আলেকজেণ্ডাৰ -Alexander 

আলেকজেণ্ডাৰ (Alexander) আছিল প্ৰাচীন গ্ৰীচৰ অন্তৰ্গত মেচিডনৰ সম্ৰাট আৰু বিশ্ববিজয়ী মহাবীৰ।  খ্ৰীষ্টপূৰ্ব ৩৫৬-ত গ্ৰীচৰ পেল্লাত তেওঁৰ জন্ম হয়। পিতৃ মেচিডনৰ ৰজা দ্বিতীয় ফিলিপ আৰু মাতৃ অলিম্পিয়াছ। সৰুতে লিঅ’নিডোছ নামৰ এজন শিক্ষকৰ ওচৰত তেওঁ শিক্ষা গ্ৰহণ কৰে। ১৩ বছৰৰ পৰা ১৬ বছৰ বয়সলৈকে তেওঁ সুপ্ৰসিদ্ধ গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ ওচৰত শিক্ষা লাভ কৰে। 

পিতৃ ফিলিপৰ মৃত্যুৰ পাছত মাত্ৰ ২০ বছৰ বয়সতে খ্ৰীষ্টপূৰ্ব ৩৩৬-ত আলেকজেণ্ডাৰ মেচিডনৰ সিংহাসনত বহে। সিংহাসন আৰোহণ কৰিয়েই তেওঁ বিশ্ববিজয়ৰ বাবে প্ৰস্তুতি লয় আৰু সোনকালেই সমগ্ৰ গ্ৰীচৰ ওপৰত আলেকজেণ্ডাৰৰ আধিপত্য বিস্তাৰ হয়। ইয়াৰ পাছত খ্ৰীষ্টপূৰ্ব ৩৩০-ৰ পৰা মাত্ৰ তিনিবছৰৰ ভিতৰত তেওঁ এছিয়া মাইনৰ, ছিৰিয়া, মিছৰ, তুৰ্কীস্তান, পাৰস্য উপসাগৰীয় অঞ্চল, আফগানিস্তান আদি জয় কৰি খ্ৰীষ্টপূৰ্ব ৩২৭-ত উত্তৰ-পশ্চিম ভাৰতৰ হিন্দুকুশ পৰ্বতেদি ভাৰতত প্ৰৱেশ কৰে। সেই সময়ত উত্তৰ-পশ্চিম ভাৰতত কোনো ৰাজনৈতিক ঐক্য নাছিল। সমগ্ৰ অঞ্চলটোত  সৰু সৰু  ৰাজ্য পাতি বহুতো ৰজাই ৰাজত্ব কৰিছিল। এই সৰু সৰু ৰজাসকলৰ কেইজনমান সাহসী তথা পৰাক্ৰমী আছিল যদিও পৰস্পৰৰ মিলা-প্ৰীতিৰ অভাৱত তেওঁলোকে আলেকজেণ্ডাৰৰ বিৰুদ্ধে একেলগে থিয় দিব নোৱাৰিছিল। সেয়ে সিন্ধু নদীৰ পশ্চিম পাৰৰ সৰু সৰু ৰাজ্যবোৰে প্ৰায় বিনাবাধাই আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰি লয়। সিন্ধু নদীৰ পূব পাৰৰ তক্ষশীলাৰ ৰজা অম্ভিও বিনাযুদ্ধে আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰে। কিন্তু ঝিলাম আৰু চেনাব নদীৰ মধ্যৱৰ্তী অঞ্চলৰ ৰজা পুৰুৱে বশ্যতা স্বীকাৰ নকৰি আলেকজেণ্ডাৰৰ বিশাল সৈন্যবাহিনীৰ আক্ৰমণৰ সন্মুখীন হয়। তেওঁ ৩০ হাজাৰ পদাতিক, চাৰি হাজাৰ আশ্বাৰোহী, তিনিশ ৰথ আৰু দুশ হাতী লৈ ঝিলাম নদীৰ পাৰত আলেকজেণ্ডাৰৰ বিপক্ষে থিয় দিয়ে। আলেকজেণ্ডাৰৰ সৈন্যবাহিনীৰ বাবে ঝিলাম নদীৰ সিপাৰৰ পুৰুৰ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাটো সম্ভৱ নাছিল। সেয়ে আলেকজেণ্ডাৰে গোপনে ঝিলাম নৈৰ পাৰ হৈ কাৰি নামৰ এডোখৰ ঠাইত পুৰুৰ সন্মুখীন হয়। এই যুদ্ধত পুৰুৱে অসাধাৰণ বীৰত্ব দেখুৱায়। যুদ্ধত পুৰুৰ ১২ হাজাৰ সৈন্য নিহত হয় আৰু পুৰু নিজেও আহত অৱস্থাত বন্দী হয়। ইতিহাসত এই যুদ্ধ ‘ঝিলাম নদী’ৰ যুদ্ধ নামেৰে খ্যাত। পুৰুৰ বীৰত্বত আলেকজেণ্ডাৰ মুগ্ধ হৈ¸ পুৰুক তেওঁৰ ৰাজ্যৰ আধা অংশ ঘূৰাই দিয়ে। ইয়াৰ পাছত তেওঁ ঝিলাম নদী অতিক্ৰম কৰি পূবৰ বিপাশা নদী পৰ্যন্ত অগ্ৰসৰ হয় আৰু বহুকেইখন ৰাজ্য জয় কৰে। আলেজেণ্ডাৰে বিপাশা নদী অতিক্ৰম কৰি পূবলৈ দিগবিজয়ৰ পৰিকল্পনা কৰিছিল যদিও তেওঁৰ সৈন্য বাহিনীৰ অনিচ্ছাক্ৰমে বিশ্বজয়ৰ অভিযান স্থগিত ৰাখি স্বদেশলৈ ৰাওনা হয়। ভাৰত ত্যাগৰ আগতে আলেকজেণ্ডাৰে পুৰুক ঝিলাম আৰু বিপাশা নদীৰ মধ্যৱৰ্তী অঞ্চল আৰু ঝিলাম নদীৰ পশ্চিম পাৰৰ অঞ্চলৰ শাসনৰ দায়িত্ব অৰ্পণ কৰি থৈ যায়। স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ পথত বেবিলনত খ্ৰীষ্টপূৰ্ব ৩২৩-ৰ ১৩ জুনত মাত্ৰ ৩৩ বছৰ বয়সত সম্ৰাট আলেকজেণ্ডাৰৰ মৃত্যু হয়। মৃত্যুৰ পাছত আলেকজেণ্ডাৰৰ বিশাল সাম্ৰাজ্য তেওঁৰ প্ৰধান সেনাপতিসকলে সিহঁতৰ মাজত ভগাই লয়। আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ ফলত প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ মাজত যোগসূত্ৰৰ সূচনা হয়। ০ ০ ০

(আলেকজেণ্ডাৰ (Alexander) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *