা কৰিলে বুলি ভাৱি কেবাবাৰো অপমানসূচক গালি-গালাজ পাৰে। আনহাতে শৰতৰ ওপৰত প্ৰতিশোধ লোৱাৰ মানসেৰে তাইৰ বাপেকে চিনাকী কৰি দিয়া প্ৰবীন কলিতাৰ লগত প্ৰেমৰ অভিনয় কৰিব ধৰিলে। প্ৰবীনৰ লগত ঘূৰা-ফিৰা কৰা আনকি চিনেমালৈয়ো যোৱা আৰম্ভ কৰিলে। শৰতক দেখুৱাই দেখুৱাই সবিতাই প্ৰবীনৰ লগত কৰা প্ৰেমৰ অভিয়ন দেখি শৰতৰ মনতো ঈৰ্ষাৰ জুই জ্বলি উঠিল। অবশেষত দুয়োৰো মাজত সম্পৰ্ক চিন্ন হ’ল। দুয়োজনৰ পিতাকে দুয়োকো বেলেগ ঠাইত বিয়া পতাৰ সপোন দেখিছিল যদিও অৱশেষত সিহঁতে বিয়াত নোসোমোৱাৰ সিদ্ধান্ত লয়। সবিতাই চিৰকুমাৰী হৈ থাকিব বুলি মন দৃঢ় কৰি সঙ্গীত আৰু নাচ চৰ্চা কৰিব ধৰিলে। কিন্তু অৱশেষত নবীন নামৰ শৰতৰ বন্ধু আৰু সবিতাহঁতৰ ভাৰাতীয়া ‘অনামী’ নামৰ আলোচনীৰ সম্পাদক এজনৰ চেষ্টাত দুয়োজনৰ ভুল-বুজা বুজিৰ অন্ত পৰে আৰু শৰত আৰু সবিতাৰ মাজত মিলন হয়।

থুলমূলভাৱে এইখিনিয়েই উপন্যাসখনৰ কাহিনী। শৰতৰ দেউতাকৰ অৰ্থলোভী মনোভাৱে  কেনেকৈ প্ৰেমিক-প্ৰেমিকা হালৰ মাজত মনোমালিন্য আৰু বিৰহৰ কৰুণ্য ভূগিবলৈ বাধ্য কৰাইছিল সেয়াই হৈছে উপন্যাসখনৰ প্ৰধান আকৰ্ষণ। 

উপন্যাসখনত কাহিনীৰ পূৰ্ণতা আছে  যদিও উপন্যাসখনক কাহিনী প্ৰধান উপন্যাস বুলি নকৈ চৰিত্ৰ প্ৰধান উপন্যাস বুলি ক’ব পাৰি – কাৰণ উপন্যাসখনৰ প্ৰধান আকৰ্ষণ আৰু গুৰুত্ব চৰিত্ৰবোৰৰ ওপৰত। লিখকে কাহিনীতকৈ চৰিত্ৰাঙ্কন কৰাতহে বেছি গুৰুত্ব দিছে। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ চাৰিটা – শৰৎ, সবিতা, জগত আৰু গিৰীশ। শৰৎ হৈছে প্ৰধান চৰিত্ৰ। উপন্যাসখনত ঔপন্যাসিকে শৰতৰ চৰিত্ৰত সৰলতা আৰু মানৱীয় গুণ আৰোপ কৰিছে। তেওঁ কেইবাবাৰো প্ৰেয়সী সবিতাৰ ভুল বুজা-বুজিৰ চিকাৰ হৈ অপমানিত হৈছে, মানসিক  যন্ত্ৰনাত ভূগিছে আৰু জীৱনটোক কৰুণ কৰি লৈছে, তথাপি তেওঁ সবিতাৰ দৰে কাণ্ডজ্ঞান হেৰুৱাই  সবিতাৰ ওপৰত কোনো ঈৰ্ষামূলক প্ৰতিশোধ লোৱা নাই।

দ্বিতীয় চৰিত্ৰটো হৈছে মিছ সবিতা দাস। তাই হৈছে নাৰী জাতিৰ প্ৰতিনিধি স্বৰূপা। নাৰীমনৰ সকলো গুণ, দোষ, ভাল-বেয়া স্বভাৱ, ঈৰ্ষা, প্ৰেম, মৰম, প্ৰীতি, হিংসা আদি সকলোবোৰই মিছ সবিতাৰ মাজেৰে স্পষ্টৰূপত প্ৰকাশ পাইছে। তাই ভালপোৱাত অতিপাত চিৰিয়াচ আৰু আৱেগধৰ্মী। এজনী নাৰীৰ দৰে তাই অতিপাত ঈৰ্ষাপৰায়ণ যাৰ বাবে শৰতৰ লগত অনিতাক দেখি ঈৰ্ষাত জ্বলি-পুৰি শৰতক অপমান কৰিছে। ইয়াৰ উপৰিও তাই প্ৰবীণ কলিতা নামৰ ডেকা এজনৰ লগত প্ৰেমৰ অভিনয় কৰি শৰতৰ মনত তাইৰ প্ৰতি ঈৰ্ষাৰ ভাৱ জগাই তুলিছে। তাই এজনী কবি আৰু নৰ্তকীও। কবি আৰু নৰ্তকী হিচাপে ভাল সুনাম অর্জন কৰিছে। ইয়াৰ ওপৰিও তাই অতিপাত কথকীও। সকলোকে তাই  তাইৰ কথকী যুক্তিৰ দ্বাৰা প্ৰভাৱিত কৰিব পাৰিছে।

তৃতীয় চৰিত্ৰটি হৈছে শৰতৰ পিতাক জগত ভূঞা। তেওঁ পৰমুখাপেক্ষী আৰু অৰ্থলোভী। অকল যৌতুকৰ আশাত তেওঁ পুতেক শৰতৰ প্ৰেমক তুচ্ছ কৰিছে। তাৰোপৰি  অৰ্থৰ চিন্তাত তেওঁ যুক্তি আৰু আত্মসন্মান বোধো হেৰুৱাই পেলাইছে।

চতুৰ্থ চৰিত্ৰটি হৈছে সবিতাৰ পিতাক গিৰীশ ভূঞা। তেওঁ আকোঁৰ- গোঁজ মনোভাৱৰ অহংকাৰী ব্যক্তি। টকা-পইচা থকা সত্বেও ছোৱালীৰ বিয়াৰ বাবে টকা খৰচ কৰাৰ পক্ষপাতী নহয়। ফলত নিজৰ জীয়েকৰ জীৱনত কাৰুণ্যই দেখা দিয়ে। জগত ভূঞা আৰু গিৰীশ দাস দুয়োজনেই ৰাজনৈতিক আৰু সামাজিক ভাৱে কলুষ কালিমাৰ দোষত দায়ী। 

ইয়াৰ বাহিৰেও ‘নবীন’ নামৰ এটা চৰিত্ৰই কাহিনীখনৰ আদিৰপৰা অন্তলৈ জড়িত। নবীন হৈছে শৰতৰ আজীৱন বন্ধু। তেওঁৰ দ্বাৰাই শৰতৰ লগত সবিতাৰ প্ৰেম পৰ্ব আৰম্ভ হয় আৰু অৱশেষত নানা ঘাত-প্ৰতিঘাতৰ মাজেদি তেওঁৰ দ্বাৰাই দুয়োজন প্ৰেমিকৰ পুৰ্নমিলন হয়। শৰতে তেওঁক ‘ধুৰন্ধৰ’ বুলি মাতে কাৰণ তেওঁ অতিপাত ¦ফুর্তিবাজ; হাস্যৰসিক লগতে জ্ঞানী আৰু বিবেচকো।

‘প্ৰবীন কলিতা’ নামৰ আন এজন চৰিত্ৰই উপন্যাসখনৰ মাজ ভাগৰ পৰা ভূমুকি মাৰিছে যদিও ঔপন্যাসিকে তেওঁৰ চৰিত্ৰ বিকাশত মনোযোগী হোৱা নাই । তেওঁক দেখুৱা হৈছে  গিৰীশ চৌধুৰীৰ আশ্ৰিতা আৰু সহানুভূতিৰ পাত্ৰ হিচাপে। গিৰীশ চৌধুৰীয়ে জীয়েক সবিতাক শৰতলৈ বিয়া দিব নোৱাৰাত প্ৰবীণ কলিতাক চপাই আনি এচ.ডি. অ. পদবীত মকৰল কৰে আৰু জীয়েকক তালৈ বিয়া দিব বুলি হাবিয়াস কৰি থাকে। সবিতাই তেওঁক কিন্তু ভালপোৱা নিদি ভালপোৱাৰ অভিনয় কৰি থাকে আৰু শৰতক ঈৰ্ষাৰ জুইত পুৰি মাৰে। 

এনেদৰে ঔপন্যাসিক হিতেশ ডেকাই কাহিনীতকৈ চৰিত্ৰসমূহৰ বাহ্যিক আৰু আভ্যন্তৰীণ দিশসমূহ পুঙ্খনুপুঙ্খভাৱে ফুটাই তোলাত সফলতাৰ পৰিচয় দিছে।

উপন্যাসখনত কৰুণ (pathos) আৰু হাস্য (humour) দুয়োবিধ ৰসেৰে সহ-মিলন ঘটিছে। উপন্যাসখনৰ প্ৰধান ঘটনাটোৱেই কৰুণ। বিশেষকৈ হাকিমৰ পদবীত চাকৰি কৰিবলৈ সবিতাহঁতক এৰি তেজপুৰলৈ বুলি শৰৎ ৰওনা হোৱাৰ মূহুৰ্ত, সবিতাৰ পিতাক গিৰীশ দাসে শৰতৰ পিতাক জগত ভূঞাৰ ঘৰৰ পৰা বিবাহৰ প্ৰস্তাৱত কোনো সঁহাৰি  নেপাই ঘূৰি অহাৰ পিছত সবিতাৰ মানসিক অৱস্থা, প্ৰেমৰ ক্ষেত্ৰত শৰৎ আৰু সবিতাৰ মনত পৰস্পৰ ঈৰ্ষা-ঈৰ্ষি ভাৱ আৰু কাৰ্য্যকলাপৰ মূহুৰ্ত  সঁচাকৈয়ে পাঠকৰ  মনত কাৰুণ্যৰ উদ্ৰেক কৰে। ইয়াৰ উপৰি সবিতা আৰু শৰতে বিনিময় কৰা চিঠিবোৰত সিহঁতৰ মনৰ কৰুণতা স্পষ্ট ভাৱে ফুটি উঠিছে। সবিতাই  শৰতলৈ বুলি লিখা চিঠিবোৰ কাৰুণ্যৰ চকুলোৰে লিখা।

কৰুণ ৰসৰ লগে লগে একে গতিৰে উপন্যাসখনত হাস্যৰসৰো বিকাশ হৈছে। এই হাস্যৰস বিশেষকৈ পৰিস্থিতিতকৈ বাক্যবাণ বা কথোপকথনত প্ৰকাশ পাইছে। নবীন হাস্যৰসৰ প্ৰধান অৱলম্বন। য’ত নবীনে ভূমুকি মাৰিছে তাতেই হাস্যৰসৰ সমাহাৰ হৈছে। নবীন প্ৰায়ে ঠাট্টা, নাইবা হাঁহি  উঠা ধৰণে বক্তব্য প্ৰকাশ কৰে। এবাৰ তেওঁৰ বন্ধু শৰতে অভিযোগ কৰাত নবীনে নিজেই হাস্যৰসিক স্বভাৱ এৰি নিদিয়াৰ কাৰণত যি কৈছে, সি আৰু এটি হাস্যৰসৰ উৎস। সিহঁতৰ কথোপকথন: 

শৰৎ: “ধেৎ ধুৰন্ধৰ আজিকালি তোৰ ইমান বয়স হ’ল তথাপি পাতল স্বভাৱটো নগ’লনে?”

ইয়াৰ উত্তৰত –

নবীন: “বৰ গধুৰ হ’লে সাধাৰণ মানুহে দাঙিব নোঁৱাৰি দূৰতে চালাম কৰি থিয় দি থাকিব লগা হ’ব; সেয়ে ভয়তে এই স্বভাৱটো এৰা নাই।”

এবাৰ নবীনে সবিতাহঁতৰ ঘৰলৈ যোৱাত আৰু নবীনে সবিতাৰ দৰে সঙ্গীত বিদ্যালয়ত নাম ভৰ্তি কৰাত আচৰিত হৈ সবিতাই যেতিয়া সুধিলে – 

“হঠাৎ এনে পট পৰিবৰ্তন কিয়?”·

নবীনে কলে:

“জীৱন সিন্ধু ত অমৃত সন্ধানৰ বাবে।”

সবিতাই সুধিলে: 

‘যদি গৰল উদ্ভৱ হয় সিন্ধু মন্থনত?’

নবীনে কয়:

‘নীলকণ্ঠ হোৱাৰ সৌভাগ্য ঘটিব।’  

এনে হাস্যৰসিক কথোপকথন উপন্যাসখনত প্ৰায়ে সংঘটিত হৈছে।

ঔপন্যাসিক হিতেশ ডেকাই উপন্যাসখনৰ কাহিনী বিন্যাস (structure) অত সফলতা আৰু দক্ষতা দেখুৱাব পৰা নাই। কাহিনীৰ গতি আৰু বিন্যাস ঢিলা আৰু কেতিয়াবা অতি দ্ৰুত আৰু কেতিয়াবা অতি লেহেম। কাহিনীখনৰ মুখনি অৰ্থাৎ আৰম্ভণি নাটকীয় আৰু আকস্মিক যদিও কাহিনীয়ে বিকাশ লাভ কৰি শীৰ্ষ বিন্দু পোৱাত দ্ৰুত হৈছে। শৰতে তেজপুৰলৈ হাকিমৰ চাকৰিত যোগদান দিবৰ বাবে সবিতাহঁতৰ পৰা যেতিয়া বিদায় লয়  তেতিয়াই সিহঁতৰ প্ৰেমৰ প্ৰথম পৰ্ব অৰ্থাৎ পূৰ্ব ৰাগ শেষ হয়। ইয়াৰ পিছত অনিতাক লগত লৈ শৰত যেতিয়া গুৱাহাটীলৈ অৰ্থাৎ দুদিনমানৰ বাবে ঘৰলৈ আহে তেতিয়া সবিতাই অনিতাক দেখি যি ঈৰ্ষা ভাৱত জ্বলি উঠি শৰতক দুঃখ লগাকৈ অপমান কৰে, তেতিয়াই  কাহিনীভাগে শীৰ্ষ বিন্দু পায়। শীৰ্ষ বিন্দুৰ পৰা কাহিনীয়ে নিৰ্মহন (falling action) লৈ গতি কৰিছে যদিও এই গতি অতি লেহেম হৈছে। ইয়াৰ পিছৰ অধ্যায় কেইটা অৰ্থাৎ  সবিতাৰ সঙ্গীত শিক্ষা, ভেৰাইটি শ্বো সাংস্কৃতিক অনুষ্ঠান কৰা, নাটক কৰা আদি মূল ঘটনাৰ লগত কিছু সামঞ্জস্য থাকিলেও অতিৰঞ্জিত যেন লাগে। ইচ্ছা কৰিলে ঔপন্যাসিকে উক্ত অধ্যায়বোৰৰ পৰিমিত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। ইয়াৰ উপৰি উপন্যাসখনত কাহিনীৰ পৰিসমাপ্তি ঘটাবলৈ যি নাটিকা এটিৰ সংযোজনা কৰিছে, সেয়া অতিৰঞ্জিত হৈছে। নাটিকাখন সংযোজনা নকৰিও ঔপন্যাসিকে কাহিনীৰ নায়ক-নায়িকাৰ মিলন ঘটাব পাৰিলেহেঁতেন। 

উপন্যাসখনৰ কাহিনী বিন্যাস ঢিলা আৰু দুবৰ্বল হলেও পৰিৱেশ (setting/ environment) সৃষ্টিত ঔপন্যাসিকজন দক্ষতাৰ পৰিচয় দিছে। কাহিনীৰ লগত পাত্ৰ-পাত্ৰীৰ আৱেগ, ভূমিকা আৰু পৰিস্থিতিৰ সম্পৰ্ক বজাই ৰাখি নিখুঁতভাৱে লিখকে পৰিৱেশ ৰচনা কৰিব পাৰিছে।  উদাহৰণ হিচাপে তলত দিয়া কথাখিনি উদ্ধৃত কৰিব পাৰি:

“সময় আবেলি। পাতল আন্ধাৰ ধীৰে ধীৰে ঘনীভূত হৈ আহিব ধৰিছে। ৰিব ৰিব বলিছে মলয়া বতাহজাক। গছৰ ডালত কিৰিলি পাৰিব ধৰিছে ওৰে দিনে অন্ন অন্বেষণকাৰী বিহঙ্গৰ দলে। পথশ্ৰান্ত ক্লান্ত যাযাবৰ দলে বিচাৰিছে আশ্ৰয়ৰ স্থল গছৰ তল। ব্যস্ত নগৰীত কৰ্মৰত বনুৱাৰ দলে লানি লাগি গৃৃহাভিমুখে কৰিছে গমন। ………হয়তো অকস্মাতে কোনো গাড়ীৰ লাইটৰ ফোকাচ পৰে দুয়োৰো মুখত। ঘপ কৰে বন্ধ হৈ যায় আধা কোৱা কথা।”

ভাষা (language) ৰ ক্ষেত্ৰত উপন্যাসখন গদ্য আৰু পদ্যৰ সমাহাৰ। ঔপন্যাসিকৰ নায়ক-নায়িকাৰ মুখেদি প্ৰকাশ কৰা বক্তব্যৰ উপৰিও ঔপন্যাসিকে নায়ক নায়িকাৰ মনৰ ভাৱৰ ওপৰত যি বৰ্ণনা দিছে, লগতে পৰিৱেশ সৃষ্টি কৰোতে পৰিৱেশৰ যি বৰ্ণনা দিছে সি নিশ্চয় কাব্যিক আৱেগ আৰু উচ্ছাসপূৰ্ণ। উপন্যাসখনৰ প্ৰথম অধ্যায়ৰ প্ৰথম অনুেচ্ছদ অৰ্থাৎ উপন্যাসখনৰ আৰম্ভণি হৈছে কাব্যিক  উচ্ছাসেৰে:

“সময় সন্ধিয়াৰ আগমূহুৰ্ত।

প্ৰভাতৰ মৃদুমন্দ সমীৰণ।

গছে পাতে মলয়াৰ মৃদ্যু পৰশন। শান্ত সিগ্ধ প্ৰকৃতিৰ বুকু। নিজম নিদ্ৰামগ্ন অচেতন জগত। মাজে মাজে শুনা যায় দুটি এটি কুকুৰাৰ ডাক। লাহে  লাহে পূৱে দিয়ে ধল ফাট। নিশাচৰ  পক্ষীৰ কলকণ্ঠ যায় ধীৰে ধীৰে শূন্যত বিলীন হৈ। কাউৰীয়ে কিৰলি পাৰি ৰাতিপুৱাৰ জাননী দিয়ে  তন্দ্ৰামগ্ন জীৱ জগতক। সাৰপাই উঠে ক্ৰমে পশু-পক্ষী; সাৰ পাই উঠে মানুহ। লাহে লাহে পূবাকাশ হেঙুলীয়া হৈ উঠে। ৰবিৰ উদয়। সবিতাৰ ৰক্তিম ৰাগত  ৰঞ্জিত হৈ উঠে পূৱালী আকাশ। সূৰুযৰ ৰাঙলি ৰশ্মি পৰে কামাখ্যা পাহাৰৰ গাত। সেউজীয়া গছ পাত জিলমিলাই উঠে ৰ’দৰ ৰশ্মিত। ব্রহ্মপুত্ৰৰ বুকুত পৰে এচেৰেঙা মিঠা ৰ’দ। ঢৌৰ বুকুত নাচে ঢৌ- ৰ’দৰ তিৰবিৰণি অপূৰ্ব মনোমোহা।”

উদ্ধৃত কথাফাকি ৰমন্যাসবাদী কবিতাৰ দৰে যে আৱেগৰ উচ্ছাসময় বৰ্ণনা তাক কোনেও নুই কৰিব নোৱাৰে। এনেকুৱা কাব্যিক বৰ্ণনা উপন্যাসখনৰ য’তে ত’তে সিচৰঁতি হৈ আছে। আৰু এটি উদাহৰণ –

“………..পুৱাৰ হেঙুলী কিৰণ ফেৰাৰ বাবে পদুমীয়ে সহ্য কৰে ৰাত্ৰিৰ সুদীৰ্ঘ অন্ধাৰ, সন্ধিয়াৰ মৃদু-মন্দ মলয়াচাটিৰ বাবে সহ্য কৰে শেৱালিয়ে মধ্যাহ্নৰ তীক্ষ্ণ ৰৌদ্ৰতাপ আৰু পূৰ্ণিমাৰ স্নিগ্ধ জোৎস্নাৰ তিমিৰাচ্ছন্ন পঞ্চদশ ৰজনী।”

এনেদৰে হিতেশ ডেকাৰ ভাষা কেতিয়াবা কেতিয়াবা কাব্যিক আবেদন আৰু গাম্ভৰ্য্যৰে পূৰ্ণ আৰু কেতিয়াবা কেতিয়াবা অতি সাধাৰণ আৰু সৰল, যেনে – 

“প্ৰবীণ কলিতা অতি ব্যস্ত। চাহ জলপাণৰ আয়োজন।  গাত তত নাই। মুখত বিজয়ীৰ হাঁহি। অন্তৰত পুলকৰ বাণ। ব্যস্ততাৰ অন্ত নাই, বাক্যৰ নাই শেষ।”

উপন্যাসখনৰ আৰু এটি অতি প্ৰশংসনীয় দিশ হৈছে লিখকৰ জীবন দৰ্শন (philosophy of life)। উপন্যাসখন যদিও লিখকৰ অপৰিণত বয়সৰ ৰচনা তথাপি উপন্যাসখনত প্ৰকাশ পোৱা জীৱন দৰ্শনে প্ৰমাণ কৰে যে লিখকজন আছিল খুবেই সুক্ষ্মদৰ্শী, চিন্তাশীল আৰু দাৰ্শনিক। জীৱনৰ গভীৰ সত্য অনুভৱ কৰা আৰু বিচাৰি উলিওৱাত লিখক অতি পাকৈত। উপন্যাসখনত বিশেষকৈ নাৰী আৰু প্ৰেম সম্পৰ্কে লিখকৰ জীৱন দৰ্শনৰ প্ৰতিফলন ঘটিছে। তাৰে দুই-এটা উদাহৰণ আগবঢ়োৱা  হ’ল:

(ক) “তিৰোতাই  সকলো সহ্য কৰিব পাৰে, কেৱল নোৱাৰে প্ৰেমৰ  প্ৰতিদ্বন্দ্বী সতিনীক।” 

(খ) “প্ৰেমে মানৱ অন্তৰ চহকী কৰে, সমৃদ্ধ কৰে। সেয়ে জীৱনত অন্ততঃ এবাৰ হ’লেও প্ৰেমত পৰিব লাগে যাতে অন্তৰখন অনুভূতিৰে ভৰপুৰ হয়।”

(গ ) “বহু ক্ষেত্ৰত তিৰোতাই যাক ভাল পায় তাক ঘৃণা কৰা দেখুৱায়, কেতিয়াবা বদনামো গায়, কেতিয়াবা নাম শুনিবই যেন নোৱাৰে- এনে ভাৱ দেখুৱায়।”

(ঘ) “আদৰ আৰু অভিমান তিৰোতা জাতিৰ প্ৰকৃতিতে নিহিত আছে।”

(ঙ) “ঘৃণাৰ ওলোটা ফালত বাস কৰে ভালপোৱা ।”

(চ) “নিজতকৈ ৰূপৱতীজনক নাৰীয়ে সদায় ঈৰ্ষাৰ চকুৰে চায়।”

সামৰণিত ক’ব পাৰি কাহিনী বিন্যাসত দুৰ্বলতা থাকিলেও, বৰ্ণনাত কেতিয়াবা কেতিয়াবা বাহুল্যতা থাকিলেও নিখুত চৰিত্ৰাঙ্কন, বলিষ্ঠ জীৱন দৰ্শন, গদ্য-পদ্য সংমিশ্ৰিত গাম্ভীৰ্যময় ভাষা আৰু চহকী পৰিৱেশ অংকনৰ দিশত হিতেশ ডেকাৰ ‘ভাৰা-ঘৰ’ শিৰোনামৰ এই উপন্যাসটি এটি সাৰ্থক সামাজিক উপন্যাস। ০ ০ ০

অসমীয়া উপন্যাস সমোলোচনা

 

কাঞ্চন বৰুৱাৰ উপন্যাস, ‘অসীমত যাৰ হেৰাল সীমা’ – এটি সমালোচনা

কাঞ্চন বৰুৱাৰ  ‘অসীমত যাৰ হেৰাল সীমা’ শিৰোনামৰ উপন্যাসখন সম্পূৰ্ণ কল্পনাৰ ওপৰত প্রতিষ্ঠিত এটি ঐতিহাসিক উপন্যাস। উপন্যাসখনত ঔপন্যাসিক কাঞ্চন বৰুৱাই তেৰশ বছৰ আগৰ পূৰ্ব অসমৰ বিশেষকৈ দিহিং নদীৰ দুয়োপাৰৰ প্ৰাকৃতিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক চিত্ৰ অংকন কৰিবলৈ প্ৰয়াস কৰিছে। উপন্যাসখন ৰচনা কৰোতে অৰ্থাৎ ইয়াৰ কাহিনী সৃষ্টি আৰু ৰূপায়ণ কৰোতে ঔপন্যাসিকে অলৌকিকতা আৰু জন্মান্তৰবাদত বিশ্বাস স্থাপন কৰি লৈছে। উপন্যাসখনৰ প্ৰথম তিনিটা অধ্যায় লিখকৰ ভাষাত প্ৰথম পুৰুষত বৰ্ণনা কৰি পিছৰ চতুৰ্থ অধ্যায়ৰ পৰা একাবিংশতিতম অধ্যায়লৈকে উপন্যাসখনৰ প্ৰধান চৰিত্ৰ চন্দনৰ মুখেৰে প্ৰধান কাহিনী ভাগ ব্যক্ত কৰিছে।

লিখক নিজেও উপন্যাসখনৰ এটি চৰিত্ৰ। উপন্যাসখন আৰম্ভ হৈছে লিখকৰ মস্তিষ্ক-প্ৰসূত দিবাস্বপ্ন বা কল্পনাৰ দ্বাৰা। লিখকে কল্পনা কৰিছে যে তেওঁ এজন কেৰাণী। কেৰাণীৰ গতানুগতিক ব্যস্ত কৰ্মময় জীৱনত নিজকে ভাবিবলৈ বা ৰোমাণ্টিক সন্ধিয়া উপভোগ কৰিবলৈ কেতিয়াও সময় পোৱা নাই। এদিন শনিবাৰে দিনৰ বাৰ বজাত অফিচৰ পৰা ঘৰলৈ আহিছে। তেওঁৰ মনত বিশেষ ৰোমাণ্টিক আমেজৰ ফুর্তিৰ  আলোড়ন উঠিল। কিয়নো পিছদিনা দেওবাৰ আৰু তাৰ পিচ দিনৰ পৰা একমাহ বন্ধ। তেওঁ গতানুগতিক ব্যস্ত জীৱনৰ পৰা বন্ধ পাই মুক্তিৰ আনন্দ বা স্বাধীনতাৰ আনন্দ উপভোগ কৰিবলৈ নিজৰ বিচনাত দীঘল দি পৰিছে আৰু মনৰ গোপন কোণত থকা কল্পনাৰ জোলোঙাৰ মুখা খুলি দি দিবাস্বপ্নত মগ্ন হৈছে। দিবা স্বপ্নত তেওঁ কল্পনা কৰিছে যে তেওঁ ফুলনিৰ মাজত বহি আছে। ওচৰতে তেওঁৰ চাৰিবছৰীয়া ছোৱালী। নাম পখিলী। পখিলীয়ে তেওঁৰ লগত লুকা-ভাকু খেলিছে। তেওঁৰ পত্নী মায়াও ওচৰতে । মাজে মাজে পখিলীয়ে মাকৰ ওচৰলৈ গৈছে। আকৌ বাপেকৰ ওচৰলৈ দৌৰি আহিছে। এবাৰ লিখকে কল্পনা কৰিছে তেওঁ যেন পত্নী মায়াৰ পিনে চাইছে আৰু দেখিছে তাইৰ মুখত প্ৰতিদিনৰ পুৰণা সুন্দৰ হাঁহিটো। তাৰ পিছত লিখকে পত্নী মায়াৰ লগত প্ৰথম প্ৰণয়ৰ মুহূৰ্তবোৰৰ কথা ভাৱিছে। এনেদৰে কল্পনাৰ পাখি লগাই অতীতৰ  বিষয়ে ভাৱি থকা মূহুৰ্তত হঠাৎ তেওঁৰ কল্পনাই গতি সলনি কৰিলে আৰু কল্পনা কৰিলে যে তেওঁৰ চাৰিজন বাল্যবন্ধু নাম অজিত, পজিৰ, দিলীপ আৰু ফুকন তেওঁৰ সন্মুখত হাজিৰ। সিহঁতৰ এজন হৈছে প্ৰফেচৰ, এজন কবি, এজন ডাক্তৰ আৰু আনজন বক্তা  লিখকৰ দৰেই কেৰাণী। তেতিয়া বন্ধুকেইজনৰ পৰামৰ্শ মতে সিহঁতে দিহিং নদীৰ পাৰে পাৰে নৌকা ভ্ৰমণলৈ যাবলৈ সিদ্ধান্ত ললে। ভৰা মতেই কাম। লিখকৰ সৈতে চাৰিও বন্ধুয়ে যাৱতীয় বস্তু-বাহিনী লৈ নৌকা ভ্ৰমণলৈ ওলাল।

এতিয়া লিখকৰ কল্পনাই অন্য মূৰ ললে। পাঁচ বন্ধুয়ে দিহিং নদীত নৌকা এৰি দিলে। ভ্ৰমণত সিহঁতে দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰ পাৰ কৰিলে। সিহঁতে দিহিং নদীৰ দুয়োপাৰৰ প্ৰাকৃতিক দৃশ্য হিয়া উজাৰি উপেভাগ কৰিলে। এনেদৰে চাৰিদিন নৌকাৰে গৈ গৈ পঞ্চম দিনা দিহিং নদীৰ পাৰত সিহঁতৰ নাও চপালে। নাও চপাই সিহঁতে বনৰীয়া অসভ্য মানুহৰ মুখামুখি হ’ল। সিহঁতৰ ভাষা কোনেও নুবুজিলে। অকল লগত নিয়া নাৱৰীয়াসকলৰ গুৰিয়ালৰ বাহিৰে। সিহঁত যদিও সভ্য জগতৰ বাসিন্দা নহয় যেন লাগিল তথাপি এই ভ্ৰমণকাৰীসকলৰ লগত সিহঁতে ভাল ব্যৱহাৰ কৰিলে। ৰাতিটো সিহঁতৰ লগত আনন্দ-উৎসৱ কৰি ভোজ ভাত খাই কটালে। পিচদিনা সিহঁতে পুনৰ আগুৱাই যাব বুলি স্থিৰ কৰিলে যদিও, সেই অসভ্য যেন লগা লোকসকলৰ মুখীয়াল এজনে বাধা দি ক’লে যে আগলৈ গ’লে হেনো সিহঁত ভয়ঙ্কৰ বিপদত পৰিব। কাৰণ ঠাইখনত কালিকা লগা গোঁসানী আছে। গ’লেই নিশ্চিত মৰণ। কথাষাৰ শুনি নাৱৰীয়া কেইটাই  আগুৱাই নাযাব বুলি দৃঢ় হৈ বিদ্ৰোহ আৰম্ভ কৰিলে। কিন্তু ভ্ৰমণকাৰী যাত্ৰীসকল বদ্ধ পৰিকৰ । সিহঁত আগুৱাই যাবই। অৱশেষত নাৱৰীয়াসকলক তাতে এৰি সিহঁত নিজেই বঠা চলাই দিহিং নদীয়েদি উজাই যোৱা আৰম্ভ কৰিলে। এনেদৰে উজাই গৈ গৈ আৰু প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য্য উপভোগ কৰি কৰি কেইবাদিনো পাৰ কৰিলে। এদিন ৰাতি হঠাতে ধুমুহাই দেখা দিলে। প্ৰৱল ধুমুহা। ভয়ত সিহঁতৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। সকলো বস্তু-বাহিনী বতাহে উৰাই নিলে। নাওটোও ভগ্ন প্ৰায় হ’ল। সিহঁত কোনো মতে জীয়াই থাকিল। কিন্তু প্ৰফেচৰজন অজ্ঞান হৈ পৰি থাকিল। সকলোৱে তেওঁৰ কাৰণে চিন্তিত। এসময়ত প্ৰফেচৰজনে চকু মেলিলে। সকলোৱে মনত আশাৰ সঞ্চাৰ অনুভৱ কৰিলে। কিন্তু চকু মেলিয়েই তেওঁ প্ৰলাপ বকিবলৈ ল’লে। প্ৰফেচৰজনে ক’লে যে ৰাতি ধুমুহা বতাহ চলি থকা সময়ত কোনোৱা দেৱী তেওঁৰ ওচৰলৈ আহি তেওঁক স্পৰ্শ কৰিলে। লগে লগে তেওঁৰ পূৰ্ব জন্মৰ কথা মনত পৰিল। ইয়াৰ পিছত প্ৰফেচাৰজনে আন বন্ধুসকলক উদ্দেশ্যি তেওঁৰ পূৰ্ব জন্মৰ বিষয়ে গল্প কোৱা আৰম্ভ কৰিলে। তেওঁৰ বন্ধুসকলে তেওঁৰ পূৰ্বজন্মৰ কাহিনী বিশ্বাস কৰিবলৈ টান পালে যদিও অবশেষত শুনিবলৈ বাধ্য হ’ল।

এইখিনিতে উপন্যাসখনৰ কাহিনীভাগ লিখকৰ মুখৰপৰা প্ৰফেচাৰজনৰ মুখলৈ সলনি হ’ল। প্ৰফেচাৰে কোৱা আৰম্ভ কৰিলে যে সেইদিনৰ পৰা প্ৰায় তেৰশ বছৰ আগতে তেওঁ দিহিং নদীৰ দুয়োপাৰে থকা এখন ৰাজ্যত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আছিল সেই সময়ৰ এজন মন্ত্ৰীৰ পুত্ৰ। তেতিয়া তেওঁৰ নাম আছিল ‘চন্দন’। সিহঁতৰ ৰাজ্যৰ নাম আছিল কমল নগৰ। নগৰখন প্রতিষ্ঠা কৰিছিল তেওঁৰ দেউতাৰাই। নগৰখন অতি পৰিকল্পিতভাৱে সৌন্দৰ্য্যৰ আধাৰ হিচাপে নিৰ্মাণ কৰা হৈছিল। আচলতে কমল নগৰখন কেন্দ্ৰীয় কোনো এক দেশৰ অধীনত আছিল যদিও কমল নগৰৰ শাসনকৰ্তাই দেশখন প্ৰায় স্বাধীনভাৱেই শাসন কৰিছিল। কমল নগৰৰ প্ৰধান আলিটোৰ নাম আছিল ‘ৰঙা আলি’। কমল নগৰৰ প্ৰধান ঠাই দুখনৰ নাম  আছিল ‘বকুলপুৰ’ আৰু ‘ৰূপালী পাম’। কমল নগৰৰ সোঁমাজেদি পুৱা পশ্চিমাকৈ বৈ যোৱা দিহিং নদীখনৰ তেতিয়াৰ নাম আছিল ‘কাঞ্চন মতী’। সৰুতে চন্দনে পিতাকক হেৰুৱাত মাকৰ সৈতে মোমায়েকৰ তত্বাবধানত ডাঙৰ দীঘল হৈছিল আৰু লিখা-পঢ়া শিকিছিল। তেওঁৰ পিতাকৰ মৃত্যুৰ পিছত খুড়ায়েক লক্ষ্মীনাৰায়ণ কমল নগৰৰ শাসনভাৰ গ্ৰহণ  কৰে। লক্ষ্মীনাৰায়ণৰ একমাত্ৰ সন্তান আছিল এটি কন্যা সন্তান নাম ‘মিছ গৌৰী’। আনহাতে চন্দনৰ সম্বন্ধীয় ভনীয়েক এজনীৰ নাম আছিল ‘চম্পা’। চম্পাৰ মাক-বাপেক কোনো নাছিল। চন্দনৰ মাকৰ তত্বাবধানত তাই  লালিতা -পালিতা হৈছিল। চন্দন আৰু চম্পাই সৰু কালৰ পৰা একেলগে থকাৰ বাবে দুয়োৰো মাজত গভীৰ ভালপোৱাৰ সৃষ্টি হৈছিল। এই  ভালপোৱা আছিল ভাই-ভনীৰ সম্পৰ্কৰ দৰে পৱিত্ৰ। এবাৰ মহ-যুঁজ খেলা উৎসৱত চন্দনৰ লগত গৌৰীৰ দেখা-দেখি হয়। গৌৰী অতিপাত অভিমানী আছিল। চম্পাই আনকি গৌৰীৰ পিতৃ লক্ষ্মীনাৰায়ণেও চন্দনৰ সৈতে গৌৰীৰ বিবাহ হোৱাটো কামনা কৰিছিল। পিছলৈ লক্ষ্মীনাৰায়ণে  চন্দনক আৰু তেওঁৰ বন্ধু অশোকক মন্ত্ৰী পাতে। এনেদৰে কমল নগৰ অতি সুখ স্বাচ্ছন্দ্যৰে শাসিত হৈছিল। প্ৰজাসকলৰো অৱস্থা আছিল অতি ভাল আৰু সুখ স্বাচ্ছন্দ্যৰে ভৰপুৰ। হঠাৎ এদিন শাসক লক্ষ্মীনাৰায়ণে অশোক আৰু চন্দনক জনালে যে এটি বিদেশী শত্রূ দল কমল নগৰ আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহি আছে। লক্ষ্মীনাৰায়ণে কেন্দ্ৰৰপৰা সহায় বিচাৰিছিল যদিও কেন্দ্ৰই কেইটামান বৰটোপ আৰু কিছু খাৰ-বাৰুদ দিয়াৰ বাহিৰে একো সহায় কৰিব নোৱাৰে বুলি জনালে। দেশজুৰি ৰণ শিঙা বাজি উঠিল। কোনোদিনে যুদ্ধৰ মুখামুখি নোহোৱা কমল নগৰৰ অধিবাসীসকল ভয়ত জিকাৰ খাই উঠিল। তথাপি লক্ষ্মীনাৰায়ণ, অশোক আৰু চন্দন তিনিও মিলি পৰামৰ্শ কৰি শত্রূক বাধা দিয়াৰ পৰিকল্পনা কৰিলে। চম্পা আছিল অতিপাত বুদ্ধিমতী। তাই  শত্রূক বাধা দিয়াৰ কেইবাটাও কৌশল উলিয়ালে। অশোক আৰু চন্দনে চম্পাৰ পৰিকল্পনা মতে যুদ্ধ-বেহু তৈয়াৰ কৰিলে। যথাসময়ত শত্রূ সেনাই আক্ৰমণ কৰিলে। অশোক আৰু চন্দনৰ নেতৃত্বত প্ৰথম দিনা যুদ্ধত শত্রূ সেনাক হেৰুৱালে। দ্বিতীয় দিনা আকৌ যুদ্ধ আৰম্ভ হ’ল। এইবাৰ অতি তয়াময়া ৰণ লাগিল। এই  ৰণত কমল নগৰৰ প্ৰায় সকলো সৈন্যই মৰা পৰিল। তৃতীয় দিনা দেশৰ বুঢ়া আৰু কণকণ ল’ৰা ছোৱালীয়েও সৈনিক ৰূপত যুদ্ধত নামিল যদিও আটায়ে মৃত্যু বৰণ কৰিলে। শাসনকৰ্তা লক্ষ্মীনাৰায়ণ ৰণত পৰিল। শত্রূ সেনাই ৰাজধানী দখল কৰিলে। দেশৰ প্ৰায় বেছিভাগ প্ৰজাই প্ৰাণ আহুতি দিলে। বাকী থকা সকলে দিহিং নদীৰ  উত্তৰ পাৰলৈ পলাই গ’ল। ইতিমধ্যে গৌৰী, চম্পা, ৰমা, কেতেকী আৰু ভালেকেইজনী তিৰোতা শত্রূ সেনাৰ হাতত পৰিল। অৱশেষত চন্দনৰ দুঃসাহসী কাৰ্যত গৌৰী উদ্ধাৰ হয় আৰু ৰাজধানীৰ প্ৰধান অট্টালিকা (যি অট্টালিকাত শত্রূ সেনাই  শিবিৰ পাতিছিল) ত চন্দন আৰু গৌৰীয়ে জুই লগাই প্ৰায় বেছিভাগ শত্রূ সৈন্যক মাৰি পেলায়। সেনাপতিও মৰে। অবশেষত শত্রূ সেনাই তিষ্ঠিব নোঁৱাৰি দেশ এৰি পলাই যাবলৈ ধৰে। শত্রূ সেনা গ’ল যদিও দেশখন ধবংশস্তূপত পৰিণত হ’ল। চম্পা গুৰুতৰভাৱে আহত হ’ল। চন্দনো আহত হয়। চম্পা, চন্দন, অশোক, উমা (অশোকৰ পত্নী) আদি সকলোৰে মিলন হয় যদিও চম্পা কিছুসময় পিছত মৃত্যু মুখত পৰে। লক্ষ্মীনাৰায়ণ আৰু চম্পাৰ আশা অনুসৰি চন্দন আৰু গৌৰীৰ বিবাহ সম্পন্ন হয়। গৌৰীয়ে আশা কৰিছিল চন্দনৰ নেতৃত্বত দেশখন আকৌ আগৰ দৰে শান্তিময় হৈ উঠিব, কিন্তু সি আৰু হৈ  নুঠিল। কমল নগৰৰ ঐতিহ্য চিৰ দিনৰ বাবে লোপ পালে। 

প্ৰফেচাৰে সপোনত দেখা তেওঁৰ কাহিনী ইমানতে অন্ত পৰে। অবশেষত সিহঁতে সেই  ঠাইৰ পৰা ভ্ৰমণ সমাপ্ত কৰি ঘূৰি আহিবলৈ নাওত উঠি নাও এৰি দিয়ে।

থুলমূলকৈ উপন্যাসখনৰ কাহিনী এই খিনিয়েই । এই কাহিনীখনৰ মাজেদি ঔপন্যাসিকে তেৰশ বছৰ আগৰ দিহিং নদীৰ দুয়োপাৰৰ সভ্যতাৰ চানেকী দিবলৈ চেষ্টা কৰিছে যদিও লিখকে ঐতিহাসিক সত্য ফুটাই তোলাত সম্পূৰ্ণ সফল হ’ব পৰা নাই। কাহিনীখন অসাম্ভৱ্যতা (improbobality) ত ভূগিছে। কাৰণ লিখকে কমল নগৰৰ যি বৰ্ণনা দাঙি ধৰিছে তেনেকুৱা সৰ্বাঙ্গসুন্দৰ সু-পৰিকল্পিত নগৰ বা দেশ তেৰশ বছৰ আগত কিয় আজিৰ একবিংশ শতাব্দীতো নাই। তাৰোপৰি সেই সময়ত যুদ্ধত বৰটোপ ব্যৱহাৰৰ বিষয়ে ঔপন্যাসিকে যি বৰ্ণনা দাঙি ধৰিছে সিও ঐতিহাসিকভাৱে সত্য নহয়। কাৰণ ইমান আগতে যুদ্ধত বৰটোপৰ ব্যৱহাৰ নহৈছিল। আকৌ উপন্যাসখনত দেখা যায় যে প্ৰধান নাৰী চৰিত্ৰ, চম্পা, ৰমা, গৌৰী আদিয়েও যুদ্ধত যোগদান কৰি ৰাজনীতিত বিশদ ভূমিকা গ্ৰহণ কৰিছে – ইয়াতো অসাম্ভৱ্যতা বিৰাজমান। ইমান আগতে নাৰীয়ে যে এনেকুৱা যুদ্ধ কৌশল জানিছিল তাৰ প্ৰমাণ ইতিহাসত নাই। 

উপন্যাসখন আদিৰপৰা অন্তলৈ ৰমন্যাসবাদী ভাৱধাৰাৰে পৰিপুষ্ঠ। কাহিনীভাগ লিখকৰ সাৰুৱা কল্পনাৰ ফচলৰ বাহিৰে আন একো নহয়। ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই । ইয়াৰ উপৰিও লিখকে জন্মান্তৰবাদত বিশ্বাস কৰি যি কাহিনীৰ অৱতাৰণা কৰিছে আধুনিক বৈজ্ঞানিক যুগত ই কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে। 

উপন্যাসখনৰ কাহিনীভাগ কাল্পনিক হ’লেও কাহিনীত থকা চৰিত্ৰবোৰ বিশেষ তাৎপৰ্য্যপূৰ্ণ আৰু আধুনিক আবেদনেৰে পূৰ্ণ। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ চন্দন আৰু চম্পা আধুনিক যুগৰ চৰিত্ৰ যেন লাগে। চম্পা সকলো চৰিত্ৰৰ ওপৰত। তাই সুন্দৰী আৰু সৰ্বগুণাকৰ। তাইৰ ভাতৃপ্ৰেম প্ৰশংসনীয়। তাইৰ  যুদ্ধ কৌশলো প্ৰশংসনীয়। চন্দনৰ  মাক ‘পাৰ্বতী’ নামৰ চৰিত্ৰটোও আদৰ্শনীয়, মানবীয় গুণেৰে পৰিপূৰ্ণা।  গৌৰীও আধুনিকা প্ৰতিজনী ছোৱালীৰ দৰেই অভিমানিনী। ঔপন্যাসিকে যদিও কাহিনীটোৰ দ্বাৰা তেৰশ বছৰ আগৰ পূর্ব অসমৰ চিত্ৰ দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে তথাপি কাহিনীখিনিৰ বাদে চৰিত্ৰ অংকন কৰাত তেওঁ আধুনিক দৃষ্টিভঙ্গীৰ মেৰপাকত সোমাই পৰিছে। 

উপন্যাসখনৰ গঠন (structure) ৰ দিশৰ পৰা স্পষ্ট দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমতে নৌকা ভ্ৰমণৰ ধুমুহা-আক্ৰান্তলৈকে আৰু দ্বিতীয়তে চন্দনৰ পূৰ্বজন্মৰ কাহিনীৰ পৰা আৰম্ভ কৰি ভ্ৰমণৰ পৰা ওভতি অহা যাত্রালৈকে।  প্ৰথম অংশত কাহিনী বিন্যাস সুনিদ্দিষ্ট গতিৰে আগবাঢ়ি যোৱাৰ দৰে দ্বিতীয় অংশৰ কাহিনীভাগো সুনিদ্দিষ্ট গতিৰে আগবাঢ়িছে। প্ৰথম অংশৰ ধুমুহা আক্ৰান্ত ঘটনাখিনিত শীৰ্ষ বিন্দু পাইছে। সেইদৰে যুদ্ধৰ ঘটনাখিনিত উপন্যাসখনৰ দ্বিতীয়াংশৰ কাহিনীয়ে শীৰ্ষ বিন্দু পাইছে। লিখকে কাহিনীভাগক কথোপকথনেৰে নহয়, বৰ্ণনাৰ দ্বাৰাহে বিকাশ ঘটাইছে। ঔপন্যাসিকে কাহিনী বৰ্ণনাত ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিছে যদিও লিখকে কাহিনী ভাগক কেইবাটাও অধ্যায়ত ভাগ কৰিছে যি ভাগবোৰ মাজত নাটকীয়ভাৱে সুনিদ্দিষ্ট সীমাৰেখা টানিব পৰা নাই। অধ্যায়বোৰৰ পৰিসৰ কেতিয়াবা দীৰ্ঘতৰ হৈছে আৰু কেইবাটাও দৃশ্যৰ সানমিহলি সংযোগ ঘটাইছে যাৰ বাবে কাহিনীৰ বিন্যাস কেতিয়াবা আউলীয়া যেন লাগে। 

উপন্যাসখনত আদ্ভুদ ৰস আৰু ভয়ানক ৰসৰ মিলন ঘটিছে। উপন্যাসখনৰ বৰ্ণনাত লিখকে দিহিং নদীৰ দুয়োপাৰৰ দৃশ্যাৱলীৰ যি বৰ্ণনা দা¿ঙি ধৰিছে সি অদ্ভূদ বা বিষ্ময় ৰসৰ যোগান ধৰে। ইয়াৰ পিছত দ্বিতীয় অংশত অৰ্থাৎ চন্দনৰ সপোনৰ বৰ্ণনাতো বিষ্ময় ৰসৰ উপাদান আছে। শেষাংশত যুদ্ধৰ বৰ্ণনাখিনি ভয়ানক ৰসৰ ভিতৰত পৰে। লিখকে এইবোৰ বৰ্ণনা দিওঁতে যথেষ্ট ধৈৰ্য্য আৰু কৌশলৰ পৰিচয় দিব পাৰিছে।

উপন্যাসখনৰ ভাষা সৰল আৰু প্ৰাঞ্জল। মাজে মাজে ঔপন্যাসিকৰ ভাষা কাব্যিক আৰু আৱেগময়ী হৈ উঠিছে। কেতিয়াবা লিখকে অভিনৱ উপমা অলংকাৰৰ প্ৰয়োগ কৰিছে, যেনে-

(ক) “হেলনীয়া ধূলিৰ বাটত এচলু পানী এৰি দিয়াৰ দৰেই এৰি দিছিলোঁ নিজক উটি যাবলৈ।”

(খ) “বালি-চাপৰিত বালিতে সজা ফাকিৰ প্ৰাসাদটোৰ দৰেই সকলো অসত্য।”

(গ) “সিহঁত যেন ঠিক নুমাই  যাব খোজা বন্তিৰ স্তিমিত শিখা।” ইত্যাদি।

পৰিশেষত ক’ব পাৰি কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা’ শিৰোনামৰ উপন্যাসখন সম্পূৰ্ণ কাল্পনিক উপন্যাস। উপন্যাসখন যদিও কিছু অসাম্ভৱ্যতাত ভূগিছে  তথাপি উপন্যাসখনৰ সাৰুৱা কল্পনাৰ শুৱলা বৰ্ণনাৰ বাবেই এটি উপেভাগ্য উপন্যাসত পৰিণত হৈছে। ০ ০ ০

অসমীয়া উপন্যাস সমোলোচনা

 

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’ – এক সমালোচনা

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ‘মৃত্যুঞ্জয়’  শিৰোনামৰ উপন্যাসখন ঐতিহাসিক উপন্যাস। ইয়াৰ পটভূমি হৈছে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰতীয় স্বাধীনতা আন্দোলন। ভাৰতবৰ্ষৰ পৰা বিদেশী ইংৰাজক খেদিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰদেশত বিপ্লৱী বাহিনী গঠন কৰা হয়। অসমো মহাত্মা গান্ধীৰ আহ্বানত স্বাধীনতা আন্দোলনত জপিয়াই পৰে আৰু নানা উপায়ে দেশৰ পৰা ইংৰাজ শাসন অচল কৰাৰ কাৰ্য্যকলাপ আৰম্ভ হয়। মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে আন্দোলন সফল কৰিবলৈ পৰিকল্পনা লৈছিল যদিও মহাত্মা গান্ধীৰ লগতে আন আন আগশাৰীৰ বিপ্লৱী নেতাসকলক ইংৰাজ চৰকাৰে বন্ধী কৰে। ফলত কোনো কোনো ঠাইত জনতা উন্মত্ত হৈ বৃটিচ শাসনৰ বিৰুদ্ধে উঠি পৰি লাগে। বৃটিচ চৰকাৰে এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰাত লাগি পৰে। মানুহক নির্বিবাদে হত্যা, গ্ৰেপ্তাৰ আনকি অসমীয়া তিৰোতাৰ ওপৰতো অমানুষিক অত্যাচাৰ আৰম্ভ কৰে। পূৱ অসমত বিশেষকৈ নগাও অঞ্চলত এই বিদ্ৰোহ পূৰাদমে আৰম্ভ হয় আৰু তাৰ লগতে ইংৰাজৰ অত্যাচাৰো এই অঞ্চলত অতি হিংস্ৰ হৈ উঠে। গতিকে পূব অসমৰ ময়াং অঞ্চলত বাস কৰা মিচিম, নগা আৰু গাৰোসকলে ইংৰাজৰ বিৰুদ্ধে অতি কঠোৰ হৈ  মায়াং অঞ্চলৰ মাজেদি যোৱা ৰেলপথ ধবংশ কৰি ৰেল যোগাযোগ বিচ্ছিন্ন কৰাৰ পৰিকল্পনা কৰে। এই কামৰ দায়িত্ব লয় গোঁহাই, ধনপুৰ, মধু, জয়ৰাম আদি কেইজনমান অতি সাহসী নেতাই। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই  এই  উপন্যাসখনত নগাও বিশেষকৈ মায়াং অঞ্চলত ইংৰাজে নিৰীহ জনসাধাৰণৰ ওপৰত কৰা অত্যাচাৰ আৰু মায়াং অঞ্চলৰ জনসাধাৰণে ইংৰাজ শাসকৰ বিৰুদ্ধে কৰা বিপ্লৱী কাৰ্য্যকলাপসমূহ অতি সুক্ষ্ম বিশ্লেষণসহ নিখুত আৰু জীৱন্ত বৰ্ণনাৰে দাঙি ধৰিছে। ইয়াৰ কাহিনী ঐতিহাসিক যদিও ই  ইতিহাস নহয়। ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই পাতনিত নিজেই স্বীকাৰ কৰিছে:

“এই  উপন্যাসত বৰ্ণোৱা ঘটনা কাল ১৯৪২ চন। চৰিত্ৰসমূহ কাল্পনিক। অৱশ্যে ইয়াত স্বাধীনতাৰ এই শেষ আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ আভাষ আৰু চিত্ৰন আছে। ই ইতিহাস নহয়। নিজৰ কালত ঘটা ঘটনাৰ আলম লৈ ৰচা কাহিনীহে।”

উপন্যাসখনৰ কাহিনী (plot) অতি সাধাৰণ। ইয়াত ধাৰাবাহিক কোনো ঘটনা নাই। ধনপুৰ আৰু গোহাঁই  নামৰ ব্যক্তি দুজনৰ নেতৃত্বত কেনেকুৱা পৰিকল্পনাৰে আৰু  প্ৰস্তুতিৰে মায়াংত ইংৰাজ সৈন্য ভৰ্তি ৰেল বগৰোৱা হয় আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে জনসাধাৰণে কেনেকুৱা লাঞ্ছনা ভোগ কৰিব লগা হয় তাৰ চিত্ৰাঙ্কনেই হৈছে উপন্যাসখন। 

উপন্যাসত কাহিনী অৱলম্বনহে মাত্ৰ। কাহিনীক ভিত্তি কৰি সমাজৰ চিত্ৰ দাঙি ধৰাই উপন্যাসৰ সফলতা। এই উপন্যাসখনো এনে। ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই সাধাৰণ কাহিনী এটিক অৰ্থাৎ ধনপুৰ আৰু গোহাঁইৰ নেতৃত্বত ৰেল বগৰোৱা কাৰ্য্যক অবলম্বন কৰি সেই সময়ৰ নগাওৰ জনসাধাৰণৰ বিশেষকৈ মিচিংসকলৰ সামাজিক, পাৰিবাৰিক, সাংস্কৃতিক, ধৰ্মীয় আদি দিশসমূহৰ অবিকল চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছে। 

উপন্যাসখনত যি চিত্ৰই  মুখ্য স্থান পাইছে সেই চিত্ৰটি হৈছে ইংৰাজসকলে সহজ-সৰল, হোজা অসমীয়া, বিশেষকৈ মিচিং সম্প্ৰদায়ক কৰা অমানুষিক অত্যাচাৰ উৎপীড়ণৰ চিত্ৰ। উপন্যাসৰ আৰম্ভনিতেই ধনপুৰে ভিভিৰামক কোৱা ‘সুভদ্ৰা’ নামৰ মিচিং গাভৰু এগৰাকীক ইংৰাজ সেনাই  কৰা পাশৱীয় ধৰ্ষণৰ বৰ্ণনাৰে। সেই সময়ত অসমত ঠায়ে ঠায়ে বৃটিছৰ বিৰুদ্ধে ‘শান্তি সেনা’ নামেৰে বাহিনী গঠন কৰা হৈছিল। এই  শান্তি সেনা বাহিনীৰ সদস্য বা কৰ্মীসকলক ধৰিবলৈ বৃটিছ সেনাই নির্বিবাদে অভিযান চলাই জনজীৱন বিষাক্ত কৰি তুলিছিল। বহুতো নাৰীৰ সতীত্ব নাশ কৰি কলংকৰ কালিমা সানিছিল। এদিনাখন ৰাতি সুভদ্ৰাক উপৰ্যুপৰি দহজনমান সেনাই বলাৎকাৰ কৰি মৃতপ্ৰায় কৰিছিল। তাই সিদিনা ৰাতি তাইৰ বুঢ়ী মাকৰ লগতে অকলে আছিল, কিয়নো ঘৰৰ মতা মানুহবোৰে সেনাৰ ভয়ত হাবিত আশ্ৰয় লৈছিল। সেই সুযোগতে সেনাই সুভদ্ৰাক বলাৎকাৰ কৰে। ধনপুৰে ‘কলী বাইদেউ’ নামৰ এজনী তিৰোতাৰ সহায়ত তাইক চিকিৎসাৰ ব্যৱস্থা কৰে যদিও অবশেষত তাই সতীত্ব নাশ হোৱাৰ কলঙ্ক আৰু দুৰ্যশ ভূগি থকাৰ পৰিৱৰ্তে মৰাই শ্ৰেয় বুলি ভাবি গাত জুঁই লগাই আত্মহত্যা কৰে। ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই তাইৰ অৱস্থাৰ  বৰ্ণনা দিছে এনেদৰে: 

“…………….একেবাৰে শেঁতা পৰি আইধা। কাপোৰ-কানিত তেজ। খোজ দিবই নোৱাৰে; কেঁকাইছে।  মই (ধনপুৰ) ভেবা লাগি চাই আছোঁ। বুঢ়ীয়ে হিয়া ভুকুৱাই কান্দিছে, কৈছে – পাৰিবিনে এইক বচাব? কালি ৰাতিপুৱাৰে পৰা ৰখি আছোঁ। মানুহ এটাৰ মুখ দেখিবলৈ নাই। তই জানিবা দেৱতা ওলোৱাদি ওলালিহি। পিছে নিবি কেনেকৈ? তাইৰ দেখা নাইনে অৱস্থা?”

ঔপন্যাসিকে সুভদ্ৰাৰ অৱস্থা বৰ্ণনা কৰি সেই সময়ৰ ইংৰাজ সেনাৰ পাশৱীয় অত্যাচাৰৰ নমুনাহে দেখুৱাইছে মাত্ৰ। এই সুভদ্ৰাৰ দৰে আৰু কিমান তিৰোতাই যে সেনাৰ হাতত সতীত্ব হেৰুৱাই উৎপীড়িত হৈছিল তাৰ লেখ- জোখ নাই।

অকল ইংৰাজ সেনাই যে জনজীৱন অতিষ্ঠ কৰি তুলিছিল সেয়া নহয়, বহুত স্বাৰ্থন্বেষী অসমীয়া দেশদ্ৰোহীয়েও নিজৰ অঞ্চলত স্বাধীনতা বিপ্লৱীসকলক অত্যাচাৰ-উৎপীড়ণ কৰি কলংকৰ কালিমা লৈছিল। তাৰ ভিতৰত শইকীয়া, লয়ৰাম উল্লেখযোগ্য। সিহঁতেও বহুত  নাৰীক অপমান কৰিছিল। এবাৰ লয়ৰাম আৰু শইকীয়ায়ো ডিমি নামৰ তিৰোতা এগৰাকীক বলৎকাৰ কৰাৰ অপচেষ্টা কৰিছিল। 

সেই কালৰ মিছিং সমাজখন শিক্ষা দীক্ষাৰ ফালৰ পৰাও অতি পিছপৰি আছিল।  মায়াঙত এটি স্কুল আছিল যদিও স্কুলৰ অৱস্থা আছিল পানীত হাঁহ নচৰা। ঔপন্যাসিকে স্কুলৰ বৰ্ণনা দিছে এনেদৰে,

“দধি মাষ্টাৰৰ মনত পৰিল মায়াঙৰ পাঠশালা স্কুলখনলৈ। সেইখন আজি চাৰিমাহে বন্ধ হৈ আছে। মাষ্টৰ ফেৰাৰ ল’ৰা-ছোৱালী যি কেইটা আছিল সিহঁত মুকলিমুৰীয়া হৈ ফুৰিছে। কৰিবনো কি পঢ়ি, এই মনোভাৱ অভিভাৱকসকলৰ। খেনোৰ ল’ৰাই পুৱা হাল বাই  লঘোনে-ভোকে স্কুলত পঢ়িবলৈ আহে। কেতিয়াৱা আকৌ আহিবই নোৱাৰে। যিদিনা কঠীয়া সিঁচা হয় বা কঠীয়া ৰোৱা হয় সেইদিনা বাপেক-মাক ল’ৰা-ছোৱালী আটাইবোৰেই গৈ কঠীয়া তলি বা পথাৰত সোমাই গৈ। নহলে অন্ন মুঠি নোলায়। বানেশ্বৰ ৰজা আহিনা কোঁৱৰৰ ল’ৰাৰো সেই দশা। ইমান অভাৱৰ মাজত চলিব লাগে মানুহবোৰ। আৰু ছোৱালী স্কুললৈ পঠিওৱা অভ্যাসেই নাই ৰাইজৰ।”

ইয়াৰ পিছত উপন্যাসখনত যি চিত্ৰই অতিকৈ অংকিত হৈছে সেয়া হৈছে সেই সময়ত অসমীয়া সমাজত চলি থকা অন্ধবিশ্বাস বা কুসংস্কাৰৰ চিত্ৰ। অসমীয়া সমাজত তেতিয়ালৈ কোনো যুক্তি বা বিজ্ঞানৰ পোহৰ পৰা নাছিল। পৰম্পৰাগতভাৱে মানুহে জীৱনৰ প্ৰায় প্ৰতি খোজতে কুসংস্কাৰক সজীৱ কৰি ৰাখিছিল। উদাহৰণ হিচাপে থুৰতে তলত কেইটামান প্ৰসঙ্গ উল্লেখ কৰা হ’ল-

ধনপুৰ নামৰ চৰিত্ৰ এটাই (যিজনক  উপন্যাসখনৰ নায়ক বুলি কব  পাৰি ) এবাৰ ডিমি নামৰ ছোৱালী এজনীক বিয়া কৰাবলৈ কলা পাঠা এটা দেৱতালৈ আগ কৰিছিল। কিন্তু ডিমিক পোৱা নাছিল। তেতিয়াৰ পৰা অৱশ্যে ধনপুৰৰ বিশ্বাস সোলোক-ঢোলোক হয়। ভিভিৰাম আৰু ধনপুৰৰ মাজত হোৱা কথোপকথনে ইয়াৰ সত্যতা প্ৰমাণ কৰে:

“ভিভিৰাম: ডিমিক পাবলৈ তই বুঢ়া-বুঢ়ীলৈ কলা পাঠা এটা আগ কৰিছিলি নহয়? 

ধনপুৰ: অঁ। ডিমিক জানো পালোঁ? গতিকে এইবোৰ মিছা।” অতীতত মায়াং অঞ্চলৰ মানুহ হেনো যাদু মন্ত্ৰত পাকৈত আছিল। যাদুৰ বলত মানুহক ভেৰালৈ ৰূপান্তৰ কৰিব পাৰিছিল। জয়ৰাম মেধি নামৰ চৰিত্ৰ এটাই  নিজে গৰ্ব কৰি কৈছে যে এসময়ত তেৱোঁ এজন কৃতী মন্ত্ৰ বা যাদু বিশাৰদ আছিল, কিন্তু কংগ্ৰেছত যোগ দিয়াৰ পিছৰ পৰা মন্ত্ৰ এৰি দিছে।

পশুয়ে ৰাতি কন্দাটো মানুহৰ বাবে অমঙ্গলৰ বতৰা। সেয়ে গোঁসায়ীনিয়ে কিবা অঘটন ঘটিব পাৰে বুলি আঁচলেৰে চকু পানী মচি গোঁসাইক কৈছে যে সুভদ্ৰা আত্ম হত্যা কৰাত তাইৰ আত্মাটো চয়তান হ’ল আৰু তাই ৰাতি হৰিণা পশুৰ দৰে কান্দে। তাইৰ ভাষাত, 

“ওৰে ৰাতি পশু এজনীয়ে হাবিত কান্দি থকা আপুনি শুনিছেনে?”

গোঁহাইয়ে শ্বান্তনাৰ সুৰত কৈছে:  

“………………..শৰ পশুয়ে মানুুহৰ দৰে কান্দে। অলপ বেয়া লাগে শুনিলে। কিন্তু এইবোৰ মনৰ ভাৱহে।”

গোঁসানীয়ে ক’লে: “-কিন্তু মোৰ হ’লে ভয় লাগিছে। আপোনাৰ কিবা হয় বুলি ভয় লাগিছে।”

ৰেল বগৰোৱা কাৰ্য্য সমাপন কৰাৰ আগতে ৰেলৰ চিৰি হাতুৰী বটালীৰে পিটি পিটি স্থানচ্যুত কৰা সময়ত দূৰৰ পৰা আহি থকা দুজন প্ৰহৰীৰ গুলিত ধনপুৰবেয়াকৈ আহত হৈ  মৃতপ্ৰায় হয়। জয়ৰাম নামৰ মানুহ এজনে ধনপুৰৰ যন্ত্ৰণা লাঘৱ কৰিবলৈ কেবাটাও মন্ত্ৰ মাতে। তাৰে ‘কৰতি মন্ত্ৰ’, ‘সৰ্বঢাক মন্ত্ৰ’ আদি কৰি কেইবাটাও মন্ত্ৰ মাতি পানী পঢ়ি গাত সিঁচি দিবলৈ ইচ্ছা কৰে। সি সৰ্বঢাক মন্ত্ৰ গাইছে এনেদৰে , 

“শ্ৰী কৃষ্ণায় নমঃ। মহামন্ত্ৰপত্ৰ দেৱলোকে জানি সৰ্বৰোগ বিনাশে পশুপাত হানি।……….চৌষষ্টি ৰোগ যতমানে আছে পাশু পত্ৰে কাটি পেলাও থান থান। ক্ষীৰ সাগৰে উপজিল ধন্বপ্তৰী, অমৃতৰ ঘট তুলি ধৰি অমৃত বৈদ্যক এক ঠাই কৰি থৈলা অসংখ্য ৰোগ মাৰিয়া থওঁ। পাশুপত্ৰ অস্ত্ৰখানি কালগুৰু মহেশ্বৰে দিয়া পানী ৰোগীৰ গাত ঢালি হাতে হানি বিষ ৰোগ জ্বৰ জাৰি বিষ কৰিলো পানী। বায়ু বোলে মোক দিয়া  বৰ অনন্ত অগ্নি থও নুমাই। সাগৰ পৰ্বত কৰো চোৰ। মেদিনী ভাঙ্গি কৰো মষিমুৰ, শিলা কৰো পানী, বায়ু বিনাশো, অমুকাৰ ৰোগ নাশ কৰি ঘৰক আসো।”

আজিকালি এনেকুৱা মন্ত্ৰই যে কাম নিদিয়ে বিজ্ঞানে ডাঠি ক’ব পৰা হৈছে।

ওপৰৰ আলোচনাত দেখা গ’ল উপন্যাসটিত সেই  সময়ৰ সামাজিক তথা ৰাজনৈতিক চিত্ৰৰ খণ্ড খণ্ড টুকুৰাৰে ঠাঁহ খাই আছে।

উপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই  উপন্যাসখনত কেইবাটাও অমৰ চৰিত্ৰ অংকন কৰিছে। উপন্যাসখনৰ প্ৰধান চৰিত্ৰটি হৈছে ধনপুৰ। তেওঁ ধুৰন্ধৰ গাৰে এজন মিচিং ডেকা। ধনপুৰ উপন্যাসখনৰ আৰম্ভণিতে দেখা দিছে আৰু উপন্যাসখনৰ প্ৰধান কাহিনী ৰেল বগৰোৱালৈকে মুখ্য ভূমিকা লৈছে। বহু ক্ষেত্ৰত তেওঁ ঔপন্যাসিকৰ মুখপাত্ৰ হিচাপে দেখা দিছে। তেওঁৰ মুখৰপৰা উপন্যাসখনৰ আদি ভাগত ইংৰাজৰ অত্যাচাৰ উৎপীড়ণৰ কাহিনী ভিভিৰাম নামৰ বিপ্লবী নেতা এজনে শুনি লৈছে। উপন্যাসিকে ধনপুৰৰ পৰিচয় দিছে এনেদৰে ,

“ধনপুৰ লস্কৰ চফল ডেকা। বৰাৰ টেঙা যেন কেটোৰ কলা গোঁফযুক্ত গোল মুখ। ব্রেক ব্রাস কৰা চুলিৰ সৈতে  অতিকায় বীৰ্য বান দেহাটোৰ অবিস্মৰণীয় বৈশিষ্ট্য হৈছে বিশাল লোচনৰ দৃষ্টি। সেই দৃষ্টিত যেন সংবৰ্তক অগ্নিহে  বিৰাজ কৰিছে এনে লাগে। অশেষ চেষ্টাৰ ফলতো হাই-স্কুলৰ দেওনা পাৰ হ’ব নোঁৱাৰা ধুমপানাসক্ত কিন্তু ভ্ৰাম্যমান গ্ৰহৰ দৰে নিয়ত গমনশীল এই তৰুণৰ মনত একুৰা জুই জ্বলি আছিল। সেই গোপন ব্যাথাৰ জুই দ্বিতীয়জনৰ চক্ষু গোচৰ হোৱা নাছিল। ………………………..।”

ধনপুৰ উপন্যাসখনত বিশেষ ভূমিকা পালন কৰিছে। উপন্যাসিকে তেওঁক এজন মানবতাবাদী, স্বদেশ প্ৰেমিক, বিপ্লৱী, আদৰ্শ প্ৰেমিক আৰু যুক্তিবাদী সংস্কাৰমনা ব্যক্তি হিচাপে উপস্থাপন কৰিছে। বিদ্ৰোহৰ সময়ত ইংৰাজ সৈন্যই অত্যাচাৰ উৎপীড়ণ কৰা লোকক সেৱা কৰা, সুভদ্ৰাক কান্ধত তুলি ডাক্তৰৰ ওচৰলৈ লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰা – আদি কাৰ্য্যই তেওঁক এজন মহান মানৱতাবাদী ব্যক্তি হিচাপে প্ৰতিপন্ন কৰিছে। 

দ্বিতীয়তে, তেওঁ এজন মহান স্বদেশ প্ৰেমিক – কাৰণ তেঁৱেই ইংৰাজ সৈন্য ভৰ্তি ৰেল বগৰাবলৈ আৰু বিপ্লৱক সিচঁৰতি কৰি দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। অৱশেষত প্ৰহৰী সেনাৰ গুলিত প্ৰাণ ত্যাগ কৰি শ্বহীদ হৈছে। 

তৃতীয়তে, তেওঁ এজন আদৰ্শ প্ৰেমিকো- কাৰণ তেওঁ জানি শুনিও সুভদ্ৰাক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সাধাৰণতে সুভদ্ৰা সমাজৰ চকুত কলংকিতা। ধৰ্ষিতা হোৱা নাৰীক সমাজে ভাল চকুৰে নাচায়। কিন্তু এনে তিৰোতাক ধনপুৰে বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰা কাৰ্য্যই তেওঁৰ মহানতা প্ৰকাশ পাইছে। তেওঁ কৈছে ,

“সুভদ্ৰাক মানুহে ব্যাভিচাৰিনী বুলিব নোৱাৰে। তাইৰ কি দোষ আছে? তাইৰ মতামত নাছিল এই পাশৱিক ক্ৰিয়াত। বলৎকাৰ হ’লেই ব্যভিচাৰ আৰু সেই সৈন্য কেইটাৰ গাত মানুহৰ একো গুণ নাছিল। সিহঁত পশুৰ শাৰীলৈ নামিছিল।”

সুভদ্ৰাক লগ পোৱাৰ আগতে তেওঁ  মিকিৰ গাভৰু ডিমিৰ প্ৰেমত পৰে। তাইক বিবাহ কৰিব বুলিও মনে মনে বাঞ্ছা কৰিছিল যদিও গাৰো ডেকা এজনৰ লগত তাইৰ বিয়াৰ বন্ধোৱস্ত হৈ আছিল। গতিকে তাইক বিয়া কৰোৱাৰ ইচ্ছা ত্যাগ কৰে যদিও তাইক নিজৰ ভনীৰ দৰে মৰম-চেনেহৰ চকুৰে চাইছে।

চতুৰ্থতে, তেওঁ এজন সংস্কাৰমনা আধুনিক দৃষ্টিভঙ্গীৰ লোক। তেওঁ পৰম্পৰাগতভাৱে চলি অহা অন্ধ বিশ্বাসৰ বিৰুদ্ধে বিপ্লৱী মতামত পোষণ কৰিছে। তেওঁ দেৱতাৰ বিৰুদ্ধে কৈছে,

‘দেৱতাবোৰ তেনেকুৱাই। চামন, কলা, কণা আৰু বীজমৰা।’ 

এবাৰ লয়ৰামে কৈছিল বোলে তিৰীৰ গুণেহে ঘৰৰ উন্নতি। তাৰ প্ৰতিবাদত ধনপুৰে কৈছে:

‘মাটিৰ গুণ ভাল নহ’লে, শস্য ভালদৰে আপডাল নকৰিলে কেতিয়াও খেতি ভাল নহয়। খীৰতি গাই থাকিলে গাখীৰ পাবই। খীৰতি গাই নহ’লে অকল খীৰাওঁতা থাকিলে কি হ’ব।’

আকৌ এবাৰ জয়ৰামে গাৰ কঁপনি গুচাবলৈ গীতাৰ পৰা পদ এফাকি গোৱাত ধনপুৰে হাঁহি কৈছে:

“পিছে মধুকাই, পদ ঘোষা, শ্লোক এইবোৰ মই একো নুবুজো, নামানোও। পৃথিৱীত ধৰ্ম কিমান দিন চলিল, তেওঁ দেখোন একো নহয়। কিবা যদি হয়, মানুহে নিজে গা  লৰালেহে হ’ব। নতুন ঘাটত নকৈ নাও মেলিব লাগিব।”

উক্ত উদ্ধৃতি ফাকিয়ে প্ৰমাণ কৰে যে ধনপুৰ আছিল সংস্কাৰমনা আৰু চিৰাচৰিত বিশ্বাসৰ প্ৰতি বিপ্লৱী আদৰ্শৰ।

দ্বিতীয় প্ৰধান চৰিত্ৰ হৈছে ডিমি। তাই মিকিৰ গাভৰু। অতি দুখীয়া। তাই মাক কদমৰ লগত কঁপাহ, সুমথিৰা, বগা ধান, লা আদি মাজে মাজে বিক্ৰি কৰিবলৈ আহে ৰামপুৰলৈ। ঔপন্যাসিকে তাইৰ শাৰীৰিক বৰ্ণনা দিছে এনেদৰে:

‘গাভৰুজনী বগী। সুঠাম দেহত চালে চকুৰোৱা দুটা কলাফুল – এনেকুৱা সুগঢ়ীত কলাফুল অসমীয়া ছোৱালীৰ নাই।’

ডিমি চৰিত্ৰটো উপন্যাসৰ আদিৰ পৰা অন্তলৈকে আছে। তাই গোটেই উপন্যাসখনতে ধনপুৰৰ কাষে কাষে থাকি, উৎসাহ যোগাই বিপ্লৱক সফল কৰাত যথেষ্ট অৱদান আগবঢ়াইছে। তাই স্বদেশপ্ৰেমী আৰু মানৱতাবাদী। তাই স্বদেশৰ স্বাধীনতাৰ বাবে বহু দুৰ্যোগ ভূগিছে, তথাপি ধনপুৰৰ কাষে কাষে উৎসাহ যোগাই আহিছে।  তাই জেললৈয়ো গৈছে। তাই বিয়া হৈছে গাৰো ডেকাৰ লগত। তথাপি তাই বিপ্লৱত যোগ দিছে। ধনপুৰক তাই নিজৰ ককায়েকৰ দৰে অতিপাত ভক্তি আৰু মৰম কৰে। কিন্তু সেইবুলি ধনপুৰৰ প্ৰতি তাইৰ কোনো হাবিলাস নাই। ধনপুৰৰ প্ৰতি তাইৰ ভাতৃত্ববোধ,  মৰম আৰু প্ৰেম অতি প্ৰশংসনীয়। যেতিয়া ধনপুৰ গুলিবিদ্ধ হৈ  অন্ধকাৰ হাবিত অকলে কেঁকাই থাকে, তেতিয়া ডিমিয়ে খবৰ পাই তালৈ যায় আৰু তেওঁৰ মূৰটো কোলাত তুলি লয় আৰু তাইৰ কোলাতেই ধনপুৰে চকু মুদে চিৰদিনৰ বাবে।

আন এটি প্ৰধান চৰিত্ৰ হৈছে গোঁহাই। তেওঁ স্বদেশপ্ৰেমী বিপ্লৱী আৰু ৰেল বগৰোৱা পৰিকল্পনাৰ নেতা। তেওঁ পৰম্পৰা ৰীতি-নীতিৰ প্ৰতি বিশ্বাসী যদিও মাজে মাজে ধনপুৰৰ প্ৰভাৱত যুক্তিবাদীও। তেঁৱো ৰেলপথৰ ফ্লেসপাত খহাবলৈ গৈ প্ৰহৰীৰ সৈতে গুলিয়া-গুলিত শ্বহীদ হয়।

আন আন প্ৰধান চৰিত্ৰৰ মাজত জয়ৰাম, ৰূপনাৰয়ণ, মধুকেওট আদি চৰিত্ৰৰ মাজেদি ঔপন্যাসিকে স্বদেশপ্ৰেমৰ ছবি অংকন কৰিছে।

শইকীয়া আৰু লয়ৰাম উপন্যাসটিৰ খলনায়ক বুলি ক’ব পাৰি। সিহঁত যদিও ভাৰতীয় নাগৰিক তথাপি সিহঁতে স্বদেশী আন্দোলনৰ প্ৰতি সঁহাৰি নিদি বৃটিছৰ পক্ষত থাকি বিপ্লৱীসকলৰ বিৰুদ্ধে কাৰ্য-কলাপ চলাই গৈছে। সিহঁত স্বদেশদ্ৰোহী।

উপন্যাসটিৰ গঠন (Structure) অতি সুবিন্যস্ত যেন নালাগে – কাৰণ উপন্যাসখনত বিশেষ কোনো কাহিনী নাই। ইংৰাজসকলৰ দমনমূলক কাৰ্য-কলাপৰ খণ্ড-বিখণ্ড চিত্ৰ আৰু গোঁহাই আৰু ধনপুৰৰ নেতৃত্বত ৰেল বগৰোৱা কাৰ্যৰ বাবে যি পৰিকল্পনা কৰা হৈছে তাৰ প্ৰস্তুতিৰ বৰ্ণনা অংকন কৰোতেই উপন্যাসখনে সামৰণি পাইছে।

ঔপন্যাসিকে পৰিৱেশ সৃষ্টিত দক্ষতাৰ পৰিচয় দিব পাৰিছে। কি পৰিস্থিতিত কি ঘটিছে – তাৰ আনুসঙ্গিক প্ৰাকৃতিক তথা সামাজিক পৰিস্থিতি ফুটাই তোলাত ঔপন্যাসিকে চেষ্টা কৰি সফল হৈছে।

কৰুণ ৰসেই হৈছে উপন্যাসখনৰ প্ৰধান ৰস। ইংৰাজসকলৰ দমনমূলক অত্যাচাৰ, সুভদ্ৰাক কৰা বলাৎকাৰ, ধনপুৰ আৰু গোঁহাইৰ শ্বহীদ, গাঁৱলীয়া তিৰোতাক কৰা অত্যাচাৰ আনকি গৰ্ভৱতী তিৰোতাকো জেললৈ প্ৰেৰণ আদি ঘটনা অতি কৰুণ। উপন্যাসখন কৰুণ ৰসত আৰম্ভ হৈছে আৰু কৰুণ ৰসতেই যৱনিকা পৰিছে। অৱশ্যে উপন্যাসখনত হাস্যৰসো নথকা নহয়। জয়ৰামৰ চৰিত্ৰত কিছু হাস্যৰসৰ ছিটিকনি আছে। কিন্তু উপন্যাসখনত হাস্য ৰসৰ যোগান ধৰাত জয়ৰামেই যথেষ্ট নহয়।

উপন্যাসখনৰ ভাষা (Language) গতানুগতিক সাহিত্যিক ভাষাৰ পৰা পৃথক। ইয়াৰ ভাষা কিছু কঁঠুৱা আৰু চহা প্ৰকৃতিৰ। লিখকে বহুতো ঘৰুৱা শব্দ, অপ্ৰচলিত বা সাহিত্যত সাধাৰণতে কম প্ৰয়োগ হোৱা শব্দ আৰু খণ্ডবাক্য উভৈনদীকৈ ব্যৱহাৰ কৰিছে। উদাহৰণ – ‘হেপোৰ-টেপোৰ’,  ‘বিৰতি’ (বৃত্তি), ‘লপলপাই’, ‘সাৰৌপ-সাৰৌপ’, ‘মৰক মৰক’ ইত্যাদি। ইয়াৰ উপৰিও লিখকে বহুতো পটন্তৰ বা ফকঁৰা যোজনা প্ৰয়োগ কৰি ভাষাৰ চহা ৰূপত সুষমা লগাইছে। উদাহৰণ –

(১) কেঁচা বৰলক জোকাই ললে গা সাৰিবলৈ টান।

(২) বাৰ মাহৰ তেৰটা জগৰ সদায় নুগুচে এটা লগৰ।

(৩) নাও উঠোতে বুৰে আৰু নামোতে বুৰে।

(৪) উৰহি গছৰ ওৰ পোৱা টান।

(৫) মাউখে উজালে গুড়ি পৰুৱাৰো মৰণ নাই।

ইয়াৰ উপৰিও ঔপন্যাসিকে উপন্যাসটিতবহুতো ঘৰুৱা আৰু অভিনৱ উপমা অলংকাৰৰ ব্যৱহাৰ কৰিছে। উদাহৰণ –

(১) ভিভিৰামৰ মুখখন জোঙা বেজীৰ দৰে।

(২) দমকলত ওলোৱা পানীৰ দৰে অলপ অলপকৈ মুখৰ পৰা বাজ হৈছিল।

(৩) তজবজীয়া দমৰা গৰুৰ দৰে তেজাল।

(৪) এজাক ডাৱৰে জোনটিক গোঁহানীৰ মুখ ওৰণিয়ে ঢকা দি ঢাকি ৰাখিছে।

(৫) সৰু নাহৰ পুলিৰ দৰে চেহেৰা। ইত্যাদি।

ঔপন্যাসিকে এনে ভাষাৰ প্ৰয়োগ কৰি উপন্যাসখনক ঐতিহাসিক উপন্যাস হিচােপ জীৱন্ত ৰূপত দাঙি ধ’ৰাৰ চেষ্টাত সফল হৈছে। কিয়নো তেওঁ সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক চিত্ৰৰ লগতে ভাষাৰ নমুনাও ধৰি ৰাখিবলৈ যত্নপৰ হৈছে।

লিখকে উপন্যাসখনত জীৱন দৰ্শন প্ৰকাশ কৰিছে যদিও তেওঁৰ জীৱন দৰ্শনটো অৰ্থাৎ জীৱনৰ গভীৰ সত্যৰ প্ৰতি মন্তব্য সিমান বহুল আৰু স্পষ্ট নহয়। ঔপন্যাসিকে জীৱনৰ প্ৰতি কৰা মন্তব্যবোৰে তেওঁৰ  দাৰ্শনিক অন্তদৰ্শনৰ পৰিচয় দাঙি  ধৰিছে, যেনে:

(১) মানুহে মৰিম বুলি ধৰিব নেলাগে; জীম বুলি, যুজিম বুলিহে কাম কৰিব লাগে।

(২) গান্ধীজী মহান। কিন্তু এজন মহান হ’লে বাকী সকলোবোৰ ভাল হৈ নাযায়।

উপন্যাসখন পঢ়িলে ৰুচ ঔপন্যাসিক গৰ্কিৰ প্ৰখ্যাত উপন্যাস ‘মা’খনলৈ মনত পৰে। ‘মা’ উপন্যাসখনত গৰ্কিয়ে  ৰাছিয়াৰ স্বেচ্ছাচাৰী জাৰ শাসনৰ বিৰুদ্ধে উদ্ভৱ হোৱা বিপ্লৱ বিস্তাৰৰ কাহিনী ৰচনা কৰিছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’খনো  তেনে।  ইয়াতো স্বাধীনতা আন্দোলন বিস্তাৰৰ চিত্ৰাংকন আছে। ‘মা’ উপন্যাসটিৰ প্ৰধান চৰিত্ৰ পাভেলৰ দৰে ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ধনপুৰক তুলনা কৰিব পাৰি। ‘মা’ উপন্যাসৰ পাভেলৰ মাকৰ ভূমিকাৰ লগত ‘মৃত্যুঞ্জয়’ৰ ডিমি চৰিত্ৰৰ মিল আছে।

সামৰণিত ক’ব পাৰি যে বিষয়-বস্তু, চৰিত্ৰাঙ্কন, পৰিৱেশ সৃষ্টি আৰু ভাষা বিন্যাসৰ ক্ষেত্ৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসটি এখন সফল ঐতিহাসিক উপন্যাস। ০ ০ ০

অসমীয়া উপন্যাস সমোলোচনা

 

এখন ইটালীয় শিশু উপন্যাস ‘দ্য এডভানচাৰ অফ পিন’কিও’ -এক সমালোচনা

১৮৮০ চনত ইটালীৰ এখন শিশু আলোচনীত এটি উপন্যাস প্ৰকাশ পায় – যিখন প্ৰকাশ পোৱাৰ লগে লগে শিশুসকলৰ লগতে সাধাৰণ পাঠক-পাঠিকাৰ মাজত বিশেষ আলোড়নৰ হয়  আৰু পাঠক সমাজৰ প্ৰচুৰ সমাদৰ লাভ কৰাৰ লগতে বিশ্বৰ বিভিন্ন ভাষালৈয়ো অনুদিত হয়। সেই প্ৰখ্যাত জনপ্ৰিয় উপন্যাসখনৰ নাম হৈছে ‘দ্য এডভানচাৰ অফ পিন’কিও’ (The Adventure of Pinocchio) । উপন্যাসখনৰ লিখকজনৰ নাম কাৰলো কলোডি (Carlo Collodi])। উপন্যাসখন শিশুসকলক জ্ঞান দিয়াৰ উদ্দেশ্যে শিশু মনস্তত্বৰ লগত খাপ খুৱাই ৰচনা কৰা হৈছে। উপন্যাসখন সম্পূৰ্ণ কাল্পনিক যদিও বাস্তৱৰ লগত মিল ৰাখি লিখকে শিশুসকলৰ আকোঁৰ-গোঁজ মনোভাব, পিতৃ-মাতৃৰ আদেশ-উপদেশৰ প্ৰতি উদাসীনতা, দুষ্টালি আদি স্বভাৱ ফুটাই তুলিছে। কিতাপখন ৰূকপাত্মক। ঔপন্যাসিকে উপন্যাসখনত চিত্ৰিত কৰা চৰিত্ৰসমূহ মধ্যযুগৰ ৰোমাঞ্চ সাহিত্যৰ চৰিত্ৰৰ দৰে  অলৌকিক আৰু সমাষোক্তি গুণেৰে গুণান্বিত। ‘দ্য ‘এডভানচাৰ অফ পিন’কিঅ’ নামৰ এই উপন্যাসখনৰ দুটি সাধাৰণ চৰিত্ৰৰ  বাহিৰে বাকী সকলোবোৰ চৰিত্ৰই জড় পদাৰ্থ আৰু জীৱ-জন্তুহে। ইয়াৰ প্ৰধান চৰিত্ৰটোৰ নাম ‘পিন’কিঅ’ (Pinocchio)। তেওঁ কিন্তু মানৱ চৰিত্ৰ নহয়, এটুকুৰা কাঠহে। ঔপন্যাসিকে এটুকুৰা কাঠত সমাষোক্তি অলংকাৰ প্ৰয়োগেৰে ব্যক্তিত্ব গুণ আৰোপ কৰি শিশুসকলৰ স্বভাৱক প্ৰতিনিধিত্ব কৰিছে।

উপন্যাসখনৰ কাহিনী (Plot) অতি সাধাৰণ যেন লাগিলেও কাহিনীত দুৰূহ অভিযানৰ চিত্ৰন আছে- যাৰ বাবে কাহিনীটোত অদ্ভূদ আৰু বিষ্ময় ৰসৰ সমাৱেশ ঘটিছে। কাহিনীৰ নায়ক ‘পিন’কিঅ’ হৈছে সৰ্বসাধাৰণ শিশুৰ আৰ্হিমূলক (Type) চৰিত্ৰহে। তেওঁ এজন শিশুৰ দৰে মইমতীয়া, আকোঁৰ-গোঁজ, দুষ্ট আৰু পিতৃ-মাতৃৰ আদেশ-উপদেশৰ প্ৰতি উদাসীন। ‘পিন’কিঅ’ আছিল মাষ্টাৰ ‘এন্টনিঅ’ নামৰ এজন কাঠ-মিস্ত্ৰিৰ দোকানত পৰি থকা এটি কাঠৰ টুকুৰা। এদিন এন্টনিঅ’ই কাঠ টুকুৰাৰে মেজ এটিৰ ঠেং বনাবৰ বাবে কুঠাৰেৰে বাকলি গুচাবলৈ আৰম্ভ কৰে। যেতিয়া তেওঁ প্ৰথম ঘাপটো দিয়ে, তেতিয়া হঠাতে তেওঁ শুনিবলৈ পায়:

“মোক ইমান জোৰেৰে আঘাত নকৰিবা।”

কিন্তু কথাষাৰ কোনে ক’লে গম ধৰিব নোৱাৰি পুনৰ আৰু এটি ঘাপ দিয়ে। তেতিয়া আকৌ শুনিবলৈ পায়:

“অহ, অহ, মোক আঘাত নকৰিবা।”

যেতিয়া মাষ্টৰ এন্টনিঅ’ (তেওঁৰ জনপ্ৰিয় নাম মিষ্টাৰ চেৰী) আচৰিত হোৱাৰ লগতে ভয়ত বিহ্বল হৈ পৰে। এনেতে জেপেটো’ (Geppetto) নামৰ এজন ক্ৰেতা এন্টনিঅ’ৰ দোকানখনলৈ আহিল কাঠ টুকুৰা কিনিবলৈ। জেপেটোৰ উপলুঙা  নাম হৈছে পলেডিনা (Polendina)। জেপেটোয়ে এটি পুতুলা তৈয়াৰ কৰিবৰ হাবিয়াস কৰি  এন্টনিঅ’ৰ পৰা কাঠ টুকুৰা লৈ  ঘৰলৈ গৈ কাঠ টুকুৰাৰে তেওঁৰ কাঙ্খিত পুতুলা এটি তৈয়াৰ কৰে। জেপেটোৱে পুতুলাটোৰ নাম ৰাখিলে ‘পিন’কিঅ’ বুলি। পুতুলাটি যেতিয়া সম্পূৰ্ণ হ’ল তেতিয়া জেপেটোৱে দেখা পালে যে পুতুলাটোৱে মানৱ শিশুৰ দৰেই প্ৰাণ পাইছে আৰু ই ঘৰৰ বাহিৰ ওলাই ৰাজপথত দৌৰা-দৌৰি আৰম্ভ কৰিছে। পুতুলাটোৰ নিৰ্মাতা অৰ্থাৎ পিতা জেপেটোৱে পুতুলাটোক ধৰিবলৈ পিছে পিছে দৌৰছে যদিও কোনো পধ্যেই ধৰিব নোৱাৰিলে। অৱশেষত এজন পুলিচে পুতুলাটোক ধৰি জেপে টোক দি দিলে। তেতিয়া জেপেটোৱে খঙৰ ভমকত পুতুলাটোক ক’লে:

“তোক ঘৰলৈ নি উচিত শাস্তি দিয়া হ’ব।”

তেতিয়া পুতুলাটোৱে ভয় খাই মাটিত লেপটা কাঢ়ি বহি লৈ কান্দিবলৈ ধৰাত পুলিচে কথা বিষম দেখি জেপেটাক আটক কৰি পিন’কিঅ’ (পুতলাটো) ক এৰি দিলে। পিনকিঅ’ ঘৰলৈ আহি ভোকত অথিৰ হৈ ঘৰৰ ভিতৰত সোমাই দৰজা বন্ধ কৰি শুই থাকিল। তেতিয়া পিন’কিঅ’ই ঘৰটিত এটি উঁইচিৰিঙাৰ অস্তিত্ব অনুভৱ কৰিলে। উঁই চিৰিঙাটোৱে পিন’কিঅ’ৰ দুষ্টালিক ভৎৰ্সনা কৰি ক’লে:

“দুষ্টালি কৰি ফুৰা লৰাবোৰ কেতিয়াও কোনো ভাল কামত আহিব নোৱাৰে। সিহঁত সৰ্বশেষত এটি গাধলৈ পৰিণত হয়।”

উঁইচিৰিঙাটোৰ ভৎৰ্সনা শুনি পিন’কিঅ’ই খঙত এটি কাঠৰ প্ৰকাণ্ড হাতুৰীৰে আঘাত কৰি উঁইচিৰিঙাটোক মাৰি পেলালে। ইতিমধ্যে ৰাতি পুৱাল। পিনকিঅ’ৰ পিতা (নিৰ্মাতা) জেপেটু পুলিচৰ আটকাধীনৰ পৰা মুক্তি পাই  ঘৰলৈ আহি দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে। পিন’কিঅ’ই দৰজাৰ শলখা খুলিবৰ বাবে থিয় দিবৰ চেষ্টা কৰাৰ সময়ত দেখা পালে যে তেওঁৰ কাঠৰ ভৰি এখন ঘৰৰ ভিতৰত থকা চৌকাৰ জুয়ে পুৰি পেলাইছে। জেপেটুৱে খিড়িকী ভাঙি ঘৰৰ ভিতৰত সোমাই পিন’কিঅ’ক মৰম কৰি কোলাত ললে আৰু ভৰি দুখনো সোনকালেই মেৰামতি কৰি দিলে।

ইয়াৰ পিছত জেপেটুৱে নিজৰ চোলটো বিক্ৰি কৰি পিন’কিঅ’ক এখন প্ৰাথমিক সাহিত্যৰ পুথি কিনি দি স্কুললৈ পঠালে। স্কুললৈ যোৱা বাটত পিন’কিঅ’ই দেখা পালে যে কোনোৱাই ‘পুতুলা নাচ’ খেল দেখুৱাই আছে। তেতিয়া পিন’কিঅ’ই  স্কুলৰ  কথা পাহৰি নিজৰ কিতাপখন বিক্ৰি কৰি পুতুলা নাচ খেল চাবলৈ ধৰিলে।  এনেতে মঞ্চৰ পুতুলা এটাই পিন’কিঅ’ক নাম কাঢ়ি মাতি মঞ্চলৈ নি তেওঁকো পুতুলা নাচ খেল দেখুৱাবলৈ লগাই দিলে। এনে কাৰ্যত পুতুলা নাচৰ মেনেজাৰজনে  পিন’কিঅ’ক অভিযুক্ত কৰি জলন্ত জুইত পুৰি মাৰিবলৈ সিদ্ধান্ত লোৱাত তেওঁক মাতি নিয়া পুতুলাটোৱে বাধা দি  নিজে পিন’কিঅ’ৰ বাবে মৰিবলৈ ওলোৱাত পিন’কিঅ’ই তেওঁক ক’লে:

“মোৰ বাবে  আনে মৰিব নালাগে। ময়েই মৰিম।”

তেওঁৰ এই উত্তৰত সন্তুষ্ট হৈ মেনেজাৰজনে পিন’কিঅ’ক মুক্ত কৰি লগত পাঁচটি সোণৰ মুদ্ৰা পুৰস্কাৰ হিচাপে দি পিন’কিঅ’ক ঘৰলৈ পঠিয়াই দিলে। ঘৰলৈ ওভতা ৰাস্তাত পিন’কিঅ’ই এটি শিয়াল আৰু এটি মেকুৰীক লগ পালে। সিহঁত দুটাই পিন’কিঅ’ক ফুচুলাই এখন চৰাইখানালৈ লৈ গৈ তেওঁৰ পইচাৰে পেট পুৰাই খালে আৰু মাজৰাতি পিন’কিঅ’ক লগত লৈ আশ্চৰ্যৰ দেশ (Land of Miracles) লৈ যোৱাৰ অশ্বাস দি শুই থাকিল। সিহঁতে পিন’কিঅ’ক ক’লে যে আশ্চাৰ্য দেশত মুদ্ৰা মাটিত পুতি থলে মুদ্ৰাৰ গছ জন্মে আৰু তাৰ পৰা অসংখ্য মুদ্ৰা সংগ্ৰহ কৰি ধনী হ’ব পাৰি। পিন’কিঅ’ই সিহঁতৰ ফুচুলনিত ভোল গ’ল। ৰাতিপুৱা সাৰ পাই পিন’কিঅ’ই দেখে যে সিহঁত দুটা তেওঁক এৰি গুচি গৈছে। সি অকলশৰে লৰ দিলে। বাটত দুটা ডকাইতে তেওঁৰ পিছ ললে যদিও শেষত এজনী পৰী (Fairy) ৰ সহায়ত ৰক্ষা পৰে।  পৰীক তেওঁৰ ভনী হিচাপে গ্ৰহণ কৰিলে। তেওঁ পৰীৰ পৰা জানিব পাৰিলে যে তেওঁৰ পিতা জেপেট্টো তেওঁক বিচাৰি সেই স্থানলৈ আহিব। গতিকে তেওঁ পিতাকক আগুৱাই আনিবলৈ গ’ল। বাটত তেওঁ আগতে লগ পোৱা শিয়াল আৰু মেকুৰীক লগ পালে। সিহঁতে তেওঁক ফুচুলাই আশ্চৰ্যৰ দেশলৈ লৈ যায়। তাত সিহঁতৰ প্ৰতাৰণাত তেওঁৰ লগত থকা চাৰি আনা মুদ্ৰা হেৰুৱাই শোক-বেজাৰত পৰীৰ স্থানলৈ ওলটি যায় যদিও তাত পৰীক নাপাই শোক কৰি থাকে। পিছত পাৰ চৰাইৰ পৰা জানিব পাৰে যে তেওঁৰ পিতাকে তেওঁক বিচাৰি সাগৰত নাও মেলি দিছে। পাৰ চৰাইৰ পিঠিত উঠি তেওঁ ততাতৈয়াকৈ তালৈ যায় যদিও পিতাকক ধৰিব নোৱাৰিলে। তেওঁৰ পিতাক জেপেট্টোৱে সাগৰত ধুমুহা বতাহৰ সন্মুখীন হৈ  নাও বুৰি ‘ডগ ফিচ’ (Dog-fish) ৰ গৰাহত পৰে। পিন’কিঅ’য়ো সাগৰত পৰি যায় কিয়নো তেওঁ সাগৰৰ পাৰৰ টিলাৰ পৰা  পিতাকক ডগ ফিচে গিলি পেলোৱা চাই আছিল আৰু উক্ত ঘটনা দেখা পাই নিজে তললৈ জাপ মাৰি দিয়ে। পিছত সাঁতুৰি কোনোমতে এখন দ্বীপত উঠে আৰু তাতে সেই পৰীক লগ পায়। পৰীয়ে তেওঁৰ পৰা ভাল ল’ৰা হোৱাৰ প্ৰতিশ্ৰুতি আদায় কৰি স্কুললৈ পঠায়।  পঢ়া-শুনাত সফলতা দেখুওৱা বাবে তেওঁৰ আন আন সহপাঠীয়ে তেওঁৰ প্ৰতি ঈৰ্ষা কৰি সাগৰৰ দাঁতিলৈ ডগ-ফিচ চোৱাৰ চক্ৰান্ত কৰি লৈ যায়। তাত তেওঁৰ ওপৰত বন্ধু এজনক হত্যা কৰাৰ অপৰাধ জাপি দি পুলিচক গতাই দিয়ে। তাৰ পৰা পলাই সাৰি নানান লাঞ্ছনা ভূগি পুনৰ পৰীৰ তালৈ ওভতি যায় আৰু কেতিয়াও দুষ্টালি নকৰি এজন ভাল ল’ৰা হ’ব বুলি পুনৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু পিছলৈ এই প্ৰতিশ্ৰুতি ভঙ্গ কৰি ৰোমিঅ’ নামৰ এজন সহপাঠীৰ লগত  ‘মূৰ্খৰ দেশ’ (Land of Bobbies) লৈ যায় য’ত তেওঁ গাধলৈ ৰূপান্তৰিত হয়। তাতো নানান দুখ-কষ্ট ভোগ কৰি  সাগৰলৈ গৈ ডগ-ফিচক লগ পায় আৰু তাৰ চিকাৰত পৰিণত হয়। শেষত ডগ-ফিচৰ পেটত পিতাক জেপেট্টোক লগ পায়। অৱশেষত পিতাকক লগত লৈ ডগ-ফিচৰ পেটৰ পৰা ওলাই আহিবলৈ সক্ষম হয় আৰু পিতা-পুত্ৰ দুয়োজনে সেই দ্বীপখনত সুখেৰে থাকিবলৈ লয়। পিন’কিঅ’ই দুষ্টালি এৰি এজন ভাল আৰু সৎ ল’ৰা হয়।

উপন্যাসখনৰ কাহনী এইখিনিয়েই। উক্ত কাহিনীভাগৰ দ্বাৰা ঔপন্যাসিক কাৰলো কলোডিয়ে  দেখুৱাইছে যে সন্তানে পিতৃ-মাতৃৰ আদেশ-উপদেশ মানি চলিব লাগে নহ’লে পিন’কিঅ’ৰ দৰে অশেষ দুখ-কষ্ট, লাঞ্ছনা ভোগ কৰিব লগা হয়।

দেখা যায় যে উপন্যাসটিৰ চাৰিত্ৰবোৰ কাল্পনিক আৰু অলৌকিক শক্তি সম্পন্ন। পিন’কিঅ’ৰ লগতে উঁইচিৰিঙা, শিয়াল, মেকুৰী, ডগফিচ, পাৰ চৰাই আদি চৰিত্ৰবোৰ  মানৱীয় চৰিত্ৰৰ বৈশিষ্ট্যৰে বৈশিষ্ট্যমণ্ডিত। এই পিনৰ পৰা বিচাৰ কৰিলে দেখা যায় যে উপন্যাসটিৰ কানিহীভাগ  ৰূপকাত্মক। উক্ত চৰিত্ৰবোৰৰ মজেদি, বিশেষকৈ পিন’কিঅ’ চৰিত্ৰটোৰ মাজেদি দুষ্ট আৰু পিতৃ-মাতৃৰ আদেশ অমান্য কৰা শিশুৰ দুখ-কষ্ট ভোগ কৰাৰ চিত্ৰ ফুটি উঠিছে।

কাহিনী ৰূপায়ণ আৰু ইয়াৰ ৰূপকাত্মক অৰ্থৰ পিনৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে উপন্যাসখন প্ৰাচীন ভাৰতীয় সংস্কৃত পুথি ‘পঞ্চতন্ত্ৰ’ৰ লেখীয়াকৈ লিখকে ল’ৰা-ছোৱালীক জ্ঞান দিয়াৰ উদ্দেশ্যে ৰচনা কৰিছে।

‘পিন’কিঅ’ উপন্যাসখন অধ্যয়ন কৰাৰ সময়ত এটি ইংৰাজী শিশু উপন্যাসৰ কথা মনলৈ আহে। উপন্যাসখনৰ নাম ‘অজান দেশত এলিচ’ (Alice in Wonerland) । ইয়াৰ ৰচকজন হ’ল লুইচ কেৰ’ল। এই উপন্যাসখনতো অলীক কল্পনা আছে। দুয়োখন উপন্যাসেই উপভোগ্য আৰু বহুল প্ৰচাৰিত শিশু উপন্যাস যদিও  দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্যও আছে। ‘লুইচ কেৰ’লৰ ‘অজান দেশত এলিচ’ উপন্যাসটি সপোনৰ বৰ্ণনাহে। আনহাতে ‘দ্য এডভানচাৰ অফ পিন’কঅি’ উপন্যাসটি কাল্পনিক হ’লেও বাস্তৱৰ ওচৰ। ইয়াত শিশু মনস্তত্ব স্পষ্টভাবে ফুটি উঠিছে। তাৰোপৰি ৰূপকাত্মকভাৱে এইখনত শিক্ষনীয় দিশো বিদ্যমান।

উপন্যাসখনৰ কাহিনী বিন্যাস অতি সুসংগঠিত। ভাষাও সহজ আৰু শিশু মনস্তত্বৰ লগত খাপ খুৱা। শেষত ক’ব পাৰি যে কাৰলো কলোডিৰ ‘দ্য এডভানচাৰ অফ পিন’কিঅ’ উপন্যাসখন বিশ্বৰ শ্ৰেষ্ঠ  শিশু সাহিত্যৰাজিৰ ভিতৰত অন্যতম। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

75 Comments

  1. Pingback: চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘অন্য আকাশ অন্য তৰা’ - এক সমালোচনা - Growhills Publishing

  2. Pingback: চৈয়দ আব্দুল মালিকৰ উপন্যাস ‘অঘৰী আত্মাৰ কাহিনী’- এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  3. Pingback: চৈয়দ আব্দুল মালিকৰ উপন্যাস, 'জীয়া জুৰিৰ ঘাট' - এক সমালোচনাত্মক আলোচনা - Growhills Publishing

  4. Pingback: ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস, ‘জীৱন আৰু লালসা’- এক সালোচনাত্মক আলোচনা  - Growhills Publishing

  5. Pingback: ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস, ‘জীৱন আৰু লালসা’- এক সালোচনাত্মক আলোচনা  - Growhills Publishing

  6. Pingback: চাৰ আৰ্থাৰ কেনান ডয়েলৰ উপন্যাস ‘বিলুপ্ত জগত’ - এক সমালোচনা - Growhills Publishing

  7. Pingback: নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ উপন্যাস, ‘মল্লিকা’- এক সমালোচনাত্মক আলোচনা  - Growhills Publishing

  8. Pingback: নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ উপন্যাস, ‘মল্লিকা’- এক সমালোচনাত্মক আলোচনা  - Growhills Publishing

  9. Pingback: হিতেশ ডেকাৰ উপন্যাস ‘ভাৰা-ঘৰ’ - এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  10. Pingback: হিতেশ ডেকাৰ উপন্যাস ‘ভাৰা-ঘৰ’ - এক সমালোচনাত্মক বিশ্লেষণ - Growhills Publishing

  11. Pingback: কাঞ্চন বৰুৱাৰ উপন্যাস, ‘অসীমত যাৰ হেৰাল সীমা’ - এটি সমালোচনা - Growhills Publishing

  12. Pingback: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস 'মৃত্যুঞ্জয়' - এক সমালোচনা - Growhills Publishing

  13. Pingback: এখন ইটালীয় শিশু উপন্যাস ‘দ্য এডভানচাৰ অফ পিন’কিও’ -এক সমালোচনা - Growhills Publishing

  14. Pingback: A For Apple - Growhills Publishing

  15. Pingback: Morning Song - Growhills Publishing

  16. Pingback: Lollipop - Growhills Publishing

  17. Pingback: Twinkle twinkle Little Star - Growhills Publishing

  18. Pingback: A Child's Grace - Growhills Publishing

  19. Pingback: God Bless Mummy - Growhills Publishing

  20. Pingback: Baa! Baa! Black Sheep - Growhills Publishing

  21. Pingback: What Can I Do - Growhills Publishing

  22. Pingback: Rain on the Green Grass - Growhills Publishing

  23. Pingback: See-saw - Growhills Publishing

  24. Pingback: Rain Rain Come Soon - Growhills Publishing

  25. Pingback: Work While You Work - Growhills Publishing

  26. Pingback: Lucy Locket - Growhills Publishing

  27. Pingback: Look at the Moon - Growhills Publishing

  28. Pingback: Jack Jack Joe - Growhills Publishing

  29. Pingback: Marry Ann Marry Ann - Growhills Publishing

  30. Pingback: অটল বিহীৰী বাজেপয়ী - Growhills Publishing

  31. Pingback: অৰুণা আছফ আলী - Growhills Publishing

  32. Pingback: চুলিক্‌ফা - Growhills Publishing

  33. Pingback: নেপোলিয়ন - Growhills Publishing

  34. Pingback: দেৱহুতি-Devahuti - Growhills Publishing

  35. Pingback: কপিল-Kapil - Growhills Publishing

  36. Pingback: ৰত্নমালা-Ratnamala - Growhills Publishing

  37. Pingback: চিলাৰায়-Chilaray - Growhills Publishing

  38. Pingback: ৰামানুজন-Ramanujan - Growhills Publishing

  39. Pingback: জয়ধবজ সিংহ - Growhills Publishing

  40. Pingback: মেঘৰাজ কৰ্মকাৰ - Growhills Publishing

  41. Pingback: বলাইৰাম সেনাপতি - Growhills Publishing

  42. Pingback: খ্ৰীষ্টচন মুণ্ডা - Growhills Publishing

  43. Pingback: শোভা ব্রহ্ম - Growhills Publishing

  44. Pingback: কিৰাত শৌৰ্য বদৌচা - Growhills Publishing

  45. Pingback: আশাপূৰ্ণা দেৱী-Ashapoorna Devi - Growhills Publishing

  46. Pingback: আলেকজেণ্ডাৰ -Alexander  - Growhills Publishing

  47. Pingback: আলেকজেণ্ডাৰ গ্ৰাহাম বেল - Growhills Publishing

  48. Pingback: আল-খোৱাৰিজমি-Al Khuwarizmi - Growhills Publishing

  49. Pingback: আৰ্কিমিডিছ-Archimedes - Growhills Publishing

  50. Pingback: আদাম-Adam - Growhills Publishing

  51. Pingback: শৰ-সন্ধান - Growhills Publishing

  52. Pingback: মোৰ বুকুত কি জ্বলে - Growhills Publishing

  53. Pingback: ৰৌদ্ৰ কামনা - Growhills Publishing

  54. Pingback: ভোগালী - Growhills Publishing

  55. Pingback: পৃথিৱী মোৰ কবিতা - Growhills Publishing

  56. Pingback: এতিয়াও অমৃত - Growhills Publishing

  57. Pingback: মোৰ দেশ - Growhills Publishing

  58. Pingback: মোৰ গীত তোমাৰ সুৰ - Growhills Publishing

  59. Pingback: প্ৰস্তাৱনা - Growhills Publishing

  60. Pingback: সংহতিৰ ভাড়াঘৰ - Growhills Publishing

  61. Pingback: শিশু পদ্য - Growhills Publishing

  62. Pingback: আনন্দৰাম বৰুৱা।Anandaram Baruah - Growhills Publishing

  63. Pingback: Ready Guide H S 2nd Yr English Supplementary Reader - Growhills Publishing

  64. Pingback: Ready Guide H S 2nd Yr English Poetry - Growhills Publishing

  65. Pingback: Photo of Students - Growhills Publishing

  66. Pingback: Growhills Book Covers - Growhills Publishing

  67. Pingback: নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা  - Growhills Publishing

  68. Pingback: সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা - Growhills Publishing

  69. Pingback: ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ - Growhills Publishing

  70. Pingback: H S Final Exam Que Paper English 2015 - Growhills Publishing

  71. Pingback: H.S. 2nd Yr Final Exam Que Paper English 2016 - Growhills Publishing

  72. Pingback: H.S. 2nd Yr Final Exam Que Paper English 2017 - Growhills Publishing

  73. Pingback: H S 2nd Yr Final Exam Que Paper English 2018 - Growhills Publishing

  74. Pingback: H S 2nd Yr Final Exam Que Paper English 2019 - Growhills Publishing

  75. Pingback: H S 2nd Yr Final Exam Que Paper Assamese 2017 - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *