অটল বিহাৰী বাজপেয়ী 

অটল বিহীৰী বাজেপয়ী (Atal Bihari Vajpayee) এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী,  ৰাজনীতিবিদ, সাংসদ, সাংবাদিক, বক্তা, কবি আৰু  ভাৰতৰ ১৩ তম প্ৰধান মন্ত্ৰী আছিল। তেওঁৰ জন্ম হয় মধ্য প্ৰদেশৰ গোৱালিয়ৰত  ১৯২৪ চনৰ ২৫ ডিচেম্বৰত। তেওঁৰ দেউতাক এজন আদৰ্শ স্কুল শিক্ষক আছিল। বাজপেয়ীয়ে গোৱালিয়ৰ আৰু কানপুৰত শিক্ষা গ্ৰহণ কৰে। ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বাজপেয়ীয়ে আইন পঢ়ে  যদিও ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদানৰ বাবে আইনৰ শিক্ষা সম্পূৰ্ণ নহয়। তেওঁ বিয়াল্লিছৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি কাৰাবাস বৰণ কৰে। 

১৯৫১ চনত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সদস্যৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ভৰতীয় জনসংঘৰ প্ৰাৰ্থীৰূপে তেওঁ ১৯৫৭ চনত লোকসভালৈ নিৰ্বাচিত হৈ সুদীর্ঘ পাঁচটা দশক ৰাজনীতিক হিচাপে কাৰ্যনিৰ্বাহ কৰা বাজপেয়ীয়ে লোকসভালৈ আঠবাৰ আৰু ৰাজ্যসভালৈ ছয়বাৰ নিৰ্বাচিত হয়। ১৯৭৫-৭৭ চনৰ ‘জৰুৰীকালীন অৱস্থা’ৰ সময়ত অন্যান্য বহুতো নেতাৰ লগত কাৰাবাস খাটে। ১৯৭৭-৭৯ চনত জনতা দলৰ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে  কাৰ্য নিৰ্বাহ কৰে। ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সভাপতি হৈ ১৯৮৬ চনলৈকে এই পদত থাকে। ১৯৮৬ চনৰ ১৬ মে’ৰ পৰা ১ জুন লৈকে ভাৰতৰ প্ৰধান মন্ত্ৰী হয়। তেওঁ পুনৰ ১৯৯৮ চনৰ মাৰ্চৰ পৰা ২০০৪ চনৰ ২২ মে’লৈকে ভাৰতৰ প্ৰধান মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে।

বাজপেয়ীৰ কাৰ্যকালতে ১৯৯৮ চনত ভাৰতে পোখৰাণত পৰীক্ষামূলকভাৱে পাৰমাণৱিক বোমা বিস্ফোৰণ কৰে। তেওঁৰ কাৰ্যকালতে  ঐতিহাসিক লাহোৰ-দিল্লী বাছসেৱা আৰম্ভ হয়। পাকিস্থানৰ লগত সৌহাৰ্দপূর্ণ সম্পৰ্ক স্থাপন বাবে বাজপেয়ীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰে। ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদত জড়িত বুলি বাজপেয়ী তেওঁৰ কাৰ্যকালত সমালোচনাৰো সন্মুখীন হ’বলগীয়া হয়। তেওঁৰ কাৰ্যকালতে ভাৰতৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতিৰ সাৰ্থক ৰূপায়ণ হয় বাবে  তেওঁক আধুনিক ভাৰতৰ নিৰ্মাতাসকলৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়।

জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মভূষণ, লোকমান্য তিলক পুৰষ্কাৰ, জি বি পন্ত বঁটা, শ্ৰেষ্ঠ সাংসদৰ বঁটা  আদি লাভ কৰে।

বহুল ব্যক্তিত্বৰ অধিকাৰী আটল বিহাৰী বাজপেয়ী এজন কবি আৰু লেখকৰূপেও পৰিচিত। তেওঁৰ কেইবাখনো পুথি প্ৰকাশ পাইছে। তাৰ ভিতৰত ‘মেৰী সংসদীয় যাত্ৰা’, ‘নিউ ডাইমেনছনছ অব্‌ ইণ্ডিয়াজ ফৰেইন পলিচী’, ‘মেৰী ইক্যাৱন কবিতায়েঁ’ আদি উল্লেখযোগ্য।

তেওঁ ২০১৮ চনৰ ১৬ আগষ্টত মৃত্যু বৰণ কৰে। ০ ০ ০

(অটল বিহীৰী বাজেপয়ী (Atal Bihari Vajpayee) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *