অস্কাৰ লাইল্ড 

অস্কাৰ ওৱাইল্ড (Oscar Wild) আছিল এজন আইৰিচ নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, আৰু প্ৰবন্ধকাৰ। তেওঁ ১৮৫৪ চনৰ ১৫ অক্টোবৰত আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনত জন্ম গ্ৰহণ কৰে। 

তেওঁ ডাবলিনৰ ট্ৰিনিটি কলেজ আৰু পাছত কিছুদিন অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ মেগডেলেন কলেজত অধ্যয়ন কৰে। অক্সফোৰ্ডত থকা সময়ছোৱাতে চৌখিন -সাজ-পাৰ, বুদ্ধি-দীপ্ত কথা-বতৰা আৰু কেইটামান সুন্দৰ কবিতা ৰচনাৰ দ্বাৰা তেওঁ লণ্ডনৰ অভিজাত সমাজত জনপ্ৰিয় হয়। 

১৮৯৩ চনত তেওঁ সমকামিতাৰ অপৰাধত দণ্ডিত হৈ দুবছৰ কাৰাবাস খাটে। কাৰাবাসৰ পৰা ওলাই আহি তাৰ বিচিত্ৰ অভিজ্ঞতাৰে অস্কাৰ ৱাইল্ডে ৰচনা কৰে ‘দি বেলাড অব্‌ ৰিডিং জেল’ আৰু ‘দি প্ৰফানডিছ’ । কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি তেওঁ কিছুদিন তেওঁ ইটালী আৰু ফ্রান্সত অতিবাহিত কৰে। ১৯০০ চনৰ ৩০ নৱেম্বৰত মগজুৰ ৰক্তৰণত হৈ পেৰিছত তেওঁৰ মৃত্যু হয়।০ ০ ০

(‘অস্কাৰ ওৱাইল্ড’ ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *