চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘অন্য আকাশ অন্য তৰা’ – এক সমালোচনা

(চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘অন্য আকাশ অন্য তৰা’ – এক সমালোচনা): চৈয়দ আব্দুল মালিকৰ, ‘অন্য আকাশ অন্য ত’ৰা’ শিৰোনামৰ উপন্যাসখন এক ভিন্ন স্বাদৰ সামাজিক উপন্যাস। প্ৰেমেই  হৈছে  এই  উপন্যাসখনৰ  প্ৰধান প্ৰসঙ্গ। উপন্যাসখনত প্ৰেম দুটা ৰূপত ধৰা দিছে – এটা হৈছে নাৰী পুৰুষৰ মাজৰ সহজাত প্রবৃত্তিমূলক (instinctive) প্ৰেম আৰু আনটো হৈছে সাৰ্বজনীন মানৱ প্ৰেম (universal human love)। ঔপন্যাসিকে প্ৰেমৰ এই প্ৰথম ৰূপটোত স্বাভাৱিকতে ডেকা-গাভৰুৰ অন্তৰত উদয় হোৱা প্ৰেমৰ অনুভূতিয়ে সার্ব্বিক জীৱনত কেনেকুৱা ক্ৰিয়া কৰে তাকে দেখুৱাইছে। আন কথাত জীৱনত প্ৰেমৰ বিফলতাই কিদৰে জীৱনটোক কাব্যিক ৰূপত কৰুণ কৰি তোলে ঔপন্যাসিকে উপন্যাসখনত তাৰেই চিত্ৰ এটি দাঙি ধৰিছে।

উপন্যাসখনৰ কাহিনীৰ নায়কজন হৈছে ডাক্তৰ ৰায়হান। তেওঁ অভিজাত পৰিয়ালৰ সন্তান। পিতাকৰ নাম খান বাহাদুৰ মীজানুৰ ৰহমান। তেওঁ আছিল প্ৰাক-স্বাধীন ভাৰতৰ এজন নামজ্জ্বলা উকীল, লাখপতি ঠিকাদাৰ, ৰাজনীতিবিদ আৰু হাকিম। তেওঁ আছিল এজন সুশ্ৰী, গহীন-গম্ভীৰ আৰু ধীৰ-স্থিৰ প্ৰকৃতিৰ মানুহ। চলন-ফুৰণ কথা-বতৰাত আভিজাত্যৰ চানেকী বিৰাজ কৰিছিল। তেওঁৰ  দুগৰাকী তিৰোতা বিয়া কৰাইছিল। প্ৰথম পত্নীজনী দুটা সন্তান জন্ম দি মৃত্যু মুখত পৰাত তেওঁ ‘জাহানাৰা’ নামে দ্বিতীয় গৰাকী তিৰোতা গ্ৰহণ কৰিছিল। জাহানাৰাৰ গৰ্ভতো দুটা সন্তান জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰথম পক্ষৰ স্ত্ৰীৰ গৰ্ভত জন্ম লোৱা ডাঙৰ সন্তানজন আছিল পুত্ৰ সন্তান – নাম মিচবাহুৰ ৰহমান আৰু দ্বিতীয় পক্ষৰ পুত্ৰ সন্তানজনৰ নাম আছিল মিষ্টাৰ ৰায়হান। মিচবাহুৰ ৰহমানে বি.এ. পাচ কৰি এচ.ডি.চি.ৰ চাকৰীত সোমায় আৰু ৰায়হানে কলিকতা মেডিকেল কলেজৰ পৰা এম. বি. পাচ কৰি উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যায়। ৰায়হানে বিলাতত থকা অৱস্থাতে পিতাক খান বাহাদুৰ মীজানুৰ ৰহমানৰ হাৰ্ট এটেকত মৃত্যু হয়। বিলাতৰ পৰা ৰায়হানে ডাক্তৰীৰ উচ্চতম ডিগ্ৰী লৈ স্বদেশলৈ ঘূৰি আহে। নিজ ঘৰলৈ ঘুৰি অহাৰ কিছুমাহ পিছত তেওঁৰ মাতৃ ‘জাহানাৰা’ সৰ্প দৰ্শনত মৃত্যু হয়। মাকৰ মৃত্যুৰ পিছত ৰায়হানে নিজকে খুব অকলশৰীয়া আৰু অসহায় যেন অনুভৱ কৰিব ধৰিলে। গতিকে এদিনাখন পিতৃ-মাতৃৰ প্ৰাসাদোপম ঘৰবাৰী ‘দিলবাহাদুৰ’ নামৰ চকিদাৰ এজনৰ দায়িত্বত এৰি দি ঘৰৰ পৰা লক্ষ্যহীনভাৱে ওলাই যায়। ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। ৰায়হানে এই বিশ্বযুদ্ধত এজন সৈনিক আৰু ডাক্তৰ হিচাপে যোগদান কৰে। এনেদৰে প্ৰায় সাতবছৰ পৃথিৱীৰ বিভিন্ন দেশত সেৱা আগবঢ়াই  আৰু নানান ঠাই  ঘূৰি-ফুৰি ঘৰলৈ উভতি আহিল।

ঘৰলৈ আহি ৰায়হানে খেয়ালী মন লৈ সময় কটোৱা আৰম্ভ কৰিলে। এদিনাখন ‘মিছেছ পাৰবীন’ নামৰ এজনী বিবাহিতা মহিলা ৰায়হানৰ ঘৰলৈ আহিল। তাই আছিল ৰায়হানৰ কলেজীয়া জীৱনৰ বান্ধৱী । ধনী পৰিয়ালৰ সন্তান। ৰায়হান আৰু পাৰবীনৰ লগত প্ৰেমৰ সম্বন্ধ গঢ়ি উঠিছিল। কিন্তু ৰায়হানে বিলাতলৈ যোৱাৰ কিছুদিন পিছতে পিতৃ-মাতৃয়ে পাৰবীনক ‘কামাল’ নামৰ ধনী ঠিকাদাৰৰ ল’ৰা এজনৰ লগত বিয়া দিয়ে । পাৰবীন আৰু ৰায়হানৰ মাজত যোগাযোগ চলি থাকিল। কিন্তু ৰায়হানে দেখা পালে যে পাৰবীনে প্ৰথম প্ৰেমৰ স্মৃতিটো বুকুৰ মাজত নীৰৱে জীয়াই ৰাখি মনোকষ্ট আৰু কাৰুণ্যত ভূগিছে।

আনহাতে ৰায়হানৰ পিতৃ হাকিম মীজানুৰ ৰহমানৰ এজন ভাল বন্ধু মিষ্টাৰ জালালৰ এগৰাকী জীয়েক আছিল – নাম মিছ নাৰ্জী। ৰায়হানৰ প্ৰায় সমবয়সীয়া। জালাল উচ্চ শিক্ষা লাভ কৰি হাকিমৰ চাকৰীত সোমায় যদিও ওপৰৱালা বিষয়াৰ লগত মনোমালিন্য ঘটাত হাকিমৰ চাকৰী এৰি স্কুল মাষ্টৰৰ চাকৰীত সোমায়। সি ৰায়হানৰো শিক্ষক আছিল। ৰায়হান আৰু নাৰ্জী একেলগে পঢ়া-শুনা আৰু খেলা ধূলা কৰিছিল – ফলত দুয়োৰো মাজত ছাত্ৰ অৱস্থাতেই প্ৰেমৰ উদ্ৰেক হৈছিল। কিন্তু ৰায়হানৰ পিতৃৰ অমতৰ বাবে দুয়োজনৰ মিলন নহ’ল। পিতাক জালাল মাষ্টৰে জীয়েক নাৰ্জীক ‘জাহাঙ্গীৰ’ নামেৰে ল’ৰা এজনৰ লগত বিয়া দি ঘৰ জোঁৱাই কৰি ৰাখিলে, ৰায়হান আৰু নাৰ্জীৰ মিলন নহ’ল যদিও নাৰ্জীয়ে ৰায়হানক পাহৰিব নোৱাৰিল। আনহাতে অলপ দিনৰ ভিতৰতে জাহাঙ্গীৰ আৰু নাৰ্জীৰ মাজত ফাটল দেখা দিলে। জাহাঙ্গীৰ মদাসক্ত হ’ল। পিছলৈ লম্পট আৰু বেশ্যাৰ বেহা আৰম্ভ কৰি দিলে।

জালাল মাষ্টৰ ইতিমধ্যে বুঢ়া হৈ আহিল। জীয়েক নাৰ্জী আৰু জোঁৱায়েক জাহাঙ্গীৰৰ মাজত মনৰ বিভেদ দেখি জালাল বুঢ়া মনোকষ্টত ভূগিবলৈ আৰম্ভ কৰিছিল যদিও প্ৰেমৰ ক্ষেত্ৰত তেঁৱো জীৱনত ডাঙৰ আঘাত পাইছিল। ৰায়হানে জালাল মাষ্টৰৰ অসুখৰ কথা শুনি এদিনাখন তেওঁক চাবলৈ তেওঁৰ ঘৰলৈ যায়। তেওঁৰ চিকিৎসা আৰু তত্বাৱধানৰ ব্যৱস্থা কৰি দিলে। নাৰ্জীৰ ব্যৱহাৰত ৰায়হানে দেখা পালে যে নাৰ্জীয়ে ৰায়হানক পাহৰিব পৰা নাই – ৰায়হানৰ প্ৰতি তেতিয়াও ক্ষোভ আৰু অভিমানত ৰঙা  হৈ আছে। ৰায়হানে এইদৰে মাজে মাজে জালাল মাষ্টৰৰ খা-খবৰ লৈ থাকোতে এদিন জানিব পাৰিলে যে জালাল মাষ্টৰে এজনী ছোৱালীক ভাল পাইছিল, মানে প্ৰেমত পৰিছিল। কিন্তু এবাৰ ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধত অংশ গ্ৰহণ কৰা বাবে তেওঁ জেললৈ যাব লগা হৈছিল। সেই সুযোগত অৰ্থাৎ জালাল জেলত থকা সময়ত সেই ছোৱালীজনীৰ বিয়া হৈ গ’ল হাকিম খানবাহাদুৰ মীজানুৰ ৰহমানৰ লগত, অৰ্থাৎ ৰায়হানৰ পিতাকৰ লগত। ৰায়হান সেই ছোৱালীজনীৰে গৰ্ভজাত সন্তান। ইয়াৰ পিছত জালালে অইন ছোৱালী বিবাহ কৰাইছিল যদিও সেই প্ৰথম প্ৰেমৰ স্মৃতীয়ে জীৱনটোক বেদনাসক্ত আৰু কৰুণ কৰি ৰাখিছিল। 

এইদৰে ঔপন্যাসিক চৈয়দ আব্দুল মালিকে উপন্যাসখনত মানুহৰ জীৱনলৈ অহা প্ৰথম প্ৰেমৰ কৰুণ স্মৃতিৰ চিত্ৰাঙ্কন কৰিছে। প্ৰথম প্ৰেমে যে মানৱ জীৱনৰ গতিটো সলাই দিব পাৰে লিখকে উপন্যাসখনত তাৰ যথাযথ চিত্ৰ অংকন কৰাত সফল হৈছে। আচলতে ডেকা-গাভৰুৰ প্ৰেম হৈছে  শাৰীৰিক আৰু মানসিক অনুভূতি। যিকোনো সুস্থ মানুহৰ জীৱনলৈ এই অনুভূতি এবাৰ আহেই। এই অনুভূতিৰ সদ্ব্যৱহাৰ কৰিব নোঁৱাৰাজন অৰ্থাৎ প্ৰথম প্ৰেমত মিলন নোহোৱা প্ৰেমিক-প্ৰেমিকাই যদি এই অনুভূতিক সহজাত প্ৰকৃতি বুলি সহজভাৱে গ্ৰহণ কৰিব নোঁৱাৰে, তেন্তে সিহঁতৰ জীৱনলৈ নামি আহে  চৰম হতাশা, ব্যৰ্থতা আৰু কৰুণতা। স্মৃতিৰ কোঠালীত প্ৰথম প্ৰেমৰ স্মৃতি বন্ধী কৰি ৰখা  মানেই  বাস্তৱ জীৱনৰ  সুখ আৰু আনন্দৰ অনুভূতিৰ পৰা নিজকে বঞ্চিত কৰাৰ নামান্তৰহে  মাথোন। সেয়ে আজিৰ ডেকা-গাভৰুৱে এই  সুখ-আনন্দ জীয়াই  ৰাখিবলৈ হ’লে জীৱনত প্ৰথম প্ৰেমক যিকোনো উপায়ে জীয়াই ৰখাৰ চেষ্টা কৰিব লাগিব, বা বিবাহৰ আগতে প্ৰেমত পৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব। দেখা গৈছে  যে পাশ্চাত্য দেশত ডেকা-ডেকেৰীয়ে সঘনে প্ৰেমিক-প্ৰেমিকা সলনি কৰি থাকে – ফলত সিহঁতৰ সাংসাৰিক জীৱনতো সঘনে অশান্তি আৰু বিচ্ছেদৰ অমানিশা নামি আহে। 

ইয়াৰ পিছত ঔপন্যাসিকে ৰায়হানক এজন মানৱহিতৈষী (humanitarian) হিচােপ অংকন কৰিছে। ভাৰতে স্বাধীনতা পোৱাৰ আগে আগে ভাৰত আৰু বাংলাদেশত হিন্দু-মুছলমানৰ মাজত যি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়, তাৰ ফলত বহুত সংখ্যক বাংলাদেশী ভগনীয়া হৈ অসমলৈ আহে। ৰায়হানে তাৰে কিছুসংখ্যক ভগনীয়াক নিজৰ ঘৰতে কিছুদিনৰ কাৰণে আশ্ৰয় দি ৰাখে। তাৰে ভিতৰত ‘অৰ্পনা’ নামৰ হিন্দু পৰিয়ালৰ ছোৱালী এজনীৰ লগত তেওঁৰ সৌহাৰ্দ্য গঢ়ি উঠে। তাই আছিল চৰিত্ৰবান আৰু শিক্ষিতা। তাইক ৰায়হানে তেওঁৰ অট্টালিকাৰ ওপৰ মহলাত আছুতীয়াকৈ আশ্ৰয় দিয়াত মানুহৰ মুখে মুখে কুৰ্ৎসা ৰটনা আৰম্ভ হৈছিল। কিন্তু ৰায়হান আছিল চৰিত্ৰৰ পিনৰ পৰা সকলো সমালোচনাৰ উৰ্দ্ধত। পিছলৈ ৰায়হানে অৰ্পনাৰ সংস্থানৰ ব্যৱস্থা কৰি পশ্চিমবংগৰ প্ৰভাকৰ নামে শিক্ষিত ল’ৰা এজনলৈ বিয়া দি মানৱতাবাদৰ আদৰ্শ দাঙি ধৰে। ইয়াৰ উপৰিও তেওঁ  নাৰ্জীৰ পিতাকক চিকিৎসা কৰা আৰু নাৰ্জীক নিজৰ মাটিত সংস্থাপন দি মানৱ প্ৰেমৰ চানেকী ৰাখে। 

চৰিত্ৰাঙ্কন (characterisation) ত ঔপন্যাসিক মালিকে পৰিপূৰ্ণতাৰ স্বাক্ষৰ ৰাখিব পাৰিছে। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ পাঁচোটা – ৰায়হান, পাৰবিন, নাৰ্জী, অৰ্পনা আৰু জালাল। ইয়াৰ আটাইকেইটা চৰিত্ৰই  প্ৰথম প্ৰেমৰ স্মৃতিৰ দ্বাৰা কৰ্ষিত, বিমৰ্ষ আৰু কৰুণ। ৰায়হান সকলোৰে ওপৰত। তেওঁ আটাইৰে শান্তি আৰু সুখ কামনা কৰিছে যদিও নিজৰ সুখ-শান্তিৰ কথা কেতিয়াও ভাবিব পৰা নাই। তেওঁ নাৰ্জী আৰু অৰ্পনাৰ সংস্থাপনৰ দিহা লগাই  অনিৰ্দ্দিষ্ট ভৱিষ্যতৰ পিনে ঘৰৰ পৰা ওলাই গৈছে। গতিকে দেখা যায় মালিকে ৰায়হানক এজন স্বতন্ত্ৰ (individual) চৰিত্ৰ হিচাপে অংকন কৰিছে। 

কাহিনী বিন্যাস (Structure) ৰ পিনৰ পৰা উপন্যাসখন দুৰ্বল যেন লাগে। লিখকে চৰিত্ৰাঙ্কনত জোৰ দিছে যদিও কাহিনীৰ বিন্যাসত আটিল আৰু শৃঙ্খলাবদ্ধ হ’ব পৰা নাই। কাহিনী বিন্যাসৰ প্ৰতি সচেতন হ’লে উপন্যাসখন কলাত্মকদিশত সফল হ’লহেঁতেন।

পৰিৱেশ (Atmosphere) সৃষ্টিত উপন্যাসিক সফল হোৱা বুলি নকৈ নোৱাৰি। চৰিত্ৰসমূহৰ মানসিক অৱস্থা আৰু সামাজিক অৱস্থাৰ লগত সঙ্গতি ৰাখি চাৰিওপিনৰ পৰিৱেশ অংকন কৰাত ঔপন্যাসিকে গুৰুত্ব দিছে। কিন্তু মাজে মাজে তেওঁ পৰিৱেশৰ বৰ্ণনা দিওঁতে কাৰ্পণ্য দেখুৱাই সংক্ষেপ কৰিছে। 

উপন্যাসখনক কৰুণ ৰস (Pathos) ৰ বাহিৰে আন কোনো সাহিত্যিক ৰস নাই। ইয়াৰ আটাইবোৰ চৰিত্ৰই কাৰুণ্যৰ চকুলোৰে প্লাৱিত। কিন্তু লিখকে এই কাৰুণ্য অংকনত সংযম ৰক্ষা কৰিব পাৰিছে। 

ভাষা (Language) ৰ ক্ষেত্ৰত উপন্যাসখন সৰলতাৰ প্ৰতীক। লিখকে সৰল আৰু অলংকাৰহীন ভাষা প্ৰয়োগ কৰি উপন্যাসখন সবৰ্বসাধাৰণ পাঠকৰ ওচৰ পোৱাত সহায় কৰিছে। কিন্তু জালাল মাষ্টৰ নামৰ চৰিত্ৰৰ মুখত ইংৰাজী সংলাপ আৰোপ কৰি ইংৰাজী নজনা সাধাৰণ পাঠকৰ বাবে জটিলতাৰ সৃষ্টি কৰিছে। 

উপন্যাসখনত লিখকৰ জীৱন দৰ্শন (Philosophy of LIfe) আওকীয়াকৈ প্ৰকাশ পাইছে। লিখকে চৰিত্ৰসমূহৰ দুবৰ্বল দিশেবাৰহে দাঙি ধৰিছে আৰু মাজে মাজে তেওঁ জীৱনৰ গভীৰ সত্যৰ প্ৰতি এনেদৰে মন্তব্য আগবঢ়াইছে, যেনে: 

(ক) “যাৰ ওপৰত আমাৰ অভিযোগ থাকে তাক সম্পূৰ্ণ ক্ষমা কৰিব নোঁৱাৰিলে বা নাৰ্য্য প্ৰতিশোধ তাৰ ওপৰত ল’ব নোঁৱাৰিলে মনে শান্তি নেপায়।”

(খ) “কাৰোবাৰ মনৰ মাজত স্থান পালে মানুহে সংস্থান নিবিচাৰে।”

(গ) “অসত্যৰ প্ৰতিবাদ কৰিলে অসত্যই গুৰুত্ব পায়।”

(ঘ) “পৰচৰ্চা কৰাত যেন এটা আস্বাদ আছে, তৃপ্তি আছে।”

(ã) “কেৱল জীৱিকাৰ কাৰণে কাম কৰাত কোনো মহত্ব নাই।”

(চ) “ছোৱালীৰ মন সদায় নিজৰ হৈ  নাথাকে।”

(ছ) “যাৰ সকলো হে’ৰাই গৈছে তাৰ মাজে মাজে দুখ হোৱাটো স্বাভাৱিক।”

সামৰণিত ক’ব পাৰি মালিকৰ ‘অন্য আকাশ অন্য ত’ৰা’ শিৰোনামৰ উপন্যাসখন পৰিৱেশ অংকনত পৰিমিত, ভাষাত সৰল, জীৱন দৰ্শনত বিক্ষিপ্ত, চৰিত্ৰাঙ্কনত সম্পূৰ্ণ,  বিন্যাসত শিথিল যদিও কাহিনী আৰু বিষয় প্ৰসঙ্গত বাস্তৱ ধৰ্মী এক ভিন্ন স্বাদৰ প্ৰেমৰ উপন্যাস। ০ ০ ০

( ‘চৈয়দ আব্দুল মালিকৰ উপন্যাস, ‘অন্য আকাশ অন্য তৰা’ – এক সমালোচনা’ ৰচনাটি ৰাব্বি মচৰুৰ  ৰচিত ‘অসমীয়া উপন্যাস সমালোচনা‘ গ্রন্থৰ পৰা তুলি অনা হৈছে)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published.