আডাম স্মিথ

আদাম স্মিথ (Adam Smith) আছিল স্কটলেণ্ডৰ অৰ্থনীতিবিদ আৰু দাৰ্শনিক। তেওঁ  ‘ৰাজনৈতিক অৰ্থনীতি’ৰ জনক’ ৰূপে জনাজাত। ১৭২৩ চনৰ ৫ জুনত জন্ম। গ্লাছগো আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ১৭৫১ চনত গ্লাছগো বিশ্ববিদ্যালয়ৰ তৰ্ক বিজ্ঞানৰ অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৭৫২ চনত সেই বিশ্ববিদ্যালয়ৰ নৈতিক দৰ্শন বিষয়ৰ অধ্যাপক হয়গৈ। গ্লাছগোত অধ্যাপনা কৰি থাকোতেই ১৭৫৯ চনত আদাম স্মিথৰ ‘থিঅ’ৰি অব্‌ মৰেল ছেণ্টিমেণ্টছ’ প্ৰকাশ হয়। এই গ্ৰন্থই তেওঁলৈ আন্তজাৰ্তিক খ্যাতি কঢ়িয়াই আনে। ১৭৭৬ চনত তেওঁ লণ্ডনলৈ যায় আৰু তাতে  ‘এন ইনকুৱেৰি ইনটু দা নেচাৰ এণ্ড কজেছ অব্‌ দা ৱেলথ অব্‌ নেছনছ’ গ্ৰৰন্থখন ৰচনা কৰে। ৰাজনৈতিক অৰ্থনীতিৰ এইখন এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থৰূপে ইতিমধ্যে সমগ্ৰ বিশ্বত স্বীকৃত হৈছে। ১৭৭৮ চনত তেওঁ স্কটলেণ্ডৰ কমিছনাৰ অব্‌ কাষ্টম্‌ছৰূপে নিযুক্তি লাভ কৰে আৰু মৃত্যুৰ সময়লৈকে সেই পদবীত থাকে। 

১৭৯০ চনৰ ১৭ জুলাইত আদাম স্মিথৰ মৃত্যু হয়। ০ ০ ০

(আদাম স্মিথ (Adam Smith) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *