বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’ – এক সমালোচনা

(বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ‘মৃত্যুঞ্জয়’-এক সমালোচনা): বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ‘মৃত্যুঞ্জয়’ শিৰোনামৰ উপন্যাসখন ঐতিহাসিক উপন্যাস। ইয়াৰ পটভূমি হৈছে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰতীয় স্বাধীনতা আন্দোলন। ভাৰতবৰ্ষৰ পৰা বিদেশী ইংৰাজক খেদিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰদেশত বিপ্লৱী বাহিনী গঠন কৰা হয়। অসমো মহাত্মা গান্ধীৰ আহ্বানত স্বাধীনতা আন্দোলনত জপিয়াই পৰে আৰু নানা উপায়ে দেশৰ পৰা ইংৰাজ শাসন অচল কৰাৰ কাৰ্য্যকলাপ আৰম্ভ হয়। মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে আন্দোলন সফল কৰিবলৈ পৰিকল্পনা লৈছিল যদিও মহাত্মা গান্ধীৰ লগতে আন আন আগশাৰীৰ বিপ্লৱী নেতাসকলক ইংৰাজ চৰকাৰে বন্ধী কৰে। ফলত কোনো কোনো ঠাইত জনতা উন্মত্ত হৈ বৃটিচ শাসনৰ বিৰুদ্ধে উঠি পৰি লাগে। বৃটিচ চৰকাৰে এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰাত লাগি পৰে। মানুহক নির্বিবাদে হত্যা, গ্ৰেপ্তাৰ আনকি অসমীয়া তিৰোতাৰ ওপৰতো অমানুষিক অত্যাচাৰ আৰম্ভ কৰে। পূৱ অসমত বিশেষকৈ নগাও অঞ্চলত এই বিদ্ৰোহ পূৰাদমে আৰম্ভ হয় আৰু তাৰ লগতে ইংৰাজৰ অত্যাচাৰো এই অঞ্চলত অতি হিংস্ৰ হৈ উঠে। গতিকে পূব অসমৰ ময়াং অঞ্চলত বাস কৰা মিচিম, নগা আৰু গাৰোসকলে ইংৰাজৰ বিৰুদ্ধে অতি কঠোৰ হৈ  মায়াং অঞ্চলৰ মাজেদি যোৱা ৰেলপথ ধবংশ কৰি ৰেল যোগাযোগ বিচ্ছিন্ন কৰাৰ পৰিকল্পনা কৰে। এই কামৰ দায়িত্ব লয় গোঁহাই, ধনপুৰ, মধু, জয়ৰাম আদি কেইজনমান অতি সাহসী নেতাই। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই  এই  উপন্যাসখনত নগাও বিশেষকৈ মায়াং অঞ্চলত ইংৰাজে নিৰীহ জনসাধাৰণৰ ওপৰত কৰা অত্যাচাৰ আৰু মায়াং অঞ্চলৰ জনসাধাৰণে ইংৰাজ শাসকৰ বিৰুদ্ধে কৰা বিপ্লৱী কাৰ্য্যকলাপসমূহ অতি সুক্ষ্ম বিশ্লেষণসহ নিখুত আৰু জীৱন্ত বৰ্ণনাৰে দাঙি ধৰিছে। ইয়াৰ কাহিনী ঐতিহাসিক যদিও ই  ইতিহাস নহয়। ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই পাতনিত নিজেই স্বীকাৰ কৰিছে:

“এই  উপন্যাসত বৰ্ণোৱা ঘটনা কাল ১৯৪২ চন। চৰিত্ৰসমূহ কাল্পনিক। অৱশ্যে ইয়াত স্বাধীনতাৰ এই শেষ আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ আভাষ আৰু চিত্ৰন আছে। ই ইতিহাস নহয়। নিজৰ কালত ঘটা ঘটনাৰ আলম লৈ ৰচা কাহিনীহে।”

উপন্যাসখনৰ কাহিনী (plot) অতি সাধাৰণ। ইয়াত ধাৰাবাহিক কোনো ঘটনা নাই। ধনপুৰ আৰু গোহাঁই  নামৰ ব্যক্তি দুজনৰ নেতৃত্বত কেনেকুৱা পৰিকল্পনাৰে আৰু  প্ৰস্তুতিৰে মায়াংত ইংৰাজ সৈন্য ভৰ্তি ৰেল বগৰোৱা হয় আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে জনসাধাৰণে কেনেকুৱা লাঞ্ছনা ভোগ কৰিব লগা হয় তাৰ চিত্ৰাঙ্কনেই হৈছে উপন্যাসখন। 

উপন্যাসত কাহিনী অৱলম্বনহে মাত্ৰ। কাহিনীক ভিত্তি কৰি সমাজৰ চিত্ৰ দাঙি ধৰাই উপন্যাসৰ সফলতা। এই উপন্যাসখনো এনে। ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই সাধাৰণ কাহিনী এটিক অৰ্থাৎ ধনপুৰ আৰু গোহাঁইৰ নেতৃত্বত ৰেল বগৰোৱা কাৰ্য্যক অবলম্বন কৰি সেই সময়ৰ নগাওৰ জনসাধাৰণৰ বিশেষকৈ মিচিংসকলৰ সামাজিক, পাৰিবাৰিক, সাংস্কৃতিক, ধৰ্মীয় আদি দিশসমূহৰ অবিকল চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছে। 

উপন্যাসখনত যি চিত্ৰই  মুখ্য স্থান পাইছে সেই চিত্ৰটি হৈছে ইংৰাজসকলে সহজ-সৰল, হোজা অসমীয়া, বিশেষকৈ মিচিং সম্প্ৰদায়ক কৰা অমানুষিক অত্যাচাৰ উৎপীড়ণৰ চিত্ৰ। উপন্যাসৰ আৰম্ভনিতেই ধনপুৰে ভিভিৰামক কোৱা ‘সুভদ্ৰা’ নামৰ মিচিং গাভৰু এগৰাকীক ইংৰাজ সেনাই  কৰা পাশৱীয় ধৰ্ষণৰ বৰ্ণনাৰে। সেই সময়ত অসমত ঠায়ে ঠায়ে বৃটিছৰ বিৰুদ্ধে ‘শান্তি সেনা’ নামেৰে বাহিনী গঠন কৰা হৈছিল। এই  শান্তি সেনা বাহিনীৰ সদস্য বা কৰ্মীসকলক ধৰিবলৈ বৃটিছ সেনাই নির্বিবাদে অভিযান চলাই জনজীৱন বিষাক্ত কৰি তুলিছিল। বহুতো নাৰীৰ সতীত্ব নাশ কৰি কলংকৰ কালিমা সানিছিল। এদিনাখন ৰাতি সুভদ্ৰাক উপৰ্যুপৰি দহজনমান সেনাই বলাৎকাৰ কৰি মৃতপ্ৰায় কৰিছিল। তাই সিদিনা ৰাতি তাইৰ বুঢ়ী মাকৰ লগতে অকলে আছিল, কিয়নো ঘৰৰ মতা মানুহবোৰে সেনাৰ ভয়ত হাবিত আশ্ৰয় লৈছিল। সেই সুযোগতে সেনাই সুভদ্ৰাক বলাৎকাৰ কৰে। ধনপুৰে ‘কলী বাইদেউ’ নামৰ এজনী তিৰোতাৰ সহায়ত তাইক চিকিৎসাৰ ব্যৱস্থা কৰে যদিও অবশেষত তাই সতীত্ব নাশ হোৱাৰ কলঙ্ক আৰু দুৰ্যশ ভূগি থকাৰ পৰিৱৰ্তে মৰাই শ্ৰেয় বুলি ভাবি গাত জুঁই লগাই আত্মহত্যা কৰে। ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই তাইৰ অৱস্থাৰ  বৰ্ণনা দিছে এনেদৰে: 

“…………….একেবাৰে শেঁতা পৰি আইধা। কাপোৰ-কানিত তেজ। খোজ দিবই নোৱাৰে; কেঁকাইছে।  মই (ধনপুৰ) ভেবা লাগি চাই আছোঁ। বুঢ়ীয়ে হিয়া ভুকুৱাই কান্দিছে, কৈছে – পাৰিবিনে এইক বচাব? কালি ৰাতিপুৱাৰে পৰা ৰখি আছোঁ। মানুহ এটাৰ মুখ দেখিবলৈ নাই। তই জানিবা দেৱতা ওলোৱাদি ওলালিহি। পিছে নিবি কেনেকৈ? তাইৰ দেখা নাইনে অৱস্থা?”

ঔপন্যাসিকে সুভদ্ৰাৰ অৱস্থা বৰ্ণনা কৰি সেই সময়ৰ ইংৰাজ সেনাৰ পাশৱীয় অত্যাচাৰৰ নমুনাহে দেখুৱাইছে মাত্ৰ। এই সুভদ্ৰাৰ দৰে আৰু কিমান তিৰোতাই যে সেনাৰ হাতত সতীত্ব হেৰুৱাই উৎপীড়িত হৈছিল তাৰ লেখ- জোখ নাই।

অকল ইংৰাজ সেনাই যে জনজীৱন অতিষ্ঠ কৰি তুলিছিল সেয়া নহয়, বহুত স্বাৰ্থন্বেষী অসমীয়া দেশদ্ৰোহীয়েও নিজৰ অঞ্চলত স্বাধীনতা বিপ্লৱীসকলক অত্যাচাৰ-উৎপীড়ণ কৰি কলংকৰ কালিমা লৈছিল। তাৰ ভিতৰত শইকীয়া, লয়ৰাম উল্লেখযোগ্য। সিহঁতেও বহুত  নাৰীক অপমান কৰিছিল। এবাৰ লয়ৰাম আৰু শইকীয়ায়ো ডিমি নামৰ তিৰোতা এগৰাকীক বলৎকাৰ কৰাৰ অপচেষ্টা কৰিছিল। 

সেই কালৰ মিছিং সমাজখন শিক্ষা দীক্ষাৰ ফালৰ পৰাও অতি পিছপৰি আছিল।  মায়াঙত এটি স্কুল আছিল যদিও স্কুলৰ অৱস্থা আছিল পানীত হাঁহ নচৰা। ঔপন্যাসিকে স্কুলৰ বৰ্ণনা দিছে এনেদৰে,

“দধি মাষ্টাৰৰ মনত পৰিল মায়াঙৰ পাঠশালা স্কুলখনলৈ। সেইখন আজি চাৰিমাহে বন্ধ হৈ আছে। মাষ্টৰ ফেৰাৰ ল’ৰা-ছোৱালী যি কেইটা আছিল সিহঁত মুকলিমুৰীয়া হৈ ফুৰিছে। কৰিবনো কি পঢ়ি, এই মনোভাৱ অভিভাৱকসকলৰ। খেনোৰ ল’ৰাই পুৱা হাল বাই  লঘোনে-ভোকে স্কুলত পঢ়িবলৈ আহে। কেতিয়াৱা আকৌ আহিবই নোৱাৰে। যিদিনা কঠীয়া সিঁচা হয় বা কঠীয়া ৰোৱা হয় সেইদিনা বাপেক-মাক ল’ৰা-ছোৱালী আটাইবোৰেই গৈ কঠীয়া তলি বা পথাৰত সোমাই গৈ। নহলে অন্ন মুঠি নোলায়। বানেশ্বৰ ৰজা আহিনা কোঁৱৰৰ ল’ৰাৰো সেই দশা। ইমান অভাৱৰ মাজত চলিব লাগে মানুহবোৰ। আৰু ছোৱালী স্কুললৈ পঠিওৱা অভ্যাসেই নাই ৰাইজৰ।”

ইয়াৰ পিছত উপন্যাসখনত যি চিত্ৰই অতিকৈ অংকিত হৈছে সেয়া হৈছে সেই সময়ত অসমীয়া সমাজত চলি থকা অন্ধবিশ্বাস বা কুসংস্কাৰৰ চিত্ৰ। অসমীয়া সমাজত তেতিয়ালৈ কোনো যুক্তি বা বিজ্ঞানৰ পোহৰ পৰা নাছিল। পৰম্পৰাগতভাৱে মানুহে জীৱনৰ প্ৰায় প্ৰতি খোজতে কুসংস্কাৰক সজীৱ কৰি ৰাখিছিল। উদাহৰণ হিচাপে থুৰতে তলত কেইটামান প্ৰসঙ্গ উল্লেখ কৰা হ’ল-

ধনপুৰ নামৰ চৰিত্ৰ এটাই (যিজনক  উপন্যাসখনৰ নায়ক বুলি কব  পাৰি ) এবাৰ ডিমি নামৰ ছোৱালী এজনীক বিয়া কৰাবলৈ কলা পাঠা এটা দেৱতালৈ আগ কৰিছিল। কিন্তু ডিমিক পোৱা নাছিল। তেতিয়াৰ পৰা অৱশ্যে ধনপুৰৰ বিশ্বাস সোলোক-ঢোলোক হয়। ভিভিৰাম আৰু ধনপুৰৰ মাজত হোৱা কথোপকথনে ইয়াৰ সত্যতা প্ৰমাণ কৰে:

“ভিভিৰাম: ডিমিক পাবলৈ তই বুঢ়া-বুঢ়ীলৈ কলা পাঠা এটা আগ কৰিছিলি নহয়? 

ধনপুৰ: অঁ। ডিমিক জানো পালোঁ? গতিকে এইবোৰ মিছা।” অতীতত মায়াং অঞ্চলৰ মানুহ হেনো যাদু মন্ত্ৰত পাকৈত আছিল। যাদুৰ বলত মানুহক ভেৰালৈ ৰূপান্তৰ কৰিব পাৰিছিল। জয়ৰাম মেধি নামৰ চৰিত্ৰ এটাই  নিজে গৰ্ব কৰি কৈছে যে এসময়ত তেৱোঁ এজন কৃতী মন্ত্ৰ বা যাদু বিশাৰদ আছিল, কিন্তু কংগ্ৰেছত যোগ দিয়াৰ পিছৰ পৰা মন্ত্ৰ এৰি দিছে।

পশুয়ে ৰাতি কন্দাটো মানুহৰ বাবে অমঙ্গলৰ বতৰা। সেয়ে গোঁসায়ীনিয়ে কিবা অঘটন ঘটিব পাৰে বুলি আঁচলেৰে চকু পানী মচি গোঁসাইক কৈছে যে সুভদ্ৰা আত্ম হত্যা কৰাত তাইৰ আত্মাটো চয়তান হ’ল আৰু তাই ৰাতি হৰিণা পশুৰ দৰে কান্দে। তাইৰ ভাষাত, 

“ওৰে ৰাতি পশু এজনীয়ে হাবিত কান্দি থকা আপুনি শুনিছেনে?”

গোঁহাইয়ে শ্বান্তনাৰ সুৰত কৈছে:  

“………………..শৰ পশুয়ে মানুুহৰ দৰে কান্দে। অলপ বেয়া লাগে শুনিলে। কিন্তু এইবোৰ মনৰ ভাৱহে।”

গোঁসানীয়ে ক’লে: “-কিন্তু মোৰ হ’লে ভয় লাগিছে। আপোনাৰ কিবা হয় বুলি ভয় লাগিছে।”

ৰেল বগৰোৱা কাৰ্য্য সমাপন কৰাৰ আগতে ৰেলৰ চিৰি হাতুৰী বটালীৰে পিটি পিটি স্থানচ্যুত কৰা সময়ত দূৰৰ পৰা আহি থকা দুজন প্ৰহৰীৰ গুলিত ধনপুৰবেয়াকৈ আহত হৈ  মৃতপ্ৰায় হয়। জয়ৰাম নামৰ মানুহ এজনে ধনপুৰৰ যন্ত্ৰণা লাঘৱ কৰিবলৈ কেবাটাও মন্ত্ৰ মাতে। তাৰে ‘কৰতি মন্ত্ৰ’, ‘সৰ্বঢাক মন্ত্ৰ’ আদি কৰি কেইবাটাও মন্ত্ৰ মাতি পানী পঢ়ি গাত সিঁচি দিবলৈ ইচ্ছা কৰে। সি সৰ্বঢাক মন্ত্ৰ গাইছে এনেদৰে , 

“শ্ৰী কৃষ্ণায় নমঃ। মহামন্ত্ৰপত্ৰ দেৱলোকে জানি সৰ্বৰোগ বিনাশে পশুপাত হানি।……….চৌষষ্টি ৰোগ যতমানে আছে পাশু পত্ৰে কাটি পেলাও থান থান। ক্ষীৰ সাগৰে উপজিল ধন্বপ্তৰী, অমৃতৰ ঘট তুলি ধৰি অমৃত বৈদ্যক এক ঠাই কৰি থৈলা অসংখ্য ৰোগ মাৰিয়া থওঁ। পাশুপত্ৰ অস্ত্ৰখানি কালগুৰু মহেশ্বৰে দিয়া পানী ৰোগীৰ গাত ঢালি হাতে হানি বিষ ৰোগ জ্বৰ জাৰি বিষ কৰিলো পানী। বায়ু বোলে মোক দিয়া  বৰ অনন্ত অগ্নি থও নুমাই। সাগৰ পৰ্বত কৰো চোৰ। মেদিনী ভাঙ্গি কৰো মষিমুৰ, শিলা কৰো পানী, বায়ু বিনাশো, অমুকাৰ ৰোগ নাশ কৰি ঘৰক আসো।”

আজিকালি এনেকুৱা মন্ত্ৰই যে কাম নিদিয়ে বিজ্ঞানে ডাঠি ক’ব পৰা হৈছে।

ওপৰৰ আলোচনাত দেখা গ’ল উপন্যাসটিত সেই  সময়ৰ সামাজিক তথা ৰাজনৈতিক চিত্ৰৰ খণ্ড খণ্ড টুকুৰাৰে ঠাঁহ খাই আছে।

উপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই  উপন্যাসখনত কেইবাটাও অমৰ চৰিত্ৰ অংকন কৰিছে। উপন্যাসখনৰ প্ৰধান চৰিত্ৰটি হৈছে ধনপুৰ। তেওঁ ধুৰন্ধৰ গাৰে এজন মিচিং ডেকা। ধনপুৰ উপন্যাসখনৰ আৰম্ভণিতে দেখা দিছে আৰু উপন্যাসখনৰ প্ৰধান কাহিনী ৰেল বগৰোৱালৈকে মুখ্য ভূমিকা লৈছে। বহু ক্ষেত্ৰত তেওঁ ঔপন্যাসিকৰ মুখপাত্ৰ হিচাপে দেখা দিছে। তেওঁৰ মুখৰপৰা উপন্যাসখনৰ আদি ভাগত ইংৰাজৰ অত্যাচাৰ উৎপীড়ণৰ কাহিনী ভিভিৰাম নামৰ বিপ্লবী নেতা এজনে শুনি লৈছে। উপন্যাসিকে ধনপুৰৰ পৰিচয় দিছে এনেদৰে ,

“ধনপুৰ লস্কৰ চফল ডেকা। বৰাৰ টেঙা যেন কেটোৰ কলা গোঁফযুক্ত গোল মুখ। ব্রেক ব্রাস কৰা চুলিৰ সৈতে  অতিকায় বীৰ্য বান দেহাটোৰ অবিস্মৰণীয় বৈশিষ্ট্য হৈছে বিশাল লোচনৰ দৃষ্টি। সেই দৃষ্টিত যেন সংবৰ্তক অগ্নিহে  বিৰাজ কৰিছে এনে লাগে। অশেষ চেষ্টাৰ ফলতো হাই-স্কুলৰ দেওনা পাৰ হ’ব নোঁৱাৰা ধুমপানাসক্ত কিন্তু ভ্ৰাম্যমান গ্ৰহৰ দৰে নিয়ত গমনশীল এই তৰুণৰ মনত একুৰা জুই জ্বলি আছিল। সেই গোপন ব্যাথাৰ জুই দ্বিতীয়জনৰ চক্ষু গোচৰ হোৱা নাছিল। ………………………..।”

ধনপুৰ উপন্যাসখনত বিশেষ ভূমিকা পালন কৰিছে। উপন্যাসিকে তেওঁক এজন মানবতাবাদী, স্বদেশ প্ৰেমিক, বিপ্লৱী, আদৰ্শ প্ৰেমিক আৰু যুক্তিবাদী সংস্কাৰমনা ব্যক্তি হিচাপে উপস্থাপন কৰিছে। বিদ্ৰোহৰ সময়ত ইংৰাজ সৈন্যই অত্যাচাৰ উৎপীড়ণ কৰা লোকক সেৱা কৰা, সুভদ্ৰাক কান্ধত তুলি ডাক্তৰৰ ওচৰলৈ লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰা – আদি কাৰ্য্যই তেওঁক এজন মহান মানৱতাবাদী ব্যক্তি হিচাপে প্ৰতিপন্ন কৰিছে। 

দ্বিতীয়তে, তেওঁ এজন মহান স্বদেশ প্ৰেমিক – কাৰণ তেঁৱেই ইংৰাজ সৈন্য ভৰ্তি ৰেল বগৰাবলৈ আৰু বিপ্লৱক সিচঁৰতি কৰি দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। অৱশেষত প্ৰহৰী সেনাৰ গুলিত প্ৰাণ ত্যাগ কৰি শ্বহীদ হৈছে। 

তৃতীয়তে, তেওঁ এজন আদৰ্শ প্ৰেমিকো- কাৰণ তেওঁ জানি শুনিও সুভদ্ৰাক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সাধাৰণতে সুভদ্ৰা সমাজৰ চকুত কলংকিতা। ধৰ্ষিতা হোৱা নাৰীক সমাজে ভাল চকুৰে নাচায়। কিন্তু এনে তিৰোতাক ধনপুৰে বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰা কাৰ্য্যই তেওঁৰ মহানতা প্ৰকাশ পাইছে। তেওঁ কৈছে ,

“সুভদ্ৰাক মানুহে ব্যাভিচাৰিনী বুলিব নোৱাৰে। তাইৰ কি দোষ আছে? তাইৰ মতামত নাছিল এই পাশৱিক ক্ৰিয়াত। বলৎকাৰ হ’লেই ব্যভিচাৰ আৰু সেই সৈন্য কেইটাৰ গাত মানুহৰ একো গুণ নাছিল। সিহঁত পশুৰ শাৰীলৈ নামিছিল।”

সুভদ্ৰাক লগ পোৱাৰ আগতে তেওঁ  মিকিৰ গাভৰু ডিমিৰ প্ৰেমত পৰে। তাইক বিবাহ কৰিব বুলিও মনে মনে বাঞ্ছা কৰিছিল যদিও গাৰো ডেকা এজনৰ লগত তাইৰ বিয়াৰ বন্ধোৱস্ত হৈ আছিল। গতিকে তাইক বিয়া কৰোৱাৰ ইচ্ছা ত্যাগ কৰে যদিও তাইক নিজৰ ভনীৰ দৰে মৰম-চেনেহৰ চকুৰে চাইছে।

চতুৰ্থতে, তেওঁ এজন সংস্কাৰমনা আধুনিক দৃষ্টিভঙ্গীৰ লোক। তেওঁ পৰম্পৰাগতভাৱে চলি অহা অন্ধ বিশ্বাসৰ বিৰুদ্ধে বিপ্লৱী মতামত পোষণ কৰিছে। তেওঁ দেৱতাৰ বিৰুদ্ধে কৈছে,

‘দেৱতাবোৰ তেনেকুৱাই। চামন, কলা, কণা আৰু বীজমৰা।’ 

এবাৰ লয়ৰামে কৈছিল বোলে তিৰীৰ গুণেহে ঘৰৰ উন্নতি। তাৰ প্ৰতিবাদত ধনপুৰে কৈছে:

‘মাটিৰ গুণ ভাল নহ’লে, শস্য ভালদৰে আপডাল নকৰিলে কেতিয়াও খেতি ভাল নহয়। খীৰতি গাই থাকিলে গাখীৰ পাবই। খীৰতি গাই নহ’লে অকল খীৰাওঁতা থাকিলে কি হ’ব।’

আকৌ এবাৰ জয়ৰামে গাৰ কঁপনি গুচাবলৈ গীতাৰ পৰা পদ এফাকি গোৱাত ধনপুৰে হাঁহি কৈছে:

“পিছে মধুকাই, পদ ঘোষা, শ্লোক এইবোৰ মই একো নুবুজো, নামানোও। পৃথিৱীত ধৰ্ম কিমান দিন চলিল, তেওঁ দেখোন একো নহয়। কিবা যদি হয়, মানুহে নিজে গা  লৰালেহে হ’ব। নতুন ঘাটত নকৈ নাও মেলিব লাগিব।”

উক্ত উদ্ধৃতি ফাকিয়ে প্ৰমাণ কৰে যে ধনপুৰ আছিল সংস্কাৰমনা আৰু চিৰাচৰিত বিশ্বাসৰ প্ৰতি বিপ্লৱী আদৰ্শৰ।

দ্বিতীয় প্ৰধান চৰিত্ৰ হৈছে ডিমি। তাই মিকিৰ গাভৰু। অতি দুখীয়া। তাই মাক কদমৰ লগত কঁপাহ, সুমথিৰা, বগা ধান, লা আদি মাজে মাজে বিক্ৰি কৰিবলৈ আহে ৰামপুৰলৈ। ঔপন্যাসিকে তাইৰ শাৰীৰিক বৰ্ণনা দিছে এনেদৰে:

‘গাভৰুজনী বগী। সুঠাম দেহত চালে চকুৰোৱা দুটা কলাফুল – এনেকুৱা সুগঢ়ীত কলাফুল অসমীয়া ছোৱালীৰ নাই।’

ডিমি চৰিত্ৰটো উপন্যাসৰ আদিৰ পৰা অন্তলৈকে আছে। তাই গোটেই উপন্যাসখনতে ধনপুৰৰ কাষে কাষে থাকি, উৎসাহ যোগাই বিপ্লৱক সফল কৰাত যথেষ্ট অৱদান আগবঢ়াইছে। তাই স্বদেশপ্ৰেমী আৰু মানৱতাবাদী। তাই স্বদেশৰ স্বাধীনতাৰ বাবে বহু দুৰ্যোগ ভূগিছে, তথাপি ধনপুৰৰ কাষে কাষে উৎসাহ যোগাই আহিছে।  তাই জেললৈয়ো গৈছে। তাই বিয়া হৈছে গাৰো ডেকাৰ লগত। তথাপি তাই বিপ্লৱত যোগ দিছে। ধনপুৰক তাই নিজৰ ককায়েকৰ দৰে অতিপাত ভক্তি আৰু মৰম কৰে। কিন্তু সেইবুলি ধনপুৰৰ প্ৰতি তাইৰ কোনো হাবিলাস নাই। ধনপুৰৰ প্ৰতি তাইৰ ভাতৃত্ববোধ,  মৰম আৰু প্ৰেম অতি প্ৰশংসনীয়। যেতিয়া ধনপুৰ গুলিবিদ্ধ হৈ  অন্ধকাৰ হাবিত অকলে কেঁকাই থাকে, তেতিয়া ডিমিয়ে খবৰ পাই তালৈ যায় আৰু তেওঁৰ মূৰটো কোলাত তুলি লয় আৰু তাইৰ কোলাতেই ধনপুৰে চকু মুদে চিৰদিনৰ বাবে।

আন এটি প্ৰধান চৰিত্ৰ হৈছে গোঁহাই। তেওঁ স্বদেশপ্ৰেমী বিপ্লৱী আৰু ৰেল বগৰোৱা পৰিকল্পনাৰ নেতা। তেওঁ পৰম্পৰা ৰীতি-নীতিৰ প্ৰতি বিশ্বাসী যদিও মাজে মাজে ধনপুৰৰ প্ৰভাৱত যুক্তিবাদীও। তেঁৱো ৰেলপথৰ ফ্লেসপাত খহাবলৈ গৈ প্ৰহৰীৰ সৈতে গুলিয়া-গুলিত শ্বহীদ হয়।

আন আন প্ৰধান চৰিত্ৰৰ মাজত জয়ৰাম, ৰূপনাৰয়ণ, মধুকেওট আদি চৰিত্ৰৰ মাজেদি ঔপন্যাসিকে স্বদেশপ্ৰেমৰ ছবি অংকন কৰিছে।

শইকীয়া আৰু লয়ৰাম উপন্যাসটিৰ খলনায়ক বুলি ক’ব পাৰি। সিহঁত যদিও ভাৰতীয় নাগৰিক তথাপি সিহঁতে স্বদেশী আন্দোলনৰ প্ৰতি সঁহাৰি নিদি বৃটিছৰ পক্ষত থাকি বিপ্লৱীসকলৰ বিৰুদ্ধে কাৰ্য-কলাপ চলাই গৈছে। সিহঁত স্বদেশদ্ৰোহী।

উপন্যাসটিৰ গঠন (Structure) অতি সুবিন্যস্ত যেন নালাগে – কাৰণ উপন্যাসখনত বিশেষ কোনো কাহিনী নাই। ইংৰাজসকলৰ দমনমূলক কাৰ্য-কলাপৰ খণ্ড-বিখণ্ড চিত্ৰ আৰু গোঁহাই আৰু ধনপুৰৰ নেতৃত্বত ৰেল বগৰোৱা কাৰ্যৰ বাবে যি পৰিকল্পনা কৰা হৈছে তাৰ প্ৰস্তুতিৰ বৰ্ণনা অংকন কৰোতেই উপন্যাসখনে সামৰণি পাইছে।

ঔপন্যাসিকে পৰিৱেশ সৃষ্টিত দক্ষতাৰ পৰিচয় দিব পাৰিছে। কি পৰিস্থিতিত কি ঘটিছে – তাৰ আনুসঙ্গিক প্ৰাকৃতিক তথা সামাজিক পৰিস্থিতি ফুটাই তোলাত ঔপন্যাসিকে চেষ্টা কৰি সফল হৈছে।

কৰুণ ৰসেই হৈছে উপন্যাসখনৰ প্ৰধান ৰস। ইংৰাজসকলৰ দমনমূলক অত্যাচাৰ, সুভদ্ৰাক কৰা বলাৎকাৰ, ধনপুৰ আৰু গোঁহাইৰ শ্বহীদ, গাঁৱলীয়া তিৰোতাক কৰা অত্যাচাৰ আনকি গৰ্ভৱতী তিৰোতাকো জেললৈ প্ৰেৰণ আদি ঘটনা অতি কৰুণ। উপন্যাসখন কৰুণ ৰসত আৰম্ভ হৈছে আৰু কৰুণ ৰসতেই যৱনিকা পৰিছে। অৱশ্যে উপন্যাসখনত হাস্যৰসো নথকা নহয়। জয়ৰামৰ চৰিত্ৰত কিছু হাস্যৰসৰ ছিটিকনি আছে। কিন্তু উপন্যাসখনত হাস্য ৰসৰ যোগান ধৰাত জয়ৰামেই যথেষ্ট নহয়।

উপন্যাসখনৰ ভাষা (Language) গতানুগতিক সাহিত্যিক ভাষাৰ পৰা পৃথক। ইয়াৰ ভাষা কিছু কঁঠুৱা আৰু চহা প্ৰকৃতিৰ। লিখকে বহুতো ঘৰুৱা শব্দ, অপ্ৰচলিত বা সাহিত্যত সাধাৰণতে কম প্ৰয়োগ হোৱা শব্দ আৰু খণ্ডবাক্য উভৈনদীকৈ ব্যৱহাৰ কৰিছে। উদাহৰণ – ‘হেপোৰ-টেপোৰ’,  ‘বিৰতি’ (বৃত্তি), ‘লপলপাই’, ‘সাৰৌপ-সাৰৌপ’, ‘মৰক মৰক’ ইত্যাদি। ইয়াৰ উপৰিও লিখকে বহুতো পটন্তৰ বা ফকঁৰা যোজনা প্ৰয়োগ কৰি ভাষাৰ চহা ৰূপত সুষমা লগাইছে। উদাহৰণ –

(১) কেঁচা বৰলক জোকাই ললে গা সাৰিবলৈ টান।

(২) বাৰ মাহৰ তেৰটা জগৰ সদায় নুগুচে এটা লগৰ।

(৩) নাও উঠোতে বুৰে আৰু নামোতে বুৰে।

(৪) উৰহি গছৰ ওৰ পোৱা টান।

(৫) মাউখে উজালে গুড়ি পৰুৱাৰো মৰণ নাই।

ইয়াৰ উপৰিও ঔপন্যাসিকে উপন্যাসটিতবহুতো ঘৰুৱা আৰু অভিনৱ উপমা অলংকাৰৰ ব্যৱহাৰ কৰিছে। উদাহৰণ –

(১) ভিভিৰামৰ মুখখন জোঙা বেজীৰ দৰে।

(২) দমকলত ওলোৱা পানীৰ দৰে অলপ অলপকৈ মুখৰ পৰা বাজ হৈছিল।

(৩) তজবজীয়া দমৰা গৰুৰ দৰে তেজাল।

(৪) এজাক ডাৱৰে জোনটিক গোঁহানীৰ মুখ ওৰণিয়ে ঢকা দি ঢাকি ৰাখিছে।

(৫) সৰু নাহৰ পুলিৰ দৰে চেহেৰা। ইত্যাদি।

ঔপন্যাসিকে এনে ভাষাৰ প্ৰয়োগ কৰি উপন্যাসখনক ঐতিহাসিক উপন্যাস হিচােপ জীৱন্ত ৰূপত দাঙি ধ’ৰাৰ চেষ্টাত সফল হৈছে। কিয়নো তেওঁ সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক চিত্ৰৰ লগতে ভাষাৰ নমুনাও ধৰি ৰাখিবলৈ যত্নপৰ হৈছে।

লিখকে উপন্যাসখনত জীৱন দৰ্শন প্ৰকাশ কৰিছে যদিও তেওঁৰ জীৱন দৰ্শনটো অৰ্থাৎ জীৱনৰ গভীৰ সত্যৰ প্ৰতি মন্তব্য সিমান বহুল আৰু স্পষ্ট নহয়। ঔপন্যাসিকে জীৱনৰ প্ৰতি কৰা মন্তব্যবোৰে তেওঁৰ  দাৰ্শনিক অন্তদৰ্শনৰ পৰিচয় দাঙি  ধৰিছে, যেনে:

(১) মানুহে মৰিম বুলি ধৰিব নেলাগে; জীম বুলি, যুজিম বুলিহে কাম কৰিব লাগে।

(২) গান্ধীজী মহান। কিন্তু এজন মহান হ’লে বাকী সকলোবোৰ ভাল হৈ নাযায়।

উপন্যাসখন পঢ়িলে ৰুচ ঔপন্যাসিক গৰ্কিৰ প্ৰখ্যাত উপন্যাস ‘মা’খনলৈ মনত পৰে। ‘মা’ উপন্যাসখনত গৰ্কিয়ে  ৰাছিয়াৰ স্বেচ্ছাচাৰী জাৰ শাসনৰ বিৰুদ্ধে উদ্ভৱ হোৱা বিপ্লৱ বিস্তাৰৰ কাহিনী ৰচনা কৰিছে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’খনো  তেনে।  ইয়াতো স্বাধীনতা আন্দোলন বিস্তাৰৰ চিত্ৰাংকন আছে। ‘মা’ উপন্যাসটিৰ প্ৰধান চৰিত্ৰ পাভেলৰ দৰে ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ধনপুৰক তুলনা কৰিব পাৰি। ‘মা’ উপন্যাসৰ পাভেলৰ মাকৰ ভূমিকাৰ লগত ‘মৃত্যুঞ্জয়’ৰ ডিমি চৰিত্ৰৰ মিল আছে।

সামৰণিত ক’ব পাৰি যে বিষয়-বস্তু, চৰিত্ৰাঙ্কন, পৰিৱেশ সৃষ্টি আৰু ভাষা বিন্যাসৰ ক্ষেত্ৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসটি এখন সফল ঐতিহাসিক উপন্যাস। ০ ০ ০

( ‘বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’ – এক সমালোচনা’ ৰচনাটি ৰাব্বি মচৰুৰ  ৰচিত ‘অসমীয়া উপন্যাস সমালোচনা‘ গ্রন্থৰ পৰা তুলি অনা হৈছে)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা:

Leave a Reply

Your email address will not be published. Required fields are marked *