চৈয়দ আব্দুল মালিকৰ গল্প: ‘দুখন ভৰি’ – এক বিশ্লেষণ

 চৈয়দ আব্দুল মালিকৰ গল্প: ‘দুখন ভৰি’ – এক বিশ্লেষণ ‘দুখন ভৰি’ গল্পটি চৈয়দ আব্দুল মালিকৰ এটি আদৰ্শাত্মক গল্প। গল্পটিৰ জৰিয়তে গল্পকাৰ মালিকে শাৰীৰিক সৌন্দৰ্য্য আৰু আত্মাৰ সৌন্দৰ্য্য — এই  দুই বিপৰীতমুখী সৌন্দৰ্য্যৰ মাজত সংঘাত ফুটাই তুলিছে।  গল্পটিৰ কাহিনীভাগ তেনেই সাধাৰণ যদিও গল্পটিৰ মাজেদি প্ৰকাশ কৰা ভাৱটি তাৎপৰ্য্যপূৰ্ণ। গল্পটিৰ নায়কজনৰ নাম সত্যেন। তেওঁ এজন সফল উকিল আৰু শক্তিশালী প্ৰৱন্ধকাৰ। স্বাস্থ্যবান আৰু আদৰ্শপৰায়ণ। সমাজবাদত বিশ্বাসী। এদিন এটি নিমন্ত্ৰণলৈ গৈ ‘অমলা’ নামৰ এজনী […]

Read More

নগেন শইকীয়াৰ ৰচনা ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ – এক সমালোচনা

নগেন শইকীয়াৰ ৰচনা ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ – এক সমালোচনা নগেন শইকীয়াৰ ‘এজন বৃদ্ধৰ আত্ম-প্ৰবঞ্চনা’ শিৰোনামৰ ৰচনাটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম হিচাপে ডঃ শৈলেন ভৰালীৰ দ্বাৰা সংকলিত আৰু সম্পাাদিত ‘গল্প মঞ্জৰী’ ত এটা গল্প হিচাপে স্থান পাইছে যদিও উক্ত ৰচনাটি গল্প নহয়- কিয়নো গল্পৰ কোনো এটি উপাদান ৰচনাটিত নাই। ৰচনাটিত নিৰ্দিষ্ট কোনা কাহিনী নাই, এটা মাথো চৰিত্ৰৰ বাহিৰে অন্য কোনো চৰিত্ৰ নাই, যথাযথ পৰিৱেশৰ পৰিবেশন নাই, আনকি ভাষাও গদ্যৰ […]

Read More

লক্ষীনন্দন বৰাৰ গল্প: “এৰাবাৰীৰ লেছেৰী”-এক সমালোচনাত্মক বিশ্লেষণ

লক্ষীনন্দন বৰাৰ গল্প: “এৰাবাৰীৰ লেছেৰী”-এক সমালোচনাত্মক বিশ্লেষণ লক্ষীনন্দন বৰাৰ ‘এৰাবাৰীৰ লেছেৰী’ শিৰোনামাৰ গল্পটি কাহিনী, ভাৱ আৰু কলাত্মক দিশত এক অগাতানুগতিক গল্প। গল্পটিৰ জৰিয়তে তৰাপুৰ সত্ৰৰ অন্তৰ্গত ‘এৰাবাৰী’ নামৰ এটি পৰিত্যক্ত স্থানক কেন্দ্ৰ কৰি গঢ়ি  উঠা কিছুমান অলৌলিকতা আৰু সমাজৰ অন্ধবিশ্বাস গল্পকাৰে বিশেষ দক্ষতাৰে ফুটাই  তুলিছে।  গল্পটিত নিৰ্দিষ্ট আৰু প্ৰণালীবদ্ধ কোনো কাহিনী নাই। ‘এৰাবাৰীক’ কেন্দ্ৰ কৰি গঢ়ি  উঠা যিখিনি অন্ধবিশ্বাস আৰু অলৌকিক ঘটনাৰ কাহিনী মানুহৰ মুখে মুখে চলি আহিছে লিখকে তাৰেই […]

Read More

মহিম বৰাৰ চুটিগল্প: “এখন নদীৰ মৃত্যু”- এক সমালোচনা

মহিম বৰাৰ চুটিগল্প: “এখন নদীৰ মৃত্যু”- এক সমালোচনা মহিম বৰাৰ ‘এখন নদীৰ মৃত্যু’ নামৰ চুটিগল্পটি এনে এটি চুটিগল্প যি গল্পটিত নিৰ্দ্দিষ্ট কোনো কাহিনী নাই, কোনো বিশেষ চৰিত্ৰৰ বিকাশ নাই আনকি পৰিৱেশৰো যথাযথ বৰ্ণনা নাই; গল্পটি অসমীয়া সামাজিক জীৱনৰ কেইটামান খণ্ড খণ্ড চিত্ৰৰ সমাৱেশহে। আন কথাত গল্পটি কাহিনী প্ৰধান নাইবা চৰিত্ৰ প্ৰধান নাইবা পৰিৱেশ প্ৰধান গল্প নহয়; গল্পটি হৈছে চিত্ৰ প্ৰধানহে। ‘ধনেশ্বৰ’ নামৰ কলংপৰীয়া মাছমৰীয়া এজন মাছ মাৰি ঘৰলৈ ওভতি অহাৰ […]

Read More

ভবেন্দ্ৰ নাথ শইকীয়াৰ চুটিগল্প ‘ঢোৰাসাপ’ এটি সমালোচনাত্মক আলোচনা

ভবেন্দ্ৰ নাথ শইকীয়াৰ চুটিগল্প ‘ঢোৰাসাপ’ এটি সমালোচনাত্মক আলোচনা ভবেন্দ্ৰনাথ শইকীয়াৰ ‘ঢোৰাসাপ’  শিৰোনামেৰে লিখা চুটিগল্পটি এটি সামাজিক চুটিগল্প। গল্পটিত কোনো এটি সুনিৰ্দ্দিষ্ট কাহিনী নাই। গল্পটি ‘জানেকী’ নামৰ এজনী কুৎসিত আৰু শাৰীৰিকভাৱ দুবৰ্বল ছোৱালীক কেন্দ্ৰ কৰি  গঢ়ি উঠা কেইবাটাও খণ্ড-খণ্ড ঘটনাৰ বিন্যাসহে- যি ঘটনাবোৰৰ মাজেদি নাৰীৰ প্ৰতি পুৰুষৰ শাৰীৰিক প্ৰেম প্ৰকাশ পাইছে। গল্পটিৰ কাহিনী কোনো এক বিন্দুৰ পৰা আৰম্ভ হৈ শীৰ্ষবিন্দু আৰু উপংহাৰৰ মাজেদি পৰিণতিলৈ আগবঢ়া  নাই। ‘জানেকী’ নামৰ অনাকৰ্ষণীয় ছোৱালীজনীক লৈ […]

Read More

ভবেন্দ্র নাথ শইকীয়াৰ চুটিগল্প ‘গহ্বৰ’ এটি সমালোচনাত্মক আলোচনা

ভবেন্দ্র নাথ শইকীয়াৰ চুটিগল্প ‘গহ্বৰ’ এটি সমালোচনাত্মক আলোচনা ভবেন্দ্ৰনাথ শইকীয়াৰ ‘গহ্বৰ’ শিৰোনামেৰে লিখা চুটিগল্পটি বিষয়বস্তু, গঠন, ভাষা আৰু বৰ্ণনাৰ বৈচিত্ৰতাৰে ভৰপুৰ এটি ভিন্ন স্বাদৰ অসমীয়া চুটিগল্প। এই গল্পটিৰ পটভূমি অসম নাইবা ভাৰতৰ কোনো এক সমাজ নহয়, কোনো এখন খ্ৰীষ্টান ধৰ্মালম্বী দেশৰ- যি দেশত কৃষ্ণকায় আৰু শ্বেতকায় বৰ্ণৰ মানুহ বসবাস কৰে। চিকিৎসা-বিজ্ঞানৰ সাফল্য, সাম্প্ৰদায়িকতাবাদ, প্ৰেম আৰু মানসিক অন্তদ্বন্দ্ব গল্পটিৰ মূল আলোচ্য বিষয়। গল্পটি কাহিনী প্ৰধান গল্প হোৱাতকৈ চৰিত্ৰ প্ৰধান গল্প বুলিয়েই […]

Read More

 নিৰোদ চৌধুৰীৰ চুটিগল্প: ‘কোমল গান্ধাৰ’- এক বিশ্লেষণ

 নিৰোদ চৌধুৰীৰ চুটিগল্প: ‘কোমল গান্ধাৰ’- এক বিশ্লেষণ নিৰোদ চৌধুৰীৰ ‘কোমল গান্ধাৰ’ নামৰ চুটিগল্পটি এটি চৰিত্ৰ প্ৰধান চুটিগল্প। গল্পটিত কোনো সুনিৰ্দ্দিষ্ট কাহিনী নাই। যদুনাথ কাকতি নামৰ এজন  মহৰীৰ জীৱনৰ কেইটামান খণ্ড খণ্ড চিত্ৰহে গল্পটিত গল্পকাৰে ফুটাই তুলিবলৈ  যৎপৰোস্তি চেষ্টা কৰিছে আৰু এই চৰিত্ৰৰ ওপৰতে ভিত্তি কৰি গল্পকাৰে সমাজৰ দুৰ্নীতি, সবলে দুবৰ্বলীৰ লগত কৰা দুৰ্ব্যৱহাৰ, তিৰোতা জাতিৰ প্ৰতি পুৰুষ জাতিৰ সাধাৰণ দুবৰ্বলতা – আদি দিশবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।চুটিগল্পটিৰ প্ৰধান চৰিত্ৰ যদুনাথ […]

Read More

শীলভদ্ৰৰ চুটিগল্প: ‘মধুপুৰ বহু দূৰ’- এক সমালোচনাত্মক আলোচনা

শীলভদ্ৰৰ চুটিগল্প: ‘মধুপুৰ বহু দূৰ’- এক সমালোচনাত্মক আলোচনা  শীলভদ্ৰৰ দ্বাৰা ৰচিত ‘মধুপুৰ বহু দূৰ’ শিৰোনামৰ গল্পটি এটি চৰিত্ৰ প্ৰধান চুটিগল্প (Short Story of Character)। গল্পটিত বিশেষ কোনো কাহিনী (Plot) নাই। ই কেইবাটাও চৰিত্ৰৰ সমাৱেশহে। গল্পটি আত্মজীৱনীমূলক শৈলী (Autobiographical Style) অত ৰচিত আৰু ইয়াৰ পৰা প্ৰতীয়মান হয় যে গল্পটিৰ চৰিত্ৰবোৰ বাস্তৱ সন্মত আৰু লিখকৰ জীৱনৰ লগত কম-বেছি পৰিমাণে সম্পৰ্কিত। গল্পটিৰ পৰা জনা যায় যে গল্পকাৰ শীলভদ্ৰই  জীৱনৰ আদিছোৱা অৰ্থাৎ শৈশৱ আৰু […]

Read More

কৃষ্ণ ভূঞাৰ চুটিগল্পঃ ‘যাদুঘৰ’- এক সমালোচনাত্মক বিশ্লেষণ

কৃষ্ণ ভূঞাৰ চুটিগল্পঃ ‘যাদুঘৰ’- এক সমালোচনাত্মক বিশ্লেষণ কৃষ্ণ ভূঞাৰ ‘যাদুঘৰ’ নামৰ চুটি গল্পটি অসমীয়া ভাষাত এক অগানুগতিক ভিন্ন স্বাদৰ প্ৰেমৰ গল্প। এজনী আঢ্যবন্ত, চহৰীয়া বেশ্যাৰ শৰীৰিক সৌন্দৰ্য্যৰ মোহত পৰা এজন শিক্ষিত ডেকাৰ প্ৰেমাকৰ্ষণ গল্পটিৰ প্ৰধান উপজীৱ্য। গল্পটি কিৰণ আৰু অমল নামৰ দুজন শিক্ষিত আঢ্যবন্ত বন্ধুৰ কথোপকথনেৰে আৰম্ভ হৈছে। কিৰণ আদৰ্শবান ডেকা ল’ৰা। আনহাতে তেওঁৰ বন্ধু অমল আদৰ্শৰ বাটৰ পৰা  স্খলিত হোৱা ডেকা ল’ৰা। অমলে ‘নীহাৰ’ নামৰ এজনী চহৰীয়া বেশ্যাৰ ৰূপ-সৌন্দৰ্যত […]

Read More

মামনি ৰয়চম  গোস্বামীৰ চুটি গল্প ‘সংস্কাৰ’: এক সমালোচনা

মামনি ৰয়চম  গোস্বামীৰ চুটি গল্প ‘সংস্কাৰ’: এক সমালোচনা মামনি ৰয়চম গোস্বামীৰ ‘সংস্কাৰ’ শিৰোনামৰ চুটি গল্পটি এটি সামাজিক চুটি গল্প। গল্পটিৰ মাজেৰে অসমীয়া সমাজৰ কিছুমান কলুষ-কালিমা, যেনে- পৰস্ত্ৰীৰ প্ৰতি লোভ, বেশ্যালি, অস্পৃশ্যতা, পৰধনৰ প্ৰতি লিপ্সা আদি প্ৰকটভাৱে প্ৰকাশ পাইছে। কাহিনীটোৰ নায়কজন হ’ল পীতাম্বৰ মহাজন। তেওঁৰ বয়স প্ৰায় ষাঠি বছৰ। দুবাৰ বিবাহ  কাৰাইছিল যদিও তেওঁৰ ঔৰসত কোনো সন্তান-সন্ততি নহ’ল। সেয়ে তেওঁৰ দুঃখ আৰু অশান্তি। আৰ্থিক দিশত স্বচ্ছল যদিও সন্তান কামনাৰ চিন্তাত অকালতেই  […]

Read More