আলেকজেণ্ডাৰ গ্ৰাহাম বেল

আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell) স্কটলেণ্ডৰ এজন পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ আছিল। ১৮৪৭ চনৰ ৩ মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত তেওঁৰ জন্ম হয়। পিতৃৰ নাম আছিল আলেকজেণ্ডাৰ মেলভিল বেল। এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰচিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মূকবধিৰ শিক্ষানুষ্ঠানত সহকাৰী শিক্ষকৰূেপ কৰ্মজীৱন আৰম্ভ কৰে। ১৮৭১ চনত গ্ৰাহাম বেল আমেৰিকালৈ যায় আৰু তাৰ ব’ষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে। সমসাময়কি মূকধিৰসকলৰ শিক্ষাৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰয়াস আৰম্ভ কৰে আৰু বধিৰসকলৰ শিক্ষাৰ বাবে বিশেষ পদ্ধতিৰ উদ্ভাৱনত অৰিহণা যোগায়। সেই সময়তে তেওঁৰ মনলৈ বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণাটো আহে আৰু দীৰ্ঘ গৱেষণাৰ অন্তত ১৮৭৫ চনৰ ৫ জুনত বেলে টেলিফোন আৱিষ্কাৰ কৰে। ধ্বনিবিদ হিচাপেও আলেকজেণ্ডাৰ গ্ৰাহাম বেলে খ্যাতি অৰ্জন কৰিছিল। ‘ৱৰ্ল্ড ইংলিছ’ নামে এটা আন্তজাৰ্তিক ভাষাৰো  সৃষ্টিৰ বাবে তেওঁ প্ৰচেষ্টা কৰিছিল। 

১৯২২ চনৰ ২ আগষ্টত এইজন মহান বিজ্ঞানী গ্ৰাহাম বেলৰ মৃত্যু হয়।  ০ ০ ০

(আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published.