আশাপূৰ্ণা-Ashapoorna Devi

আশাপূৰ্ণা দেৱী (Ashapoorna Devi) আছিল এজনী ভাৰতীয় বঙালী কবি আৰু ঔপন্যাসিক। ১৯০৯ চনৰ ৮ জানুৱাৰীত পশ্চিমবংগৰ হুগলী জিলাত এক ৰক্ষণশীল হিন্দু পৰিয়ালত তাইৰ জন্ম হয়। ৰক্ষণশীল পৰিয়ালৰ হোৱা বাবে তাই আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হয়। অৱশ্যে সাহিত্যনুৰাগী মাতৃৰ সন্নিধ্যত ঘৰতে গ্ৰন্থ অধ্যয়নৰ স্পৃহা আৰু অভ্যাস গঢ়ি তুলে। ১৩ বছৰ বয়সত এখন শিশু আলোচনীত এটা কবিতা প্ৰকাশেৰে তাই সাহিত্যিক জীৱনৰ আৰম্ভণি কৰে। আজীৱন সাহিত্য সাধনেৰে আশাপূৰ্ণা দেৱীয়ে ১৭৬ খন উপন্যাস, ৩০ খন গল্প সংকলন, ৪৭ খন শিশুপুথি, ২৫ খন অন্যান্য গ্ৰন্থ ৰচনা কৰি বাংলা তথা ভাৰতীয় সাহিত্যলৈ অভূতপূৰ্ব   বৰঙণি আগবঢ়াইছে  । ১৯৭৬ চনত ‘প্ৰথম প্ৰতিশ্ৰুতি’ উপন্যাসৰ বাবে তাই জ্ঞানপীঠ বঁটা লাভ কৰে। ১৯৯৫ চনৰ ১৩ জুলাইত আশাপূৰ্ণা দেৱীৰ মৃত্যু হয়। ০ ০ ০

(আশাপূৰ্ণা দেৱী (Ashapoorna Devi) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *