ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস, ‘জীৱন আৰু লালসা’- এক মসালোচনাত্মক আলোচনা  

(ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস‘জীৱন আৰু লালসা’- এক মসালোচনাত্মক আলোচনা): ৰমেশ চন্দ্ৰ কলিতাৰ ‘জীৱন আৰু লালসা‘ শিৰোনামৰ উপন্যাসখন এটি বুৰঞ্জীমূলক উপন্যাস (Historical Novel)। উপন্যাসখনৰ কাহিনীভাগৰ পটভূুমি হৈছে সোতৰ শ শতাব্দীৰ অসম। উপন্যাসখনত আহোম স্বৰ্গদেউ ‘নৰিয়া ৰজা’ৰ ৰাজত্ব কালৰ শেষ বছৰকেইটিৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ এটি চিত্ৰন আছে। ঔপন্যাসিকে উপন্যাসখনত  নৰিয়া ৰজাৰ তোলনীয়া পুতেক ‘কুকুৰে খোৱা গোঁহাই’ৰ অত্যাচাৰ উৎপীড়ন আৰু উদ্ধতালিত অতিষ্ঠ হৈ  প্ৰজাসাধাৰণে কেনেদৰে নাৰিয়া ৰজাৰ অন্যতম পুত্ৰ খহুৱা কোঁৱৰ বা চুতামফা (জয়ধবজ সিংহ) ক আহোম সিংহাসনত বহুৱায় সেই কাহিনী লিখকে ঐতিহাসিক দৃষ্টিকোণেৰে অথচ উপন্যাসৰ কলা-কৌশল অটুট ৰাখি ৰসাল ৰূপত কিছুমান কাল্পনিক চৰিত্ৰ যোগ দি উপস্থাপন কৰিছে।

ঔপন্যাসিকে উপন্যাসখনৰ আৰম্ভণিতে ‘ৰঙাই’ নামৰ কল্পনিক চৰিত্ৰ এটিৰ সংযোজনা কৰি লিখিছে যে তেওঁ হৈছে সাধাৰণ পাইক এজনৰ পুত্ৰ। তেওঁ ‘শেৱালী’ নামৰ ছোৱালী এজনীক ভাল পায়। দুয়োজনৰ পিতৃ-মাতৃয়েও সিহঁতৰ মনৰ মিল দেখি বিয়া পাতি দিয়াৰো সিদ্ধান্ত লৈছে। এনেতে ৰঙাইৰ মাত আহিল ৰজাঘৰৰ পৰা পাইক খাটি দিবলৈ। ৰঙাইয়ে পাইক খাটিবলৈ গ’ল। পাইক খটা অৱস্থাত তেওঁ এবাৰ ৰণতো যাবলগা হৈছিল। ৰণত বিক্ৰমো দেখুৱাইছিল। ৰজাঘৰত এনেদৰে তিনিমাহ পাইক খাটি ঘৰলৈ ওভতি আহিল। ইপিনে পিতৃ-মাতৃয়ে ৰঙাই পাইক খাটি ওভতি অহাৰ পিছতেই শেৱালিৰ লগত বিয়া পাতি দিয়াৰ বন্ধোৱস্ত কৰি থৈছিল। ৰঙাই ঘৰলৈ আহিয়েই প্ৰেমিকা শেৱালিক লগ ধৰিবলৈ গ’ল। সেই সময়ত শেৱালি পথাৰত কঠিয়া তুলি আছিল। ৰঙাইয়ে শেৱালিক বিচাৰি পথাৰ পালেগৈ। বহুদিনৰ মূৰত প্ৰেমিক-প্ৰেমিকাৰ দেখা হোৱাত দুয়োজনে মনৰ কথা পতাৰ আয়োজন কৰিছে। এনেতে দেখে যে চুতিমফা বা নৰীয়া ৰজাৰ বৰকুঁৱৰীৰ পুতেক অৰ্থাৎ ডাঙৰজন ৰাজকোঁৱৰ ‘কুকুৰে খোৱা গোহাঁই’ ঘোঁৰাত উঠি লগত মেজি আৰু কলামণি নামৰ লগৰীয়া দুজন লৈ সেইফালে আহি আছে। সিহঁত আহি আহি শেৱালিৰ কাষ পালে আৰু কুকুৰে খোৱা গোঁহাইয়ে মেজি আৰু কলামণিক আদেশ দিলে শেৱালিক ধৰি আনিবলৈ। লগে লগে মেজি আৰু কলামণিয়ে শেৱালিক বলেৰে টানি-আঁজুৰি কুকুৰে খোৱা গোঁহাইৰ ঘোঁৰাত তুলি দিলে। এনেতে ৰঙাইয়ে বাধা দিয়াত তেওঁক চাবুকেৰে কোৱাই অজ্ঞান কৰি পেলাই থৈ ঘোঁৰাত  উঠিল। এনেতে ৰঙাইৰ দুজন সমনীয়া বন্ধু ধনাই আৰু মনাই হঠাৎ সেই ঠাইত উপস্থিত হ’ল আৰু কুকুৰে খোৱা গোঁহাইৰ কৱলৰ পৰা শেৱালিক উদ্ধাৰ কৰিলে। কুকুৰে খোৱা গোঁহাই ভয়ত পলাই গ’ল। এই ঘটনাৰ তিনিদিন পিছত ৰঙাইয়ে কুৰুৱাবাহী সত্ৰলৈ গ’ল শৰণ ল’বলৈ। শৰণ লৈ অহাৰ পিছত ৰজাঘৰৰ পৰা চমন পালে যে তেওঁ পাইক খাটি দিয়াৰ সময়ত ৰণত বিক্ৰম দেখুৱাৰ কাৰণে ৰজাই তেওঁক বঁটা দিবলৈ মাতি পঠিয়াইছে। বঁটা গ্ৰহণ কৰিবলৈ তেওঁ আনন্দমনেৰে ৰাজধানীলৈ গৈ বঁটা গ্ৰহণ কৰিলে। কিন্তু ওভতি অহা সময়ত কুকুৰে খোৱা গোঁহায়ে মেজি আৰু কলামণিৰ সহযোগত ৰঙাইক আক্ৰমণ কৰি মাৰি পেলাই প্ৰতিশোধ ললে। ৰঙাইক হত্যা কৰাৰ বাতৰি চাৰিওফালে সিচঁৰতি হৈ পৰিল। কুকুৰে খোৱা গোঁহাইৰ অত্যাচাৰ আৰু অপকৰ্মত কোনেও মুখ ফুটাই একো ক’ব নোৱাৰিলে যদিও ভিতৰি ভিতৰি প্ৰজাসাধাৰণ তেওঁৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ থাকিল। শেৱালি পাৰে মানে কান্দিলে। এনেতে বৰগোঁহাইয়ে কুকুৰেখোৱা গোঁহাইৰ প্ৰতিশোধ লোৱাৰ বাবে বুদ্ধি কৰি শেৱালিক ৰাজকাৰেঙত তামুলী লিগিৰী পাতি দিলে। নৰীয়া ৰজা প্ৰায়ে অসুখত ভূগি বিচনাত পৰি থকা বাবে ৰাজকাৰ্যত সিমান চকু দিব পৰা নাছিল। নৰীয়া ৰজাৰ পিছত বৰকুঁৱৰীয়ে নিজৰ পুত্ৰ কুকুৰেখোৱা গোহাঁইক ৰজা পাতিবলৈ মনে মনে আশা পাঙি আছিল। কিন্তু কুকুৰেখোৱা গোঁহাই  আছিল অত্যাচাৰী আৰু নিষ্ঠূৰ হৃদয়ৰ ৰাজকোঁৱৰ। তেওঁ এবাৰ জাকৈ বাই থকা তিৰোতা এজনীৰ তপিনালৈ বাটলুগুটি মাৰিছিল। এবাৰ গর্ভিনী নাৰী এগৰাকীৰ পেটফালি সন্তান উলিয়াই ৰঙ চাইছিল। আকৌ এবাৰ চেনেহী নামৰ গাভৰু ছোৱালী এজনীৰ সতীত্ব নাশ কৰাৰ চেষ্টা চলাইছিল। তেওঁৰ এনে অত্যাচাৰ উৎপীড়ণত জনসাধাৰণে নৰীয়া ৰজাৰ দ্বিতীয় পুত্ৰ খহুৱা কোঁৱৰক ৰজা পতাৰ সিদ্ধান্ত লৈছিল। আনহাতে বৰকুঁৱৰীয়ে নিজৰ পুত্ৰ কুকুৰে খোৱা গোঁহাইক সিংহাসনত বহুৱাৰ বাঞ্ছা কৰি খহুৱা কোঁৱৰক ভাতৰ লগত বিহ মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু শেৱালিয়ে তেওঁক ৰক্ষা কৰে। আকৌ এবাৰ বৰকুঁৱৰী আৰু কুকুৰে খোৱা গোঁহাইৰ চক্ৰান্তত মেজি আৰু কলামণিয়ে আন কেইজন লগৰীয়াৰ লগলাগি খহুৱা কোঁৱৰক হত্যা কৰাৰ পৰিকল্পনা কৰি খহুৱা কোঁৱৰৰ ঘৰত সোমাইছিল। কিন্তু সকলো বিপদৰপৰা খহুৱা কোঁৱৰ ৰক্ষা পৰে। ইতিমধ্যে খহুৱা কোঁৱৰে খামুন নাওবৈচা ফুকনৰ কন্যা চেনেহীৰ প্ৰেমত পৰে। কিন্তু খহুৱা কোঁৱৰে বৰকুঁৱৰীৰ ষড়যন্ত্ৰত পৰি মৃত্যুৰ আশংকা কৰা বাবে চেনেহীক বিয়া কৰাবৰ প্ৰস্তাব দিব নোৱাৰিলে। আনহাতে চেনেহীৰ পৰা অহা প্ৰস্থাৱো অগ্ৰাহ্য কৰিলে। শেষত চেনেহীৰ পিতৃ-মাতৃয়ে কলামণি নামৰ সাধাৰণ চমুৱাৰ ল’ৰা এজনলৈ বিয়া দি দিলে।

এদিনাখন বৰগোঁহাই, ফুকন, বৰুৱা, শুকুলাহুদু আৰু আন আন দেশহিতৈষী প্ৰজাসাধাৰণে যুক্তি-বুদ্ধি কৰি অকস্মাৎ ৰাজধানী আক্ৰমণ কৰি নৰীয়া ৰজাক বন্ধী কৰিলে আৰু কুকুৰে খোৱা গোঁহাই, বৰকুঁৱৰী আৰু আন আন অত্যাচাৰী লোকসকলক হত্যা কৰি খহুৱা কোঁৱৰক ৰজা পাতিলে। ৰজা হৈ খহুৱা কোঁৱৰে হিন্দুমতে ‘জয়ধবজ সিংহ’  নাম ললে। ইতিমধ্যে খহুৱা কোঁৱৰে চেনেহীক নেপাই তাইৰ সৰু ভনী ‘কুসুমীক’ বিয়া কৰালে। খহুৱা কোঁৱৰে শিঙৰী ঘৰত উঠি ৰজা হ’ল। কুসুমী বৰকুঁৱৰী হ’ল। কুসুমীক বিয়া কৰালেও চেনেহীৰ প্ৰতি ৰজাৰ দুৰ্বলতা আছিল। এনেতে ৰজাই এদিন চেনেহীক (যিজনী কুসুমীৰ বাইদেউ) ৰাজধানীলৈ মাতি আনিলে আৰু কি অসুবিধাত পাৰি চেনেহীক বিয়া কৰাব নোৱাৰিলে তাক বুজাই কবৰ বাবে ইচ্ছা কৰিলে। কিন্তু চেনেহী এতিয়া অন্য পুৰুষৰ স্ত্ৰী। সেয়ে তাই ৰজাৰ কথাকো আওকান কৰি নীৰৱ হৈ থাকিল। ইপিনে চেনেহী ৰাজকাৰেংলৈ যোৱা বাবে মৰাপাৰ গোঁহাই, সনাতন ঠাকুৰ আৰু ৰত্বহৰি দৈবজ্ঞ নামৰ মানুহ তিনিজনে দুৰ্নাম লটিলে যে চেনেহী আৰু ৰজাই প্ৰণয়ত আবদ্ধ। গতিকে ৰজাই জাত মাৰিলে। সিহঁতে মিলি খহুৱা ৰজাৰ ষড়যন্ত্ৰ কৰি হত্যা কৰাৰ পৰিকল্পনা কৰিলে। অৱশেষত ষড়যন্ত্ৰটি ধ’ৰা পৰিল। ৰজাই সকলো বিদ্ৰোহীক ধৰি আনি নচ্চা শূলত দি হত্যা কৰিলে। চেনেহীৰ গিৰীয়েকো মৰা পৰিল। তেতিয়া ৰজাই চেনেহীক গ্ৰহণ কৰি ‘পৰ্বতীয়া কুঁৱৰী’ পাতিলে।

এনেদৰে ঔপন্যাসিকে বুৰঞ্জীৰ ঘটনা এটিক কল্পনাৰ সহায়ত উপন্যাসৰ ৰস আৰু পোছাক পিন্ধাই মনোৰমকৈ লিখি উলিয়াইছে। কুকুৰে খোৱা গোঁহাইৰ অত্যাচাৰৰ আভাষ দিবৰ বাবেই ঔপন্যাসিকে কিছুমান কাল্পনিক চৰিত্ৰ যেনে – চেনেহী, শেৱালি, কুসুমী, মেজা, কলামণি আদিৰ জন্ম দিছে। কুকুৰে খোৱা গোঁহাইৰ অত্যাচাৰ উৎপীড়ণৰ কাহিনী সুকুমাৰ মহন্তৰ ঘৰৰপৰা উদ্ধাৰ কৰা ‘বুৰঞ্জী’ আৰু পুৰাতত্ব বিভাগৰ দ্বাৰা প্ৰকাশিত ‘অসম বুৰঞ্জী’ত পোৱা যায়। এই উপন্যাসখনত কল্পনাৰ সমাহাৰ থাকিলেও বুৰঞ্জীৰ সত্য বিকৃত হোৱা নাই। উপন্যাসখনত লিখকে কাহিনীৰ লগতে সেই সময়ৰ অসমীয়া সমাজৰ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অৱস্থাৰ চিত্ৰও ঐতিহাসিক দৃষ্টিকোণৰ পৰা যথাযথ অংকন কৰাত সফল হৈছে।

উপন্যাসখনৰ প্ৰধান পুৰুষ চৰিত্ৰ দুটি – কুকুৰেখোৱা গোঁহাই আৰু খহুৱা কোঁৱৰ। কুকুৰে খোৱা গোঁহাইক ঔপন্যাসিকে মইমতীয়া, অত্যাচাৰী আৰু প্ৰজা-বিদ্বেষী, চৰিত্ৰহীন হিচাপে অংকন কৰিছে আৰু খহুৱা কোঁৱৰক চৰিত্ৰবান, প্ৰজাৰঞ্জক আৰু মানৱীয় গুণেৰে বিভূষিত কৰি ইতিহাসৰ সত্য অব্যাহত ৰাখিছে। শেৱালি আৰু চেনেহী হৈছে উপন্যাসখনৰ প্ৰধান দুটি নাৰী চৰিত্ৰ। শেৱালি আৰু চেনেহী দুয়োজনীয়েই প্ৰেমৰ জুইত পুৰা হৃদয়লৈ পাৰ্য্যমানে অত্যাচাৰী শাসকৰ বিৰুদ্ধে লৰি খহুৱা কোঁৱৰৰ সপক্ষে মাত মাতি স্বদেশ প্ৰেমৰ দৃষ্টান্ত দেখুৱাইছে।

কাহিনী বিন্যাস (Plot Structure) ৰ পিনৰ পৰাও উপন্যাসখন আঁটিল আৰু কলাসুলভ। ঔপন্যাসিকে ৰঙাইৰ হত্যাকাণ্ডৰ লগে লগে কাহিনীভাগক  আৰোহণলৈ আগবঢ়াই নি যুক্তি-সঙ্গত ৰূপত খহুৱা কোঁৱৰক ভাতৰ লগত বিহ খুৱাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰাৰ মূহুৰ্তত শীৰ্ষ বিন্দু পোৱাইছে। উপন্যাসখনৰ ভাষা সহজ যদিও মাজে মাজে আহোম শব্দ প্ৰয়োগ কৰি উপন্যাসখন মধ্যযুগৰ গোন্ধেৰে ভৰাই তুলিবলৈ চেষ্টা কৰিছে।

উপন্যাসখনত হাস্য ৰস নাই। আছে কৰুণ ৰস। ৰঙাই-শেৱালিৰ প্ৰেম প্ৰসঙ্গ, চেনেহী আৰু খহুৱা কোঁৱৰৰ প্ৰেম প্ৰসঙ্গ , আনকি কুকুৰে খোৱা গোঁহাইৰ অত্যাচাৰৰ ঘটনা আদি কৰুণ ৰসেৰে সিক্ত। 

মুঠতে ক’ব পাৰি ৰমেশ চন্দ্ৰ কলিতাৰ ‘জীৱন আৰু লালসা’ নামৰ উপন্যাসখন কাহিনী আৰু ক’লা – দুয়ো দিশতে সফল ঐতিহাসিক উপন্যাস। ০ ০ ০

( ‘ৰমেশ চন্দ্ৰ কলিতাৰ উপন্যাস‘জীৱন আৰু লালসা’- এক মসালোচনাত্মক আলোচনা ‘ ৰচনাটি ৰাব্বি মচৰুৰ  ৰচিত ‘অসমীয়া উপন্যাস সমালোচনা‘ গ্রন্থৰ পৰা তুলি অনা হৈছে)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published.