আদাম-Adam

আদাম (Adam) বাইবেলৰ অ’ল্ড টেষ্টামেণ্টত বৰ্ণিত ঈশ্বৰসৃষ্ট প্ৰথম মানৱ অৰ্থাৎ মানৱ জাতিৰ পিতৃ। হিব্রূ ভাষাত ‘আদাম’ শব্দৰ  অৰ্থ ‘জীৱন’। ঈশ্বৰে ধূলিৰ পৰা নিজৰ প্ৰতিৰূপত আদামক সৃষ্টি কৰিছিল। ইয়াৰ পাছত আদামৰ কামিহাড়ৰ পৰা ঈশ্বৰে  প্ৰথম মানৱী ‘ইভ’ক সৃষ্টি কৰে। হিব্রূ ভাষাত ইভ মানে ‘সৰ্বজীৱৰ মাতৃ’। ইডেন নামৰ স্বৰ্গৰ এখন উদ্যানত আডাম-ইভে বাস কৰিছিল। পাছত চয়তানৰ প্ৰৰোচনাত জ্ঞান-বৃক্ষৰ নিষিদ্ধ ফল খোৱাৰ অপৰাধত স্বৰ্গৰ পৰা বহিষ্কৃত হৈ মৰ্তলৈ আহিবলগা হয়। আজি বিশ্বৰ সকলো মানুহেই আদাম আৰু ইভৰ সতি-সন্ততি। ০ ০ ০

(আদাম (Adam) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *