আকবৰ-Akbar

আকবৰ (Akbar) আছিল তৃতীয় মোগল সম্ৰাট। তেওঁৰ সম্পূৰ্ণ নাম আছিল আবুল ফতে জালালউদ্দিন মহম্মদ আকবৰ। ১৫৪২ চনৰ ১৫ অক্টোবৰত সিন্দু প্ৰদেশৰ অমৰকোট নামে ঠাইত তেওঁৰ জন্ম হয়। পিতৃ  আছিল দ্বিতীয় মোগল সম্ৰাট হুমায়ুন আৰু মাতৃ আছিল হামিদা বানু বেগম।  ১৫৫৬ চনত পিতৃ হুমায়ুনৰ মৃত্যু হোৱাত মাত্ৰ ১৪ বছৰ বয়সতে  আকবৰ মোগল সিংহাসনত বহে। নাবালক হৈ থকা বাবে প্ৰথম চাৰি বছৰ হুমায়ুনৰ বিশ্বস্ত অনুচৰ বৈৰাম খাঁ আকবৰৰ অভিভাৱক হিচাপে শাসনকাৰ্য পৰিচালনা কৰিছিল। আকবৰ ৰাজপটত বহা বছৰেই আফগান ৰজা শ্বেৰশ্বাহৰ অন্যতম উত্তৰাধিকাৰী আদিল শ্বাহৰ সেনাপতি হিমুৱে আকবৰৰ ৰাজ্য আক্ৰমণ কৰে। বৈৰাম খাঁই হিমুক পৰাজিত কৰি হত্যা কৰে। এই যুদ্ধ ‘পানীপথৰ দ্বিতীয় যুদ্ধ’ নামে পৰিচিত। এই যুদ্ধৰ ফলত ভাৰতৰ ইতিহাসৰ পৰৱৰ্তী অধ্যায়ৰ গতি নিৰ্ধাৰিত হোৱাৰ লগতে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি সুদৃঢ় হয়। আকবৰে যমুনা নদীৰ পাৰৰ আগ্ৰাত ৰাজধানী স্থাপন কৰে। ১৫৬০ চনৰ ভিতৰত আকবৰে ক্ৰমে আজমীৰ, গোৱালিয়ৰ আৰু জৌনপুৰ জয় কৰি মোগল সাম্ৰাজ্য বিস্তৃত আৰু শক্তিশালী কৰি তোলে। সমসাময়কিভাৱে বৈৰাম খাঁ স্বেচ্ছাচাৰী হৈ উঠাত আকবৰে তেওঁক পদচ্যুত কৰি ১৫৬০ চনত মোগল সাম্ৰাজ্যৰ ক্ষমতা নিজৰ হাতলৈ আনে। ইয়াৰ পাছত সূদীৰ্ঘ প্ৰায় ৪০ বছৰ সামৰিক শক্তি আৰু কূটনৈতিক দূৰদৃষ্টিৰ বলত এখনৰ পাছত আনখন ৰাজ্য জয় কৰি আকবৰ বিশাল সাম্ৰাজ্যৰ অধিকাৰী হয়। উত্তৰে কাবুল-কাশ্মীৰ, পশ্চিমে সিন্ধু-বেলুচিস্তান, পূবে বংগ-উৰিষ্যা আৰু দক্ষিণে আহমেদনগৰ পৰ্যন্ত সম্ৰাট আকবৰৰ সাম্ৰাজ্য বিস্তাৰিত হৈছিল।

শাসনৰ সুবিধাৰ্থে আকবৰে তেওঁৰ সাম্ৰাজ্যক ১৫ খন প্ৰদেশ বা চুবাত ভাগ কৰাৰ উপৰি সেইবোৰক জিলা, পৰগনা আৰু গাওঁ পঞ্চায়তত ভাগ কৰিছিল। ইংৰাজৰ শাসনকালতো এই ব্যৱস্থা প্ৰায় অপৰিৱৰ্তিত আছিল। আজিৰ পৰা প্ৰায় ৪৫০ বছৰৰ আগতেই সুসংহত সৈন্যদল গঠন, অসামৰিক প্ৰশাসন নিয়ন্ত্ৰণ, ধৰ্ম আৰু¸ সমাজ সংস্কাৰত আকবৰে যি দক্ষতা আৰু দূৰদৰ্শিতাৰ পৰিচয় দিছিল, তাক পৰৱৰ্তীকালত ইতিহাসবিদসকলে ভূয়সী প্ৰশংসা কৰিছে। ইয়াৰ উপৰি মাটি জৰীপ, উৰ্বৰতা অনুযায়ী কৃষিভূমিৰ বিভাজন আৰু ৰাজহ হাৰ নিৰ্ধাৰণ ইত্যাদি ৰাজহ-সংস্কাৰ বিষয়তো আকবৰৰ শাসন ব্যৱস্থা উল্লেখযোগ্য। এই প্ৰসংগত তেওঁৰ মন্ত্ৰী টোডৰমলৰ বুদ্ধিমত্তা দূৰদৃষ্টিও স্মৰণীয়।

আকবৰ আছিল ইংলেণ্ডৰ ৰাণী এলিজাবেথ, পাৰস্য সম্ৰাট আববাছ দি গ্ৰেট আৰু ফৰাচী সম্ৰাট চতুৰ্থ হেনৰী প্ৰভৃতি প্ৰগতিশীল দেশনায়কৰ সমসাময়িক। নিজে নিৰক্ষৰ আছিল যদি শিক্ষাৰ প্ৰতি তেওঁৰ প্ৰৱল আগ্ৰহ আছিল। শিল্প-সাহিত্যৰ অনুৰাগী এইগৰাকী সম্ৰাটৰ ৰাজসভাত পণ্ডিত আৰু ঐতিহাসিক আব্দুল ফল, কবি ফৈজী, গায়ক তানসেন, সংগীতশাস্ত্ৰ বিশাৰদ ৰাজবাহাদুৰ, কবি আৰু সুৰসিক বীৰবল আদি বহু গুণী-জ্ঞানী ব্যক্তিৰ সমাগম হৈছিল। আকবৰৰ দিনতে বহুকেইখন সংস্কৃত গ্ৰন্থ ফাৰ্চীলৈ অনূদিত হোৱাৰ উপৰিও আব্দুল ফজলে ‘আইন-ইআকবৰী’ আৰু ‘আকবৰনামা’ নামেৰে দুখন নিৰ্ভৰযোগ্য বুৰঞ্জী ৰচনা কৰে।

আকবৰৰ ধৰ্মমত আছিল উদাৰ। পঞ্চদশ-ষষ্টাদশ শতিকাৰ ভাৰতত ব্যাপক ধৰ্মীয় নৱজাগৰণৰ অন্যতম সাক্ষী হিচাপে আকবৰৰ মনত ধৰ্মীয় অনুসন্ধিৎসা জাগ্ৰত হৈছিল। ইয়াৰ বাবে ফতেহপুৰ ছিক্ৰিত ‘ইবাদৎখানা’ নামে এক ধৰ্মসভা প্ৰতিষ্ঠা কৰি তেওঁ হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, জৈন পাৰ্চি আদি বিভিন্ন ধৰ্ম-সম্প্ৰদায়ৰ পণ্ডিতসকলৰ লগত নিয়মিতভাৱে ধৰ্ম আলোচনা কৰিছিল। এই পণ্ডিতসকলৰ চিন্তা-ধাৰাই আকবৰৰ ধৰ্ম ধাৰণাক প্ৰভাৱিত কৰে আৰু সেই প্ৰভাৱ-অনুপ্ৰেৰণাতেই ১৫৮২ চনত তেওঁ সকলো ধৰ্মৰে মূলতত্ত্বৰ সমন্বয়ত ‘দিন-ই-ইলাহী’ নামে এক নতুন ধৰ্ম প্ৰচাৰ কৰে। সমগ্ৰ ভাৰতকে ধৰ্মীয় একতাৰ বান্ধোনেৰে বন্ধাই তেওঁৰ এই ধৰ্মৰ উদ্দেশ্য আছিল যদিও আকবৰৰ এই প্ৰচেষ্টা সফল নহয়। পূৰ্বৰে পৰা চলি অহা হিন্দুসকলৰ প্ৰতি থকা বৈষম্যমূলক তীৰ্থকৰ, জিজিয়া কৰ আদি আকবৰৰ দিনতে সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হয়।

জীৱনৰ শেষ কালছোৱাত আকবৰে যথেষ্ট দুখ আৰু মানসিক কষ্ট ভোগ কৰিবলীয়া হয়। পুত্ৰ ছেলিম (পাছলৈ সম্ৰাট জাহাংগীৰ) পিতৃৰ বিদ্ৰোহী হৈ উঠে। আকবৰে সেই বিদ্ৰোহ দমন কৰে। দুই পুত্ৰ মুৰাদ আৰু ডানিয়েলৰ অকাল মৃত্যুৱেও তেওঁক শোকবিহ্বল কৰি তোলে। তদুপৰি পৰম সুহূদ আৰু মুখ্য সচিব আব্দুল ফজলৰ হত্যা আৰু কবি ফৈজীৰ মৃত্যুও বৃদ্ধ বয়সত আকৰৰ বাবে বিশেষ দুখৰ কাৰণ হৈ উঠে। ১৬০৫ চনৰ ১৭ অক্টোবৰত আগ্ৰাত আকবৰৰ মৃত্যু হয়। 

আকবৰ ধৰ্ম-নিৰপেক্ষ উদাৰ নীতি, শাসক-শাসিতৰ মাজৰ মধুৰ সম্পৰ্ক আৰু সুশাসনে ভাৰতৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰে। ৰাজ্য বিস্তাৰ আৰু শাসন ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ দূৰদৃষ্টি আৰু প্ৰতিভা আজিও শ্রেষ্ঠ বুলি স্বীকৃত। ০ ০ ০

(আকবৰ (Akbar) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published.